দেশ বনাম বিদেশ: প্ৰতিবাদৰ বিকল্প ভাষা কেতিয়া শিকিব আমাৰ জাতিয়ে? (পংকজ বৰা)

দেশ বনাম বিদেশ: প্ৰতিবাদৰ বিকল্প ভাষা কেতিয়া শিকিব আমাৰ জাতিয়ে?
-(পংকজ বৰা)


জুলাই মাহত কনফাৰেন্স এখনত অংশগ্ৰহনৰ বাবে আমেৰিকালৈ যাব লাগে৷ আমেৰিকাৰ ভিছাৰ আকৌ ঝামেলা ধেৰ, ক’ৰ কি কি যে তথ্য, নথি-পত্ৰ লাগে৷ চৌধ্য-পুৰুষৰ আঁতি-গুৰি মাৰি দিব লাগে, বিৰক্তিয়ে লাগিছে৷ তাতে মই ভাৰতৰ নাগৰিক হৈ নৰৱেৰ পৰা ভিছাৰ বাবে আৱেদন কৰাৰ বাবে আৰু বেছি সমৰ্থনমূলক নথি-পত্ৰ দিব লাগে৷ আমেৰিকাৰ দূতাৱাসৰ পৰা মেইল কৰিলে নৰৱেৰ কৰ-বিষয়া আৰু জনসংখ্যা পঞ্জীয়কৰ কাৰ্য্যালয়ৰ পৰা এখন নথি লাগে৷ ৰাতিপুৱাই অফিচলৈ যাঁওতে কৰ অফিচলৈ গ’লো৷ গৈ দেখো অফিচৰ দুৱাৰ বন্ধ, আৰু সন্মূখত কেইজনমান কৰ্মচাৰী চকী পাৰি বহি আছে৷ গাত সাৱধানসূচক স্ফূৰদ্দীপ চোলা৷ মই বোলো এতিয়াহে খা, কিবা হ’ল! চুচুক চামাক্কৈ আগবাঢ়ি গ’লো৷ গৈ সুধিলো যে অফিচ বন্ধ নেকি৷ বাহিৰত ৰৈ থকা কেইজনৰ ইংৰাজীৰ জ্ঞান সীমিত, মোৰো স্থানীয় ভাষাৰ জ্ঞান তথৈবচ৷ উপায় নাই! আকাৰে ইংগিতে কথাবোৰ বুজালো৷ ভাগ্য ভাল মই যিখন নথি লাগে তাৰ নামটো নৰৱেজিয়ান ভাষাতে কাগজ এখনত লিখি লৈ গৈছিলো৷ তেতিয়াহে তেওঁলোকে ক’লে যে ধৰ্মঘট চলিছে, অনিৰ্দিষ্ট ধৰ্মঘট৷ দেশজুৰি চৰকাৰী কৰ্মচাৰী সকলে যোৱা এসপ্তাহ ধৰি অনশন কৰি আছে৷ মৰ বাপেকে এতিয়া, মই এই মূলুকতে থাকিয়ো একো গমেই পোৱা নাই, অথচ অসমৰ বন্ধৰ বাতৰি ৰৌজাল-বৌজাল৷ ইয়াত স্কুল, ক’লেজ, গাড়ী-মটৰ সকলো দেখোন প্ৰাত্যহিক সাধাৰণ ভাৱেই চলি আছে৷ অসমত প্ৰতিদিনাই কোনোবা নহয় কোনোবা জিলা, মহকুমা বন্ধ থাকেই৷ হিংসা, গাড়ী-মটৰ, দোকান পোহাৰ ভঙা, লাঠিচালনা, গুলীচালনা যেন কিবা সাধাৰণ ৰুটীন৷ এখন দেশত এসপ্তাহ ধৰি দেশজোৰা ধৰ্মঘট আৰু মই গমেই নেপাঁও৷ নিজকে কিবা বুৰ্বকৰ নিচিনা লাগিল৷ বাৰু যিকি নহওক, সেমনা সেমেন কৰি মোৰ নিজৰ অফিচৰ ফালে ৰাওনা হ’লো৷ ৰাস্তাত দেখিলো বিভিন্ন ঠাইত বিভিন্ন অফিচৰ সন্মূখত একেদৰেই জুম পাতি পাতি কিছুমান লোক একেধৰণৰ সাৱধানমূলক জেকেট পিন্ধি ৰৈ আছে৷ ৰাস্তাত কোনো ধৰ্না নাই, সমদল নাই, পুলিছো নাই৷ নৰৱে পৃথিৱীৰ অন্যতম শান্তিপ্ৰিয় দেশ আৰু ইয়াত সৰ্বসাধাৰণতে ৰাস্তাত অস্ত্ৰধাৰী পুলিছ কেতিয়াও দেখা পোৱা নেযায়৷ আজি দেশজোৰা ধৰ্মঘটৰ দিনটোও তাৰ ব্যতিক্ৰম নহ’ল৷

মই তাৰ পৰা উভতি গৈ অফিচ পালোগে৷ মোৰ সহকৰ্মী ডঃ য়েনছ্ ৰহলফক সুধিলো তেখেতে ধৰ্মঘটৰ কথা কিবা জানে নেকি৷ তেখেতে তেতিয়াহে মোক অলপ বিতংভাৱে ক’লে৷ আৰু ক’লে যে দৰাচলতে আমিও অফিচ বৰ্জ্জন কৰিব পাৰো৷ কিন্তু আমাৰ গৱেষণাগোটৰ কোনেও বৰ্জ্জন কৰা দেখা নেপালো৷ বিভিন্ন বিভাগৰ কৰ্মচাৰী সংগঠনৰ হৈ এজন বা দুজন প্ৰতিনিধি হিচাপে গৈ ধৰ্মঘটত অংশ লৈছে৷ কিন্তু ইয়েই মোটামুটি ৰাজহুৱা প্ৰশাসন ব্যৱস্থা, পুলিচ, কৰ বিভাগ, শিশুকল্যাণ বিভাগ, চাফাই বিভাগ আদি মোটামুটি অচল কৰি তুলিছে৷ চৰকাৰে সঘনাই ধৰ্মঘটকাৰীৰ লগত আলোচনাত বহিছে৷ পেপাৰত নিউজবোৰ পঢ়িলো৷ ইতিমধ্যে এক বিশ্বজোৰা বাতৰি হৈ পৰিছে এই ধৰ্মঘটৰ কথা৷ নৰৱেৰ চৰকাৰী কৰ্মচাৰী সকলে ১৯৮৪ চনৰ পিচত প্ৰথমবাৰৰ বাবে এই দৰে ধৰ্মঘটত নামিছে৷ ধৰ্মঘটৰ কাৰণ বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীৰ লগত ফেৰ মাৰিব পৰাকৈ দৰমহা বৃদ্ধি কৰিব লাগে৷

পৃথিৱীৰ ভিতৰতে অন্যতম ধনী নৰৱে এখন সমাজতান্ত্ৰিক দেশ৷ মানৱ সম্পদ বিকাশৰ সূচাংকৰ (Human Development Index) তালিকাত যোৱা কেইবাবছৰ ধৰি নৰৱেই পৃথিৱীৰ ভিৰতে প্ৰথম স্থানত আছে৷ ইয়াৰ মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ৷ ইয়াত ধনী-দুখীয়াৰ প্ৰাৰ্থক্য বেছি নহয়, আৰু দুৰ্নীতি প্ৰায় শূণ্য৷ ইয়াৰ কাৰণ হৈছে ইয়াৰ প্ৰত্যেকজন নাগৰিকৰ বা ইয়াত বসবাস কৰা, কাম কৰা প্ৰতিজন লোকৰে এটা চিনাক্তকৰণ সংখ্যা (National Identity Number) থাকে৷ আলু-পিয়াঁজ কিনাৰ পৰা, হাতী-ঘোঁৰা, ঘৰ-গাড়ী, মোবাইল চিম, বেংক একাউন্ট সকলোতে সেই নম্বৰটো লাগে৷ সেইটোৰ অবিহনে কোনো ইয়াত থাকিব নোৱাৰে আৰু একো কাম কৰিব নোৱাৰে৷ গতিকে কোনেও অৰ্থনৈতিক দুৰ্নীতিত লিপ্ত হ’বই নোৱাৰে৷ ইয়াত কাৰ কিমান সম্পত্তি (মোৰ দৰে সাধাৰণ এজনৰ পৰা ৰজালৈকে), কোনে কিমান উপাৰ্জ্জন কৰিছে, কিমান কৰ দিছে সকলো তথ্য ৰাজহুৱা ভাৱে উপলব্ধ৷ দৰমহা যিমানে বাঢ়ি যায়, কৰৰ পৰিমাণ সিমানেই বাঢ়ি যায়৷ মই ৩২% কৰ দিওঁ, মোৰ বছে ৪৭% কৰ দিয়ে৷ ১০ মিলিয়নৰ ক্ৰ’নাৰৰ ওপৰত যাৰ দৰমহা বা উপাৰ্জ্জিত সম্পত্তি আছে সকলোৰে ওপৰত বছৰি ৬০ % কৰ৷ গতিকে মোটামুটি ধনী-দুখীয়াৰ পাৰ্থক্য বেছি নহয়৷ কিন্তু বেচৰকাৰী খণ্ডত দৰমহা অলপ বেছি৷ সেয়ে চৰকাৰী খণ্ডৰ কৰ্মচাৰী সকলে দৰমহা সংশোধনৰ দাবীত ধৰ্মঘট কৰিছে৷ ইয়াৰ কৰ ব্যৱস্থাৰ, সামাজিক সমভাৱৰ ব্যৱস্থাৰ প্ৰতিও বহুলোক বীতশ্ৰদ্ধ৷ কাৰণ কোনোবাই অধিক কষ্ট কৰি, বা অতি কুশলতাৰে কাম কৰিলেও লাভাণ্বিত নহয়৷ দৰমহা বা উপাৰ্জ্জন যিমানে বাঢ়ে, কৰৰ পৰিমানো সিমানেই বাঢ়ে, গতিকে শেষত গৈ একেই৷ অৱশ্যে স্বাস্থ্য তথা সামাজিক সুৰক্ষা ১০০% বিনামূলীয়া৷ তদুপৰি পঢ়া-শুনা কৰি ডিগ্ৰী পোৱাৰ পাচতো যদি কোনোৱে চাকৰি পোৱা নাই, তেন্তে চৰকাৰে মাহে ৯০০০ ক্ৰ’নাৰ (প্ৰায় ৮০ হাজাৰ ভাৰতীয় টকা) নিবনুৱা ভাত্তা দিয়ে৷ গতিকে চাকৰি নেথাকিলেও কোনেও নেখাই নমৰে৷

নৰৱেই অতি উদাৰ ভাৱে বহু আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থীক আশ্ৰয় দি আহিছে৷ বিশেষকৈ চোমালিয়াৰ বিদ্ৰোহ, ভিয়েটনাম যুদ্ধ, শ্ৰীলংকাৰ গৃহযুদ্ধ, ইৰাক-ইৰাণ-আফগানিস্থানৰ যুদ্ধৰ সময়ৰ বহু শৰণাৰ্থীক উদাৰ ভাৱে আশ্ৰয় দি আহিছে ইয়াৰ চৰকাৰে৷ কিন্তু নিজৰ নাগৰিক আৰু এনে মানুহৰ মাজত কোনো ব্যৱধান ৰখা নাই৷ শিক্ষা-দীক্ষা, সামাজিক সুৰক্ষা, স্বাস্থ্য সকলোবোৰ ১০০% প্ৰদান কৰিছে৷ বিভিন্ন বিষয়ৰ কৰ্মমূখী প্ৰশিক্ষণ প্ৰদান কৰিছে, যাতে নিজে স্বাৱলম্বী হৈ কাম কৰিব পাৰে৷ বহুতেই তেনে ধৰনে কামত যোগদান কৰিছে৷ কিন্তু কিছুমানে প্ৰশিক্ষণ লোৱাৰ অন্তত, চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যোৱাৰ সময়ত জানি-বুজি দুৰ্বল প্ৰদৰ্শন কৰে যাতে নিয়োগকৰ্ত্তাই চাকৰি নিদিবলৈ বাধ্য হয়৷ তেতিয়া চাকৰি নেপালো বুলি কৈ তেওঁলোকে চৰকাৰৰ পৰা বিনামূলীয়া সা-সুবিধা আদায় কৰি থাকিব পাৰিব৷ বহু এনে শৰনাৰ্থীয়ে ধৰ্মীয় আচাৰৰ দোহাই দি বহুক্ষেত্ৰত ইয়াৰ সাংবিধানিক নীতিক উলংঘা কৰি সমান্তৰাল সংবিধান চলোৱাৰ কথাও কেতিয়াবা শুনা যায়৷ এনেবোৰ কথা-কাণ্ডই পৰিশ্ৰম কৰা বহু চৰকাৰী চাকৰিয়ালক অসন্তুষ্ট কৰি তুলিছে৷ কোনোৱে নিষ্ঠাসহকাৰে পৰিশ্ৰম কৰি কৰ দিব আৰু কোনোবাই সেই টকাৰে বিনাপৰিশ্ৰমেৰে উপভোগ কৰিব৷ যদিও শান্তিপ্ৰিয় নৰৱেজিয়ান সকলে কাকো ৰাজহুৱাকৈ বেয়াকৈ কোৱা, গালি দিয়া বা বৰ্ণবৈষম্যমূলক আচৰণ কৰাৰ নজিৰ বিৰল৷ অন্ততঃ মই আজিলৈকে দেখা নাই৷

ইয়াতো বিভিন্ন কৰ্মচাৰী সংগঠন আছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কেইটামান সংগঠনে চৰকাৰৰ লগত বুজা-পৰালৈ আহি ইতিমধ্যে ধৰ্মঘট প্ৰত্যাহাৰ কৰিছে৷ কিন্তু সৰহসংখ্যকেই এতিয়াও ধৰ্মঘট অব্যাহত ৰাখিছে৷ প্ৰয়োজন হ’লে চৰকাৰী খণ্ডৰ প্ৰায় ৩০০০০০ কৰ্মচাৰীয়ে একেলগে ধৰ্মঘটলৈ আহি প্ৰশাসন অচল কৰি দিয়াৰ ভাবুকি দিছে৷ মোৰ মনে হয় ৰাজনীতিকৰ চৰিত্ৰবোৰ বিশ্বব্যাপী একেই৷ দুৰ্নীতি নকৰিলেও বহুক্ষেত্ৰত তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰে৷ কূটনীতিৰে বিভিন্ন কৰ্মচাৰী সংগঠনসমূহৰ নেতাসকলৰ মতামতক ভাগ ভাগ কৰোৱাত যে চৰকাৰৰ হাত নাই তাক নুই কৰিব নোৱাৰি, যদিও এইয়া মোৰহে সম্পূৰ্ণ ব্যক্তিগত ধাৰণা৷

বাৰু যিকি নহওক, অফিচ আহি পায় আমেৰিকাৰ দূতাৱাসলৈ মেইল কৰিলো যে এই এই অৱস্থা, কি কৰা যায়৷ ইতিমধ্যে মোৰ অধ্যাপক, আমেৰিকাৰ পৰা নিমন্ত্ৰণ জনোৱা কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক দুয়োজনে পৰিস্থিতি সন্দৰ্ভত অচল’ত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ভিছাৰ কথা এতিয়া ভগৱানেহে জানে৷ কিন্তু অতি দুখজনক ভাৱে ঘৰ আহি পাই দেখিলো ভাৰত বন্ধৰ ডাঙৰ ডাঙৰ হেডলাইন খবৰ অসমৰ বাতৰি কাততত৷ ভাৰতৰ আন প্ৰদেশত বন্ধ হৈছেনে নাই নেজানো, অসমত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ৷ অনেক ঠাইত হিংসাত্মক ঘটনাও হৈছে হেনো৷ আমাৰ অসমৰ ৰাইজৰ বাবে বন্ধ বুলি ক’লেই যেন এক উৎসৱৰ নিচিনা হৈ পৰিছে৷ এইখিনিতে ২০০৪/২০০৫ চন মানৰ এটা খবৰ মনত পৰিছে৷ মই তেতিয়া চেন্নাইত অধ্যয়নৰত আৰু কাঞ্চীপুৰমত থাকো৷ সেইবাৰো বিজেপিয়ে ভাৰত বন্ধৰ আহ্বান দিছে, কাৰণ কাঞ্চীপুৰমৰ শংকৰাচাৰ্য্যক কিবা কাৰণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ বাৰু সেইটো বেলেগ কথা, আচল কথাটো শুনিলে ৰাইজৰ চকু কপালত উঠিব৷ মই ঘৰলৈ ফোন কৰিলো, আৰু গম পালো যে সেইদিনা ভাৰত বন্ধ আৰু অসমত তাৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ মইটো আচৰিত, আমাৰ ইয়াত একোৱেই নাই, সব খোলা, সাধাৰণ ভাৱে জন-জীৱন চলি আছে৷ বুজক ৰাইজে এতিয়া, কাঞ্চীপুৰমৰ ঘটনাক লৈ ভাৰত বন্ধ অথচ কাঞ্চীপুৰমৰ মানুহেই নেজানে আৰু অসমত সৰ্বাত্মক বন্ধ পালন৷ এইয়াই অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ৷ কামত ফাঁকি দিয়া অসমীয়া জাতিয়ে খোলা হ’লেহে বেয়া পায়৷ আমাৰ মিডিয়াইও বন্ধ হ’লে ভাল পায়, গৰম গৰম ব্ৰেকিং নিউজ থাকে৷ সেয়ে দিনে দিনে অধঃপতন হৈছে আমাৰ জাতিৰ, এক ধূসৰ ভৱিষ্যতলৈ গতি কৰা আমাৰ সমাজ, বিফল ৰাজনৈতিক নেতৃত্ব, বিফল বৌদ্ধিক নেতৃত্ব, বিফল সংবাদ মাধ্যম৷

প্ৰতিবাদৰ বিকল্প ভাষা কেতিয়া শিকিব আমাৰ জাতিয়ে?

(নৰৱেৰ ধৰ্মঘট সম্পৰ্কে বিবিচিয়ে প্ৰকাশ কৰা বাতৰিৰ লিংক এটা দিলো৷ সাৱধানমূলক জেকেট পিন্ধা লোকৰ ফটো ইয়াত দেখা পাব৷)
http://www.bbc.co.uk/news/world-europe-18188917

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক