প্ৰতি ভগৱান (ৰাতুল বেজবৰুৱা)

প্ৰতি ভগৱান


ৰত্নেশ্বৰ দাস মানুহ জন দুখীয়া হ’লেও গাওঁ খনৰ ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে মাজত বৰ জনপ্ৰিয় আছিল। বিয়া-সবাহ, ভাওনা, থিয়েটাৰকে আদি কৰি গাৱৰ সকলো উৎসৱৰ কামবোৰত ৰাইজৰ মুখত প্ৰথমে অহা নামটো আছিল ৰত্নেশ্বৰ দাস। মানুহ জনৰ তাতোতকৈ ভাল লগা গুনটো আছিল ভগৱানৰ প্ৰতি থকা ভক্তি। নিজে এসাজ খাবলৈ নোপোৱাকৈ থাকিলেও কিন্তু মিঠাতেলৰ ৯০ টকা প্ৰতি লিটাৰৰ দিনতো সদায় পুৱা গধুলি ভগৱানৰ ওচৰত এগচি বন্তি জ্বলাবলৈ কৃপনালি নকৰিছিল।

এই দুখ বোলা বস্তুটো কোনে সৃষ্টি কৰিলে জানো! এই বস্তুটোৱে কিন্তু মানুহক বৰকৈ লটি ঘটি কৰে। ৰত্নেশ্বৰ দাসকো এই বস্তুটোৱে বাৰুকৈয়ে লগ দিছে। আজি তাৰিখলৈকে মানুহ জনে সুখৰ মুখ দেখা নাই। সৰুতে মাক-দেউতাকক হেৰুৱা দুখৰ পৰা আৰম্ভ কৰি সতি সন্তান নোহোৱা লৈকে মুঠতে মানুহ জনে পাইছে কেৱল দুখ আৰু দুখ। তথাপিতো মানুহ জনৰ মুখত সদায় এটা হাহি বিৰিঙি থাকে। কোনেও নাজানে সেই হাহিটো দুখৰ নে সুখৰ।

যোৱাবাৰৰ বানৰ পাছত মানুহ জনৰ অবস্থা আৰু বেয়া হৈছে। পগলা জিয়াধলে খেতি মাটি কেই বিঘাত তিনি ফুট মান ওখকৈ বালি পেলাই থৈ গৈছিল। তাৰ পাছৰ পৰা মানুহ জনে আৰ ঘৰে তাৰ ঘৰে সৰু সুৰা কাম কৰি কোনো মতে ভাত মুঠি যোগাৰ কৰি আছিল। কিন্তু অলপ দিনৰ পৰা মানুহজনীৰ কিবা এটা ধৰিব নোৱৰা বেমাৰ হ’লত মানুহ জনো কাম বিচাৰি যাব নোৱাৰা হ’ল। কেতিয়াবা গ’লেও আধাতে কাম এৰি গুচি আহিব লগা হয়। সিদিনা কামত থাকোতে ঘৰৰ ওচৰৰ ল’ৰা এটাই আহি খবৰ দিলেহি যে মানুহজনীৰ যোৱা থোৱা অবস্থা, সোনকালে ঘৰলৈ যাব লাগে। দাসে কাম এৰি আহি ঘৰ পালেহি। সচাকৈ মানুহজনীৰ অবস্থা বেয়া, মুখেৰে ফেন উলিয়াই মাটিত পৰি কেকাই আছিল। খৰধৰকৈ মানুহজনীক চহৰৰ হস্পিতেলখন পোৱালেগৈ। ডাক্টৰে চাই চিতি ৫ বিধমান টেষ্ট কৰাব দি ৪ বিধমান ঔষধ আনিবলৈ দিলে। কিন্তু খেলিমেলিতো সেইখিনিতে লাগিল। ইমানবোৰ টেষ্ট আৰু ঔষধ কিনিবলৈ টকা আছে ক’ত? দাসে হস্পিতেল খনৰ বাৰাণ্ডাতে মূৰে কপালে হাত দি বহি কি কৰিব চিন্তা কৰাত লাগিল। মানুহজনীকতো এনেকৈ মৰিবলৈ এৰি দিব নোৱাৰি। হঠাৎ কিবা এটা চিন্তা কৰি ঘপকৈ বহাৰ পৰা উঠি মানুহজনীক তাতে এৰি খৰধৰকৈ গাৱলৈ আহিল আৰু চিধাই হাজৰিকা মাষ্টৰৰ ওচৰ পালেহি। মাষ্টৰক সকলো বিবৰি কৈ অলপ টকা বিচাৰিলে। কিন্তু মাষ্টৰে দাসক ৪ মাহ মান দৰমহা পোৱা নাই গতিকে হাতত টকা নাই বুলি কৈ সহায় কৰিব নোৱাৰো বুলি ক’লে। দাসে অকনো দেৰি নকৰি ভদাই গাওবুঢ়াৰ ওচৰ পালেহি। গাওবুঢ়াইও কিবা কিবি আজুহাত দেখুৱাই সহায় নকৰিলে। দাসে গাৱৰ ধনীমানুহ বুলি পৰিচিত আৰু ৫/৬ মান মানুহৰ ওচৰতো সহায় বিচাৰিলে কিন্তু কোনেও ফুটাকঢি এটাও নিদিলে। দাসৰ মুখখন শেঁতা পৰি আহিল।
দাসে কি কৰিব ক’ৰপৰা টকা গোটাব একো ধৰিব নোৱাৰা হ’ল। অৱশেষত এটা সিদ্ধান্ত ল’লে। এনেদৰে মানুহৰ ওচৰত সহায় বিচাৰি থাকি কোনো লাভ নাই। যি কৰিব ভগৱানেহে কৰিব পাৰিব। আজি ৫২ বছৰে ভগৱানৰ সেৱা কৰি আহিছে। দাসৰ বিশ্বাস ভগৱানে কিবা এটা সহায় কৰিবই। গতিকে ভগৱানকে সকলো দাইৰেক্ট জনাব। এইবুলি দাস ঘৰলৈ আহিল আৰু বহুত বছৰ টক্তাৰ ওপৰত থকা বাকছটোৰ পৰা বগা ৰঙৰ পৰা হালধীয়া হোৱা কাগজ এখিলা উলিয়াই কলমটোত চিয়াহী ভৰাই লৈ আৰম্ভ কৰিলে-

প্ৰতি
মোৰ অতি শ্ৰদ্ধাৰ ভগৱান,
প্ৰভু প্ৰথমে মোৰ সেৱা গ্ৰহন কৰিবা। মোৰ বৰ্ত্তমান অবস্থা বহুত বেয়া। যোৱা বছৰৰ পৰা বহুত সমস্যাত কোনোমতে চলি আছো। খেতি বাতি বুলিবলৈ একো নাই। মাটি কেই বিঘাত জিয়াধলে বালি পেলাই গ’ল। মানুহৰ ঘৰত কাম বিচাৰি আজিকালি পাবলৈ নাইকিয়া হ’ল। তাতে মানুহজনীৰ কিবা এটা অচিন বেমাৰ হৈছে। মই মানুহজনীক এৰি কাম বিচাৰিও যাব নোৱৰা হৈছো। আজি আকৌ মানুহজনীৰ একে বাৰে যোৱা থোৱা অবস্থা। হস্পিতেলত ভৰ্তি কৰাই আহিছো। ডাক্টৰে ধেৰ কিবা কিবি কিনিবলৈ দিছে। কিন্তু মই কিনো কেনেকৈ? হাতত যে ফুটাকঢ়ি এটাও নাই। গাৱৰ মাষ্টৰ, গাওবঢ়া আৰু ভালে কেইজন মানুহক সহায় বিচাৰিলো যদিও কোনেও মোক সহায় নকৰিলে। তুমিয়ে কোৱা প্ৰভু মই এতিয়া কি কৰো। গতিকে এই বিপদৰ সময়ত মোক সহায় কৰা প্ৰভু। নহ’লে মানুহজনী মৰি থাকিব। আৰু মই জানো তুমি তোমাৰ ভক্তক কেতিয়াও মৰিবলৈ নিদিয়া। সেয়ে প্ৰভু তোমাক অনুৰোধ কৰিছো মোলৈ যিমান পাৰা সিমান সোনকলে টকা ৭০০০ পঠায় দিয়া। আৰু বেছি নিলিখো। শেষত পুনৰ সেৱাৰে।

ইতি
তোমাৰ একান্ত ভক্ত
ৰত্নেস্বৰ দাস
ঢাপলিয়াল গাও
ধেমাজী, অসম
তাং- ১৮/০৫/২০১৩

চিঠিখন খাম এটাৰ ভিতৰত ভৰাই খামটোৰ ওপৰত প্ৰতি ভগৱান আৰু তলত নিজৰ ঠিকনাটো লিখি আঠা লগাই কোনো দিন ব্যবহাৰ কৰি নোপোৱা গাৱৰ ডাকঘৰটোৰ চিঠি ভৰোৱা বাকচটোত ভৰাই দিলে।
কেইদিন মানৰ পাছত চিঠি খন আহি জিলাৰ সদৰ ডাকঘৰ পালেহি। সদৰৰ পিয়ন জনে চিঠি খন কাক দিব কলৈ দিব একো ধৰিব নোৱাৰি আহি পোষ্ট মাষ্টৰক দি গ’লহি। পোষ্ট মাষ্টৰে চিঠিখনত বেছি গুৰুত্ব নিদি নিজৰ কামত লাগি থাকিল। এনেকৈ আৰু কেইদিনমান পাৰ হ’ল। এদিন হঠাৎ পোষ্ট মাষ্টৰৰ চকুত চিঠিখন পৰিল। বহুত চিন্তা চৰ্চা কৰি চিঠি খন খুলি পঢ়ি চালে। পোষ্ট মাষ্টৰৰ মনটো অলপ সেমেকি আহিল। লগে লগে ডাকঘৰৰ সকলো কৰ্মচাৰীক মাতি আনি চিঠি খনৰ কথা ক’লে আৰু যিয়ে যিমান পাৰে সহায় কৰিবলৈ অনুৰোধ কৰিলে। ডাকঘৰৰ মানুহ খিনিয়েও সহায় কৰিবলৈ আগবাঢ়ি আহিল। ১০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকালৈকে বৰঙণি গোট খালে। কিন্তু দাসে বিচৰা ধৰণে ৭০০০ টকা হবলৈ ৫৫০ টকা কম হ’ল। পোষ্ট মাষ্টৰে ৬৪৫০ টকাকে ৰত্নেশ্বৰ দাসলৈ মনি অৰ্ডাৰ কৰি পঠোৱাৰ ব্যবস্থা কৰি দিলে। দুদিনমান পাছত গাৱৰ পিয়নজনে মনি অৰ্ডাৰৰ টকা খিনি দাসক দি গ’লহি। চৰকাৰৰ ঘৰৰ পৰা দিয়া ঔষধ খাই দাসৰ মানুহজনী কোনোমতে উশাহতো লৈ জীয়াই আছিল। টকা খিনি পাই দাস বহুত সুখী হ’ল। লগে লগে যাৱতীয় ঔষধ পাতি কিনি চিকিৎসা কৰাত লাগিল। ভগৱানৰ ওপৰত দাসৰ বিশ্বাস আৰু দুগুন বাঢ়িল। নাই এনেকৈ নহ’ব। ভগৱানক ধন্যবাদ জনাবই লাগিব। দাসে আৰু এখন চিঠি লিখিবলৈ ঠিৰাং কৰিলে। সেইদিনা ঘৰলৈ আহি আকৌ কাগজ কলম উলিয়াই দাস বহিল-

প্ৰতি
মোৰ অতিকৈ শ্ৰদ্ধাৰ ভগৱান,
প্ৰভু, প্ৰথমে মোৰ সেৱা গ্ৰহন কৰিবা। তুমি দিয়া টকা খিনি মই পালো। তোমাক কি বুলি ধন্যবাদ জনাম মই শব্দ বিচাৰি পোৱা নাই প্ৰভূ। মই জানো তুমি তোমাৰ ভক্তক কেতিয়াও বিপদত নেপেলোৱা। মানুহজনীৰ স্বাস্থ্য এতিয়া আগতকৈ অলপ ভাল হৈছে। ডাক্টৰে সোনকালে ভাল হব বুলি কৈছে। অ’ প্ৰভু আৰু এটা কথা, আগলৈ যদি মই তোমাক পইচা বিচাৰো তুমি নিজে আহি মোক দি যাবাহি। এই ডাকঘৰৰ মানুহবোৰ বৰ ভাল নহয়। এইবাৰ তুমি দিয়া ৭০০০ টকাৰ খিনিৰ মোক মাত্ৰ ৬৪৫০ টকাহে দিলে। গতিকে কথাতো এতিয়াই কৈ থলো। আৰু দীঘল নকৰো। পুনৰ সেৱাৰে।

ইতি
তোমাৰ একান্ত ভক্ত
ৰত্নেস্বৰ দাস
তাং- ০৭/০৮/২০১৩

তাৰ পাছত দাসে চিঠিখন খাম এটাৰ ভিতৰত ভাৰাই আগৰ বাৰৰ দৰে গাৱৰ ডাকঘৰটোৰ চিঠি ভৰোৱা বাকচটোত ভৰাই দিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক