প্ৰত্যাশা – (দিব্যজ্যোতি চৌধুৰী)

প্ৰত্যাশা
– দিব্যজ্যোতি চৌধুৰী

ডিচান এটা বৰ মেধাবী লৰা৷ ডিচানক মৰম নকৰা মানুহ খুব কম৷ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আত্মীয় স্বজন সকলোৱে ডিচানক মৰম আৰু সন্মান কৰে৷ তদুপৰি ডিচানৰ অমায়িক ব্যবহাৰৰ বাবেও সি সকলোৰে মাজত সমাদৃত৷ এনেদৰে আগবাঢ়ি গৈ থাকিলে মেট্ৰিক পৰীক্ষাত যে ডিচানে এটা সাংঘাতিক ৰিজাল্ট কৰিব এইটো খাটাং৷
ডিচানে সকলো বুজে৷ সকলোৰে মৰম চেনেহৰ কাৰণটো সি বুজি পায়৷ অন্তত তাক ভালপোৱা মানুহখিনিৰ যে তাৰ ওপৰত যে এক গভীৰ আস্থা আৰু প্ৰত্যাশা আছে সেইটো সি দৃঢ়তাৰে কব পাৰে৷ আৰু তাৰ মাকজনী….
মাকৰ কথা মনলৈ আহিলেই ডিচানৰ মনটো প্ৰশান্তিৰে ভৰি পৰে৷ ইমান মৰমীয়াল তাৰ মাকজনী৷ সি কি খাব কি পিন্ধিব তাক লৈ মাকৰ ব্যস্ততাৰ অন্ত নাই৷ সেয়ে সি স্কুলৰ পৰা আহিলেই বেগটো কান্ধত লৈয়েই মাকক বিচাৰে৷ মাকে যতনাই দিয়া খাদ্যত সি এনেকুৱা এটা সোৱাদ পায় যিটো একে খাদ্যকে ঘৰত কাম কৰা মানুহজনীয়ে দিলে নাপায়৷ সেইদিনা ৰাতি তাৰ খুউব জ্বৰ উঠোতে মাক গোটেই ৰাতি নুশুই উজাগৰে থাকিল৷ সি যেতিয়াই সাৰ পায় দেখে মাকে তাৰ মুখলৈকে চাই থাকে, মাজে মাজে জলপতি সলাই দিয়ে৷ এটা সময়ত মাকলৈ বেয়া লাগি সি মাকক কৈছিল-“মা শুই থাকা“৷
এদিন তাৰ বন্ধু ৰাজক সি সুধিছিল-“ৰাজ, তোমাৰ মায়ে তোমাক মৰম কৰেনে? “
“ও বহু মৰম কৰে, মায়ে মোক এতিয়াও কেতিয়াবা কেতিয়াবা ভাত খুৱাই দিয়ে৷ ভণ্টিয়ে হাঁহে বুঢ়া কেচুৱা বুলি“–ৰাজে হাহি হাহি কৈছিল৷
: “বুজিচা ৰাজ, সকলোবোৰ মাক কিজানি একে৷ মা বুঢ়া হলে ভাত খাব নোৱাৰা হলে মই ভাত খুৱাই দিম৷ কিতাপত পোৱা নাই ’আইৰ সমান হব কোন নৈৰ সমান বব কোন’–ডিচানে কৈছিল৷
কিন্তুু ডিচানে দেউতাকক সমূলি ভাল নাপায়৷ দেউতাকৰ গলগলীয়া মাতটো শুনিলেই তাৰ গাটো বিচাই ডকাদি ডাকে৷ আজিলৈকে সি যিমানবোৰ কৃতিত্ব লাভ কৰিলে প্ৰত্যেকবাৰতে সি বহুতৰে পৰা প্ৰশংসা লাভ কৰিলে কিন্তুু সি আজিলৈকে দেউতাকৰ এশাৰী প্ৰশংসাসূচক বাক্য শুনিবলৈ পোৱা নাই৷ সিটো কেৱল পঢ়া শুনাতে নহয় আকস্মিক বক্তিতা, কুইজ প্ৰতিযোগিতা, মাৰাথন দৌৰ আদিত যেতিয়া প্ৰথম পুৰস্কাৰ পাইছিল তেতিয়াও সকলোৱে তাক প্ৰশংসা কৰাৰ বিপৰীতে দেউতাক আছিল নিৰ্বিকাৰ৷ বেলেগ এখন স্কুলৰ সৈতে হোৱা প্ৰতিযোগিতামূলক ক্ৰিকেট খেল এখনত ৩৬ ৰাণ আৰু দুটা উইকেট লৈ নিজৰ টীমক জিকাই “মেন অব দা মেটচ“ ট্ৰফী লৈ উভতি আহোতে স্কুলত শিক্ষক শিক্ষয়িত্ৰী, বন্ধু বান্ধবৰ প্ৰশংসিত হোৱাৰ বিপৰীতে ঘৰত আহি সি অকথ্য গালি খাইছিল৷ “তোক ইন্দিয়া টীমত খেলিবলৈ নামাতে, আজিৰ পৰা খেলিবলৈ গলে কোবাই পিঠি ফালি দিম“–দেউতাকে কৈছিল৷ সি আৰু আচৰিত হৈছিল ছমহীয়া পৰীক্ষাত ইংৰাজীত ৯৭ পাই শিক্ষকৰ প্ৰশংসা লাভ কৰাৰ বিপৰীতে দেউতাকে তাক গালি পাৰিছিল বাকী তিনি নম্বৰ কি হল বুলি৷
মুঠতে দেউতাকে তাক ভাল নাপায়৷ অষ্টমমান শ্ৰেণীত পঢ়া তাৰ বয়সতকৈ বেছি ভাবিব পৰা মগজুটোৰে সি বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি চাইছে যে দেউতাকে তাক ভাল নাপায়, দেখিব নোৱাৰে৷ অৱশ্যে সি এটা কথা মনে মনে স্বীকাৰ কৰে যে তাৰ খোৱা বোৱা, কাপোৰ কানি, পঢ়া-শুনাত ব্যবহৃত কিতাপ পত্ৰ বা অন্য কোনো বস্তুৰ অভাব কোনো দিনেই দেউতাকে তাক পাবলৈ দিয়া নাচিল৷
সেইদিনা দেউতাকৰ ওপৰত তাৰ বৰ খং উঠিল৷ দেউতাক অফিচলৈ যোৱাৰ পাচতে সি মাকক সুধি ক্ৰিকেট খেলিবলৈ গল৷ দেউতাক সেইদিনা কিবা কাৰণত সোণকালে অফিচৰ পৰা আহি সি খেলিবলৈ যোৱা বুলি গম পাই মাকক খুউব গালি পাৰিলে৷ সি আহি পাওতেই দেউতাকে তাক উধাই মুধাই কোবালে৷ তাক মাৰা দেখি মাকে চিঞৰী চিঞৰী কান্দিলে৷ সি মাৰত কষ্ট পোৱাতকৈ মাকে কান্দোতেহে বেছি কষ্ট পালে৷ গতিকে সি থিৰাং কৰিলে যে সি আজি দেউতাকক মাৰি পেলাব৷ সিহতৰ পিচফালে সি ডাঙিব পৰা এটা শিল আছে৷ সন্ধিয়া সাতমান বজাত দেউতাক সদায় বিছনাত বাগৰ দিয়ে৷ সেই তেতিয়াই শিলটো দেউতাকৰ মূৰত মাৰি দেউতাকক মাৰি পেলাব৷ তেতিয়া আৰু মাকক দুখ দিয়া কোনো মানুহ নাথাকিব৷ সি শিলটো ডাঙি আনি তাৰ পঢ়া টেবুলৰ তলত থলে৷
সন্ধিয়া সাত বজাৰ লগে লগে সি শিলটো লৈ দেউতাকৰ কোঠাৰ ফালে আগবাঢ়িল৷ দেউতাকৰ কোঠাৰ ওচৰ পাই সি থমকি ৰল৷ ভিতৰত কোনোবাই কথা পাতি আছে৷ সি বুজিলে সেয়া মাক দেউতাক৷
: উঠা উঠা, তুমি মোক বেয়া পাই আছা? –দেউতাকৰ মাত৷
: আপুনি বাবাক ইমানকৈ কিয় পিতিলে বাৰু? আপুনি তাক কিয় ভাল নাপায়৷ –মাকৰ উচুপি উঠা কণ্ঠচৰ শুনা গল৷
: কি যে কোৱা তুমি, মোৰ তেজত জন্ম পোৱা বাবাক মই কিয় বেয়া পাম৷ –দেউতাকৰ আবেগমিশ্ৰিত মাত শুনা গল৷ ডিচান কেইখোজমান আগুৱাই গৈ এন্ধাৰ খিনিত ৰল যৰপৰা দুয়োজনকে দেখা পায়৷
: তুমি কিয় কৈছা তেনেকৈ, বাবাক মই কিয় বেয়া পাম৷ সি মোৰ ক’ত থাকে জানা(বুকুত চপৰিয়াই) ইয়াত৷ –ডিচানৰ হাতৰ পৰা শিলটো খহি পৰিল৷ দেউতাকৰ বুকুৰ মাজত সোমাই মাকে বৰকৈ উচুপিছে৷
: মোৰ বৰ ভয় হয়৷ সি ক্লাছ এইট পালেহি৷ চাই থাকোতেই মেট্ৰিক পৰীক্ষা দিবৰে হবহি৷ তোমাৰ মনত আছেনে আমাৰ বৰবাবু শইকীয়াৰ লৰাটো; কিমান মেধাবী আছিল৷ কিন্তুু অতিমাত্ৰা মৰমত লৰাটো কি হল! সি আজি ড্ৰাগছ এডিক্ত, কেৰিয়াৰ শেষ৷ আমাৰ বাবাও যদি…..
–দেউতাকৰ মাতটো কপি উঠিল৷ ডিচানৰ চকুৱেদি ধাৰাষাৰে চকুপানী উলাইছে৷
: মোৰ অফিচৰ মানুহবোৰে যেতিয়া বাবাৰ প্ৰশংসা কৰে তেতিয়া গৰ্বত মোৰ বুকু ফুলি থাকে জানা৷ তেনে এটা লৰাৰ বাপেক হোৱাৰ আনন্দত মই মতলীয়া হৈ যাও৷ — দেউতাকৰ মাতটো থুকা থুকি হৈ গৈছে৷ ডিচানে চকুপানীবোৰ মচা নাই৷ সি আওৰাইছে–
“ পিতাহি স্বৰ্গ, পিতাহি ধৰ্ম…“
: সি আৰু ভাল হওক বুলিহে মই তেনেকৈ….তুমি আকৌ কোৱা মই তাক ভাল নাপাও …আজি তাক মোৰ লগত শুৱাই লম…
ডিচানে আৰু ৰৈ থাকিব নোৱাৰিলে; দৌৰি গৈ দেউতাকৰ ভৰি দুটাত খামুচি ধৰি সি হুকহুকাই কান্দি উঠিল৷
*********

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments