প্ৰবীৰ-পুত্ৰৰ ভোগালী: অংশুমান বৰা

(মাকে দেৰিলৈ শুই থাকিলে প্ৰবীৰক খুব গালি পাৰে । তাতে আজিতো ভোগালী বিহু, গতিকে মাকে কোৱাৰ আগতেই সি শোৱাৰ পৰা উঠি গা ধুলে আৰু মেজি জ্বলাবলৈ সাজু হ’ল । ঘৰৰসকলোৱে মিলি জ্বলি থকা মেজিৰ চাৰিওফালে ঘূৰি ঘূৰি নাম গালে । গোটা মাহ, গোটা কৰাই আদি জুইত দি অগ্নি দেৱতাৰ আশীৰ্বাদ ল’লে।)

পুহমহীয়া ডাঠ কুঁৱলীৰ ওৰণি গুচাই বেলিমাহীয়ে মুখখন দেখুৱাইছেহে মাত্ৰ, এনেতে মাকৰ মাতটো আহি প্ৰবীৰৰ কাণত পৰিলহি- “বাবা, উঠ আকৌ । ভোগালীলৈ আৰু এসপ্তাহো নাই । তই এইবাৰ ঢেঁকী দিবি বুলি কোৱা নাছিলি জানো ?”

আজি দেওবাৰ । সি মাকক কৈ থৈছিল যে এইবাৰ বিহুত পিঠা কৰিলে ঢেঁকী কিন্তু সি দিব । সেইবাবে মাকে কথাটো সোঁৱৰাই দিলে । প্ৰবীৰেও পিঠাৰ কথা ভাবি একে জাপে বিছনাৰ পৰা উঠি বহিল । হাতত দাঁত ঘঁহা ব্ৰাছডাল লৈ ঢেঁকীশাল পালেগৈ । ঢেঁকীশালটো আজি চকচকীয়া হৈ আছে । মাকে অথবা খুৰীয়েকে গোবৰেৰে ধুনীয়াকৈ মচি থৈছে ।

“বাবাটো, মই তোলৈ পানী গৰমাই থৈছো । গাটো ধুই ল’ । গা নোধোৱাকৈ ঢেঁকীশালত সোমাব নাপাই নহয়।’’—মাকৰ কথাষাৰ শুনি সি দুখোজমান পিছুৱাই গ’ল । গা ধুই আহি প্ৰবীৰে বৰদেউতাকৰ পুত্ৰ অনুপ আৰু খুৰাকৰ পুত্ৰ নিবিড়ৰ ওচৰ পালেগৈ । যৌথ পৰিয়ালত থাকে বাবেই হয়তো সিহঁতৰ মাজত খুব মিল ! মাক আৰু খুৰীয়েকে ঘৰৰ আটাইকে চাহ দি ঢেঁকীশাললৈ বুলি আগবাঢ়িলে। হাতত খৰাহি, চালনি আদি লৈ পিছে পিছে সিহঁত তিনি সিদ্ধ । আৰম্ভ হ’ল ঢেঁকী দিয়াৰ পৰ্ব । বাকী দুটাতকৈ ডাঙৰ বাবে প্ৰথমে ঢেঁকী দিয়াৰ সুযোগটো প্ৰবীৰেই পাব । ভাগে ভাগে সিহঁতে ঢেঁকীত চাপ দিলে আৰু মাক-বৰমাকহঁতে চাউল আগুৱাই দিয়া, চালনিৰে চাউল চালা আদি কামবোৰ কৰিলে ।

চাওঁতে চাওঁতে উৰুকা পালেহি । পিঠা কৰাও শেষ হ’ল । সেই পৰ্বৰ মাজতেই কিমান পিঠা তিনিভাইৰ পেটত সোমাল, তাৰ কোনো হিচাপ নাই । প্ৰবীৰহঁতৰ ঘৰ টাউনৰ মাজমজিয়াতে হোৱা বাবে হাৰলি-ঘৰ সাজিবলে ওচৰত পথাৰ বিচাৰি পোৱা নাযায় । সেইবাবে ঘৰৰ পিছফালে বৰদেউতাক, দেউতাক, খুৰাকহঁতে মিলি খেৰ‌‌‌-নৰা আদিৰে আতক ধুনীয়াকৈ হাৰলি-ঘৰ সাজিছে । খেৰবোৰ আনিছে সিহঁতৰ গাঁৱত থকা খেতিপথাৰৰ পৰা ।

সন্ধিয়া হাৰলি-ঘৰৰ তলত খুৰীয়েকে চাহ লৈ সোমালগৈ । লগত প্ৰায় পোন্ধৰ ছেণ্টিমিটাৰ দীঘল তিলপিঠা, বৰপিঠা, ঘিলাপিঠা, টেকেলিপিঠা, খুৰমা, নিমকি আদি বস্তু । কাঠখৰিৰ জুই, কাষতে চাহ-পিঠা লৈ ঘৰৰ সকলো সদস্য আৰু লগতে খুৰাকৰ হাতত ঢোল আৰু মুখত বিহুগীতৰ সুৰ। বা: আৰু কি লাগে ? কিবা কথাত পেচ লাগি থকা মইনাপেহীয়েও ৰ’ব নোৱাৰি এপাক নাচিবলৈ বাধ্য হ’ল । নিশা খৰিতে ৰন্ধা হাঁহৰ মাংস আৰু ভাত খালে । প্ৰবীৰৰ দেউতাকে সকলোকে সোনকালে শুবলৈ ক’লে। কাইলৈ অতি সোনকালে উঠি মেজি জ্বলাব লাগিব ।

মাকে দেৰিলৈ শুই থাকিলে প্ৰবীৰক খুব গালি পাৰে । তাতে আজিতো ভোগালী বিহু, গতিকে মাকে কোৱাৰ আগতেই সি শোৱাৰ পৰা উঠি গা ধুলে আৰু মেজি জ্বলাবলৈ সাজু হ’ল । ঘৰৰ সকলোৱে মিলি জ্বলি থকা মেজিৰ চাৰিওফালে ঘূৰি ঘূৰি নাম গালে । গোটা মাহ, গোটা কৰাই আদি জুইত দি অগ্নি দেৱতাৰ আশীৰ্বাদ ল’লে ।

“হেৰা, উৰুকাৰ দিনানো ইমান দেৰিলৈকে শুই থাকানে ? উঠা, বহুত বজাৰ কৰিবলৈ আছে ।”—শ্ৰীমতীৰ শব্দাস্ত্ৰৰ আঘাতত প্ৰবীৰৰ সপোনৰ গেছ বেলুনটো ফুটি যোৱাত সি বাস্তৱৰ কেকটাছ জোপাৰ ওপৰত থেকেচা খাই পৰিল । মুখত ব্ৰাছডাল ভৰাইও সি পুৱতি নিশা দেখা সপোনটোৰ কথা ভাবি থাকিল । আগতে পাৰ কৰি অহা ক্ষণবোৰ কেনেকৈ ইমান স্পষ্টভাৱে দেখিলে সি ? এতিয়াও বিশ্বাস হোৱা নাই তাৰ ।

“আজি পিঠাৰ পেকেটকেইটা ফুকনৰ দোকানৰ পৰা নানিবা দেই । ৰ’জীয়েও তাৰ পৰাই আনে । যোৱাবাৰ পিঠাকেইখন মই পুৰিছো বুলি কওঁতে তাইৰ সন্দেহ হৈছিলেই ।”—কথাষাৰ শুনি প্ৰবীৰে লাহেকৈ মূৰটো দুপিয়াই থ’লে ।

“পাপা, আজি টেণ্ট নতৰা নেকি ? মোৰ কিন্তু বহুত ফ্ৰেণ্ড আহিব দেই । যোৱাবাৰৰ নিচিনা ডিঙিতে সেই বাজনাটো ওলোমাই সিহঁতৰ আগত নোলাবাগৈ । আৰু তোমাক যে এটা মাইকছেট ঠিক কৰিবলৈ কৈছিলোঁ, কৰিলানে ? মোৰ লেটেষ্ট মুভীবোৰৰ গান কালেকচন কিন্তু কেতিয়াবাই শেষ হ’ল ।”—এইবাৰ আহিল প্ৰবীৰৰ ষোল্ল বছৰীয়া পুত্ৰৰ অৰ্ডাৰ-লিষ্ট । “টেণ্টৰ বাবে মই স্বৰ্গীয়াৰীক কৈ থৈছো । সি দুপৰীয়া লগাই থৈ যাবহি । মাইকছেটটোও দোকানীজনে দি থৈ যাব । আৰু সোণ, তুমি যে ডিঙিত ওলোমাই থোৱা বাজনা বুলি কৈছা, সেইটো হৈছে ঢো….”।

“হ’ব হে । এতিয়া আকৌ তুমি তাক অসমীয়া সংস্কৃতিৰ পাঠ পঢ়াব নালাগে ।”- কোনো বেটছমেনে এটা অ’ভাৰ পিটছ বলত ‘ফ্লুৱেণ্ট ক’ভাৰ ড্ৰাইভ’ মাৰাৰ পাছত ‘শ্ব’ৰ্ট ক’ভাৰ’ত সুৰেশ ৰাইনায়ে ঠাপ মাৰি ধৰাৰ দৰে প্ৰবীৰে কথাটো শেষ কৰিব নৌপাওঁতেই শ্ৰীমতীয়ে মাজতে মাত দিলে ।

ইলেকচনডাল যে কি সময়ত পৰিল এইবাৰ ! উৰুকাৰ দিনাও ঘৰৰ পৰা ওলাই যাব লগা হৈছে । কথাটোত প্ৰবীৰৰ খং উঠিছে যদিও যোৱা নিশা দেখা সপোনটোৱে আজি তাৰ মনটো ফৰকাল কৰি ৰাখিলে । ঘৰলৈ ওভতাৰ বাটত পুৰণি কথাবোৰ মনত পৰিল তাৰ । সেই ঢেঁকীৰ চাপৰ শব্দ, হাৰলি-ঘৰৰ তলত খৰিৰ জুই, খুৰাই বজোৱা ঢোলৰ শব্দ, বিহুগীতৰ কলি—
“পদুম পাহে পাহে ফুলে লাহে লাহে
আমাৰ বিহু চাবলৈ ভনী ওলাই নাহে
কোনোবায়ে ক’লে বিহু বেয়া বুলি
নহয় বিহু বেয়া, ভনী ওলাই আহা ।”

গীতটি গুণগুণাই কোন সময়ত জপনামুখ পালেহি প্ৰবীৰে গমকে নাপালে । ঘৰৰ চোতালৰ টেণ্টৰ তলৰ পৰা অহা এটি গীতৰ তৰংগই তেওঁৰ সৰ্বশৰীৰ কঁপাই তোলাতহে তেওঁ ভোগালীৰ জগতৰ পৰা ওলাই আহিবলৈ বাধ্য হ’ল । দেখিলে তাৰ ষোল্ল বছৰীয়া পুত্ৰ আৰু কিছুমান অদ্ভূত কেশসজ্জাৰে বিভূষিত কেইজনমান যুৱকৰ উদ্যম নৃত্য আৰু কাণ তাল মাৰি যোৱা কিছুমান আচৰিত শব্দ—“তেৰে ফ’ট’ কো চিনে মে য়াৰ, চিপকালুংগা মে ফেভিকল ছে…”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments