প্ৰবন্ধ আৰু সমীক্ষা লেখন-ড° মৃণাল জ্যোতি গোস্বামী,ড° জোনমণি গগৈ,ড° মিলন নেওগ


মানুহে মনৰ ভাব প্ৰকাশ কৰিবলৈ লিখিত সাহিত্য সৃষ্টি কৰাৰ দিনৰে পৰা বৰ্তমানলৈকে লিখনিৰ ভিন ভিন ধৰণৰ ধাৰা কিছুমানৰ জন্ম হৈছে৷ কোনোৱে হয়তো কবিতা, খেনোৱে গল্প, উপন্যাস, গদ্য সাহিত্যৰ মাজেৰে নিজৰ মনৰ ভাব প্ৰকাশ কৰে৷ তেনেদৰেই এদিন আৰম্ভ হৈছিল প্ৰবন্ধ লিখনৰ পদ্ধতি৷ ঠিক সেইদৰে কাৰোবাৰ লিখনিৰ পুনৰ আলোচনাৰ বাবে আৰম্ভ হ’ল সমীক্ষা লিখনৰ ধাৰা৷ তেনেদৰেই এনে লিখনিসমূহত আমি কি বোৰ দিশত গুৰুত্ব প্ৰদান কৰিব লাগে সেই বিষয়েও কিছু কথাৰ আলোচনা আৰম্ভ হ’ল৷ এই লিখনিটোৰ জৰিয়তে আমি প্ৰবন্ধ আৰু সমীক্ষা লিখোতে মূলতঃ কি কি দিশত গুৰুত্ব প্ৰদান কৰিব লাগে সেই বিষয়ে থোৰতে আলোচনা আগ বঢ়াম৷    

প্ৰবন্ধ লেখনঃ

প্ৰবন্ধ বুলিলে ভাবসমৃদ্ধ, মননশীল, যুক্তিনিষ্ঠ গদ্য ৰচনাক বুজায়৷ কোনো এটি বিষয়ৰ সামগ্ৰিক ধাৰণাৰ ওপৰত ভিত্তি কৰি লিখা সাহিত্যকৰ্মই ৰচনা৷ ৰচনা শব্দৰ অৰ্থগত ধাৰণা হেমকোষ আৰু চন্দ্ৰকান্ত অভিধানত যথাক্ৰমে ‘‘লিখা গদ্য বা পদ্য’’ আৰু ‘‘লিখা-কৰ্ম; প্ৰবন্ধ; লিখিত বৰ্ণনা’’ বুলি উল্লেখ কৰা হৈছে৷ ৰচনা শব্দটি সংস্কৃত ৰচ্‌ ধাতুৰ পৰা নিষ্পন্ন হোৱা বুলি দেখুওৱা হৈছে৷ দুয়োখন অভিধানতে শব্দটিৰ ইংৰাজী প্ৰতিশব্দ ৰূপে ‘‘a literary composition, an essay’’ এইৰূপে উল্লেখ কৰা হৈছে৷ ঠিক তেনেদৰে প্ৰবন্ধ শব্দটিৰো প্ৰতিশব্দ হিচাপে ইংৰাজী ‘essay’, ‘literary composition’ আৰু ‘অসমীয়া ৰচনা’, ‘নিবন্ধ’ ইত্যাদি শব্দ উক্ত অভিধান দুখনিত দেখুওৱা হৈছে৷ ইয়াৰ দ্বাৰা এটা সিদ্ধান্তত উপনীত হ’ব পৰা যায় যে, অসমীয়া ভাষাত ‘ৰচনা’ আৰু ‘প্ৰবন্ধ’ দুয়োটি অভিধাই সমাৰ্থত ব্যৱহাৰ কৰা হয়৷ ইংৰাজী ভাষাৰ বহুল প্ৰচাৰিত essay শব্দৰ অসমীয়া প্ৰতিশব্দ হিচাপে এই শব্দটিক সূচোৱা হয়৷ 

আভিধানিক অৰ্থৰ পৰিসীমাৰ বাহিৰত, ৰচনা আৰু প্ৰবন্ধ দুয়োটি শব্দই ব্যুৎপত্তিগত অৰ্থত কিন্তু ইয়াতকৈও অধিক অৰ্থগত ধাৰণা বহন কৰে৷ সৃষ্টিশীল সাহিত্য ৰূপে সাহিত্যৰ বিশাল জগতখনত প্ৰবন্ধৰ এক সুকীয়া স্থান আছে৷ সংস্কৃত অভিধান মতেও প্ৰবন্ধ, নিবন্ধ ইত্যাদি হ’ল ‘‘প্ৰকৃষ্ট বন্ধনযুক্ত সাহিত্যকৰ্ম’’৷ প্ৰবন্ধ সদায় এটি বিশেষ বিষয়ৰ সামগ্ৰিক ধাৰণাৰ ওপৰত ভিত্তি কৰি লিখা হয়৷ কিন্তু এনে ধাৰণাক জধে-মধে প্ৰয়োগ কৰি লিখি উলিয়ালেই সি প্ৰবন্ধ নাম পাবৰ উপযোগী হৈ নুঠে৷ বিষয়টোৰ ধাৰণাক ভাব, ভাষা, চিন্তা, মনন আৰু উপস্থাপন-ৰীতিৰ সমন্বয়ত বিশ্লেষণাত্মক দৃষ্টিৰে সকলোৰে উপযোগীকৈ প্ৰতিপাদন কৰিব পাৰিব লাগিব৷ ইংৰাজী essay শব্দৰো অৰ্থ সেইবাবেই এনেকৈ দিয়া হৈছে– ‘‘a short literary composition dealing with a subject analytically or speculatively.’’ ৰচনাত লিখকজনৰ ব্যক্তিগত ধাৰণাৰ ওপৰত ভিত্তি কৰি লেখা বিষয়টোক সামূহিক চিন্তাৰ প্ৰতিফলনলৈ ৰূপান্তৰিত কৰিব পৰাৰ প্ৰয়াস থাকিব লাগিব৷ এই আলোচনাৰ পৰা সামগ্ৰিকভাৱে এই সিদ্ধান্তত উপনীত হ’ব পাৰি যে কোনো এটা বিষয় সম্পৰ্কে যুক্তি-বিশ্লেষণ তথা তথ্যানুসাৰে লিখা কথাই হ’ল প্ৰবন্ধ৷ সৃষ্টিশীল সাহিত্য কল্পনাপ্ৰধান হোৱাৰ বিপৰীতে প্ৰবন্ধ হ’ল চিন্তাপ্ৰধান ব্যাখ্যাত্মক ৰচনা৷ বস্তুনিষ্ঠতা, চিন্তাৰ মৌলিকতা, ভাবৰ সমন্বয়, যুক্তিসন্মত বিচাৰ, তথ্যৰ সঠিক সংশ্লেষণ আৰু গঠনৰীতিৰ সুসংবদ্ধতা প্ৰবন্ধৰ মুখ্য বৈশিষ্ট্য৷

এতিয়া প্ৰশ্ন হ’ব পাৰে যে প্ৰবন্ধৰ কাম কি? প্ৰবন্ধৰ মুখ্য কাম চিন্তাৰ উদ্বেগ কৰা৷ অৰ্থাৎ কোনো বিষয়, দৰ্শন, পৰিস্থিতি বা ঘটনা সম্পৰ্কে মানুহক ভাবিবলৈ উৎসাহিত কৰা বা চিন্তাৰ বাট দেখুওৱা অথবা পূৰ্বাপৰ চলিত ধাৰণা এটাৰ ত্ৰুটি-বিচ্যুতি দাঙি নতুনকৈ বিচাৰ কৰাবলৈ অনুপ্ৰাণিত কৰা৷ এনে চিন্তাৰ বিষয় বিভিন্ন হ’ব পাৰে, যেনে –আমাক ধৰ্ম কিয় লাগে? জীৱনৰ উদ্দেশ্য কি? ইতিহাসে সাম্প্ৰতিক সমাজক কি দৰে সমৃদ্ধ কৰিব পাৰে? বৃহৎ নদীবান্ধ কিয় নালাগে বা লাগে? ক’ভিড-১৯ ৰোগ কেনেদৰে বিয়পে? ইত্যাদি ইত্যাদি৷ অৰ্থাৎ, প্ৰবন্ধৰ বিষয় ইতিহাস-অৰ্থনীতি, সাহিত্য-সমাজ আদি বিভিন্ন হ’ব পাৰে৷ কেতিয়াবা অৱশ্যে কোনো এটা বিষয়ৰ জটিল কথাবোৰ, মূলসূত্ৰবোৰ সহজ কৰি জনপ্ৰিয় কৰিবৰ বাবেও প্ৰবন্ধ লিখা হয়৷ যেনে- মাৰ্ক্সৰ ‘দ্বন্দ্বাত্মক বস্তুবাদ’ বা নিউটনৰ ‘প্ৰিন্সিপিয়া’ৰ সূত্ৰবোৰ বা শংকৰাচাৰ্যৰ ‘অদ্বৈতবাদ’ৰ বিষয়ে সহজকৈ বুজাবলৈ ভালেমান উৎকৃষ্ট প্ৰবন্ধ ৰচনা কৰা হৈছে৷ কেতিয়াবা তুলনামূলক বিচাৰ কৰাও প্ৰবন্ধৰ উদ্দেশ্য হ’ব পাৰে৷ তুলনাই বিষয় এটাৰ মৰ্মাৰ্থ বুজাত সহায় কৰে৷ কেতিয়াবা বিভিন্ন বিভাগৰ তথ্য বা সূত্ৰৰে সমাজয ইতিহাস/অৰ্থনীতি/ৰাজনীতি বা অন্য বিষয়ৰ কোনো দিশক উদ্‌ঘাটন কৰিব পাৰি৷ ‘অসমলৈ জনপ্ৰব্ৰজন’ –এই বিষয়টোৰ লগত ইতিহাস, ৰাজনীতি, জনগাঁথনিৰ পৰিবৰ্তন, কৃষি অৰ্থনীতি, নিয়োগ আদি অনেক দিশ জড়িত আছে৷ 

এই আলোচনাৰ পৰা এটা কথা স্পষ্ট ৰূপে ফুটি উঠিছে যে, প্ৰবন্ধ বিচিত্ৰ বিষয়ভিত্তিক হ’ব পাৰে৷ এনে বিষয়বোৰক লৈ প্ৰবন্ধ লেখাৰ মূল উদ্দেশ্য হ’ল বিষয়বোৰৰ সম্পৰ্কে মানুহক চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰা৷ চিন্তা কৰিবলৈ উৎসাহিত কৰিবলৈ প্ৰাবন্ধিকজন নিজেও অত্যন্ত চিন্তাশীল হ’ব লাগিব৷ এই চিন্তাশীলতা কেনেকৈ আহৰণ কৰিব পাৰি? 

প্ৰথমতে গভীৰ আৰু সূক্ষ্ম অধ্যয়নৰ মাজেদি 

দ্বিতীয়তে প্ৰখৰ অন্তদৃৰ্ষ্টিৰে সমাজ আৰু ইতিহাসৰ পৰ্যবেক্ষণৰ মাজেদি।

তৃতীয়তে দায়বদ্ধতা আৰু বস্তুনিষ্ঠ বিশ্লেষণ ক্ষমতাৰ মাজেদি৷ 

গতিকে প্ৰবন্ধ লেখিবলৈ লেখকজন গভীৰভাৱে অধ্যয়নপুষ্ট হ’বই লাগিব৷ লিখিব খোজা প্ৰবন্ধটোৰ বিষয় সম্বন্ধে প্ৰাবন্ধিকজন নিজে স্পষ্ট হ’ব লাগিব৷ লগতে চাব লাগিব প্ৰাবন্ধিকজনে প্ৰবন্ধটো কিয় লিখিব খুজিছে? প্ৰথম, সেই বিষয়টো সম্বন্ধে ইতিমধ্যে যিমানবোৰ কথা কোৱা হৈছে সেইবোৰত ক’ৰবাত অসম্পূৰ্ণতা আছে; দ্বিতীয়তে সেইবোৰত ক’ৰবাত ভুল ব্যাখ্যা হৈ আছে যিটো প্ৰাবন্ধিকজনে আঙুলিয়াই দিব বিচাৰিছে; তৃতীয়তে বিষয়টোৰ সম্পৰ্কত প্ৰাবন্ধিকজনে নতুন তথ্য বা ব্যাখ্যা বিচাৰি পাইছে – যিটোৱে বিষয়টোক নতুন মাত্ৰা দিব পাৰে, চতুৰ্থতে, প্ৰাবন্ধিকৰ কিবা পৰামৰ্শ দিবলগীয়া আছে, ইত্যাদি৷ গতিকে প্ৰবন্ধ একোটাত এই কথাখিনি প্ৰকাশ পাব লাগিব৷ তাৰ বাবে প্ৰাবন্ধিকজনে পূৰ্বে প্ৰকাশিত/আলোচিত সকলো কথা খৰচি মাৰি পঢ়িব লাগিব৷ পঢ়াৰ পিছত বিষয়টোৰ লগত জড়িত অন্যান্য ক্ষেত্ৰবোৰৰ পৰা পোৱা তথ্য/যুক্তি, সূত্ৰ (তত্ত্ব)ৰ পোহৰত আৰু নিজা চিন্তাৰ পোহৰত বিশ্লেষণ কৰিব লাগিব৷ আলোচনাৰ প্ৰসংগত অসমৰ এগৰাকী আগশাৰীৰ প্ৰাবন্ধিক হীৰেন গোহাঁইৰ এষাৰ কথা উল্লেখ কৰিব পাৰি– “যিজন লোকে কিতাপ-পত্ৰ বেছি নপঢ়ে, নিজৰ মনক বেছি প্ৰশ্ন কৰাৰ অভ্যাস যাৰ নাই, শ্ৰোতা বা পাঠকক কিবা জনোৱা বা বুজোৱাৰ উদ্দেশ্য যাৰ নাই – তেনেলোক প্ৰবন্ধকাৰ হিচাপেও সফল নহয়৷ গতানুগতিকতা যিকোনো বিধিৰ সাহিত্যৰে পৰম শত্ৰু৷… …গতানুগতিকতা আৰু নীৰস গদ্দালিকা প্ৰবাহৰ পৰা মুক্ত কৰি সজীৱ মৌলিক চিন্তাৰে প্ৰবন্ধ সাহিত্য সজ্জীৱিত কৰিব লাগিব৷ ভাবৰ সংগতি ভাষাৰ ঔচিত্য সেই উদ্দেশ্যেই চৰ্চা কৰিব লাগিব৷”

অৱশ্যে মন কৰিবলগীয়া যে সকলো প্ৰবন্ধই একে সূত্ৰৰে ৰচনা কৰিব নোৱাৰি৷ ধৰা হওক, বাংলা সাহিত্যৰ অম্লান দত্তৰ প্ৰবন্ধসমূহ৷ এইবোৰত বেছিভাগতে লেখকৰ নিজস্ব মৌলিক চিন্তাহে মূল সম্পদ৷ সাম্প্ৰতিক শিক্ষা ব্যৱস্থা, ইতিহাস, সমাজ, শিক্ষা আদি সকলো বিষয়ক প্ৰবন্ধতে দত্তই আনে নভবা, নেদেখা, নিচিন্তা কিছু দিশ চুম্বকধৰ্মী ভাষাৰে আঙুলিয়াই দিছে৷ একেদৰে লক্ষণীয় বেজবৰুৱাৰ তত্ত্বকথাৰ প্ৰবন্ধসমূহ ল’ব পাৰি৷ ইয়াত বেজবৰুৱাই হিন্দু ধৰ্মীয় শাস্ত্ৰৰ আধাৰত ভগৱৎ তত্ত্বক নিজা ভংগীৰে নানা উদ্ধৃতি উদাহৰণৰে আৰু শংকৰদেৱক মাজত ৰাখি আলোচনা কৰিছে৷ উদ্দেশ্য হ’ল– অসমীয়া মানুহক ভগবৎ তত্ত্বৰ জটিল তত্ত্ববোৰ সহজকৈ বুজোৱা আৰু সমান্তৰালভাৱে শংকৰদেৱৰ গুৰুত্ব প্ৰচাৰ কৰা৷ দত্ত আৰু বেজবৰুৱাৰ প্ৰবন্ধৰ বিষয় আৰু উদ্দেশ্য বেলেগ৷ গতিকে তাৰ ৰচনাৰীতি ভাষাৰূপ আৰু বিচাৰ ধাৰাত বেলেগ বেলেগ হ’ব৷ আকৌ যদি কোনোজনে বেজবৰুৱাৰ তত্ত্বকথাৰ বিষয়েই এটা প্ৰবন্ধ লিখিব খোজে, তেতিয়া তেওঁ তত্ত্বকথাৰ বিষয়বস্তু ৰচনাৰীতি, বেজবৰুৱাৰ ভাষা শৈলী তত্ত্বকথাত বেজবৰুৱাৰ আদৰ্শ বা মতাদৰ্শগত প্ৰাৱল্য, বিশ্লেষণৰ ধৰণ, অধ্যয়নৰ ব্যাপ্তি আদিবোৰ কথাই আলোচিত হ’ব৷ লগতে তত্ত্বকথা সম্পৰ্কে বা বেজবৰুৱাৰ তত্ত্বচিন্তা সম্পৰ্কে বিভিন্নজনৰ মন্তব্যত হয়তো প্ৰাবন্ধিকে নিজৰ সমৰ্থনত সংযোগ কৰিব যিবোৰক তথ্যসূত্ৰ বুলি পাদটীকাত স্থান পাব৷ 

কিছুমান প্ৰবন্ধ মূলক চিন্তাধৰ্মী, কিছুমান আলোচনাধৰ্মী, কিছুমান তথ্যপ্ৰধান, কিছুমান যুক্তিপ্ৰধান, কিছুমান বিশ্লেষণাত্মক আৰু কিছুমান সমীক্ষাত্মক ইত্যাদি৷ এই ভাগবোৰ কৰা হৈছে মূলতঃ প্ৰবন্ধৰ উদ্দেশ্য আৰু বিচাৰধাৰা অনুসৰি৷ হলেও তলসুতীয়াকৈ সকলো প্ৰবন্ধৰে মূল কথা এটাই– চিন্তাৰ ব্যাপ্তি৷ 

প্ৰবন্ধৰ বাবে প্ৰয়োজনীয় উপাদান হ’ল ভাব, ভাষা আৰু প্ৰকাশভংগী৷ প্ৰবন্ধ এনে এক সাহিত্যকৰ্ম য’ত ভাবৰ প্ৰকাশ বস্তুনিষ্ঠতাৰে ঘটিব লাগে৷ সেইবাবে ইয়াত ভাবৰ উৎসাহৰ সলনি থাকিব লাগে এক মননশীল লীলায়িত গতি৷ প্ৰবন্ধ এটা লিখি প্ৰাবন্ধিকজনে কি ক’ব বিচাৰিছে সেই বিষয়ে তেওঁ পোনতে মনৰ মাজত জুকিয়াই লোৱা বা প্ৰবন্ধটোৰ জঁকা নিৰ্মাণ কৰি ল’ব লাগে৷ পাঠকৰ চিন্তাৰ গতি তথা লক্ষ্য পৰিষ্কাৰকৈ বুজিব লাগিব৷ তাৰ বাবে কোনটো যুক্তি, কোনটো তথ্য কেতিয়া উপস্থাপন কৰিব লাগিব, সেই সম্পৰ্কে সতৰ্ক হ’ব লাগিব৷ চিন্তাৰ ক্ৰম আৰু পৰিচ্ছন্নতাৰ প্ৰতি সজাগ নহৈ জধে-মধে চিন্তাবোৰ ঢালি দিলে প্ৰবন্ধ পাগত নুঠে৷ এই খিনিতে পেৰাগ্ৰাফৰ বিষয়টো আহি পৰে৷ ঠিক সেইদৰে, ইয়াতেই আহি পৰে প্ৰবন্ধৰ প্ৰকাশভংগীৰ কথা৷ প্ৰবন্ধৰ প্ৰকাশভংগী সদায়েই ‘যথাযথ’ হোৱা উচিত৷ যথাযথ শব্দৰ দ্বাৰা ইয়াত যি বিষয়ৰ প্ৰবন্ধ লিখকে লিখিবলৈ লয়, সেই বিষয়ৰ লগত ৰজিতা খোৱাকৈ একোটা সুনিৰ্দিষ্ট শৈলী নিৰ্বাচন কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কোৱা হৈছে৷ 

প্ৰবন্ধ লিখাৰ বাবে আন এক প্ৰয়োজনীয় অথচ মৌলিক চৰ্ত হ’ল লিখকজনৰ মননশীলতা৷ লিখকজনৰ চিন্তাৰ আৱৰ্তত যি বিষয়ৰ ধাৰণা উদ্ভুত হয়, সেই ধাৰণাক সম্পূৰ্ণ মননশীল দৃষ্টিভংগীৰে উপস্থাপন কৰিব লাগে৷ ভাবৰ মুক্ত প্ৰকাশেই প্ৰবন্ধ নহয়, যদিহে তাত লিখকজনৰ মনৰ কোঠালিত জন্ম পোৱা ধাৰণাক, চিন্তাৰ কষটি শিলত আচাৰ খুৱাই পাঠকৰ গ্ৰহণযোগ্য হোৱাকৈ সম্প্ৰসাৰিত কৰা নহয়৷ মনন আৰু চিন্তনক ৰূপ দিবলৈ যাওঁতে যাতে প্ৰবন্ধৰ মূল বক্তব্যৰ আঁত হেৰাই নাযায় সেই কথালৈ সততে দৃষ্টি ৰাখিব লাগে৷ প্ৰবন্ধ লেখাৰ মাধ্যম হ’ল গদ্য৷ গদ্যৰ মূল কথাই হ’ল ই কাব্যভাষাৰ দৰে ৰসাল, কোমল অথবা স্পন্দিত নহয়৷ যুক্তি আৰু চিন্তাৰ বাহন গদ্য৷ সঠিক গদ্যই ইপ্সিত কথাখিনিক যথাযথভাৱে প্ৰকাশ কৰিব, সেয়া গুৰুত্বপূৰ্ণ৷ তাৰ বাবে প্ৰাবন্ধিকে যি ভাষাত প্ৰবন্ধ লিখিব খোজে সেই ভাষাৰ উৎকৃষ্ট গদ্যকাৰসকলৰ ৰচনা মনোযোগেৰে পঢ়িব লাগিব৷ আন্তৰ্জাতিক পৰিভাষাবোৰৰ ভাষান্তৰ কিদৰে হৈছে তাৰ খবৰ ৰাখিব লাগিব৷ সেই ভাষাৰ অভিধান মনোযোগেৰে অধ্যয়ন কৰিব লাগিব৷ সেই ভাষাৰ জতুৱা ৰূপটোৰ সৈতে গভীৰভাৱে পৰিচিত হ’ব লাগিব৷ অসমীয়া ভাষাৰ চিন্তাশীল গদ্যৰ বাবে বেজবৰুৱাৰ তত্ত্বকথা, বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্য, মহেশ্বৰ নেওগৰ অৰুনোদয়ৰ পাতনি, হীৰেন গোহাঁইৰ ৰচনাৱলী আদি আদৰ্শ হ’ব পাৰে৷ 

প্ৰবন্ধ লেখিবলৈ প্ৰয়োজনীয় অন্য এটা কথা হ’ল পৰিভাষাৰ জ্ঞান৷ প্ৰতিটো বিষয়ৰে; সাহিত্য, ইতিহাস, অৰ্থনীতি, ভূতত্ত্ব, নৃতত্ত্ব ইত্যাদি সকলোৰে কিছু নিজা নিজা পৰিভাষা থাকে৷ যেনে Magic বা যাদু – নৃতত্ত্বৰ এটা পৰিভাষা৷ চিত্ৰকল্প, চেতনাস্ৰোত আদি সাহিত্য সমালোচনাৰ পৰিভাষা৷ এই পৰিভাষাবোৰৰ অবিহনে প্ৰবন্ধ লেখা সম্ভৱ নহয়৷ কিন্তু কথা হ’ল সাধাৰণ পাঠকে এই পৰিভাষাবোৰৰ লগত কিমান দূৰ পৰিচিত? গতিকে প্ৰাবন্ধিকে কাৰ বাবে লিখিব সেইটোও গুৰুত্বপূৰ্ণ৷ সাহিত্য বিষয়ৰ উচ্চ পৰ্যায়ৰ আলোচনীত সাহিত্যৰ পৰিভাষাবোৰ বিনাদ্বিধাই ব্যৱহাৰ কৰিব পাৰি৷ কাৰণ সেই আলোচনীখন সাহিত্য বিষয়ৰ জ্ঞান থকা সকলেই পঢ়িব৷ কিন্তু যেতিয়া সাধাৰণ পাঠকৰ বাবে লিখিবলগীয়া হয়, তেতিয়া পৰিভাষাৰ নিৰ্বাচন, সৰলীকৰণ আদি কথাও আহি পৰে৷ 

প্ৰবন্ধ লিখোঁতে লিখকৰ প্ৰকাশভংগী আৰু বিষয়বস্তুৰ উপস্থাপন কৌশলৰ দিশটোক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা উচিত৷ প্ৰতিগৰাকী লিখকৰে একো একোটি নিজস্ব লিখনভংগী থাকে, ৰচনাৰীতি থাকে৷ ইংৰাজীতো এষাৰ কথা আছে Style is the man, লিখকজনৰ প্ৰকাশভংগী আৰু উপস্থাপন কৌশলৰ কথাবোৰেই তেওঁৰ ৰচনাৰীতিক গঢ় দিয়ে৷ মনত ৰখা উচিত যে, লিখক এজনৰ ব্যক্তিগত ধাৰণা, মনন, চিন্তন আৰু প্ৰকাশৰ সুকৌশলী প্ৰয়োগতহে প্ৰবন্ধই যোগ্যতাৰ ৰূপত প্ৰকাশ লাভ কৰিব পাৰে৷ ৰচনাৰীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা এয়ে যে, প্ৰবন্ধৰ মাধ্যমত লিখকজনৰ ব্যক্তিত্বৰ প্ৰকাশো ঘটে, সেয়ে ৰীতি বা style নিৰ্বাচন কৰোঁতে তেওঁ যথেষ্ট পৰিমাণে অনুশীলন কৰি ল’ব লাগে, যাতে পাঠকৰ দৃষ্টিত লিখকজনৰ এটি অন্তৰ্লীন চাপ তেওঁৰ সৃষ্টিত ধৰা পৰে৷ মন কৰিবলগীয়া যে প্ৰবন্ধ লিখিবৰ বাবে কেৱল তথ্য আৰু জ্ঞান থাকিলেই এখন সুন্দৰ-মনোগ্ৰাহী প্ৰবন্ধ লিখি উলিয়াব নোৱাৰি৷ প্ৰবন্ধৰ সামৰণিটোও তাৎপৰ্য্যপূৰ্ণ৷  প্ৰবন্ধটোৰ জৰিয়তে লেখকৰ বক্তব্য, পৰামৰ্শ বা সমালোচনাৰ সাৰ কথা স্পষ্ট হ’ব লাগে৷ 

প্ৰবন্ধ এটা লিখিবলৈ হ’লে আমি আৰু কেতবোৰ বিশেষ দিশত গুৰুত্ব দিব লাগে—

    প্ৰবন্ধত সাধাৰণতে অনাৱশ্যকীয় কথাবিলাক বাদ দি মূল কথাবোৰহে উপস্থাপন/ব্যাখ্যা কৰিব লাগে৷ দীঘলীয়া কৰিবলৈ গৈ অনাৱশ্যকীয় কথাবিলাক যোৰা দিলে প্ৰবন্ধটি ভাল নহৈ বেয়াহে হ’বগৈ৷ অৱশ্যে সততে মনত ৰাখিব লাগে যাতে বিষয়টোৰ আৱশ্যকীয় কোনো কথা বাদ পৰি নাযায়৷ 

  পুনৰুক্তিকৰণ বাদ দিব লাগে৷ কোনো আখ্যান যদি প্ৰয়োজন সাপেক্ষে লিখিব লগা হয়, তেন্তে সেয়া অতি সংক্ষেপেহে উল্লেখ কৰিব লাগে৷ 

   প্ৰবন্ধৰ ভাষা সদায় অতি মাৰ্জিত আৰু পৰিপাটি হ’ব লাগে৷ এঠাইত অতি জটিল ভাষা আৰু এঠাইত অতি সৰল ভাষা ব্যৱহাৰ কৰা উচিত নহয়৷ কিছুমান লোকৰ ভাষা স্বভাৱতে শুৱলা আৰু অলংকাৰপূৰ্ণ৷ এইসকল লোকে যিকোনো কথা অতি সহজতে অলংকাৰাদি প্ৰয়োগৰ দ্বাৰা শুৱলাকৈ প্ৰকাশ কৰিব পাৰে৷ এনে ভাষা সকলোৰে বাবে সম্ভৱপৰ নহয়৷ কিছুমানে এনে ভাষা বহুত ভাবি চিন্তিও লিখিব নোৱাৰে৷ গতিকে, প্ৰবন্ধ লিখোতে যিয়ে যেনে ভাষা লিখিব পাৰে, তেনে ভাষাৰে লিখা উচিত৷ ভাষা শুৱলা কৰিবলৈ গৈ ভাবি-চিন্তি থাকিলে বৰঞ্চ সময়হে অপব্যয় হ’ব৷ 

   প্ৰবন্ধ লিখোঁতে বিষয়বস্তুৰ লগত সংগতি থকা কেতবোৰ উদ্ধৃতি দিব পাৰি যদিও সেইবোৰ বৰ বেছিকৈ দিব নালাগে৷ মন কৰিবলগীয়া যে, এই উদ্ধৃতিসমূহ ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে সেয়া প্ৰবন্ধটো লিখিবলৈ মানি চলা নিয়মানসুৰি (referencing style) উল্লেখ কৰিব লাগে আৰু শেষত সেই নিৰ্দিষ্ট নিয়মানুসাৰেই প্ৰসংগগ্ৰন্থ বা তথ্যসূত্ৰ উল্লেখ কৰিব লাগে৷ আনৰ কথা নিজৰ ধৰণে লিখিলেও প্ৰসংগসূত্ৰ উল্লেখ কৰা উচিত৷ নহ’লে সেয়া কুম্ভিলক বৃত্তিৰ (plagiarism) অন্তৰ্ভুক্ত হ’ব৷ আনকি আগতে নিজে লিখা প্ৰবন্ধৰ পৰা পোনে পোনে উল্লেখ কৰিলেও প্ৰসংগসূত্ৰ উল্লেখ কৰিব৷ নহ’লে সেয়াও স্ব-কুম্ভিলক বৃত্তিৰ ভিতৰত পৰিব৷ প্ৰবন্ধ লিখকে এই দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা উচিত৷  

   প্ৰবন্ধ এটি লিখিবলৈ লওঁতে আমি কেইটামান দিশত মন দিয়া উচিত— বিষয়বস্তুৰ সম্যক আৰু সামগ্ৰিক ধাৰণা, বিষয়বস্তুৰ ৰূপৰেখা অংকন, বিষয়বস্তুৰ ব্যৱহাৰিক ব্যাখ্যান আৰু উপসংহাৰ৷ উপসংহাৰত লেখকে নিজৰ মন্তব্য প্ৰকাশ কৰিব লাগে৷ আৰম্ভণিৰ দৰে এই বিভাগটোও দীঘলীয়া হ’ব নালাগে৷ মন্তব্যত আক্ৰমণাত্মক, আক্ৰোশমূলক, সাম্প্ৰদায়িকতা বা জাতিগত, আৱেগিক আদি কথা থাকিব নালাগে৷ এনে উপসংহাৰে ৰচনাখনক গাম্ভীৰ্য আৰু চমক প্ৰদান কৰে৷

অৱশ্যে, মনত ৰাখিবলগীয়া এয়ে যে প্ৰবন্ধৰ পৰিসীমাই সাধাৰণ (General) পৰ্যায়ৰ পৰা গৱেষণামূলক (researchcical) স্তৰৰ সকলোকে সামৰিব পাৰে৷

সমীক্ষা লিখনঃ

কোনো সাহিত্যকৃতি মূল্যায়ণ কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৱেই সমীক্ষা বুলি জনা যায়৷ সমীক্ষা শব্দটোৰ আভিধানিক অৰ্থ হ’ল– তন্ন তন্নকৈ কৰা পৰীক্ষা, চালি-জাৰি চোৱা কাৰ্য, সমালোচনা৷ ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে সমীক্ষা লেখন বুলিলে আমি কোনো সাহিত্যপাঠৰ বিষয়ে তন্ন তন্নকৈ চালি-জাৰি চাই সেই বিষয়ে লিখা সমালোচনাৰ কথাই বুজিম৷ এটা কথা ঠিক যে সমীক্ষা লেখনত লেখকজনৰ ভাবাদৰ্শই সকলো কথা নিয়ন্ত্ৰণ কৰে৷ লেখকজনে কোনটো দৃষ্টিকোণৰ পৰা বিশেষ সাহিত্যপাঠ অংশ পৰ্যৱেক্ষণ কৰি সমীক্ষা লিখিব সেয়া অতি গুৰুত্বপূৰ্ণ কথা আৰু ইয়াৰ ফলতেই বিভিন্ন ধৰণৰ সমীক্ষা পদ্ধতিৰো জন্ম হৈছে৷ 

পৰম্পৰাগত ধাৰণা মতে সমীক্ষাই মূলতঃ তিনিটা কাম কৰে– (ক) সাহিত্য পাঠৰ বৰ্ণনা, (খ) পাঠ্যৰ ব্যাখ্যা আৰু (গ) পাঠৰ মূল্যায়ন৷ এই কাম কেইটা সূচাৰুৰূপে সম্পাদন কৰিবলৈ হ’লে সমীক্ষা লেখকজনে কেইটামান বিশেষ দিশত গুৰুত্ব প্ৰদান কৰিব লাগে৷ তলত সেই দিশ কেইটা উল্লেখ কৰা হ’ল–

সমীক্ষকে প্ৰথমতে মূল লিখকজনৰ লিখনিৰ মাজেদি প্ৰকাশ কৰিব বিচৰা দৃষ্টিকোণ উপলব্ধি কৰিব লাগে, পাঠখিনিৰ ভাবাদৰ্শ অনুভৱ কৰিব লাগে৷ নিজস্ব মতামত বা দৃষ্টিভংগী আৰোপ কৰি সমীক্ষা কৰিবলৈ আগবাঢ়িব নালাগে৷ 

মনত ৰখা উচিত যে সাৰাংশ লিখিলেই সমীক্ষা নহয়৷ চমুকৈ সাৰাংশখিনি উল্লেখ কৰি পাঠ্যৰ ব্যাখ্যা আগবঢ়াই মূল্যায়ণ কৰিব লাগিব৷ মূলতঃ মূল্যায়ণ কৰিবৰ বাবেহে সাৰাংশ লিখাৰ প্ৰয়োজনীয়তা উপলব্ধ হয়৷ 

সমীক্ষকে সমীক্ষা কৰিবলৈ লোৱা পাঠটোৰ বিষয়বস্তু তথা তাৰ প্ৰকাশৰীতি সম্পৰ্কে নিজস্ব অভিমত প্ৰকাশ কৰিব লাগে৷ 

পাঠটোৰ অন্তৰ্নিহিত ভাবৰাজি পাঠকৰ সন্মুখত তুলি ধৰিব লাগে৷ 

পাৰিলে একে ধৰণৰ ভাব আৰু চিন্তাৰ সমপৰ্যায়ৰ বা বিপৰীতধৰ্মী পাঠ থাকিলে যথোপযুক্ত, তুলনামূলক আলোচনা আগবঢ়াব লাগে৷ 

সহজ-সৰল, সংযত আৰু পৰিমিত ভাষাৰে সকলোৱে বুজিব পৰাকৈ সমীক্ষাখিনি প্ৰস্তুত কৰা উচিত৷ প্ৰাসংগিক তথ্যহে ইয়াত উল্লেখ কৰিব লাগে৷ ভাষা সদায় স্পষ্ট হোৱা উচিত৷ 

সমীক্ষা সদায়েই বস্তুনিষ্ঠ হোৱা উচিত৷ পাঠ বৰ্হিভূত আৰু অপ্ৰাসংগিক কথা ইয়াত উল্লেখ কৰাৰ প্ৰয়োজন নাই৷ 

নিৰ্মোহভাৱে সকলোখিনি কথা বিশ্লেষণ কৰিব লাগে৷ সমীক্ষক গৰাকীয়ে যে কেৱল প্ৰশংসাই কৰিব লাগে তেনে নহয়৷ ভাবচিন্তা আৰু প্ৰকাশভংগীত কিবা আসোঁৱাহ থাকিলে সেয়াও লিপিবদ্ধ কৰিব লাগে৷ 

সমীক্ষা কিমান দীঘল হ’ব সেয়া নিৰ্ভৰ কৰিব প্ৰাসংগিক মতামতখিনি প্ৰকাশ কৰিবলৈ কিমানখিনি দৈৰ্ঘ্যৰ প্ৰয়োজন– তাৰ ওপৰত৷ সমীক্ষা লিখোতে অযথা দীঘল কৰিবও নালাগে আৰু প্ৰয়োজনীয় কথা বাদ দিও সমীক্ষা প্ৰস্তুত কৰিব নালাগে৷ 

মূল পাঠৰ প্ৰকাশভংগী সমীক্ষাত পৰাপক্ষত ব্যৱহাৰ কৰিব নালাগে৷ সমীক্ষকগৰাকীয়ে নিজস্ব ভাষাশৈলী, ৰীতিৰে সেয়া প্ৰকাশ কৰা যুগুত৷ 

এই দিশ কেইটাত গুৰুত্ব প্ৰদান কৰিয়েই সাধাৰণভাৱে কোনো পাঠৰ সমীক্ষা প্ৰস্তুত কৰিব পাৰি৷ অৱশ্যে ইয়াৰ লগতো আৰু বহু কথা জড়িত হৈ আছে৷ 

সমল গ্ৰন্থ

অসমীয়া গ্ৰন্থ 

১)কটকী, প্ৰফুল্ল (১৯৯৫); প্ৰায়োগিক সমীক্ষা; গুৱাহাটীঃ জ্যোতি প্ৰকাশন৷ 

২)কটকী, প্ৰফুল্ল (২০০৫); সাহিত্য-সংজ্ঞা কোষ; গুৱাহাটীঃ জ্যোতি প্ৰকাশন৷ 

৩)ঠাকুৰীয়া, ৰামমল (১৯৭১); সাহিত্য বিচাৰ; গুৱাহাটীঃ লক্ষ্মী প্ৰকাশ৷ 

৪)ডেকা, ধৰ্মসিংহ (২০০৭); ৰচনা বিচিত্ৰা; গুৱাহাটী৷ 

৫)বৰা, মহেন্দ্ৰ (১৯৮৫); সাহিত্য উপক্ৰমণিকা; গোলাঘাটঃ ভাৰতী বুক ষ্টল

৬)বৰুৱা, তুলতুল (২০০৮); অসমীয়া ৰচনা সংকলন; গুৱাহাটীঃ ষ্টুডেণ্টচ্‌ ষ্টৰচ৷ 

ইংৰাজী গ্ৰন্থ 

৭) Abrams, M. H (1993). A Glossary of Literary Terms. Bangalore: Prism Books Pvt. Ltd. 

৮) Hudson, W. H. (1983). An Introduction to the Study of Literature. New Delhi: Kalyani Publishers.

(পৰৱৰ্তী সময়ত এই বিষয়ে বহলাই লিখিবলৈ যত্ন কৰা হ’ব৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক