প্ৰশংসা আৰু তোষামোদ (দ্বিজেন্দ্ৰনাথ শৰ্মা)

প্ৰশংসা আৰু তোষামোদ

সকাম-নিকাম হ’লে যিগৰাকী ৰান্ধনী (ঠাকুৰ) মতা যায় তেওঁ ৰন্ধন কাৰ্যৰ সকলো প্ৰণালী, মানে হালধিৰ পৰা মা-মচলা দিয়ালৈ নিজৰ মতে কৰে, কিন্তু এটা কথাত তেওঁলোকে নিজৰ কাৰ্যকুশলতাক সম্পূৰ্ণ বিশ্বাসত নলয়। যিসকল ৰন্ধন কাৰ্যৰ লগত জড়িত তেওঁলোকে নিশ্চয় কথাটো অনুমান কৰিব পাৰিছেই। বেছি অনুসন্ধিৎসা নবঢ়াই কৈ দিছোঁ, সেই প্ৰকৰণটো হ’ল নিমখ। সকলো ৰান্ধনীয়ে নিমখটো জুখি-মাখিয়েই দিয়ে যদিও এবাৰ চাকি চাব দিয়ে। আনকি গৃহিণীবিলাকেও নৈত্য-নৈমত্তিক ৰন্ধন প্ৰক্ৰিয়াত এই চাকি চোৱা ব্যৱস্থাটো সতকাই নকৰে যদিও আলহী-দুলহী থাকিলে আঞ্জা নমোৱাৰ আগতে কাৰোবাক অলপ চাকি চাব দিব পাৰিলে সকাহ পায়। তাৰ মাজতে আকৌ কোনেও নেদেখাকৈ নিজে চাকি চোৱা ৰান্ধনীও ওলাব। সাধাৰণতে দেখা যায় যে মাংসৰ আঞ্জা ৰান্ধিলে মাংস সিজিছে না নাই চাকি চাব যে দিয়ে, আচলতে ৰান্ধনীয়ে নিমখটোহে ঠিক হৈছে নে নাই জানি ল’ব বিচাৰে। এনেকুৱাকৈ চাকি চাব দিওতে আপুনি নিমখৰ বিষয়ে একো নক’বচোন, পাকে-প্ৰকাৰে ৰান্ধনীয়ে আপোনাক নিমখটো ঠিকে আছে নে নাই সুধিবই সুধিব। ৰান্ধনীৰ প্ৰকাৰ বিশ্লেষণ কৰিবলৈ মই এইখিনি কথা কোৱা নাই। ৰন্ধনততো বহুত কথাই থাকে, কিন্তু ৰান্ধনীবিলাকে বাকীবিলাক বাদ দি এই নিমখটোৰ ওপৰত এই বিশেষ সতৰ্কতা কিয় লয়?

 

খাদ্যত বেছি নিমখ হ’লে খাদ্য সোৱাদৰ কথাটো বেলেগেই, খাবই নোৱাৰি। কিছুদিন আগলৈ কম হোৱাটোও ভাল বুলি ধৰা নহৈছিল। কিন্তু আজিকালি নিমখ কম হোৱাটোও বেছি বেয়া বুলি ধৰা নহয়। মানুহ স্বাস্থ্য সচেতন হোৱাৰ লগে লগে লগতে বিভিন্ন স্বাস্থ্য বিষয়ক লেখা-মেলা পঢ়ি বা ভিন্নজনৰ মুখত শুনি কম নিমখো গ্ৰহণীয় বুলি ধৰে। কিন্তু বেছি নিমখৰ পৰা আঁতৰি ফুৰে। সৰু ল’ৰা-ছোৱালীৰ কথাটো বেলেগ সিহঁতে নিমখ নিমখ লগা স্নেকচ পেকেটে পেকেটে খাবলৈ সংকোচ নকৰে, কিন্তু বয়স হোৱাৰ লগে লগে নিমখৰ অপকাৰিতাৰ কথা সিহঁতেও গম পাই নিমখ গ্ৰহণৰ পৰিমাণ কমাই আনে।

 

এতিয়া প্ৰশংসা কি? কাৰোবাৰ কিবা ভাল দেখিলে বা কিবা ভাল কাম কৰিলে আমাৰ মনত সেই ব্যক্তিৰ প্ৰতি এক সহৃদয়তা জন্মে আৰু তেওঁক সেই ভাল কামৰ বাবে এটা শুভেচ্ছা জনোৱাৰ ইচ্ছা জাগ্ৰত হয় আৰু তেওঁক উৎসাহ যোগাবলৈ শুভেচ্ছা জনোৱাটোকে প্ৰশংসা কোৱা হয়।

 

তোষামোদ কি? কাৰোবাক ভালৰি বোলাবলৈ (ভাল লগাবলৈ) সঁচাই-মিচাই প্ৰশংসা বচন মতাটোৱে তোষেমোদ। দেখাত প্ৰশংসা আৰু তোষামোদ একে যেন লাগিলেও প্ৰশংসা আৰু তোষামোদৰ মাজত পাৰ্থক্য আছে। প্ৰশংসা কৰোবাৰ কামত অনুপ্ৰাণিত হৈ স্বতঃস্ফুৰ্তভাবে ওলাই অহা শুভেচ্ছা বাৰ্তা। ই নিৰ্ভেজাল। ইয়াৰ আঁৰত একো স্বাৰ্থ নাথাকে। কিন্তু তোষামোদ স্বাৰ্থনিহিত এক অস্ত্ৰ। তোষামোদক মানুহে আনক ভালৰি লগাই নিজৰ স্বাৰ্থ পূৰণ কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। গতিকে তোষামোদকাৰীৰ বাবে মানুহজনৰ কৰ্ম গৌণ, মানুহজনৰ প্ৰতিস্থাহে মুখ্য হৈ পৰে। এনেকুৱা মানুহকে তোষামোদৰ বাবে বাচি লোৱা হয় যিসকল লোক আনক কৃপা কৰাৰ সক্ষমতা থকা ধৰণৰ হয়। তোষামোদকাৰীয়ে কেতিয়াও আনক একো দিব নোৱাৰা মানুহক তোষামোদৰ বাবে বাচি নলয়। সাধাৰণতে প্ৰতিষ্ঠালব্ধ ব্যক্তিসকলক তোষামোদকাৰীয়ে আগুৰি থাকে। তোষামোদৰ এক সন্মোহিনী শক্তিও আছে। মানুহ প্ৰশংসাপিয়াসু। প্ৰতিস্থালব্ধ ব্যক্তিসকলৰ মাজত তোষামোদ ভালপোৱা মানুহো কিন্তু কম নাই। আগৰ দিনত ৰজা-মহাৰজাসকলে আনকি বেতনভোগী তোষামোদকাৰীৰ সৃষ্টি কৰি লৈছিল। এই তোষামোদকাৰীসকলৰ এটাই কাম আছিল যে ৰজাই যিয়েই নকৰক প্ৰশংসাৰে ওপোচাই দিয়া।

 

প্ৰশংসা কৰোঁতেও আঞ্জাত নিমখ দিওঁতে হোৱাৰ দৰে সাৱধান হ’ব লাগে। কাৰণ কেতিয়াবা আমি মানুহক প্ৰয়োজনাধিক প্ৰশংসা কৰি মানুহজনক আনন্দ দিয়াতকৈ অস্বস্তিতহে পেলোৱা দেখা যায়। মানুহজনে কৰা কামতকৈ প্ৰশংসাৰ পৰিমাণটো বেছি হ’লে বেছি নিমখ দিয়া আঞ্জা যেন হয়। তোষামোদ ভাল পোৱা কিছুমানে সৰু ল’ৰা-ছোৱালীয়ে বেছি নিমখ থকা চিপচৰ পেকেট ভাল পোৱাৰ দৰে তোষামোদৰ পৰ্যায় পোৱা প্ৰশংসাও ভাল পাব পাৰে কিন্তু বেছিভাগৰে এনেকুৱা প্ৰশংসাকাৰীৰ ওপৰত শংকা জাগে। কাৰণ নোহোৱাকৈ কৰা প্ৰশংসা বা সৰু কথাত বেছি প্ৰশংসাই তেওঁক শংকাগ্ৰস্থ কৰি তুলিব পাৰে যে এই অতি প্ৰশংসাৰে প্ৰশংসাকাৰীয়ে কি হাচিল কৰিব বিচাৰিছে।

 

তদুপৰি এটা কথা থাকে অপ্ৰয়োজনীয় প্ৰশংসাই মানুহৰ সক্ষমতাতো আঘাত হানে। প্ৰশংসাৰ পৰিমাণটো কামৰ সমানুপতিক নহ’লে সেই প্ৰশংসাই মানুহজনৰ মনত মইবৰ ভাব এটা জগাত সহায় কৰে। অত্যাধিক প্ৰশংসাই এজন মানুহক প্ৰয়োজনাধিক আত্মবিশ্বাসী কৰি তোলে লগতে তেওঁ এনেকুৱা মনোবৃত্তি এটা গঢ়াত সহায় কৰে যে তেওঁ যিয়েই নকৰক কিয় সেইটো ভালেই হ’ব। এইটোৱে তেওঁৰ মনত এটা স্বেচ্ছাচাৰী মনোবৃত্তি গঢ় লৈ উঠাত সহায় কৰে। এইটো অত্যাধিক প্ৰশংসাৰ নঞাৰ্থক দিশ। শত্ৰুক অত্যাধিক প্ৰশংসা কৰি যুদ্ধ জিকাৰো উদাহৰণো আছে। তদুপৰি এজন মানুহৰ এটা কিবা ভাল কাম দেখি মোহগ্ৰস্থ হৈ তেওঁৰ প্ৰতিটো কামকে ভাল দেখা মানে তেওঁৰ অন্ধসমৰ্থক হৈ পৰা। ফলত মোহাবিষ্ট হৈ তেওঁৰ বেয়া কামকো ভাল দেখা যায়। গতিকে অন্ধসমৰ্থনো অতি বেয়া বস্তু। আমি খুব ভাল পোৱা মানুহৰো কামখিনি তন্ন তন্নকৈ বিচাৰ কৰিহে তাত ভাল কিবা দেখিলে প্ৰশংসা কৰা উচিত। কাৰণ কেইটামান ভাল কাম কৰিলেই যে তেওঁ কৰা প্ৰতিটো কামেই ভাল হ’ব তেনে নহয় আৰু আমি ভালপোৱা ব্যক্তিয়েহে যে অকল ভাল কাম কৰিব পাৰে তেনেকুৱাও নহয়। আনকি শত্ৰুৱে কৰা ভাল কামৰো প্ৰশংসা কৰাৰ মানসিকতা থাকিব লাগে আৰু মিত্ৰৰ বেয়া কামৰো সমালোচনা কৰিব পৰাকৈ মানসিক প্ৰস্তুতি লাগে। প্ৰশংসাৰ ক্ষেত্ৰত কোনে কৰিছেতকৈ কি কৰিছে সেইটোহে মুখ্য কথা হ’ব লাগে। কামতকৈ যদি ব্যক্তি মুখ্য হৈ পৰে তেতিয়া প্ৰশংসা লাহে লাহে তোষামোদলৈ গৈ থকাৰ অৱকাশ থাকে। গতিকে আঞ্জাত নিমখৰ ক্ষেত্ৰত লোৱাৰ দৰে প্ৰশংসা কৰোতেও সৱধানতা ল’ব লাগে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক