প্ৰতি,ব্ৰহ্মপুত্ৰ,প্ৰণামো তোমাক -(চাও অৰুপৰাজ সন্দিকৈ)

প্ৰতি,
ব্ৰহ্মপুত্ৰ,
প্ৰণামো তোমাক | আজি তুমি অপ্ৰতিৰোধ্য, যুদ্ধৰ ৰণুৱা ঘোঁৰাটোৰ দৰে নিৰ্ভীকভাৱে আগবাঢ়ি গৈছা| আপোন-পৰ কোনোৱেই বাচি যাব পৰা নাই তোমাৰ অত্যাচাৰত| সকলো আজুৰি আনিছা তোমাৰ বুকুৰ মাজলৈ| তোমাৰ অত্যাচাৰত মই উচুপি উঠিছো|মই “মাজুলী”, তোমাৰেই সন্তান| তুমিয়েই মোৰ সৃষ্টিকৰ্তা, তুমিয়েই মোৰ পালনকৰ্তা | সেই পিতা ব্ৰহ্মপুত্ৰ তোমাৰ তাণ্ডৱত আজি মোৰ মৄত্যু প্ৰায় অৱস্থা| পিতৃ ব্ৰহ্মপুত্ৰ তোমৰ পৰশতে মই উজলি আছিলো বিশ্ববাসীৰ আগত| ইয়াকে লৈ তুমিও গৌৰৱান্বিত; কিন্তু আজি কিছুদিনৰ পৰা তুমি মোক লৈ উন্মাদ হৈ পৰিছা | পৃথিৱীৰ সৰ্ববৃহত্‍নদী দ্বীপ “মাজুলী”-মাঁথো এটি হুঁমনিয়াহ হৈ ৰ’ব নেকি, নৈয়ে সৃষ্টি কৰা মাজুলী নৈৰ বুকুতে জাহ যাব নেকি? সেইয়া এতিয়া কোটি টকাৰ প্ৰশ্ন|পিতৃ ব্ৰহ্মপুত্ৰ, মই দিনে দিনে ম্লান পৰি যাবলৈ ধৰিছো| মোৰ ঐতিহ্য, মোৰ ভাষা-সংস্কৃতি, মোৰ পৰম্পৰা, মোৰ বাসিন্দা ইত্যাদি ইত্যাদি…. সকলোবোৰ তোমাৰ বুকুতে শেষ হৈ যাবলৈ ধৰিছে | মোৰ সন্তানবোৰৰ চকুলো দেখি মই আবেগিক হৈ পৰিছো | প্ৰকৃতিক বাধা দিয়াৰ ক্ষমতা তোমাৰো নাই মোৰো নাই | তথাপি সেই পিতৃ ব্ৰহ্মপুত্ৰ, মোক জীয়াই থাকিবলৈ দিয়া অন্তত মোৰ সন্তানবোৰৰ কাৰণে |
মোৰ আৰ্তনাদে তোমাৰ বুকু কঁপাই তুলিব পৰা নাই কিন্তু সৰ্বহাৰা ৰাইজৰ হিয়াভঙা কান্দোনে মোক উচুপাই তুলিছে | মই জানো সকলো, তোমাৰ বুকুতো একুৰা প্ৰতিশোধৰ জুই জ্বলি আছে | কিন্তু তাৰ প্ৰতিদান মোৰ সন্তানবোৰৰ পৰা নিবিছাৰিবা | সিঁহতবোৰ গাঁৱৰ সহজ-সৰল মানুহ, সিঁহতৰ এখনেই গাঁও, এখনেই ঘৰ………………….. পিতৃ ব্ৰহ্মপুত্ৰ, তুমি ক্ষান্ত হোৱ, মোক জীয়াই থাকিবলৈ দিয়া।
ইতি
তোমাৰেই সন্তান
মাজুলী
এটি অনুভৱ…………
প্ৰতি, ব্ৰহ্মপুত্ৰ…
সেই মহাবাহু ব্ৰহ্মপুত্ৰ,
তুমি ক্ষান্ত হোৱা
তোমাকলৈ আমাৰ জাতিটোৱে গৌৰৱ কৰে
কিন্তু আজি কিয় নিজৰ জাতিটোকে
ধ্বংস কৰাত উন্মাদহৈ পৰিছা,
তোমাৰ বুকুতে মোৰ জন্ম |
মোৰ শৈশব, মোৰ যৌৱন
তোমাৰ পৰশতে উজ্জীৱিত |
আজি তাৰে প্ৰতিদানত
মোৰ জীৱনটোকে কাঢ়ি ল’বলৈ
কিয় মন মেলিছা |
সেই ব্ৰহ্মপুত্ৰ, তুমি ক্ষান্ত হোৱা,
সকলোবোৰ তোমাৰ বুকুতে থোৱাৰ
কিয় পণ লৈছা |
আমালৈও অকনমান ঠাই বাকী ৰাখা |
ব্ৰহ্মপুত্ৰ, তোমালৈ এটি প্ৰশ্ন–
আমাৰ অপৰাধ কি ?
মোৰ গাঁওখনে কি জগৰ ল’গালে |
তুমি সেই সকলৰ ওচৰত প্ৰতিদান বিচৰা
যি সকলে তোমাৰ বুকুত
কোটি কোটি টকাৰ খেলা পাতিছে |
তুমি শান্ত হোৱা,
আমাৰ এখনেই গাঁও,
এখনেই ঘৰ……..
তুমি আমাৰ পৰা লোৱাখিনি ঘূৰাই নোখোজো,
মাঁথো আৰু লোৱাৰ মন নেমেলিবা
আমাক জীয়াই থাকিবলৈ দিয়া |
সেই মহাবাহু ব্ৰহ্মপুত্ৰ,
তুমি চকু মেলা,
আমাৰ জীৱনবোৰলৈ চোৱা |
পাহৰি গৈছো সুখ কি, আনন্দ কি ?
আলিৰ কাষত অঘৰী জীৱন কটাইছো,
এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছো |
আমি জানো তোমাৰ ওপৰত
ঘোৰ অন্যায় হৈছে |
বৰ বৰ মানুহে তোমাকলৈ
বৰ বৰ খেলা পাতিছে |
কিন্তু তাৰ প্ৰতিশোধ
আমাৰ ওপৰত কিয় ?
আমিটো তোমাৰেই সন্তান |
সেই ব্ৰহ্মপুত্ৰ, তোমাৰ চৰণত মূৰ থৈ
হাজাৰ বাৰ প্ৰণাম কৰিছো
তুমি শান্ত হোৱা,
আমাক জীয়াই থাকিবলৈ দিয়া,
আমাৰ যে এখনেই গাঁও,
এখনেই ঘৰ…………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments