প্ৰসংগ : অসমীয়া ভাষাৰ উচ্চাৰণ

প্ৰসংগ : অসমীয়া ভাষাৰ উচ্চাৰণ

আজিজ উল হক : অসমীয়া ভাষাৰ উচ্চাৰণ সম্বন্ধে বিজ্ঞজনে কি কয়?
“কোনোৱে ক’ব পাৰে যে স্থানীয় উচ্চাৰণৰো ঠাই বিশেষে পাৰ্থক্য আছে, ঊজনি আৰু নামনি অসমৰ উচ্চাৰণ বেলেগ, কিন্তু প্ৰত্যেক ভাষাৰে “ষ্টেণ্ডাৰ্ড” অৰ্থাৎ সৰ্বসন্মতি ক্ৰমে গৃহীত এবিধ উচ্চাৰণ থাকে। লণ্ডণৰ দক্ষিণ অঞ্চলৰ উচ্চাৰণকে ইংৰাজীৰ ষ্টেণ্ডাৰ্ড উচ্চাৰণ বুলি ধৰা হয় আৰু ইংলেণ্ডৰ সকলো ঠাইতে শিক্ষিত সম্প্ৰদায়ে সেই উচ্চাৰণকে ব্যৱহাৰ কৰে। পূৰ্ব বংগ আৰু পশ্চিম বংগৰ উচ্চাৰণো বেলেগ। কিন্তু অনাতাঁৰ বাতৰি দিওঁতাই পূৰ্ব বংগতো পশ্চিম বংগৰ উচ্চাৰণহে প্ৰয়োগ কৰে। শিৱসাগৰ জিলাৰ উচ্চাৰণকে অসমীয়াৰ ষ্টেণ্ডাৰ্ড উচ্চাৰণ বুলি ধৰা হয়।”
– সত্যেন্দ্ৰনাথ বৰকটকী(১৯৭২)

 

সুশান্ত কৰ: আমি পূর্ববঙ্গীয় মূলৰ বঙালীয়ে পশ্চিম বঙ্গৰ উচ্চাৰণ অনুসৰণ কৰিবলৈ প্রায়ে ব্যর্থ হওঁ। চিলেটি সকলৰ অধিকাংশই নোৱাৰে। ব্রহ্মপুত্র উপত্যকাততো আমাৰ বাংলা অসমীয়া প্রভাৱিত হৈ গৈছে। আৰু ইয়াক মানি লোৱাও দেখিছোঁ। সম্প্রতি বাংলাদেশ সৰকাৰে অশুদ্ধ বাংলা উচ্চাৰণ আৰু লিখাৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব কোৱাৰ লগে লগে তাত প্রবল প্রতিবাদ হ’ল। এচামেতো ঢাকাৰ ভাষাত লিখামেলা কৰিবলৈও আৰম্ভ কৰিছে। এটা কথা ঠিক যে সাধাৰণতে কলিকতাৰ ভাষাত লিখামেলা কৰা, অনুষ্ঠান সমূহত কথা কোৱাৰ চেষ্টা কৰা হয়। কিন্তু বাংলাত স্থানীয় প্রভাৱ বাদ দিব পৰা নাই, আৰু নোৱাৰে। অসমৰ টিভি চেনেল কেইটাৰ বাংলা শুনিলেও মোৰ কথাৰ সত্যতা প্রতিপন্ন হ’ব। তাত বহুতো অসমীয়া মিশ্রণ পাব।

সুশান্ত কৰ: Indian English বুলি কথাষাৰ প্রচলিত হোৱাৰও একেই কাৰণ বুলি মই ভাবোঁ। আমি ভাৰতীয় সকলে ইংৰাজী লণ্ডণৰ দক্ষিণ অঞ্চলৰ দৰে ক’বও নোৱাৰোঁ, লিখিবও নোৱাৰোঁ।

সুব্ৰত গগৈ: ‎অসমত এনেকৈ ক’ব নোৱাৰি ।
সঁচা কথাটো ক’লেও কিছুমান ব্যক্তি জাঙুৰ খাই আহে ।

 

আজিজ উল হক: আচলতে জাঙুৰ খাব লগীয়া নাই। সকলো ভাষাৰে স্থান ভেদে উচ্চাৰণো বেলেগ বেলেগ হ’ব পাৰে আৰু আমি সকলোকে সন্মান কৰা উচিত। কিন্তু এটি মান্য ভাষা যাৰ যোগে সকলোতে সেইভাষী লোকসকলে লিখা-মেলা কৰে তেনে কথাত আপত্তি থাকিব নালাগে।

সুব্ৰত গগৈ: প্রশ্ন কেইটামান আপোনাক সুধিছোঁ বাৰু, উত্তৰ দিব ।

১) আহোমসকল অহাৰ আগতে এই ভূ-খণ্ড কি নামেৰে জনা গৈছিল?
২) সেই সময়ত ইয়াত কি ভাষাৰ প্রচলন আছিল?

আজিজ উল হক: ই এটা প্ৰয়োজনীয় প্ৰশ্ন। বিষয়টোও অলপ বেলেগ। আনসময়ত আলোচনা কৰিম বাৰু।

 

সুব্ৰত গগৈ: বিষয়টো বেলেগ নহয় ।
কাৰণ বহুতৰ মতে আহোমে উজনিত বাহৰ পতাৰ বাবেহে অসমীয়াৰ মান্য ৰূপ উজনিৰ পৰা হ’ল। আহোম অহাৰ আগেয়ে হেনো অসমীয়া ভাষা মানে নামনিৰটো আছিল। কিন্তু মোৰ সন্দেহটো হ’ল আহোম অহাৰ আগত অসমৰ চিন-চাব ক’ত আছিল? সেই সময়তটো এই প্রদেশৰ কিবা বেলেগ নাম আছিল। যি সময়ত অসমৰেই অস্তিত্ব নাছিল, তেনে সময়ত অসমীয়া ভাষা আহিল ক’ৰপৰা? সেই ভাষা অসমীয়া নহয়, বেলেগ কিবাহে আছিল।

 

গীতাৰ্থ বৰদলৈ: শিৱসাগৰ জিলাৰ উচ্চাৰণ অসমীয়াৰ ষ্টেণ্ডাৰ্ড উচ্চাৰণ হোৱাটোত মোৰ অলপ সন্দেহ আছে। মোৰ ককাদেউতাৰ ঘৰো শিৱসাগৰতে। তাৰ বহু মানুহে “ৰ”টো ফুটাই কোৱাত অসুবিধা পায়। আন কিছুমানে “স”ৰ উচ্চাৰণত অসুবিধা পায়। অৱশ্যে শিৱসাগৰীয়া কথা কোৱাৰ শৈলী নম্ৰ আৰু মিঠা। ব্যক্তিগতভাৱে মই তেজপুৰীয়া ৰাইজৰ উচ্চাৰণ পছন্দ কৰোঁ! 🙂

 

সুব্ৰত গগৈ: উজনিৰ ভাষা মান্য বুলি নকবৰ বাবে যুক্তি চাৰিটাই আছে ।
শ্রদ্ধেয় ৰমেশ পাঠককে ধৰি সকলো ৰথী-মহাৰথীয়ে এইখন ৰেকর্ডকে বজায় ।

১) উজনিৰ মানুহে ৰ টো উচ্চাৰণ কৰিব নোৱাৰে বা জিভা পিছল খায় ।
২) উজনিৰ মানুহে ‘স’ ‘শ’ টো ‘হ’ বুলি কয় ।
৩) ‘তোৰে মোৰে আলোকৰে যাত্রা’ টো ‘তুৰে মুৰে আলুকৰে যাত্রা’ বুলি কয় ।
৪) উজনিৰ মানুহে যেনেকৈ কয়, তেনেকৈয়ে লিখে বাবে বানান ভুল কৰে , কিন্তু নামনিৰ মানুহে লিখাৰ সময়ত সাৱধান হ’ব লগীয়া হয় বাবে বানান ভুল নকৰে ।

তাহানি স্কুল পঢ়ি থাকোঁতে বিদ্যার্থীৰ অনুস্থানত এইখন ৰেকৰ্ড ৰমেশ পাঠক ছাৰে বহুত দিন বজাই থকা শুনিছিলোঁ ।

আজিজ উল হক: এই প্ৰসংগত এতিয়াই একো নকওঁ বুলি ভাবিছিলোঁ যদিও এবাৰ হ’লেও কৈয়ে দিওঁ। ৰমেশ পাঠকক মোৰ ওচৰলৈ আহিবলৈ কওক নহ’লে ময়ে লাগে তেওঁৰ ওচৰলৈ যাম। তেওঁ আপত্তি দৰ্শোৱাৰ প্ৰমাণ লওক কাৰণ ময়ো শিৱসাগৰ জিলাৰ মানুহ। সেই অনুযায়ী তেখেতে পুনৰ ৰেকৰ্ড কৰক আৰু ভুল ধাৰণা দূৰ কৰক। মান্য ভাষাৰো ঐতিহাসিক ভিত্তি আছে। তেতিয়া আমাৰ আজোককাহঁতৰ জন্ময়ে হোৱা নাছিল।

 

সুশান্ত কৰ: মান্য ভাষা, উপভাষা ইত্যাদিৰ ধাৰণা ছপা পুথিৰ দিনৰ পৰা। ছপা পুথি যিখন ঠাইৰ পৰা আৰম্ভ হ’ল সাধাৰণতে সেইখন ঠাইৰ ভাষা লাহে লাহে মান্যভাষাৰ মর্যাদা পালেগৈ। সংস্কৃতৰো বহু কেইটা ভাষা বৈচিত্র আছিল। কিন্তু কোনো এখনে মান্যভাষাৰ মর্যাদা নেপালে। ঠিক তেনে দৰে প্রাকৃততো একেই দশা।

 

আজিজ উল হক: হয়, অসমীয়াৰ ক্ষেত্ৰত শিৱসাগৰৰ পৰা প্ৰকাশিত “অৰুণোদয়” নামৰ পত্ৰিকাখনে মুখ্য ভূমিকা লৈছিল।

 

প্ৰতিম প্ৰতাপ বৰুৱা: মই শিৱসাগৰৰ। মই মোৰ নামটো শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰোঁ। শিৱসাগৰৰ মোৰ বন্ধু গোটেইকেইটাই পাৰে। জাগীৰোডৰ মোৰ বন্ধু এটাই মোৰ নামটো পৰ্‌তিম, আৰু নাহৰকটীয়াৰ বন্ধু এটাই পতিম বুলি উচ্চাৰণ কৰিছিল।

 

নাং দিপালী দুৱৰা: আমি যিমান দূৰ জানো ইণ্ডো-আৰ্য শাখাৰ মাগধী প্রাকৃত অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে। এইটো সন্দেহ নাই যে অসম নামৰ উৎপত্তিৰ পাছতহে এই প্রদেশৰ ভাষাৰ নাম অসমীয়া হৈছে। আহোম অহাৰ আগতে অসমত থলুৱা ভাষা প্রচলন আছিল। নামনিৰ ভাষাটো কামৰূপীয়া বুলি জনা গৈছিল। উজনিত বৰাহী, মটক, মৰাণসকলৰ থলুৱা ভাষা প্রচলন আছিল। আহোমসকলৰো নিজা ভাষা আছিল। সময়ৰ গতিত সকলোৱে নতুন ৰূপ লৈছিল। বৰ্তমান ব্যৱহাৰ হোৱা অসমীয়া ভাষাটো অসমৰ ভাষাৰ লিখিত ৰূপ। ইয়াত উজনি নামনিৰ কথা নাই। মিছনেৰীসকলে ছপাশাল উজনি অসমত পতাৰ ফলত উজনিত লিখিত ৰূপৰ প্রচলন বেছি হ’ল।

 

আজিজ উল হক: ডঃ বাণীকান্ত কাকতিয়ে মিছনেৰীসকলৰ কাৰ্যৰ যোগেদি হৈছে বুলি উল্লেখ কৰিছে। কাৰণ তেওঁলোকে শিৱসাগৰত খোপনি পুতি এই অঞ্চলৰ কথিত ভাষা শিকি লিখিতৰূপে অৰুণোদয়, ব্যাকৰণ আৰু বিদ্যালয়ৰ বাবে পাঠ্যপুথি আদি শিৱসাগৰ মিছন প্ৰেছৰ পৰা উলিয়াইছিল। এইবিলাক অসমৰ আন আন ঠাইতো প্ৰচলন হয় আৰু আদালত, চৰকাৰী কাৰ্যালয়তো চলিবলৈ ধৰে যিটো ক্ৰমে লিখিত আৰু মান্য ভাষা হৈ পৰিল।

 

অচিন্ত বৰঠাকুৰ: গীতাৰ্থ বৰদলৈৰকথা একেবাৰে সত্য। দুই-এটা বিশেষ সম্প্রদায়ৰ লোকৰ বাদে শিৱসাগৰৰ অধিকাংশ লোকেই শব্দৰ পৰা “ৰ” উহ্য কৰি ৰাখে (মানস ৰবীনৰ জোনবাই নামৰ ধাৰাবাহিক নাটকসমূহতো ইয়াৰ প্রতিফলন ঘটোৱা হৈছে।) আৰু “শ”, “ষ” বা “স” ৰ উচ্চাৰণৰ ক্ষেত্রতো “হ” বা “খ” ৰ ফালে টানি নিয়া যেন অনুভব হয়।

জিলা খনৰ কোনো কোনো স্থানত “খাম”, “যাম”, “পাম” আদি শব্দৰ উচ্চাৰণত “ম” সমূহৰ স্থান দখল কৰে “ং অনুস্বৰ”এ; অর্থাৎ প্রচলিত ৰূপ সমূহ “খাং, যাং, পাং” ধৰণৰ ।

তদুপৰি স্থান সূচক প্রশ্নত জিলাখনৰ বেছিভাগ লোকেই “ক’ “(ko) ধৰণৰ শব্দ এটা ব্যৱহাৰ কৰে, যিটো ষ্টেণ্ডার্ড অসমীয়াত পোৱা নাযায় । ( ষ্টেণ্ডার্ড অসমীয়া ৰূপ= কিমান দূৰ পালাগৈ?, শিৱসাগৰীয় ৰূপ= ক’ পালাগে’)

মোৰ বোধেৰে, হেমকোষ অভিধান, হেমকোষ প্রেছ আদিৰ শিপা শিৱসাগৰত হোৱা বাবে আৰু অসমীয়া ভাষাৰ কাণ্ডাৰী স্বৰূপ হেমচন্দ্র বৰুৱা, হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আদি অধিকাংশ লোকেই উজনিৰ ভাষা ব্যৱহাৰ কৰি তেওঁলোকৰ লিখাসমূহ প্রকাশ কৰা বাবে উজনি অসমৰ বিভিন্ন স্থানৰ এক সংমিশ্ৰিত ৰূপেইহে শেষত ষ্টেণ্ডার্ড অসমীয়া হিছাবে প্ৰচলিত হ’ল।

 

সুশান্ত কৰ: এটা জানিবলগীয়া তথ্য দিওঁ। বাংলা ভাষাতত্বৰ আলোচনাত আজিকালি ‘Standard’ বা ‘মান্য ভাষা’ বুলি কোনো শব্দৰ ব্যৱহাৰ নহয়। শব্দবোৰক অপমানজনক বুলি ভবা হয়। আনকি বহুতে ‘উপভাষা’ শব্দৰো ব্যৱহাৰ বিৰোধী। মান্যৰ সলনি, আজিকালি ‘মান’ ভাষা বা প্রমিত ভাষা বুলি কোৱো হয়।

 

সুশান্ত কৰ: আৰু এটা গুৰুত্বপূর্ণ তথ্য। যদিও বিদ্যাসাগৰে বাংলা বর্ণমালাৰ পৰা ‘ক্ষ’-ক বাদ দিছিল, ৰবীন্দ্রনাথে কিন্তু তেখেতৰ ‘সহজ পাঠ’ গ্রন্থখনত ৰাখিছিল, “হ ক্ষ

শাল মুড়ি দিয়ে হ ক্ষ

কোণে বসে কাশে খ ক্ষ।”

 

আজিজ উল হক: আমি এতিয়া ভালপোৱা বা বেয়াপোৱা কথা নহয়। এয়া এতিয়াৰ কথাও নহয় আৰু আমি ইতিহাস সলাব নোৱাৰোঁ। ইয়াৰ বাবে নামনিৰসকলে একো বেয়া পাবলগীয়া নাই আৰু উজনিৰসকলেও ইয়াকেলৈ অহংকাৰ কৰিবলগীয়া নাই। হোৱাটো আমি নোহোৱা কৰিব নোৱাৰোঁ আৰু নোহোৱাটো হোৱা কৰিব নোৱাৰোঁ। ভাষাটি আমাৰ সকলোৰে।

 

সুব্ৰত গগৈ: সজ কথা ক’লে ।

 

অঞ্জল বৰা: আমি এটা কথা পাহৰিলে নহ’ব যে “মান্যভাষা”ও এটা উপভাষাহে৷ আনহাতে কোনো এটা ভাষাৰ “ষ্টেণ্ডাৰ্ড” উচ্চাৰণ মানে এটা সামগ্ৰিক অঞ্চলৰ উচ্চাৰণ বুলি ভাবিব নালাগে৷ সেইদৰে অসমীয়া মান্যভাষাৰ ৰূপটোকো সমগ্ৰ শিৱসাগৰ জিলাখনৰ ৰূপ বুলি ভুল কৰিব নালাগে৷ এখন জিলাৰ মাজতো ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলত ভাষাৰ অনেক কথিত ৰূপ থাকিব পাৰে৷ উদাহৰণ স্বৰূপে নলবাৰী জিলাৰ প্ৰায় ৩/৪ কিলোমিটাৰ আঁতৰে আঁতৰে ভাষাৰ পৃথক ৰূপ দেখা পাব৷

অসমীয়া ভাষাৰ মান্যৰূপটো গঢ় লৈ উঠিছিল কেৱল ৰংপুৰ অঞ্চলৰ কথিত ভাষাৰ পৰাহে৷ আনহাতে মিছনেৰীসকলে “ভাষাৰ যেনে উচ্চাৰণ তেনেদৰে লিখা”ৰ ওপৰতহে মন দিছিল৷ অৰুণোদয় কাকতৰ ভাষা চালেই ধৰিব পাৰিব৷ তাৰপিছত ক্ৰমে ক্ৰমে ভাষাটোক পলিচ কৰি কৰি আজিৰ ৰূপ দিয়া হৈছে৷ আকৌ ভাষাটোৰ লিখিত (মান্যৰূপ) ৰূপ এটা থকাৰ সমান্ত্ৰৰালভাৱে তাৰ কথিত ৰূপ এটাও থাকি যাব পাৰে৷ কাৰণ ভাষা এটাই লিখিত ৰূপ (ছপা ৰূপত) লাভ কৰাৰ পিছত সি প্ৰথমতে সমাজৰ অতি ক্ষমতাশালী শিক্ষিত সংখ্যালঘু গোষ্ঠী (elite) -ৰ মাজতহে বিকাশ লাভ কৰে৷ সেই গোষ্ঠীটোৱে কোনো জনগোষ্ঠী বা অঞ্চলক প্ৰতিনিধিত্ব নকৰে৷ গতিকে eliteসকলৰ মাজত ভাষাটোৱে ক্ৰমে ক্ৰমে অভিধান, ব্যাকৰণ আদিৰ মাজেৰে সি এটা পৰিশোধিত ৰূপ লাভ কৰে৷ গতিকে ভাষাৰ আচল ৰূপটো চাবলৈ হ’লে আমি অশিক্ষিত মানুহৰ উচ্চাৰণ পৰীক্ষা কৰিহে অনুমান কৰিব পাৰিম৷ যিটোক আমি “ষ্টেণ্ডাৰ্ড” উচ্চাৰণ বুলি কওঁ সেইটোও শিক্ষিত ব্যক্তিসকলৰ পৰাহে ক্ৰমে ক্ৰমে বিকাশ লাভ কৰে৷ ভাষা এটাৰ (বৰ্ণ এটাৰ) “ষ্টেণ্ডাৰ্ড” উচ্চাৰণ কি হোৱা উচিত তাৰো পৰীক্ষা-নিৰীক্ষা পিছৰ কালত চলি থাকে৷

মনকৰিবলগীয়া কথা যে অৰুণোদয় যুগৰ প্ৰথম ৰচনাত “ৱ” বৰ্ণটো লিখাই হোৱা নাছিল৷ সেইদৰে তেওঁলোকে ই/ঈ, চ/ছ. ত/ট আদি দুটা ৰূপ ব্যৱহাৰ কৰা নাছিল৷ পিছৰ কালৰ অসমীয়া eliteসকলৰ অন্যতম হেমচন্দ্ৰ বৰুৱাৰ অশেষ কষ্টৰ বলতহে অসমীয়া ভাষাৰ বৰ্ণ-বিন্যাস সংশোধন কৰি “ৱ”ৰ লগতে অন্যান্য বৰ্ণসমূহ লিখিত ৰূপ লাভ কৰিছিল৷ সেই ফালৰ পৰা আমি হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি চিৰ কৃতজ্ঞ হৈ থকা উচিত৷ ক’বলৈ গ’লে বহু কথাই থাকি যায়৷

 

সুশান্ত কৰ: উপেন ৰাভা হাকাচামে লিখামতে আজিকালি লাহে লাহে গুৱাহাটী অঞ্চলৰ অসমীয়াহে মান ভাষা হ’বলৈ গৈ আছে।

 

আজিজ-উল হক: অৰুণোদয়” তেতিয়া “অৰুনোদই” প্ৰথম সংখ্যাৰে পৰা অৰ্থাত্‍ ১৮৪৬ চনৰ জানুৱাৰীৰে পৰা “ৱ” আখৰৰ ব্যৱহাৰ আছিল বাবে ’সিৱসাগৰ” বুলি লিখিছিল কিন্তু জানুৱাৰী শব্দটো “জানোআৰি” বুলি লিখিছিল। তেতিয়া হেমচন্দ্ৰ বৰুৱাৰ বয়স ১১ বছৰহে হৈছিল আৰু লিখা-মেলা কৰায়ে নাছিল। পিছতহে লিখিছিল। মিছনেৰীসকলে পূৰ্বৰ অসমীয়া ভাষাৰ পৰম্পৰা অনুযায়ী সৰল বৰ্ণ বিন্যাস প্ৰয়োগেৰে লেখা-মেলা কৰিছিল। পিছতহে হেমচন্দ্ৰ বৰুৱাদেৱে সংস্কৃত আৰু বাংলা ব্যাকৰণ অসমীয়া ভাষাত সুমুৱাই দি জটিলতা আনি দিলে।

সুশান্ত কৰ: “হেমচন্দ্ৰ বৰুৱাদেৱে সংস্কৃত আৰু বাংলা ব্যাকৰণ” –ঠিকেই কইছে এওঁ অসমীয়া অভিধানৰ আচলতে সংস্কৃতিকৰণ আৰু বঙালীকৰণ কৰিছিল। অবশ্যে তেতিয়া অইন বহুতো বুদ্ধিজীৱীৰ দৰে তেওঁও কলিকতাৰ ভাষা চিন্তাৰে অলপ প্রভাৱিত আছিল। পিছে ১৯০৩ চনতে গঢ় লৈ উঠা বঙ্গীয় সাহিত্য পৰিষদে সংস্কৃতিকৰণৰ বিৰুদ্ধে এক আন্দোলন আৰম্ভ কৰিলে। সেই আন্দোলনৰ কথা তেও জানিবলৈ সুযোগ নে পালে। জানিলে কথাটো তেতিয়াই বেলেগ হ’লহেতেন!

 

আজিজ-উল হক: ‎সুশান্ত কৰ ডাঙৰীয়া, এটি সুন্দৰ তথ্য পোহৰলৈ আহিল। এই কথা বহুতে জনা নাছিল।

 

সুশান্ত কৰ: চৰ্যাপদৰ আৱিষ্কাৰ আৰু সুনীতি চট্টোপাধ্যায়ৰ বিখ্যাত গ্রন্থখন এই আন্দোলনৰহে ফচল আছিল।

 

আজিজ-উল হক: ‎”অৰুনোদই”ৰ জন্মদাতা নাথান ব্ৰাঊনে তেওঁৰ Grammatical Notices of the Assamese Language(1848)ত অসমীয়া ভাষাৰ বৰ্ণাৱলীত “ৱ” আখৰটি উল্লেখ কৰিছে।

 

অঞ্জল বৰা: হয়, সেইটো মই এতিয়া দেখিলোঁ৷ কিন্তু প্ৰশ্ন হ’ল হেমচন্দ্ৰ বৰুৱাৰ সংশোধিত বৰ্ণবিন্যাসত (তেওঁ এই বিষয়ে হেমকোষৰ পাতনিত লিখিছে) এনে কি যুক্তি আছিল যে সেই সময়ৰ সকলো ব্যক্তিয়েই তাক মানি লৈছিল৷ কোনোবাই এই নতুন বৰ্ণবিন্যাসৰ প্ৰতিবাদ কৰাৰ কিবা তথ্য আছেনেকি? তেওঁ ব্ৰন্সন চাহাবৰ বৰ্ণবিন্যাস সমূলি অশুদ্ধ বুলি উল্লেখ কৰিছে আৰু ইয়াৰ যুক্তিও তেওঁ বৰ্ণবিন্যাসৰ নিয়মত দিছে৷ মোৰ মনে নধৰে যে তেওঁ অন্ধভাৱে অসমীয়া বৰ্ণবিন্যাসৰ সংশোধন কৰিছিল৷

হেমচন্দ্ৰ বৰুৱাই হেমকোষ প্ৰণয়নৰ সময়ত চোৱা অন্যান্য অভিধানকেইখন আছিল “ব্ৰন্সনৰ অভিধান, উইলচনৰ সংস্কৃত-ইংৰাজী অভিধান, টম্পচনৰ হিন্দী আৰু উৰ্দ্দু-ইংৰাজী অভিধান, আৰু মাজে মাজে কেৰীৰ বঙ্গালী-ইংৰাজী অভিধান” অৰ্থাত তেওঁ বহু অভিধানৰ সহায় লৈছিল৷ কিন্তু তেওঁ সততে উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়াৰ কথাহে কৈছে৷ সেয়ে একেষাৰে তেওঁ “অসমীয়া অভিধানৰ আচলতে সংস্কৃতিকৰণ আৰু বঙালীকৰণ কৰিছিল” বুলি ক’লে ভুল হ’ব৷ আমি সততে কিয় নিজৰ ভাষাটোৰ ক্ষেত্ৰত বাংলা ভাষাৰ পিছ এৰিব নোৱাৰোঁ৷ দুয়োটা ভাষাৰ উচ্চাৰণৰ মাজত আজিও ইমান পাৰ্থক্য থকাৰ পিছতো আমি কিয় “বাংলাৰ পৰা আহিছে বাংলাৰ প্ৰভাৱ পৰিছে, বঙালীকৰণ কৰিছিল” আদি শব্দ ব্যৱহাৰ কৰোঁ৷ আমাৰ ভাষাটোৰ বিকাশৰ ক্ষেত্ৰত আমাৰ পণ্ডিতসকলৰ নিজা স্বতন্ত্ৰ প্ৰচেষ্টা বুলি কিয় গৌৰৱ কৰিব নোৱাৰোঁ৷ আচলতে মোৰ অনুভৱ হয় আমি নিজেইহে আমাৰ ভাষাটোক বাংলাৰ লগত তুলনা কৰি থাকোঁ৷ কোনোবা দিনা কোনো বাংলাভাষীয়ে এইটো অসমীয়াৰ পৰা আহিছে বুলি কোৱা শুনা নাই৷ কিয়?

এই বিষয়ে অধিক অধ্যয়ন আৰু আলোচনাৰ প্ৰয়োজন আছে৷

 

আজিজ-উল হক: এই বিষয়ে নিধি লেবী ফাৰৱেলৰ লগত তেওঁৰ ঘোৰ বিতৰ্ক হৈছিল। নিধিয়ে প্ৰতিবাদ কৰাত হেমচন্দ্ৰ বৰুৱাদেৱে নিধিক “সি, তাৰ” আদি সৰ্বনাম লগাই খঙত অগ্নিশৰ্মা হৈ উঠিছিল বুলি মহেশ্বৰ নেওগৰ লেখাত উল্লেখ আছে। তেতিয়া সংস্কৃত আৰু বাংলাৰ প্ৰভাৱ বেচিকৈ পৰিছিল। সংস্কৃতৰে জয় হ’ল যদিও বিভন্নজনে সৰল বৰ্ণ বিন্যাসৰ বাবে মাত মাতি আহিছে। বৰ্তমান সেইসকলৰ মাজত গোলোক চন্দ্ৰ গোস্বামী অন্যতম আৰু সাম্প্ৰতিক ৪ টা খণ্ডৰ প্ৰকাণ্ড অভিধান “অসমীয়া জাতীয় অভিধান” এই জাগৰণৰে ফ্চল।

 

অঞ্জল বৰা: কিন্তু মই পঢ়া মতে নিধি লেবী ফাৰৱেলে তেওঁৰ গুৰু সদৃশ বন্সন চাহাবৰ বিৰুদ্ধে যোৱাৰ বাবেহে হেমচন্দ্ৰ বৰুৱাৰ সংশোধনত জাঙুৰ খাই উঠিছিল৷ অন্য বাধা নাছিল৷ এতিয়া সৰল বৰ্ণ বিন্যাসৰ জোৱাৰ উঠিছে কিন্তু এতিয়াও সমগ্ৰ অসমৰ পণ্ডিতসমাজ এক হ’ব পৰা নাই৷ অৰ্থাত পৰিৱেশ একেটাই আছে৷

আমি (মই) এতিয়াও এজন ছাত্ৰ৷ আমি ইতিহাস অধ্যয়ন কৰিবলৈ এতিয়াও সময় পোৱা নাই৷ কিন্তু যি বুজিলোঁ দহজন লিখিকৰ দহটা মন্তব্যই পুৰণি কালৰ পৰাই আমাক মাথো পথভ্ৰষ্ট কৰি আহিছে৷ এই পণ্ডিতসকল একেখন মঞ্চতে কেতিয়াও অৱস্থান নকৰে৷ গতিকে আনৰ মন্তব্যৰে নিজৰ মত প্ৰকাশ কৰি থাকিলে বিতৰ্ক হোৱাৰ বাদে একো নহয়৷ সেয়ে মোৰ কথা সামৰিলোঁ৷

 

আজিজ-উল হক: আমি সকলোৱে ছাত্ৰ। ময়ো নিজকে তেনে জ্ঞান কৰোঁ। হেমচন্দ্ৰ বৰুৱা আৰু নিধিৰ কাজিয়াখনৰ বাবে চাওক মহেশ্বৰ নেওগৰ সম্পাদিত আৰু অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা “অৰুনোদই” ৰ পাতনি বা ভূমিকাত(বিশেষকৈ .১২৪ পৃষ্ঠা)।

 

অঞ্জল বৰা: ধন্যবাদ৷ বৰ্তমান হাতত নাই৷ গতিকে আগলৈ নিশ্চয় চাম৷

Bottom of Form

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক