প্ৰতিদিন-প্ৰতিপল

————-

মানুহৰ জীৱনৰ প্ৰতিটো দিন গুৰুত্বপূৰ্ণ । এটোপ এটোপ কৈ ডাৱৰৰ পানী পৰি সাগৰ ভৰি যোৱাৰ দৰে প্ৰতিটো পলেই আমাৰ জীৱনৰ এটা এটা অংশ ! জীৱনত ভাল বেয়া দুয়োটা থাকে, এদিন খুব বেয়া হ’লে পিচদিনা হয়তো বহু ভালো হ’ব পাৰে আৰু তাৰেই আশাত বৰ্তি থাকে মানুহ ! জীৱনত ঘটি যোৱা অঘটনৰ পৰা শিকিব পাৰি, সেই ভুলবিলাক দুনাই নকৰিলে ভৱিষ্যতে তেনে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি;  আৰু জীৱনৰ মধুৰ মূহুৰ্তবোৰ মনত ৰাখি, পিচলৈ ৰোমন্থন কৰি আনন্দ লাভ কৰিব পাৰি । গতিকে ভাল আৰু বেয়া স্মৃতি দুয়োটাই সময় সাপেক্ষে প্ৰয়োজনীয় !

 

ক) ১৫ আগষ্ট, ২০১১, সোমবাৰ, ফ্ৰান্সৰ পেৰিচ মহানগৰী : সময় তেতিয়া আবেলি ছ্য় বাজিছে, দিনটো আইফেল টাৱাৰৰ সৌন্দৰ্য উপভোগ কৰাৰ পিছ্ত উভতিছোঁ । পদপথত কেইজনমান মানুহৰ ভিৰ দেখি কেৰাহীকৈ চালোঁ । এজন মানুহে তিনিটা বাতি তলমুৱাকৈ ধৰি মেজ এখনত ইফাল-সিফাল কৰিছে । যিকোনো এটাৰ তলত এটা বল আছে । সেইটো দেখুৱাই দিব লাগে । কথাটো মাত্ৰ মনোযোগৰ ওপৰত নিৰ্ভৰ কৰে । কম্পিউটাৰত এই খেলটো মাজে মাজে খেলোঁ । তাতে বেছি সহজ দেখিলোঁ । আগবাঢ়ি গৈ মই সঠিক বাতিটো দেখুৱাই দিলোঁ । মানুহজনে মোক ১০০ ইউৰো দিলে । মই আচৰিত হলোঁ, তাৰমানে এইটো টকাৰ খেল ! মোক টকা নালাগে, মই এনেয়ে খেলিছোঁ বুলি ঘূৰাই দিলোঁ । সকলোৱে মোৰ ফালে একেলগে চালে । অতি কম সময়ৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে খেলখন হ’ল আৰু এইবাৰো মই সঠিক বাতিটো বিচাৰি উলিযাবলৈ সক্ষম হ’লোঁ ।  এইবাৰ তেওঁ মোক টকাখিনি হাতত গুজি দি সেইখিনি মোৰ পইচা বুলি ক’লে । ঠিয় হৈ থকা কেইজনেও মোক টকাখিনি ল’ব ক’লে । মোৰ মনত ১০০ ইউৰো পোৱাৰ পিছতো বিশেষ একো প্ৰতিক্ৰিয়া হোৱা নাছিল । টকা সিমান সহজতে পাব পাৰি বুলি মোৰ তেতিয়াও বিশ্বাস হোৱা নাছিল । ধেমালি বুলিয়ে ধৰি লৈছিলোঁ । তৃতীয়বাৰ মই বাটি এটা দেখুৱাই দিলোঁ । ই কি ? এইবাৰ বাতিটোৰ তলত বলটো নাই !  মই হাৰিলোঁ, মানুহজনে মোক ১০০ ইউৰো দিবলৈ ক’লে । পাঁচমিনিটমানৰ ভিতৰত কথাখিনি হৈ গ’ল, মই একো ধৰিবই নোৱাৰিলোঁ ।  মই তেওঁক ১০০ আৰু মোৰ পৰা ৫০ ইউৰো দি তাৰ পৰা গুছি আহিলোঁ । বাটে বাটে কথাটোৱে ক্ৰিয়া কৰি থাকিল, মোৰতো ভুল হব নালাগিছিল, তাৰমানে ক’ৰবাত গণ্ডগোল কৰিলে । মানুহজনে বাতিটো সম্পূৰ্ণকৈ দাঙি দেখুওৱা নাছিল, তেখেতৰ হাতত কিবা চুম্বকীয় পদাৰ্থৰে বলটো বোধহয় ওপৰলৈ তুলি ধৰিছিল । বাকী দুটা বাটিও দাঙি দেখুওৱা নাছিল । মই লগে লগে ঠাইখিনি এৰাৰ বাহিৰে উপায়ো নাছিল । ভাগ্যক দোষ দিয়াৰ বাদে একো কৰিব নোৱাৰিলোঁ । সাধাৰণতে এইবোৰৰ কুচক্ৰত মই নপৰোঁ বা ওচৰ নাচাপোঁ, আজি কি হ’ল জানো ???

খ) ১৫ আগষ্ট,২০১১, শণিবাৰ, জাৰ্মানীৰ মিউনিখ মহানগৰী : অলপ গৰম পৰিছে, ৩০ ডিগ্ৰী হৈছেগৈ । চুলি কেইদাল অকনমান দীঘল হোৱাত কটাবলৈ গলোঁ । সাধাৰণতে মই নিদিষ্ট এঠাইলৈ যাওঁ । আজিও গলোঁ । সেইখিনি ঠাইতে দুখন চেলুন আছে । ইতিমধ্যে তাৰে এখনত দুবাৰ কটোৱাইছোঁ । প্ৰথম বাৰ মহিলা এজনীয়ে কাটিছিল, কিবা অসজা অসজা লাগিছিল । উপায়ো নাই, মতা মানুহজন ব্যস্ত আছিল । মানুহগৰাকীয়ে বেয়াকৈ নাকাটিলে, মাত্ৰ কেইডালমান দীঘল হৈ থকা চুলি মই পিছ্ত নিজে কাটিবলগীয়া হৈছিল । দ্বিতীয়বাৰ আনখন চেলুনলৈ গৈছিলোঁ আৰু তাত অপেক্ষা কৰিব লাগে কাৰণে ঘূৰি আহি আগৰ খনতে সোমাই চুলি কটোৱাইছিলোঁ । সেইবাৰহে মানুহজনে কাটিলে ।

প্ৰথমখনত ভুমুকিয়াই দেখিলোঁ মানুহজন ব্যস্ত, মানুহজনী বহি আছে । মই গ’লে তেৱেঁই কাটিব বুলি ভাবি সেইমুৱা নহ’লোঁ । আনখন চেলুনত সোমোৱাত ল’ৰা এজনে আথে-বেথে বহুৱালে আৰু অকণমান সময় ৰ’ব লাগিব বুলি ক’লে । সেইখনতো মাইকীমানুহে কাম কৰি আছে । এপাকত মানুহজন আহি ক’লে কেঁচিৰে কাটিলে চুলিখিনি ধুব লাগিব আৰু চাৰি ইউৰো বেচিকৈ দিব লাগিব আৰু মেচিনেৰে কাটিলে আঠ ইউৰো । মই কেঁচিৰে কটোৱাম  বুলি ক’লোঁ । মূৰ ধুওৱাৰ পিছত যথাস্থানত বহিলোঁ আৰু মানুহজনে মোৰ চুলি কটাৰ দায়িত্ব ছোৱালী এজনীক দি গুচি গ’ল । এইবাৰ ছোৱালীজনী বেচ ধুনীয়া, ২০-২১ বছৰ মান বয়সৰ হ’ব । ইংৰাজী ক’ব নোৱাৰে । অলপ মোৰ নিজৰেই লাজ লাজ লাগিল । বৰ ধুনীয়াকৈ কাটি শেষত আমিৰ খানৰ “তাৰে জমীন পৰ”ৰ চুলিৰ ষ্টাইলটো দি দিলে । একো নকলোঁ, এই বুঢ়া বয়সত আৰু সেই ষ্টাইল কৰাৰ দিন নাই । বেচেৰীক বিমুখ নকৰিলোঁ ।

গ) ৩০ আগষ্ট, মঙ্গলবাৰ, টেকনিকেল ইউনিভাৰচিটি মিউনিখ  : কেইমাহমানৰ পৰা হোৱা আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী অভিযানে সমগ্ৰ বিশ্বৰ লগতে আমাকো জোকাৰি গ’ল । NDTV, CNN ৰ বাতৰিবোৰে তেজ গৰম কৰি আনে । সেইমৰ্মে আমি কেইজন মান ছাত্ৰই এটা প্ৰতিবাদ কৰাৰ মানস কৰিলোঁ । আমাৰ লগৰে আশীষ তিৱাৰী বোলা ল’ৰা এজনে আগভাগ ল’লে । বৰ অমায়িক ল’ৰাজনে IIT কাণপুৰৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ ইয়াতে গৱেষণা কৰি আছে । সিয়েই ফেচবুকত গোট এটা খুলি সকলোকে আমন্ত্ৰণ জনালে । সকলোৰে সঁহাৰি লাভ কৰিলোঁ । ধৰ্ণা দিবলৈ ঠিক কৰা ঠাইখিনিৰ বাবে ( মহানগৰীৰ মাজমজিয়াত) চৰকাৰী অনুমতিৰ কথা আহি পৰিল । এজন মানুহ আগবাঢ়ি আহিল । তেওঁৰ এটা বেচৰকাৰী সংস্থা আছে । এটা চৰ্ত্তত তেওঁ সহায় কৰিব আৰু খৰচ পাতি বহন কৰিব – চৰ্ত্তটো হ’ল প্ৰতিবাদী শ্ল’গান থকা কাগজবোৰত তেওঁৰ লগতে সংস্থাটোৰ নাম থাকিব লাগিব । আশিষে তেওঁৰ চৰ্ত্তটো মানি ল’বলৈ অস্বীকাৰ কৰিলে আৰু উত্তৰত তেওঁ সহায় নকৰিলেও আমাৰ কোনোবাই অনুমতি আনিব পাৰিব বুলি ক’লে । অৱশেষত মানুহজনে চৰ্ত্তটো উঠাই ল’লে । প্ৰতিবাদতো চৰ্ত্ত, তাকো বিজ্ঞাপন !!! আমি ২৭ আগষ্টৰ আবেলি “বন্দে মাতৰম” “ন’ কৰাপচন” আদি ধ্বনিৰে মহানগৰী মুখৰিত কৰিলোঁ । প্ৰধানমন্ত্ৰীলৈ এখন চিঠি আৰু তাৰ তলত উপস্থিত প্ৰায় দুশ মানুহৰ চহীৰে দিল্লীলৈ পঠোৱাৰ ব্যৱস্থা কৰিলোঁ । আজি যেতিয়া ল’ৰাজনে পোষ্টাৰ প্ৰিণ্ট কৰাৰ বিল দুখন মানুহজনলৈ পঠিয়ালে তেওঁ বৰ বেয়াকৈ উত্তৰ দিলে- “মোৰ নাম আৰু সংস্থাৰ নাম নিদিয়া কাৰণে আমি বিল পৰিশোধ নকৰোঁ ।“ ল’ৰাজনে ঠিক আছে বুলি কৈ কথাটো তাতে সামৰিলে কিন্তু মানুহজনক নিজৰ সংস্থাৰ বিজ্ঞাপন দিম বুলি আশা কৰা কথাটো যে অমূলক আছিল তাকো উনুকিয়াই থৈ আহিল । খৰচ খিনি আমি প্ৰত্যেকেই বহন কৰিবলৈ ৰাজী আছোঁ । তেনেক্ষেত্ৰত মানুহজনে আশীষক ফোন কৰি বৰ বেয়াকৈ গালি পাৰিবলৈ নেৰিলে । তাতোকৈ আচৰিত কথাটো হ’ল আশীষে সকলো হাঁহি হাঁহি শুনি গ’ল । পিছত আমি তাৰ উত্তৰ নিদিয়াৰ কাৰণ সোধাত অতি বিনয়েৰে সি ক’লে “যি মানুহে প্ৰতিবাদী সভাত নিজৰ প্ৰচাৰ কৰিবলৈ আহে, তেওঁৰ লগত তৰ্ক কৰি কিবা লাভ হ’ব জানোঁ ।“  হাঁহিয়ে তেওঁক বেছিকৈয়ে শিক্ষা দিব বুলি তাৰ মনোভাৱ । আমি তাক দ্বিতীয় আন্না আৰু তৃতীয় গান্ধী বুলি জোকালোঁ যদিও মোৰ মনত সি ভাল সাঁচ বহুৱাই দিলে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments