‘প্ৰ’ম’চনেল অফাৰ’ — উৎপলা কৌৰ

ৰাজীৱৰ মটৰ চাইকেলখন কেঁকুৰিটোত অদৃশ্য হোৱাৰ লগে লগে সৰু গেটখন বন্ধ কৰি পূৰৱী ভিতৰলৈ সোমাই আহিল৷ এইখিনি সময়ত তাইৰ এনেকুৱা লাগে যেন এইমাত্ৰ এখন পৰীক্ষাৰ প্ৰশ্ন কাকত সম্পুৰ্ণকৈ লিখি নিৰীক্ষকক জমা দি উঠিছে৷ ৰাজীৱক তৃপ্তিৰে ভাতসাঁজ খুৱাই পঠিয়াবলৈ তাইৰ আয়োজন চলে পুৱাৰে পৰা, তাৰ মাজে মাজে ইটো সিটো কাম৷ যেনে টাবৰ ফুলপুলিকেইটা খুচৰি দিয়া, ড্ৰইং ৰুমৰ টেবুলৰ তলত জাপি থোৱা পেপাৰখিনি আকৌ এবাৰ সমানকৈ জাপি থোৱা, ফুলদানীটোৰ পৰা প্লাষ্টিকৰ ফুলখিনি উলিয়াই আকৌ এবাৰ নতুন ধৰণে থ’বলৈ চেষ্টা কৰা, আগনিশা গা ধুওঁতে ধুই দিয়া, ভিতৰত মেলি থোৱা কাপোৰকেইটা পিছফালে কাপোৰমেলা তাঁৰডালত মেলি দিয়া আদি কামবোৰ৷ তিনিকোঠলীয়া ঘৰটো তেনেই নিমাওমাও হৈ পৰে ৰাজীৱ অফিচলৈ গুছি যোৱাৰ পাছত৷ ঘৰটোৰ ’হল’ নামৰ অইন দুটা ৰুমতকৈ সামান্য ডাঙৰ কোঠাটোৰ এখন বেৰত এফাল লগাই থোৱা চাৰিচকীয়া ডাইনিং টেবুলখনৰ পৰা ৰাজীৱে ভাত খোৱা কাঁহীখন নি পাকঘৰত থৈ পুৰৱীয়ে নিজৰ বাবে কাঢ়াকৈ গাখীৰ দিয়া চাহ একাপ বনাই ডাইনিং টেবুলখনতে বহি লাহে লাহে এঢোক-দুঢোককৈ গিলিবলৈ ধৰিলে৷ তাইৰ এটা বেয়া স্বভাৱ আছে৷ তাই অকলে থাকিলেই কোনোবা ভাৱসাগৰত ডুব যায়, চৌপাশে কি হৈ আছে গমেই নাপায়৷ এই স্বভাৱটোৰ বাবে তাইৰ চাহ কাপ প্ৰায়েই চেঁচা পৰি যায়৷ আজিও দুই কিলাকুটিৰে টেবুলত ভেঁজা দি দুইহাতেৰে আলফুলেৰে কাপটো ধৰি লাহে লাহে চাহত চুমুক দিওঁতে পুনৰ এক ভাৱ সাগৰত ডুব গ’ল৷ কেইঢোকমান চাহ গিলাৰ পাছত হঠাৎ কিবা মনত পৰাৰ দৰে তাই কাপটো থৈ বহাৰ পৰা উঠিল আৰু সিহঁতৰ সৰু, এখন দুৱাৰ থকা ৰঙা ফ্ৰীজটোৰ ওপৰত পাৰি থোৱা প্লাষ্টিকৰ ঢাকনিখনৰ দুইকাষৰ পকেটবোৰৰ এটাৰ পৰা কাগজ এখন উলিয়াই আনি পুনৰ ডাইনিং টেবুলত বহিল৷

ৰঙীণ আৰু উজ্জ্বল কাগজখন তাই চকুৰ আগত মেলি ধৰিলে৷ ৰাতিপুৱা হকাৰজনে বাৰাণ্ডাত দলিয়াই থৈ যোৱা পেপাৰখন বাৰাণ্ডাত থোৱা প্লাষ্টিকৰ চকীখনত বহি মেলি চাওঁতেই কাগজখন পেপাৰখনৰ মাজৰ পৰা পুৰৱীৰ কোলাত সৰি পৰিছিল৷ সাধাৰণতে এনেকুৱা কাগজবোৰ তাই উলিয়াইয়েই হাতেৰে মোহাৰি লাড়ু এটা বান্ধি চকীখনৰ কাষতে পেলাই থয়৷ পাছত সেইখন কামকৰা বাইজনীয়ে সৰা-মোচা কৰোঁতে পেলাই দিয়ে৷ আজিৰ কাগজখনত চকু ফুৰায়েই তাই ৰাজীৱে দেখাৰ আগতে ফ্ৰীজৰ কভাৰটোৰ পকেটত ভৰাই থৈছিল৷ এখন হাতেৰে কাগজখন ধৰি আনখনেৰে তাই পুনৰ চাহৰ কাপটো ওঁঠত লগালে আৰু কাগজখন উৰাই-ঘূৰাই চাবলৈ ধৰিলে৷ চাহকাপ শেষ কৰি কাগজখন হাতত লৈয়ে পুৰৱী এইবাৰ বেডৰুমলৈ উঠি গ’ল৷ বিছনাত পৰি থকা ফোনটো উঠাই কাগজখনৰ পৰা চাই চাই তাই নম্বৰ এটা ডায়েল কৰিলে৷
ফোনৰ সিফালে অত্যন্ত সপ্ৰতিভ ছোৱালী এজনীয়ে সুললিত কণ্ঠেৰে চৰাই এটাৰ দৰে কলকলাই উঠিল
: গুড মৰ্নিং মেম! দিছ ইজ নেইনা ফ্ৰম ’বি গৰ্জিয়াছ বিউটি চেল’ন… হাউ কেন আই হেল্প ইউ মে’ম?
: অ, হেল্ল’!
পুৰৱীয়ে থতমত খালে৷ ইংৰাজীত কোৱা কথাখিনি বুজি পালে যদিও ঘপহকৈ কি উত্তৰ দিব তাই ভাৱি নাপালে আৰু নাৰ্ভাছ হৈ ফোনটো কাটি দিলে৷ আজিলৈকে কোনেও তাইক ’মে’ম’ বুলি সম্বোধন কৰি পোৱা নাই, আৰু তাতে ইমান সলসলীয়া ইংৰাজী! পুৰৱী শিক্ষিতা ছোৱালী যদিও অসমীয়া মাধ্যমত পঢ়া আৰু কেতিয়াও ইংৰাজী কথোপকথন হৈ থকা পৰিবেশ এটা নোপোৱাকৈ ডাঙৰ হৈছে বাবে কথা পাতোঁতে অলপ নাৰ্ভাছ হয়৷ ভাৱি-চিন্তি শব্দ চয়ন কৰি শুদ্ধ ব্যাকৰণ ব্যৱহাৰ কৰি কথা কয় মানে তাইৰ কথিত ইংৰাজীৰ দুৰ্বলতা ধৰা পৰিয়েই যায়৷ তথাপি ইংৰাজী ক’বলৈ জনাটো সিমান জৰুৰী বুলিও ভৱা নাছিল৷ অসমত থকা বিউটি পাৰ্লাৰ এখনত ’ইংৰাজী জানিলেওনো কিয় ক’ব ইংৰাজী? ’ ভাৱেৰে তাই পুনৰ ফোন লগালে৷ সিফালৰ পৰা ছোৱালীজনীয়ে একেখিনি কথাকে দোহাৰি হোৱাৰ পাছত গহীন মাতেৰে পুৰৱীয়ে তাইৰ কথাখিনি অসমীয়াতে আৰম্ভ কৰিলে৷ কাগজখনত লিখা থকা কথাখিনিৰ সবিশেষ জানি লৈ পূৰবীয়ে নিৰ্দিষ্ট কামটোৰ বাবে লওঁ নলওকৈ দুদিনৰ পাছত সময় এটা ল’লে৷ সময়টো ঠিক কৰি ল’লে যদিও তাৰ পাছত তাইক অলপ চিন্তিত যেন দেখা গ’ল; কামটো মনে মনে কৰিব লাগিব৷ ৰাজীৱে গম পালে হয়তো মানা নকৰে, বৰঞ্চ নিজেই সময় মিলাই তাইক থৈ আহিব৷ কিন্তু তাইৰ তাক জনাবলৈ মন যোৱা নাই৷

তাই বেডৰুমলৈ গৈ ষ্টীলৰ আলমাৰীটোত লাগি থকা আইনাখনৰ সন্মুখত থিয় দিলেগৈ৷ আইনাৰ পৰা এফুটমান দূৰত তাই থিয় হৈ থাকিল যদিও মুখখন আইনাখনৰ একেবাৰে কাষলৈ নি নিৰীক্ষণ কৰিবলৈ ধৰিলে৷ তাই নিজৰ ধুনীয়া মুখখন চাই সদায় মোহিত হয়৷ বৈ পৰা চেলাউৰিযোৰে পদুমপহীয়া চকুযোৰক চালি ধৰি থাকি মুখখনক বিশেষ কৰি তুলিছে৷ চকুৰ নোমবোৰো তাইৰ ডাঠ আৰু ধেনুভেৰীয়া৷ তাইৰ নাকটো সামান্য চুটি আৰু বহল কিন্তু নাকৰ তলতে থকা কমলাৰ কোঁহৰ দৰে ওঁঠযোৰে নাকত ৰৈ পৰা চকুবোৰ নিজৰ ফালে অতি সহজে আকৰ্ষণ কৰি নিয়ে৷ তাইৰ গাৰ ৰং বায়েকৰ দৰে উজ্জ্বল নহ’লেও মিঠা৷ পাকঘৰত কাম কৰি থাকোঁতেই তাই ইটো সিটো লগাই ছালখনৰ যতন লয়৷ আজি তাই ভালকৈ চাওঁতেহে দেখিলে ছালখনৰ যেন আগৰ উজ্জ্বলতা কমিছে৷ হাতখন বাচন-কাপোৰ ধুওঁতে ধুওঁতে খহটা হৈ পৰিছে৷ ভৰিখন লেতেৰা হৈছে৷ সানি থোৱা নেইল পালিছবোৰ ঠায়ে ঠায়ে উঠি গৈছে৷ এটা গোৰোহাৰে আনখন ভৰি ঘঁহি চালে৷ খহটা বস্তু এটাৰে ঘঁহি দিয়াৰ দৰে লাগিছে..!

কিছুমান কামক তাই অদৰকাৰী বিলাসিতা বুলিয়েই ভাবে৷ তথাপি কাগজখন হাতত পৰাৰে পৰা তাই অনুভৱ কৰিলে কিছুমান কথা উপভোগ কৰাৰ পৰা তাই নিজকে বঞ্চিত কৰা উচিত নহয়৷ অন্ততঃ যদি ই কাৰো একো অপকাৰ নকৰে৷ বায়েকৰ চহৰীয়া বিলাসী বিবাহিত জীৱনে সুখী কৰা মাক-দেউতাকৰ ইচ্ছাক আওকাণ কৰি তাই স্বইচ্ছাৰে ৰাজীৱৰ সৈতে বিয়াত বহিছিল৷ সেইখিনি সময়ত প্ৰেমাস্পদৰ বাহিৰে আন সকলো কথা তাইৰ গৌণ যেন লাগিছিল৷ ৰাজীৱৰ সৈতে প্ৰেমত পৰাৰ পাছত বায়েকৰ কাপোৰ-কানি, গহনা-গাঁঠৰি, বিলাসী গাড়ী-ঘৰ, পেডিকিউৰ-মেনিকিউৰ কৰা মাখন যেন ভৰি-হাত, বয়স থমকি ৰোৱা ফেচিয়েল ইত্যাদিবোৰক আৰু অদৰকাৰী যেন অনুভৱ হৈছিল৷ আজিকালি সেই কথাবোৰে মনটো বিশৃংখল কৰি তোলে কেতিয়াবা, বিশেষকৈ বায়েকৰ ঘৰত কিবা অনুষ্ঠান আদিত অংশ ল’বলৈ বায়েকৰ দৰে এজাক মানুহৰ মাজলৈ তাই যেতিয়া যাবলগীয়া হয়৷

দুদিনৰ পাছৰ ৰাতিপুৱাটোত তাই অইনদিনাতকৈ সোনকালে সাৰ পালে৷ দিনটোত বিশেষ কাম থাকিলে তাইৰ টোপনি সোনকালে ভাঙে৷ আজিও তাইৰ বাবে এটা বিশেষ উত্তেজনাপূৰ্ণ দিনতকৈ কম নহয়, সেয়ে উঠিয়েই খৰখেদাকৈ কামবোৰত লাগিল৷ ঘৰ সৰা-মোচা কৰা মানুহগৰাকীকো সোনকালে মাতিছে আজি৷ কেতিয়াও কাকো ফাঁকি নিদিয়া তাই মাজে মাজে সচেতন হৈ থাকিল যাতে তাইৰ সেই নিষিদ্ধ উত্তেজনা ৰাজীৱৰ চকুত ধৰা নপৰে৷ ৰান্ধি-বাঢ়ি ৰাজীৱক সময়ত ভাত খুৱাই অফিচলৈ পঠিয়াই তাই খৰখেদাকৈ গা ধুবলৈ সোমাল৷ আজি এনেকুৱা লাগিল যেন তাই বহুতদিন ভালকৈ গা ধুৱা নাই; গা ধোৱা কামটো তাইৰ অইন দিনাতকৈ বেছি গুৰুত্বপূৰ্ণ যেন লাগিল৷ ছোৱালীকালত তাই গা ধুৱাৰ পাছত ভায়েকে গা ধুবলৈ থাকিলে ঘৰত সদায় হুলস্থূল এখন লাগিছিল৷ কাৰণ বাহিৰৰ পৰা দুৱাৰ ঢকিয়াই নাথাকিলে ভাৱনাৰ ভূ-ভাৰস্তত বিচৰণ কৰি ফুৰা তাইৰ সহজে বাথৰুমৰ পৰা ওলাই অহা সম্ভৱ নাছিল৷ আচলতে সি দমকলৰ পাৰতে গাটো ধুব পাৰে, কিন্ত্ত তাইৰ লগত এখুন্দা লাগিবলৈ বুলিয়েই নুধুৱে৷ সিহঁতৰ ঘৰৰ পিছফালৰ বাৰাণ্ডাৰ এটা মূৰে লগা-লগিকৈ থকা গাধোৱা ঘৰটোৰ বাহিৰত ৰৈ চিঞৰি থাকে, -ঐ হাত-ভৰিবোৰ খুলি খুলি ঘঁহিছ নেকি? ওলা সোনকালে!

বাথৰুমত সোমাই তাই এচৰীয়া গৰম পানীত দুটকীয়া চেম্পুৰ পেকেট এটা মিহলাই ভৰিদুখন কিছুপৰ ডুবাই থৈ আগৰে পৰা গা ঘঁহিবলৈ আনি থোৱা শিল এটাৰে গোৰোহা দুটা ঘঁহিলে, পুৰণা টুথ ব্ৰাছেৰে নখবোৰ চাফা কৰিলে, চুলিত শ্বেম্পু কৰিলে আৰু মনৰ সন্তুষ্টিৰে ঘঁহি-পিহি গাটো ভালকৈ ধুই ওলাই আহিল৷ সৰুকৈ পাতি লোৱা থাপনাখনত সচৰাচৰ কৰাৰ দৰে প্ৰাৰ্থনা কৰিলে৷ বিয়াৰ পাছত ৰাতিপুৱা প্ৰথম উঠিয়েই গাটো তিয়াই পূজা-পাতল কৰিহে পাকঘৰ সোমাইছিল৷ মাঘমহীয়া ঠাণ্ডাত পুৱাই উঠি গাধোৱা কাৰবাৰটো ৰাজীৱৰ অপচণ্ড হোৱাত তাই সেই অভ্যাস বাদ দিবলগীয়া হ’ল৷

কাপোৰৰ আলমাৰীটো খুলি তাইৰ সিদ্ধান্ত লওঁতে সময় লাগিল, কি পিন্ধি গ’লে শুৱাবনো তাইক? অভিজাত বিউটি পাৰ্লাৰখনলৈ অহা-যোৱা কৰা মহিলাসকলৰ বেশ-ভূষা কল্পনা কৰি তাইৰ মনটো সামান্য কোঁচ খাই গ’ল৷ পাটৰ মেখেলা-ছাদৰ কেইযোৰৰ বাদে তাইৰ বেছি দামী কাপোৰ নাই৷ দামী কাপোৰৰ প্ৰয়োজনো অনুভৱ কৰা নাছিল ইমানদিনে৷ বহু ভাবি চিন্তি তাই তাইৰ আটাইতকৈ দামী, দুমাহমানৰ আগতে কিনা কুৰ্তাটোকে জীনচ্ এটাৰ লগত উলিয়াই ল’লে৷ সেইটো তাই ৰাজীৱৰ বন্ধু এজনৰ ল’ৰাৰ জন্মদিনত পিন্ধিবলৈ কিনিছিল মল এটাৰ পৰা৷ লিপষ্টিক-কাজলেৰে সযতনেৰে মুখখন আঁকি আইনাত নিজকে চাই সন্ত্তষ্ট হোৱাৰ পাছত তাই ওলাই ৰিস্কা এখনত উঠিলেগৈ৷

পাৰ্লাৰখন তাই ৰাজীৱৰ লগত মটৰ চাইকেলেৰে অহা-যোৱা কৰোঁতে বহুবাৰ দেখিছে৷ তাইৰ ভাৰাঘৰটোৰ পৰা ডেৰ কিলোমিটাৰ মান দূৰত হ’ব৷ ৰিস্কাখন পাৰ্লাৰখন থকা বিল্ডিংটোৰ সন্মুখত ৰখোৱাৰ পাছত পাৰ্চটো খুচৰি ভাৰাটো আগবঢ়াই দি মূৰ তুলোঁতেই তাই দেখিলে দীঘল গাড়ী এখনৰ পিছৰ ছীটৰ পৰা তাইৰে কলেজীয়া বান্ধৱী ৰশ্মি নামিছে৷ ৰশ্মি নামিয়েই বিল্ডিঙৰ চৌহদৰ ভিতৰলৈ সোমাই গৈছে৷ পূৰবী য’লৈ আহিছে, বোধহয় তায়ো তালৈয়ে গৈছে৷ এইখন বিউটি পাৰ্লাৰ গমন চহৰৰ বিশেষ উচ্চবিত্ত মহিলাসকলৰ ষ্টেটাছ চিম্বল হৈ পৰিছে৷ মধ্যপ্ৰাচ্য দেশবোৰৰ বহুকেইখন চহৰত এই বিউটি পাৰ্লাৰৰ শাখা আছে৷ গুৱাহাটীটো ইয়াৰ দুটা শাখা খুলিছে, বজাৰ দখল কৰিবলৈ নিতৌ নতুন বিজ্ঞাপনেৰে মোবাইলৰ মেছেজ ইনবক্স, ৰাস্তাৰ কাষৰ হোৰ্ডিং দখল কৰিছে, বিভিন্ন ’অফাৰ’ দি লোভ লগাইছে৷

তাইনো কি মুখেৰে এতিয়া খবৰ কাকতৰ লগত পোৱা কুপনখন লৈ ’অফাৰ’ বিচাৰি যাব পাৰ্লাৰখনলৈ! ৰশ্মিয়ে গম পালে ঠাট্টা কৰাৰ এটাও সুযোগ এৰি নিদিব৷ গেটৰ ডাঙৰ পিলাৰটোৰ আঁৰতে তাই লুকাই চাই থাকিল, কি কৰা যাব এতিয়া ভাৱি ভাৱি৷

এইবোৰ বিলাস এৰি দিয়াৰ চৰ্ততে তাই নিজৰ মনটোক ৰাজীৱৰ পৰা আঁতৰাই নিব পৰা নাছিল৷ সেয়ে বান্ধৱীক ইয়ালৈ অহাৰ কাৰণ জানিবলৈ দি হাঁহিবলৈ সুযোগ দিয়াৰো তাই পক্ষপাতী নহয়৷ তাই বেগৰ পৰা ৰঙীণ কাগজখন উলিয়াই চালে আৰু লাড়ু কৰি ফুটপাথলৈ দলিয়াই দিম বুলিও দিব নোৱাৰিলে৷ চাওঁ নাচাওঁকৈ চাই দেখে আৰু দহদিনমানলৈ অফাৰটো আছে৷ আকৌ কাগজখন ভৰাই থৈ দিলে বেগত৷

তাত ৰৈ থখা সময়কণত তাইৰ এনেকুৱা লাগিল যেন সেইফালে অহা-যোৱা কৰা সকলোৱে তাইকেই চাই চাই গৈছে আৰু কৈ গৈছে, “ইছ পুৰৱী! তয়ো এনেকুৱা অফাৰৰ সুযোগত থাক’? ৷“ বহু দেৰি ৰৈ থকাৰ পাছতো ৰশ্মি ওলাই নহাত ৰিস্কা এখন লৈ ঘৰলৈ ঘূৰি আহি থাকোঁতে তাইৰ নিজকে পৰাজিত সৈনিকৰ দৰে লাগিল৷ ভাৰাঘৰৰ দুৱাৰমুখত নানামোতেই পাৰ্লাৰখনৰ পৰা ফোন এটা আহিল৷ সিপাৰত সেই ভাটৌৰ দৰে কথা কোৱা ছোৱালীজনী- “মেম আপোনাৰ এপইণ্টমেণ্ট এটা আছিল৷“ নিজৰ স্বভাৱৰ বিৰূদ্ধে গৈ তাই ফাঁকি এটা দিলে “মোৰ গাটো বেয়া অ’ আজি৷ পৰহিলৈ এটা এপইণ্টমেণ্ট দিয়াছোন পাৰা যদি৷“

যিদিনা সেই পৰহিটো আহিল সেইদিনা ৰাজীৱ অফিচলৈ যোৱাৰ পাছতেই তাই পাৰ্লাৰলৈ যাব পৰা সম্ভাব্য চিনাকি, মহিলা বান্ধৱী কেইগৰাকীক ফোন কৰি এনেয়ে খবৰ-খাতি ল’লে আৰু বেলেগ বেলেগ কথা পতাৰ মাজতে সিহঁতৰ দিনটো কাৰ ক’ত কি কাম আছে সম্যক ধাৰণা এটা লৈ পাৰ্লাৰত সুকলমে সোমালগৈ৷
ৰিচেপচনত সেই ভাটৌ কণ্ঠী বালিকাৰ প্ৰসাধনেৰে ভৰা চকুহালে তাইক আপাদমস্তক লেহন কৰাৰ পাছত মুখত মিঠা হাঁহি এটা বিয়পাই বহিবলৈ দিলে আৰু কুপনখনৰ অন্তৰ্গত সুবিধাখিনি তাইক বুজাই দিলে৷ তাইৰ নাম, ঠিকনা, ফোন নম্বৰ সন্মুখত থকা কম্পিউটাৰটোত খট্ খট্ শব্দ কৰি ভৰাই লোৱাৰ পাছত তাইৰ কাষতে ৰৈ থকা ক’লা চেপা মৰা স্কাৰ্ট আৰু ৰঙা চাৰ্ট পিন্ধা, পৰিপাটীকৈ খোপা বান্ধি সাজি-কাছি থকা ছোৱালীবোৰৰ এজনীয়ে সৰু এজনীয়া ওখ বিছনা এখন থকা সুসজ্জিত কোঠা এটিলৈ নি তাইক কাপোৰযোৰ সলাই গাউন এটা দি পিন্ধি ল’বলৈ কৈ ওলাই গ’ল৷ দুৱাৰখন বন্ধ কৰি গাউনটো পিন্ধি থাকোঁতেই তাই কোঠাটোত চকু ফুৰালে৷ বিছনাখনত বগলীপাখি হেন ঢকঢকীয়া বগা বিছনা চাদৰ এখন পাৰি থোৱা আছে৷ কৃত্ৰিম চিলিঙত লাগি থকা সৰু স্পট লাইট দুটাই যথেষ্ট পোহৰ কৰি ৰাখিছে কোঠাটো৷ এচুকত বেৰতে থাকি থকা এটা কফি আৰু মাখন ৰঙৰ মাইকাৰে ডিজাইন কৰা আলমাৰী, কাষতে অত্যাধুনিক ডিজাইনৰ বগলী পাখিহেন বগা বেচিন, টিছু পেপাৰৰ বাকছ, নুৰিয়াই সজাই থোৱা বহুকেইখন বগা টাৱেল, বেচিনৰ কাষতে আছে চাৰিকোণীয়া ফুলদানী এটাত বগা ফুলৰ থোপা৷ ফুলখিনি তাই লাহেকৈ হাতফুৰাই চালে৷ চুই নাচালে সেয়া কৃত্ৰিম ফুল বুলি ধৰিবই নোৱাৰি৷ ৰশ্মিয়ে সদায় যিখন পাৰ্লাৰত চেলাউৰি থ্ৰেডিং কৰে সেইখনত থ্ৰেডিং কৰিবলৈ আহি ৰৈ থকা মহিলাসকলে বহিবলৈ থকা কাঠৰ বেঞ্চৰ কাষতে থকা টান বিছনাখনতে ফেচিয়েল কৰিব লাগে৷ সেইখন পাৰ্লাৰত বহি থাকিলে কোনোবা হোমিওপেথিক ডাক্তৰৰ চেম্বাৰত বহি থকা যেনহে লাগে৷ পুৰণা আচবাবেৰে ভৰা এটা বিমৰ্ষ কোঠা৷ তাত বিভিন্ন শ্ৰেণীৰ মহিলা আহে আৰু কোৰ্হাল কৰি থাকে৷ এইখন পাৰ্লাৰৰ কথা বেলেগ৷ যেন কোনোবা বিলাসী হোটেলহে! দীঘল দীঘল কৰিডৰৰ দুয়োকাষে বহুতো সৰু সৰু কোঠা৷ কৰিড’ৰৰ দেৱালৰ ক’ৰবাত ভগৱান বুদ্ধ খোদিত কৰা আছে, ক’ৰবাত দেৱালখন খোদিত কৰি তাত আইনাৰ ৰেকত ডাঙৰ ডাঙৰ ফুলাম মমবাতি সজাই থোৱা আছে৷ দেৱালৰ মাজৰ খালী ঠাইবোৰত কৃষাংগী মডেলৰ উন্মুক্ত দেহবল্লৰীয়ে দৃষ্টি টানি নিয়া ফটোফ্ৰেম৷ টোপ! নিজৰ চেহেৰাটোৰ প্ৰতি হীনভাৱ একোটা আনি দিয়াৰ টোপ৷ বন্ধ, শীতল বতাহত মৃদু গোন্ধ, হয়তো বিদেশী প্ৰাসধন সামগ্ৰীৰ অথবা তালৈ অহা সৌন্দৰ্যপিয়াসী মহিলাসকলৰ শৰীৰৰ পৰা ভাঁহি অহা বিলাসী সুগন্ধি! ঠায়ে ঠায়ে লগাই থোৱা স্পীকাৰবোৰে গোটেই পাৰ্লাৰখনতে মৃদু সংগীতৰ গুঞ্জন তুলি আছে৷ কৰিড’ৰেৰে অহা-যোৱা কৰি থাকোঁতে ভেটা-ভেটি হোৱা একেই সাজ-সজ্জা কৰা অইন ছোৱালী কিছুমানে হাঁহি একোটিৰে ’গুড মৰ্নিং ম্যেম’ একোটি পুৰৱীক উপহাৰ দি গ’ল৷

কোমল বিছনাখনত শুৱাই লৈ ইউনিফৰ্ম পৰিহিতা সৰু সৰু চকুৰ বগী ছোৱালীজনীয়ে মুখখন মালিছ কৰি থাকোঁতে পূৰবীৰ চিলিমিলি টোপনি আহি গৈছিল৷ মুখত কিবা লেপ এটা লগাই লৈ ছোৱালীজনীয়ে “মে’ম, এতিয়া অলপ শুই দিয়ক“ বুলি শুবলৈ মাতোঁতেহে তাইৰ টোপনি ভাঙিল৷ যিখন পৃথিৱীত পুৰৱীহঁত থাকে সেইখনৰ লগত এই পৃথিৱীৰ দূৰত্ব ইমান বেছি যে কেৱল এনেকুৱা প্ৰ’ম’চনেল অফাৰেহে দুয়োকে সংযোগ কৰিব পাৰে, চকু দুটা এনেই মুদি মুদি এইবোৰকে ভাবি থাকিল তাই৷ ছোৱালীজনীয়ে বাহিৰলৈ ওলাই দুৱাৰখন জপাই থৈ গ’ল৷ আকাশ-পাতাল ভাবি থাকোঁতে কেনেকৈ সময়খিনি গ’ল তাই গমেই নাপালে৷ যেতিয়া পুনৰ চকু মেলিলে স্পট লাইট কেইটা নুমাই আছিল আৰু কৃত্ৰিম চিলিঙৰ কাষে কাষে থকা লাইটৰ নীলা আভাই কোঠাটো বৰ মায়াবী কৰি তুলিছিল৷

ফেচিয়েল কৰাৰ পাছত কোঠাটোৰ এখন দেৱালৰ অৰ্ধাংশ জুৰি থকা দাপোনখনত তাই নিজকে চালে, কিবা এটা যাদুকৰী শক্তিয়ে মুখখন সলাই পেলাব বুলি থকা মনৰ ভাৱটোৰ বিপৰীতে নিজৰ মুখখনৰ বিশেষ একো পৰিবৰ্তন নেদেখিলে তাই৷ চকুৰ কাজলকণ চাফা কৰি দিয়াত আৰু ৰঙা ফোঁটটো গুছাই দিয়াত একেবাৰে উকা যেন লাগিছে তাইৰ মুখখন৷ “দ’ দিন বাদ হি মুহ কা গ্ল’ আয়েগা, অভী নেহি আয়েগা“, আকৌ মনৰ ভাৱ পঢ়ি পেলালে সৰু চকুৰ বগী ছোৱালীজনীয়ে৷ “ঠিক হেই ঠিক হেই, মুঝে পতা হেই“ বুলি তাই নিজৰ যে এই বিষয়ত জ্ঞান শূন্য নহয় তাকে প্ৰদৰ্শন কৰিলে৷ কিছুদেৰি তভক মাৰি ছোৱালীজনীয়ে পুনৰ ক’লে, “আপ না ধূপ মে মত নিকালিয়ে৷ আপ কা পিগমেণ্টেছন হুৱা হেই৷ ধূপ মেই যানে ছে চান স্ক্ৰীণ লগাকৰ যাইয়ে৷“ আকৌ কিবা এটাই খুচিলে পূৰৱীৰ বুকুত৷ তাহাঁত ইফালে-সিফালে যাবলৈ থকা একমাত্ৰ সাৰথি ৰাজীৱৰ বাইকখন মূৰৰ ওপৰত চৌফলীয়া ৰ’দ লৈ ভোঁ ভোঁৱাই তাইৰ কলিজাৰ ওপৰেৰে চলি গ’ল যেন এইমাত্ৰ!

প্ৰকাণ্ড চকী এখনৰ সংলগ্ন প্লাষ্টিকৰ চাৰিকোণীয়া চৰিয়াটোত থকা গৰম পানীখিনিত ভৰি দুখন ডুবাই দিওঁতে পুৰৱীয়ে নিজে ঘৰত ভৰি দুখন চাফা কৰি অহাৰ বাবে নিজকে ধন্যবাদ দিলে৷ দুইহাত বিভিন্ন ডিজাইনৰ টাটুয়ে ঢাকি থোৱা ল’ৰাটোৱে চাপৰ টুল এখনত বহিছে তাইৰ সন্মুখত৷ তাৰ এখন কাণত হীৰাৰ কণমানি কাণফুলি এপাতে চিকমিকাই আছে৷ কপালৰ কাষৰ চুলিখিনি সোণালী ৰঙৰ, কাণৰ কাষৰ চুলিবোৰ একেবাৰে চুটি৷ দেহত নিয়মিত শৰীৰ চৰ্চা কৰাৰ চিন বিদ্যমান৷ মাল্টিনেচনেল কোম্পানীৰ ’বিউটি থেৰাপিষ্ট’ তেওঁ৷ গোটেই পৰিবেশটোৰ লগত খাপ খোৱাকৈ কথাই, ভাৱ-ভংগীয়ে ৰাজকীয়তা বিদ্যমান! ল’ৰাজনে কোমল ব্ৰাছ এডালেৰে তাইৰ ভৰি এখন হাতৰ তলুৱাৰ ওপৰত তুলি আনখন হাতেৰে চাফা কৰি থকাৰ সময়তে অইন এজনী ছোৱালী আহি চকীৰ হাতলত থকা চুইচ এটা অন কৰি দিলেহি, লগে লগে চকীখনৰ পিঠি অংশত থকা ঘূৰণীয়া বল সদৃশ বস্তু কিছুমান ঘূৰি ঘূৰি পূৰৱীৰ পিঠিখন মালিছ কৰিবলৈ ধৰিলে৷ কেতিয়াবা কামকৰা মানুহগৰাকী নাহিলে পুৰৱীয়েই ঘৰটো সৰা-মোচা কৰিব লাগে৷ এইকণ কামৰ অভ্যাস নাই বাবে কৰি থকাৰ সময়ত মাজে মাজে পিঠিখন যে বিষত পোনাব নোৱাৰে সেই কথাটো তাইৰ মনত পৰি গ’ল! ল’ৰাজনে ভৰিখন স্পৰ্শ কৰাৰ কথাটো তাইৰ কিবা এটা ভাল নালাগিল যদিও সি যি সহজভাৱে আৰু আপোনমনে কামটো কৰি আছে তাকে দেখি তায়ো সহজ হ’বলৈ চেষ্টা কৰিলে৷

একেজন ল’ৰাই আন এখন হেলনীয়া চকীত তাইক শুৱাই লৈ বেছিন এটাত ৰাতিপুৱা চেম্পু কৰি অহা চুলিখিনি পুনৰ মেলি সুগন্ধি চেম্পুৰে ধুৱাই দিলে, তাৰ পাছত বৃহৎ আইনা এখনৰ সন্মুখত বহুৱাই সুগন্ধি ক্ৰীমেৰে মালিছ কৰি দিলে৷ চুলিৰ গুৰিত শক্তিশালী হাতৰ মৃদু চাপে তাইৰ চকুলৈ পুনৰ চিলিমিলি নিদ্ৰা নমাই আনিলে৷ তাইৰ দৰে আৰু কেইবাগৰাকী মহিলা আৰু ছোৱালী তাত বহি চুলিত বৈদ্যুতিক যন্ত্ৰৰে দিয়া পানীৰ ভাপ লৈ আছিল৷ সকলোবোৰ এনেকৈ গহীন হৈ আছে যেন কাষত কোনো মানুহৰ উপস্থিতি সম্পৰ্কে তেওঁলোক জ্ঞাত নহয়েই৷ প্ৰত্যেকৰে কাষত একোটিকৈ সুদৰ্শন, ইউনিফৰ্ম পিন্ধা ল’ৰা; সকলো গহীন, সিহঁতে কৰি থকা কামখিনিৰ বাহিৰে যেন পৃথিৱীৰ একো কথাই নাজানে৷ পুৰৱীয়ে সদায় যোৱা পাৰ্লাৰখনৰ মানুহবোৰ দেখোঁতে দেখোঁতে প্ৰায় চিনাকি হৈ গৈছে৷ নতুনকৈ কোনো গ্ৰাহক আহিলেও চকুৱে চকুৱে পৰিলে এটি মৃদুস্মিতৰ আদান-প্ৰদান হয়৷ অভিজাত মানুহে হাঁহিও বৰ হিচাপ-নিকাচ কৰি মাৰে, এগৰাকী মহিলাৰ চকুৱে চকুৱে পৰাত মাৰি দিয়া মিচিকিয়া হাঁহিটোৰ বিনিময়ত লাভ কৰা গোমোঠা চাৱনিটো দেখি তাই অনুভৱ কৰিলে৷

এসময়ত তলমূৰ কৰি কৰি সুন্দৰকৈ নেইল পলিছ লগাই দিয়া ভৰিৰ নখকেইটা চাই চাই ওলাই আহিবলৈ খোজোঁতেই ৰিচেপচ্যনত বহি থকা, প্ৰসাধনৰ দৰেই ওঁঠত হাঁহি এটি অনবৰতে পিন্ধি থকা ধুনীয়া ছোৱালীজনীয়ে মাতিলে
-মেম! তাই মূৰ ডাঙি চালে৷ “কেনে পালে মেম? “
’বঢ়িয়া’ তাই লাজ লাজকৈ হাঁহি উত্তৰ দিলে৷ ৰিছেপচ্যন কাউণ্টাৰৰ কাষৰ চোফাখনত বহি থকা দুগৰাকী মহিলাই তাইলৈকে চাই আছিল৷
“ম্যেম, আপোনাৰ গালত যে সৰু সৰু দাগকেইটা বহিছে ’এণ্টি পিগমেণ্টেচন’ ট্ৰিটমেণ্টকেইটামান ল’ব নেকি, অফাৰ চলি আছে? “
“নাই নালাগে দিয়া এতিয়া৷ “
“লৈ লওক মেম, দাগকেইটা গুছি গ’লে আপোনাৰ ধুনীয়া মুখখন আৰু ধুনীয়া লাগিব৷ ‘আপটু থাৰ্টি পাৰ্চেণ্‌ট ডিচকাউণ্ট’ চলি আছে“
“নাই, এতিয়া নলওঁ৷ পাছত ল’ম৷ যেতিয়া লাগে তেতিয়া ফোন কৰিম বাৰু দেই মই৷“ আৰু এটা গোকাট ফাঁকি পুৰৱীয়ে এবাৰো নভৱাকৈ দি দিলে৷
“অ’কে মেম! মই বাৰু আপোনাক ’কল’ কৰি মনত পেলাই দিম৷ কেতিয়ামানে ’কল’ কৰিলে সুবিধা হ’ব আপোনাৰ? “
“হ’ব, মই নিজেই কৰিম বাৰু! “
“অ’কে মেম! থেংকচ! “
লিফ্টেৰে নামি আহি থাকোঁতে তাই এখন হাতেৰে আনখন হাত মোহাৰি মেনিকিউৰৰ কোমলতাখিনি অনুভৱ কৰিবলৈ চেষ্টা কৰিলে৷ লিফ্টৰ ভিতৰখনো পাৰ্লাৰৰ ভিতৰখনৰ দৰেই সুবাসিত হৈ আছে৷ হয়তো এতিয়া তাইৰ গাতে লাগি আহিছে সেই সুগন্ধি; কথাটো ভাবি পুলকিত হৈ পৰিল তাই৷ ঘড়ীটো চালে৷ প্ৰায় চাৰে চাৰিঘণ্টা তাই পাৰ্লাৰখনৰ ভিতৰতে থাকিল৷ এইখিনি সময়ত তাইৰ দেহটোৱে লাভ কৰা পৰিচৰ্যাৰ মূল্য প্ৰায় বাৰ হাজাৰ টকা! তাইৰ বান্ধৱী ৰশ্মিয়ে সকলো সৌন্দৰ্য চৰ্চা এইখন পাৰ্লাৰতে কৰে৷ কেৱল দেহটোৰ বাহ্যিক সৌন্দৰ্যক ধৰি ৰাখিবৰ বাবে হেলাৰঙে ইমানখিনি ধন খৰচ কৰিবলৈ মানুহৰ কিমান টকা থাকিব লাগিব অংকটো তাইৰ কল্পনাই ঢুকি নাপায়৷ এনেকুৱা বিলাসৰ কল্পনাও অদৰকাৰী বিলাসেই আছিল তাইৰ বাবে৷ তথাপিও যে আহিলে তাই! তথাপিও যে এই পেপাৰৰ লগত অহা কাগজখনে দেখুৱাই দিয়া নিজৰ দেহটোৰ দোষ-ত্ৰুটিবোৰ স্বীকাৰ কৰি সেইবোৰ শুধৰোৱাৰ জালখনত ভৰি দিলে!

এ. চি কোঠাৰ পৰা ওলাই আহি ৰ’দত থিয় হৈ ৰিস্কা বিচাৰোঁতে পুনৰ বিমৰ্ষ হৈ পৰিল তাই৷ গালৰ দাগকেইটাই পৰুৱাৰ দৰে কামুৰিবলৈ ধৰিলে৷ সেই পৰিবেশটোত ইমান দেৰি সোমাই থকাজনী যেন তাই নাছিল৷ বেগৰ পৰা ছাটী এটা উলিয়াই মেলি ল’লে৷ আজি দুবছৰ হ’ল বিয়া হোৱা তাইৰ, তিনিটা সৰু সৰু কোঠাৰ ভাৰাঘৰতটোত থাকিয়েই সংসাৰ চলাই আছে৷ মাজে মাজে নাটক, চিনেমা চাইছে দুয়ো, পাৰ্কৰ কাষত থিয় হৈ ফুচকা খাইছে৷ সৰু সৰু ৰেষ্টুৰেণ্টত চাউ চাউ, ম’ম’ খাইছে, খৰালি লুইতৰ বালিত ফুৰিবলৈ গৈছে৷ গ্ৰন্থমেলালৈ গৈছে, বন্ধু-বান্ধৱীৰ সৈতে আড্ডা দিছে৷ ভালপোৱা মানুহজনৰ সৈতে কটোৱা সেইবোৰ উদযাপনেই আছিল দেখোন জীৱনৰ মধু! পাৰ্লাৰখনৰ পৰা বাহিৰ ওলোৱাৰ পাছত যেন তাই পাৰ্লাৰত সোমোৱাৰ আগৰ তাইজনী হৈ নাথাকিল৷

অকণমান ব্যতিক্ৰমী অভিজ্ঞতাৰ ইচ্ছা কৰাটোতো কেতিয়াও ইমান দোষনীয় হ’ব নোৱাৰে৷ তাইৰো মন গৈছিল তেনে কিবা এটা কৰিবলৈ৷ কিন্তু কৰি লৈ তাইৰ মনটো কিয় বেয়া লাগিছে! এই সৰু কথাটোকে তাই ৰাজীৱক ক’বলৈ কিয় সংকোচ কৰিলে? এইকণ কৰা বা নকৰাটো স্বাধীনতাৰ প্ৰশ্ন নহয়৷ ৰাজীৱে হয়তো ভালেই পাব৷ তাই ধুনীয়াকৈ থাকিলে সি ভাল পায়৷ কিন্তু পুৰৱীৰ এই ইচ্ছাৰ গোপন বাসনাই হয়তো তাৰ অৰ্থনৈতিক সীমাবদ্ধতাৰ কথা অনুভৱ কৰাই দিয়াত সি ভাবুক হৈ পৰিব৷ সেইটোহে তাই সহিব নোৱাৰিব৷

ঘৰৰ দুৱাৰমুখত যেতিয়া তাই ৰিস্কাৰ পৰা নামিল তেতিয়া আবেলি হৈছিল৷ চৌহদত ভৰি দিয়েই তাই দেখিলে বাৰাণ্ডাৰ প্লাষ্টিকৰ চকীখনত ৰাজীৱ বহি আছে৷ মনত চলি থকা খেলি-মেলিবোৰ ধৰা নপৰাকৈ তাই হাঁহি এটি পিন্ধি ললে৷ তাইক দেখাৰ লগে লগে সি থিয় হ’ল,
-ক’লৈ গৈছিলা ইমান দেৰি?
-হা? মই থ্ৰেডিং কৰিবলৈ গৈছিলোঁ৷ তাক ফাঁকি দিবলৈ তাইৰ সত নাযায়৷ সেয়ে অৰ্ধসত্য কথা এষাৰকে কৈ থ’লে৷
-ইমান দেৰি! আচ্ছা, মই এইফালে ডাক্তৰ বৰুৱাৰ চেম্বাৰলৈ যাম৷ ভাবিলো ঘৰত সোমাই তোমাৰ লগত চাহকাপকে খাই যাওঁ৷ তাৰ নিষ্‌পাপ হাঁহিটোৱে হূল এডাল হৈ পুনৰ খোচ এটা মাৰিলে তাইক৷

“’ব’ৰ’ লাগে ন বিৰাট অকলে অকলে থাকি তোমাৰ? “ দুৱাৰ খুলি ভিতৰ সোমোৱাৰ লগে লগে তাইক পিছফালৰ পৰা মেৰিয়াই স্পা কৰি অহা ফিৰফিৰীয়া চুলিখিনিত আলফুলে নাকটো গুঁজি দি সি সুধিলে৷ হাতখন পেটৰ পৰা আঁতৰাবলৈ তাই নিজৰ হাতখন ৰাজীৱৰ হাতত থ’লে৷ ৰ’দে পুৰি সুঠাম, সুদৃঢ় হাতখন তাম বৰণীয়া কৰি তুলিছে৷ ৰাজীৱে দুবছৰমান পলমকৈ বিয়া পাতিবলৈ বিচাছিল৷ চাকৰিটোত এটা পদোন্নতি হোৱাৰ পাছত৷ তাইৰ ঘৰত বিয়াৰ বাবে হেঁচা দি থকাৰ বাবে সি সোনকালে বিয়া পাতিবলৈ বাধ্য হ’ল৷ তথাপি সি সেই সীমিত উপাৰ্জনেৰে যিমান পাৰি তাইক সুখত ৰাখিবলৈ চেষ্টা কৰে৷ মাহৰ শেষত পইছাৰ টনাটনি হোৱাৰ দিনকেইটাটো সি তাইক কোনোদিনে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই৷ তাইৰ মেনিকিউৰ কৰা হাতদুখনেৰে তাৰ হাতদুখন হেঁচা মাৰি ধৰিলে৷ দুই হাতৰ স্পৰ্শৰ মাজত থকা বিউটিপাৰ্লাৰৰ সুগন্ধিখিনিয়ে যেন ৰাজীৱৰ আত্মসন্মানক উশাহ ল’ব নোৱাৰাকৈ চেপা মাৰি ধৰি আছে! সি তাইৰ চুলিতে নাকটো গুজি থাকিয়েই সুধিলে,
: পাৰ্লাৰখন কেনেকুৱা?
: হা? তাই ঘূৰি তাৰ চকুলৈ চালে৷ চকুত আশ্চৰ্য!
: কি পাৰ্লাৰ?
: তুমি থ্ৰেডিং কৰি অহাখন আকৌ!
: হা? অহ! সিমান ভাল নহয়৷ ৰাজীৱৰ ডিঙিত ওলমি থকা গাঢ় নীলা টাইডালতে নাকটো ঘঁহি ঘঁহি তাই ক’লে, “আজিৰ পৰা নাযাওঁ আৰু! আমাৰ তিনিআলিত থকাখনেই ভাল জানা?“■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments