প্ৰতিশোধ (অমিতাভ মহন্ত)

্ৰতিশোধ

তৰ্কিব পৰাৰ আগতেই মুখত সোপা দি লুংলুঙীয়া বাটটোৰে লৈ অহা হ’ল তাক। চিঞঁৰিবলৈ একো সুযোগেই নাপালে সি। অন্ধকাৰ কোঠা এটাত মুখ বান্ধি পেলাই থোৱা হ’ল তাক। প্ৰায় অজ্ঞান অৱস্থাত তাক বান্ধি বাহিৰৰ পৰা তলা মাৰি ৰাতুলহঁত বছৰ ওচৰলৈ গ’ল।
– ক’ত বান্ধিছ?
– পুখুৰীৰ পাৰৰ ৰুমটোত বছ।
– কোনেও সন্দেহ নকৰেটো? মানুহ কিন্তু অহা-যোৱা কৰি থাকে সেইফালে।
– নাই একো নহয়। বাবুহঁত পহৰা দি থাকিবই। আৰু মুখত ভালদৰে সোপা দি আহিছোঁ। একো কৰিব নোৱাৰে।
– আৰু সেই ফালে কি খবৰ? কিবা গম পাইছনে?
– নাই, গম পোৱা নাই। কাৰোবাক পঠিয়াই গম ল’ব লাগিব।
– এতিয়াই নালাগে ৰহ। সময় অহিলে সেইবোৰ গম পাম নিজেই।
– ঠিক আছে। তই যা এতিয়া, যোগাৰবোৰ কৰিব লাগে সোনকালে। আজি ৰাতিয়েই কাম খতম হ’ব লাগিব। কাইলৈ যেন একো বাকী নৰয়।
– ঠিক আছে, বছ।
ৰাতুল গ’লগৈ। বছ, ওৰফে মুন্নাই চুৰিত ধাৰ দিয়া আৰম্ভ কৰিলে। আজি অমাৱস্যা, চাৰিওফালে অন্ধকাৰ। জানি-বুজিয়েই মুন্নাই আজিৰ দিনটো বাচি লৈছিল। লংকে মহাজনৰ কথা মনলৈ অহাৰ লগে লগে এক কুটিল হাঁহি মনলৈ আহিল মুন্নাৰ। মুন্নাক জোকাই লোৱাৰ সাহস আৰু জীৱনলৈ নকৰে লংকে মহাজনে।
ফ্লেছবেকঃ
মুন্না!! নাম ক’লেই এই অঞ্চলত সকলোৱে চিনি পায়। পেশা বুলি ক’বলৈ গ’লে গুণ্ডামিয়েই তাৰ পেশা। পিছে নিজৰ এলেকাত সি এইবোৰ নকৰে। এলেকাৰ বাহিৰত তাৰ কাম।
লংকে মহাজন এলেকাৰ চেয়াৰমেন। অতি প্ৰভাবশালী ব্যক্তি। মুন্নাক বাদ দি সকলোৱে তেওঁক ভয় কৰে। মুন্নাক পিছে মহাজনেও সমীহ কৰি চলে। লংকে আৰু গোলাপী প্ৰফেচাৰণীৰ সেই ভিডিঅ’কেইটা থকালৈ লংকে মহাজনৰ ইমান সাহ নাই যে মুন্নাক কিবা ক’ব।
চেয়াৰমেন হোৱাৰ পিছত মুন্নাই লংকে মহাজনক বিশহাজাৰ টকা খুজিছিল পাৰ্টি খাবলৈ। লংকে দিলে দহহাজাৰ। সেই কথাত দম দিবলৈ যাওঁতেই লংকেই মানুহ লগাই তাক খুব পিটিলে। তাৰ ঘৰ খানাতালাচ কৰি সেই ভিডিঅ’ কেইটাও লৈ গ’ল, পুলিচ লগাই থানাটো ভৰালে তাক। হোলছেল ধুলাইত সেইদিনা মুন্নাই একো কৰিব নোৱাৰিলে। কেৱল অহাৰ সময়ত সেহাই সেহাই কৈ আহিল,
-কামটো ভাল নকৰিলি লংকে। ইয়াৰ ফল তই সোনকালেই পাবি।
বর্তমানঃ
চুৰি ধাৰ দিয়া পৰ্ব শেষ। জ্বলি থকা জুইকুৰাৰ পোহৰত চুৰিখন জিলিকি উঠিছে। মুন্না লাহে লাহে পুখুৰীৰ পাৰলৈ আগবাঢ়িল। গৈ দেখে চেলিম, ৰমেন, টিংকু সকলোৱেই উপস্থিত। চেলিম আৰু টিংকুৰ হাতত দুখন ডাঙৰ চুৰি। এডাল ৰচীও আনিছে কোনোবাই।
এটা দীঘল নিশ্বাস লৈ মুন্না সাজু হ’ল। প্লেন তাৰ নিজৰ, গতিকে সি নিজেই কামটো কৰিব।
– ৰাতুল, ৰমেন… তহঁত দুয়ো হেঁচা মাৰি ধৰ। টিংকু তই মুখখন ধৰিবি। ই যাতে চিঞৰিব নোৱাৰে।
সকলোৱে মিলি তাক বগৰাই মাটিত পেলাই ল’লে। ভৰি বন্ধা আছিল বাবে বৰ এটা কষ্ট নহ’ল। নিজৰ প্ৰাণ বচাবলৈ সকলোৱে অলপ চেষ্টাটো কৰেই। সিও কৰিলে। কিন্তু একো লাভ নহ’ল।
-ডিঙিটো ধৰ বেটাৰ
– ধৰিছোঁ বছ। আপুনি চুৰি চলাওক।
চুৰি চলিল। চাৰিও ফালে তেজেই তেজ। তাৰ মাজত এক কুটিল হাঁহি মাৰি থিয় হৈ আছে মুন্না। এতিয়াও অলপ প্ৰাণ আছে তাৰ। লাহে লাহে চটফটনি কমি গ’ল আৰু এসময়ত নিথৰ দেহটো পৰি ৰ’ল মুন্নাৰ আগত।
হায় লংকে হায়… বিৰবিৰকৈ ক’লে মুন্নাই।
ঘড়ীটোলৈ চালে মুন্নাই। ইতিমধ্যে আঠ বাজিলেই। আৰু পলম কৰিব নোৱাৰি। এটা চিঞৰ লগালে মুন্নাই,
– ঐ বীৰেনক মাত। ক’ত আছে সি? জল্দি খতম কৰিব লাগে।
– আছোঁ বছ। মই কামত লাগিছোৱেই। কটা-মেলাখিনি হ’লেই মোৰ সময় নালাগে আৰু। চেলিম আৰু ৰমেন কামত লাগি গৈছে।
– অ’ অ’, একদম স্পেচিয়েল ৰান্ধিবি কিন্তু। ভাল তেল ওলাব যেন লাগিছে। বহুদিন খাহীৰ মাংস খোৱা নাই। আজি লংকেৰ চাগে টোপনি নাহিব। উৰুকাত খাবলৈ থোৱা খাহীটো ভাল চুৰ কৰিলোঁ কিন্তু আমি।
– হয় বছ।
– ৰন্ধা হ’লে মোক আৰু বৌৱেৰক ঘৰত দি আহিবি বুজিছ। মই এতিয়া ‘বালিকা বধু’ চাবলৈ যাওঁ। মাজতে ডিষ্টাৰ্ব নকৰিবি মোক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক