প্ৰদ্যুগীতুৰ যজ্ঞ (গীতাৰ্থ বৰদলৈ, প্ৰদ্যুত জ্যোতি শ‍ইকীয়া)

তোমাৰ সেওঁতাৰ ফোঁট
বুকুৱেদি বলে তেজাল সোঁত,
বিয়া কৰালোঁৱেই যেনিবা
কিয় বাৰে বাৰে মাৰা খোঁট!

পতিব্ৰতা হেনো তুমি
ধোঁৰা সাপৰ ফোঁচ ফোঁচ,
সেয়েহে মোক মাৰিবলৈ ষড়যন্ত্ৰ
লেপৰ তলত গোন্ধ-শব্দ ধুছ ধুছ।

দ্বিকালজ্ঞ কবিৰ কবিতা
পঢ়িবা তেতিয়াহে যেতিয়া নাথাকিব হুঁচ,
হেঃ আচল কথালৈ আহোঁ-
সদা পখালিবা চৰণযুগল
পতিব্ৰতা নাৰী হ’ব হিমালয় খুছ।

ময়েই পুৰুষ, মাৰিছা মোক
ময়েই ৰান্ধিম বাৰু লাগিছে ভোক।
ৰিহাবাৰীৰ মোহনভোগত আছিলোঁ হৈ মচগুল
তুমিও আছিলা তাতে কৰি হুলস্থুল।
তুমিহে সন্ধিয়া এটুপি ধৰিলা
বুকুত যে মোৰ কিমান শোক।

তুমিহে কৈছিলা মই হেনো পূৰ্ণিমাৰ জোন
তুমিয়েই আছিলা জীৱন সুৰৰ ৰুণজুন,
তোমাৰ মুখ এতিয়া ফটা টেকেলী যেন
তোমাৰ মাত যেন মহৰ কোন কোন।

পুত্ৰৰ মুখ চাব লাগে, চাইছোঁ তোমাৰ ওকণী
খুৱাই খুৱাই পাহাৰ কৰিছোঁ তথাপিও বকবকনি।

শাৰদীয় বতৰ, উৰিছে দোকানত শাৰী
অনলাইন চাইছা মোৰ একাউণ্ট চালিজাৰি।

মই ঘটিছোঁ, তুমি কিনিছা
মই মৰিছোঁ, তুমি হাঁহিছা।

এহি কৈয়ে প্ৰদ্যুগীতুৱে মাগিলন্ত বিদায়
দূৰ্গা মাতা তুমি কৰিয়া কৃপা আমাক সদায়।

যা দেৱী সৰ্বভূতেষু “ৱাইফ” ৰূপে সংস্থিতা
শাৰী দিছোঁ নেকলেছ দিছোঁ এইবাৰলৈ মাফ দিয়া!
__/\__

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments