প্ৰ’টিন আৰু আমাৰ প্ৰ’টিনহীনতা (- আব্দুছ ছাজিদ, ডিফু )

সাধাৰণ নিৰোগী জীৱন যাপনৰ বাবে মানৱ দেহক ৬ প্ৰকাৰৰ খাদ্যৰ আৱশ্যক৷ সেয়া হৈছে কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চৰ্বি, ভিটামিন, খনিজ আৰু পানী৷ কাৰ্বহাইড্ৰেট আৰু চৰ্বিয়ে শাৰীৰিক কাৰ্যসমূহৰ বাবে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে৷ ভিটামিন, খনিজ আৰু পানীয়ে কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বিৰ কাৰ্যত সহায় কৰে৷ তেনেহ’লে প্ৰ’টিনৰ কাম কি? প্ৰ’টিনৰ কাম হ’ল দেহৰ গঠন৷ পেশী, হাড়, তেজ, ছালৰ পৰা আৰম্ভ কৰি হৰমোন, পাচক ৰস আৰু অন্যান্য দৈহিক ৰসসমূহৰ গঠনত প্ৰ’টিনে মুখ্য ভূমিকা গ্ৰহণ কৰে৷ এই গঠন প্ৰক্রিয়া এককালীন প্ৰক্রিয়া নহয়৷ সমগ্ৰ জীৱন কালত ই সংঘটিত হৈ থাকে৷ উদাহৰণ স্বৰূপে লোহিত ৰক্ত কণিকাৰ কথা উল্লেখ কৰিব পাৰি৷ লোহিত ৰক্ত কণিকাৰ জীৱন কাল হ’ল ১২০দিন৷ কিন্তু প্ৰ’টিনে নিয়মিতভাৱে ইয়াক গঠন কৰি থাকে৷ দেহৰ পেশী, ছাল আদিৰ ক্ষেত্ৰতো প্ৰ’টিনে একে ধৰণে কাম কৰে৷ সেয়ে এজন মানুহক দেহৰ গঠন আৰু প্ৰতিপালনৰ বাবে জীৱনজুৰি প্ৰ’টিনৰ আৱশ্যক হয়৷ পৰিপাকৰ পৰা বংশবৃদ্ধিলৈ, তেজৰ গঠনৰ পৰা খমলা বন্ধালৈ প্ৰ’টিন অবিহনে দেহৰ প্ৰতিটো কাৰ্যই ব্যৱহাৰিকভাৱে ততালিকে বন্ধ হ’ব পাৰে৷
প্ৰ’টিন দৰাচলতে কি…
মূলতে প্ৰ’টিন হৈছে এমিন’ এচিডৰ সমূহ৷ ২৩বিধ এমিন’ এচিডৰ পৰা সংযোগ-বিন্যাসৰ জৰিয়তে সহস্ৰাধিক প্ৰ’টিন অণুৰ সৃষ্টি হয়৷ যেনেকৈ শব্দ আৰু আখৰ৷ ইংৰাজী বৰ্ণমালাত মুঠ আখৰ আছে ২৬টা, কিন্তু ইয়াৰ দ্বাৰা হাজাৰ-বিজাৰ শব্দৰ সৃষ্টি হয়৷ আনহাতে আখৰৰ অবিহনে শব্দৰ সৃষ্টি অসম্ভৱ৷ তেনেদৰে শৰীৰক ইয়াৰ নৈমিত্তিক কাৰ্য সাধনৰ বাবে হাজাৰবিধ প্ৰ’টিনৰ আৱশ্যক হয় যিবিলাক ২৩টা এমিন’ এচিডৰ দ্বাৰা সৃষ্টি কৰাটো সম্ভৱ৷ এই ২৩বিধ এমিন’ এচিড দেহক বাহিৰৰ পৰা যোগান ধৰিব নোৱাৰি৷ এমিন’ এচিডৰ সংযোগ-বিন্যাসৰ জৰিয়তেই সৃষ্টি হ’ব লাগিব৷ যিদৰে আমি শব্দ গঠনৰ বাবে ২৬টা বৰ্ণ মগজুক যোগান ধৰোঁ, তেনেকৈ দেহক প্ৰয়োজন হোৱা প্ৰ’টিনৰ বাবে ২৩বিধ এমিন’ এচিড যোগান ধৰিব লগা হয়৷ প্ৰকৃতাৰ্থত প্ৰ’টিন আৱশ্যকমতে পাবলৈ আমাক ৯-১০বিধ এমিন’ এচিড লাগে৷ ইয়াক কোৱা হয় অত্যাৱশ্যকীয় এমিন’ এচিড৷ ইহঁতে অন্যান্য এমিন’ এচিডৰ সহায়ত প্ৰয়োজনীয় প্ৰ’টিন উৎপাদন কৰে৷ গতিকে আমি আমাৰ খাদ্যৰ জৰিয়তে বাহিৰৰ পৰা দেহক এই অত্যাৱশ্যকীয় এমিন’ এচিড যোগান ধৰিব লগা হয়৷ আনহাতে মানৱ শৰীৰে পোনপটীয়াকৈ প্ৰ’টিন নিবিচাৰে, বৰং নিৰ্দিষ্ট পৰিমাণৰ এমিন’ এচিডহে বিচাৰে৷
খাদ্য আৰু প্ৰ’টিন…
আমি মাছ, মাংস, কণী, গাখীৰ, শাক-পাচলি ইত্যাদি খাওঁ৷ আমাৰ খাদ্যদ্ৰব্যসমূহত ভিন্নতা অনুপাতে ভিন ভিন ধৰণৰ আৰু ভিন ভিন পৰিমাণৰ এমিন’ এচিড পোৱা যায়৷ এইবোৰেই আমাক লগা প্ৰ’টিনৰ উৎস৷ সঠিক দেহ গঠন, প্ৰতিপালন আৰু কাৰ্যকলাপৰ বাবে আমাৰ দেহক সকলো প্ৰকাৰৰ প্ৰয়োজনীয় এমিন’ এচিড উপযুক্ত পৰিমাণত যোগান ধৰা উচিত৷ সুষম বা সমতুল আহাৰত এইখিনি পাব পাৰি৷
দেহটোক কাৰ্যক্ষম কৰি ৰাখিবলৈ মানুহক প্ৰতিদিনে গ্ৰাম পৰিমাণত নিজৰ ওজনৰ সমান প্ৰ’টিন লাগে৷ অৰ্থাৎ, এজন মানুহৰ ওজন যদি ৪০কিল’গ্ৰাম হয় তেওঁৰ প্ৰতিদিনে লগা প্ৰ’টিনৰ পৰিমাণ হ’ব ৪০গ্ৰাম৷ আনহাতে সন্তানসম্ভৱা নাৰী, বাঢ়ি অহা শিশু, ৰুগীয়া মানুহক দিনৌ সৰহ পৰিমাণত প্ৰ’টিন দৰকাৰ৷ গড় হিচাপে মানৱ দেহক নিতৌ ৬০-৭০গ্ৰাম প্ৰ’টিনৰ আৱশ্যক হয়৷ গৱেষণাৰ পৰা পোৱা গৈছে যে ৬০-৭৫গ্ৰাম প্ৰ’টিনে উপযুক্ত পৰিমাণে দেহক দিনে প্ৰয়োজন হোৱা এমিন’ এচিড (২৫০-১১০০মিলিগ্ৰাম) যোগান ধৰে৷ এই প্ৰ’টিন আমি খোৱা খাদ্যবস্তুত অন্তৰ্নিহিত এমিন’ এচিডৰ যোগেদি শৰীৰক দিয়া হয়৷
এইটো দুৰ্ভাগ্যজনক যে আমি খোৱা এনে কোনো এটা বস্তু নাই যি সকলো ধৰণৰ প্ৰ’টিন দেহক যোগান ধৰিব পাৰে৷ ইয়াৰ কাৰণ হ’ল, খাদ্য অনুপাতে এমিন’ এচিডৰ পৰিমাণ আৰু ধৰণৰ ভিন্নতা৷ উদাহৰণ স্বৰূপে, ‘ক’ নামৰ খাদ্যটোত ৯বিধ অত্যাৱশ্যকীয় এমিন’ এচিডৰ ৪বিধ থাকিব পাৰে, ‘খ’ নামৰ খাদ্যটোত দুবিধ থাকিব পাৰে৷ ‘গ’ খাদ্যটোত ৩বিধ থাকিব পাৰে৷ ‘ক’, ‘খ’ আৰু ‘গ’তিনিওবিধ খাদ্য মিলিলেহে সমানুপাতিক প্ৰ’টিনযুক্ত হ’ব৷ সেই কাৰণেই আমাৰ দৈনিক প্ৰ’টিনৰ প্ৰয়োজন পূৰাবৰ বাবে নানা তৰহৰ খাদ্য খাব লগা হয়৷ কেইবাটাও কাৰকৰ ওপৰত আমাৰ খাদ্য নিৰ্বাচন নিৰ্ভৰ কৰে৷ সেইবোৰৰ ভিতৰত এটা মুখ্য কাৰক হ’ল খাদ্যত থকা এমিন’ এচিডৰ পৰিমাণ৷
জীৱৰ পৰা পোৱা খাদ্য যেনে মাছ, মাংস, কণী, গাখীৰ আদিত সৰ্বাধিক পৰিমাণত এমিন’ এচিড থাকে৷ ইয়াৰ পাছতে ছেঁইজাতীয় খাদ্য, টান বাকলিযুক্ত খাদ্য, ধানজাতীয় খাদ্য, শিপাজাতীয় খাদ্য প্ৰ’টিনেৰে সমৃদ্ধ৷ সেয়ে আমি আমাৰ আহাৰত দৈহিক প্ৰয়োজনাৰ্থে দৈনিক প্ৰয়োজন হোৱা প্ৰ’টিন পাবলৈ হ’লে নানা তৰহৰ খাদ্যৰ মিশ্ৰণ গ্ৰহণ কৰা উচিত৷
উপযুক্ত পৰিমাণে প্ৰ’টিন নাখালে কি হয়…
প্ৰ’টিনহীনতাৰ অৰ্থ হ’ল গঠনহীনতা, দেহৰ প্ৰতিপালনহীনতা আৰু কাৰ্যক্ষমতাহীনতা৷ দেহক ইয়াৰ প্ৰয়োজন অনুপাতে প্ৰ’টিনৰ যোগান নধৰিলে প্ৰ’টিনহীনতাৰ ফলত বিভিন্ন উপসৰ্গই দেখা দিব পাৰে৷ মৃদু বা মধ্যমীয়া প্ৰ’টিন ঘাটিৰ ফলত জন্মৰ সময়ত ওজন কম, বয়স অনুপাতে ওজন কম, বয়স অনুপাতে উচ্চতা কম, দীৰ্ঘদিনীয়া শক্তিৰ অভাৱ, মানসিকভাৱে ভোদা, চুলি সৰা, ছাল শোতোৰা পৰা, ৰক্তহীনতা, ৰক্তক্ষৰণ সহজে বন্ধ নোহোৱা, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস, কলিজা আৰু কিডনিৰ অসুখ আদি হ’ব পাৰে৷
প্ৰ’টিনহীনতাৰ কাৰণ…
প্ৰ’টিনক সামৰি আমি প্ৰায়ে এটা ভুল ধাৰণা মনত লৈ থাকোঁ৷ সেয়া হ’ল খাদ্যত থকা প্ৰ’টিনৰ পৰিমাণ আৰু প্ৰ’টিন থকা খাদ্যৰ পৰিমাণ৷ উদাহৰণস্বৰূপে আমি যদি ১০০গ্ৰাম মাংস খাওঁ, আমি ভাবোঁ ১০০গ্ৰাম প্ৰ’টিন খালোঁ বুলি৷ এইটো ভুল ধাৰণা৷ দৰাচলতে তেনে নহয়৷ আমি খোৱা দুকাপ গাখীৰ (৩০০মিলিলিটাৰ)ত ২০গ্ৰামহে প্ৰ’টিন পোৱা যায়৷ এটা কণীত ৬গ্ৰাম প্ৰ’টিন থাকে৷ ৩৫গ্ৰাম মাছ বা মুৰ্গী বা ছাগলীৰ মাংসত ৭.৫গ্ৰাম প্ৰ’টিন পাওঁ৷ মধ্যমীয়া জোখৰ এটা আলুত ৩গ্ৰাম আৰু এটা কমলাত ১গ্ৰাম প্ৰ’টিন থাকে৷ গতিকে খাদ্যৰ ওজন আৰু প্ৰ’টিনৰ পৰিমাণ একে নহয়৷ এনে ভুল ধাৰণাৰ ফলত আমি আমাৰ অজানিতে প্ৰ’টিনহীনতাত ভুগিব পাৰোঁ৷
সকলো খাদ্যত সকলো ধৰণৰ এমিন’ এচিড নাথাকে৷ দিনৌ প্ৰয়োজন হোৱা এমিন’ এচিডখিনি পাবলৈকে আমি বিভিন্ন ধৰণৰ খাদ্য খাবলগীয়া হয়৷ উদাহৰণ স্বৰূপে মধ্যমীয়া জোখৰ ১০টা আলু খালে ৩০গ্ৰাম প্ৰ’টিন পোৱা যাব কিন্তু তাত ৯বিধ অত্যাৱশ্যকীয় এমিন’ এচিড উপস্থিত নাথাকিবও পাৰে৷ আধুনিক জীৱন-যাত্ৰাত মানুহে গ্ৰহণ কৰা ফাষ্ট ফুড, টিনত থকা আহাৰ যেনে কোলা, চৰ্বত; জাংক ফুড যেনে চিপ্চ ইত্যাদিয়ে সৰহ পৰিমাণৰ কেলৰি যোগান ধৰিলেও গুণগত দিশত সেইবোৰত থকা প্ৰ’টিনৰ পৰিমাণ নিচেই কম৷ তদুপৰি মাদক দ্ৰব্য যেনে মদ, চিগাৰেট আদি সেৱনকাৰীয়ে নিজৰ
অজ্ঞাতে প্ৰ’টিনহীনতাত ভুগিব পাৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷
নিৰামিষভোজীসকলে মাছ-মাংস আদি গ্ৰহণ নকৰাৰ বাবে আন উৎসৰ পৰা যদি প্ৰয়োজনীয় প্ৰ’টিনৰ চাহিদা পূৰণ নকৰে তেন্তে প্ৰ’টিনহীনতাত ভুগিব পাৰে৷ সৰহ আৰু উচ্চ গুণবিশিষ্ট প্ৰ’টিন থকা খাদ্যদ্ৰব্যৰ মূল্যও বেছি হয়৷ এইখিনিতে আৰ্থিক দিশটোৰ কথাও আহি পৰে৷
এজন মানুহৰ উচ্চ গুণবিশিষ্ট প্ৰ’টিনযুক্ত খাদ্য ক্রয় কৰাৰ সামৰ্থ থাকিলেও গ্ৰহণ কৰাৰ ক্ষমতা নাথাকিব পাৰে৷ উদাহৰণ স্বৰূপে ৩০০গ্ৰাম মুৰ্গী বা ছাগলীৰ মাংস বা ২০-২৫টা কণী দৈনিক খালে হিচাপ অনুযায়ী নিত্যপ্ৰয়োজনীয় প্ৰ’টিনখিনি নিঃসন্দেহে পোৱা যাব৷ কিন্তু প্ৰশ্ন হ’ল ইমানখিনি খাদ্য খাব পাৰিবনে? আৰু সেয়ে প্ৰ’টিনহীনতাই দেখা দিয়ে৷
কোনোবাই ওপৰত উল্লেখ কৰা ধৰণৰ খাদ্য দৈনিক খাব পাৰিবও পাৰে৷ তথাপিও কিন্তু বিপদ নোহোৱা নহয়৷ কাৰণ প্ৰ’টিনযুক্ত খাদ্যত কেৱল প্ৰ’টিনেই নাথাকে, অন্য এবিধ দ্ৰব্যও থাকে৷ সেয়া হৈছে চৰ্বি৷ দেহত যদি প্ৰয়োজনাধিক পৰিমাণৰ চৰ্বিৰ যোগান ধৰা হয় ই অন্য বেমাৰৰ কাৰক হৈ পৰে৷ অধিক পৰিমাণে চৰ্বিযুক্ত খাদ্য ভক্ষণ কৰাৰ ফলত কলেষ্টৰেল বৃদ্ধি হয়৷ ফলত হাৰ্টৰ বেমাৰ, উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক আদি হয়, ডায়েবেটিচ ৰোগ বৃদ্ধি হয়৷ সেইবাবে সীমাহীন
পৰিমাণত মাংস বা কণী খাব নোৱাৰি৷ আনহাতে ওপৰত কোৱা বেমাৰসমূহ দেখা দিলে চৰ্বিযুক্ত আহাৰ বৰ্জন কৰাটো বাধ্যতামূলক হৈ পৰে যাৰ ফলস্বৰূপে দেহলৈ প্ৰ’টিনৰ যোগান বাধাপ্ৰাপ্ত হয়৷ বহুতো লোকৰ কিছুমান বিশেষ খাদ্য গ্ৰহণ কৰিলে এলাৰ্জী হয়৷ ফলত তেনে খাদ্য বৰ্জন কৰিব লগা হয়৷ তেওঁলোকে নিজৰ অজানিতে সেই সেই খাদ্যত থকা প্ৰ’টিনৰ পৰা বঞ্চিত হয়৷ এনেদৰে বিভিন্ন কাৰণত আমি প্ৰ’টিনহীনতাত ভোগো, অথচ তাক নিজেও গম নাপাওঁ৷
লিখনিৰ মোখনিত এই প্ৰ’টিনহীনতাৰ প্ৰসংগতে দুবিধ ৰোগৰ বিষয়ে চমুকৈ উল্লেখ কৰাটো ভাল৷ (১) এবছৰৰ পৰা পাঁচ বছৰৰ শিশুৰ প্ৰ’টিনৰ অভাৱত শৰীৰটো পানী জমা হৈ ফুলি উঠে৷ছালৰ বৰণ সলনি হয় আৰু ছাল ফাটি এৰাব ধৰে৷ সাধাৰণতে দৰিদ্ৰ পৰিয়ালত কম ব্যৱধানত ওপজা শিশুৰ এনে ৰোগ হোৱা দেখা যায়৷ এনে অৱস্থাক কোৱাশ্বিয়’ৰক’ৰ বোলে৷
(২) এবছৰৰ তলৰ শিশু যি মাতৃদুগ্দ্ধৰ পৰা সৰুতে বঞ্চিত হয়- প্ৰ’টিনৰ ওপৰিও কাৰ্বোহাইড্ৰেট,চৰ্বি আৰু ভিটামিনৰ অভাৱত ভোগে৷তেনে শিশুৰ দেহত অস্থি আৰু চৰ্ম মাত্ৰ ৰয়৷ শৰীৰত মাংস দেখা পোৱা নাযায়৷ শৰীৰ নুফুলে ৷ ছালো নাফাটে৷ শৰীৰৰ এনে অৱস্থাক মাৰাচমাছ বোলে৷
আফ্ৰিকা মহাদেশৰ কিছুমান অতি দৰিদ্ৰ অঞ্চলৰ বাহিৰে উন্নয়ণশীল দেশসমূহত এনে ৰোগাৱস্থা সাধাৰণতে দূৰ্লভ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক