প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ

।। প্ৰথম খণ্ড।।

।। চতুৰ্ব্বিংশতি অৱতাৰ।।

।। প্ৰথম কীৰ্ত্তন।।

ঘোষা।।

জয় হৰি গোৱিন্দ নাৰায়ণ ৰাম কেশৱ হৰি।

ৰাম ৰাম কেশৱ হৰি ।।১।।

পদ।।

প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন।

সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ।।

তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত।

যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।।১।।

মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত।

উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয়জলত।।

সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া।

নধৰিলা  সমুদ্ৰে  তোহ্মাৰ মৎস্যকায়া।।২।।

কূৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে।

লক্ষ প্ৰহৰৰ পন্থ জুড়িলা শৰীৰে।।

কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে।

ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠভাগে।।৩।।

দিব্য যজ্ঞবৰাহ স্বৰূপ ভৈলা তুমি।

লীলায়ে দন্তৰ অগ্ৰে উদ্ধৰিলা ভূমি।।

তোহ্মাক কৰিলা যুদ্ধ হিৰণ্যাক্ষ বীৰি।

অপ্ৰয়াসে দৈত্যক মাৰিলা দন্তে ছিড়ি।।৪।।

আদি দৈত্য হিৰণ্যকশিপু বলিয়াৰ ।

নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ।।

কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস।

ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস।।৫।।

বামন স্বৰূপে অদিতিৰ বাক্য পালি।

ইন্দ্ৰক থাপিলা ছলে বলিক নিকালি।।

ত্ৰৈলোক্যক আক্রমিলা চৰণৰ গতি।

তযু পাদোদকে গঙ্গা ভৈলা উতপতি।।৬।।

।।দ্বিতীয় কীৰ্ত্তন।।

ঘোষা।।

যদুমণি যাদৱ যাদৱ যাদৱানন্দ হৰি।।২।।

পদ।।

ভৈলাহা পৰশুৰাম নামে অৱতাৰ।

প্ৰদক্ষিণ কৰি ভূমি তিনি সাতবাৰ।।

ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি।

নিক্ষত্ৰিয় কৰিলা সমস্ত বসুন্ধৰী।।৭।।

ছিৰীৰাম ৰূপে কৌশল্যাত অৱতৰি।

বনবাস খপিলা পিতৃৰ বাক্য ধৰি।।

বিৰাধ কৱন্ধ মাৰীচৰ লৈলা প্ৰাণ।

খৰ দূষণক প্ৰভু কৰিলা নিৰ্য্যাণ।।৮।।

একপাট শৰে বালী সঙ্কলিলা জীৱ।

তোহ্মাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ।।

লঙ্কাত পশিলা সাগৰত বান্ধি সেতু।

বধিলা ৰাৱণ সীতাহৰণৰ হেতু।।৯।।

বধিলা ৰণত আনো ৰাক্ষস অনেক।

ভক্ত বিভীষণক কৰিলা অভিষেক।।

অগ্নিত পৰীক্ষা আনি কৰিলা সীতাক।

ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোহ্মাক।।১০।।

সম্বৰিলা সীতা দশৰথৰ বচনে।

অযোধ্যাক আসিলা সভাৰ্য্যে ৰঙ্গমনে।।

কৰিলাহা ৰাজ্য দশ হাজাৰ বৎসৰ।

লগে স্বৰ্গে নিলা সৱে অযোধ্যা নগৰ।।১১।।

ৰোহিণীত ভৈলা হলিৰাম অৱতাৰে।

দ্বিৱিদৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰহাৰে।।

প্ৰলম্ব মুষ্টিক ৰু দন্তবক্র বীৰ।

লীলায়ে মাৰিয়া ভাৰ হৰিলা ভূমিৰ।।১২।।

বুদ্ধ অৱতাৰে বেদপন্থ কৰি ছন্ন।

বামানয় শাস্ত্ৰে মুহি আছা অজ্ঞজন।।

নিচিন্তে চৰণ নাম নলৱে তোহ্মাৰ।

সদায়ে প্ৰমত্ত লোক পাষণ্ড আচাৰ।।১৩।।

কলিৰ শেষত হৈবা কল্কি অৱতাৰ।

কাটি মাৰি ম্লেছক কৰিবা বুন্দামাৰ।।

সৱাকো বধিবা বৌদ্ধগণ যত আছে।

কলিৰ শেষত সত্য প্ৰৱৰ্ত্তাইবা পাছে।।১৪।।

।। তৃতীয় কীৰ্ত্তন।।

ঘোষা।।

নৰহৰি গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম।।৩।।

সনতকুমাৰ অৱতাৰে তুমি হৰি।

ফুৰিলা দুষ্কৰ ব্ৰহ্মচৰ্য্য ব্ৰত ধৰি।।

পৃথু ৰাজা তোহ্মাত সুধিলা মহাজ্ঞান।

সমস্ত তত্ত্বক তুমি কৰিলা বাখ্যান।।১৫।।

ভৈলাহা নাৰদ ঋষি নামে অৱতাৰ।

পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ।।

যাক আচৰিলে মহা মোক্ষ পদ পাই।

হৰিৰ কীৰ্ত্তন কৰি ফুৰা বীণা বাই।।১৬।।

ভৈলা অৱতাৰ আৰো নৰনাৰায়ণ।

কৰিলা দুষ্কৰ তপ চিত্তৰ শোধন।।

তোহ্মাক মুহিবে কামদেৱ আইলা সাজি।

দৰ্পচূৰ কৰিলা উলটি গৈলা লাজি।।১৭।।

কপিল স্বৰূপে আৰো ভৈলা অৱতাৰ।

লুপ্ত ভৈলা জ্ঞান তাক কৰিলা প্ৰচাৰ।।

তোহ্মাৰ প্ৰসাদে যোগ জানি দেৱহুতি।

তোহ্মাৰ চৰণ চিন্তি লভিলা মুকুতি।।১৮।।

দত্তাত্ৰেয় নামে ভৈলা অত্ৰিৰ তনয়।

পুছিলন্ত যোগ যদু অলৰ্ক হৈহয়।।

তিনিও ৰাজাত কৈলা যোগৰ যুগুতি।

তোহ্মাৰ প্ৰসাদে পাইলা পৰম মুকুতি।।১৯।।

যজ্ঞ অৱতাৰে ভৈলা দেৱতাৰ ৰায়।

যামা নামে দেৱগণ লগত সহায়।।

স্বায়ম্ভূৱ মনুৰ দিনত তুমি হৰি।

ইটো ত্ৰিজগতক আছিলা ৰক্ষা কৰি।।২০।।

পুত্ৰ ভৈলা নাভিৰ ঋষভ নামে তুমি।

জড়যোগচৰ্য্যা ধৰি পৰ্য্যটিলা ভূমি।।

পৰম জ্ঞানৰ পথ দেখাইলা আপুনি।

পৰম পদক পাৱে যাক জানি শুনি।।২১।।

অৰাজক ভৈলা নষ্ট হোৱে সৱে প্ৰজা।

দেখি তুমি ভৈলা পৃথু নামে আদি ৰাজা।।

পৃথিৱীক ধৰিয়া দুহিলা সৰ্ব্ব ৰস।

জগততে ব্যাপিলা তোহ্মাৰ মহাযশ।।২২।।

সাগৰ মথন্তে অমৃতৰ ঘট ধৰি।

ধন্বন্তৰি নামে অৱতাৰ ভৈলা হৰি।।

যত বৈদ্যশাস্ত্ৰচয় কৰিলা প্ৰকাশ।

যাহাক জানিলে হয় ব্যাধিৰ বিনাশ।।২৩।।

ধৰিলাহা সংসাৰমোহিনী নাৰীৱেশ।

দুষ্ট দৈত্যগণক মুহিলা হৃষীকেশ।।

ভকত দেৱক পান কৰাইলা অমৃত।

তোহ্মাৰ প্ৰসাদে ইন্দ্ৰ ভৈলা কৃতকৃত্য।।২৪।।

।। চতুৰ্থ কীৰ্ত্তন।।

ঘোষা।।

মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি।।৪।।

পদ।।

ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি।

দেখিলাহা প্ৰজা ভৈল আতি অল্পমতি।।

কৰিলা অনেক শাখা চাৰিও বেদৰ।

পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্ম্মিলা বিস্তৰ।।২৫।।

গজেন্দ্ৰক গিলে ঘোৰ গ্ৰাহে বলে ধৰি।

তোহ্মাত শৰণ লৈলা আৰ্ত্তনাদ কৰি।।

শুণ্ডে মেহাই পদ্মগোট উপৰক তুলি।

গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি।।২৬।।

শুনি শীঘ্ৰে চড়ি তুমি গৰুড়ৰ স্কন্ধে।

ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে।।

গৰুড়ৰ নামি তুমি পৰম বিক্রমে।

শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহে সমে।।২৭।।

আথেবেথে চক্রে ছিঁড়িলাহা গ্ৰাহমুখ।

তোহ্মাৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুঃখ।।

হস্তী গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা।

গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা।।২৮।।

তোহ্মাক নমিলা গৈয়া দন্তৱতে পৰি।

পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লৰি।।

তযু পৰশনে গ্ৰাহে শাপক নিস্তৰি।

বিমানে স্বৰ্গক গৈলা দিব্য ৰূপ ধৰি।।২৯।।

হয়গ্ৰীৱ নামে আৰ ভৈলা অৱতাৰ।

তপ্ত সুৱৰ্ণৰ বৰ্ণ শৰীৰ তোহ্মাৰ।।

তোহ্মাৰ সুন্দৰ সিটো নাসিকাৰ হন্তে।

বাজ ভৈলা বেদগণ নিশ্বাস কাঢ়ন্তে।।৩০।।

সপত্নী মাতৃৰ বাক্যে বিদাৰিল মন।

ধ্ৰুৱে আসি আৰাধিলা তোহ্মাৰ চৰণ।।

ত্ৰৈলোক্যৰ উপৰে তাহাঙ্ক থৈলা থাপি।

গোধিকাৰ পুছভাগে দেখিঅ অদ্যাপি।।৩১।।

দেৱে দৈত্যে আনিবাক নৱাৰে মন্দৰ।

অপ্ৰয়াসে আনি তুমি মথিলা সাগৰ।।

দানৱক যুজিলা দেৱৰ হুয়া ভিতি।

তোহ্মাৰ প্ৰসাদে ইন্দ্ৰে সাধিলা জয়তি।।৩২।।

কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্ব্বজনে।

মোক্ষপদ সাধা আউৰ শ্ৰৱণ কীৰ্ত্তনে।।

কৃষ্ণৰ কিঙ্কৰ কহে শঙ্কৰে সম্প্ৰতি।

বোলা হৰি হৰি পাপ যাউক অধোগতি।।৩৩।।

।। চতুৰ্ব্বিংশতি অৱতাৰ সমাপ্ত।।১।।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

Bor bhal lagise

ৰূপজিৎ দুৱৰা
2 years ago

কৃষ্ণ । প্ৰথম দ্বিতীয় ষ্কন্ধে চৰণ দূটয়, তৃতীয় চতুৰ্থে যাৰ ভৈলা উৰূদয়।।নাভিদেশে পঞ্চম ষষ্ঠ ষেবক্ষষ্ঠল,সপ্তমে অষ্টমে কৰকমল যুগল।।কন্থদেশে নৱম দশমে যাৰ তুন্দ,একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড।।হেন ভাগৱতৰ মুৰুতি মনোহৰ,তমাল সদৃশ বৰ্ণ শ্যামকলেৱৰ।।হৰি ৰাম ৰাম ৰাম।।