প্ৰবাসত মাতৃত্বৰ অনুভৱ (তিৰুজ্যোতি বৰা দাস)

প্ৰবাসত মাতৃত্বৰ অনুভৱ

তিৰুজ্যোতি বৰা দাস

কিছু ব্যক্তিগত:

২০১১ চনৰ ১ ডিচেম্বৰৰ দিনা মই মোৰ দেউতাক হেৰুৱাইছিলোঁ। দেউতা ঢুকুৱাৰ ১৫ দিন আগতে আমাৰ পৰিয়ালটোৱে হেৰুৱাইছিল বৰদেউতা আৰু বৰমাক। সেই যন্ত্ৰণাৰ  সময়খিনিত মই দিগ্‌ভ্ৰান্ত হৈ পৰিছিলোঁ। ব্যক্তিগত জীৱনৰ সকলোতকৈ দুখৰ সময়খিনিত হঠাৎ এক খবৰ আহিছিল যে মই মাতৃ হোৱাৰ পথত। সেই খবৰে মোক মিশ্ৰিত অনুভৱ দিছিল। এফালে অন্তহীন বিষাদগ্ৰস্ততা আৰু আনফালে আহিবলগা সন্তানৰ বাবে দায়িত্ববোধ। প্ৰথম অৱস্থাত ভয় আৰ আশংকাই মোৰ মন খুলি খুলি খাইছিল। পাৰিমনে মই সকলোখিনি কৰিব সন্তানটিৰ বাবে! সেই সময়ত দেউতা ঢুকুৱাৰ খবৰটো মোৰ মনে কোনোপধ্যেই মানি ল’ব পৰা নাছিল আৰু এক অসহায় অৱস্থাত মই কেৱল চকুপানী টুকিছিলোঁ। বাহিৰৰ পৃথিৱীৰ পৰা মই বিচ্ছিন্ন হৈ পৰিছিলোঁ। মনত এক ভ্ৰম পুহি ৰাখিছিলোঁ দেউতা নোহোৱা হৈ যোৱা নাই, দেউতা আছে। সেই সময়ত মোৰ কাষত থাকি মোক সাহস দিছিল মোৰ স্বামী মানস আৰু হাজাৰ হাজাৰ মাইল দূৰত থকা মোৰ মৰমৰ মা, দাদা, বৌ, বাইদেউ, ভিনদেউ, শাহু আই আৰ শহুৰ দেউতাই। সেই ভয়াবহ সময়ছোৱাত মোৰ হাতত পৰিছিলহি দুখন কিতাপ,  “What  to do when you’re expecting” (Heidi Murkoff)   আৰু  “Dr.Spoke’s baby and child care” (Benjamin Spock, M.D, Robert Needleman, M.D)। ইয়াৰ উপৰিও বেবী চেণ্টাৰ ( baby centre) নামৰ ৱেবছাইট এটাতো মই মোৰ মেইল আই ডিৰে যুক্ত হৈ ল’লোঁ। এই দুয়োখন কিতাপ আৰু বেবী চেণ্টাৰৰ মেইলবোৰে মোক সঞ্জীৱনী  সুধাৰ দৰে কাম কৰিলে। বেবী চেণ্টাৰৰ পৰা প্ৰতি সপ্তাহে অহা মেইলখনত মাকগৰাকীৰ খোৱাৰ যতন, শাৰীৰিক ব্যায়াম, হ’বলগা কেচুৱাকনৰ শাৰীৰিক বিকাশ, গৰ্ভৰ ভিতৰত সন্তানটিৰ কাণ্ড-কাৰখানা বোৰ ফটো আৰু ভিডিঅ’ আকাৰে দেখুওৱা হয়। মই নিজে যেতিয়া প্ৰথম চতুৰ্থ সপ্তাহত মোৰ সন্তানটিৰ ভিডিঅ’ দেখা পাইছিলোঁ তাৰ অৱয়ব আছিল এটি সৰিয়হৰ সমান। সেই অনুভৱ বৰ মোহনীয় আছিল।

এই ৰোমাঞ্চকৰ যাত্ৰাৰ গোটেই সময়ছোৱা ডাক্তৰে তিনি ভাগত ভাগ কৰি দিছিল প্ৰথমটো ট্ৰাইমিষ্টাৰ (Trimester), গৰ্ভধাৰণৰ প্ৰথম সপ্তাহৰ পৰা ১৩ সপ্তাহলৈ, দ্বিতীয়টো ট্ৰাইমিষ্টাৰ ১৪ সপ্তাহৰ পৰা ২৭ সপ্তাহলৈ, তৃতীয়টো ট্ৰাইমিষ্টাৰ ২৮ সপ্তাহৰ পৰা ৪১ সপ্তাহলৈকে। সেই মতে মাতৃগৰাকীৰ যত্ন লোৱা হৈছিল। এই দেশত সন্তান জন্মৰ আগেয়ে সন্তানটিৰ লিংগ পৰীক্ষা কৰোৱা হয়। গৰ্ভধাৰণৰ ১৬ ৰ পৰা ২২ সপ্তাহৰ ভিতৰত কৰা আল্ট্ৰাচ’ন’গ্ৰাফীৰ জৰিয়তে সন্তানটি ল’ৰা নে ছোৱালী সেই কথা মাক দেউতাকে গম পায়। এই দেশত সাধাৰণতে সৰু ছোৱালীক গোলাপী ৰঙৰ কাপোৰ আৰু ল’ৰাক পাতল আকাশী ৰঙৰ কাপোৰ পিন্ধোৱা হয় (ব্যক্তিগতভাৱে এই ভাগ বতৰাৰ কামফেৰা মোৰ বহু সময়ত বাণিজ্যিক লাভৰ বাবে কৰে যেনহে অনুভব হয়) যিয়েই নহওক কেচুৱাকণ ল’ৰা নে ছোৱালী গম পোৱাৰ জৰিয়তে আগতীয়াকৈ সন্তানটিৰ বাবে বজাৰ কৰিব পৰা যায়। যিহেতু এই দেশত অকলেই সকলো কৰিব লাগে আৰু থাওকতে ঘৰৰ ওচৰত বজাৰ সমাৰ পোৱা নাযায়। সেয়ে সকলো মাক দেউতাকে কেচুৱাৰ কাৰচিট, কাপোৰ, বিচনা, বটলৰ পৰা আৰম্ভ কৰি নেপকিনলৈক আগতীয়াকৈ কিনি ৰাখে। কেচুৱাৰ নাম বাচনিও আগতীয়াকৈ কৰি থোৱা হয়। এই দেশত কাৰ চিট নহলে সন্তানটি চিকিৎসালয়ৰ পৰা আনিবলৈ নিদিয়ে। পানী কেঁচুৱাৰ পৰা ২ বছৰ বয়সলৈকে শিশুক গাড়ীৰ পিছৰ চিটত ৰখা কাৰচিটত পিছমুৱাকৈ বহুওৱা হয়। ২ বছৰৰ পিছত শিশুটিৰ বাবে এটি নতুন  ডাঙৰ কাৰচিট ল’ব লাগে আৰু সেইটোত গাড়ীৰ পিছৰ চিটত সমুখৰফালে মুখ কৰি বহুওৱা হয়। শিশুক কাৰচিটত বেল্ট মাৰি বহুৱাই থোৱাৰ বাবে দুৰ্ঘটনাৰ পৰা বাচিব পাৰি। শিশুক কাৰচিটত নবহুৱালে জৰিমনাৰ ব্যৱস্থা আছে।

ইন্সুৰেঞ্চ কোম্পানীৰ কিছু কথা:

সন্তান ধাৰণৰ খবৰ পোৱাৰ লগে লগেই আমি কৰা প্ৰথমটো কাম আছিল আমাৰ মেডিকেল ইন্সুৰেঞ্চ কোম্পানীক খবৰটো দিয়া আৰু ইন্সুৰেঞ্চৰ  আচনিৰ ভিতৰত অৰ্ন্তভুক্ত থকা  চিকিৎসকৰ লগত যোগাযোগ কৰা।  আমেৰিকাত মেডিকেল ইন্সুৰেঞ্চ নোহোৱাকৈ জীৱন যাপন কৰাৰ কথা  ভাবিবই নোৱাৰি। কিয়নো ডাক্তৰৰ ফিজ আৰু চিকিৎসাৰ খৰচ ইমান বেছি যে সেইয়া সাধাৰণ মানুহৰ বাবে বহন কৰাটো অসম্ভৱ। আমাৰ কেঁচুৱা জন্ম হোৱাৰ তিনি দিনৰ দিনাই আমি কেঁচুৱাটিৰো ইন্সুৰেঞ্চ কৰিব লগা হৈছিল। আমাৰ এজন বন্ধু কোম্পানীৰ কামত তিনি মাহৰ বাবে নিউজাৰ্চিলৈ আহিছিল। কম সময়ৰ বাবেহে আহিছে সেই ভাবি তেওঁ কোনো মেডিকেল ইন্সুৰেঞ্চ লোৱা নাছিল। হঠাত তেওঁৰ পাইলচৰ সমস্যা হৈ এনে শোচনীয় অবস্থা হ’ল যে ইন্সুৰেঞ্চ নথকাৰ বাবে ডাক্তৰক দেখুৱাব নোৱাৰি তেওঁ ভাৰতলৈ উভটি যাব লগা হ’ল। সাধাৰণতে স্থায়ী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত মেডিকেল ইন্সুৰেঞ্চৰ কিছু অংশ ব্যক্তিজনে কাম কৰা কোম্পানী বা বিভাগটোৱে বহন কৰে। কিন্ত অস্থায়ী কৰ্মচাৰীসকলে নিজৰ মেডিকেল ইন্সুৰেঞ্চৰ সমুদায় ধন নিজেই ভৰিব লাগে। দাঁত, চকুৰ বাবেও বেলেগকৈ ইন্সুৰেঞ্চ লব লাগে। বেলেগ বেলেগ ইন্সুৰেঞ্চ কোম্পানীৰ বেলেগ বেলেগ নিয়ম। কিছুমানে চিকিৎসাৰ ৯০ শতাংশ বহন কৰে বাকী ১০ শতাংশ ৰোগীয়ে বহন কৰে। আন কিছুমানত আকৌ ৮০ শতাংশ ইন্সুৰেঞ্চ কোম্পানীৰ আৰু ২০ শতাংশ খৰচ ৰোগীৰ। ইন্সুৰেঞ্চৰ মাহিলী দিব লগা ধনৰ পৰিমাণ বিভিন্ন ঠাইত বেলেগ বেলেগ। নিউজাৰ্চিৰ যিসকল অস্থায়ী কৰ্মচাৰীয়ে বাহিৰৰ পৰা ইন্সুৰেঞ্চ ক্ৰয় কৰে তেওঁলোকে সাধাৰণতে মাহিলী ৮০০-১৫০০ ডলাৰলৈকে দিব লাগে। এইটো তেনেই মই সাধাৰণ হিচাপহে দেখুৱাইছো।  ইন্সুৰেঞ্চ কোম্পানীয়ে সকলো জৰুৰীকালীন সময় আৰু সকলোধৰণৰ  চিকিৎসাতে সহায় কৰে। মোৰ গৰ্ভধাৰণৰ সময়ছোৱাত তেওঁলোকে প্ৰতিমাহে ফোন কৰি মোৰ শৰীৰৰ খতিয়ান লৈছিল, স্বাস্থ্যসৰ্ম্পকীয় কিছুমান প্ৰশ্ন সুধিছিল। কেতিয়াবা নিজৰ কিবা সমস্যা থাকিলে তেওঁলোকৰ নাৰ্চ অথবা ধাইক ফোন কৰিও পৰামৰ্শ ল’ব পাৰিছিলোঁ।

লামাজ ক্লাচ (Lamaze class) আৰু আগতীয়া প্ৰসৱকালীন আখৰা:

নিউজাৰ্চিৰ প্ৰতিখন চিকিৎসালয়তে বিশেষ নাৰ্চৰ সহায়ত কিছুমান ক্লাচ লোৱাৰ ব্যৱস্থা আছে। সেই ক্লাচবোৰ বেলেগ বেলেগ ধৰণৰ আছিল, যেনে পানীকেঁচুৱাৰ যতন, মাকৰ গাখীৰ খুওৱাৰ পদ্ধতি  আৰু কিটিপ, প্ৰসৱৰ সময়ত আৰু তাৰ পিছৰ সময়ছোৱাৰ যতন এনেধৰণৰ। যিহেতু আমাৰ লগত পৰিয়ালৰ কোনো ডাঙৰ মানুহ নাছিল সেয়েহে আমিও কথাবোৰ জানিবৰ বাবে ক্লাচ লোৱাৰ দিহা কৰিলোঁ। ক্লাচৰ প্ৰ-পত্ৰ পূৰণ অনলাইনেই হৈছিল আৰু আমি ওচৰৰে চমাৰচেট মেডিকেল চেণ্টাৰত ক্লাচ লোৱাৰ দিহা কৰিছিলোঁ। নিদিষ্ট সময়ত উপস্থিত হৈ কাউণ্টাৰৰ পৰা  কূপন লৈ আমি ক্লাচৰুমত সোমাইছিলোঁ। একোটা ক্লাচৰ বাবদ দিব লগা ধনৰ পৰিমাণ আছিল ৪০ ডলাৰ। ক্লাচৰুমত সোমোৱাৰ লগে লগেই খুউব সুন্দৰকৈ সকলোকে আদৰণি জনোৱা হৈছিল। সকলো মহিলাৰ লগতে তেওঁলোকৰ স্বামী আহিছিল। ক্লাচত পুৰুষ মহিলা দুয়োজনকে প্ৰশিক্ষণ দিয়া হৈছিল। আমাক যি গৰাকী নাৰ্চে প্ৰশিক্ষণ দিছিল তেওঁ নিজে ১১ টা সন্তানৰ মাতৃ আছিল আৰু চমাৰচেট মেডিকল চেণ্টাৰতে কাম কৰিছিল। ক্লাচৰুমত মুঠতে ১০ যোৰা দম্পতি আছিল, আমাৰ লগতে আন এটা ভাৰতীয় পৰিয়ালো তাত দেখা পাইছিলোঁ। প্ৰথমে সকলোৰে পৰিচয় পৰ্ব হৈছিল। পুৰুষ আৰু মহিলা সকলোৱেই নিজৰ পৰিচয় দিছিল- নাম ,ক’ৰপৰা আহিছে , হ’বলগা সন্তানটি ল’ৰা নে ছোৱালী সেই কথাও কৈছিল। আমাক প্ৰশিক্ষণ দিয়া মহিলাগৰাকীৰ নাম আছিল মাৰ্গাৰেট। মাৰ্গাৰটে আমাৰ সকলোকে সাইলাখ কেঁচুৱাৰ দৰে একোটাকৈ পুতলা দিছিল। সেই পুতলাক কেনেকৈ কোলাত ল’ব লাগে, কেনেকৈ কাপোৰেৰে মেৰিয়াব লাগে, গাখীৰ খুওৱাৰ পিছত উগাৰ আনিবৰ বাবে কেনেকৈ লাহে লাহে পিঠিত মালিচ কৰিব লাগে এইবোৰ দেখুওৱা হৈছিল। উল্লেখযোগ্য যে কেঁচুৱাক কাপোৰেৰে মেৰিওৱা, ডাইপাৰ পিন্ধোৱা, উগাৰ মাৰিবৰ বাবে মালিচ কৰা এই কেইটা কাম বিশেষভাবে পুৰুষকেইজনক শিকোৱা হৈছিল। যিহেতু প্ৰসৱৰ পিছত মহিলাগৰাকীয়ে সকলোবোৰ কৰিব নোৱাৰিব সেয়েহে পুৰুষকেইজনৰ বাবে সেই সময়ত এয়া মুখ্য কাম হৈ পৰিব। ক্লাচৰ গোটেই সময়ছোৱাত আমি পুতলাকেইটাক কেঁচুৱাৰ দৰে কোলাত লৈ আছিলোঁ। পানী কেঁচুৱাৰ নাইৰ যতন, গা ধুওৱাৰ নিয়ম, কেচুৱাৰ জৰুৰীকালীন অবস্থাৰ যতন, অসুখ বিসুখত কৰিবলগা  কাম এই সকলোবোৰৰে প্ৰশিক্ষণ দিয়া হৈছিল ক্লাচটোত। আনকি ৰাতি টোপনী ক্ষতি কৰি কেৱল মাকৰে কষ্ট নহ’বৰ বাবে কেনেকৈ দেউতাক মাকে সলনা সলনিকৈ কেচুৱাক চাব পাৰে তাৰ বিষয়েও কোৱা হৈছিল। মাৰ্গাৰেটে কৈছিল তেওঁৰ এঘাৰটা ল’ৰা ছোৱালীৰ প্ৰতিটোয়েই আছিল ভিন্ন স্বভাবৰ। সেয়েহে মাক আৰু দেউতাকে মৰম আৰু যতনেৰে সকলো কথাই শিশুটিক শিকাই যাব লাগে আৰু নতুন পৃথিৱীখনৰ লগত চিনাকি কৰাই দিব লাগে। লামাজ ক্লাচৰ উপৰিও আমি লাইব্ৰেৰীৰ পৰা শিশুৰ যতনৰ ওপৰত থকা কেচেট আনিও ঘৰত চাইছিলোঁহি। মুঠৰ ওপৰত এই ক্লাচে  আমাৰ দুয়োৰে মনত প্ৰবল আত্মবিশ্বাস বঢ়াইছিল। পৰিয়ালৰ ডাঙৰ মানুহ কাষত নথকাকৈ অকলে কেঁচুৱাক ডাঙৰ কৰিবলৈ সাহস পাইছিলোঁ। অৱশ্যে মই মোৰ দুয়োগৰাকী মা, বৌ, বাইদেউহঁতে দিয়া পৰামৰ্শবোৰো মানি চলিছিলোঁ।

এই দেশত সন্তান প্ৰসৱৰ আগতে দম্পতীহালক তেওঁলোকৰ নিদিষ্ট চিকিৎসালয়খনত আগতীয়া এক প্ৰসৱকালীন যাত্ৰা কৰোৱা হয়। সাধাৰণতে গৰ্ভধাৰনৰ ৩৯ সপ্তাহৰ আগতে এই প্ৰসৱকালীন আখৰাখিনি কৰোৱা হয়। তাৰ বাবে নিদিষ্ট দিনত আগতেই ঠিক কৰি থোৱা চিকিৎসালয়খনলৈ যোৱা হয়। এই টুৰটোৰ বাবদ কোনোধৰনৰ ফিজ লোৱা নহয়। দম্পতিহালক আগতিয়াকৈ এই প্ৰসৱকালীন টুৰ বা যাত্ৰাটো কৰোৱাৰ মূল কাৰণটো হৈছে জৰুৰীকালীন পৰিস্থিতিত অকলশৰীয়া মাতৃগৰাকী বা দম্পতিহালৰ সঠিক ঠাইত উপস্থিত হ’বলৈ যাতে কোনো অসুবিধা নহয় আৰু মাতৃ আৰু সন্তানে সময়মতে সঠিক চিকিৎসা পায়। আমিও এই টুৰ লৈছিলো। আমাৰ গ্ৰপত ১২ জনমান দম্পত্তি আছিল। এগৰাকী নাৰ্চে এই যাত্ৰাৰ তত্বাৱধান কৰিছিল। প্ৰথমেই আমাক লৈ যোৱা হৈছিল কাউণ্টাৰলৈ। প্ৰসৱৰ দিনাখন কাউণ্টাৰত এখন প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছতেই বাকীবোৰ কাম আৰম্ভ কৰা হয়। কাউণ্টাৰৰ পিছত অবজাৰভেচন ৰুম, লেবাৰ এণ্ড ডেলিভাৰী ৰুম, অপাৰেচন ৰুম, নাৰ্চাৰী ৰুম আদি সকলোবোৰ ৰুমলৈকে লৈ যোৱা হৈছিল। সকলোবোৰ কোঠাই আছিল অত্যন্ত পৰিপাটী আৰু চফা। মেটাৰনিটি বিভাগত সোমোৱা আৰু ওলোৱা ৰাস্তা দুয়োটাই পৃথক আছিল। মেটাৰনিটি বিভাগটো ইমান বেছি ডাঙৰ আছিল যে মই টুৰটোত ভালকৈ তলা নলাই ধৰিব পৰা নাছিলোঁ। নেচাৰেল বাৰ্থৰ বাবে থকা এটি কোঠাৰ ভিতৰত থকা  প্ৰকাণ্ড বাথটাব, বল আৰু অন্যান্য সা সৰঞ্জামবোৰ দেখি মই ভয় নোখোৱাকে থকা নাছিলোঁ। এটা কথা লক্ষ্য কৰিছিলো ৰোগী ৰখা সকলোবোৰ কোঠাই আছিল একেধৰণৰ সা-সুবিধা থকা। প্ৰসৱৰ পিছত মাতৃসকলক মেটাৰনিটি বিভাগতে থকা স্পাত (Spa) বিশেষজ্ঞৰ দ্বাৰা বিনামূলীয়া মালিচ দিয়াৰ ব্যৱস্থা আছিল। সকলো মহিলাই স্পাৰ ৰুমটোৰ প্ৰতিহে বেছি  আগ্ৰহী হোৱা দেখা গৈছিল। আমাৰ গ্ৰুপটোৰ আঁত ধৰোতা মহিলাগৰাকীয়ে আমাক সকলোবোৰ বস্তুৰে বিশদ বিৱৰণ দিছিল আৰু  আমাক কিবা প্ৰশ্ন আছে নেকি সুধিছিল। মহিলাসকলে এনে ভয়ংকৰ ভয়ংকৰ প্ৰশ্নবোৰ সুধিছিল যে মই কোনোমতেহে হাঁহি সামৰিছিলোঁ। দুগৰাকীমানে লেবাৰ ৰুমত চি ডি প্লেয়াৰ আছে নে নাই, টি ভি কি কি চেনেল আহে, কেণ্টিনত কি কি খোৱাবস্তু পোৱা যায়, স্পাত কিমান সময় মালিচ কৰিব এনেধৰনৰ প্ৰশ্ন সুধিবলৈও এৰা নাছিল। যিয়েই নহওক এটা কথা বুজি উঠিছিলোঁ যে এই দেশৰ প্ৰতিটো কামেই অত্যন্ত শৃংখলাবদ্ধ। আমি গাড়ী ক’ত পাৰ্ক কৰিব লাগিব আৰু যদি ৰাতি আহি পাও তেন্তে মূল দ্বাৰ খুলিবৰ বাবে কোনটো কলিংবেল বজাব লাগিব সেই পৰ্যন্তও টুৰটোত কোৱা হৈছিল। চিকিৎসালয়ৰ বেৰত প্ৰতিজন ডাক্তৰৰ ফটো আৰু তেওঁৰ জীৱনৰ সৰু এটি বিৱৰণ আছিল। প্ৰতিখন দেৱাল সজোৱা হৈছিল সুন্দৰ সুন্দৰ পেইণ্টিংৰে।

 

ভাল ডাক্তৰ, ভাল নাৰ্চ আৰু চিকিৎসালয়ৰ অভিজ্ঞতাৰ কিছু কথা:

বিশ্ববিদ্যালয়ৰ শেষৰটো পৰীক্ষা দিয়াৰ পিছত আমি কেইগৰাকীমানে নেচনেল ফেমেলী হেল্‌থ চাৰ্ভেৰ (N.F.H.S-3) কামত ধৰিছিলোঁ। ডেটা সংগ্ৰহৰ কামত শিৱসাগৰলৈ থাকোঁতে এদিন হঠাত মই অসুস্থ হৈ পৰিছিলোঁ। লগৰবোৰে ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল। ডাক্তৰজনৰ নাম আছিল ডা: দেব বৰা। তেখেতে মোক চালে, আমাৰ সকলোৰে লগত কথা পাতিলে, পুৱাই গৈ ওলাইছিলোঁ বাবে চাহো খুৱালে। যেতিয়া মোৰ বান্ধৱী ডলীয়ে ফিজটো দিবলৈ গ’ল তেতিয়া তেওঁ কলে, “তোমালোক ছাত্ৰ-ছাত্ৰী, গাঁৱে গাঁৱে গৈ এইড্‌ছ আৰু এনিমিয়াৰ বিষয়ে জনাইছা, তেওঁলোকক সজাগ কৰিছা। তোমালোকৰ পৰা টকা ল’ব পাৰোঁনে। নালাগে যোৱা, খোৱা-বোৱাৰ যত্ন লৈ কামত ধৰাগৈ”। চিকিৎসক বৃত্তিটোৰ লগত জৰিত সকলোৰে প্ৰতি মোৰ খুউব সমীহ ভাব আছে, তেওঁলোকৰ কামক খুউব সন্মান কৰোঁ। আজি ডা: দেব বৰাৰ বিষয়ে এই কথাখিনি লিখিবলৈ পাই মোৰ বৰ ভাল লাগিছে।

আমাৰ সন্তানটিৰ জন্ম হৈছিল নিউজাৰ্চিৰ মৰিচটাউন মেডিকেল চেণ্টাৰত ( Morristown Medical Centre)। সন্তান জন্মৰ দিনাখন মোৰ স্বামীয়ে মোক দুৱাৰমুখতে নমাই গাড়ী পাৰ্ক কৰিবলৈ গ’ল। সেই সময়ছোৱাত মোক দুৱাৰমুখত দেখা পাই এগৰাকী নাৰ্চ আহি আগবঢ়াই লৈ গ’লহি। উল্লেখযোগ্য যে এই দেশত স্বাভাৱিক আৰু চিজাৰিয়ান পদ্ধতিৰ প্ৰতি মুহূৰ্ততেই মহিলাগৰাকীৰ কাষত স্বামীক থাকিবলৈ দিয়া হয়। অবজাৰভেচন আৰু লেবাৰ ৰুমত পেটত কিবাকিবি মেচিন লগাই দিয়া হয় আৰু তাৰ সহায়ত মাকৰ হাৰ্টবিটৰ লগতে, কেচুৱাৰ হাৰ্টবিট আৰু প্ৰতি চেকেণ্ডত হোৱা বিষৰ পৰিমাণ স্ক্ৰিনত দেখা পোৱা যায়। ডাক্তৰ নাৰ্চসকলৰ ব্যৱহাৰ আছিল অত্যন্ত মধুৰ। মই যিগৰাকী ডাক্তৰৰ ওচৰত দেখুৱাইছিলোঁ তেওঁ আছিল ভাৰতীয়। গৰ্ভধাৰণৰ সময়ছোৱাত মাজে মাজে তেওঁ মোলৈ কাৰ্ড পঠাই শুভেচ্ছা দিছিল, ফোন কৰি খবৰ লৈছিল। অবজাৰভেচন, লেবাৰ আৰু ডেলিভাৰী ৰুমত আৰু কেঁচুৱাকণৰ জন্মৰ পিছৰ সময়ছোৱাত গ্ৰেচী নামৰ এগৰাকী মেট্ৰনে (Matron) মোৰ যত্ন লৈছিল। এই মহিলাগৰাকীক মই এইটো জীৱনত কাহানিও পাহৰিব নোৱাৰো। তেওঁ মোক মানসিকভাৱে শক্তিশালী কৰি তুলিছিল। কষ্টৰ সময়খিনিত তেওঁ মোৰ মূৰ পিহি দিছিল, কপালত চুমা খাইছিল আৰু নানানটা কথা কৈ মোক হঁহুৱাবৰ চেষ্টা কৰিছিল। গ্ৰেচীয়ে মোক তেওঁ লগ পোৱা মহিলাবিলাকৰ সন্তান জন্মৰ সাধু কৈছিল, নিজৰ কথা কৈছিল, নাতি-নাতিনীৰ কথা কৈছিল আৰু মাতৃত্ব যে কিমান মহান কাম সেই বিষয়ে কৈছিল।  ঘৰৰ পৰা অতখন দূৰত থাকি গ্ৰেচীক মোৰ নিজৰ মাৰ দৰে লাগিছিল। দৰব খুৱাই দিয়াৰ পৰা গা ধুওৱাত সহায় কৰি দিয়ালৈকে সকলো কাম কৰি দিছিল এই মহিলাগৰাকীয়ে। এটা কথা লক্ষ্য কৰিছিলোঁ প্ৰতিগৰাকী নাৰ্চেই কথা পতাৰ সময়ত ৰোগীৰ হাতখন নিজৰ হাতৰ মাজত ৰাখি কথা পাতিছিল। বেজী দিয়াৰ সময়ত চৰী বুলি কৈ লৈছিল। মোৰ এগৰাকী উৰিয়া বান্ধৱীয়ে হস্পিতেলৰ পৰা ঘূৰি আহি কৈছিল, “বুজিছ নাৰ্চ ডাক্তৰ সকলে ইমান মৰম লগাই মাতে চুইটি, কিউটি, ডাৰলিং হস্পিটেলৰ পৰা আহিবৰে মন নাছিল অ’…একেবাৰে ৰাণীৰ দৰে আছিলোঁ”। সচাকৈয়ে এগৰাকী ৰোগীৰ বাবে এষাৰি মৰমৰ মাতে কিমানযে শক্তি দিয়ে ইয়াৰ আগলৈকে বুজি উঠা নাছিলোঁ। সাধাৰণতে এই দেশত নৰমেল ডেলীভাৰীৰ বাবে মহিলাসকলক উৎসাহিত কৰা যায়, কিবা অসুবিধা হলেহে চিজাৰিয়ান পদ্ধতিৰ সহায় লোৱা হয়। প্ৰতিটো দৰব খুৱাওঁতে আৰু বেজী দিওঁতে কিয় দিয়া হৈছে, তাৰ গুণাগুণৰ বিষয়েও কৈ লয়। টিটেনাচ, ইপিডিউৰেল (Epidural) আদি দিয়াৰ সময়ত মহিলাগৰাকীক ভালকৈ বুজাই কয় আৰু চহী কৰিহে বেজীটো দিয়ে। দৰৱ পাতি কিনিবৰ বাবে স্বামী দৌৰি থাকিব নালাগে, তেওঁ অনবৰতে পত্নীৰ কাষত থাকিব পাৰে। সন্তানটো জন্ম হোৱাৰ লগে লগেই কাপোৰেৰে মচি বা পানীৰে ধুৱাই, মুখ,নাক কাণৰ লেতেৰাবিলাক চফা কৰি মাকৰ  উদং বুকুত স্পৰ্শ কৰোৱা হয়। সন্তানটিক প্ৰথম নিজৰ শৰীৰৰ লগত স্পৰ্শ কৰোৱাৰ সেই মুহূৰ্তখিনি যে কেনে মায়াসনা মই বুজাই কব নোৱাৰিম। কিতাপত পঢ়া মতে এনেদৰে সন্তানটিক স্পৰ্শ কৰালে সন্তানটিয়ে নতুন পৃথিৱীখনত প্ৰথমে মাকৰ লগত চিনাকি হয়, সুখী হয়, সন্তানটিৰ শৰীৰৰ তাপমাত্ৰা স্বাভাৱিক হয় আৰু মাকগৰাকীও  আত্মবিশ্বাসী হৈ উঠে। মাকে স্পৰ্শ কৰাৰ পিছত সন্তানটি দেউতাকৰ হাতত তুলি দিয়া হয়।  তাৰপিছত সন্তানটিক ভালকৈ গা ধুৱাবলৈ আৰু অন্যান্য পৰীক্ষাবিলাক কৰাবলৈ লৈ যোৱা হয়। মাক আৰু সন্তান সংযুক্ত হৈ থকা এম্বলিকেল কৰ্ডডাল কটাৰ দায়িত্বও পিতৃক দিয়া হয়। অৱশ্যেই সেই কাম সম্পূৰ্ণৰূপে ডাক্তৰৰ তত্বাৱধানত কৰোৱা হয়।

আমাৰ কণমাণিটো জন্ম হোৱাৰ পিছত মাক দেউতাক আৰু সন্তানৰ প্ৰথম ফটোখন তুলিবলৈ ফটোগ্ৰাফাৰো আহিছিল, বোধ হৈছিল সেই সুবিধা চিকিৎসালয়খনতে উপলব্ধ আছিল। সন্তান জন্মৰ দ্বিতীয় দিনা মোক এখন ফৰ্ম দিছিল। কিছুমান প্ৰশ্নৰ উত্তৰ দিব লিখিব লগা হৈছিল তাত। সেইখন আছিল postpartum depression form.  সন্তান জন্মৰ পিছত মাতৃগৰাকী কোনোধৰনৰ হতাশাজনিত সমস্যাত যাতে পৰা নাই তাক জানিবৰ বাবে প্ৰ-পত্ৰ খন ভৰ্তি কৰিবলৈ দিয়া হয় নতুন মাতৃগৰাকীক। সেইদিনা আন এগৰাকী মহিলা আহিও মোক ব্ৰেষ্টফিডিং কাউন্সেলিং কৰিছিলহি। তেওঁ মোক স্তন্যপানৰ বহুখিনি কথা শিকাইছিল আৰু উৎসাহ যোগাইছিল। কিবা অসুবিধা হ’লে তেওঁৰ পৰামৰ্শ লবলৈ কৈছিল। চিকিৎসালয়ৰ প্ৰতিজন কৰ্মীয়েই আছিল খুউব চিৰিয়াচ। এদিন মই কেণ্টিনৰ পৰা অহা টিচুপেপাৰ এখনে মুখ মচি দিওঁতে মুখত ঘামচিৰ দৰে কিবা ওলাইছিল। চিনিয়ৰ নাৰ্চ গ্ৰেচীয়ে প্ৰতি পাঁচ মিনিটৰ মূৰত আহি ছাল পৰীক্ষা কৰি গৈছিল। যিমান সময়লৈকে সেইয়া ভাল হোৱা নাছিল সিমান সময়লৈকে মোক কেঁচুৱা ল’বলৈ দিয়া নহৈছিল।

চিকিৎসালয়ৰ শেষৰ দিনা তাচানিয়া (Tatania) নামৰ এগৰাকী ৰাচিয়ান স্পা বিশেষজ্ঞৰ দ্বাৰা মোৰ শৰীৰৰ অৱসাদ আতৰাবৰ বাবে মালিচ কৰোৱা হৈছিল। বাৰেৰঙী সজীৱ ফুলেৰে সজাই ৰখা সেই ৰুমটো বৰ ধুনীয়া আছিল। মহিলাগৰাকীয়ে এঘণ্টা সময় লৈছিল সেই কামত, অপেৰা লগাই থোৱা আছিল আৰু তগৰ ফুলৰ দৰে এক সুগন্ধীমিশ্ৰিত তেলেৰে মালিচ কৰিছিল। শেষৰফালে মই টোপনিত লালকাল দিছিলোঁ। ৰাচিয়ান মহিলাগৰাকীয়ে তেওঁৰ নামৰ বিংসগতিৰ কথা কৈছিল, ইয়াত সকলোৱে মিলি হেনো তেওঁৰ নামটো তানিয়া কৰি পেলালে কোনো কোনোৱে বোলে তাতা বুলিও মাতে। এঘণ্টাৰ চিনাকি সেই মহিলাগৰাকীকো মই নিজৰ দুগৰ্তিৰ কথা কৈছিলো, পঢ়া জীৱনত লগৰবোৰে মোৰ নামটোৰো বৰ দুদৰ্শা কৰি পেলাইছিল।

চিকিৎসালয়ৰ পৰা আহিবৰ দিনা গ্ৰেচীৰ হাতত হাত থৈ মোৰ চকুপানী ওলাইছিল। তেওঁক কৃতজ্ঞতা জনাবলৈ মোৰ ভাষা নাছিল। আমাৰ কণমাণিটোক লৈ আমি যেতিয়া ঘৰমুৱা হৈছিলোঁ তেতিয়া মই কঢ়িয়াই আনিছিলোঁ গ্ৰেচী, জেচমিন, কেটি, ইৰিনাহঁতৰ মৰম আৰু  আন্তৰিকতাখিনি। মোৰ শৰীৰ ভাগৰুৱা হৈ পৰিছিল কিন্ত মন ভৰি আহিছিল গভীৰ মমতা আৰু মানৱীয় অনুভূতিৰে।  আকৌ এবাৰ চিকিৎসা বৃত্তিত জড়িত সকলোৰে প্ৰতি শ্ৰদ্ধাত মূৰ দো খাইছিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক