প্ৰতিবেশী ( দীপাঙ্ক বৰা )

চৰকাৰী চাকৰিয়াল হোৱা সূত্ৰে বিগত দুমাহমান নিৰ্বাচনৰ কাম কাজত জড়িত হৈ আছিলো৷ পাহাৰীয়া জিলাখনলৈ মোৰ বদলি হৈ অহাও বৰ বেছি দিন হোৱা নাই৷ পৰিবাৰ সন্তানসহ গুৱাহাটীতে থাকে৷ সুকলমে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত কামৰ হেচা কমিল৷ দুমাহৰ পাছত তিনিদিনীয়া বন্ধটো হাতত লৈ যোৱা ৰাতি ঘৰলৈ উভতিছো৷ মোৰ ভাগত পৰা সকলো কাম নিয়াৰিকৈ সম্পন্ন হোৱাত মনটো ভাল লাগি আছিল৷ উস…নিৰ্বাচনৰ নামত আমাৰ দৰে চাকৰিয়ালে কি এক ভয়ংকৰ মানসিক চাপৰ মাজত কাম কৰিব লগা হয়..ভুক্তভোগী সকলেহে বুজিব৷ হাজাৰ হাজাৰ মানুহৰ সহায়ত সম্পন্ন কৰিবলগীয়া এক বৃহৎ জটিল প্ৰক্ৰিয়া৷ কোনোবাই সামান্য অৱহেলা কৰিলেই খেলিমেলি লাগে৷ দিনক দিনে কাঢ়া হৈ অহা নিৰ্বাচন আয়োগৰ বিভিন্ন নিৰ্দেশ সময়মতে পালন নকৰিলে জিলাৰ উপায়ুক্তই আয়োগৰ ওচৰত জৱাবদিহি হ’ব লাগে৷ তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন নহ’বলৈ কোনোবাদিনা ৰাতি দুই বজাত শুবলৈ ঘৰলৈ আহি পুণৰ পাঁচ বজাতে একো নোখোৱাকৈ দৌৰ মাৰিছো৷
আৰম্ভণিতে ভাল লাগে যদিও শেহৰ ফাললৈ শৰীৰ আৰু মগজু ক্লান্ত হৈ পৰেগৈ৷ কেতিয়াবা এনে লাগে যেন পৰৱৰ্তী যিকোনো মুহুৰ্ততেই শৰীৰ আৰু মগজুৱে কাম নকৰা হৈ পৰিব৷ যি কি নহওক তেনেকুৱা কিবা অথন্তৰ ঘটাৰ আগতেই সকলো কাম সুচাৰু ৰূপে সম্পন্ন হৈ যোৱাত সকাহ পাইছিলো৷ এতিয়া মাথোঁ ভোট গণনাৰ বাবে প্ৰায় দেৰমাহ অপেক্ষা কৰিব লাগিব৷
ঘৰলৈ আহি বহুদিনৰ পাছত সম্পূৰ্ণ অলস ভাৱে এটা দিন কটাই গধূলিৰ চাহ কাপ হাতত লৈ টিভিৰ সন্মুখত বহোঁতেই ৰীণা অৰ্থাৎ মোৰ পৰিবাৰে আহি ইটো সিটো কথাৰ মাজতে ক’লে… ‘থাৰ্দ ফ্ল’ৰৰ ফ্লেটটোত যে ছমাহমান আগতে সৰু ছোৱালী এজনী সহ মানুহ এজনী সোমাইছিলহি .. অহা যোৱা কৰোতে দেখিছানে? …’৷ প্ৰশ্নটো হঠাৎ সোধাত প্ৰথমতে কাৰো কথা মনলৈ অহা নাছিল ..কাৰণ দুমাহ অমানুষিক কচৰৎ কৰি নিৰ্বাচনৰ পাছত মগজুটো একেবাৰে খালি হৈ পৰিছিল৷ চাহৰ কাপত শোহা মাৰি চকুহাল মুদি দিয়াত ত্ৰিশ-বত্ৰিশ বছৰ বয়সীয়া ধুনীয়াই বুলিব পৰা মানুহ এজনীৰ চেহেৰা এটা লাহে লাহে মনলৈ ভাঁহি আহিল৷ লগত থুনুক থানাক কৈ খোজ কাঢ়িবলৈ লোৱা দেৰ- দুবছৰীয়া মৰমলগা ছোৱালী এজনী৷ মানুহজনীক কেইবাৰমান দেখিছো যদিও চুবুৰীয়া হিচাপে মৰা সৌজন্যৰ হাহিঁটোৰ বাদে বিশেষ কথা বতৰা হোৱা নাই৷ প্ৰায়েই সৰু ছোৱালীজনীক অকলশৰে অলৈ তলৈ নিয়া দেখিছো যদিও সেই লৈ কেতিয়াও বিশেষ একো ভবা নাই৷ বিধৱাও হ’ব পাৰে, স্বামী পৰিত্যক্তা বা বিচ্ছেদিতও হ’ব পাৰে৷ সেই লৈ মুৰ ঘমোৱাৰ কিবা প্ৰয়োজন আছে বুলিও ভবা নাই৷
দুই এদিন লিফ্টত লগ পাইছো বুলি কোৱাত ৰীণাই ক’লে.. ‘চিনাকি হৈ কথা বতৰা পাতিবলৈ নাযাবা ..সেইজনীৰ চৰিত্ৰ ভাল নহয়’৷
মানুহ বিলাকৰ এই কথাটোতে মোৰ খঙটো টিঙিচ কৈ মাৰে…৷ কাৰ কি গুণ আছে..সেইবোৰৰ চৰ্চা নাই..কিন্তুু কাৰ কি দোষ সেইটো সকলোৰে মুখে মুখে৷
গাৰ্হস্থ্য শান্তি বিঘ্নিত হোৱাৰ আশংকাত খঙটো দমাই ..বিখ্যাত ৰাজনৈতিক নেতা এজনৰ সুৰত ধেমেলীয়াকৈ ‘থৈ দিয়া ..বাদ দিয়াহে এইবিলাক লোকৰ কথা’ বুলি টিভিৰ পৰ্দাত চকু দিলো যদিও ৰীণাই ক’ব লগা কথাখিনি কৈহে এৰিলে৷ চুবুৰীয়া মানে ফৰ্থ ফ্ল’ৰৰ আৱাসী এলিজা বৌৱে (মোৰ ভাষাত এলাৰ্জি বৌ) হেনো গম পাইছে সেই মানুহজনীৰ সন্তানটো অবৈধ৷ মানে বিয়া- চিয়া নোহোৱাকৈয়ে হোৱা সন্তান৷ মানুহজনীক বোলে নিজৰ মানুহেও ঘৰৰ পৰা উলিয়াই দিলে৷
ৰীণাৰ কথাৰ সুৰতে অনুমান কৰিব পাৰিলো…এই গৰম খবৰটোৱে এতিয়া এপাৰ্টমেণ্টৰ সকলোকে উত্তেজিত কৰি ৰাখিছে৷ প্ৰায়ভাগ আৱাসীয়েই ইতিমধ্যে সিদ্ধান্ত লৈয়েই পেলাইছে..সেই মানুহজনীক আমাৰ অভিজাত এপাৰ্টমেণ্টৰ পৰা বাহিৰ কৰি দিবলৈ৷ কিন্তুু ত্ৰিশটা পৰিয়াল মিলিজুলি বাস কৰা এপাৰ্টমেণ্টটোৰ মহানগৰীয়া ভাষাত সৰু ‘চচাইটি’ খনৰ সম্পাদকৰ আসন খনত মোক বহুৱাই থোৱা বাবে মোৰ সন্মতি অবিহনে সিদ্ধান্তটো কাৰ্যকৰী কৰিব পৰা নাই৷ তথা কথিত ভদ্ৰ আৰু ভাল চৰিত্ৰৰ মহানাগৰিক সকল পিছদিনা ৰবিবাৰ হোৱা হেতুকে মোৰ ওচৰলৈ আহিব৷
এনেকুৱা কথা এটা পাতিবলৈ কোনোবা মোৰ বাবে ৰৈ আছে বুলি গম পাই খঙটো আকৌ উঠিছিল৷ হলা গছ দেখিলে সকলোৱেই বাগী কুঠাৰ মাৰিবলৈ বিচাৰে৷ বিশেষকৈ নাৰীৰ ক্ষেত্ৰত৷ মোৰ পৰা বিশেষ একো সহাৰি নেপায় মুখৰ ভিতৰতে ভোৰভোৰাই ৰীণা ভাত ৰন্ধাত লাগিলগৈ৷ মই আঠ বছৰীয়া পুত্ৰৰ লগত টিভিত কাৰ্টুন চোৱাত লাগিলো৷ সি মোক বহুদিনৰ মুৰত ভালকৈ লগ পায় এই দুমাহত কি কি কৰিলে তাৰ খতিয়ান দি আছিল৷
ভাত পানী খাই ৰাতি শুবলৈ গৈ দেখো ৰীণাৰ মুখ ওফন্দি আছে…৷ তেওঁ দিয়া গৰম খবৰটোত মই কোনো গুৰুত্ব নিদিয়া বাবেই যে খঙ উঠিছে ভালকৈয়ে বুজিছিলো৷ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ চেষ্টা কৰি ক’লো.. ‘চোৱা..ৰীণা..আজিকালি প্ৰাক-বৈবাহিক শাৰীৰিক সম্পৰ্ক অতি সাধাৰণ কথা৷ আৰু সেই বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ফলত যদি কেতিয়াবা কোনোবা নাৰীয়ে সন্তান জন্ম দিয়ে, সেই সেই নাৰীক সমাজে কেনে দৃষ্টিৰে গ্ৰহণ কৰিব লাগে সেই কথা মই নাজানো যদিও নিস্পাপ দেৱশিশুটোক নাৰী গৰাকীয়ে ডাষ্টবিনত দলিয়াই দি কুকুৰ শিয়লৰ খাদ্য হ’বলৈ দিয়াটো অনুচিত বুলিয়েই ভাবো৷ আৰু আমাৰ চুবুৰীয়া অবিবাহিতা মাকজনীৰ ক্ষেত্ৰটো যদি ঠিক তেনেকুৱাই ঘটিছে! যদি ঘটিছিল..তেন্তে সেই মানুহজনীয়ে নিজৰ কেচুৱাটো ডাষ্টবিনত নেপেলাই সঠিক কামেই কৰিছে৷ এলিজা বৌহঁতৰ দৰে মানুহৰে ভৰা এইখন পৃথিৱীত আমি যদি সেই অকলশৰীয়া মানুহজনীক সহানুভূতিৰে নাচাওঁ কোনে চাব৷ নিজৰ সন্তানক বচাবলৈ কিমান সাহসী পদক্ষেপ লৈছে এবাৰ ভাবি চোৱাচোন৷ আৰু তোমাৰ এলিজাবৌয়েযে আন এজনী মানুহক বেয়া বুলি কৈছে.. তেওঁৰ নিজৰ চৰিত্ৰ কেনেকুৱা জানা জানো! মোক নুশুধিবা…ময়ো নকওঁ..কিন্তুু মই জানো৷ মাত্ৰ এটা কথা জানি থ’বা..অনবৰত আনৰ বেয়াটো খুচৰি ফুৰা মানুহবোৰ বৰ ভাল মানুহ নহয়৷
ৰীণাই কি বুজিলে আৰু ময়ো কিমান ভালকৈ বুজাব পাৰিলো নাজানো৷ কিন্তুু একমাত্ৰ পুত্ৰ টোপনি যোৱা বুলি নিশ্চিন্ত হোৱাৰ পাছত তাই মোৰ কাষ চাপি আহিল৷
পিছদিনা ৰাতিপুৱাৰ পৰা ধাৰাষাৰ বৰষুণ দি আছিল৷ সন্ধিয়ালৈ সমূহ আৱাসী মিলি মোৰ ওচৰলৈ অহাৰ সম্ভাৱনাটোৱে মোকো তলে তলে উত্তেজিত কৰি ৰাখিছিল৷ আবেলিলৈ নিজৰ মনক চম্ভালিব নোৱাৰি ছাদৰ ওপৰলৈ গৈ মনে মনে এটোক খাই অকলশৰে যুজিবলগীয়া এখন যুদ্ধৰ বাবে নিজকে সাজু কৰিছিলো৷ গন্ধহীন ৰঙা মদিৰাৰ প্ৰভাৱত কটু হৈ পৰা মোৰ যুক্তিৰ বাবেই নে’কি নাজানো…সন্ধিয়াৰ সেই বিশেষ সভাত ভাগ ল’বলৈ অহা শেনৰ জাকটো ফেঁচা হৈ কিছুসময়ৰ পিছেতে ছত্ৰভংগ দিলে৷ সুযোগ পাই শেনৰ জাকটোৰ দলপতি হৈ অহা দত্ত ইঞ্জিনীয়েৰ আৰু এলাৰ্জী বৌক উদ্দেশ্যি আনে নুবুজাকৈ এপাত শেল মাৰিছিলো… কাৰ ঘৰৰ পৰা শেহ নিশা কোন ভদ্ৰমহিলাক গিৰিয়েকৰ অবৰ্তমানত ওলোৱা দেখিছিলো ক’ব লাগিব নে’কি বুলি৷ সেই পাত শৰেই ব্ৰহ্মাস্ত্ৰৰ কাম কৰিলে৷
যুদ্ধ জয়ৰ আনন্দত ৰাতি ছাদলৈ যোৱাটো দুবাৰ মান বেছিয়েই হৈছিল৷ ফলত ভাত পানী খোৱাৰ পিছতে ৰাতিপুৱাৰ পৰা দি থকা ধাৰাষাৰ বৰষুণ জাকে অনা আবতৰীয়া ঠাণ্ডাৰ আমেজকণ লৈ দোৰ্ঘোৰ টোপনিত ঢলি পৰিছিলো৷ বাৰে বিংকৰা সপোনো দেখিছিলো…বেছিভাগেই বিগত দুমাহ ব্যস্ত হৈ থকা নিৰ্বাচন সমন্ধীয়.. সপোনতো এটা অস্বস্তিকৰ ভাৱ… দুৰ্গম অঞ্চলৰ ভোটকেন্দ্ৰকেইটাৰ পৰা ইমান দেৰিলৈকে কিয় পলিং পাৰ্টি ঘূৰি আহি পোৱা নাই!
নিশা দুইমান বাজিছিল নে’কি…ৰীণাই ঠেলি হেচুকি জগাই দি কৈছিল..কোনোবাই বাৰে বাৰে কলিং বেল বজাই দুৱাৰত ঢকিয়াই আছে৷ ওলাই গৈ দেখিছিলো..ক্ৰন্দনৰত অৱস্থাত সেই অবিবাহিতা মাতৃগৰাকী৷ ছোৱালীজনীৰ হেনো ভীষণ জ্বৰ৷ হস্পিটেললৈ নিব লাগে৷ বহুদেৰি আগতেই এম্বুলেন্স আহিব বুলি কৈছিল যদিও আহি পোৱা নাই৷ বাহিৰত তেতিয়া দোপালপিটা বৰষুণ৷
পুত্ৰ জানক চুবুৰীয়া শইকীয়ানী বাইদেউৰ ঘৰত থোৱাৰ ব্যৱস্থা কৰি অলপ পাছতে মই আৰু ৰীণা ফুটুকা ফুটুকি ফ্ৰক পিন্ধি মাকৰ কোচত অচেতন প্ৰায় হৈ শুই থকা সৰু পুতলাৰ নিচিনা ছোৱালীজনীক লৈ মোৰ গাড়ীতে হস্পিটেল পালোগৈ৷ কিছুসময় পিছতেই আমাৰ এপাৰ্টমেণ্টৰ আন এটা পৰিয়ালো হস্পিটেল গৈ পোৱাত সকাহ পাইছিলো৷ ইতিমধ্যেই ৰোগীক ডাক্তৰে ভিতৰলৈ নি পৰীক্ষা কৰা আৰম্ভ কৰিছিল৷ ডাক্তৰৰ কোঠাৰ বাহিৰত উদ্বিগ্ন হৈ ৰৈ থাকোতে ৰীণা আৰু পাছত যোৱা পৰিয়ালটোৰ বোৱাৰী গৰাকীয়ে সেই বেয়া মানুহজনীক কৈ থকা শুনিছিলো … ‘চিন্তা নকৰিব… আমি আছো নহয় আপোনাৰ লগত’৷ কথাষাৰে সন্ধিয়াৰ পৰা খঙত উতলি গৰম হৈ থকা মোৰ মুৰটোত আলফুলে হাত ফুৰাই দিয়া যেন লাগিছিল৷ কোনে জানে… কেতিয়াবা হয়তো কোনোবা প্ৰতিবেশীয়ে ঠিক এনেদৰেই মোৰ অচেতন দেহটোও হস্পিটেললৈ লৈ আহিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments