প্ৰভাতদাৰ বিশ্বপ্ৰেম- উৎপল বৰুৱা

প্ৰভাতদাৰ লগত মোৰ প্ৰথম দেখাদেখি হোষ্টেলত ভৰ্তি হোৱাৰ দুদিনমান পাছতে৷ প্ৰথম এটা বা দুটা ক্লাছৰ পাছত হোষ্টেললৈ চুচুক-চামাককৈ উভতি আহোঁতে, কৰিডৰটোত মুখত টুথব্ৰাছ লৈ বাতৰিকাকত পঢ়ি থকা ওখ, শকত মোছৰ ল’ৰাজন যে দেখোঁ, সেয়াই প্ৰভাতদা৷ সাংঘাতিক বস্তু৷ সমনীয়াৰতো কথাই নাই, চিনিঅ’ৰ ল’ৰাইও হেনো সমীহ কৰিহে চলে৷ দুৰ্দান্ত সাহসী৷ তাৰ এসপ্তাহমান পাছতে চিনাকি হ’বলৈ ন নম্বৰ কোঠালৈ মোৰ যোৱাৰ পাল পৰিল৷ সেইটোৱেই প্ৰভাতদাৰ কোঠা৷ দুৱাৰত নক কৰিলো৷ ভিতৰৰ পৰা গৰগৰীয়া শব্দ এটা ভাহি আহিল – সোমা৷ সাধাৰণতে এই শব্দটো ‘ইয়েছ’ হয়৷ মই ভাবিলো শুদ্ধ অসমীয়া শব্দ প্ৰয়োগ কৰি মোক নিশ্চয় কোঠালৈ আমন্ত্ৰণ কৰা হৈছে৷ সোমায়েই আৰম্ভ কৰিলো – নমস্কাৰ দাদা, মোৰ নাম…. মই মেট্ৰিকত …. মোৰ পিতাৰ নাম…. গাঁও৷ প্ৰভাতদাই কিবা এটা চিকুটি আছিল৷ টেবুলৰ পৰা মূৰ নোতোলাকৈয়ে তেখেতে গুৰু-গম্ভীৰ কণ্ঠেৰে ক’লে – সোমা৷ মই বুজি নোপোৱাৰ ভাও ধৰি থিয় দি ৰ’লো৷ তাৰ পাছতেই প্ৰভাতদাই প্ৰথমবাৰৰ বাবে মোৰ চকুলো মূৰ তুলি চালে আৰু মই সাউৎকৈ বিছনাৰ তললৈ সোমাই গ’লো৷ ইতিমধ্যেই তলত এজন সোমাই আছিল৷ মই ভয়ে ভয়ে সুধিলো – কি কৰিবলৈ দিছে? – মাইকী মহ বিচাৰিবলৈ দিছে! আবাসী জীৱনত পাছলৈ ঘনিষ্ঠ হোৱা এইজনেই প্ৰভাদদাৰ বিছনাৰ তলত প্ৰথম লগ পোৱা কুঞ্জমোহন৷ এনে শাস্তি আনৰ কোঠাত কিবা দোষ কৰাৰ বাবেহে হৈছিল৷ প্ৰভাতদাৰ কোঠাত কিন্তু দুৱাৰত নক কৰাৰ লগে লগেই এই শাস্তিৰেহে চিনাকি প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷

আন্ধাৰ হোৱাৰ পাছত হোষ্টেলৰ বাৰাণ্ডাত আমি আটাইবোৰ নতুন ল’ৰা (মক্কেল) শাৰী পাতিছোঁ৷ প্ৰভাতদাই পাঠদান কৰিছে৷ নগাঁৱৰ দিগন্তক সমুখলৈ আনি ক’লে, – ই কথাই কথাই মুখখন কেনেকৈ বিকৃত কৰে দেখিছ, গতিকে আজিৰ পৰা ইয়াৰ হোষ্টেল নাম হ’ল গেলা; কি নাম? আমি আটায়ে সমস্বৰে চিঞৰো – গেলা৷ যোৰহাটৰ নীলোৎপলক মাতি নি ক’লে, – ই বৰগীত গায়, খোল বজাব পাৰে, ইয়াৰ নাম থলো প্ৰভু৷ বৰপেটাৰ চম্পকৰ চুলি পাতল, তাৰ নাম তালু৷ এসময়ত মোৰ পাল পৰিল৷ প্ৰভাতদাই ঘোষনা কৰিলে, – ইয়াৰ দুজনী ভনীয়েক আছে; এজনীক মই বিয়া কৰাম, ই হ’ল মোৰ জেঠেৰী৷ গতিকে আজিৰ পৰা তহঁতেও ইয়াক জেঠেৰী বুলিবি৷

নতুন ল’ৰাবোৰক একোটাকৈ হোষ্টেল নাম দিয়াৰ পাছত প্ৰভাতদাই বাক্যৰ বিপৰীত অৰ্থ বুজোৱা নিয়ম শিকালে৷ বাক্যৰ মাজত অকথিত শব্দ একোটা ব্যৱহাৰ কৰি তেখেতে দেখুৱাই দিলে ক’ব নলগা শব্দ একোটাৰো জোৰ কিমান! ‘নাই’ক আছে আৰু ‘আছে’ক নাই কৰিবলৈ ইয়াৰ সুবিধা কিমান৷ এইবোৰেই হ’ল হোষ্টেলৰ ভাষা৷ ঠিক তেনেতে ভাতৰ বে’ল বাজিল৷ লগে লগে প্ৰভাতদাই আৰম্ভ কৰিলে, -ডাইনিং হল; আমি চিঞৰিলো – জিন্দাবাদ৷ তেজ দিম; আমি কওঁ – ডাইনিং হল নিদিওঁ৷ মৰে ডাইনিং হল জীয়ে কোন…, লেফট্ ৰাইট্ লেফট্..৷
এয়া প্ৰভাতদাৰ লগত চিনাকি হোৱা সময়ৰ কথা৷ আৰ পাছৰ দুবছৰ প্ৰভাতদাই ঘটোৱা বিভিন্ন ঘটনা আৰু কাণ্ডৰ লগত পৰিচয় হ’লো; যিবোৰৰ ৰূপ চন্দ্ৰপেহাৰ কাহিনীৰ লেখীয়া৷ কিহৰ বলত তেনেকুৱা আচৰিত কাণ্ড একোটা কৰিবলৈ প্ৰভাতদাই সাহস কৰিছিল ভাবিলে মোৰ এতিয়াও আচৰিত লাগে৷ হোষ্টেল এৰাৰ পাছত যেতিয়াই একেলগে থকা পুৰণি বন্ধুক লগ পাইছোঁ, তেতিয়াই প্ৰভাতদাৰ কথা ওলাইছে৷ সেই দুবছৰত প্ৰভাতদাই ঘটোৱা ঘটনা একাটাক সুঁৱৰি কিমানযে স্ফূৰ্তি কৰিছোঁ, কত শ্ৰোতাক বিস্ময় মনাইছোঁ৷

নিউ ইয়েৰছ ডে’৷ একত্ৰিছ তাৰিখে নিশা হোষ্টেলৰ সমূখৰ পথাৰত ৰান্ধি-বাঢ়ি খোৱাৰ আয়োজন চলিছে৷ হঠাতে প্ৰভাতদা আহি হাজিৰ, – স্ফূৰ্তি কৰিব লাগে, জমাব লাগে, বিহাৰীৰ ঢোলটো ক’ত? কোনোবা এটাই কুঞ্জমোহনৰ (বিহাৰী তাৰ হোষ্টেল নাম) ঢোলটো আনিলে৷ গেলাই কাঁহী আৰু হেতা এখনেৰে তাল বজালে৷ এসময়ত ছেকেণ্ড মেছ আৰু চন্দ্ৰকান্ত হোষ্টেলো লগ লাগিলহি৷ প্ৰভাতদাৰ নেতৃত্বত দলটো কেম্পাছৰ পৰা ওলাই গৈ ছাত্ৰী নিবাসটোৰ কাষতে যান্ত্ৰিক বিজুতি হোৱা গাড়ীৰ দৰে ৰৈ গ’ল৷ অগাপিছাকৈ হোষ্টেলটোৰ দুয়োটা মহলাৰ লাইটবোৰ জ্বলি উঠিল, এটা-দুটাকৈ ছায়ামূৰ্তি লগ লাগি ছাদত জুম বান্ধিলেহি৷ প্ৰভাতদাহঁতে চিঞৰ একোটা মাৰি ৰৈ যায়; চেপা মৰা কণ্ঠৰ অনুৰূপ প্ৰতিধ্বনি ছাদৰ পৰা উফৰি আহে৷ ডায়লগ আদান-প্ৰদান কিছু সময় চলিছিল৷ এবাৰ ওখ দেৱালখন জাঁপ মাৰি প্ৰভাতদা হোষ্টেলটোলৈ সোমাই গ’ল৷ বাঘ দেখা হৰিণীৰ দৰে নিমিষতে জুমটো ছেদেলি ভেদেলি হৈ গ’ল৷ আনন্দৰ আতিশয্যত কিনো কৰিলে প্ৰভাতদাই প্ৰথমে গমেই পোৱা নাছিল৷ যেতিয়া সম্বিৎ ঘূৰি আহিল, কি কৰোঁ কি নকৰোঁ হৈ বাৰাণ্ডাত মেলি থোৱা কাপোৰ কেইখনমানকে আঁজোৰ মাৰি লৈ প্ৰভাতদা ওলাই আহিল৷

আমাৰ হোষ্টেলটোৰ অধীক্ষকে আবাসটোৰ ছাত্ৰসকলৰ প্ৰতি কিছু নজৰ ৰাখিছিল৷ পৰীক্ষাৰ আগে আগে কাৰোবাৰ মেজত একেৰাহে কেইবাদিনো লাইট নজ্বলিলে কথাটো ছুপাৰে গম পাইছিল৷ চকীদাৰে কেইবাদিনো খবৰ আনিলে, -ছাৰে প্ৰভাতদাক মাতিছে৷ প্ৰভাতদাৰ খবৰেই নাই! এদিন গম পালো- কোঠাত থকা অৱস্থাত ছুপাৰে নিজেই আহি হেনো প্ৰভাতদাক সাৱধান কৰি দিবহি; মানুহটো কেতিয়া ৰুমত থাকে চকীদাৰে মাথোঁ খবৰটো দিলেই হ’ল৷

এদিন সন্ধ্যা আমাৰ কোঠাত হুৰমূৰকৈ টেঙা আৰু কবিৰাজ সোমালহি – আহিছে, আহিছে, ছুপাৰ আহিছে৷ প্ৰভাতদাও ৰূমতে আছে৷ তেৰ নম্বৰ কোঠাৰ খিৰিকিয়েদি আমি জুমি চাই ৰ’লো৷ ধীৰ খোজেৰে ছাৰ আহি ন নম্বৰ কোঠাৰ সমুখ পালেহি৷ দুৱাৰত প্ৰথমবাৰ টোকৰ পৰিল৷ কোনো সাৰ-সিকতি নাই৷ দ্বিতীয়বাৰ টোকৰৰ প্ৰত্যুত্তৰত প্ৰভাতদাৰ চিৎকাৰ শুনিলো-ইয়েছ৷ আগে পিছে ‘জোৰ থকা’ কেইবাটাও অকথিত শব্দ৷ ছাৰ সোমাই গ’ল৷ পাছ মুহূৰ্ততে দেখিলো তীব্ৰ বেগেৰে ছাৰ ওলাই আহি ডাইনিং হলৰ ফালে আঁতৰি গ’লগৈ৷ আচৰিত কথা৷ দুদিনমান পাছতে প্ৰভাতদাই ৰসাল ভাষাৰে বৰ্ণনা কৰিলে৷ দুৱাৰত ছাঁটো দেখিয়েই হেনো তেখেতে বুজিছিল – গালিভাৰ ৰণত পৰিল৷ গতিকে কি কৰোঁ কি নকৰোঁ হৈ হঠাতে তেখেত বিছনাত শুই পৰিল আৰু তেখেতক দেখিয়েই ছুপাৰ ফুট!
– শুই থকা দেখিয়েই?
– হয়, শুই থকা দেখিয়েই৷ তেতিয়া তেখেতৰ গাত আছিল মাত্ৰ জন্মতে পিন্ধি অহা বাৰ্থডে ছ্যুট – তেনেই আদিম মানৱ!

প্ৰভাতদাৰ ৰূমমেট নগালেণ্ডৰ খালং আংগামী৷ পূজাৰ সময়৷ হোষ্টেলৰ আবাসীৰ সংখ্যা কমিছে বাবে ডাইনিং হল বন্ধ৷ ল’ৰাবোৰে ৰূমে ৰূমে ৰান্ধি খাইছে৷ তেনেতে ওলাল প্ৰভাতদাৰ বাৰ অক্টোবৰত জন্মদিন৷ তেখেতে আংগামীৰ সৈতে হোষ্টেলৰ প্ৰতিটো কোঠাৰে আবাসীক জন্মদিনৰ নিমন্ত্ৰণ জনালে৷ আমিও আনন্দতে জন্মদিনৰ উপহাৰ একোটা লৈ প্ৰভাতদাৰ কোঠাত গোট খালোগৈ৷ চাৰিডোখৰ শ্লাইছ ব্ৰেড আৰু এক প্লেট মাংসৰে মহা উৎসাহেৰে দুয়ো ৰূমমেটে আমাক আপ্যায়িত কৰিলে৷ প্ৰভাতদাক অভিনন্দন জনাই বেছ আনন্দেৰে আমি গধূলিটো উপভোগ কৰিলো৷ পাছদিনাৰপৰা সকলোৰে চকুত পৰিল – হোষ্টেলৰ নোদোকা কুকুৰজনী নাই!

এনেকুৱা একোটা অদ্ভুত কাণ্ডৰে প্ৰভাতদাই আমাৰ হোষ্টেলটোত নতুন ৰং সানিছিল৷

এসময়ত মই কাৰিকৰী শিক্ষা গ্ৰহণৰ বাবে অসমৰ বাহিৰলৈ গুচি গ’লো৷ দুবছৰমানৰ পাছত গম পাইছিলো শিক্ষা শেষ নকৰাকৈয়ে প্ৰভাতদাই হেনো কয়লাৰ ব্যৱসায়ত লাগিছে, বেলতলাত থাকে৷ তেখেতক দেখা কৰাৰ মোৰ কোনো সুবিধা হোৱা নাছিল৷ পঢ়া শেষ কৰি তাৰ পাছত অসমৰ বাহিৰত আঠ বছৰ চাকৰি কৰি পুনৰ অসমলৈ মই যেতিয়া ঘূৰি আহিলো তেতিয়া প্ৰভাতদা অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী! তেখেতক সকলোৱা চিনি পায়৷

কেন্দ্ৰীয় চৰকাৰৰ যিটো বিভাগত মই চাকৰি কৰোঁ, সেইটো বিভাগে অসমত নিৰ্মাণ কৰা ন এটাৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ দুজন মন্ত্ৰীক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত হৈছিল৷ এজন হৃদয় সমুদ্ৰ বৰা আৰু আনজন প্ৰভাতদা৷ তেখেতসকলক নিমন্ত্ৰণ কৰি অনাৰ দায়িত্ব মোৰ ওপৰতে পৰিল৷ এনেকৈয়ে এঘাৰ বছৰৰ মূৰত প্ৰভাতদাক দেখা পোৱাৰ এটা সুযোগ পালো৷

দিনৰ এঘাৰমান বজাত মই তেখেতক লগ কৰিবলৈ তেখেতৰ কাৰ্যালয়ৰ কোঠাৰ সমুখত উপস্থিত হ’লোগৈ৷ পিয়নজনে মোৰ নামটো তেখেতৰ হাতত দিয়াৰ ক্ষন্তেক পাছতে স্বয়ং প্ৰভাতদা দুৱাৰমুখলৈ ওলাই আহিল আৰু সেই তেতিয়াৰে পৰিচিত চিনাকি সুৰত ক’লেহি – জেঠেৰী আহিলি, আহ, আহ৷ তেখেতৰ ব্যৱহাৰত মই আপ্লুত হ’লো৷ এই সম্বোধনেৰে ঘনিষ্ঠ হোৱা অনেক বন্ধুৱে হোষ্টেল এৰাৰ কেইবছৰমান পাছতে লগ পালে ‘তুমি-আপুনি’ সম্বোধনেৰে আগৰ সম্পৰ্কটো বিকৃত কৰি পেলোৱা দেখিছোঁ৷ প্ৰভাতদাই তেনে নকৰাত মই ভাল পালো৷ তেখেতৰ কোঠাত তিনিজন ভদ্ৰলোক বহি আছিল৷ মই নীৰৱে তেখেতসকলৰ প্ৰস্থানলৈ অপেক্ষা কৰি ৰ’লো৷ তেখেতসকলে কিবা এটা ‘অৰ্ডাৰ’ৰ বাবে প্ৰভাতদাক খাটনি ধৰিছিল৷ প্ৰভাতদায়ো আন্তৰিকতাৰে এটা ৰেফাৰেঞ্চ্ নম্বৰ তেখেতৰ মেজৰ ওপৰত পৰি থকা শকত লেফাফা এটাৰ ওপৰত লিখি লোৱা দেখিলো৷ নিৰ্ভয় আৰু প্ৰতিশ্ৰুতি আদায় কৰি তিনিও ভদ্ৰলোকে বিদায় ল’লে৷

ইমানদিনে প্ৰভাতদাও নোদোকাটো হ’ল৷ পোছাক পৰিপাটি৷ কণ্ঠস্বৰ আগৰ দৰেই গুৰুগম্ভীৰ৷ আগতে কম হাঁহিছিল, এতিয়া কথাই কথাই আত্মতৃপ্তিৰ এক মিচিকিয়া হাঁহি৷ এটা কথা লক্ষ্য কৰি মই বৰ আমোদ পালো৷ কথা পাতি থাকোঁতে তেখেতে কিবা এটা চিকুটি থাকি ভাল পাইছিল৷ অভ্যাসটো এতিয়াও আছে৷ মোৰ লগত কথা পাতি থকা সময়খিনিত তেখেতে মেজত পৰি থকা লেফাফাটো চিকুটি চিকুটি বখলিয়াই আনিছিল৷ লেফাফাটোৰ ভিতৰত থকা টকাৰ বান্দিলটো ঢাকিবলৈ তেওঁ কোনো চেষ্টা নকৰিলে৷ কিছু সময়ৰ পাছতে মই লক্ষ্য কৰিলো সম্পূৰ্ণ লেফাফাটো অসংখ্য সূক্ষ্ম টুকুৰা কিছুমানত পৰিণত হৈ গ’ল৷ নিৰ্ভয় আৰু প্ৰতিশ্ৰুতি প্ৰদানেৰে তেখেতে লিখি লোৱা নম্বৰটোও লেফাফাটোৰ লগতে অদৃশ্য হৈ গ’ল৷

১১ ফেব্ৰুৱাৰীত আমাৰ উদ্বোধনী অনুষ্ঠান৷ হৃদয় সমুদ্ৰ বৰাই নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিব৷ তেখেত সেইদিনাই মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ দিল্লীলৈ যোৱাৰ কথা৷ কথাটো শুনি প্ৰভাতদা কিছু সময় মনে মনে ৰ’ল৷ তাৰ পাছত ক’লে- মই লৈ যাম যা; বৰাকো লৈ যাম, তই চিন্তা নকৰিবি, তেখেত সেইদিনা দিল্লীলৈ নাযায়; তহঁতে সভাৰ আয়োজন কৰ৷

মন্ত্ৰীসভা কলেজৰ হোষ্টেল নহয়৷ তথাপিও প্ৰভাতদাই যেনেকৈ আশ্বাস দিলে মোৰ এনে লাগিল যেন তেখেতে ৰুমমেটক লৈ নিশা ছেকেণ্ড শ্ব’ ছিনেমা চোৱাৰ কথাহে কৈছে৷

আৰু মোক বিস্ময়ৰ শেষ সীমাত উপনীত কৰাই প্ৰভাতদা হৃদয় সমুদ্ৰ বৰাৰ লগত আহি নিৰ্ধাৰিত সময়ত সভাত উপস্থিত হ’লহি৷ আমাৰ নটোৰ উজ্জ্বল ভবিষ্যত কামনা কৰি প্ৰভাতদাই এটা চুটি ভাষণো দিলে৷ চাহৰ টেবুলত মই তেখেতক অকলশৰে পাই সুধিলো – প্ৰভাতদা, দিল্লী যাত্ৰা বাতিল কৰি বৰাক আনিব পৰা ৰহস্যটো কি? কণ্ঠনলীৰ একেবাৰে গভীৰৰ পৰা সেই বিশেষ মাতটো উলিয়াই তেখেতে ক’লে – ইয়াকে বোলে পলিটিকছ্৷ বৰা হৈছে জ্যোতিষীৰ কথাত উঠা-বহা কৰা লোক৷ এঘাৰ তাৰিখে পশ্চিম দিশত উৰণ বিপদজনক৷ ৰাহুৰ প্ৰভাৱত কুম্ভৰাশিৰ শনিৰ দশা আৰম্ভ হৈছে দহ তাৰিখে নিশা তৃতীয় প্ৰহৰৰ পৰা; এতেকে বৰাৰ যাত্ৰা স্থগিত৷ তাৰ পাছত মাতটো আৰু গম্ভীৰ কৰি তেখেতে ক’লে, – খৰচ কিমান পৰিল জান, পূৰা দুহাজাৰ এটকা! তোৰ বাবে, মানে জেঠেৰীৰ বাবে খৰচ কৰিলো আৰু দে, এনেয়ে জ্যোতিষীৰ নামত মোৰ এটকাও খৰচ নহয়৷

প্ৰভাতদাৰ বুদ্ধিৰ প্ৰশংসা নকৰি নোৱাৰিলো৷ খন্তেক অন্যমনস্ক হৈ তেখেতে ক’লে – মই ভালকৈ ইংৰাজী ক’ব নোৱাৰোঁ বুজিছ, নহ’লে মই ষ্টেট পলিটিকছৰ পৰা অতদিনে ওলাই গ’লোহেঁতেন৷

আমাৰ বিভাগে প্ৰচাৰ কৰা ৰঙীন লিফলেট এখনৰ টুকুৰা এটা প্ৰভাতদাই চিকুটি আছিল৷ খুব সাৱধানে জুখি-মাখি চিকুটি চিকুটি তেখেতে এখন অসমৰ মেপৰ আকৃতি বনালে৷ ক্ৰমান্বয়ে লক্ষ্মীমপুৰ, ধুবুৰী আৰু কাছাৰৰ পৰিবৰ্তন কৰি তাক ভাৰতবৰ্ষৰ ৰূপ দিয়া হ’ল৷ তাৰ পাছত খননকাৰ্য চলিল উত্তৰ-পূৰ্বাঞ্চল, গুজৰাট, কাশ্মীৰ আৰু দাক্ষিণাত্যৰ ওপৰত৷ ৰঙা বৰণৰ কাগজখনে বৃত্তাকাৰ ৰূপ ধাৰণ কৰিলে, ৰবাব টেঙাৰ দৰে দুয়োমূৰ চেপেটা পৃথিৱীৰ আকাৰ৷ মোৰ এনে লাগিল প্ৰভাতদাৰ মন আৰু প্ৰতিভাই অসমৰ বাহিৰ হৈ ভাৰতবৰ্ষইদি পৃথিৱীৰ বুকুত মিলি যোৱাৰ বাট বিচাৰিছে৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক