প্ৰসংগ : নাছা আৰু অসমৰ ছাত্ৰ-ছাত্ৰী

প্ৰসংগ: নাছা আৰু অসমৰ ছাত্ৰ-ছাত্ৰী

মনোজ মন :

অসমৰ ছাত্ৰ-ছাত্ৰীক NASA লৈ নিয়াৰ প্ৰয়োজন কিমান ম‍ই বুজি নাপাওঁ। NASA বিষয়ে জনাতো একো অপৰাধ নহয়, কিন্তু NASA লৈ উধাও হোৱাৰ পূৰ্বে এই ছাত্ৰ-ছাত্ৰীসকলে ISRO ৰ বিষয়ে কিমানজনে জানে !!! কিমানজনে শুনিছে এই ISRO ৰ এটা শাখা আমাৰ উত্তৰ-পূৰ্বাঞ্চলতো আছে !!! যদি নিজৰ সম্পদ, নিজৰ ক্ষমতা, নিজৰ জ্ঞানৰ বিষয়ে আমি নিজেই সজাগতা নবঢ়াও তেন্তে আন কোনে বঢ়াব?

 

গাৰ্গী চক্ৰৱৰ্তী(মিৰ্জা, অসম): আপোনাৰ প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক।

পঙ্কজ বৰা(গৱেষক, ট্ৰনধেইম, নৰৱে): বিদেশী চাহাবৰ তলত কেৰাণী-মহৰীৰ কাম কৰি, আঠুকাঢ়ি চেলুট মাৰি নিজৰ মানুহৰ ওপৰত বৰমতা হোৱা সুবিধাবাদী নেতা-পালিনেতা, বুদ্ধিজীৱি-মধ্যবিত্তৰে ভৰা আমাৰ সমাজ৷ আমাৰ বাবে এতিয়াও বিলাত আৰু বিলাতী যেন বেলেগ এখন দুনীয়াৰ এটা সাংঘাটিক বস্তু৷ ঘৰৰ গাখীৰ বেছি বিলাতী ভিটামিন টনিক খায়, ঘৰৰ মধুৰী-পনিয়ল বেছি বিলাতী আপেল খায়৷ ৱাইন হ’লগৈ বিদেশী মদ৷ বিলাতী হ’লেই ভাল, দেশী হ’লেই বেয়া৷ আৰু এটা কথা: অসমীয়া মানুহৰ বাবে বিলাত মানে কেৱল আমেৰিকা আৰু লণ্ডন৷ অসমত সোৱণশিৰীৰ পাৰত সাধাৰণ চাহ-তামোল, শাক পাচলিৰ দোকান দিয়া নদাই-ভদাইক মাৰি ধৰি জেলত ভৰাই আৰু আমেৰিকাত গৈ ৱালমাৰ্টক “ৰঙা দলিছা” পাৰি আমন্ত্ৰণ দিয়ে৷ মুঠৰ ওপৰত বিলাতী বিলাতী বিলাতী৷ 🙂

দ্বিজেন মহন্ত(বিষয় শিক্ষক, বিশ্বনাথ চাৰিআলি, অসম): বাৰীৰ অমিতাটো ডাঙৰ হলেও “বিলাতি অমিতা”ৰ সঁচ বুলি ফিটাহি মাৰে।

সুৰজিত নেওগ(ডিব্ৰুগড়, অসম): হয়, কথাটো প্ৰাসংগিক কিন্তু NASA আৰু ISRO লৈ ল’ৰা-ছোৱালীক নিয়াটো কাৰ ওপৰত নিৰ্ভৰশীল সেইটোহে ডাঙৰ কথা …. এটা উজ্জ্ব্ল মস্তিস্কক NASA লে লৈগৈ ভবিষ্যতে নিচ্চয় NASA লাভৱান হ’ব, কাৰণ সেই ল’ৰা বা ছোৱালীজনী NASA ৰ প্রতি আপোনা-আপুনি আকৰ্ষিত হ’ব… সেই কথাটো ভাৰত চৰকাৰ বা authority য়ে অনুধাৱন কৰিলে সমস্যাটো সমাধান হ’ব নেকি ?

মনোজ মন(গৱেষক,টাইপেই, টাইৱান):  DY365 ৰ Breaking News ত স্থান পাইছে এইটো খবৰে। হাইমাদ্ৰাছা, হাইস্কুল শিক্ষান্ত পৰিক্ষাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক অসম চৰকাৰৰ ফালৰ পৰা আমেৰিকালৈ নি NASA দেখুৱাব হেনো!!! হাঁহি উঠিছে, অসমৰ মন্ত্ৰী-আমোলাৰ ভোট বুটলা নিতী দেখি … নিজেতো ভ্ৰষ্টাচাৰী হয়েই এই উঠি অহা কণ-কণ ল’ৰা-ছোৱালী কেইটাকো বিলাতী সোৱাদ দিব বিচাৰিছে। হেৰৌ !! আগতে নিজৰ দেশৰ কৃতিত্ব বোৰক চিনাকী কৰাই দে এই উঠি যুৱ শক্তিক, পাছত তাঁহাতি নিজৰ প‍ইছাৰে এনেও ফুৰি আহিব সেইবোৰ ঠাই। বিদেশীবোৰে ভাৰতৰ পিনে চকু পোনাই আছে আৰু আমাৰ এই মন্ত্ৰীমখাই বিদেশলৈ ঢাপলি মেলিছে। গাঁৱৰ পৰা চহৰৰ দালান চাবলৈ যোৱাৰ দৰে কথা এইয়া।

দ্বিজেন মহন্ত(বিষয় শিক্ষক, বিশ্বনাথ চাৰিআলি, অসম): এতিয়া ভিছা, পাচপৰ্টৰ বাবদ অভিভাৱকৰ লগত গুৱাহাটী-ঘৰ দৌৰি দৌৰি অৱস্থা কাহিল হৈছে ছাত্ৰ-ছাত্ৰীৰ।

সুৰজিত নেওগ(ডিব্ৰুগড়, অসম): ‎”পঙ্কজ বৰা” আপুনি ঠিকেই কৈছে …. আমি বেলেগক যিমানেই দোষ নিদিওঁ কিয়, আচল ক্রুতিটো নিজৰ। সকলো কথা ব্যক্তিগত মানষিকতাৰ ওপৰত নিৰ্ভৰ কৰে। এইখিনিতে নিজৰ সৰু কথা এটা উনুকিয়ালে ভাল হ’ব … ৯০ চনত পুনা বিশ্ববিদ্যালয়ৰ পৰা Computer Engg হিচাবে পাছ কৰাৰ পিছ্ত আমাৰ college ৰ ৬০ জনৰ ভিতৰত কেৱ্ল আমি ৬ জনহে নিজৰ দেশত ৰৈ গলোঁ, তাকো স্বইচ্ছাই US, Singapore, Aus, Canada ত আমি offer পায়ো। কেইবাজনো নলেগলে লগা বন্ধুয়ে বহু অনুৰোধ কৰাৰ পিছতো আমি ইয়াতে থকাৰ সিদ্ধান্ত ল’লোঁ। তাৰ পিছত দেখোঁ যোৱা শতিকাৰ শেষৰ ফালে বহু বন্ধু-বান্ধবী স্বদেশাভিমুখী হৈছে … কাৰক বহুতো … আমাৰ লগৰ প্রায় ৪০ জন মান এতিয়া স্বদেশত স্বাভিমানেৰে কাম কৰি আছে… মোৰ ব্যক্তিগত অনুভৱ, মই ইয়াত থাকিগৈ একো বিশেষ হেৰুওৱা নাই … অন্ততঃ নিজৰ সমাজখন, আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ লগত প্রত্যক্ষ সংযোগ লাভৰ সুযোগকণ পাই আছোঁ। লগতে নিজৰ দেশত প্ৰথম শ্রেণীৰ নাগৰিক হিচাবে থকাৰ গৌৰৱকণ আছেই। একমাত্র দুখটো থাকি গ’ল… ফিনফিনিয়া ফু মাৰি ভাত খাব পৰা ৰাস্তাত গাড়ী এখন চলাবলৈ নোপোৱাতো …!!
গতিকে মোৰ ধাৰণা, ল’ৰা-ছোৱালীক NASA বা ISRO যলৈকে লৈ নাযাওক, তেওঁলোকে ভৱিষ্যতে তেওঁলোকৰ মগজুৰ সৎ ব্যৱ্হাৰ ক’ত কৰিব সেইটো নিজৰ নিজৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰিব …

বিকাশ শ‍ইকীয়া(অ.এন.জি.ছি, শিৱসাগৰ, অসম): একেবাৰে ঠিক কথা, অসমীয়া লৰা-ছোৱালীয়ে ভাল ভাল বিলাতী প্ৰতিষ্ঠান চোৱাৰ কি প্ৰয়োজন, য’ত লাখ লাখ মানুহ খাবলৈ নাপাই মৰিছে তাত ৯-১০ জন অসমীয়া তৰুণ-তৰুণীক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছা লৈ নিয়াৰ নামত লাখ-লাখ ৰাজহুৱা ধন শৰাধ কৰাৰ প্ৰয়োজন কি? ষ্টেন্দ কৰা লৰা-ছোৱালী কেইটাক অসমৰ কলা-সংস্কৃতিৰ লগত পৰিচয় কৰোৱা উচিত, অসমৰ সত্ৰ, মঠ-মল্দিৰ, ঐতিহাসিক ঠাই পৰিদৰ্শন কৰোৱা উচিত, ধেমাজি-মাজুলীলৈ নি বান সমস্যাৰ বিষয়ে দেখুওৱা উচিত, সদায় কিবা নহয় কিবা কাৰণত বন্ধ হৈ থকা অঞ্ছলবোৰলৈ নি আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে অৱগত কৰোৱা উচিত, সামাজিক দায়িত্ববোধৰ শিক্ষা দিয়া উচিত।
(এইবাৰ মোৰ অঙহী-বঙহী কোনোৱে চৰকাৰী খৰছত বিলাত চাব নোৱাৰিলে, মানে ফাৰ্ষ্ট ষ্টেন্দ নকৰিলে, সেয়েহে ইমান বৰ-বৰ কথা কৈ আছো দেই। অহা বছৰ কোনো অঙহী-বঙহীয়ে নাছা চাবলৈ চাঞ্চ পালে কথাত লুটিবাগৰ মাৰি দিম। এনেও আমি মধ্যবিত্ত শ্ৰেণীটো সুবিধাবাদী বুলি নাম আছে।)

প্ৰদ্যুত জ্যোতি শ‍ইকীয়া(এন.আৰ.এইচ.এম, কৰিমগঞ্জ, অসম): ‎”সুৰজিত নেওগ”, ডাঙৰীয়া, আপোনাৰ উদ্দেশ্য আৰু কাৰ্য্যক শলাগিছোঁ। এনেকুৱা মানসিকতাৰহে আমাক প্ৰয়োজন। জননী জন্মভূমি স্বৰ্গদপি গৰিয়সী , এনেকুৱাই কিবা এষাৰ আছে নহয়। নে কি কয় ?

সুভাষ চন্দ্ৰ কলিতা(গুৱাহাটী, অসম): এই ক্ষেত্ৰত আমাৰ চুবুৰীয়া কনফুচিয়াচ আৰু মাও-চেতুঙৰ দেশ চীনৰ আদৰ্শ লোৱা উচিত; কিন্তু ভাৰতত মোৰবোধেৰে কেতিয়াও সম্ভৱ নহ’ব। শেহতীয়াকৈ চীনে এজনী ৩২ বছৰীয়া নাৰী মহাকাশচাৰীও প্ৰেৰণ কৰা প্ৰায় সকলোৱে জানে। ভাৰত এতিয়া সম্পূৰ্ণ পুঁজিবাদী আদৰ্শৰে চলিছে। শিক্ষাতো তাৰ প্ৰতিফলন ঘটিছে। “মনোজ মন” ,  আপোনাৰ চীন দেশৰ অভিজ্ঞতাই কি কয় আমাকো জনাব বুলি আশা কৰিছোঁ।

মনোজ মন(গৱেষক,টাইপেই, টাইৱান):‎ “সুভাষ চন্দ্ৰ কলিতা” ডাঙৰীয়া , আপুনিও সেই একেটা ভুলকেই কৰিলে। ম‍ই চীন দেশত নাই, ম‍ই টাইৱানত হে আছোঁ, ই এখন বেলেগ ৰাষ্ট্ৰ। তাৰোপৰি টাইৱান আৰু চীন দেশৰ বৰ এটা ভাল সম্পৰ্ক নাই। এদিন মোৰ চকুৰ সন্মুখতে চীন দেশৰ পতাকা জ্ব্লাই দিয়া হৈছিল।

আৰু কথা আহিল অভিজ্ঞতাৰ, টাইৱানত সাধাৰণতকৈও সাধাৰণ বিষয় সমূহে গুৰুত্ব পায়, আমাৰ অহোমৰ দিনৰ সম্পত্তি সমূহত আমি গৰু চৰিবলৈ এৰি দিওঁ, কিন্তু ইয়াত জাপানী শাসকসকলে সজোৱা একোখন সাধাৰণ গাঁও সংগ্ৰহালয়ৰ ৰূপ দি দিয়া হয় আৰু ছাত্ৰ-ছাত্ৰী সমূহক ইয়াৰ প্ৰতি সজাগ কৰা হয়। বিভিন্ন দেশ ভ্ৰমণ কৰি, বিভিন্ন দেশত শিক্ষা গ্ৰহণ কৰি যেতিয়া নিজ দেশলৈ উভতি আহে প্ৰচুৰ জ্ঞান আহৰণ কৰি নিজ দেশৰ উন্নতিত প্ৰয়োগ কৰে। তেনেই অকমানি এই দেশখন, চাইকেল মাৰি ঘূৰিবলৈ ১০ দিন সময় লাগে, কিন্তু বহু ক্ষেত্ৰত ভাৰততকৈ শ-যোজন আগবঢ়া। ইয়াত ম‍ই দেখা নাই যে নিজৰটোক হেয় জ্ঞান কৰি আন দেশৰ বস্তুসমূহক আদৰি লোৱা। প্ৰতিটো বস্তুতেই চীনা ভাষা, দাঁত ঘহা টুথপেষ্টটোৰ পৰা আৰম্ভ কৰি এ টি এম কাৰ্ডখনলৈকে সকলোতে নিজৰ ভাষাই প্ৰাধান্য পায়। আমি জানো দিব পাৰিছোঁ এনে সন্মান নিজ ভাষাক ?
সুব্ৰত গগৈ(বাংগালুৰু, কৰ্ণাটক): “মোক লাখ টকাৰ দৰমহা কিয় লাগে? মোক মাহে দহ হাজাৰ টকা দিলেই হৈ যাব কাৰণ বাকী টকাৰে অন্য নজন নিবনুৱাৰ পেটৰ ভাত মুকলি হ’ব।”
“মোৰ ল’ৰাটো কিয় NASAলৈ নিব লাগিছে? শ্বিলংখন এবাৰ ফুৰাই আনিলেই হ’ল। চৰকাৰৰ টকা বাচিব।”
এনেধৰণৰ বক্তব্য ৰাখিবলৈ বহু সাধনাৰ প্রয়োজন। সাধাৰণ মানুহে এনে কথা ভাবিব নোৱাৰে। এনে ধাৰণাত বিশ্বাস ৰাখি বিষ্ণু ৰাভাই নিজৰ হাজাৰ বিঘা মাটি দুখীয়াক দান দিছিল। আজি আকৌ এনে দর্শন দেখি ভাল লাগিছে। ধইন ধইন ।

প্ৰতিম প্ৰতাপ বৰুৱা(দিল্লী চৰকাৰৰ কৰ্মচাৰী, নতুন দিল্লী): নাছাৰ বিষয়ে, মহাকাশ বিজ্ঞানৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক জনোৱাটো ভাল কথা। কিন্তু তাকে কৰিবলৈ গৈ মাত্ৰ কেইজনমান ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ হিচাপে চৰকাৰী খৰছত আমেৰিকালৈ পঠিওৱাটো কিমান যুক্তিসংগত সেইটো বুজি পোৱা নাই। চাৰিওফালে বানপানী, এঘণ্টাৰ বৰষুণত গুৱাহাটীৰ ৰাস্তাইদি পানীৰ সোঁত বয়, মাজুলী আৰু কেইবছৰ থাকে ঠিক নাই, পঢ়ি-শুনি অঁতোৱাৰ পিছত অসমত চাকৰি বিচাৰি কিমান হাবাথুৰি খাব লাগে, স্বজনপ্ৰীতি, অনিয়ম, দুৰ্নীতি – এই কথাবোৰ ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হয় নে নহয়?

উদ্দীপ তালুকদাৰ(চিকিত্‍সক, অসম) : কিন্তু পুৰস্কাৰ কিমানলৈ দিব পাৰি? দহজন ছাত্ৰ, লগতে চৰকাৰী সাংগো-পাংগো ইমান কেইজনক আমেৰিকা ভ্ৰমণ (নাছা আমেৰিকাতেই নহয় জানো?)-লৈ নিওঁতে কম খৰছ হ’বনে? আৰু তাৰপৰা সাংঘাতিক লাভ কিবা আছে জানো? আৰু প্ৰতি বছৰে পুৰস্কাৰ দিয়কেই নিদিয়কেই ষ্টেণ্ড কৰিবই কৰিব, কাৰণ সেইটো “বাই ডিফল্ট” হোৱা বস্তু। তাৰ কাৰণে ইমান টকাৰ পুৰস্কাৰ! অতি বিশেষ কিবা এটাৰ কাৰণে (যেনে আই.আই.টি-ত স্থান প্ৰাপ্ত সকল) দিলে বেলেগ কথা।

বিকাশ শ‍ইকীয়া(অ.এন.জি.ছি, শিৱসাগৰ, অসম): আজিলৈকে অসমীয়া মহাকাশ বিজ্ঞানী কোনোবা ওলাইছেনে? কম, কাৰন বহুতে হয়তো সেই সপোনটো দেখা নাই ! কিয় ? কিতাপে-পত্ৰই পঢ়াটো আৰু বাস্তৱত দেখাটোৰ অলপ পাৰ্থক্য আছে। সপোন এটা পুৰা কৰিবলৈ প্ৰখমতে সেই সপোনটো দেখিব লাগিব। অকল অসমতেই নহয় গোটেই পৃথিৱীতে বহুত সমস্যা আছে, গোটেইবোৰ সমাধান হবলৈ শতেক যুগ পাৰ হৈ যাব, তেতিয়ালৈ কি আমি আমাৰ সপোনবোৰক বান্ধি ৰাখিব লাগে নেকি?
ধৰাহল কাইলৈ কোনোবাই ফ্ৰী আই.এ.এছ কোচিং আৰম্ভ কৰিব খুজিছে! অসমৰ গোটেইবোৰ সমস্যা সমাধান নোহোৱালৈকে সেইটোও হব নালাগে নেকি?

প্ৰতিম প্ৰতাপ বৰুৱা(দিল্লী চৰকাৰৰ কৰ্মচাৰী, নতুন দিল্লী): আচল কথা চৰকাৰী সাংগো-পাংগো। আৰু দহজনৰ কোনোবা এজন বা দুজন নগলে নিজৰ মানুহৰ হতুৱাই ফিল আপ দ্যা গেপ্‌চ্‌।

সুব্ৰত গগৈ(বাংগালুৰু, কৰ্ণাটক):  সাংগো-পাংগখিনিক যাবলে দিব নালাগে।

প্ৰতিম প্ৰতাপ বৰুৱা(দিল্লী চৰকাৰৰ কৰ্মচাৰী, নতুন দিল্লী): (বিকাশ শ‍ইকীয়াৰ মন্তব্যৰ আঁত ধৰি) তেন্তে অহা কেইবছৰমান পিছৰ পৰা অসমখন মহাকাশ বিজ্ঞানীৰে গিজগিজাই থাকিব বুলি আশা কৰিব পাৰি।

বিকাশ শ‍ইকীয়া(অ.এন.জি.ছি, শিৱসাগৰ, অসম): “সপোন এটাক তেতিয়ালৈকে ডাঙৰ বুলিব নোৱাৰি যেতিয়ালৈকে কোনেও সেইটোক লৈ তোমাক ইতিকিং বা ঠাট্টা নকৰে”। ধন্যবাদ  “প্ৰতিম প্ৰতাপ বৰুৱা”।

প্ৰতিম প্ৰতাপ বৰুৱা(দিল্লী চৰকাৰৰ কৰ্মচাৰী, নতুন দিল্লী): (বিকাশ শ‍ইকীয়াৰ মন্তব্যৰ আঁত ধৰি) ঠিক কথা। কিন্তু প্ৰতিবাৰে ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীখিনি পিছৰ জীৱনত কিমান সফল হৈছে সেই কথাটো সিমান জনা নাযায়। সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ ৰিজাল্টবোৰ চালে দুখ লাগে। ক’ত যায় বাৰু এই ছাত্ৰ-ছাত্ৰীসকল ?

ভগত্‍ লাল দত্ত( বিজ্ঞানী, ফ্ৰান্স): মই জনাত ভাৰতৰ চন্দ্ৰযান (নে চন্দ্ৰায়ন)-১ অভিযানৰ প্ৰধান বিজ্ঞানীজনেই অসমীয়া দেখোন!! বি.এচ.ছি., এম.এচ.ছি. গুৱাহাটী বিশ্ববিদ্যালয়। মহাকাশত উৰাবোৰৰ ভিতৰত “অসমৰ জোঁৱাই” আছেই। (শ্ৰীকৃষ্ণও অসমৰে জোঁৱাই আছিল হ’বলা, পিছে কুণ্ডিল নগৰীৰ লোকেচনটো লৈ অলপ টনা-আঁজোৰা চলি আছে।)

অপূৰ্ব কলিতা(এন. ই ইনফটেক চলিউচন, গুৱাহাটী):  অলপ আগত টি.ভি. চাই উঠি অ.ক.ব . খুলি এই পষ্ট টো দেখা পালোঁ। টি.ভি. ত ভালৰো ভাল ফলাফল কৰা ছাত্ৰ-ছাত্ৰী কিছুমানে এই বিষয়ত সাংবাদিকৰ উত্তৰ দি কৈছে ” নাচা ত যোৱা আমাৰ সপোনো…ৰো অগোচৰ আছিল”। এনে মহঙা দিনত চৰকাৰ যি দলৰেই নহওক ভাল ৰিজাল্ট কৰা ছাত্ৰ সকলক ফ্ৰীতে বিদেশ ভ্ৰমন তাতে আকৌ নাচা ৰ দৰে অনুষ্ঠান দেখাব ইয়াত বাৰু আমি আপত্তি কিয় কৰিব লাগে ? এই সৰু সৰু বোৰে নাচা দেখিব , মনত এটা উচ্চাকাংক্ষা পাব দেশৰ হকে কিবা এটা কৰাৰ , কিমান যে ভাল কথা তাতে আকৌ অসমীয়া ভাই-ভন্টি । আমি আচলতে কিবা এটা সহায় হে কৰিব লাগিছিল সিহতক , তাকে নকৰি এই ফে’চবুকত লাগি গলো চৰকাৰৰ বদনাম গোৱাত । মই এটা কথাত বেয়া পালোঁ যে এই গোটৰে কিছুমান মান্যবৰ সদস্য বাহিৰা দেশত গৈ অসমৰ নাম যশ বিয়পাবলৈ চেষ্টা কৰি আছে তেখেতসকলে এনে কাৰ্য্যত উৎসাহহে দিব লাগিছিল কিন্তু কিবা বিয়োগাত্মক কথাহে কলে দেখোন। মই নিজে এজন কংগ্ৰেছৰ ঘোৰ বিৰোধী, কিন্তু মানুহ, দল বা সমাজৰ ভাল কামক সলাগিবলৈ পিছ নুহূহুঁকো । চৰকাৰৰ এই পদক্ষেপক মই শলাগিছোঁ!

উদ্দীপ তালুকদাৰ(চিকিত্‍সক, অসম) : ‎’ভাল কাম’ বুলি মানি লোৱা আৰু ‘সমৰ্থন কৰা’ দুটা বেলেগ বস্তু! পুৰস্কাৰৰ বাবে নাছালৈ নিয়াত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ টেক্সৰ টকা কেনেকুৱা কামত ব্যৱহাৰ কৰা উচিত, সেইটোত মত দিয়াত আমাৰ অধিকাৰ নিশ্চয় আছে। এইকেইজনক নাছালৈ ফুৰাবলৈ নিয়াৰ সলনি যদি অসমৰপৰা আই.আই.টি.-ত স্থান পোৱা প্ৰতিজন ছাত্ৰৰে খৰছ চৰকাৰে বহন কৰিম বুলি ক’লেহেঁতেন, তেন্তে মই অকণো বেয়া নাপালোঁহেঁতেন। আৰু পইচা খৰচ কৰি কৰা কাম এটাৰ পাছত হোৱা প্ৰকৃত লাভৰ মূল্যাংকনৰ কথা আছে। আৰু সপোন দেখাৰ কথাই যদি হৈছে, তেন্তে নাছাৰ লগত আৰু বহুতো বস্তু যোগ দিব লাগিব। নহ’লে চবেই নাছাৰেই সপোন দেখি থাকিব। অসমখন মহাকাশত ভাঁহি ফুৰিব, আৰু চিধা-চিধা কামবিলাক কৰাৰ কাৰণে কোনেও সপোনেই নেদেখিব!
মই মাজে মাজে ভাবোঁ এই গোটৰ কেইজনমান সঁচাকৈয়ে ইমান সৰল মনোবৃত্তিৰ মানুহ নে? চৰকাৰে যেনেকৈ কয়, সেইটোকে সঁচা বুলি ভাবে! মই হে কিজানি জেলেপীৰ দৰে পাক লাগি গৈ আছোঁ।

প্ৰতিম প্ৰতাপ বৰুৱা(দিল্লী চৰকাৰৰ কৰ্মচাৰী, নতুন দিল্লী): তাকেহে। চৰকাৰে লোৱা সকলো সিদ্ধান্তক যেন তেন প্ৰকাৰেণ যুক্তিসংগত বুলি প্ৰমাণিত কৰিবলৈ বহুতে উঠি-পৰি লাগে। লাগিলে তাৰ কাৰণে চৰকাৰী ধনৰ শৰাধ হওক আৰু লাভৰ ঘৰত একোৱেই নহওক।

বিকাশ শ‍ইকীয়া(অ.এন.জি.ছি, শিৱসাগৰ, অসম): ‎(উদ্দীপ তালুকদাৰৰ কথাৰ আঁত ধৰি) বাহ ! স্বাধীনতাৰ ৬৫ বছৰ পাছতো আই.আই.টি ত ছিত পোৱাটো আজিও অসমৰ বাবে ডাঙৰ কথা হৈ আছে! ইফালে বিহাৰ, ইউ.পি ৰ শ শ লৰাই আই.আই.টি ত স্থান পাই আহিছে।

হিমজ্যোতি তালুকদাৰ(এনাজৰী ডট কম, নতুন দিল্লী):  আঠুৱা চাই ঠেং মেলিব লাগে। অসমখন ইমানো ধনে জনে জাতিষ্কাৰ নহয় যে, কোনো পৰিকল্পনা নোহোৱাকৈ যতে ত’তে টকা পইচাবোৰ উৰুৱাই থাকিব চৰকাৰে। অসমৰ স্থান পোৱা ছাত্ৰ ছাত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ত আসন এখন পাবলৈ কিমান যুঁজিব লাগে? সেইখিনি পইছাৰে অসমৰ শিক্ষা সংস্কাৰৰ দায়িত্ব লওক চৰকাৰে। নাচালৈ অসমৰ গৱেষক ছাত্ৰ ছাত্ৰী সকলক নিয়াৰ ব্যৱস্থা কৰক চৰকাৰে, য’ৰ পৰা অলপ হ’লেও হয়তো অসমৰ বিশ্ববিদ্যালয় সমূহৰ গৱেষণাৰ মানদণ্ড উন্নত হোৱাতো আশা কৰিব পাৰি।

উদ্দীপ তালুকদাৰ(চিকিত্‍সক, অসম) : (বিকাশ শ‍ইকীয়াৰ কথাৰ আঁত ধৰি) আপুনি ভুলকৈ বুজিলে। সেইটো উদাহৰণহে আছিল। দ্বিতীয় কথাটো: মই কৈছোঁ আগবাঢ়ি যাবলৈ দিয়া প্ৰেৰণাৰ কথাহে! সৰ্বভাৰতীয় (পাছলৈ আন্ত:ৰাষ্ট্ৰীয়) পৰ্যায়ত সফলতা লাভৰ বাবে পুৰস্কাৰ আগবঢ়াওক। কাৰণ ‘ষ্টেণ্ড কৰিলে জেলত দিম’ বুলিলেও দহটামানে ষ্টেণ্ড কৰিব। গতিকে সেইটোত পুৰস্কাৰ দিয়াৰ কোন অৰ্থ নাই।

ভগত্‍ লাল দত্ত( বিজ্ঞানী, ফ্ৰান্স):  শিক্ষাৰ অধিকাৰ আইন মতে কিজানি আজিকালি “ষ্টেণ্ড কৰা”টো অসাংবিধানিক !! পৰীক্ষা পদ্ধতিৰ সংশোধনী অধিনিয়ম অনুসৰি স্কুলীয়া স্তৰত নম্বৰ ভিত্তিক ৰেংকিং অবাঞ্চনীয় হেনো!! (চি.বি.এচ.ই.য়ে মাত্ৰ গ্ৰেডিং ব্যৱস্থা আৰম্ভ কৰিব বুলি শুনিছিলোঁ।)

লিখন নীল কোঁৱৰ (ভাৰতীয় ষ্টেট বেঙ্ক, নাজিৰা): যেতিয়া ৰাজ্যৰ অৰ্ধাংশ বানত ডুবি থাকে। লাখ-লাখ লোক ভোক-পিয়াহত আতুৰ হৈ প্ৰাণ বচোৱাই মস্কিল হৈ পৰে। মাটি-ভেটি, সা-সম্পত্তি হেৰুৱাই সৰ্বস্বান্ত হয়। তেতিয়া নাচা, মহাকাশবিজ্ঞানী-এই কথাবোৰ হজম কৰিবলৈ অলপ টান হয়। আমাৰ উঠি অহা প্ৰতিভাৱান প্ৰজন্ম নাচালৈ যাওঁক, মহাকাশলৈ যাওক- আপত্তি কৰিবলগা নাই। কিন্তু তাৰ লগতে দেখোন আমি আমাৰ মৌলিক সমস্যাবোৰ সমাধান কৰাৰ কথাও ভাবিব পাৰোঁ। বছৰি বাৰিষা অসমত বানপানী হয়। হিচাপ কৰিব নোৱৰাকৈ ধন-জনৰ লোকচান হয়। চাৰিওফালে সম্পদেৰে ভৰি থকা স্বত্তেও পৰ্যাপ্ত বিজুলীৰ অভাৱত আমি আন্ধাৰত থাকিবলগা হয়। ইয়াতে ডাইনী হত্যা হয়। চৰকাৰী আঁচনিৰ সুফল ৰাইজে পোৱাতকৈ দুৰ্নীতিগ্ৰস্তৰ পেটেহে পায়। আৰু আমাৰ টপাৰসকলে (লগতে অন্যইও) এইবোৰলৈ ঘূৰি নাচায়- চোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে। মাত্ৰ নিজা লাইফ গঢ়াৰ ধান্দা। তেওঁলোকৰ অসামান্য প্ৰতিভা একমাত্ৰ নিজতে কেন্দ্ৰীভূত হৈ ৰয়। ৰাইজে কিন্তু আশা কৰে এইসকলে প্ৰতিভাধৰসকলে এনে কিছুমান কাম কৰক যাৰ ফলত দেশ-দহৰ প্ৰকৃত কল্যাণ হয়;সমাজৰ সঁচা মঙ্গল হয়। অধিক সময়তে এয়া দুৰাশা হৈয়ে ৰয়। আকৌ অনন্য প্ৰতিভাধৰ আই .এ. এছ. আই.পি.এছ. বৰ বৰ অভিযন্তা-বিষয়াই(সকলো নহয়) ন্যস্তস্বাৰ্থজড়িত মহলৰ ইছাৰাত পৰিচালিত হৈ নিজা পদবীৰ দায়িত্বৰে দেশ-সমাজৰ কিমান সেৱা-উপকাৰ কৰি আছে-সেয়া সৰ্বজনবিদিত। গতিকে , প্ৰতিভাধৰ সকলৰ কথা ওলালে কি কওঁ, কি নকওঁ যেন লাগে। তথাকথিত পৰীক্ষাবোৰত সৰহ নম্বৰ সংগ্ৰহ কৰি বিশাল মেধাৰ পৰিচয় দি তাৰ বলত মোটা অংকৰ ধন অৰ্জন কৰি তেওঁলোক সমাজৰ বৰলোক হয় ঠিকেই-কিন্তু ওপৰত কেইজন মানে কোৱাৰ দৰে তেওঁলোকৰ দেশ-সমাজলৈ বিশেষ অৱদানৰ বিষয়ে পিছলৈ বৰকৈ জনা নাযায়।

বিকাশ শ‍ইকীয়া(অ.এন.জি.ছি, শিৱসাগৰ, অসম): তেনেহলে ষ্টেন্দ কৰা ছাত্ৰ-ছাত্ৰীক আছুৱে দিয়া সম্বৰ্ধনাবোৰো নিষিদ্ধ কৰিব লাগে।

ভগত্‍ লাল দত্ত( বিজ্ঞানী, ফ্ৰান্স): সেইটো শিক্ষা মন্ত্ৰী তথা চৰকাৰক জনাওক। শিক্ষাৰ অধিকাৰ আইনখন বলবৎ কৰাটো কাৰ দায়িত্ব??

উদ্দীপ তালুকদাৰ(চিকিত্‍সক, অসম) : নিশ্চয়! পঢ়া-শুনাৰ সময়ত কোনেও একো সহায় নকৰে! কিন্তু নিজা কষ্টৰ ফলত লাভ কৰা সুফলৰ পাছত সম্বৰ্ধনা পত্ৰ এখন দি দায়িত্ব শেষ। এইটোৰপৰা যে কাৰো কি উপকাৰ হয়, মই আজিলৈ বুজি পোৱা নাই! আছু, চৰকাৰে আটায়ে ছাত্ৰ-ছাত্ৰীক পঢ়াত সহায় কৰক, ফলাফল নিজেই ভাল হৈ যাব।

প্ৰতিম প্ৰতাপ বৰুৱা(দিল্লী চৰকাৰৰ কৰ্মচাৰী, নতুন দিল্লী): এই আইনখন চৰকাৰেই কৰিছে | আৰু আছু চৰকাৰী সংগঠন নহয়।

সুভাষ চন্দ্ৰ কলিতা(গুৱাহাটী, অসম): শিক্ষাৰ সম-অধিকাৰ নীতি। বোধকৰো শ্ৰীনাথ বৰুৱা ডাঙৰীয়াই সেয়েহে স্থানৰ সলনি গ্ৰেড (Grade) দিয়াৰ পৰামৰ্শ দিছে। প্ৰথম তিনিটা স্থান প্ৰাপ্ত কেইজনৰ সলনি সকলো ছাত্ৰ-ছাত্ৰীৰে জ্ঞান-বৰ্ধন; আৰু অভিলাষী, হিতাকাংক্ষী, জাত্যাভিমানী, পৰোপকাৰী কৰি ভৱিষ্যতৰ নাগৰিক কৰি তোলাটোহে উচিত। আত্মহংকাৰী, অভিমানী, ক্ষুদ্ৰ-স্বাৰ্থান্বেষীৰ জন্ম হয় সস্তীয়া প্ৰতিযোগিতাৰ (নিগনি দৌৰ) পৰা । সৰ্ব্বেপল্লী ৰাধাকৃষ্ণন মহাশয়ৰ আত্মাই অশান্তি পাব। আকৌ পদুম বোলে বোকাতহে ফুলে আৰু শোভাৱৰ্ধন কৰে।

আজিৰ যুগৰ অত্যাধুনিক দূৰ-সংযোগ প্ৰযুক্তি (ভিডিও-কনফাৰেঞ্চিঙ, টেলি-কনফাৰেঞ্চিঙ) আৰু ক্লাউড্ কম্পিউটিঙৰ মাধ্যমেৰে চৰকাৰে ইচ্ছা কৰিলে প্ৰতিজন ছাত্ৰ-ছাত্ৰীকেই বয়স অনুযায়ী সাম্প্ৰতিক যুগৰ উন্নতশিক্ষা প্ৰদান কৰিব পাৰে। সদায় নহলেও নিৰ্দিষ্ট দিনত। ধনৰাহিৰ বাবে ব্যক্তিগত প্ৰায়বোৰ কোম্পানীয়ে ভিডিও-কনফাৰেঞ্চিঙ আৰু টেলি-কনফাৰেঞ্চিঙ সহায় লৈছে। উচ্চশিক্ষাৰ ক্ষেত্ৰত সম্প্ৰতি মাইক্ৰছ’ফ্টে এ আই চি টি ই ৰ লগত চুক্তি সম্পাদন কৰিছে। আমাৰ আই আই টি, গুৱাহাটী লগতে আনকেইখনেও ভাৰ্চুৱেল লেবৰ ( অভিযান্ত্ৰিক আৰু ডিজাইন শাখাত)ধাৰণা কাৰ্য্যতঃ ৰূপায়িত কৰিছে । ছাত্ৰ-ছাত্ৰীয়ে ঘৰত বহিয়েই পৰীক্ষা-নিৰীক্ষা কৰিব পাৰিব।

সুব্ৰত গগৈ(বাংগালুৰু, কৰ্ণাটক): আমাৰো ভার্চুৱেল লেব আছিল ।

সুভাষ চন্দ্ৰ কলিতা(গুৱাহাটী, অসম): হয় আপোনালোকৰ (HP) ভার্চুৱেল লেব ব্যৱহাৰ কৰিছিলো । লগতে ILO ও। ধাৰণাটো বিৰাট নতুন নহয়।

মনোজ মন(গৱেষক, টাইপেই, টাইৱান): যিসকল লোকে ভাবিছে যে এই কথাষাৰ উল্লেখ কৰিছোঁ কাৰণ মোৰ গা পুৰিছে, তেওঁলোকক কওঁ যে মোৰ আচল উদ্দেশ্য বুজি নাপালে আপোনালোকে। ম‍ই ক’বলৈ বিচাৰিছোঁ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কেইজনে ISRO বিষয়ে শুনিছে? কেইজনক আমি সুবিধা কৰি দিছোঁ শ্ৰী-হৰিকোটালৈ গৈ আমাৰ দেশৰ গৌৰৱসমূহ পৰ্য্যবেক্ষণ কৰিবলৈ! নাই, এজনেও কৰা নাই, চিধাই NASA লৈ পোনাই দিলোঁ। কথাবোৰ অলপমান গমি-পিতি চাব লাগে। ইতিকিং কৰা, গৰিহণা দিয়া একেবাৰে সহজ কিন্তু কোনো আলোচনাত তথ্যসমূদ্ধ তথা দেশৰ বাবে উপকাৰী মন্তব্য দিয়া কঠিন কাম বহুজনৰ বাবে।
আকৌ দোহাৰিছো, NASA ত যাওক আমাৰ ল’ৰা-ছোৱালী, আপত্তি নাই তাত কাৰো, কিন্তু ম‍ই আবেদন কৰিছোঁ চৰকাৰৰ ওচৰত যে তাৰ আগতে আমাৰ বিদ্যালয়সমূহত ভাৰতীয় মহাকাশ বিজ্ঞানৰ বিষয়ে আলোচনা হওক, আমাৰ সফলতাসমূহক সঠিক ৰূপত প্ৰকাশ কৰক। যদি নিজৰ দেশখনৰ বিষয়ে নাজানে তেন্তে NASA চাবলৈ গৈ তাহাতি কি বুজি পাব আমাৰ দেশে কি কৰি আছে! তাৰ পৰা কি কি জ্ঞান আহৰণ কৰিলে আমাৰ দেশৰ মহাকাশ বিজ্ঞানত সহায়ক হ’ব!

আজিৰ “আমাৰ অসম” বাতৰি কাকতত পঢ়িবলৈ পালো বাংগালুৰুত থকা ভাৰতীয় মহাকাশ গবেষণা কেন্দ্ৰও পৰিদৰ্শন কৰিব ছাত্ৰ-ছাত্ৰীসকলে। এইটোৱেই বিচাৰোঁ আমি, নিজৰটোৰ বিষয়ে জানি-বুজি আনৰ পৰা জ্ঞান আহৰণ কৰি আহি নিজৰটোক লেখত লবলগীয়া কৰাতো। কিন্তু কালিৰ বাতৰি পৰিবেশন কৰা চেনেলসমূহত NASA যাবলৈ সুবিধা পোৱাতোহে BREAKING NEWS হৈছিল। সেয়ে মোৰ ক্ষোভ উজাৰিছিলোঁ। এতিয়া মনটো কিছু পৰিমাণে পাতল লাগিছে যে অন্তত নিজৰ সম্পদৰ প্ৰতি সন্মান দেখুৱাইছে। ইয়াৰ জৰিয়তে ম‍ই এই গোটত থকা অভিভাৱকসকলক অনুৰোধ কৰোঁ যাতে নিজ নিজ সন্তানক নিজৰ দেশৰ বিষয়ে অৱগত কৰাওক। ভাৰতৰ পৰিবৰ্তন আনিবলৈ হ’লে এখন ঘৰৰ পৰাই আমি আৰম্ভ কৰিব লাগিব। শ্বিলঙলৈতো সকলো গৈ থাকে, এইবাৰ যাওঁতে উমিয়ামলৈ লি গৈ তাত থকা ISRO ৰ শাখাটো এবাৰ দেখুৱাই আনিব, তাৰ পাছত NASA চাবলৈ গ’লে কাৰো আপত্তি নাথাকে।

সুৰজিত নেওগ(ডিব্ৰুগড়, অসম): Post ৰ মূল বিষয়বস্তুৰ পৰা ফালৰি কাটিছো যেন ভাৱ হৈছে ! “মনোজ মন” ডাঙৰীয়াৰ মূল কথাষাৰ ওপৰত ভিত্তি কৰিয়েই কওঁ যে এতিয়ালৈকে ‘stand’ কৰা হাজাৰজন ছাত্র-ছাত্রীৰ ভিতৰত হয়তো আঙুলিৰ মূৰত লেখিব পৰা কেইজনমানেহে আমাৰ ৰাজ্য (দেশৰ হকে ভাবিবলৈ অন্য আগবঢ়া ৰাজ্যৰ মানুহবোৰ আছেই দেখোন, .অলপ স্বাৰ্থপৰ হৈছো !!), আমাৰ মানুহৰ বা জাতিটোৰ হকে কিছু অৰিহণা আগবঢ়াই আছে। বাকীসকলৰ বিষয়ে Google ত search কৰিলেও একো নাপাওঁ !! মই কষ্টেৰে অৰ্জা ধনেৰে দিয়া Tax ৰ পইছাৰে কাৰোবাৰ সপোন পূৰাবলৈ NASA লৈ নিব, সেইটোৰ মই দূৰ্ঘোৰ বিৰোধী। কোনোবাই মহাকাশ বিজ্ঞানী হোৱাৰ সপোন দেখিছে বৰ ভাল কথা, মহাকাশচাৰী হোৱাৰ সপোনো দেখক, এজন ভাল উন্নয়নশীল খেতিয়ক বা এজন সৎ ৰাজনীতিক হোৱাৰ সপোন দেখাটো ভাল কথা, যেয়ে যেনে সপোন দেখে দেখক, আমি তেওঁলোকক টোপনিৰ পৰা নজগাওঁ। মৰমৰ ভাইটি-ভন্টিহত (‘stand’ কৰা সকলৰ প্রতি..), তোমালোকে মাত্র সপোনবোৰ নিজৰ খৰছত দেখিবলৈ আৰম্ভ কৰা, তেতিয়াহে সপোনৰ ফল ভাল হয় বুলি বুঢ়া-মেথাসকলে কয় ; আৰু এটা কথা – নম্বৰ, স্থান, % এইবোৰৰ ভৱিষ্যত জীৱনত বিশেষ মূল্য নাই।

বিকাশ শ‍ইকীয়া(অ.এন.জি.ছি, শিৱসাগৰ, অসম): ‎(সুৰজিত নেওগৰ কথাৰ আঁত ধৰি) দুৰ্ভাগ্যৰ কথা যে আপোনাৰ কথা সম্পূৰ্ণ শুদ্ধ। অৱশ্যে সামাজিক দায়িত্বৰ প্ৰতি সচেতন হোৱা গুণটো মানুহে নিজৰ ঘৰত পোৱা শিক্ষা তথা সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰে। ষ্টেন্দ কৰা নকৰা কথাটো মানুহ এজনৰ সমাজৰ প্ৰতি অৰিহনাৰ লগত জড়িত কৰিব নোৱাৰি…….

অঞ্জল বৰা (ৱেবদুনীয়া ডট কম, ইন্দোৰ):  হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পিছতে প্ৰতিজনৰ বাবত ৪/৫ লাখ টকা খৰছ কৰি “নাছা” ভ্ৰমনলৈ ছাত্ৰ-ছাত্ৰী পঠিওৱাতো মোৰ বোধেৰে সঠিক হোৱা নাই৷ আগলৈ তেওঁলোকে বিজ্ঞান বিভাগত অধ্যয়ন কৰি কি ধৰণৰ ফলাফল দেখুৱাই বা কি বিষয় অধ্যয়ন কৰে তাৰ ওপৰত ভিত্তি কৰিহে “নাছা”লৈ নিয়া উচিত আছিল৷ ইয়াতকৈ কলেজ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক পঠিওৱা হ’লে বেছি ভাল আছিল৷ কাৰণ ইতিহাসে দেখুৱাইছে যে কেৱল মেট্ৰিকত কিবা এটা ভাল ৰিজাল্ট কৰিলেই যে তেওঁলোকে তাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিব তাৰ কি মানে আছে৷ ছয়জন ছাত্ৰ-ছাত্ৰী অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধি৷ তাতে চৰকাৰী খৰছত যোৱা মানে তেওঁলোকৰ দায়িত্বও অধিক৷ “নাছা”ৰ পৰা ঘুৰি আহি তেওঁলোকে অনাগত দিনত সেই জ্ঞানেৰে অসমলৈ কিবা এটা অৰিহণা আগবঢ়াব নোৱাৰিলে এনে আঁচনিবোৰৰ একো অৰ্থ নাথাকিব৷ ৰাইজে এই ছয়জন ছাত্ৰ-ছাত্ৰীক ভালদৰে লক্ষ্য ৰাখিব লাগিব বা লক্ষ্য ৰখা উচিত৷

ৰাজীৱ ৰঞ্জন(বাংগালুৰু, কৰ্ণাটক): নাছালৈ পঠাইছে কিন্তু লগত ডিজনী লেণ্ড আৰু কেলিফৰ্ণিয়া ভ্ৰমণো ৰাখিছে। চৰকাৰী খৰছত বিদেশ ভ্ৰমণতকৈ আৰু ভাল পদক্ষেপ ল’ব পাৰিলে হয় বুলি মনত ভাব হয়। আৰু নাই কমেও ৫X৭ = ৩৫ লাখ + অন্যান্য খৰচ মিলালে (লগত অন্যান্য লোকো নিশ্চয় যাব) নাই কমেও ৫০ লাখ টকা খৰচ হ’ব ৰাজকোষৰ পৰা। ইমানখিনি টকাৰে কৰিব পৰা বহুত কিবা কিবি আছিলে চাগৈ। দশম মান পাছ কৰা এজন ছাত্ৰই ২দিন নাছাত থাকি কিমান জ্ঞান আহৰণ কৰিব পাৰিব আৰু পাছলৈ সেই জ্ঞান কিমান কামত আহিব, সন্দেহ আছে। আৰু কিবা কাৰণত উচ্চতৰ মাধ্যমিকত কলাৰ ফালে গ’লে নাছাৰ জ্ঞান তাতেই শেষ নহ’ব জানো?

প্ৰতিম প্ৰতাপ বৰুৱা(দিল্লী চৰকাৰৰ কৰ্মচাৰী, নতুন দিল্লী): বঢ়িয়া। এইবাৰ নাছা, ডিজনী লেণ্ড আৰু কেলিফৰ্ণিয়া একেলগে ফুৰি টপ ক্লাচ সপোন এটা দেখিব লৰা-ছোৱালীখিনিয়ে।

সুৰজিত নেওগ(ডিব্ৰুগড়, অসম):‎ (প্ৰতিম প্ৰতাপ বৰুৱাৰ কথাৰ আঁত ধৰি) সপোন দেখক সকলোৱে, কেৱল আমাৰ Tax ৰ পৰা হোৱা ৰাজকোষৰ ধনেৰে নহয়। নহলে সপোনবোৰ গৈ দুঃস্বপ্ন হ’বগৈ।

দেৱব্ৰত গগৈ(ইউ. ডি. চাইণ্টিফিক, গুৱাহাটী, অসম): এদিন কলেজৰ পৰা আহি শিৱসাগৰৰ তলাতল ঘৰত আড্ডা দি আছোঁ। এনেতে দেখিলোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ কুলদা কুমাৰ ভট্টাচাৰ্য্য আৰু নাট্যকাৰ অৰুণ শৰ্ম্মাই প্ৰায় বিছজনমান ল’ৰা-ছোৱালী লগত লৈ তলাতল ঘৰটোত ঘুৰি ফুৰিছে। আমি কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ ওচৰলৈ গলোঁ চিনাকি হবলৈ। কথা পাতি গম পালোঁ যে দুয়োজনে সেইবছৰৰ মেট্ৰিকত স্থানপ্ৰাপ্তসকলক লগত লৈ সমগ্ৰ অসম ঘূৰি ফুৰিছে। তাৰ আগতে ডিগবৈ শোধনাগাৰ, দুলীয়াজানৰ তৈল ক্ষেত্ৰ, ডিব্ৰুগড়ৰ চাহ বাগানবোৰ চাই শিৱসাগৰত সোমাইছিলহি আৰু পাছত ঢেকীয়াখোৱা নামঘৰ, মাজুলী , যোৰহাটৰ কৃষিবিশ্ববিদ্যালয় আৰু অসমৰ আন আন প্ৰসিদ্ধ ঠাইবোৰ চোৱাৰ কথা আছিল। এইবোৰ আয়োজন কৰিছিল তেতিয়াৰ অসম চৰকাৰে। মোৰ মতে এইটো এটা সঠিক সিদ্ধান্ত আছিল। অন্ততঃ নিজৰ ৰাজ্যখনৰ বিশেষ স্থান আৰু বস্তবোৰ দুজন অভিজ্ঞ আৰু জ্ঞানী মানুহৰ সান্নিধ্যত ভ্ৰমণ কৰি যথেষ্ঠ জ্ঞান সেই মেধাবী ছাত্ৰসকলে লব পাৰিছিল।

আজিকালি নাছালৈ অসমৰ পৰা যিকোনো লোকেই যাব পাৰে। হাতত ধন থাকিলেই হ’ল। গুৱাহাটীত নতুনকৈ প্ৰতিষ্ঠা কৰা অভিজাত বিদ্যালয়বোৰে বিজ্ঞাপনবোৰত দিয়েই থাকে যে তেওঁলোকৰ তাত ল’ৰা-ছোৱালীক পঢ়ালে নাছালৈ যাব পাৰিব। বাহিৰৰ পৰা দেখিবলৈ খুব ভাল লাগে, পিছে নাছালৈ যোৱাৰ সকলো খৰছ অভিভাৱকৰ। ব্যক্তিগত এজেঞ্চি থাকে আৰু তেওঁলোকে বিদ্যালয়বোৰৰ লগত ঠিকা ভিত্তিত ল’ৰা-ছোৱালীবোৰ নাছালৈ লৈ যোৱাৰ চুক্তি কৰে। ইয়াৰ বিনিময়ত বিদ্যালয়ৰ মালিকে পাই কমিছন। এনে ধৰণৰ এজেঞ্চি এতিয়া অসমত পিট-পিটাই ফুৰিছে। এক দীঘলীয়া আৰু বৃহৎ অংক। চৰকাৰী আঁচনিৰ ধনেৰে নাছালৈ ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীক নিয়াৰ ক্ষেত্ৰত কি অংক হৈছে আলোচনা নকৰোঁ দিয়ক। কাৰণ আমিবোৰ এনেও চকু-চৰহা বুলি বদনাম আছে ।
২০০৯ চনত অসম জাতীয় বিদ্যালয়ত এক অনুষ্ঠানৰ আয়োজন হৈছিল। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নাছাৰ মহাকাশ কেন্দ্ৰত থকা মহাকাশচাৰীসকলৰ লগত পোনপটীয়া কথা-বাৰ্তা হৈছিল। এনে কাম অসমত কেৱল অসম জাতীয় বিদ্যালয়তহে আজিলৈকে হৈছে। বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে এই বিৰল অভিজ্ঞতা লাভ কৰিছিল। এক সামুহিক লাভ। য’ত নেকি নাথাকে কোনো কমিছনৰ কথা নতুবা কোনো অভিভাৱকে জেপৰ ধন খৰছ কৰিবলগীয়া দৰে ঘটনাও নঘটে।
মোৰ মতে এইবাৰ ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীসকল নাছালৈ লৈ যোৱাৰ সলনি বানে গৰকা মাজুলীলৈ লৈ যাব লাগে আৰু তেওঁলোকক পৰিস্থিতিটো হৃদয়ংগম কৰিবলৈ দিব লাগে আৰু বুজাব লাগে – “ বোপাইহঁত, এই মাজুলীক বচাবলৈ কিবা এটা আৱিষ্কাৰ কৰিবি বুলি আমি আটাইয়ে তহঁতলৈ আশাৰে বাট চাই আছো ”।

প্ৰতিম প্ৰতাপ বৰুৱা(দিল্লী চৰকাৰৰ কৰ্মচাৰী, নতুন দিল্লী): অসম জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে নাছাৰ মহাকাশ কেন্দ্ৰত থকা মহাকাশচাৰীসকলৰ লগত পোনপটীয়া কথা-বাৰ্তা হোৱা কথাটো বাতৰি কাকত যোগে পঢ়িছিলোঁ। এনে ধৰণৰ কাম অসমত আৰু বহুত বাৰ হ’ব লাগিছিল আচলতে।

প্ৰদ্যুত জ্যোতি শ‍ইকীয়া(এন.আৰ.এইচ.এম, কৰিমগঞ্জ, অসম): নাছালৈ ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীসকলক নিয়াৰ ক্ষেত্ৰত সমৰ্থন নিদিয়াৰ মূখ্য কাৰণ কেইটা হ’ল,
ক) দশম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ এজনে মহাকাশৰ বিষয়ে যিমানখিনি জানিব লাগে সেইখিনি কিতাপ বা আমাৰ দেশৰ ভিতৰৰ মহাকাশ গৱেষণা কেন্দ্ৰবোৰতে পাব পাৰিব।
খ) দশম শ্ৰেণীৰ পাছত তেওঁলোকে কলা বা বাণিজ্য শাখাটো নাম ভৰ্ত্তি কৰিব পাৰে।
গ) আমেৰিকা বা মহাকাশ গৱেষনা বাদ দি স্থানীয় ঐতিহাসিক ক্ষেত্ৰবোৰ আৰু আমাৰ খুব সম্ভাৱনাপূৰ্ণ পৰ্য্যটন স্থলীবোৰহে দেখুৱাব লাগে। যাতে পৰৱৰ্ত্তী সময়ত এইবিলাক ক্ষেত্ৰৰ উন্নতি সাধনত তেওঁলোক আকৰ্ষিত হয়। এনেও অসম পৰ্যটকৰ আকৰ্ষণৰ উত্‍স |
ঘ) ষ্টেণ্ড কৰা ছাত্ৰসকলৰ ভিতৰতো প্ৰায়ে আৰ্থিক অনাটনত ভোগা ছাত্ৰ ছাত্ৰী দেখা যায়। তেনে ক্ষেত্ৰত বিলাসী মহাকাশ গবেষণা কেন্দ্ৰ ভ্ৰমণতকৈ একাদশ শ্ৰেণীৰ নাম ভৰ্তি আৰু বছেৰেকেটোৰ ছাত্ৰাবাসৰ খৰছহে মুখ্য হৈ পৰে। ভ্ৰমণত খৰছ হোৱা পাঁচ লাখ টকাৰে ছাত্ৰ এজনে ডিগ্ৰীলৈকে পঢ়িব পাৰিব।
ঙ) একেবাৰে শেষত দুদিন নাছাত থাকিলে কি জ্ঞান আহৰণ কৰিব সেইটোতো সন্দেহ আছে। ডাঙৰ সপোন দেখিবলৈ কোনো ঠাইলৈ গৈ ডাঙৰ বস্তু চাই আহিব লাগিব বুলি কোনো কথা নাই।

দ্বিজেন মহন্ত(বিষয় শিক্ষক, বিশ্বনাথ চাৰিআলি, অসম): ওপৰৰ এটা প’ষ্টত উল্লেখ কৰা মতে প্ৰায় ৫০ লক্ষ্য টকা খৰছ হ’ব। সেই টকাৰ সদব্যৱহাৰ হ’লে বোধ কৰো মোৰ বিদ্যালয়খন শিক্ষকৰ অভাৱত ১২ বজাত ছুটী দিব লগা সমস্যাটো বা বানাক্ৰান্তৰ শিবিৰ সাজি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিব লগা সমস্যাটো কিছু লাঘব হ’ল হেতেন।

লিখন নীল কোঁৱৰ (ভাৰতীয় ষ্টেট বেঙ্ক, নাজিৰা): আমাৰ চৰকাৰৰ কৰ্ম-আঁচনিবোৰ একপ্ৰকাৰ চমকৰ দৰে। ৰাজকোষত অজস্ৰ ধন পৰি আছে; কিন্তু কি হ’ব সেই ধনেৰে ৰাজ্যখনৰ উন্নতি হোৱাকৈ উত্‍পাদনশীল(productive) কামত কেনেকৈ খৰছ কৰিব লাগে- তাৰ ধাৰণা দুৰ্ভাগ্যজনকভাৱে চৰকাৰৰ নাই। আই . এ . এছ . পাছ কৰি আমোলাতন্ত্ৰৰ বাঘজৰী ধৰি থকা বৰমূৰীয়া সকলৰ বুদ্ধি-বৃত্তিটো মামৰে ধৰা হেন পাওঁ। গতিকে, নাছা-ভ্ৰমণ, লেপটপ প

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক