প্ৰতীক্ষা (দ্বিজেন্দ্ৰ নাথ শৰ্মা)


সি ৰৈ আছে….. ফুলমনিলৈ। ৰমেন আহিল….. গ’ল। ফুলমনি আহিব। তাৰ মূৰ-শিতানত ছাঁই ভৰা চৰিয়াটো ৰাখিব। আন এটা চৰিয়া ৰাখিব ভৰি শিতানত। এবাল্টি পানী, বাল্টিৰ বাৰত এটা মগ, আন এটা চৰিয়া….. বিচনাৰ পৰা কিছু দূৰত। আজিৰ পাৰ্থিৱ অপেক্ষা তাৰ সেইখিনিলৈয়ে । তাৰ পিছত শোৱাৰ যুদ্ধ। চিলমিলিয়া টোপনি… কিছু নষ্টালজিয়া মিহলি সপোনৰ আবেশ। এনেদৰেই আৰু এটা দিন। দিনৰ পিছত দিন ….. বোৱঁতী পানীৰ দৰেই পাৰ হৈ যোৱা দিনবোৰ। ধৰি ৰখাৰ প্ৰয়াস সি কাহানিও কৰা নাই। জলছবিৰ দৰে ভাহি অহা অতীতৰ সোঁৱৰণী গণি থকায়েই যে জীৱন হৈ পৰিব পাৰে সি ভবাই নাছিল। জীৱনৰ বিয়লিৰ বাবেই হয়তো সোঁৱৰণীৰ প্ৰয়োজন। এতিয়া তাৰ আকাঙ্ক্ষা হয়তো একো নাই। সেয়েহে সি অপেক্ষা কৰি ৰয়….. ৰমেন অহালৈ… ফুলমনি যোৱালৈ। সময় গৈ থাকে … এটা প্ৰতীক্ষাত অন্তত আন এটা প্ৰতীক্ষাৰে ….. ৰমেন আহে … তাৰ মূৰ-শিতানত থকা মেজখনত ভাতৰ থালখন থয়। ……………….. ফুলমনি আহে… থালখন লৈ যায়…. ৰাতিপুৱা ফুলমনি আকৌ আহে নাকত গামোচা এখন মেৰিয়াই… চৰিয়া, মগ, বাল্টি….
“খুড়া, পানী….” – শোৱাৰ আগত খাবলগীয়া টেবলেটটো তাৰ হাতত দি ফুলমনিয়ে পানী গিলাচ আগুৱাই দিলে। বাল্টি, মগ, চৰিয়া বিলাক যথাস্থানত থৈ কাঁহীখন লৈ তাই ওলাই গ’ল।
কিছুদিন আগলৈ সি তাৰ কোঠাৰ লগত সংলগ্ন পাইখানালৈ যাব পৰা আছিল। এদিন মুৰ ঘুৰাই পৰি যোৱাৰ পিছত ৰাতি যাব ভয় লগা হ’ল। গতিকে আজিকালি ৰাতি দুৰ্গন্ধতে পৰি থাকিব লগা হয়। অভ্যাস হৈ গৈছে। আৰু অভ্যাস নহ’লেও জানো কিবা উপায় আছে………চিলমিলীয়া টোপনিৰ পৰা ৰাতিটোত সি বহুবাৰ সাৰ পায়… আৰু প্ৰতিবাৰেই…….. কেতিয়াবাতো…. এটা দীঘল হুমুনিয়াহ ওলাই আহিল……..
হাবি তলীয়া ঠাইখনৰ হাবিৰ লগত লাগি থকা মুকলি পথাৰখনত থকা প্ৰাথমিক বিদ্যালয়খনৰ তাৰ শৈশৱ। অসম আৰ্হিৰ কাঠৰ বেৰ থকা স্কুলখনৰ বেৰ, তলৰ ফলিবিলাক নাই। স্কুল ছুটি হ’লে দৰ্জাৰে ওলাই আহিব লগা কথাই নাই। মানুহে কয় বয়সৰ লগে লগে মানুহৰ মানসিকতাৰ সলনি হ’য়। কিন্তু ক’তা সি মনত পেলাব পৰা দিনৰ পৰাই দেখোন সি তাৰ বিশেষ একো সলনি হোৱা দেখাই নাপালে। বাহিৰ পৰা বহু সলনি হ’ল। দুফুটীয়াৰ পৰা চাৰি ফুটিয়া হৈ ছফুটিয়া হ’ল। দাৰি গজিল। চুলি সৰিল… পকিল। দাঁত গজিল … সৰিল… আকৌ গজিল… আকৌ সৰিল……. সি ভাবে…. সঁচাকৈ ডাঙৰ হ’লে মানুহ সলনি হয়নে? তাৰ অতীতৰ দিনৰ কথাবোৰ সোঁৱৰণ কৰোঁতে কেতিয়াওচোন তাৰ এনে নালাগে যে, সি আগতে বেলেগ আছিল, আজি বেলেগ…. নে আছলতে মানুহে যেতিয়াই আগৰ কথা ভাবে তেতিয়া কথাবোৰ স্বয়ংক্ৰিয় ভাবে আজিৰ দৰে একেই লাগে। আনে কি ভাবে সি নাজানে কিন্তু সি ভাবে….. সি তেতিয়াও একে আছিল, আজিও একে আছে! পথাৰত বেলি মাৰ যোৱা চাই স্বপ্ন বিভোৰ হৈ পৰা সি আজিও স্বপ্ন বিভোৰ। সাধুকথাৰ জগতৰ মায়াজালে তাক শৈশৱতো বিশেষ আপ্লুত কৰিব পৰা নাছিল। ভাল লাগে কাৰণে শুনিছিল কিন্তু সাধুকথাত শিয়ালে কথা কোৱাৰ কাহিনী শুনি তাৰ মনত তাহানিতেই প্ৰশ্নৰ উদয় হৈছিল আজি কালি শিয়ালে বাৰু কথা কোৱা বাদ দিলে কিয়?
চিলমিলীয়া টোপনিত সি মীনাৰ কান্ধত ধৰি দেওবৰীয়া বজাৰত ওলোৱা শিমলু আলু আজিও খাই ফুৰে। নিৰক্ষৰ গাওঁখনৰ সেই স্কুলখনত তাৰ শ্ৰেণীত দুজনেই শিক্ষাৰ্থী। সি আৰু মীনা। এতিয়া মনত পৰিলে তাৰ হাঁহি উঠে ল’ৰা-ছোৱালীৰ পাৰ্থক্য বুজিব নোৱাৰা দিনত মীনা আৰু সি কান্ধত হাত থৈ ঘুৰি ফুৰাৰ কথা। এৰা, পৰিবৰ্তন নোহোৱা বুলি সি ভাবিলেও সময়ৰ লগত পৰিবৰ্তন তাৰ হৈছে। দেউতাকৰ বদলিৰ বাবে সি শৈশৱ পাৰ কৰা ঠাইখন শৈশৱতে এৰি থৈ আহিল। মীনাও এতিয়া চাগে বুঢ়ী হ’ল। সলনি যিয়েই নহওক এটা কথা কিন্তু কেতিয়াও সলনি হোৱা নাই সেয়া প্ৰতীক্ষা। এটা অকাঙ্ক্ষা… সদায় লাগি থাকে… কিহৰ আকাঙ্ক্ষা….. সি আজিও বুজি নাপালে। আকাঙ্ক্ষাটো আচলতে ক’ত লাগি থাকে….. সি কেতিয়াও বুজি নাপালে। সি বিচৰা খিনিত বাৰু আকাঙ্ক্ষাটো লাগি থাকে নেকি? ………….. কিন্তু ক’তা সি বিচৰা বহু কথাই হোৱা নাই যদিও বিচৰাখিনিৰ যে এটাও হোৱা নাই তেনেকুৱাওতো নহয়। তাৰ পূৰণ হোৱা আকাঙ্খাৰ দৰে অপূৰ্ণ আশাৰ তালিকাখনো কম দীঘলীয়া নহয়। সি এটা কথা মন কৰিছে পূৰণ হওক বা নহওক আকাঙ্ক্ষাবিলাকৰ স্থায়িত্ব বৰ ক্ষণস্থায়ী। পুৰণা হলেও বা নহ’লেও সি কাহানিও এটা আকাঙ্ক্ষাতে লাগি থকা নাই। এটাৰ পিছত এটা আহি আছে ….. গৈ আছে….. পুৰণা হৈছে বা হোৱা নাই …. কোনোটোৱে ৰৈ থকা নাই।
শৈশৱত এবাৰ তাৰ এটা ফুটবলৰ বাবে আকাঙ্ক্ষা জাগিছিল। সিহঁতৰ ঘৰৰ চৌহদৰ লগা লগি ফুটবল ফিল্ডখনত চলি থকা খেল দেখিয়েই হয়তো তাৰ দূৰ্বাৰ হেঁপাহ জন্মিছিল …. তাক এটা ফুটবল লাগে। ওচৰৰ চহৰখনলৈ চৰকাৰী কামত যাওঁতে সি দেউতাকৰ ওচৰত ফৰমাইছ কৰিছিল। এটা ফুটবলৰ বাবে। এটা ডাঙৰ ফুটবল। দেউতাকে তাক একো উত্তৰ দিয়া নাছিল। দেউতাকে তাক ফুটবলটো আনি দিব নে নিদিব তেতিয়া সি একো সিদ্ধান্ত কৰিব পৰা নাছিল। ৰাতিপুৱা গুৱাহাটীলৈ যোৱা বাচত দেউতাক গৈছিল। আবেলি চাৰি বজাত ঘুৰি অহা গুৱাহাটীয়া বাচলৈ অধীৰ অপেক্ষাৰে সি ৰৈছিল। দেউতাক ঠিকে ঘুৰি আহিছিল পিছে ফুটবল অনা নাছিল। …. তাৰ মনটো বেয়া লাগিছিল যদিও সি জিদ ধৰা নাছিল। ….. মনটোত এটা শূন্যতা অনুভৱ কৰিছিল। …… হয়তো তাৰ আকাংক্ষাটো উচিত নাছিল …. সি এতিয়া ভাৱে।
পাগুলি থাকিবলৈ তাৰ স্মৃতিৰ অভাৱ নাই। শৈশৱৰ ঠাইখন এৰি অহাৰ পিছত তাৰ কৈশোৰ কিছু ডাঙৰ চহৰ এখনত পাৰ হৈছিল। …. স্কুলীয়া কালৰ মদন … সি সংগোপনে মাজে চকুলো টুকিছিল। লগৰ বিলাকে কৈছিল তাৰ মাক নাই। মাক নহ’লে কিয় উচুপে তেতিয়া সি বুজি পোৱা নাছিল। …. তাত লগ পাইছিল বহুতকে … স্কুলীয়া কালত লগ পোৱা কাৰো লগতে তাৰ আজি কালি যোগাযোগ নাই। আওহতীয়া সৰু ঠাইখনৰ পাৰ হোৱা শৈশৱৰ বাবেই হয়তো ………বেছি শৈশৱ ৰোমন্থন কৰি থাকিবলৈ তাৰ ভাল নালাগিল। এটা মিঠা বেদনাৰ দৰে হৈ পৰে সোঁৱৰণী বোৰ । সোঁৱৰণীৰ আতিসহ্যও বৰ দুৰ্বিসহ হৈ পৰে কেতিয়াবা। নাভাবোঁ বুলি ভাবিও ভাবি থকা অতীতেই আজি যেন তাৰ বাবে বিয়লিৰ জীৱন যাপনৰ সমল। জীৱনটো কি ….. সি আগতেও ভাৱিছিল … আজিও ভাবে…. কিন্তু উত্তৰ তাৰ বাবে নাই। অৰ্থহীনতাত অৰ্থ বিচৰাই জীৱন নেকি। সি মানি ল’ব নোখোজে….. অৰ্থহীনতাৰনো কি অৰ্থ থাকিব পাৰে? ….. এইটো পালে … সেইটো হ’ব … লাভ… লোকচান …. কত যে হিচাপ নিকাচ! কত প্ৰতীক্ষা!………… এতিয়াও অন্ত পৰা নাই প্ৰতীক্ষাৰ। এতিয়াও সি প্ৰতীক্ষা কৰে ৰমেন অহালৈ ….. ফুলমনিয়ে ৰাতিপুৱা আহি সি লেতেৰা কৰা কোঠাটো চাফা কৰালৈ….
জীৱনটো দেখোন তাৰ যাপন কৰাই নহ’ল ….. জীয়াৰ বাবে প্ৰস্তুতিতেই সি আজি জীৱনৰ বিয়লিত। …..বাৰে বাৰে মনত পৰে তাৰ….. চাৰি বজাত ঘুৰি আহিব লগীয়া গুৱাহাটীয়া বাচখনত দেউতাকে আনিব বুলি ভাবি ৰৈ থকা ফুটবলটোৰ প্ৰতীক্ষালৈ…সি ভাবে সেইটো বাৰু তাৰ আকাঙ্ক্ষা আছিল নে প্ৰতীক্ষা?
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক