প্ৰত্যাশাৰ বিপৰীতে নৱবৰ্ষ: ত্ৰিদিপ টিকেন গগৈ

(ৰাজপথৰ পুখুৰীত মাছ ধৰিব আৰু কঠীয়া ৰুব পৰাকৈ ৰাজপথৰ নিমার্ণ আৰু মেৰামতি চলিয়েই থাকিব । বস্তু-বেহানিৰ আকাশলংঘী দাম আৰু নলা-নর্দমা, খাল-বিল হোটেল আদি সকলোতে মৃতদেহ ওলায়েই থাকিব । গেৰেজ, পানীৰ চৌবাচাত কোটি কোটি টকা ওলালেও বা নোলাওঁক, সোমাওঁতে কিন্তু সোমায়ে থাকিব ।)

নৱবর্ষৰ সংকল্প আৰু পৰিকল্পনা । এই কথাটো আপোনাৰ ক্ষেত্ৰতো যে ৰসাল তাত সন্দেহ নাই । সময় কাৰো বাবে ৰৈ নাথাকে । প্ৰতিটো নৱবর্ষই আমাৰ জীৱনলৈ কঢ়িয়াই আনে অযুত আশা, অনেক সম্ভাৱনাৰ বতৰা । যিকোনো নতুন বস্তুৰ প্ৰতি মানুহে সদায়ে আকর্ষিত হৈ আহিছে । সেয়া নৱজাতকেই হওক, নতুন কাপোৰেই হওক বা নতুন বছৰেই হওক । বিচিত্ৰহীন জীৱনে মানুহক আমুৱায় । সেই কাৰণেই কিজানি নৱবর্ষৰ প্ৰথম দিনকেইটাত শুভেচ্ছা জ্ঞাপন কৰাৰ পাছতে আমি ইজনে-সিজনক নতুন বছৰৰ সংকল্প আৰু পৰিকল্পনাবোৰৰ কথা সোধোঁ । খৰচ কমোৱা, পঢ়া লিখাৰ সময় বঢ়োৱা, তামোল-চিগাৰেট কমোৱাৰ, ঘৰ-দুৱাৰ নিৰ্মাণ কৰা, বিদেশ ভ্ৰমণ আদি কিমান যে সংকল্প আৰু পৰিকল্পনা আমি কৰো । পিছে বছৰটোৰ শেষৰ ফালে আমাৰ এই পৰিকল্পনাবোৰৰ অৱস্থাও চৰকাৰী পঞ্চবার্ষিক পৰিকল্পনাবোৰৰ দৰেই হয় ।
নৱবর্ষৰ বাবে উত্‍সাহ অনুভৱ কৰাৰ পৰিবেশ যেন ক্ৰমশঃ নোহোৱা হৈ আহিছে । বিলুপ্ত হ’ব ধৰিছে মানৱ প্ৰেমৰ মহামন্ত্ৰ । চাৰিওফালে এতিয়া উদ্যমহীন তথা হতাশা-জর্জৰ পৰিবেশ বিৰাজমান । যি দেখিছো ২০১৩ চনতো আৰু আগলৈও, চুৰি- ডকাইতি, হত্যা, ধর্ষণ আদি চলিয়েই থাকিব । ৰাজপথৰ পুখুৰীত মাছ ধৰিব আৰু কঠীয়া ৰুব পৰাকৈ ৰাজপথৰ নিৰ্মাণ আৰু মেৰামতি চলিয়েই থাকিব । বস্তু-বেহানিৰ আকাশলংঘী দাম আৰু নলা-নর্দমা, খাল-বিল, হোটেল আদি সকলোতে মৃতদেহ ওলায়েই থাকিব । গেৰেজ, পানীৰ চৌবাচাত কোটি কোটি টকা ওলাওক বা নোলাওঁক, সোমাওঁতে কিন্তু সোমায়ে থাকিব । বিগ বাজাৰ, বিশাল আদি শ্ব’পিং মলত মানুহৰ সমাগম বাঢ়িয়েই থাকিব আৰু আনফালে চিপজৰী লোৱা খেতিয়কৰ সংখ্যাও বাঢ়ি গৈয়েই থাকিব । বছৰ বছৰ ধৰি চলি আহিছে বিদেশী বহিষ্কৰণ আন্দোলন আৰু গগৈয়ে হাঁহি হাঁহি “অসমত এজনো বাংলাদেশী নাই” বুলি কৈয়েই থাকিব । দুজনমান মন্ত্ৰী-আমোলাৰ দক্ষতা, স্বচ্ছ শাসনৰ বলত বলীয়ান হৈ বাছ, মেজিক, ৱিংগাৰ আদিৰ মৰমৰ আতিশয্যত বছৰত ৪-৫ হাজাৰতকৈও বেছি মানুহ আৰু ১০-১২ হাজাৰতকৈও বেছি গৰু, ছাগলী ,কুকুৰ-মেকুৰীয়ে এই সংসাৰৰ পৰা পৰম মোক্ষ লাভ কৰিয়ে থাকিব । সেয়ে ভাবিছো এইবাৰ কাকো নৱবর্ষ শুভেচ্ছা নজনাওঁ ।

নৱবর্ষৰ প্ৰত্যাশাই মানুহৰ মনত জন্ম দিয়ে ভৱিষ্যতৰ সুন্দৰ সপোন । কিন্তু নৱবর্ষৰ আনন্দ-উত্‍ল্লাস ক্ষণস্থায়ী হোৱাটো জানো আমি কামনা কৰো ? ১ জানুৱাৰীৰ দিনা যতে-ত’তে পিকনিকৰ আয়োজন হয় । গাড়ীবোৰত বাহিৰে-ভিতৰে মানুহ লৈ পিকনিকস্থলীলৈ যায় । পিকনিকৰ নামত অধিক সংখ্যক যুৱক-যুৱতীয়ে বেসুৰা গীতৰ তালে তালে সুৰাৰ বন্যাত উটি-ভাহি যায় । যাৰ ফলত সংঘটিত হয় কেতবোৰ অবাঞ্চিত আৰু দুখজনক ঘটনা । এয়াই নেকি আমাৰ আনন্দ-উত্‍ল্লাস? পাহৰি গৈছো নেকি আমি শিষ্টাচাৰ, ভাতৃত্ববোধৰ কথা ! বর্তমানৰ চৰম দুঃসময়ৰ মাজতো ভোগ-বিলাস, স্বার্থপৰতাৰ পৰা নিজকে আঁতৰাই সন্ধান কৰোঁ আহক মানৱতাৰ । যি মানৱতাই শিকাব দৰিদ্ৰজনক সহায় কৰিবলৈ, কাৰো অনিষ্ট নকৰাকৈ এখন পবিত্ৰ হৃদয় আৰু পবিত্ৰ কর্মৰে প্ৰকৃত মানুহৰ দৰে আমাৰ সমাজখন গঢ়ি তুলিবলৈ প্ৰকৃতার্থত এখন মানৱ সমাজ হিচাপে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক