প্ৰথম প্ৰতিশ্ৰুতি (অনামিকা বৰুৱা)

 

মূল বাংলা উপন্যাস। ৰচয়িতা আশাপূৰ্ণা দেৱী। অসমীয়ালৈ অনুবাদ কৰিছে মনু সেনে। প্ৰথম অসমীয়া তাঙৰণ: ৰঙালী বিহু, ১৯০১ শক। বাংলা উপন্যাসখনে ১৮৮৮ শকত ৰবীন্দ্ৰ পুৰস্কাৰ আৰু ১৯০০ শকত জ্ঞানপীঠ পুৰস্কাৰ লাভ কৰে। আশাপূৰ্ণা দেৱীৰ আন দুখন উপন্যাস সুৱৰ্ণলতা আৰু বকুলকথা এই “প্ৰথম প্ৰতিশ্ৰুতি”ৰ অবিচ্ছিন্ন সংযোজন।

….পৰিৱৰ্তন মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ। যুগে যুগে মানুহে নিজৰ পৰিৱৰ্তনৰ ইতিহাস লিপিবদ্ধ কৰি আহিছে কালৰ বুকুত। বনৰীয়া ফলমূল, কেঁচা মাংস খাই উদৰ পূৰোৱা মানুহ আজি কেৱল পৃথিৱীৰে বাসিন্দা নহয়; বিজ্ঞানৰ হাত ধৰি মানুহে মহাকাশৰ বুকুতো জীৱৰ সন্ধান কৰিছে। সাগৰৰ বুকু ফালি উলিয়াইআনিছে শ শ হাজাৰ হাজাৰ বছৰ ধৰি পোত খাই থকা জীৱাশ্মৰ সাঁচ। সাধনা কৰিছে, গৱেষণা কৰিছে। নিতে নিতে ন ন জ্ঞানেৰে সমৃদ্ধ কৰিছে জীৱশ্ৰষ্ঠ মানুহৰ জ্ঞানৰ ভাণ্ডাৰ। আজিৰ মানুহ আধুনিক। জীৱন ধাৰণৰ মান উন্নত। কিন্তু এই পৰিৱৰ্তন একেদিনাই অহা নাছিল। তাৰবাবে অনেক অহোপুৰোষাৰ্থ কৰিব লগা হৈছিল। অনেক ত্যাগ, অনেক কষ্ট স্বীকাৰ, অনেক সংগ্ৰামৰ বিনিময়ত পৰিৱৰ্তন আহিছিল মানুহৰ জীৱনলৈ, সমাজলৈ। তেনে এক যুগান্তকাৰী পৰিৱৰ্তনৰ শ্বাসৰুদ্ধকাৰী কাহিনীৰে অনুৰণন “প্ৰথম প্ৰতিশ্ৰুতি”।

….ঘৰৰ বাহিৰত, আলিয়ে-পদূলিয়ে পুৰুষ শাসিত সমাজৰ পৰিৱৰ্তনবোৰ সহজেই চকুত পৰে। সেইবোৰ আলোচিত হয়, স্বীকৃতিও পায়। কিন্তু ঘৰৰ অভ্যন্তৰত নিভৃতে থাকি হোৱা পৰিৱৰ্তনবোৰ? এইবোৰ চকুত নপৰে। কৌটিকলীয়া ৰীতি-নীতি-পৰম্পৰাৰ নামত পীড়িত হোৱা নাৰীজাতিৰ হা-হুমুনিয়াহ, জীৱন ধাৰণৰ মান, মূল্যবোধ এইবোৰ সদায়ে উপেক্ষিত হৈ আহিছিল। এওঁলোকৰ এটাই মাত্ৰ অপৰাধ নাৰী হৈ জন্ম লোৱাটো। এই অৱস্থাৰ বাবে কিন্তু কেৱল পুৰুষসকল দায়ী নহয়। বৰং নাৰীসকলো সমানেই দায়ী। অশিক্ষা-অজ্ঞানতাই এওঁলোকক এনেকৈ বশ কৰি ৰাখিছিল যে ঘৰৰ দুৱাৰদলিৰ বাজ হোৱাতো যেন তেওঁলোকৰ বাবে পতিতা হোৱাৰ লেখীয়া কথা। তেনে এক শাসন, দমন, অন্ধকাৰ কু-সংস্কাৰ, ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিৰুদ্ধে এক ফিৰিঙতি হৈ জন্ম লৈছিল “সত্যৱতী”য়ে।

….“সত্যৱতী” প্ৰথম প্ৰতিশ্ৰুতিৰ মূল চৰিত্ৰ। ৰামকালীৰ আঠবছৰীয়া জীয়েক। বিয়া হোৱা বছেৰেকেই পাৰ হৈ গ’ল। ঘৰহে কৰা নাই। সকলোৰে সেই একেই কথা দেউতাকৰ আসৈ পাই পাই তাই মূৰৰ ওপৰত উঠিল। সৰুৰেপৰা স্বাধীনচিতীয়া, নিৰ্ভীক, স্পষ্টবাদী, বুদ্ধিমতী সত্য যেন এক অগ্নি স্ফুলিংগ। কোনোমতেই জঁয় নপৰে। ছোৱালী হ’ল কি হ’ল, ল’ৰাই কৰা সকলোবোৰ কামেই কৰে। বৰশী বোৱাৰপৰা স্কুললৈ যোৱালৈকে। দেউতাক ৰামকালী জাতত বামুণ হ’লেও তেওঁৰ কৰ্মজীৱন ব্ৰাহ্মণজনোচিত নহয়। আন আন শাস্ত্ৰ সমস্ত, বেদ-বেদান্ত এফলীয়া কৰি থৈ তেওঁ বাছিল ল’লে আয়ুৰ্বেদ। সত্যৱতীয়ে সৰুৰেপৰা দেখি আহিছে মাইকী মানুহ-মতা মানুহৰ মাজত থকা আকাশ-পাতাল প্ৰভেদ। জনা হোৱাৰেপৰা সেইবোৰৰ প্ৰতিবাদো কৰি আহিছে। সেই আঠবছৰ বয়সতে সত্যৱতীয়ে খেলাৰ মাজতে পেহীয়েক পুণ্যৱতীক ফেপেৰি পাতি ধৰে- “নাপায়? কোনে কৈছে নাপায় বুলি? কোনে কৈছে? মাইকী মানুহ_মাইকী মানুহ! মাইকী মানুহক যেন মাকহঁতে পেটত নধৰে, বানৰ পানীতহে উটি আহে! এনেকৈ যদি মাইকী মানুহ মাইকী মানুহ কৰি থাক মোৰ সৈতে খেলিবলৈ নাহিবি কৈছো।” দিনবোৰ আগবাঢ়ি গৈ থাকে। সত্যৱতীৰ প্ৰতিবাদ চলি থাকে। জেদী, স্পষ্টবাদী সত্যৰ সকলো কথা মানি ল’ব নোৱাৰি মাক-আইতাকহঁতে টিকচি-বিকচি উঠে। শাহুৱেকৰ লগত তাই কেনেকৈ তিষ্ঠিব তাকে লৈ দুঃচিন্তাত পৰে। তাইক টান,হুটা মাতেৰে ককৰ্থনা কৰে। শাসন কৰিবলৈ চায়। উপায়ন্তৰ হৈ উঠি দেউতাক ৰামকালীৰ ওচৰত গোচৰ দিয়ে। কিন্তু দেউতাকে তাইক তেওঁলোকে বিচৰা ধৰণে শাসন নকৰে। বৰং তালপাতত পূৰৈশাকৰ গুটিৰে আখৰ লিখা গম পায় দেউতাকে সত্যৰ হাতত তুলি দিয়ে সঁচা মহী-কাপ। মাকে প্ৰমাদ গণে।
….কিন্তু সত্যৱতী “সত্যৱতীয়েই”। নিৰ্ভীক সত্যই সৰুৰেপৰাই যি সত্য আৰু যথাৰ্থ তাকে কৰি আহিছে আৰু মানি আহিছে। তেহেলৈ লাগে কোনোবাই তাইৰ গাৰ ছাল বখলিয়াই তাইক মাৰিয়েই পেলাওক। কোনোদিনে কাৰো অন্যায় নকৰেও, আনৰ অন্যায় নসহেও। আনকি দেউতাকে ককায়েকৰ দ্বিতীয় বিবাহ কৰাই দিওঁতেও মাত মাতিছিল সত্যই। জঁটাই ঘৈণীয়েকক গোৰ মাৰি যমৰ ঘৰলৈ পঠিওৱাৰ পাছত সুস্থ হৈ উঠি সেইজনী ঘৈণীয়েকেই পুনৰ জঁটাক আলপোচান ধৰা দেখি খঙত একো নাই হৈ নিজৰ মূৰটোকে ভাঙো যেন কৰিছিল সত্যই। তথাপি সত্যৱতীৰ আচল সংগ্ৰাম আৰম্ভ হৈছিল শহুৰেকৰ ঘৰলৈ অহাৰ পাছতহে। শাহুৱেক এলোকেশীৰ দৰে অতিপাত মুখচোকা আৰু হৃদয়হীনা মহিলাৰ ছত্ৰছাঁয়াত নতুন জীৱনৰ আৰম্ভণি কৰিছিল সত্যই। দেউতাকৰ সিন্ধান্তৰ বিপৰীতে শহুৰেকৰ ঘৰলৈ যোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। দেউতাকক বুজাইছিল তাইক যদি শহুৰেকৰ ঘৰলৈ নপঠায় তেওঁৰ সন্মান মাটিত মিহলি হৈ যাব আৰু তাই কোনোপধ্যে তেনে হ’ব দিব নোৱাৰে। অগত্যা দেউতাকে তাইৰ অটল সিদ্ধান্তত মান্তি হৈ তাইক শহুৰেকৰ ঘৰলৈ পঠিয়াই দিছিল। গিৰিয়েক নৱকুমাৰ যেন মাটিৰ পুতলা। মুখত মাত নাই, বুকুত সাহস নাই। মাকক যম দেখা দি দেখে। খুৰাকৰ জীয়েক সৌদামিনীৰ যোগেদি কেতিয়াবা তাৰ কিবা ক’ব লগা থাকিলে মাকৰ কাণত পেলায়। কিন্তু মাক গৰ্জি উঠিলে সেইফালেই তাপ মাৰে। শহুৰেক নীলাম্বৰ সমাজৰ এজন লেখত ল’বলগীয়া লোক হোৱা স্বত্ত্বেও বাগদিপাৰালৈ যোৱা বুলি গম পোৱাৰ পাছৰপৰা সত্যৱতীৰ মনৰপৰা তেওঁৰ প্ৰতি থকা মান-সম্ভ্ৰম সকলো লোপ পায়। তেওঁক তেওঁৰ প্ৰাপ্য সন্মানকণ জনাবলৈ অমান্তি হয় সত্যৱতী। তাতেই অপমানিতবোধ কৰি বানাৰ্জি দম্পত্তিয়ে ঘৰ-দুৱাৰ এৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তেনেতে প্ৰথমবাৰলৈ নৱকুমাৰে সত্যৱতীক বধ-শপত দি দেউতাকক মানি চলিবলৈ ৰাজী কৰায়। খোজে প্ৰতি সত্যৱতীৰ প্ৰতিবাদ চলি থাকে। গিৰিয়েক নৱকুমাৰৰ টান অসুখ হওঁতে সমাজৰ বাধা নিষেধ অমান্য কৰি বিলাতী ডাক্তৰ আনি চিকিৎসা কৰোৱায়। সেইবাৰলৈ সত্যৰ বাবেই মৃত্যুমুখৰপৰা ঘুৰি আহে নৱকুমাৰ। তেতিয়াৰেপৰা তেওঁ আৰু অলপ সত্যৰ বশ হৈ গ’ল। দুই সন্তান সাধন আৰু সৰলক স্কুলীয়া শিক্ষা দিবৰ বাবেই সত্যৰ কথা উলাই কৰিব নোৱাৰি পুত্ৰ-পৰিবাৰ লৈ কলিকতাৰ বাসিন্দা হ’লগৈ নৱকুমাৰ। ভৱতোষ মাষ্টৰে অফিছৰ চাকৰি এটা যোগাৰ কৰি দিলে। থাকিব পৰাকৈ বহাৰো বন্দৱস্ত কৰি দিলে। বাংলাত অ-আ-ক-খ শিকা সত্যই তালৈ গৈ ইংৰাজী শিক্ষাৰো সোৱাদ লয়। ব্ৰাহ্ম সমাজৰ সৈতে পৰিচিত হয়। জীৱনক নতুন ৰূপত চাবলৈ শিকে। কেইবাবছৰৰ বিৰতিৰ পাছত সুৱৰ্ণ তেওঁলোকৰ মাজলৈ আহে। সুৱৰ্ণক লৈ সত্যই সপোন দেখে। তাইক শিক্ষিত কৰাৰ সপোন। নৱকুমাৰক কথাৰে বান্ধে যাতে এই পৃথিৱীত সত্য নাথাকিলেও তাইক ষোল্ল বছৰৰ আগতে বিয়া দিয়া নহয়। দুই পু্ত্ৰই এণ্ট্ৰেন্স পাছ কৰাৰ পাছত দেউতাকে তেওঁৰেই অফিচত সিহঁতে কাম কৰাটো বিচাৰে। কিন্তু মাক সত্যই এইবাৰো তেওঁক নিৰাশ কৰে। সত্যই দুই পুত্ৰৰ এজনক মেজিষ্ট্ৰেট আৰু আনজনক ডাক্তৰ কৰিব খোজে। তাতো নৱকুমাৰে বিধি-পথালি দিয়ে যদিও সত্যৰ মতামতক তেওঁ টলাব নোৱাৰে। বৰ পুতেক সাধনৰ বিয়াৰ প্ৰস্তাৱ আহে। চিন্তা-ভাৱনা কৰি সাধনৰ বিয়াত মত দিয়ে সত্যৱতীয়ে। ধুমধামেৰে সাধনৰ বিয়াৰ যা-যোগাৰ কৰে। শহুৰেক নীলাম্বৰ বানাৰ্জিৰ মৃত্যুৰ পাছত শাহুৱেক এলোকেশীয়ে বৰ নাতিয়েকৰ বিয়াখন গাঁৱৰ ঘৰত পাতিবলৈ আব্দাৰ ধৰে। সত্যইও শাহুৱেকৰ দাবী মানি লয়। বিয়াৰ যোগাৰৰ বন্দৱস্ত কৰিবলৈকে নৱকুমাৰে জীয়েক সুৱৰ্ণক লৈ বাৰুইপুৰ পায়গৈ। আইতাক এলোকেশীয়ে আঠবছৰীয়া নাতিনীয়েকৰ তেতিয়ালৈ বিয়া নোহোৱা দেখি তালফাল লগায় আৰু ততাতৈয়াকৈ তাইৰ বিয়া পাতি দিয়ে সত্যক একো নোসোধা-নোকোৱাকৈয়ে। সুৱৰ্ণৰ বাহী বিয়াৰ দিনাখন নন্দেক সৌদামিনীয়ে সত্যক কোনো কথাৰ উমান নিদিয়াকৈয়ে দুই পুত্ৰসহ বাৰুইপুৰলৈ লৈ যায় বিশেষ সকাম আছে বুলি। গৰু গাড়ীৰ পৰা নামিয়েই সত্যই দেখা পায় লগুণ-গাঁঠিৰে বান্ধ খোৱা সুৱৰ্ণক। ভৰিৰ মাটি নোহোৱা হৈ যায় সত্যৰ। নৱকুমাৰক আৰু একো কোৱাৰ সুবিধা নিদি সত্যই তাৰপৰাই উভতি গৰু গাড়ীত উঠেহি। বহু তৰ্ক-বিতৰ্ক, কাবৌ-কোকালি কৰিও নৱকুমাৰে সত্যক তেওঁৰ সিদ্ধান্তৰপৰা ল’ৰাব নোৱাৰিলে। এলোকেশীয়ে হাতজোৰকৈ ক্ষমা খুজিলে। কিন্তু সত্যৱতীয়ে সংসাৰৰ মায়া তাতেই এৰি কাশীবাসী হোৱাৰ মন মেলিলে…..

….দৈনন্দিন জীৱনৰ হাত ধৰি “প্ৰথম প্ৰতিশ্ৰুতি”ৰ কাহিনী আগবাঢ়ে। তেনেই সাধাৰণ অথচ অসাধাৰণ সত্যৱতীৰ দিনপঞ্জী দিনে নতুন হৈ ধৰা দিয়ে চকুত। বাল্য বিবাহ, অকাল বৈধব্যৰ যি যন্ত্ৰণা তাক উপলব্ধি কৰাৰ পাছত হৃদস্পন্দনৰ ধ্বনি আপোনা-আপুনি দুগুণ হৈ উঠে। অনুবাদক মনু সেনৰ বক্তব্য- “…বিগত এশ বছৰৰ ভিতৰত বংগ সমাজৰ ঘৰুৱা জীৱনত অকল্পনীয় পৰিৱৰ্তন হৈছে। লৌহ আৱৰণৰ অন্তৰালত যি মুক্তি কামনাই পাষাণ দুৱাৰত মূৰ খুন্দিয়াই মৰিছিল, সেই উদগ্ৰ মুক্তি কামনায়েই সমাজখনত কুসংস্কাৰৰ জৰ্জৰ শিকলিৰপৰা কিঞ্চিতমান মুক্তি দিয়ালে। গলিত সমাজ-ব্যৱস্থাৰ বিৰুদ্ধে যিসকলে পোনপ্ৰথমে মাত মাতিছিল, তেওঁলোক সমাজৰ প্ৰচণ্ড ভৰ্ৎসনা-লাঞ্ছনাৰ সন্মুখীন হৈছিল। কিন্তু অপৰিসীম লাঞ্ছনা গঞ্জনা সহ্য কৰিও তেওঁলোকে দীপশিখাৰ দৰে নিজকে জ্বলাই সমাজখনক আলোক দেখুৱালে আৰু তেওঁলোকৰ মুক্তিৰ বাবে বাট কাটি থৈ গ’ল।” সত্যৱতী তাৰেই প্ৰতীক।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক