প্ৰসংগ : অসম আন্দোলন

প্ৰসংগ : অসম আন্দোলন

উত্পল খাটনিয়াৰ :
অসমত হৈ যোৱা আন্দোলন সমুহৰ ভিতৰত লেখত লবলগীয়াৰ ভিতৰত আছে ∀অসম আন্দোলন∀ | এই আন্দোলনৰ পিছতেই অসমৰ ৰাজনৈতিক ইতিহাসত সোনালী আখৰৰে লিপিবদ্ধ হৈছিল অ:গ:প ৰ নাম |” কিন্তু কথা হ’ল এই আন্দোলনে অসমৰ জীয়া সমস্যাসমূহ দুৰ কৰিব পাৰিলেনে ? অসম খন বেদেশী মুক্ত কৰিব পাৰিলে নে ? যদি আমি অলপ বহল ভাবে চাওঁ তেতিয়া হ’লে দেখিম যে অসম আন্দোলনৰ পিছতো সমস্যাবোৰ আজিও আছে বৰঞ্চ আগত কৈ দুগুণ ভয়ঙ্কৰ ৰূপত |
এতিয়া কথা হ’ল
১) আপোনালোকে অসমত অসম আন্দোলনৰ প্রয়োজনীয়তা আছিল বুলি ভাবে নে ?
২) এই আন্দোলনৰ ফলত অসমবাসীৰ কি কি লাভ হোৱা বুলি আপোনালোকে ভাবে ?
৩) অসমৰ পৰা বিদেশী বহিস্কাৰ কৰিব নোৱাৰাৰ মুল কাৰণ কি কি বুলি আপোনালোকে ধাৰণা কৰে?
৪) আজিৰ তাৰিখত অসম আন্দোলন সফল হোৱা বুলি ভাবে নে বিফল হোৱা বুলি আপোনালোকে ভাৱে ?

দ্বীজেন মহন্ত : ১)প্ৰয়োজনীয় আছিল।
২)অসমীয়া মনুহ ৰাজনৈতিক ভাবে সচেতন হল।আগতে বাতৰি কাকতত কাহুদী পঢ়াজনে এতিয়া ৰাজনৈতিক বিশ্লষণ বোৰ পঢ়া হ’ল।
৩)দেশৰ ৰাজনৈতিক পৰিকাঠামো আৰু ভোট বেংকৰ চিন্তা।
৪)১০০% সফল নাইহোৱা যেতিয়া, বিফল হোৱা বুলি ভাবো।

ৰঞ্জিত কুমাৰ বৰা : মঙলদৈ লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত সন্দেহজনক নাগৰিকৰ নাম সন্নিবিষ্ট হোৱাক লৈ হোৱা প্ৰতিবাদে পিচৰ পৰ্যায়ত বিশ্ব কঁপোৱা অসম আন্দোলনৰ ৰূপ ল’লে। বৃহৎ আন্দোলনটো গঢ়াৰ আঁৰত আছিল দুজন ব্যক্তি — হিৰণ্য কুমাৰ ভট্টাচাৰ্য (তেতিয়াৰ সীমান্ত আৰক্ষী শাখাৰ অধীক্ষক) আৰু আনজন উপ−অধীক্ষক প্ৰেমকান্ত মহন্ত। তেওঁলোকেই মঙলদৈ সমষ্টিৰ ভোটাৰ তালিকাত অবৈধ নাগৰিকৰ নাম থকাৰ কথাটো আছুৰ দৃষ্টিগোচৰ কৰিছিল। পিচত সেইসকল ব্যক্তিক পাট্টায়েই দিয়া নহ’ল। অসম আন্দোলন ব্যৰ্থ হ’ল বুলি আজি ক’বলৈ সহজ হ’ল। চকুৰ আগত ফল দেখিলো। ব্যৰ্থ বুলি ক’লে মনটো দুখেৰে ভৰি পৰে। আহ ঐ আহ বুলি দিয়া শ্ল’গানত হেজাৰ হেজাৰ লোকে দহোবন কাটি কৰি ৰাজপথলৈ ওলাই আহিছিল। চি আৰ পি এফ, বি এছ এফৰ নিৰ্যাতন হেলাৰঙে বুকু পাতি লৈছিল। সেই আন্দোলনকাৰী অসমবাসীৰ সাহস, সততা, দেশপ্ৰেমক এচামে ক্ষমতা লাভৰ জখলা সজালে। নতুন দিল্লীত গৈ এখন ত্ৰুটিপূৰ্ণ চুক্তি স্বাক্ষৰ কৰি অসমবাসীৰ বাবে দুৰ্ভাগ্য কঢ়িয়াই আনিলে। ক্ষমতাৰ লালসাত পৰি নিবাৰণ বৰাৰ দৰে ব্যক্তিক একাষৰীয়া কৰিলে। চুক্তি স্বাক্ষৰিত হোৱাৰ পিচদিনাই হেনো নিবাৰণ বৰাই অসম চুক্তিৰ অসাৰতা বুজি পাই প্ৰতিবাদ কৰিছিল। অসম আন্দোলনৰ মূল যি দাবী আছিল সেইটো এক ইঞ্চিও সমাধান নহ’ল। এক বিন্দুও সমাধান নোহোৱাৰ বাট চুক্তিখনতে ৰখা হৈছিল। ভাৰত−বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি নোহোৱাকৈ অসমৰ পৰা লাখ লাখ বিদেশী ক’লৈ পঠিয়াব বুলি প্ৰশ্ন নকৰি আছুৰ সেইসময়ৰ নেতৃত্বই অসম চুক্তিত স্বাক্ষৰ কৰিবলৈ কিয় সাজু হৈছিল সেয়া সাঁথৰ হৈ ৰ’ল। কৰিমগঞ্জ, ধুবুৰীৰ আন্ত:ৰাষ্ট্ৰীয় সীমাৰ সিপাৰে বাংলাদেশীক থৈ আহিয়েই যদি অসমৰ অবৈধ বিদেশী নাগিৰকৰ সমস্যা সমাধান কৰিব খোজা হৈছিল, সেয়া অদূৰদৰ্শিতাৰ বাহিৰে আন একো নহয়। অসম আন্দোলন যদি ব্যৰ্থ হ’ল সেয়া এচাম ক্ষমতালোভী, অদূৰদৰ্শী লোকৰ বাবে হ’ল। আটাইতকৈ কৰুণ পৰিণতি হ’ল ৰাজ্যখনত জনগোষ্ঠীয় সমস্যাই মূৰ দাঙি উঠিল। কিয় সেয়া নিশ্চয় বহলাই ক’ব নালাগে।

সুব্ৰত গগৈ : ১) কিছু প্রতিবাদৰ প্রয়োজন হয়তো আছিল , কিন্তু এনে ৰক্তক্ষয়ী আন্দোলনৰ প্রয়োজন নাছিল ।
২) লাভৰ মূৰত অসমত বন্ধ সংস্কৃতিয়ে প্রসাৰ লাভ কৰিলে ।
৩) ৰাজহুৱা স্বার্থ জলাঞ্জলি দি ব্যক্তিগত লাভা−লাভৰ প্রতি বেছি মনোযোগ দিয়া
৪) বিফল

স্যামন্ত কুমাৰ গোস্বামী : প্রথম কথা, আন্দোলনৰ পিছত অ. গ. প.ৰ নাম সোণালী আখৰেৰে লিখা থকা নাই । আন্দোলনৰ সময়ত অগপ নাছিলেই। কিহবাৰ নাম যদি লিখা আছে, সেয়া অসম চুক্তিৰ নামহে।
১) প্রয়োজনীয়তা বিশেষ নাছিল বুলিয়েই ভাবোঁ ।
২) অসম চুক্তিত হেনো গুৱাহাটীত আই আই টি হ’ব লাগে বুলিও আছিল । তেনেকুৱা দুই এটা লাভ হয়তো হৈছে। কিন্তু মূল লক্ষ্যৰ পৰা এতিয়াও বহুত দূৰৈত ।
৩) তেওঁলোকৰ (আন্দোলনৰ নেতাসকলৰ) লক্ষ্য বিদেশী বহিষ্কাৰ কাহানিও নাছিল । ৰাজপাট দখল কৰাহে আছিল । আৰু সেই সময়ত তেওঁলোক ইমানেই কমবয়সীয়া আৰু অনভিজ্ঞ আছিল যে আহোমৰ দিনত ল’ৰাৰজা ৰাজপাটত উঠাৰ নিচিনাহে হৈছিল যেন লাগে।
৪) বিফল ।

উত্পল খাটনিয়াৰ : ১)অতীতৰ পৰাই নিবিচৰাকৈ, দাবী নকৰালৈকে অসমবাসীয়ে একো নাপায় তেনে ক্ষেত্রত অসমত অসম আন্দোলনৰ প্রয়োজনীয়তা আছিল বুলি এ কব পাৰি……২)এই আন্দোলনৰ ফলাফল হিচাবে অসমত অঃগঃপ গঠন হ’ল আৰু এদিন এওঁলোকৰ শাসন কালতেই বহু লোক গুপ্তহত্যাৰ বলী হব লগীয়া হ’ল, অসম আন্দোলন চলি থকা সময়তেই আছুৰ মাজত পদবীক লৈ নিজৰ মাজত মনোমালিন্য হয় আৰু তাৰ বাবে উপেন ব্রহ্ম আছুৰ পৰা আঁতৰি গৈ বড়ো ছাত্রসন্থা গঠন কৰে আৰু এয়াই আৰম্ভনি….লাহে লাহে এই ফাট টিয়ে কি ভয়ঙ্কৰ ৰূপ ধাৰন কৰিলে সেয়া আজি আপোনালোকৰ চকুৰ সম্মুখত জল জল পট পট হৈ আছে | এই আন্দোলনৰ পিচতেই অসম বন্ধৰ প্রভাৱ বেচি হ’ল |৩) স্যামন্ত কুমাৰ গোস্বামী ডাঙৰীয়াৰ সৈতে একমত| আন্দোলনৰ নেতাসকলৰ লক্ষ্য বিদেশী বহিষ্কাৰ কাহানিও নাছিল । ৰাজপাট দখল কৰাহে আছিল………………………………… ৪) বিফল

প্ৰতিম প্ৰতাপ বৰুৱা : এটা কথা বহুত দিনৰ পিছত জানিছিলো আৰু কথাটো জানি হাঁহি উঠিছিল | আন্দোলন প্ৰায় শেষ হৈ অহাৰ সময়তেই বোলে ঠিক কৰা হৈ গৈছিল কোনে কোনে কোন কোন সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত নামিব, কোনে কোনে কি কি মন্ত্ৰালয় লব ইত্যাদি | 🙂

দীপুল হালৈ : ১) নিশ্বয় আছিল | ২) অসমে IIT, AGBBP, Bridge, কলাক্ষেত্ৰ পালে | কেইটামান বিদেশী গ’ল(চাগে) ৩) IMDT আইন, চৰকাৰৰ অনীহা | ৪)বিফল | কাৰণ চুক্তি ৰূপায়ণ কৰিব পৰা নাই |

আশীষ মজুমদাৰ : ১)অসম আন্দোলন বিশ্বৰ বৃহত্তম ছাত্ৰ আন্দোলন হিচাপে বিশ্বত স্বীকৃত আৰু এই আন্দোলনৰ প্রয়োজন অসমীয়াৰ অস্বিত্বৰ বাবে অত্যন্ত জৰুৰী আছিল।
২)এই আন্দোলনৰ ফলত অসমীয়াই বুজি পালে তেওঁলোকৰ অস্তিত্ব সঁচাকৈ বিপন্ন।
৩)অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব নোৱৰাৰ একমাত্র কাৰণ অসমীয়া ৰাজনীতিকৰ জাতীয় চেতনাৰ অভাৱ।
৪)বিফল।

স্যামন্ত কুমাৰ গোস্বামী : IIT বা কলাক্ষেত্র আদিৰ স্থাপনৰ বাবে কিন্তু শ−শ ডেকা গাভৰু ওলাই অহা নাছিল ।
এতিয়া বেয়া দিশ আৰু ভাল দিশবোৰ ভাগ ভাগ কৰা যাওক:
ভাল দিশ:
১) অসমত IIT, AGBBP, Bridge, কলাক্ষেত্ৰ স্থাপন (আৰু কিবা আছে যদি ৰাইজে যোগ কৰে যেন)
বেয়া দিশ:
১) আন্দোলনৰ মূল উদ্দেশ্যৰ তিলমাত্রও কাষ নচপাটো
২) বন্ধ সংস্কৃতিৰ আৰম্ভনি তেতিয়াৰ পৰাই
৩) নেলীৰ হত্যাকাণ্ডৰ দৰে গণহত্যা
৪) অ. গ. প. ৰ নিচিনা এটা দল গঠন হোৱাটো
৫) আলফাৰ সৃষ্টি (আমি হয়তো কল্পনাও কৰিব নোৱাৰিম কোনো উগ্রপন্থী নথকা অসমখন কিমান শান্তিৰ আছিল)
৬) তাৰ পিছতেই ক্রমান্বয়ে এটাৰ পিছত এটাকে উগ্রপন্থী সংগঠনৰ সৃষ্টি
৭) আন্দোলনত শুদ্ধ মনেৰে যোগদান কৰাসকলৰ (আৰু ইয়াক সঁচা বুলি ভাবি আত্মবলিদান পর্য্যন্ত দিয়াসকলৰ) আশা পূৰণ নোহোৱাটো ।
৮) আন্দোলনৰ নেতাসকলে কৰা চৰম বিশ্বাসঘাতকতা ।
৯) আন্দোলনৰ সময়ত ছাত্র−ছাত্রীৰ কেইবাটাও মূল্যবান শিক্ষাবর্ষ নষ্ট হোৱাটো (যদিহে লক্ষ্য পূৰণ হ’লহেঁতেন, তেতিয়া নিশ্চয়কৈ এই লোকচানক নগন্য বুলি ধৰিব পৰা গ’লহেঁতেন)
১০) পৰীক্ষাত ব্যাপকভাবে নকল কৰা সংস্কৃতিও হেনো সেই সময়ৰ পৰাই আৰম্ভ ।
১১) সেই নেতাসকলেই গঠন কৰা দলটোৱে অসমৰ কি অৱস্থা কৰিলে সকলোৱে জানে ।
১২) আন্দোলনত অংশ লোৱাসকলক পিছত কেৱল আবেগৰ ভিত্তিতেই (মেধাৰ ভিত্তিত নহয়) নিযুক্তি দিয়াটো
১৩) সেই চৰকাৰৰ সময়ত ইমানেই যধেমধে নিযুক্তি হৈছিল যে তাৰ পিছত ১০ (নে ১২ ??) বছৰলৈকে বিদ্যালয়ৰ নিযুক্তি বন্ধ ৰখাটোও তাৰেই দীর্ঘম্যাদী ফল ।

ৰঞ্জিত কুমাৰ বৰা : বহিৰাগত বহিষ্কাৰ আন্দোলনৰ পৰা পিচত অবৈধ নাগৰিক বহিষ্কাৰৰ আন্দোলনলৈ পৰ্যবসিত হোৱা ছবছৰীয়া আন্দোলনৰ সবাতকৈ ক্ষতিকাৰক দিশসমূহৰ এটা হৈছে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সংগ্ৰামী অসমীয়াৰ আস্থা হেৰাই যোৱা। ‘মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন’, ‘অসম মৰিলে আমিও মৰিম’ বুলি ৰাজপথলৈ ওলাই অসমীয়াই চকুৰ সন্মুখতে দেখিলে নিৰ্মম প্ৰতাৰণা। ক’ব নোৱাৰাকৈ আন্দেলনৰ প্ৰতি অনীহা জন্মিল। ইয়াৰ কু−প্ৰভাৱ আজি আমাৰ সন্মুখত। অসমত বন্ধৰ অত্যধিক ঘোষণাৰ সেইটোও অন্যতম কাৰণ বুলি ভাবো। অসম চুক্তিৰ পিচত ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাটত জন্মলাভ কৰা অসম গণ পৰিষদলৈ ধাপলি মেলা আছু, অসম গণ সংগ্ৰাম পৰিষদৰ তদানিন্তন নেতৃত্বই অনভিজ্ঞতা, অদূৰদৰ্শিতা তথা অত্যুৎসাহৰ ফলত ৰাজ্যখনৰ প্ৰকৃত অৱস্থাৰ অধ্যয়ন কৰাত ব্যৰ্থ হয়। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে কংগ্ৰেছে। অসম আন্দোলনৰ সময়ত ৰাজনৈতিক দল হিচাপে সৰ্বাধিক ক্ষতিৰ সন্মুখীন হোৱা দল দুটা আছিল চি পি এম আৰু কংগ্ৰেছ। কংগ্ৰেছৰ নেতা−কৰ্মীয়ে ঘৰত থাকিব নোৱাৰা অৱস্থা হৈছিল। পায়খানাৰ ময়লা ঘৰত পেলাই দিয়া কাণ্ড বহু ঘটিছিল। অগপই শাসন ক্ষমতা দখলৰ পিচত অসমীয়াভাষীৰ মাজত কংগ্ৰেছৰ বাবে ঠাই প্ৰায় নাইকিয়া হৈছিল। ইউ এম এফে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ১৫টা বিধানসভা সমষ্টিত (সঠিক তথ্য মনত নাই) জয়ী হৈছিল। স্বাভাৱিকতে অসমত তিষ্ঠি থাকিবলৈ ক্ষমতালোভী কংগ্ৰেছৰ হাতত চাহ জনজাতি, বিদেশী বুলি টাৰ্গেট হোৱা নেপালী, আছুৰ চাঁদা সংস্কৃতিত বিৰক্ত বাঙালীভাষী, হিন্দীভাষী ব্যৱসায়ী চামহে আছিল। কংগ্ৰেছে জনগোষ্ঠীয় বিভাজনৰ কৌশলী ৰাজনীতি আৰম্ব কৰিলে। ডিভাইড আছাম ৫০−৫০ আন্দোলনৰ আঁৰতো কংগ্ৰেছৰ উচটনি আছিল বুলি অভিযোগ উঠিছিল। কোকৰাঝাৰ জিলাৰ কচুগাঁও সংৰক্ষিত বনাঞ্চলত উগ্ৰপন্থীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা বুলি আনকি প্ৰফুল্ল মহন্তই পিচত প্ৰকাশ কৰিছিল। (ইয়াৰ অৰ্থ এইটো নহয় যে বড়োলেণ্ড আন্দেলন জন আন্দোলন নাছিল)। সেই আন্দোলন আৰম্ভ হৈছিল ১৯৮৭ চনৰ ৩ মাৰ্চৰ পৰা। ১৯৮৭ চনলৈকে অগপৰ শাসন মোটামুটিভাৱে ঠিকেই চলিছিল। কিন্তু তাৰেই পিচৰ পৰা পথভ্ৰষ্ট হ’বলৈ আৰম্ভ কৰে। পিচত ভালদৰেই ছন্দ পতন ঘটিল। আলুবীজৰ কেলেংকাৰীত স্বয়ং মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই লিপ্ত থকাৰ অভিযোগ উঠিল। অথচ সেইজন প্ৰফুল্ল মহন্তই ললিত ৰাজখোৱাৰ দৰে শক্তিশালী নেতাসহ একেলগে পাঁচজন নে ছজনক মন্ত্ৰীসভাৰ পৰা আঁতৰাইছিল। অগপ নেতাৰ অনভিজ্ঞতাৰ পৰা দলটোৰ পতন আৰম্ভ হৈছিল। কংগ্ৰেছৰ দৰে পুৰণি দল এটাৰ সৈতে ফেৰ মাৰিবলৈ যি অভিজ্ঞতা, ৰাজনৈতিক দক্ষতাৰ দৰকাৰ আছিল, তাৰে সামান্যতমো জ্ঞান সেই সময়ৰ অগপ নেতাৰ নাছিল। তদুপৰি অবৈধ বুলি স্বীকৃত ১৯৮৩−৮৫ কালচোৱাত নেতৃত্ব দিয়া প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কালছোৱাত ৰাজ্যখনত আমোলা−বিষয়া আৰু ৰাজনৈতিক নেতাই মিলি দুৰ্নীতি কৰাৰ পৰম্পৰা শক্তিশালী ৰূপত আৰম্ভ হৈছিল। তেনে শীৰ্ষস্থানীয় আমোলাই অগপৰ শাসনকালত সততে কংগ্ৰেছক বিভিন্ন ধৰণে সহায় কৰিছিল। যাৰবাবে অসমত জনগোষ্ঠীয় বিভাজনৰ ষড়যন্ত্ৰ আৰম্ভ হৈছিল। বিদেশীটো নগলেই। কিন্তু গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সামূহিক অনীহা, অসমৰ জনগোষ্ঠীয় সম্প্ৰীতিত আঘাত এই দুটা বিপৰীত প্ৰতিক্ৰিয়াৰ বিষময় ফল অসমে বহু বছৰ ভুগিব লাগিব।

প্ৰিয়াংকু নাৰায়ণ বৰুৱা : বহু বিচ্ছিন্নতাকামী মানসিকতাৰ কৱলত অসম। বৰঅসমৰ সম্প্ৰীতি আজি এক কৰুণ ইতিহাস, নিদাৰুণ সত্য যদিওবা! কেবা টুকুৰা হোৱা অসমত অসম সাহিত্য সভা আছে, আছু আছে, অ:ভা:উ:সা: কে ধৰি ক’ত কিমান জাতীয় অনুষ্ঠান আছে অথচ ভাষিক, সাংস্কৃতিক বিনিময় আৰু সুস্থ বিতৰণৰ পৰিবেশ এটা গঢ় লৈ নুঠিল। বৰ লুইতৰ বুকুত সঁচা অর্থত অসমীয়া চেতনাই সাৰ পাই উঠিব লাগিব, বৃহৎ অসমীয়া জাতিটোৰ স্বার্থত। পৰিৱর্তন হ’বই লাগিব অসমৰ সামাজিক−ৰাজনৈতিক−অর্থনৈতিক অচলাৱস্থাৰ। তেহে ৰ’ব অসম আৰু অসমীয়া জাতি। বহল মনেৰে ইজনে সিজনক উৎসাহিত কৰিব শিকিবনে কাহানিবা অসমীয়া মানুহে? মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰ আইক ঘিণ কৰাতো বুজাব? যি গান শেষ হ’ল সেই গান গাবলৈ ভূপেন দা নাই কিন্তু সেই গানৰ আঁত ধৰি আজিৰ অসমীয়াইও গাব লাগিব সম্প্রীতিৰ গীত। জাতিটোৰ ঐতিহাসিক ঐক্যক ফোপোলা হ’বলৈ এৰি দিয়া জানো উচিত হ’ব? অতি আবেগ নহয় কিন্তু জাতিৰ স্বকীয়তা অটুত থাকিব হ’লে সংযত আৰু সু সংহত আবেগ লাগিব অৱশ্যেই! কন্ঠ আছে কথা কবই লাগে, যুক্তিযুক্ত আৰু সময় অনুযায়ী।

−−∗∗−−

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Papu
2 years ago

ভাল লাগিল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক