প্ৰত্যাৱৰ্তন – জুপিতৰা নাথ

গছ হৈ মই জনম লোৱাৰ দিনা
বতাহ হৈ আশীৰ্বাদ বলিছিল নাই নাজানো

এন্ধাৰত এদিন মই শেলাইবোৰ লুকুৱাই থ’বলৈ যেতিয়া সন্ধিয়া এটাৰ বেশ ধৰিছিলোঁ
পোহৰে মোক চিনি পাইছিল নাই মই নাজানিলোঁ

সৰি থকা কৃষ্ণচূড়াৰ পাহিৰ লগত উমলি থাকোঁতে
কোনে কেনি বাট ল’লে মই গমকে নাপালোঁ৷

এদিন পদূলিবোৰে অভিমান কৰাত গম পালোঁ
বহুদিন মই যোৱা নাই তেওঁলোকৰ বুকুৰ ভিতৰলৈ

খিৰিকীখনৰ ফ্ৰেমটোত সোমাই পৰ্দাখনৰো মনটো পঢ়িব খুজি মই হতাশ হ’লোঁ৷
সেই কৌশল মোৰ হেৰাল
মানুহক বুজাৰ কৌশলো!

পাগল হৈ মই ধুমুহা হ’লোঁ

শান্ত হৈ পুনৰ বৈ যাবলৈ পাহৰিলোঁ

মই ৰৈ থাকোঁতেই আঁতৰি গ’ল সেউজীয়াবোৰ

মোৰ আত্মাত ঈশ্বৰে নিমজ্জিত কৰি পঠিয়াইছিল
অৰণ্যৰ গহীন সুৰবোৰ!
তাৰপাছতো মই বাট পাহৰি হেৰুৱালোঁ আঁত

সৰিয়হ ফুলৰ মাজে মাজে দৌৰি গৈ
দূবৰিৰ দলিছাত বাগৰি
মই আওৰালোঁ
সোঁৱৰণৰ সোণালী পাঠ!

মোক সন্মোহিত কৰি
মোলৈ অভিমান কৰা
পদূলিবোৰে আদৰি ল’লে মোৰ প্ৰত্যাৱৰ্তনক
যতনেৰে আকাশেও উজ্জ্বল কৰি তুলিলে বননি!

এটা ভুল পুনৰ হ’ল
মোক ঘূৰাই পোৱাৰ বাবে
ধন্যবাদ জনাবলৈ পাহৰিলোঁ
হেজাৰ ভুলক!

সেই পাহৰণিক লৈ ঈশ্বৰ নাৰাজ নহ’ল
ঈশ্বৰে আত্মসংশোধনক অমৰত্ব বুলি ভাবে৷

ঈশ্বৰক মই কি বুলি ভাবোঁ
এই কথা মোৰ বাহিৰে কাকোৱেই ক’ব নোৱাৰোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক