প্ৰতিদান, আভুৱা, সেন্দূৰ ১, সেন্দূৰ ২ — জয়শ্ৰী দুৱৰা

প্ৰতিদান

৩০ বছৰৰ আগত কণী ন’হলে ভাত খাবলৈ মন নকৰা ল’ৰাটোৰ বাবে নিজৰ কাম বন কাটি কৰি থৈ দেউতাকে বাৰীৰ লাও কোমোৰা বা ধান এপাচি বেচি হ’লেও কণী কেইটামান আনি দিছিলহি৷ এতিয়া বুঢ়া বাপেকে মাছ নহ’লে ভাত খাব নোৱাৰি নষ্ট কৰিলে চাকৰীয়াল পুতেকে কয় “ খালি জিভাৰ জুতি লাগে..কিনা চাউলৰ ভাত বোৰ এথানি কৰে মিছাতে৷ ■■

আভুৱা

দেওবৰীয়া ব্যস্ততাৰ অন্তত সন্ধিয়া গিৰিয়েকৰ কাষত অকণমান পকাতে পৰি জিৰণি ল’ব বিচৰা মানুহজনীক “ধুনীয়াকৈ চাহ একাপ বনাই আনা চোন, চকু মেলিবই পৰা নাই মূৰৰ বিষত“ বুলি কোৱাত তাইৰ ভাগৰ কেনিবা পলাল৷ খৰ খেদাকৈ ফুলা লুচিৰে সৈতে গাখীৰ চাহ একাপ আনি সন্মুখত দিলেহি আৰু আত্মসন্তুষ্টিতে ফটো এখন তুলো বুলি গিৰিয়েকৰ মোবাইলটো হাতত ল’লে৷

পিছ মূহূৰ্ততে আনচেভ নাম্বাৰ এটাৰ পৰা ৱাটচ এপত দুটা মেচেজ আহিল “উমম…মই চাহ খালো…আপুনি?
“এতিয়া কেনিবা উলাই যাবনে? “
প্ৰফাইলত কোনোবা সুন্দৰী নাৰী এগৰাকীৰ ফটো৷ আগৰ মেচেজ কেইটা নাছিল, হয়তো ডিলিট কৰিলে৷

অলপ আগলৈকে ফুলি থকা লুচিকেইখন মানুহটোৱে ফুটাই লৈ চিৰাচিৰ কৰি খাইছে৷ তাইৰ ভৰিৰ তলৰ মজিয়াখনত ফাট মেলিল৷ ■■

সেন্দূৰ ১

চুবুৰীয়া মালতী বৌৱেকে মমতাক প্ৰায়েই কয় “বোৱাৰী মানুহে শিৰৰ সেন্দূৰকণ অলপ জিলিকাই ল’ব লাগে, উকা কপালে থাকিলে আন মানুহক চল দিয়াহে হয়৷ মানুহজন দীৰ্ঘায়ু হ’বলৈকে ল’ব লাগে আৰু মৰম স্নেহ থকা মানুহে নোলোৱাকে নাথাকে৷ “ কামত ব্যস্ত মমতাই হাঁহি মাৰি কৈ থয় “খৰখেদাত কেতিয়াবা থাকি যায় বৌ৷ আৰু জিলিকাকৈ ল’বলৈ মোৰ এলাৰ্জী হয় সেন্দূৰৰ পৰা! সেয়ে কমকৈ লওঁ“

মুখখন কোঁচাই দিয়ে তেতিয়া তেওঁ ॥

কালি মালতীয়ে গিৰিয়েক আৰু কণমানি ছোৱালীজনী এৰি বেলেগলৈ পলাই গ’ল৷ সদায় দীঘলকৈ সেন্দূৰৰ ৰেঘা আঁকি থকা মালতী বৌৱেকৰ কথাবোৰ এতিয়াও মমতাৰ কাণত বাজি আছে৷ ■■

সেন্দূৰ ২

বিয়াৰ তিনিমাহ পিছতে বিধবা হোৱা ৰেণুৱে দাপোণতে সেন্দূৰ অলপ আঁকি মুখখন ৰাখি মিলাই চাই চকুপানী টোকে৷

ৰেণুৰ বান্ধৱী নয়নাইও সেন্দূৰখিনি চাইয়েই চকুলো তুকে৷ কিয়নো তাইৰ গিৰিয়েকৰ দৈনন্দিন দাইলগ “তই মোৰ নামৰ সেন্দূৰ পিন্ধিছ, মোৰ মতেই চলিব লাগিব৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক