প্ৰতিশ্ৰুত বিজুলী – সুৰেন গোস্বামী

জৰুৰীকালিন বাতি এটা কিনিবলৈ
গ’লোঁ‌ হৃদয়ৰ বন্ধুৰ দোকানলৈ৷
বন্ধুৱে ক’লে, “নালাগে যা কিনিব,
চৌব্বিশ ঘণ্টাই দিব বুলি বিজুলী
দিছে নহয় চৰকাৰে সকলোকে কথা, এৰ বেথা৷
গ্ৰাহক নহ’ব বুলি আমিও এৰিলোঁ‌ বিক্ৰীৰ লেঠা৷
অত্যুল্লাসেৰে মই আহিলোঁ‌ উভতি,
কেবা হাজাৰো ৰাহি হ’ল ধন৷
ঘৰ পাই মোবাইলৰ টৰ্চৰ পোহৰত
দুৱাৰখন খুলি সোমালোঁ‌ ভিতৰ৷
আকৌ পৰিল মনত, ছিঃ!
ম’মবাতি অনাই নহ’ল!
আন্ধাৰত খেপিয়াই বিছনাত বহি,
খবৰ-কাকত-বিচনীৰে গাটো পেলাই শাঁ‌ত
মগজটোৰে ভাবিলোঁ‌ মহবোৰ ভৰিৰে লঠিয়াই
চৌব্বিশ ঘণ্টাই বিজুলী শব্দ থাকিব জীয়াই
নিশ্চয় জনতাৰ মগজু আৰু বাকত৷
চৰকাৰ-দোকানীও থাকিব জীয়াই
যতদিন শব্দ ’প্ৰতিশ্ৰুতি’ থাকিব ধৰাত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক