প্ৰতিৰোধকাৰী : ইংৰাজীঃ (দ্যা ডিফেণ্ডাৰ) অপৰাজিতা দত্ত – অসমীয়া অনুবাদ :দেৱজিত নাথ

“তুমি আৰু ফুটবল খেলিব নোৱাৰা !” ডক্টৰজনে এক্স-ৰে ৰিপোৰ্টটো চাই তীক্ষ্ণ কন্ঠৰে কথা কেইটা কৈ উঠিল । লব্ধ্যৰ মগজুত কি খেলিছে গম নাপাও । মই তাৰ মুখলৈ চাবলৈ সাহস কৰা নাছিলো । মই এটা ক্ৰন্দনৰ চিঞৰ শুনিবলৈ ৰৈ আছিলো কিন্তু মোক আচৰিত কৰি এক হীমশীতল নীৰৱতাইহে বিৰাজ কৰিছিল । আহি থকা টুৰ্ণামেন্টছ, ইন্টাৰ হোষ্টেল আৰু ইন্টাৰ ডিপাৰ্টমেন্ট প্ৰতিযোগিতাবোৰৰ তাৰিখবোৰ মোৰ চকুৰ সন্মুখত ধুৱলী-কুৱলী হৈ ভাঁহি থাকিব ধৰিলে আৰু কাণৰ পৰ্দাত বাজি উঠিল দৰ্শকৰ চিঞৰবোৰ….”কেপ্তেইন লব্ধ্য..”

“তুমি এজন ফিজিঅ’থেৰাপিষ্টক অতি সোনকালে লগ কৰা উচিত!” ডক্টৰজনৰ কন্ঠই কোঠাটোৰ নীৰৱতা ভাঙি পেলাইছিল ।

“ঔষধ আৰু পেইন কিলাৰবোৰ লোৱা, যেতিয়াই দৰকাৰ হয় খাবা।মাত্ৰ মনত ৰাখিবা ডিস্ক পিছলি যোৱাটো ধেমালি কথা নহয় ।”

মোৰ লগত কি হৈ আছে? মই আচৰিত হৈছিলো ! মই বাৰু বোবা হৈ পৰিছিলো নেকি? যাৰ বাবে ফুটবলেই সকলো…, তেনে এজন মানুহৰ হিয়া ভঙা কান্দোন শুনিবলৈ মই ভয় খাই উঠিছিলো । যিজন মানুহে নিজৰ জিলাত অনুৰ্ধ সোতৰ বছৰ পৰ্যায়ত খেলাৰ পিছত ফুটবলক নিজৰ পেচা হিচাপে ল’ব নোৱাৰিছিল নিজৰ কেৰিয়াৰে দমন কৰাৰ কাৰণে, আৰু যাৰ চৰম নীতি আছিল নিজৰ ভালপোৱাক টকা ঘটাৰ যন্ত্ৰ নকৰে, তেনে এজন মানুহৰ যন্ত্ৰনাদগ্ধ হুমুনিয়াহ শুনিবলৈ মই ভয় খাই উঠিছিলো নেকি?

যাদৱপুৰ বিশ্ববিদ্যালয়ত আমাৰ কলেজীয়া দিনবোৰৰ পৰাই লব্ধ্যক মই খেলা দেখিছিলো । তাৰ বন্ধু সকলৰ মাজত সি “নেৱাৰ” বুলি জনাজাত আছিল । FIIOB ( FOOTBALL IS IN OUR BLOOD) গ্ৰুপটোৰ অন্যতম মূল্যবান খেলুৱৈ আছিল সি । আই আই টি খড়গপুৰৰ কেমিকেল ডিপাৰ্টমেন্টৰ য’ত সি গৱেষণা কৰি আছিল, তাৰো অধিনায়ক আছিল সি । ইয়াৰ ওপৰিও “নেহৰু হল” ফুটবল দলটোৰো অধিনায়ক আছিল সি । ফুটবলেই আছিল তাৰ প্ৰথম প্ৰেম ! আৰু আঠাইশ বছৰ বয়সত তাৰ অৱসৰ লোৱাৰ কোনো পৰিকল্পনা নাছিল ।

“ধন্যবাদ !” ইমান সময়ে মই ৰৈ থকা এটা শান্ত সমাহিত কন্ঠস্বৰ ওলাই আহিছিল । লব্ধ্যই খপজপকৈ প্ৰেচক্ৰিপচনখন লৈ বিচনাখনৰ পৰা উঠিছিল । মই বায়’মেত্ৰী ৰিপোৰ্ট বিলাক ল’বলৈ ওলাই আহিছিলো ।

“ সময় কিমান হ’ল ajd ?” আই আই টি খড়গপুৰ কেম্পাছৰ মেডিকেল চেন্টাৰৰ পৰা ওলাই সি মোক মোৰ নিকনেমটোৰে মাতিছিল ।

“মই মোৰ ফোনটো লেবত এৰি থৈ আহিলো ।“

“চাৰি বাজিছে !” ঘড়ীটোলৈ লক্ষ্য কৰি কৈ উঠিলো । তাৰ সিদ্ধান্তৰ বিষয়ে সুধিবলৈ মই সাহস গোটাব পৰা নাছিলো ।

“বঢ়িয়া! খেলখন পাঁচ বজাত আৰম্ভ হ’ব !”

সি মোক বিভ্ৰান্তিত পেলাইছিল । মই কি কৰিম নিশ্চিত নাছিলো । মই তাৰ মনোভাৱ বুজি উঠা নাছিলো । সি তাৰ দলটোক জনাব খুজিছিল নেকি যে সি আৰু খেলিব নোৱাৰে সেয়ে গ’ল কীপাৰ এজন বিচৰা উচিত! বা ……

“তুমি নীলক মোৰ বেগটো লৈ পোনে পোনে খেলপথাৰলৈ মাতি দিব পাৰিবানে?” লব্ধ্যই মোৰ চিন্তাত যতি পেলাই কৈ উঠিল ।

“উম! কোনটো বেগ?” মই সুধিছিলো । তেতিয়াও তাৰ মনোভাৱত মোৰ সন্দেহ আছিল ।

“গ্লোভছ, চিনগাৰ্ড, মোজা আৰু অন্যান্য সামগ্ৰী বোৰ থকা বেগটো!” সি উত্তৰ দিছিল ।

“ চাহাৰাত একাপ ক’ল্ড কফি খাবা নেকি?”

মই বস্তুবোৰ আহি থকা বুলি জনাইছিলো ।

“তেতিয়াহ’লে তুমি খেলিবা?” অৱশেষত মই তাক সুধিছিলো ।

“ অ! কিয় নেখেলিম?” মই যেন তাক কিবা এটা আচহুৱা কথাহে সুধিলো এনে ভাৱত সি উত্তৰ দিলে ।

“লব্ধ্য…. কিন্তু ডক্তৰে ….”

“কোনে তোমাক ইয়াত ইংৰাজী বিভাগৰ প্ৰজেক্ট দিছিল ? মই তাৰ ওচৰত ক’লকাতাৰ পৰা আমনি কৰি থকা ভাটৌজনী অনা কাৰণে গোচৰ দিম !”

“ মাত্ৰ কেইমাহ মানৰ কাৰণেহে !” মই অসন্তুষ্টি প্ৰকাশ কৰিছিলো ।

লব্ধ্য আৰু মোৰ মাজত বহুদিনৰ পৰাই খুব ভাল বন্ধুত্ব আছিল , কিন্তু সি কেতিয়াও মই তাৰ নিজৰ যতন ল’বলৈ কোৱা কথাবোৰ গুৰুত্ব দিয়া নাছিল ।

“শক্তিশালী পুৰুষত্ব !” মই মুখৰ ভিতৰতে বিৰবিৰাই কৈ উঠিছিলো । লব্ধ্যই শুনিও নুশুনাৰ ভাও জুৰিছিল ।

চাহাৰাত ক’ল্ড কফিৰ কাপত চুমুক দি মই কৈ উঠিছিলো ,”তুমি আঠুৰ তলতে আঘাট পাইছা ‘নেৱাৰ’! তুমি সচাঁকৈ ভবা উচিত ‘ৰুদ চক’ৰ হৈ খেলিব পাৰিবানে নাই?”

“চেজজজজ..!” লব্ধ্যই মুখখন বিৰক্তিত বিকটাই দিছিল ! যেন একোৱেই হোৱা নাই!

“তুমি আৰু তোমাৰ সেই বিকটা মুখ!” মই নিজেই নিজকে কৈ উঠিছিলো । লব্ধ্যৰ সেই বেপেৰুৱা ভংগীমা সি যদি মুমূৰ্ষ অৱস্থাতো ব্যৱহাৰ কৰে জহন্নামে যাবলৈ মই কৈ উঠিছিলো ।

“তোমাৰ বিভাগৰ খেল শুক্ৰবাৰে আছে আৰু আমি শনিবাৰে পুৱাৰ খেলৰ বাবে ক’লকাতালৈও যাব লাগিব !”মই তাক বুজোৱাৰ চেষ্টা কৰিছিলো ।

“ৰীতুক মোৰ জাৰ্চিটো আনিব কোৱা !”

“কি ?” মই চক খাই উঠিছিলো । “তুমি FIIOB ৰ শীতকালীন টুৰ্ণামেন্টো খেলিবা ?”

“মই খেল খনলৈ ল’ৰালৰি কৰিব লাগে ! তুমি যদি ইচ্ছা কৰা আহিব পাৰা !” লব্ধ্যই পঞ্চাশ টকাৰ নোট এখন বিল দি ওলাই আহিল । মই বাকী ঘূৰাই দিয়া টকাখিনি লৈ খেল পথাৰলৈ খোজ ল’লো ।

গোটেই খেলখনৰ সময়খিনিত মই FIIOB ৰ দলৰ এগৰাকী মেনেজাৰ হিচাবে মোৰ দায়িত্ববোৰক লৈ মনতে গুনাগঠা কৰি থাকিলো । ৰুদ চক! আমাৰ হাতত মাত্ৰ কেইটামান দিনহে বাকী আছে । আৰু অক্সনৰ পৰ্য্যায়বোৰ শেষ হোৱাৰ পিছত আমাৰ হাতত মাত্ৰ অকণমান টকাহে আছেগৈ,নতুন গ’লকীপাৰ এজন কিনিবলৈ !

লব্ধ্যৰ শাৰীৰিক অৱস্থাৰ কথাটো গম পাই , মোৰ অন্তৰৰ নিভৃত কোণৰ পৰাও লব্ধ্যই মেচ খেলাটো মই কেতিয়াও বিচৰা নাছিলো । কিন্তু মোৰ হাতত কোনো বিকল্পই নাছিল ।

“আজি যি ঘটিল তাক লৈ উদাসীন হৈ নাথাকিবা !” লব্ধ্যই মোক অনুশীলনৰ পৰা উভতি আহি থাকোতে সাৱধানকৰি দিলে । “মই গোটেই কেইখন খেল খেলিম !”

আনদিনাতকৈ সোনকালে সেইদিনা মই তাক এৰি মনে মনে গুচি আহিছিলো ।

ইয়াৰ পাছৰ কেইদিনমান মই অসাধাৰণ ভাবে মৌন হৈ আছিলো বন্ধুত্ব আৰু কৰ্তব্যৰ মাজত । মই জানিছিলো প্ৰত্যেকটো সঞ্চালনে লব্ধ্যৰ শৰীৰৰ ওপৰত প্ৰভাৱ পেলাব । কিন্তু মই কি কৰিব পাৰো? খেল চলি থাকিবই লাগিব । শুক্ৰবাৰে বিভাগৰ খেলখনৰ জয়ে ক’লকাতাৰ টুৰ্ণামেন্টৰ খেলখনৰ কাৰণে যোৱা যাত্ৰাত আমাৰ মনোবল বৃদ্ধি কৰিছিল । ময়েই গোটেই বাৰটা দলৰ ভিতৰত মহিলা প্ৰবন্ধক আছিলো । আৰু সেয়ে হয়তো উত্তেজনা অনুভৱ কৰিছিলো ।

শনিবাৰৰ দিনটো অৱশ্যে আমাৰ কাৰণে খুবেই বেয়া দিন হিচাবে বিবেচিত হৈছিল । চাৰিজনতকৈ বেছি খেলুৱৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু ৰক্ষণ বিভাগৰ দুৰ্বলতাৰ কাৰণে আমি খেলখনত হাৰিছিলো । লব্ধ্যই সম্ভৱত একমাত্ৰ খেলুৱৈ আছিল যি গোটেই খেলখন খেলিছিল আৰু কোনো অভিযোগ কৰা নাছিল ।

মই কথা দিয়াৰ দৰে, লব্ধ্যক তাৰ আঘাতৰ কথা বা অসুস্থ স্বাস্থ্যৰ কথা তাৰ আগত উলিওৱা নাছিলো । কিন্তু বিষত ব্যৱহাৰ কৰা “স্প্ৰে” এটা অনবৰতে লগত ৰাখিছিলো যিটো লব্ধ্যই প্ৰায়ে, আচলতে প্ৰত্যেক সময়তে ব্যৱহাৰ কৰিছিল ।

“মই নেখেলা অৱস্থাত এই স্প্ৰেটো ব্যৱহাৰ কৰিবলৈ অলপ ভাল নালাগে !” বাকী সকলে খেলি থকা চাই থাকোতে লব্ধ্যই মোক কৈছিল । “কিন্তু কেতিয়াবা পিছপিনে মই বিষ অনুভৱ কৰো ।“

“তোমাৰ কাৰণে ভাল ।“ মই উত্তৰ দিছিলো ।

জানিছিলো সি অলপ সুস্থ হৈ থাকিলে সোমবাৰে আই আই টি খড়গপুৰত খেলিব ।

মই তাৰ তাত দগমগাই জ্বলি থকা জুই ৰ শিখা দেখিছিলো, লক্ষ্যত স্থিৰ হৈ থকা গভীৰ শক্তি দেখিছিলো ।

যেতিয়া সি গ’লপোষ্টত গাৰ্ড দি খেলপথাৰত থিয় হৈছিল সি এজন বেলেগ মানুহলৈ ৰূপান্তৰিত হৈছিল ।এটা শামুকৰ খোলত সোমাই থকা মুকুতা যেন । ভঙা খোলাটোৱে সকলো যন্ত্ৰণা পাহৰি গৈছিল যেতিয়া সি তাৰ দলটোক ৰক্ষা কৰি বলটো ধৰিবলৈ জঁপিয়াইছিল । মই বহুত মানুহক প্ৰেমত পৰা দেখিছিলো কিন্তু লব্ধ্যৰ দৰে তাৰ আবেগক ভাল পোৱা কাকো দেখা নাছিলো । কোৱা হয় আঘাত প্ৰেমৰ বাটত খোজ কাঢ়োতে কোবাই যোৱা এছাটি কোমল বতাহ । এইটো লব্ধ্যৰ কাৰণে সঁচা হৈ পৰিছিল ।

তাৰ প্ৰত্যেকটো অনুমান , লাগে সেয়া তাৰ বাহু বা ভৰি বেণ্ডেজেৰে মেৰিয়াই থোৱাই নহওক কিয়, বা যেনেকে সি বলটো সাৱতি ধৰে এনে লাগে যেন সেয়া এক সুমধুৰ সংগীতৰ ঝংকাৰ, এটা আবেগৰ সংগীত যিয়ে শৰীৰৰ আঘাত ভাঙি পেলায় আৰু তাৰ চকুৰ তিৰবিৰনীত উদ্ভাসিত হৈ উঠি মুখত ৰক্তিম হাঁহি বিয়পি পৰে । সকলোৰে কাৰণে বিশেষকৈ যিসকলে নিজৰ নিচাক লৈ সমৰ্পিত, তাৰ খেল উপভোগ কৰাটো এটা বৃহৎ প্ৰাপ্তি ।

“ৰুদ চকৰ ৰক্ষণ বিভাগটো খুবেই দুৰ্বল !” সোমবাৰে ৰাতিপুৱা তাৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ যেতিয়া তাক লেবৰ সন্মুখত নমাই দিছিলো সি ক’ব ধৰিছিল ।

“লব্ধ্য, খেলখনক লৈ তুমি কিমান বেছি আবেগিক মই জানো কিন্তু…”

“কিন্তু কি অপৰাজিতা?” হঠাতে মোৰ সম্পুৰ্ণ নামটো উচ্চাৰণ কৰি মতা কাৰণে মই লগে লগে গম পাইছিলো সি খুবেই বিৰক্ত হৈছিল ।মই আৰু তাক বিৰক্ত কৰিবলৈ কথা আগবঢ়াব খুজা নাছিলো ।

“উম!..নহয়.. মাত্ৰ আজিৰ ৰক্ষণ বিভাগক লৈ আচৰিত হৈছো !”

“ অ’ হো.. আমাৰ সমীত লেফ্ট বেক আৰু জয় ৰাইট বেকত আছিল! সমীত FIIOBৰ টুৰ্ণামেন্টত বেলেগ দলত আছিল তুমি জানা !” লব্ধ্যৰ মাতটো সৰু হৈ আহিছিল । মই আৰু তাক বেলেগ প্ৰশ্ন সুধি আমনি কৰিব ভয় কৰিছিলো ।

“এইটো !” মই টেবুলৰ ওপৰত স্প্ৰেটো থৈছিলো ।

“তোমাক নিশ্চয় দৰকাৰ হ’ব !”

“ধন্যবাদ ajd”, সি হাঁহিছিল । “ গোটেই দলটোৱে তোমাক ছেলেছিৰ ‘ইভা’ বুলি কোৱাত কোনো আপত্তি নাই!”

মই মূৰ দুপিয়াইছিলো আৰু গুচি আহিছিলো, চিন্তাবোৰে মোৰ হৃদয়ত এটা কৰ্কশ শব্দ সৃষ্টি কৰিব ধৰিছিল । সেইবোৰে কিছুমান দু:চিন্তাৰ ড্ৰাম বজাইছিল আৰু খুবেই চিন্তাৰ কোৰ্হালৰ সংগীত হৈ আহিবলগীয়া টুৰ্ণামেন্টবোৰৰ কাৰণে মোৰ উৎসাহ উদ্দীপনা নোহোৱা কৰি পেলাইছিল ।

তাৰ কেইদিনমান পিছত মই তাৰ শাৰীৰিক অসুস্থতাৰ খবৰবোৰ উলিওৱা বন্ধ কৰি দিছিলো । মই সি অধিনায়ক হৈ থকা ডিপাৰ্টমেন্টৰ খেলবোৰ চাইছিলো য’ত সি নিজৰ দলটোক অন্তিম পৰ্যায়লৈ লৈ গৈছিল । মই নাজানিছিলো কিহে মোক মূকবধিৰ কৰি পেলাইছিল ।হয়তু তাৰ চালে চকু ৰোৱা প্ৰদৰ্শন বা সেই উদ্যমটো যিয়ে তাৰ আঘাতৰ বিষবোৰক ক’ৰবাতে পেলাই থৈ দলটোক বিজয়ৰ দিশলৈ গৈছিল । নব্বৈ মিনিটৰ খেলখন অতিৰিক্ত সময়লৈ গুচি গৈছিল আৰু অৱশেষত পেনাল্টী শ্বুট আউতলৈ ।

“তোমালোকৰ আৰু কোনো অতিৰিক্ত গ’লকীপাৰ নাই নেকি?” যেতিয়া লব্ধ্যই পেনাল্টি শ্বুট আউতৰ কাৰণে নিজকে প্ৰস্তুত কৰি আছিল মোৰ চকুপানী ওলাই আহিব খুজিছিল ।

“নাই!” নীলে কৈ উঠিছিল ।

এক্সৰে ৰিপোৰ্ট, ডক্তৰৰ কথাবোৰ, তাৰ লেবৰ টেবুলত থকা পেইন কিলাৰৰ দ’মবোৰ মোৰ চাৰিওফালে যেন ঘূৰিব ধৰিছিল ।তাৰ প্ৰিয় বন্ধুবোৰ, নীল আৰু বাকীবোৰেও তাৰ শৰীৰিক অৱস্থাটোৰ কথা গম পাইছিল কিন্তু তাৰ আগত কথাবোৰ উলিয়াবলৈ সাহস কৰা নাছিল । তাৰ অবিহনে সিহঁতে একো কৰিব নোৱাৰিছিল ।যদিও মই মুখেৰে কিবাকিবি কৈ আছিলো মোৰ মন মগজু দুদুল্যমান অৱস্থাত আছিল লব্ধ্যৰ শৰীৰিক অৱস্থা আৰু দলটোক সমৰ্থন কৰাৰ মাজত ।

তাৰ নিচিনা কিছুমান মানুহ আছে যিয়ে ডেকাকালত পেচাধাৰী খেলুৱৈ হৈ উঠে,কিন্তু পিছলৈ খেলবিধক নিজৰ বৃত্তি হিচাবে নলয়, সেই বেৰখনক উদযাপন কৰে যিয়ে নিজৰ কাম আৰু আবেগক পৃথক কৰি ৰাখে ; টকাৰ প্ৰেমক বৰ্জন কৰাৰ গুনাগঠা কৰি নিজৰ আবেগৰ ভালপোৱাৰ পিছত পৰি থাকে ।

আই আই টি খড়গপুৰৰ কেমিকেল বিভাগক তেনে মাত্ৰ এজন খেলুৱৈয়েই শক্তি দিব পাৰিছিল ।

মই সিহঁতে জিকাটো বিচাৰিছিলো । কাপটো কাৰণ নাছিল, তাৰ দলটোক ৰক্ষা কৰি তাৰ সফলতাই তাক সুখী কৰিছিল যিয়ে তাক শক্তি দিছিল সকলো অসূয়াৰ বিপক্ষে যুঁজিবলৈ, লাগে সেয়া আঠুৰ আঘাত বা ভয়াবহ ডিস্ক পিছলি যোৱাৰ ফলত সৃষ্টি হোৱা বেক পেইনেই নহওক কিয় ।

আমাৰ সকলোকে নিৰুৎসাহিত কৰি এইবাৰ কিন্তু তাৰ শৰীৰটোৱে তাক বিশ্বাসঘাটকতা কৰিছিল , জাঁপ মাৰি বাগৰি পৰা মুহুৰ্তত । তাৰ দলটোক লৈ সি গৌৰৱ কৰিছিল আৰু প্ৰতিজন খেলুৱৈয়ে যি ধৰণে খেলিছিল তাৰ সি শলাগ লৈছিল ।

“ মই পেনাল্টি শ্বুট আউতত ভালকৈ অনুশীলন কৰা উচিত !” সি কৈছিল।

“ কিমান দিনলৈ লব্ধ্য?” মই নিজকে সংযত কৰিব পৰা নাছিলো ।

“কিমান দিনলৈ আৰু তুমি এনেকৈ সকলোতে ফাঁকি দিবা আৰু মুখেৰে কৈ থাকিবা ‘ভাল’ বুলি? মই ইমানো অন্ধ নহয় যে তোমাৰ অসহ্য বিষবোৰ মই অনুভৱ কৰিব পৰা নাই ?”

“মাত্ৰ ইন্টাৰ হোষ্টেল টুৰ্ণামেন্টলৈ !” সি মোক সান্তনা দিছিল ।

মই জানিছিলো এইয়া আহি আছিল । এজন থানথিত নলগা লিখক হিচাবে মই জানিছিলো যে কিহে ইমানকৈ কাৰোবাক কোনো বস্তুৰ প্ৰতি প্ৰচুৰভাবে নিচাসক্ত কৰি তোলে.. !পৰাজয়বোৰে তাক কেতিয়াও তল কৰিব পৰা নাছিল । সি নিচেই অকণমানহে ভাবিছিল সেইবোৰৰ বিষয়ে । জয়বোৰে তাৰ বিষ বেদনা বোৰ শুহি লৈছিল , পেইন কিলাৰ বোৰে শাৰীৰিক বিষ বেদনা বোৰ নোহোৱা কৰিছিল আৰু খেলৰ জয়বোৰে ইয়াক বেছি সময়লৈ ধৰি ৰাখিছিল আৰু খেলিবলৈ গতি প্ৰদান কৰিছিল । এই আঠাইশ বছৰ বয়সত তাৰ অৱসৰ লোৱাৰ পৰিকল্পনা নাছিল । তাৰ চকুৱে খেলবিধৰ প্ৰতি থকা তাৰ গভীৰ ভালপোৱাৰ কথা কৈ আছিল । সেই প্ৰেমে জয়ৰ শক্তিবোৰ পুনৰ ইন্ধন ভৰোৱাৰ দৰে হৈছিল । যিমানেই ইন্টাৰ হোষ্টেল টুৰ্ণামেন্ট কাষ চাপি আহিছিল সি পেনাল্টি শ্বুট আউতবোৰ অনুশীলন কৰি নিজকে আৰু নিপুণ কৰি তুলিছিল । নেহৰু হলটো মাত্ৰ দুটা শব্দৰে ভৰি আছিল ..”কেপ্তেইন লব্ধ্য !” মোৰ লগৰ ‘সৰুজনী নাইডু ৱ’মেন ‘হোষ্টেলৰ পৰা অহা বান্ধৱীবোৰেও নেহৰু হলৰ কাৰণে চিঞৰি উৎসাহিত কৰিব আহিছিল ।

সৰুকালৰ পৰাই বেটমেন মোৰ প্ৰিয় হিৰ’ আছিল ।কিয়? কাৰণ সি কোনো যাদুকৰী শক্তি নথকাকৈয়ে হিৰ’ আছিল । সি গাড়ী চলাইছিল নিজৰ আবেগ আৰু বুদ্ধিমত্তাৰে ! মই তাৰ পৰা সদায়ে অনুপ্ৰানিত হৈছিলো, সন্মান কৰিছিলো । ক্ৰিপ্ট’নিয়ান বা আমাজনিয়ান ৰাজকুমাৰ হ’বলৈ এটা ৰাতিৰ ভাগ্যই যথেষ্ঠ নহয় ; কিন্তু একাগ্ৰতা , প্ৰচুৰ শ্ৰম আৰু কষ্টসহিষ্ণুতাই যিকোনো সাধাৰণ মানুহৰ পৰাই এজন বেটমেনক সৃষ্টি কৰিব পাৰে । মোৰ সন্মুখত তেনে এজন বেটমেনকেই দেখিছিলো ।

শীতকালিন টুৰ্ণামেন্ট বোৰৰ ভিতৰত ইন্টাৰ হোষ্টেল টুৰ্ণামেন্টখনেই অন্তিম ফুটবল প্ৰতিযোগীতা আছিল । সকলো আপদ ভেঙুচালি কৰি লব্ধ্যৰ সংঘৰ্ষ অব্যাহত আছিল । তাৰ অকণমান খোৰাই যোৱা সোঁ-ভৰি খনে সি কিমান বিষ বেদনাৰ মাজেৰে চলি আছে সকলো স্পষ্টকৈ কৈ পেলাইছিল ।

মই কেৱল মুখ মেলি চাই ৰৈছিলো যেতিয়া সি এটা পৰ্য্যায়ৰ পৰা আন এটা পৰ্য্যায়লৈ তাৰ দলটোক জয়ী কৰি লৈ গৈ আছিল । এই মাহ কেইটাত মই দেখিছিলো কেনেকৈ এজন আঘাতপ্ৰাপ্ত যোদ্ধাই একেই উদ্যমেৰে যুদ্ধ কৰি গৈছিল, সি দেখুৱাই গৈ আছিল ।

প্ৰখ্যাত বেংগলী লিখক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ “পথেৰ দাবী” উপন্যাস খনৰ কেইটামান শাৰী ই মোক মনত পেলাই দিছিল । অপূৰ্বা, ঘটনাৰ এটা কেন্দ্ৰীয় চৰিত্ৰ যি স্বাধীনতা যুঁজাৰু সাব্যসাচীৰ বিষয়ে অনুপ্ৰাণিত হৈ মনত ভাবিছিল, “ সম্ভৱত তুমিয়েই সেইজন যিয়ে নিজৰ কান্ধত সকলো ভাৰ ল’ব পাৰে আৰু ভগৱানে হয়তু সেই কাৰণেই পৃথিৱীৰ সমষ্ট দায়িত্ব আৰু ভাৰ ল’বলৈ তোমাক এৰি দিছে !” লব্ধ্যৰ বিষয়ে ময়ো ঠিক একেদৰেই ভাবিছিলো ।

ইন্টাৰ হোষ্টেল টুৰ্ণামেন্ট খনৰ অন্তিম পৰ্যায়ৰ ফাইনেল খেলখন নেহেৰু আৰু আৰ কে হলৰ মাজত অনুষ্ঠিত হৈছিল । দুয়োটা দলেই কোনোপধ্যেই অলপো এৰি দিয়া পক্ষত নাছিল । সিহঁতৰ মেছি আৰু ৰ’নাল্ডো বোৰক লৈ আক্ৰমন প্ৰত্যাক্ৰমন আৰম্ভ হৈ গৈছিল কিন্তু দিনটো উদযাপিত হৈছিল মাত্ৰ এজন “নেৱাৰ”ৰ উপস্থিতিক লৈ , যাৰ টনা-আজুৰাই এটা দলত উপহাৰ দিছিল কিছুমান অবিশ্বাস্য ৰক্ষণৰ । আমাৰ “নেৱাৰ”, লব্ধ্য গৌৰৱেৰে খেল পথাৰত থিয় হৈ আছিল যেতিয়া তাৰ বিশ্বাসী ষ্ট্ৰাইকাৰ ৰূপকে খেলৰ সোতৰ মিনিটত দলৰ হৈ প্ৰথমটো গ’ল দিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত বিপক্ষ দলটো সম্পূৰ্ণ আক্ৰমনাত্মক ৰূপত অৱতীৰ্ণ হৈ পৰিছিল কিন্তু লব্ধ্যই অধিনায়ক হিচাবে ৰক্ষণ বিভাগটো খুব সুন্দৰকৈ পৰিচালিত কৰিছিল । সি খুবেই কঠোৰ ভাবে তাৰ গ’ল পোষ্টৰ সন্মুখত থিয় হৈ আছিল আৰু এটাও শ্বট নেটৰ ভিতৰ যাব নোৱাৰা কৰি ৰাখিছিল । আৰু অৱশেষত নব্বৈ মিনিটৰ অন্তত গোটেই ষ্টেডিয়াম উল্লাসত ফাটি পৰিছিল ।

“কেপ্তেইন লব্ধ্য!” এই নামটো সকলোৰে মুখে মুখে চিঞৰ হৈ ওলাই আহিছিল । তাৰ হাঁহিটো তাৰ জিকমিকাই থকা জাৰ্চিটোতকৈও উজ্জ্বল হৈ ওলাই আহিছিল ! দলৰ খেলুৱৈ আৰু বন্ধুবোৰৰ মাজত সি তাৰ বিষ বেদনাবোৰ পৰাজিত কৰি হাঁহি হাঁহি থিয় হ’বলৈ সক্ষম হৈছিল ।

মই দৌৰি আহি তাক সাৱতি ধৰাৰ পৰা নিজকে ৰখাব পৰা নাছিলো ।

“অৱশেষত তুমি কৰি পেলালা লব্ধ্য!” মোৰ চকুত চকুপানী ওলাই আহিছিল ।

সি মিছিকিয়াই হাঁহি উঠিছিল । “ধন্যবাদ !”

“তুমি আমাক FIIOB ৰ গ্ৰীষ্মকালীন টুৰ্ণামেন্টত সহায় কৰিব লাগিব !” পিছপিনৰ পৰা ৰীতুৱে হাঁহিছিল ।

“এয়া সম্পূৰ্ণ পৃথক প্ৰতিযোগীতা !” লব্ধ্যই বুজাব ধৰিছিল ।

“তুমি কেনেকৈ নিশ্চিত হ’লা যে আমি একেটা দলতে থাকিম?”

“আমি তোমাক কিনি আনিম যিকোনো পৰিস্থিতিতে !” ৰীতুৱে তৎপৰতাৰে কৈ উঠিছিল ।

“আমি এইবাৰ দলটোক নতুনকৈ নামাকৰণ কৰিম , ৰুদ ৰি-এৱেকেনিং “

“এই পোৱালীটো কেতিয়া আহিল ajd?” লব্ধ্যই জোঁকাইছিল।

“ আজি আবেলি ।“ মই উত্তৰ দিছিলো । “ সি কেতিয়াও তোমাৰ খেলৰ পৰা বঞ্চিত হ’ব খোজা নাছিল । মানুহ বিলাকে FIIOBত তোমাৰ বিষয়ে কথা বতৰা পাতি আছে!”

সদায় হোৱাৰ দৰে লব্ধ্যই আজিও তাক কৰা প্ৰশংসাবোৰ আওকান কৰিছিল । তাৰ পৰিবৰ্তে মোৰ পৰা ফোনটো লৈ সি এটা নম্বৰলৈ ডায়েল কৰিছিল ।

“হেল্ল’! মই লব্ধ্য মুখাৰ্জীয়ে কৈছো ।“ সি কৈছিল । “ কেইমাহমান আগতে মোৰ ভৰিত বহুতো আঘাত আৰু এখন ডিস্ক পিছলি যোৱা বুলি পৰীক্ষাত ধৰা পৰিছিল । মই এজন ফিজিঅ’থেৰাপিষ্টক যোগাযোগ কৰিব বিচাৰিছোঁ !”

আৰু মই মোৰ সন্মুখত এজন সঁচাসচি বেটমেন থিয় হৈ থকা দেখিছিলো ।

০০০০০
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক