প্ৰথম অসমীয়া মহিলা (বৰ্ণালী হাজৰিকা)

 

প্ৰথম অসমীয়া মহিলা :

বৰ্ণালী হাজৰিকা

 



 

প্ৰথম অসমীয়া মহিলা :

প্ৰথম গ্ৰেজুৱেট — সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা
কেন্দ্ৰীয় মন্ত্ৰী — ৰেণুকা দেৱী বৰকটকী (শিক্ষা আৰু সমাজ কল্যাণ)
মুখ্যমন্ত্ৰী — চৈয়দা আনোৱাৰা টাইমূৰ (৬ ডিচেম্বৰ, ১৯৮০)
মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষা — ৰাজবালা দাস
গুৱাহাটী বিশ্ববিদ্যালয় অধ্যক্ষা — লীলা দেৱী
বিলাতত চিকিত্‍সা শিক্ষা লাভ — ডাঃ নিৰ্মলপ্ৰভা চলিহা
ফ্ৰান্সত পি.এইচ.ডি. লাভ — ডঃ কমলা ৰায়
লণ্ডনত পি.এইচ.ডি. লাভ — ডঃ তিলোত্তমা গগৈ
আই.এ.এছ. — পাৰুল দাস (১৯৭৪ চন)
এ.ছি.এছ. — শুচিব্ৰতা ৰায় চৌধুৰী
পদ্মশ্ৰী — নলিনীবালা দেৱী
অসম সাহিত্য সভাৰ সভাপতি — নলিনী বালা দেৱী (১৯৫৪ চন-যোৰহাট অধিবেশন)
গ্ৰন্থকাৰ — পদ্মাৱতী দেৱী ফুকননী
যমুনালাল বাজাজ বঁটা — অমল প্ৰভা দাস (১৯৮০)
ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগৰ বঁটা — নিৰুপমা বৰুৱা (১৯৩৯)
সাহিত্য অকাডেমী বঁটা — নলিনী বালা দেৱী (‘অলকানন্দা’-১৯৬৮)
কথা পুৰষ্কাৰ বঁটা — মামণি ৰয়চম গোস্বামী (১৯৯৩)
জ্ঞানপীঠ বঁটা — মামণি ৰয়চম গোস্বামী (২০০০)
ভাৰত সেৱা বঁটা — শাস্ত্ৰীয় নৃত্যশিল্পী পুষ্পা ভূঞাঁ (১৯৯৪)
অৰ্জ্জুন বঁটা — মনালিছা বৰুৱা মেহতা (১৯৮৩)
যমুনালাল বাজাজ বঁটা — অমল প্ৰভা দাস (১৯৮০)
সাহিত্যিক পেঞ্চনাৰ — নলিনী বালা দেৱী
অসম সাহিত্য সভাৰ উপাধি লাভ – ধৰ্মেশ্বৰী দেৱী বৰুৱানী (‘কাব্য-ভাৰতী’ ১৯৫৬)
ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী – মলয়া গোস্বামী (‘ফিৰিঙতি’)
পূৰ্ব্ব পাকিস্তানৰ কথাছবিত অভিনয়- ইভা আচাও (‘দূৰ হ্যায় সুখ কী গাওঁ)
উঃপূঃ সীমান্ত ৰেলৱে’ৰ মুখ্য স্বাস্থ্য বিষয়া- ডাঃ বাণী ভট্টাচাৰ্য্য (১৯৯০)
যুদ্ধক্ষেত্ৰলৈ যোৱা বীৰঙ্গনা — মূলা গাভৰু
মাতৃভূমিৰ স্বাধীনতাৰ বাবে শ্বহীদ- কনকলতা বৰুৱা (২০ চেপ্তেম্বৰ ১৯৪২)
স্বাধীনতাৰ বাবে কাৰাবাস — গুণেশ্বৰী দেৱী, মুক্তেশ্বৰী দেৱী (১৯২১)

বিংশ শতিকাৰ স্বনামধন্য কেইগৰাকীমান অসমীয়া মহিলা :

ধৰ্মেশ্বৰী দেৱী বৰুৱানী :
ৰমন্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি হ’ল – ধৰ্মেশ্বৰী দেৱী বৰুৱানী । গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত ১৮৯২ চনত জন্মগ্ৰহণ কৰা ধৰ্মেশ্বৰী দেৱীৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দেৱশৰ্মা । অসমত সেই সময়ত স্ত্ৰী-শিক্ষাৰ বিশেষ প্ৰসাৰ নথকা হেতুকে আহোম ৰাজত্বৰ শেষ স্বৰ্গদেউ কন্দৰ্পেশ্বৰ সিংহৰ মোক্তাৱ যজ্ঞেশ্বৰ শৰ্মাই, ঘৰতেই কন্যাৰ শিক্ষাৰ সু-ব্যৱস্থা কৰি দিছিল ।  উজানবজাৰৰ প্ৰখ্যাত ব্যৱসায়ী দুগ্ধনাথ বৰুৱাৰ স’তে ১৯০৪ চনত তেওঁৰ বিবাহ হয় । কিন্তু বিবাহৰ কিছুবছৰ পিছৰেপৰা শাৰীৰিক ভাৱে পঙ্গু হৈ পৰা কবিগৰাকীয়ে ৰোগশয্যাত পৰি থাকিয়ে সাহিত্য সাধনা কৰিবলৈ লয় । ‘বাঁহী’, ‘ঘৰ-জেউতি’ত প্ৰকাশিত হোৱা কবিতাবোৰৰে ‘ফুলৰ শৰাই’ নামৰ তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ ১৯২৯ চনত প্ৰকাশ পায় । ডক্টৰ মহেশ্বৰ নেওগ , ডক্টৰ সত্যেন্দ্ৰ নাথ শৰ্মা আদিৰ দৰে সু-সাহিত্যিকেও কবিগৰাকীৰ কবিতাৰ উচ্চমানৰ প্ৰশংসা কৰি থৈ গৈছে । দেৱী বৰুৱানীক তেওঁৰ কাব্য সৃষ্টিৰ বাবে স্বীকৃতি জনাই অসম সাহিত্য সভাই ১৯৫৬ চনত ‘কাব্য ভাৰতী’ উপাধিৰে বিভূষিতা কৰে । ১৯৬০ চনৰ ৯ মাৰ্চত ৬৮ বছৰ বয়সত তেখেত স্বৰ্গগামী হয় ।

ৰাজবালা দাস :
১৮৯৩ চনৰ ৮ মাৰ্চ তাৰিখে ডিব্ৰুগড়ত ৰাজবালা দাসৰ জন্ম হৈছিল । তেওঁৰ পিতৃ ৰমাকান্ত বৰুৱা আৰু মাতৃ কমলা বৰুৱা। ১৯১৫ চনত কলিকতাৰ বেথুন কলেজৰ পৰা তেখেতে এণ্ট্ৰেণ্স পৰীক্ষা পাছ কৰে। ১৯২০ চনত স্নাতক আৰু ডাঃ জ্যোতিষ চন্দ্ৰ দাসৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত প্ৰাইভেট প্ৰাৰ্থী হিচাপে এম.এ. পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯২৮ চনত “স্ত্ৰী শিক্ষাৰ বাবে কেই আষাৰমান” নামৰ গ্ৰন্থৰে তেওঁ সাহিত্য জগতত প্ৰৱেশ কৰে। ১৯৩৯ চনত তেওঁ গুৱাহাটীত মহিলাৰ শিক্ষা অনুষ্ঠান “সন্দিকৈ ছোৱালী মহাবিদ্যালয়” স্থাপন কৰে আৰু অসমৰ প্ৰথম মহিলা অধ্যক্ষা ৰূপে কাৰ্য্যনিৰ্বাহ কৰে । কটন কলেজত ছাত্ৰী সকলে শিক্ষা গ্ৰহণৰ সুবিধা পোৱাৰ ক্ষেত্ৰত অসমত স্ত্ৰী-শিক্ষাৰ বাটকটীয়া এই গৰাকী মহিয়সী নাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ । ১৯৮৫ চনৰ ২৩ এপ্ৰিলত তেখেতৰ মৃত্যু হয় ।

সুধালতা দুৱৰা :
১৮৯৬ চনত জন্ম সুধালতা অসমীয়া প্ৰথমগৰাকী মহিলা স্নাতক । নিৰক্ষৰতা, অন্ধবিশ্বাস দূৰীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই গৰাকী বিদুষী মহিলাৰ ১৯২৮ চনত দেহাৱসান ঘটে ।

কমলালয়া কাকতি :
প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ-জেউতি’ৰ প্ৰকাশ আৰু সম্পাদনা কৰা কমলালয়া কাকতিৰ ১৮৯৬ চনত জন্ম আৰু মৃত্যু ১৯৪৬ চনত ।

নলিনীবালা দেৱী :
অসমৰ মুকুট-বিহীন সম্ৰাট ‘কৰ্মবীৰ’ নবীন চন্দ্ৰ বৰদলৈৰ সুপুত্ৰী নলিনীবালা দেৱী, স্কুল-কলেজৰ মুখ নেদেখাকৈয়ে কাব্যগ্ৰন্থ ৰচনা কৰি সাহিত্য অকাডেমীৰ দৰে সন্মানীয় সাহিত্য বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা লেখক । ১৮৯৮ চনৰ ২২ মাৰ্চত বৰপেটাত জন্ম গ্ৰহণ কৰা নলিনীবালাক ১৯৬৮ চনত তেওঁৰ কাব্যগ্ৰন্থ ‘অলকানন্দা’ৰ বাবে অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰে । স্ত্ৰী-শিক্ষাৰ সু-ব্যৱস্থা নথকা সেই সময়ত গৃহ শিক্ষকৰ তত্ত্বাৱধানত তেওঁ ঘৰতেই মাতৃভাষাৰ উপৰিও বাংলা, সংস্কৃত, ইংৰাজী, ভূগোল, বুৰঞ্জী, অংক আদি বিষয়ৰো জ্ঞান লাভ কৰিছিল । বাল্যবিবাহৰ ৰীতি মতে ১৯০৯ চনত মাত্ৰ এঘাৰ বছৰ বয়সত জীৱেশ্বৰ চাংকাকতিৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা নলিনী বালাই পাঁচটি সন্তানৰ মাতৃত্বৰ গধুৰ বোজাৰ লগতে ১৯১৯ চনত একৈশ বছৰ বয়সত অকাল বৈধব্য গ্ৰহণ কৰিব লগীয়া হয় । ১৯২৮ প্ৰথম কাব্যগ্ৰন্থ ‘সন্ধিয়াৰ সুৰে’ নলিনীবালাক সাহিত্য জগতত কবি ৰূপে প্ৰতিষ্ঠা কৰিলে । আজীৱন সাহিত্য সেৱা কৰা নলিনীবালা একেধাৰে সমাজসেৱিকাও আছিল । গুৱাহাটীৰ পবিত্ৰ ঈদগাহ সমিতিৰ সভানেত্ৰীৰ পৰা অসম সাহিত্য সভাৰ সভাপতিলৈকে বহুতো অনুষ্ঠানৰ মুৰব্বী আছিল তেওঁ । ১৯৫৪ আৰু ১৯৫৫ চনত একেৰাহে দুবছৰ ধৰি অসম সাহিত্য সভাৰ মুৰব্বীৰ পদ অলংকৃত কৰিছিল । ১৯৫৮ চনত ‘পদ্মশ্ৰী’ লাভ কৰা তেখেত প্ৰথম অসমীয়া মহিলা । প্ৰথম অসমীয়া মহিলা সাহিত্যিক পেঞ্চনাৰ! অনেকবাৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰ সভা-সমিতিত যোগদান কৰা অসাধাৰণ প্ৰতিভাসম্পন্ন কবি গৰাকীয়ে ১৯৭৭ চনৰ ২৪ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে ।

চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী :
আজীৱন ‘বিদ্ৰোহিনী’ মহিলা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীৰ জন্ম কামৰূপ জিলাৰ শিঙৰা গাঁৱত ১৯০১ চনৰ ১৬ মাৰ্চত ! পিতৃ ৰতিৰাম শইকীয়া আৰু মাতৃ গৰ্দপ্ৰিয়াৰ সাহসী কন্যা চন্দ্ৰপ্ৰভা ৰাজহুৱা স্থানত বক্তৃতা দিয়া প্ৰথম গৰাকী অসমীয়া মহিলা । সাহিত্য সভা, ছাত্ৰ সন্মিলন, অসম এছোচিয়েচন আদিত অংশগ্ৰহণ কৰি স্বদেশী আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী ৰূপে কাম কৰিব বিচৰা চন্দ্ৰপ্ৰভাই চৰকাৰী চাকৰি ত্যাগ কৰি অসমীয়া সমাজৰপৰা জাতিভেদ দূৰ কৰা, মাদক দ্ৰব্য নিবাৰণ, বাল্য বিবাহ বন্ধ কৰা, বেশ্যা বৃত্তি, পৰ্দা প্ৰথাৰ বিলুপ্তি আৰু মহিলাৰ উচ্চ শিক্ষাৰ বাবে প্ৰচাৰ আৰু আন্দোলন চলাই কাৰাবাসো খাটিছিল । অসমত চাইকেল চলোৱা তেৱেঁই প্ৰথম গৰাকী মহিলা ! ১৯৩৭ চনত ‘পিতৃভিঠা’ নামৰ উপন্যাসেৰে তেওঁ সাহিত্য জগতত বিখ্যাত হৈ পৰিছিল । ১৯৭২ চনত এইগৰাকী সাহসী মহিলাৰ মৃত্যু ঘটে !

ইন্দিৰা মিৰি :
বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰিৰ ১৯১০ চনত গুৱাহাটীত জন্ম হৈছিল !

অমলপ্ৰভা দাস :
১৯১১ চনৰ নৱেম্বৰ মাহত জন্ম । অসমত বুনিয়াদী শিক্ষাৰ বাটকটীয়া । কস্তুৰবা গ্ৰামসেৱিকা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক। ১৯৯৪ চনৰ ৩১ ডিচেম্বৰত তেখেতৰ মৃত্যু হয়।

আজলীতৰা নেওগ : ১৯১৩ চনত জন্ম। শিশু সাহিত্যৰ বাটকটীয়া। ‘অসম গৌৰৱ সাহিত্য জীৱনীমালা’ আৰু ‘আৰৱীয় আৰু অন্যান্য সাধুমালা’ৰ প্ৰণেতা ।

পুষ্পলতা দাস :
১৯১৫ চনৰ সাতাইশ মাৰ্চত জন্ম । ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দি কাৰাবাস খাটিছিল। পদ্মশ্ৰী সন্মানেৰে বিভূষিতা এই গৰাকী বিদূষী মহিলাই সংসদৰ মজিয়াতো বিশেষ বুত্‍পত্তি প্ৰদৰ্শন কৰিছিল ।

স্নেহ দেৱী :
জন্ম ১৯১৬ চনত যোৰহাটত। অসমীয়া সাহিত্য জগতৰ অন্যতম শ্ৰেষ্ঠ চুটি গল্প লেখিকা।‘প্ৰয়োজন’নামৰ গল্পটোৰ প্ৰকাশেৰে তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলে ১৯৫২ চনত প্ৰেমধৰ ৰাজখোৱা সম্পাদিত ‘সৌমাৰ জ্যোতি’ পত্ৰিকাৰ পৃষ্ঠাত। নতুন অসমীয়া, ৰামধেনুৰ পাতত তেওঁৰ অনন্য লেখন শৈলীৰে স্বাক্ষৰ ৰাখি গৈছে এই গৰাকী সুলেখিকাই। ১৯৮৭ চনত শ্ৰেষ্ঠ অসমীয়া গল্প সাহিত্যৰ বাবে অসম সাহিত্য সভাৰ ‘বাসন্তী বৰদলৈ বঁটা’, ১৯৯০ চনত “স্নেহ দেৱীৰ একুকি গল্প” পুথিৰ বাবে সাহিত্য অকাডেমী, সদৌ অসম লেখিকা সমাৰোহৰ বৰপেটা অধিবেশনৰ সভানেত্ৰী, কামপুৰত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ বিৰল সন্মানেৰে সন্মানিতা তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপ্ত জনপ্ৰিয় লেখিকা গৰাকীৰ অনেক চুটি গল্প হিন্দি ভাষালৈয়ো অনূদিত হৈছে । ১৯৯০ চনত এই বিশিষ্টা লেখিকা গৰাকীৰ দেহাৱসান ঘটে ।

আইদেউ সন্দিকৈ :
অসমৰ ৰূপালী পৰ্দাত অভিনয় কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আইদেউ সন্দিকৈৰ জন্ম গোলাঘাট জিলাৰ মহুৰা মৌজাৰ পানী-দিহিঙীয়া গাঁৱত ১৯১৫ চনৰ চ’ত মাহত । দেউতাক নীলাম্বৰ সন্দিকৈ আৰু মাক মালক্ষী সন্দিকৈ । কঠোৰ বাস্তৱ জীৱনৰ নানা সংঘাত আৰু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’ব পৰাৰ সাহস আছিল এই গৰাকী দুৰ্দান্ত সাহসী মহিলাৰ ! জাহাজ চাবলৈ গৈ…. ‘জ্যোতি ককাইদেউ’ৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ত নাম ভূমিকাত অভিনয় কৰিবলগীয়া হ’ল যদিও তেওঁ যি সাহস আৰু প্ৰতিভাৰ পৰিচয় দিলে সেয়া সেই সময়ৰ অসমীয়া মহিলাৰ ক্ষেত্ৰত বিৰল! ‘টকী’ত অভিনয় কৰা বাবে জাত যোৱা, ৰাইজে এঘৰীয়া কৰা ছোৱালীজনীক ঘৰৰ সন্মুখত এটা জুপুৰি ঘৰ সাঁজি অকলশৰীয়া কৈ থাকিবলৈ বাধ্য কৰোৱা হৈছিল ‘জয়মতী’ত অভিনয় কৰি ঘৰলৈ ওভতাৰ পিছত । আৰু এনেকৈয়ে ওৰেটো জীৱন আবিয়ৈ হৈ কটাবলগীয়া হৈছিল…জ্যোতিপ্ৰসাদৰ সপোন বাস্তৱ কৰিবলৈ গৈ নিজৰ জীৱনত ইমান ত্যাগ স্বীকাৰ কৰা চিৰস্মৰণীয় এই গৰাকী মহীয়সী নাৰীয়ে! ২০০২ চনৰ ১৭ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰা আইদেউ সন্দিকৈ মহীয়সী অসমীয়া নাৰীৰ অন্যতম প্ৰতিভূ …।

কনকলতা বৰুৱা :
১৯২৭ চনত শোণিতপুৰ জিলাৰ বৰঙাবাৰীত জন্ম । পিতৃ কৃষ্ণকান্ত বৰুৱা আৰু মাতৃ কনকেশ্বৰী বৰুৱা । ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত গহপুৰ থানাত ভাৰতৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ গৈ বৃটিছৰ গুলী বুকু পাতি লৈছিল ।

শুচিব্ৰতা ৰায়চৌধুৰী :
অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ সুযোগ্যা কন্যা শুচিব্ৰতা ৰায়চৌধুৰীৰ জন্ম ১৯২৯ চনত । অসমৰ প্ৰথমগৰাকী মহিলা প্ৰশাসনীয় সেৱাৰ বিষয়া তথা বিশিষ্ট লেখিকা ।

নিৰুপমা বৰগোহাঞি :
গুৱাহাটী উজানবজাৰৰ যোৰপুখুৰী-পাৰত ১৯৩২ চনত অসমৰ সাহিত্য জগতৰ এই গৰাকী উজ্জ্বল জ্যোতিষ্কৰ জন্ম হৈছিল । মাতৃ কাশীশ্বৰী তামুলী আৰু পিতৃ যাদৱ চন্দ্ৰ তামূলীৰ সুযোগ্যা কন্যা নিৰুপমা তামূলীয়ে তাৰিণী চৰণ ছোৱালী বিদ্যালয়ৰপৰা মেট্ৰিকুলেচন, কটন কলেজৰ পৰা বি.এ. আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম.এ. পাছ কৰে ! ১৯৫৮ চনত সু-সাহিত্যিক হোমেন বৰগোহাঞিৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত ১৯৬৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিষয়তো এম.এ. পাছ কৰে। প্ৰথমে অধ্যাপনা তাৰপিছত সাংবাদিকতা আৰু তাৰপিছত সম্পাদনা……! বাতৰিকাকতৰ ডেৰ শ বছৰীয়া উদ‍যাপন সমিতিয়ে সংবাদ জগতলৈ আগবঢ়োৱা তেওঁৰ মহান বৰঙণিৰ বাবে ১৯৯৬ চনত সম্বৰ্ধিত কৰে । ‘এনথ্ৰ’পলজিৰ সপোনৰ পিছত’..গল্পটিৰে অসমীয়া সাহিত্যৰ জগতত নিজৰ স্থিতি গজগজীয়া কৰাৰে পৰা আৰু থমকি নোৰোৱাকৈ ‘অনেক আকাশ (১৯৬১), জলছবি (১৯৬৯), শূন্যতাৰ কাব্য (১৯৬৯), খিৰিকি কাষৰ গছ (১৯৮৬), জননীৰ সন্ধানত এজন ডেকা মানুহ, ইপাৰ-সিপাৰ, নিৰ্বাচিত গল্প সংকলন, প্ৰেমৰ বাবে স্বপ্নৰ বাবে আদি গল্প সংকলন, ‘সেই নদী নিৰবধি’ (১৯৬৩)‘এজন বুঢ়া মানুহ’(১৯৬৬),অন্তঃস্ৰোতা(১৯৬৮),‘ছায়া আৰু ছবি’(১৯৭০),‘হৃদয় এক নিৰ্জন দ্বীপ’, ‘দিনৰ পিছত দিন’,‘সামান্য-অসামান্য’,‘কেকটাচৰ ফুল’,‘ভৱিষ্যতৰ ৰঙা সূৰ্য্য’, ‘চিনাকী-অচিনাকী’,‘গোহানী আই গোসানী আই, ‘ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’,‘অন্য জীৱন’, ‘একেই জোন একেই বেলি’, ‘দিন-প্ৰতিদিন’, ‘চম্পাৱতী’, ‘পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস’,‘নিজৰ পৰা নিলগত’,‘তিনিকন্যা’ ইত্যাদি অসংখ্য উপন্যাস, গল্প , আত্মজীৱনী, অনুবাদ, ভ্ৰমণ কাহিনীৰ মেটমৰা সম্ভাৰ তেওঁ অসমীয়া সাহিত্য জগতলৈ আগবঢ়াইছে । ১৯৮০ চনত তেখেতে সাহিত্যিক পেঞ্চন লাভ কৰে। ১৯৮৮ চনত ‘অন্যজীৱন’ উপন্যাসৰ বাবে সাহিত্য সভাৰ ‘বাসন্তী দেৱী বৰদলৈ’ বঁটা লাভ কৰে।‘অভিযাত্ৰী’ উপন্যাসৰ বাবে ১৯৯৪ চনত অসম সাহিত্য সভাৰ হেম বৰুৱা বঁটা আৰু একেই উপন্যাসৰ বাবে ১৯৯৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০০৩ চনত তেওঁ অসম উপত্যকা মেগৰ ন্যাসৰ সাহিত্য বঁটাও লাভ কৰে । ‘নীলাচল’ কাকতৰ সহকাৰী সম্পাদক ৰূপে তেৰ বছৰ ধৰি কাম কৰাৰ পিছত ‘সাপ্তাহিক জনজীৱন’ৰ সম্পাদক, ‘সাপ্তাহিক সাঁচিপাত’ৰ মুখ্য সম্পাদক আৰু ‘পষেকীয়া চিত্ৰাঙ্গদা’ৰ মুখ্য সম্পাদক ৰূপে বৰঙণি আগবঢ়োৱাৰে পৰা আজিৰ দিনলৈকে তেওঁ সাহিত্য জগতৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ।

নিৰ্মল প্ৰভা বৰদলৈ :
১৯৩৩ চনৰ ২০ জুনত শিৱসাগৰত জন্ম হয় অসমীয়া সাহিত্য জগতৰ কালজয়ী লেখিকা ড০ নিৰ্মল প্ৰভা বৰদলৈৰ । বাল্যবিবাহ প্ৰথা অনুসৰি মাত্ৰ এঘাৰ বছৰ বয়সতে বিবাহ, তেৰ বছৰত এটি কন্যা সন্তানৰ মাতৃ আৰু চৈধ্য বছৰ বয়সত বিবাহ-বিচ্ছেদ ! ১৯৪৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ কলেজৰ পৰা আই.এ. পাছ কৰে, সন্দিকৈ ছোৱালী কলেজৰ পৰা বি.এ. পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে । ১৯৫৪-৫৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম.এ. পাছ কৰে । ‘Treatment of Nature in Poetry’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। সাহিত্যত ডক্টৰেট পোৱা অসমৰ ভিতৰত তেৱেঁই প্ৰথম মহিলা । ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত ক্ৰমে ৰীডাৰ, চিনিয়ৰ ৰীডাৰ, আৰু বিভাগীয় মুৰব্বী হয়গৈ । সাংবাদিকতা আৰু গুৱাহাটী আকাশবাণীৰ লগতো তেওঁ জড়িত আছিল। মনফৰিঙৰ ৰং(১৯৬৭), দিনৰপিছতদিন(১৯৭৭), সমীপেষু(১৯৭৭), অন্তৰংগ(১৯৭৮), The Dawn, শব্দৰ ইপাৰে আদি তেওঁৰ প্ৰকাশিত কবিতা পুথি । অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশ সামৰি লিখা ২৭টা প্ৰৱন্ধ সমৃদ্ধ গ্ৰন্থ ‘অসমৰ লোক সংস্কৃতি’। ‘দেৱী’ নামৰ গ্ৰন্থত সৰ্বভাৰতীয় দেৱীৰ প্ৰসংগত অসমৰ স্থানীয় দেৱী তথা শক্তিতত্ত্ব সম্বন্ধীয় বিশদ আলোচনা আছে, সেইদৰে ‘শিৱ’ত শিৱৰ বিষয়ে দৰ্শনতত্ত্ব আৰু চিন্তাৰ বিশ্লেষাত্মক আলোচনা আছে, ‘সূৰ্য্য’ নামৰ গ্ৰন্থত সূৰ্য্যৰ তত্ত্ব আৰু মৌলিক দৰ্শনৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন জাতি-উপজাতি আৰু সভ্যতাৰ বিভিন্ন স্তৰত চলি অহা সূৰ্য্য উপাসনাৰ বিষয়ে আলোচনা আৰু বিচাৰ কৰা হৈছে। কেইবাখনো মৌলিক আৰু গৱেষণামূলক গ্ৰন্থ, শিশুসাহিত্য, গীতৰ পুথি, নাটক, কাব্য নাটক, গীতি নাট্য, ইংৰাজী গ্ৰন্থ, অনুবাদ গ্ৰন্থ, সম্পাদিত গ্ৰন্থ ইত্যাদিৰ মেটমৰা সম্ভাৰেৰে চহকী কৰি থৈছে সাহিত্যৰ ভঁৰাল । তাৰোপৰি হাজাৰৰো অধিক গীত ৰচনা কৰিছে, তেওঁৰ কবিতা বিভিন্ন ভাৰতীয় ভাষা আৰু বিদেশী ভাষালৈ অনূদিত হৈছে । বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা জাতীয় অধ্যাপিকা ৰূপে নিৰ্বাচিত হোৱা ড০ বৰদলৈ জাৰ্মানী আৰু জাপানত বহা আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সঞ্চালিকা আছিল । আন্তৰ্জাতিক সন্মিলনত আমন্ত্ৰিত হৈ আমেৰিকা ইংলেণ্ড, জাপান , জাৰ্মানী আদি ভ্ৰমণ কৰিছে তেওঁ । বিভিন্ন বঁটা, সন্মান আদিৰে বিভূষিতা হোৱাৰ উপৰিও ‘চিল চিল চিলা’ নামৰ শিশু সাহিত্যৰ বাবে ৰাষ্ট্ৰপতি বঁটাও লাভ কৰিছে। ১৯৮৭ চনত তেওঁক ‘সৰস্বতী’ উপাধি প্ৰদান কৰা হয়। ১৯৮৩ চনত ‘সুদীৰ্ঘ দিন আৰু ঋতু’ কাব্য গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সমৰ্থ হয় এই গৰাকী সুলেখিকাই ! ১৯৭৬ চনত অসম সাহিত্য সভাৰ টিহু অধিবেশনত কবি সন্মিলনৰ সভানেত্ৰী আছিল তেওঁ, ১৯৯১ চনত দুধনৈত হোৱা অসম সাহিত্য সভাৰ সপ্ত-পঞ্চাশতম অধিবেশনৰ সভাপতিও আছিল ।

প্ৰতিমা পাণ্ডে বৰুৱা :
ভাৰতৰ ৰাজপৰিয়ালৰ ইতিহাসত মোগল সম্ৰাট ঔৰংজেৱৰ কন্যা মেহেৰুন্নিছাৰ পিছত গৌৰীপুৰৰ ৰাজপৰিয়ালৰ জীয়াৰী প্ৰতিমা বৰুৱা একমাত্ৰ নাৰী যি ৰাজপৰিয়ালৰ সকলো আভিজাত্য দলিয়াই সৰ্বসাধাৰণ মানুহৰ সতে সাধাৰণ জীৱন যাপন কৰিছিল । প্ৰখ্যাত শিল্পী প্ৰমথেশ বৰুৱাৰ ভাতৃ প্ৰকৃতিশ বৰুৱাৰ ঔৰসত আৰু মালতীলতা বৰুৱাৰ গৰ্ভত লোকসংগীত শিল্পী প্ৰতীমা পাণ্ডে বৰুৱাৰ জন্ম হয় ১৯৩৫ চনৰ অক্টোবৰ মাহত। সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল তেখেতৰ ! লোকসংগীতৰ মণি-মুকুতা বুটলি লৈছিল চহা জনজীৱনৰ পৰাই ! ১৯৬৬ চনত অধ্যাপক জি.এছ. পাণ্ডেৰ স’তে তেখেতৰ বিবাহ সম্পন্ন হয় । সাধাৰণ মানুহৰ জীৱনযাত্ৰা, তেওঁলোকৰ অন্তৰৰ আবেগ-অনুভূতিক তেওঁৰ দৰদী কণ্ঠেৰে সৰ্বসাধাৰণৰ মাজলৈ উলিয়াই অনা এই গৰাকী প্ৰখ্যাত শিল্পীক ১৯৮৯ চনত ’সংগীত নাটক অকাডেমী বঁটা’ আৰু ১৯৯১ চনত ‘পদ্মশ্ৰী’ সন্মানেৰে বিভূষিত কৰা হৈছিল। গৌৰীপুৰৰ স্থানীয় লোকেই গাবলৈ লাজ কৰা ‘চাচা-ভুচা’ গীতবোৰক তেওঁ যি মৰ্য্যদা প্ৰদান কৰিলে সি অনস্বীকাৰ্য্য । ২০০২ চনত তেখেতৰ মৃত্যু হয় ।

দীপালী বৰঠাকুৰ : অতি কম সংখ্যক গীতেৰে শ্ৰোতাৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰা সুকণ্ঠী গায়িকা গৰাকীৰ জন্ম হয় ১৯৪১ চনত শিৱসাগৰৰ ম’হখুটিত । ‘সোণৰ খাৰু নেলাগে মোক …’ ‘চেনাই ম‍ই যাওঁ দেই’ ‘বন্ধু..সময় পালে আমাৰ ফালে এবাৰ আহি যাবা..’ আদি সোণসেৰীয়া গীত উপহাৰ দিয়া ‘পদ্মশ্ৰী’ দীপালী বৰঠাকুৰ স্বনামধন্য চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সুযোগ্যা পত্নী । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আজি তেওঁৰ কণ্ঠৰুদ্ধ যদিও এই এমুঠি গীতেই তেওঁক সংগীত জগতত ভোটাতৰাৰ দৰে জিলিকাই ৰাখিব!

মামণি ৰয়চম গোস্বামী :
ইন্দিৰা গোস্বামী ওৰফে মামণি গোস্বামীৰ ১৯৪৭ চনৰ ১৪ নবেম্বৰত গুৱাহাটীত জন্ম । পিতৃ শিক্ষাবিদ উমাকান্ত গোস্বামী আৰ মাতৃ অম্বিকা দেৱী । ১৯৫৭ চনত গুৱাহাটী তাৰিণী চৰণ চৌধুৰী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা, কটন কলেজৰ পৰা বি.এ. আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. পাছ কৰে। ১৯৭১ চনৰপৰা তেওঁ দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা বিভাগত অসমীয়া বিভাগৰ অধ্যাপকৰূপে কাম আৰম্ভ কৰি সেই বিভাগৰে মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ লয় । ১৯৭৩ চনত তেওঁ “তুলসীদাস আৰু মাধৱ কন্দলী ৰামায়ণৰ তুলনামূলক অধ্যয়ন” গৱেষণা গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে। মামণি গোস্বামীৰ বিবাহ সম্পন্ন হয় ১৯৬৫ চনত মাধৱেন ৰয়চম আয়েঙ্গাৰৰ লগত। ১৯৬২ চনত ‘চিনাকী মৰম’ নামৰ গল্প সংকলনেৰে প্ৰথম সাহিত্য ৰচনাৰ পাতনি মেলা মামণিৰ কলম আৰু থমকি ৰোৱা নাই… ! ক‍ইনা (১৯৬৬), চেনাবৰ স্ৰোত (১৯৭২), নীলকণ্ঠী ব্ৰজ (১৯৭৬),অৰিহণ(১৯৮০), দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮), মামৰে ধৰা তৰোৱাল, জখমী যাত্ৰী (১৯৯০),হৃদয় এক নদীৰ নাম (১৯৯০), মামণি ৰয়চম গোস্বামীৰ প্ৰিয় গল্প (১৯৯৮), তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা(১৯৯৮) ইত্যাদি, তাৰোপৰি আত্মজীৱনী-আধালেখা দস্তাবেজ, জীৱনীমূলক গ্ৰন্থ- মহীয়সী কমলা (১৯৫৫), গৱেষণা গ্ৰন্থ (Ramayana from Ganga to Brahmaputra ), অনূদিত গ্ৰন্থ- প্ৰেমানন্দৰ চুটি গল্প,আধাঘণ্টা সময়, জাতক কথা, কলম, ইত্যাদি ; ইংৰাজী লৈ অনূদিত গ্ৰন্থ ( The Shadow of the Dark God and the Sin, Selected works of Indira Goswami , An Unfinished Autobiography, Saga of south Kamrup ), হিন্দিলৈ অনূদিত গ্ৰন্থ ( Neel Kanthi Braja 1988, Jeevan koyi Sauda Nahi 1992, Dakhini Kamrup Ki Katha 1997) ; এই বিশাল সাহিত্য সম্ভাৰৰ উপৰিও মামণি গোস্বামীয়ে বিভিন্ন বিষয়ৰ এলানি গৱেষণামূলক প্ৰৱন্ধ ৰচনা কৰিছিল
। অসম তথা অসমৰ বাহিৰৰ বিভিন্ন গৱেষণামূলক পত্ৰিকাত সেইবোৰ প্ৰকাশ হৈছিল । তেওঁৰ লেখাৰ এক সুকীয়া বৈশিষ্ট্য আছে । ১৯৮২ চনত ‘মামৰে ধৰা তৰোৱাল’ৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে । বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত মামণি ৰয়চম ভাৰত নিৰ্মাণ বঁটা, সৌহাদ্য বঁটা, কথা বঁটা, কমলকুমাৰী বঁটা আদিৰেও বিভূষিতা । সৃষ্টিশীল সাহিত্যৰ জৰিয়তে ভাৰতীয় ভাষা সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ২০০০ চনত তেখেতলৈ বিৰল সাহিত্য সন্মান জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়(এই বঁটাত থাকে নগদ ৫ লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু ব্ৰঞ্জৰ বাগদেৱীৰ মূৰ্ত্তি)। অসমীয়া মহিলা লেখক সকলৰ ভিতৰত এটা গৌৰৱৰ নাম মামণি ৰয়চম গোস্বামীৰ ২০১১ চনৰ ২৯ নবেম্বৰত মৃত্যু হয় যদিও অসমীয়া প্ৰতিজন গ্ৰন্থপ্ৰেমীয়ে তেওঁক বুকুৰ মাজত আলফুলে জীয়াই ৰাখিব চিৰদিন !

ড০ জয়ন্তী চুতীয়া :
১৯৪৮ চনৰ ১ আগষ্টত শিৱসাগৰ জিলাত জামগুৰিত ড০ জয়ন্তী চুতীয়াৰ জন্ম । মাতৃ কুঞ্জলতা আৰু পিতৃ সোণাৰাম চুতীয়া । ১৯৬৭ চনত জয়ন্তী চুতীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত বি.এছ.চি আৰু ১৯৬৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি. পাছ কৰে। ১৯৮১ চনত সেই বিশ্ববিদ্যালয়ৰ পৰাই Solid state Physics বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮১ৰ পৰা ১৯৮৩লৈ CSIR-ৰ Post Doctorate Fellow ৰূপে কাৰ্য্যনিৰ্বাহ কৰে। ১৯৮৫ৰ পৰা ১৯৮৬লৈ Institute of Advanced Studies in Science and Technology-ৰ সহকাৰী অধ্যাপকৰূপে নিযুক্তি লাভ। ১৯৮৮ চনত Institute of space and Astronautical science, জাপানত গৱেষণাৰ কামত নিযুক্ত হয় ।এবছৰ জাৰ্মানী বিশ্ববিদ্যালয়ত Visiting বিজ্ঞানী ৰূপে কাৰ্য্যনিৰ্বাহ কৰে। বৰ্ত্তমান তেখেত গুৱাহাটীৰ Institute of Advanced Studies in Science and Technology-ৰ অধ্যাপক আৰু বিভাগীয় মূৰব্বী তথা ৰিচাৰ্চ গাইড । তেখেতে দেশ-বিদেশৰ বহুতো চেমিনাৰ, কনফাৰেণ্স, চামাৰ স্কুলত অংশগ্ৰহণ কৰিছে ।১৯৭৬ চনত কলিকতাত International Seminar on Solid state physicsৰে এই ভ্ৰমণ পৰিক্ৰমা অৰম্ভ কৰে । তাৰ পিছৰপৰাই পদাৰ্থবিজ্ঞানৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত আহমেদাবাদ, ইন্দোৰ, জাপানৰ হিৰোশ্বিমা বিশ্ববিদ্যালয়, কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়, নতুন দিল্লীৰ জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়, আমেৰিকাৰ উইলিয়ামচবাৰ্গ,বোম্বে বিশ্ববিদ্যালয়, জাৰ্মানী,এলাহবাদ বিশ্ববিদ্যালয়, কুৱালালামপুৰৰ মালয় বিশ্ববিদ্যালয়, বেংককৰ চোলালাংকাৰ্ণ বিশ্ববিদ্যালয়, বেংগল’ৰ. লণ্ডন, ইটালী আদি ঠাইত বিভিন্ন চেমিনাৰ, ৱৰ্কশ্বপত অংশগ্ৰহণ কৰি পদাৰ্থ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জয়ন্তী চুতীয়াই বিজ্ঞানলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে বিভিন্ন বঁটাৰে বিভূষিত হৈছে । বিজ্ঞানক জনপ্ৰিয় কৰিবৰ বাবেই তেওঁ ভালেখিনি গ্ৰন্থও ৰচনা কৰিছে ।

পাৰৱীন চুলতানা :
হিন্দী বোলছবি ‘কুদৰত’ত গোৱা ‘হমে তুমচে প্যাৰ কিতনা’ গীতটিৰ বাবে  ফিল্মফেয়াৰ বঁটা লাভ কৰা অসমৰ সুকণ্ঠী শাস্ত্ৰীয় সংগীত শিল্পী পাৰৱীন চুলতানাৰ জন্ম ১৯৫০ চনৰ মে’ মাহত নগাঁৱত । ভাৰতৰ শাস্ত্ৰীয় সংগীত জগতত তেওঁ এক সুকীয়া স্থান দখল কৰি আছে ।

( আগলৈ )

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
12 days ago

সুন্দৰ