প্ৰধানমন্ত্ৰী মহোদয়, অনুগ্ৰহ কৰি আপুনি অসমলৈ নাহিব…(ধ্ৰুৱজ্যোতি শৰ্ম্মা)

আজি ২০ এপ্ৰিল, ২০১২ চন| এফালে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ, আনফালে আলফাৰ ১২ ঘণ্টীয়া অসম বন্ধ লগতে ৰাইজলৈ সাৱধান হোৱাৰ বাবে সকিয়নী|

প্ৰথম দৃশ্যঃ
দিনাংক ১৯ এপ্ৰিল| স্থান পল্টনবজাৰ| সময় সন্ধিয়া ৮.৩০ বজাত| কাপোৰৰ ডাঙৰ দোকান এখনত সোমাইছো| উদ্দেশ্য লগৰজনে ভাল কাপোৰ এযোৰ লব| সি চাই আছে যদিও পচন্দ হোৱা নাই আৰু মইফ মেনেজাৰৰ কাষৰ টেবুলখনত ভেজা দি থিয় হৈ আছো| এনেতে ভদ্ৰলোক দুজন আগুৱাই আহি সুধিলে –“দাদা, কালি দোকান খুলিবনে?” মেনেজাৰে বুধিদীপ্তভাৱে কলে-“চাওচোন| উলফাৰ বন্ধ আছে নহয়| তথাপি ওচৰৰ দোকানকেইখন খুলিলে খুলিম|”
-“শুনক, দোকান খুলিব, বুজিছে| নহলে পাচত দিগদাৰিও পাব পাৰে|” এৰা, কাইলৈ অসম বন্ধ| কাৰণ কাইলৈ প্ৰধানমন্ত্ৰী আহিব| এফালে আগতেই কৈ থৈছে, অসম বন্ধত বাহিৰলৈ নোলাব, দিগদাৰি পাব পাৰে| এতিয়া এজনে আহি কৈছে, দোকান খুলিব, নহ’লে পাচত দিগদাৰিও পাব পাৰে|

দ্বিতীয় দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৩৫| স্থান হেঙেৰাবাৰী হাউচিং কলনি| কান্ধত মোনাখন লৈ অফিচলৈ বুলি ওলাই আহিছো| এজন বৃদ্ধ ৰৈ আছে; ৰিক্সাৰ বাবে| হাতত তেওঁৰ এটা টিফিন বক্স| যোৱা কেবাবছৰৰপৰা থকা হেতুকে দেখিলে হাই-হেলো ধৰণৰ চিনাকি আছে| এজন পংগু মাতৃহীন সন্তানৰ পিতৃ তেওঁ| হাউচিং কলনিতেই থাকে| দেখি সুধিলো-“বৰতা, ইমান ৰাতিপুৱাই কলৈনো ওলাইছে?” তেওঁ হতাশভাৱে উত্তৰ দিলে-“দিছপুৰ হাস্পতাললৈ| মোৰ ভতিজা ল’ৰাটো যোৱাকালি এক্সিডেণ্ট হৈ ইয়াতে আছেহি| দালি-ভাত অলপ লৈ যাম বুলি ভাৱিছিলো..পাছে ৰিক্সায়েই নাই দেখোন|” কিছুমান মানুহৰ বাবে ৰিক্সা এখনযে কিমান দৰকাৰী, সেয়া পৰিস্থিতিতহে গম পোৱা যায়| হাউলি হাউলি তেওঁ খোজ কাঢ়ে, গতিকে দহ মিনিটৰ ৰাস্তাটো‍ওযে তেওঁৰ বাবে বহু দূৰ সেই কথা উপলব্ধি কৰিও তেওঁক সহায় কৰিব নোৱাৰিলো| ওচৰত ৰিক্সা নাই, অটোৰিক্সাও নাই, আৰু ময়ো খোজ কাঢ়িহে আহি আছো| শান্ত্বনাসূচক কিবা এষাৰ কৈ আগবঢ়াৰ বাহিৰে মোৰ ওচৰত কবলৈ একো নাথাকিল|

তৃতীয় দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৪০| প্ৰথম দৃশ্যৰ ৫ মিনিট পিছত| বৰ্মন উপাধিৰ ৰিক্সাৱালাজনক চিনি পাও| মোৰ ভাৰাঘৰৰ ওচৰতে থাকে| তেওঁক ৰাস্তাতে পাই সুধিলো-“বৰ্মন দা, আজি ৰিক্সা উলিওৱা নাই?”
তেওঁ উত্তৰ দিলে-“পুলিচে বন্ধ কৰিছে নহয়| মেইন ৰাস্তাত ওলালেই পাম এৰি দিয়ে|”
“অলপ আগত বুঢ়া মানুহ এজন ৰৈ আছে| খোজ কাঢ়িব নোৱাৰে| দিছপুৰ হস্পিতাললৈ যাব| পাৰে যদি তেখেতক লৈ যাওকচোন.. পুলিচক বুজাই কলে বুজিব যাওক|”-জানো, যে ৰিক্সাৱালা, ঠেলাৱালাৰ ওপৰত বৰমতা অসম আৰক্ষীয়ে কেতিয়াও বুঢ়াজনৰ পৰিস্থিতি বা এদিন ৰিক্সা নচলালেই লঘোনে থাকিব লগা ৰিক্সাৱালাজনৰ পৰিস্থিতি বুজিবলৈ চেষ্টা নকৰে, কৰিব নোৱাৰে| কাৰণ আজি তেওঁলোকৰ স্পেচিয়েল ডিউটি| কিবা আধাৰশিলা স্থাপন কৰিবলৈ পি.এম. আহিব|

চতুৰ্থ দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৪২| দ্বিতীয় দৃশ্যৰ মাত্ৰ ২ মিনিট পিছত| স্থান হেঙেৰাবাৰী-গণেশগুৰি ৰোড| সাদায় এইখিনি সময়ত ৰিক্সা-ঠেলা, অট’ৰিক্সাৰে গিজগিজাই থকা এই ব্যস্ত ৰাস্তাটোত এখনো ৰিক্সা নাই, এখনো অট’ৰিক্সা নাই| দুই-এখন প্ৰাইভেট গাড়ী ভয়ে ভয়ে চলি আছে| ৰাস্তাৰ দাঁতিত পুলিচৰ জুম| ইমান পুলিচ যে, কোনোৱা কোনোৱা আৰক্ষী চকীতো ইমান পুলিচ নাথাকে| সকলোৰে ওপৰত তেওঁলোকৰ শেন দৃষ্টি| এজন সদায় দেখি থকা ট্ৰেফিক পুলিচৰ ওচৰলৈ গৈ সুধিলো-“কি আছে হে আজি? ৰাস্তাত ইমান পহৰা যে? ৩০ অক্টোবৰৰ ঘটনাৰ পাছত ইমান পুলিচ একেলগে দেখিছো|”
তেওঁৰ উত্তৰ –“ কি কৰিব, ৰজা আহিব| তাতে আৰু বৰডেকাহতেও অসমলৈ মনত পেলাইছে| গতিকে ৰাতিপুৱাই এই দশা|” কথাখিনি শুনি এনে লাগিন যেন তেওঁলোকো অতৃপ্ত| কেৱল ওপৰৱালাৰ গালিৰপৰা বাচিবলৈ আহি থিয় দিছে| বেচেৰা ! প্ৰধানমন্ত্ৰী আহিব| তাতো ওপৰৱালাই তেওঁলোকক নগুৰ-নাগতি কৰি মাৰিছে|

পঞ্চম দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৪৫| প্ৰায় গণেশগুৰি পাও পাও হৈছো| হঠাতে ৰাস্তাৰ কাষৰ ঘৰ এটাৰপৰা কনমানি দুজন দৌৰি ওলাই আহিল| কান্ধত তেওঁলোকৰ স্কুলবেগ| পিন্ধনত চিভিল| তেওঁলোকে নাজানে ৰাজনীতি কি, চিকিউৰিটি কি, অসম বন্ধ কি| দেওবাৰৰ বাহিৰে আনদিনাখন সদায় স্কুললৈ যাব লাগে-মাথো সেয়াহে জানে| সেয়েহে চাগে’ আজিও মাকে উলিয়াই নিদিয়াৰ বাবে চিভিল ড্ৰেচতেই দৌৰিলে| পাচে পাচে মাক| দৌৰি দৌৰি পোৱালি দুটাক ধৰিব পৰা নাই| মাকে পিছপিনৰ পৰা চিঞৰি আছে –“বাবা, আজি স্কুল নাই নহয়|” পোৱালি দুটাৰ মাজৰ পৰা এজনে ওলোটাই ধৰিছে –“ কিয় হব? আজিতো চানদে নহয়|” হেৰা ! সিতো নাজানে, সি য’ত জন্ম লৈছে. তাত যেতিয়াই তেতিয়াই চানদে হৈ যায়| প্ৰধানমন্ত্ৰীৰ আগমনতো চানদে হৈ যোৱা কথাটো সি বাৰু কেনেকৈ মানি লব?

ষষ্ঠ দৃশ্যঃ
সময় ৰাতিপুৱা ৮.৩৫| স্থান আদাবাৰী বাছ আস্থান| ৰাস্তাৰ কাষত যাত্ৰীৰ ভিৰ| কিন্তু গাড়ী নাই| আনকি ট্ৰেকাৰো চলা নাই| যিওবা দুই-এখন চিটিবাছ চলিছে, তাতো পুলিচহে আছে| ৰিজাৰ্ভ| কাৰণ, আজি প্ৰধানমন্ত্ৰী আহিব| এগৰাকী মহিলা যাত্ৰী আউলী-বাউলী হৈ গাড়ীৰ আগত আহি হাত ডাঙিলেহি| আমাৰ গাড়ীৰ সন্মুখত ডাঙৰকৈ লিখা আছে “ON IIT DUTY” বুলি| তাৰ পাচতো হাত ডঙা মানে কথা কিবা গুৰুতৰেই চাগে’| সাজ-সজ্জায়ো চাগে’ গাড়ীচালকক কিবা ভৱাই তুলিলে| গাড়ীখন অলপ সময়ৰ বাবে ৰ’ল| “ৰঙিয়ালৈ যাব পাৰিম?” হেন্দিমেনজনৰ লগত তেওঁৰ কিবা কথা হ’ল আৰু গাড়ীখন গুছি আহিল| পাচতহে হেন্দিমেনজনৰপৰা গম পালো, মানুহগৰাকীৰ হেনো দেউতাক ঢুকাইছে| ট্ৰেইন ৰখি ৰখি বাতিল হোৱা বুলি জানি শেষত তেওঁ এইখিনি পালেহি| হায় ! দেউতাকৰ শৱদেহটো‍ও তেওঁ শেষবাৰলৈ চাব নোৱাৰিব| কাৰণ আজি প্ৰধানমন্ত্ৰী আহিব| আধাৰশিলা স্থাপন কৰিবলৈ(কিহৰ নাজানো)|

শেষ দৃশ্যঃ
স্থান গনেশগুৰি ফ্লাই অভাৰৰ কাষ| সময় ৮.০০| চানমাৰীৰ ফালৰপৰা অহা সকলো গাড়ী সচিবালয়ৰ ফাললৈ অহাত বাধা দি গাড়ীবোৰ হেঙেৰাবাৰীৰ মাজেৰে ঘূৰাই পঠোৱা হৈছে| কাৰণ জানিব বিচৰাত পহৰাৰত চিপাহী এজনে কলে- প্ৰধানমন্ত্ৰী আহিব| সেয়েহে সেইটো ৰাস্তা ৰিজাৰ্ভ কৰা হৈছে| চহৰৰ এক ব্যস্ত অঞ্চলৰ এক অতি ব্যস্ত ৰাস্তা ৰিজাৰ্ভ কৰা হৈছে| তাকো এক অভিনৱ কাৰণত| প্ৰধানমন্ত্ৰী আহিব| আৰু প্ৰধানমন্ত্ৰী যেতিয়ালৈকে থাকে, তেতিয়ালৈকে ৰিজাৰ্ভ কৰা থাকিব সেইটো ৰাস্তা| এইখিনি সময়ৰ ভিতৰত যিমান গাড়ী নাবাৰ্ড বা চুপাৰ মাৰ্কেটলৈ যাব বিচাৰে, ৩ মাইল অধিক গাড়ী চলাই চহৰৰ সৰু গলি কিছুমানেৰে তেওঁলোক গন্তব্যস্থানলৈ যাব পাৰিব| সেয়া তেওঁলোকৰ বাবে আজিৰ দিনটোৰ বনাচ| কাৰণ… কাৰণ আজি প্ৰধানমন্ত্ৰী আহিব|

মাননীয় প্ৰধানমন্ত্ৰী মহোদয়,
এটা মাত্ৰ আধাৰশিলা স্থাপন কৰিবলৈ (আপোনাৰ আগমনৰ উদ্দেশ্য ভালকৈ নাজানো) আপুনি অসমলৈ অহাৰনো কি প্ৰয়োজন? আপুনিতো নাজানেই যে আপোনাৰ সৰুমটৰীয়া বাসভৱনলৈ যোৱা ৰাস্তাত গধূলি সময়ত উদণ্ড ল’ৰাৰ মদ-ভাঙৰ অবাধ আড্ডা| ৰাস্তাটোৰ কথা নকোৱেইবা, বিদ্যুতৰ যোগানো নিয়মীয়া নহয়| তেনে স্থলত এদিন মাত্ৰ দেখা দি আমি সমস্যাৰ লগত ফেপেৰি পাতি বসবাস কৰাসকলৰ স্থিৰ হবলৈ ধৰা জনজীৱনটোক কিয়নো আৰু অস্থিৰ কৰি তুলিব লাগে? আপুনিতো চৰকাৰী খৰচত বিলাসী যাত্ৰাৰে আহি এক কন্নী মছলা পেলাই আধাঘণ্টাৰ ভাষন এটাৰে দায়িত্ব শেষ কৰি গুছি যাবগৈ| কিন্তু সেই বুঢ়াজনৰ, যিয়ে ৰাতিপুৱাই উঠি দালি-ভাত বনাই বেমাৰীৰ পথ্য লৈ ওলাই আহি ৰিক্সা এখনৰ বাবে বেমাৰীৰ ওচৰত যাব নোৱাৰিলে, তেওঁৰ আৰু সেই বেমাৰীজনৰ কি হব আপুনি ভাৱিছেনে? ভাৱিছেনে এদিন ৰিক্সা নচলালে এমুঠি ভাত খাব নোপোৱা ৰিক্সাৱালাজনৰ কি হব, যাক আপোনাৰ সুৰক্ষাৰ বাবে মূল ৰাস্তালৈ অহাত নিশেধাজ্ঞা আৰোপ কৰা হৈছে| দুই ফালে ভাবুকি শুনি ব্যৱসায়ীজনে কি সিদ্ধান্ত লব অথবা স্কুললৈ বুলি দৌৰা লৰাহতক মাকে কি বুলি বুজাব আপুনি কব পাৰিবনে? আপুনি কেতিয়াবা অনুভৱ কৰিব পাৰিবনে পিতৃবিয়োগত শেষ বাৰৰ বাবে দেউতাকৰ মুখ চাব নোৱাৰা মহিলাগৰাকীয়ে গোটেই জীৱনজুৰি পাই থকা ব্যথা? কোনে বন্ধ দিছে, সেয়া ডাঙৰ কথা নহয়| কিয় বন্ধ দিছে, সেয়াহে ডাঙৰ কথা| তাতে যদি এগৰাকী প্ৰধানমন্ত্ৰীৰ আগমনে সৰ্বসাধাৰণৰ জীৱনযাত্ৰা ব্যাহত কৰে, তেন্তে আপোনালৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিম, যিকোনো সংগঠনৰেই এই বন্ধ উত্সৱ বন্ধ কৰিব নোৱাৰালৈকে আপুনি অন্ততঃ অসমলৈ নাহিব|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments