প্ৰতীক্ষা (ডাঃ দীপুল হালৈ)

বিয়া হোৱাৰ দুবছৰলৈ সাগৰ আৰু অৰুণিমাই পৰিয়াল বঢ়োৱাৰ কথা ভবা নাছিল | মানুহে ভাল খবৰ সুধিবলৈ লোৱাতহে সিহঁতে সন্তানৰ কথা ভাবিলে | ভবাৰ পাচতো বহু মাহ গ’ল | মাহৰ সেই বিশেষ দিনকেইটালৈ দুয়ো অধীৰ আগ্ৰহেৰে বাট চাই থাকে | দুদিন মান আগবাঢ়িলেই মনটো অলপ ভাল লাগে | কিজানিবা ভাল খবৰ ওলায়েই  |  দিনেদিনে চিন্তা বাঢ়ি গৈছিল |

এদিন অফিছৰ শ‍ইকীয়া বোলা এজনে সুধিলে, “ সাগৰদা, ভাল খবৰ কিবা আছে নেকি ? ”

সাগৰে দুনাই সুধিলে, “কেনেকুৱা , কেনেকুৱা ভাল খবৰ ?”

“বিয়াৰ পাচৰ ভাল খবৰ আকৌ ”

“নাই, নাই ”সাগৰ বৰুৱাই সামান্য হাঁহি উত্তৰ দিলে |

ৰাতি সাগৰে অৰুণিমাক ক’লে, “ অৰু , আজিকালিচোন মানুহবিলাকে বৰকৈ ভাল খবৰ সুধিবলৈ লৈছে | ”

“সুধিব‍ই | মোৰো কেঁচুৱা দেখিলে মনটো বেয়া লাগে | কিমান দিন আৰু এনেকৈ থাকিবা, কিবা এটা কৰিব লাগে |” –অৰুণিমাই ক’লে |

“এৰা ”- সাগৰে ক’লে, “ ভাল স্ত্ৰীৰোগ বিশেষজ্ঞ এজনৰ ওচৰলৈ যাব লাগিব |”

অফিছৰ হেমন্ত বৰাই এদিন কওঁ নকওঁকৈ ক’লে, “ বৰুৱা, বেয়া নাপায় যদি কথা এষাৰ কওঁ |”

“কওঁক, কিয় বেয়া পাম | ”

“আমাৰ ওচৰৰ বিডিঅ’ এজনৰ বহু বছৰ ধৰি সন্তান নাছিল | বহুতো ভাল ভাল ডাক্তৰক দেখুৱাইছিল যদিও ল’ৰা-ছোৱালী হোৱা নাছিল | শেষত এগৰাকী মহিলাই সপোনত পোৱা দৰব খোৱাৰ এবছৰ পাচতেই ছোৱালী এজনী হ’ল | মনৰ আনন্দতে মানুহগৰাকীক ঢেৰ কিবা কিবি দিলে | এনেয়ে মানুহগৰাকীয়ে তেনেকৈ একো নলয় | … এবাৰ নহলে নাযায় কিয় | ” অৰুণিমাক দৰৱ আনি খুৱালে | বনগুটি সদৃশ দৰৱ কেইটা একো হেৰফেৰ নোহোৱাকৈ কুকুৰাই ডাক নিদিওঁতেই খালে | এফালে সোমাই আনফালে ওলাল ,  সিহঁতৰ সংসাৰলৈ তৃতীয় প্ৰাণীৰ আগমন নহ’ল | এদিন গেৰুৱা বস্ত্ৰধাৰী বাবাজী এজনে জোৰ কৰি হস্তৰেখা পৰীক্ষা কৰিলে | বাবা ভোলানাথৰ নামত প্ৰসাদ আগবঢ়াবলৈ একাৱন্ন টকা লৈ গ’ল |

 

প্ৰতি দেওবাৰে অৰুণিমাহঁতৰ কিট্টি পাৰ্টি | ৰূপচৰ্চা, পৰচৰ্চা, ৰন্ধন-প্ৰনালী, টি.ভি.ৰ শাহু-বোৱাৰীৰ ধাৰাবাহিককে   ধৰি নানা বিষয়ৰ আলোচনা , ফূৰ্তি-তামাচা | কেচুৱা নথকাসকললৈ নানা উপদেশ | এজনীয়ে ক’ব সত্যনাৰায়ণ পূজা পাতিব লাগে, এজনীয়ে ক’ব গৰখীয়া গোসাইথালৈ যাব লাগে , কোনোবা এজনীয়ে কয় গৰখীয়া সবাস পাতিব লাগে , লাড়ুৱা গোপালৰ ফটো শোৱনীকোঠাত আৰিব লাগে | গ্ৰহৰত্নৰ কথা কওঁতাৰতো লেখ নাই | পাচলৈ অৰুণিমাই কিট্টি পাৰ্টিলৈ নোযোৱা হৈছিল |

 

গ’ল, অৰুণিমাহঁতো গৰখীয়া থানলৈ গৈ বট গছত গামোছা আঁৰিলে, টিলিঙামন্দিৰলৈ গৈ টিলিঙা ওলোমালে, বগা বাবাৰ মাজাৰত মমবাতি  জ্বলালে, কলনীৰ গৰু নৰখা গৰখীয়াক আদৰি আনি সেৱা কৰিলে | ভকত সেৱা , নামপ্ৰসংগও বহুত কৰিলে | দহো আঙুলিত গ্ৰহৰত্নৰ আঙঠিয়ে ভিৰ কৰিলে | একো বাদ নপৰিল | উপদেশৰ জোৱাৰত সিহঁত বহুত উটিলে | “বেয়া নাপাই যদি কথা এষাৰ কওঁ” বোলোতাক “নকব” বুলি কোৱাহ’ল | অ’ত ত’ত ভালেকেইজন ডাক্তৰক দেখুৱালে | দুবাৰ সৰু অপাৰেচন দুটাও কৰিলে | এনেকৈয়ে সাতটা বছৰ পাৰ হৈ গ’ল | একো নহ’ল | বহুতে এইবাৰ অসমৰ বাহিৰলৈ গৈ দেখুৱাবলৈ উপদেশ দিলে |

মুখ খুলি নকলেও সিহঁতৰ ঘৰে বাহিৰে এক অশান্তিকৰ পৰিবেশৰ সৃষ্টি হৈছিল | কেতিয়াবা কোনোবাই কথাৰ মাজতে সুধি দিয়ে, “ ল’ৰা-ছোৱালী কেইটা?” বা “কোনক্লাছত পঢ়ি আছে ?”  দুয়োৰো বেয়া লাগে | এটা তেনেকুৱা প্ৰশ্নই কেতিয়া গোটেই দিনটো বিষাদেৰে ভৰাই তোলে | সিহঁতে সন্তান হোৱা-নোহোৱালৈ যিমানচিন্তিত তাতকৈ আন মানুহৰ কথা-কাণ্ড, হকে-বিহকে দিয়া উপদেশবোৰেহে বেছি আমনিদিয়া হ’ল | বাটত সৰু সাপ এডাল মৰি থাকিলেও য’ত মানুহে জুম পাতি চাবলৈ সময় ওলায় তাত সিহঁতক উপদেশ দিবলৈ ক’ত মানুহৰ অভাৱ হ’ব বুলি সাগৰে অৰুণিমাক বুজনি দিয়ে |

সাগৰৰ ডাক্তৰ বন্ধু বিশ্বজিতে ফোনত কথা পাতোতে এদিন ক’লে, -“ সাগৰদা, এবাৰ আশা হস্পিতেলত দেখুৱাওক না; মোৰ মিছেচৰ বায়েকৰো তাত আই ভি এফ কৰি ছোৱালী এজনী হৈছে |”

“ কি সমস্যা আছিল বাৰু ? ”- সাগৰে সুধিলে |

“টিউবৰ ব্লক আছিল বুলি কৈছিল | ” –বিশ্বজিতে ক’লে, “ প্ৰথমবাৰ বাইদেউৰো চাকছেচ হোৱা নাছিল, দ্বিতীয়বাৰ হ’ল | গৈ আহক এবাৰ |”

“বিশ্বজিত, আই ভি এফ কৰিলে বহুদিন থাকিব লাগিব নেকি বাৰু ?”

“ নাই নালাগে, ওচৰৰ লজ বা হোটেলত এমাহমান থাকিলেই হব | ৰিজাল্টৰ পাছত আহিব পাৰিব | ”

আশা হস্পিতেলৰ ডা: হৃদয় মহন্ত‍ই কাউনচেলিঙৰ সময়ত ৰিপোৰ্টবোৰ চাই ক’লে, “ ডিম্ববাহী নলীৰ সমস্যা | দুয়োফালে বন্ধ আছে বাবে কনচিভ কৰা নাই | আই ভি এফ কৰাই ভাল | এই পদ্ধতিত নিৰ্দ্দিষ্ট কিছুমান দৰৱ ব্যৱহাৰ কৰি মহিলাৰ ডিম্বাশয়ত অধিক ডিম্বৰ সৃষ্টি কৰা হয় | তাৰপাচত সৰু এক পদ্ধতিৰ দ্বাৰা ডিম্ব বাহিৰলৈ আনি শুক্ৰৰ লগত নিষেচন হ’বলৈ দিয়া হয় | নিষেচিত ডিম্ব পাচত মহিলা গৰাকীৰ জৰায়ুত স্থাপন কৰা হয় | চৈধ্য দিন পাচত গৰ্ভধাৰণৰ পৰীক্ষা কৰাহয় | ”

সাগৰে সুধিলে, – “ চাৰ, আই ভি এফৰ সফলতা কিমান ?”

“বিশৰ পৰা পচিশ শতাংশ | ”- ডাক্তৰে ক’লে |

“ কিমান টকা খৰছ হ’ব ? ”- সাগৰে আকৌ সুধিলে |

“ এক–দেৰলাখ টকা খৰচ হয় | অৱশ্যে দৰৱ বেছি প্ৰয়োজন হলে খৰছ বেছিও হব পাৰে |”

এটি আশা লৈ দুয়ো ডাক্তৰৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা ওলাই আহিছিল |

তাৰ পাচত বহুতো পৰীক্ষা, আল্ট্ৰাচাউন্ড, এক্স ৰে | অহা যোৱা |

******************************

অধীৰ আগ্ৰেহেৰে সাগৰে অ’টিৰ সমুখত বহি অপেক্ষা কৰিছে | বহু প্ৰতীক্ষাৰ অন্তত দ্বিতীয়বাৰ আই ভি এফত আশাৰ মুখ দেখিছে | সাগৰে এবাৰ বহিছে, এবাৰ ঠিয় হৈছে | ইফালে সিফালে পাইচাৰি কৰিছে | বাৰে বাৰে ঘড়ীটোলৈ চাইছে | চিনেমাৰ দৃশ্যৰ দৰে হৈ যোৱা ঘটনাবোৰ মনলৈ আহি আছে | প্ৰথমবাৰ আই ভি এফৰ বাবে যোৱাৰ দিনটো, দৈনিক বেজী লবলৈ হস্পিতেললৈ অহা যোৱা, পিক-আপ, এম্ব্ৰাইও ট্ৰেন্সফাৰ | এম্ব্ৰাইও ট্ৰেন্সফাৰৰ দিনা ফ্লেটলৈ আহোতে কিমান যে সাৱধানেৰে অকনো জোকাৰণি নোহোৱাকৈ গাড়ী চলাইছিল | বিধে বিধে ভাল ভাল ফল-মূল আনি খুৱাইছিল | প্ৰায় সকলো কাম সি নিজে কৰিছিল | সেই দিনটোৰ কথা- যিদিনা ফলাফলৰ বাবে দুয়ো পৰ দিছিল | সিহঁতৰ লগতে ৰৈ আছিল ডিব্ৰুগড়ৰ জিনা হাজৰিকাহঁত, শ্বিলঙৰ গীতা কুমাৰী, পাঁচবাৰ আই ভি এফ কৰিও হতাশ নোহোৱা মিজোৰামৰ হাঁহিমুখিয়া লালডিনপুইহঁত | অৰুণিমা সাগৰহঁতে বুজিছিল যে এনেকুৱা শত-সহস্ৰলোক আছে যি তথাকথিত নিঃসন্তান হৈও সন্তানৰ মুখ দেখিছে | দেৱালত আঁৰি থোৱা কেঁচুৱাৰ ফটোবোৰে তাকে কয় | এক বজাত ৰিপোৰ্ট দিয়াৰ কথা আছিল | প্ৰতিমূহুৰ্তত সচকিত হৈ আছিল | ফলাফল ডাক্তৰে কোৱাৰ পাচত সি নিৰুত্তৰ হৈ ৰৈছিল | ঘৰলৈ আহি অৰুণিমাই প্ৰথমে চকুলো টুকিছিল, তাৰপাচত ফেকুৰি ফেকুৰি কান্দি শেষত চিঞৰি চিঞৰি কান্দিছিল | সাগৰেও কান্দিছিল | অৰুণিমাক বুজাবলৈ যেন সাগৰৰ ভাষা হেৰাই গৈছিল | মাথো কৈছিল, – “ অৰু, হতাশ নহ’বাচোন , লালডিনপুইক চোৱাচোন – পাঁচবাৰকৈ অসফল হৈও হাৰি যোৱা নাই; আৰু তাইৰ সেই হাঁহিটো |”

“কংগ্ৰেচুলেশ্বন ”অ’টি দুৱাৰখন সামান্য মেলি ডা: মহন্ত‍ই হাঁহি মাৰি ক’লে , “ এতিয়া সোনকালে মিঠাই আনকগৈ | ”

 

————————- *——————–

 

“অভিজ্ঞতাৰ ওপৰত প্রতিষ্ঠিত হ’লেও সাহিত্য বাস্তৱতেঅভিজ্ঞতাৰ যাদুঘৰ নহয়। নিৰ্বাচন কৌশল,কল্পনা, আৰু ৰীতিৰ সহায়েৰে অভিজ্ঞতাৰ কেঁচা সঁজুলি গঢ়ি-পিটি ল’লেহে প্রকৃত সাহিত্যৰ সৃস্টি হয়।” – কৃষ্ণকান্ত সন্দিকৈ।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক