“কাব্য সাহিত্য বিশেষ” প্ৰসংগ: ফেচবুকৰ কবিতা (উদ্দীপ তালুকদাৰ)


টুৱাৰাম দত্তই “ফেচবুকৰ কবিতা: এক ব্যক্তিগত অনুভৱ” শিৰ্ষক লিখনিটোত কোৱা কথাখিনিৰ প্ৰায় গোটেইখিনিয়েই সমৰ্থন কৰোঁ আৰু ইয়াত কিছুমানে কিয় ফেচবুকৰ কবিতাৰ প্ৰতি বিতৃষ্ণা দেখা পাইছে সেইটো মই বুজিব পৰা নাই।

ফেচবুকৰ গল্প-কবিতাক অসমীয়া সাহিত্য-ৰ অংগ বুলি ধৰা উচিত হ’ব নে নহয় সেইটো প্ৰশ্ন পট্‌কৈ উত্তৰ দিব পৰা বিধৰ নহয়। ইণ্টাৰনেটৰ ব্লগ, ফেচবুক আদি জনসংযোগৰ সম্পূৰ্ণ নতুন মাধ্যম; আগৰ দিনৰ আলোচনী, বাতৰি-কাকত আদিৰ সম্পাদকৰ চেকনীৰপৰা সম্পূৰ্ণ আঁতৰত অৱস্থান কৰা ইণ্টাৰনেটৰ সাহিত্যই কিদৰে সাহিত্যৰ পৰিসৰত সোমাব, সেইটো এতিয়াও নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। ফেচবুকত কিবা-কিবি লিখি কোনোবাই নিজকে লিখক বুলি ক’লে আপুনি মানি ল’বনে? কিন্তু আলোচনীৰ যুগত কাকতত প্ৰকাশিত লিখক এজনক লিখক বুলিবলৈ বেছি অসুবিধা হোৱা নাছিল। ইণ্টাৰনেটত নিজে প্ৰকাশ কৰা লিখাক আচলতে সাহিত্যৰ গণ্ডীত সুমুৱাব পাৰি নে নাই, সেইটো সেয়ে সহজে সমাধান হোৱাৰ কথা নহয়। কিন্তু সুখৰ কথাটো হৈছে, ইণ্টাৰনেটত প্ৰকাশিত মানবিশিষ্ট লিখাই নিজেই সাহিত্যৰ গণ্ডীত সোমোৱাৰ অধিকাৰ আঁজুৰি ল’ব, কোনেও সেইখিনিক জোৰ-জবৰদস্তি সাহিত্যৰ মৰ্যদা দিব নালাগে। তাৰ কাৰণে পাঠকৰ ওচৰলৈ ৰচনাটোক নিয়াটোহে লিখকৰ দায়িত্ব। পাঠকৰ অন্তৰলৈ যোৱাৰ সহজ উপায় এটাও নাই, প্ৰতিজন সাহিত্যিকে সেই পথ নিজেই বাচি উলিয়াব লাগে।

ফেচবুকৰ কবিতা সম্পৰ্কীয় এই কথাখিনি মোৰ বোধেৰে কবিতা বুলিয়ে নহয়, গল্প-ৰস ৰচনা, প্ৰৱন্ধ– সকলো ক্ষেত্ৰতে প্ৰযোজ্য। কিন্তু প্ৰায়ে কবিতাহে কিয় এই সমালোচনাৰ সন্মুখীন হয়, সেইটোহে ভাবিবলগীয়া। ফেচবুক/ “অসমীয়াত কথা-বতৰা” আদিত প্ৰকাশিত গল্প বা আন যিকোনো গদ্য লিখা এটাত প্ৰায়ে আংগিকত পৰীক্ষা-নিৰীক্ষা কৰা বা কাহিনী কথনত নতুনত্ব অনা, (কেইজন মান লেখকে চুটি-চুটি অদ্ভুত বংগ্যাত্মক লেখনিৰ এটা নতুন ধাৰাই আৰম্ভ কৰি দিছিল) আদি দেখা যায়। কিন্তু কবিতাৰ সংখ্যালৈ চাই তেনে প্ৰয়াস নগণ্য। কবিতা লিখা মানুহখিনিয়ে (এতিয়াই মই কবি বুলিবলৈ নাৰাজ!) আংগিক, কনটেণ্ট, শব্দ-চয়ন আদিৰ ওপৰত গুৰুত্ব দি লিখিবলৈ আৰম্ভ কৰকচোন, অসমীয়া সাহিত্যজগতে নিজেই আহি খবৰ ল’বহি। বহু কেইজনে বৰ যত্ন কৰি কবিতা লিখে, তেওঁলোকৰ প্ৰসংগত এই কথা কোৱা হোৱা নাই।

এইটো লিখাৰ যিটো কথাত ৰাইজৰ আপত্তি আহিছে সেইটো হ’ল ফেচবুক কবিতা লিখাৰ আখৰাথলীহে। এফালৰপৰা চাবলৈ গ’লে আপত্তিৰ থল নথকা নহয়, ফেচবুক যে সদায়ে মাত্ৰ আখৰাথলীয়েই হ’ব, তেনে কোনো কথা নাই, ফেচবুক লিখকৰ প্ৰকাশৰ একমাত্ৰ মাধ্যমো হ’ব পাৰে। কিন্তু ফেচবুকত কোনো লিখাৰ মান নিয়ন্ত্ৰণৰ কোনো উপায় নাথাকে, সেইবাবে বহুত লিখকৰ বাবে ই একেসময়তে আখৰাথলীয়েই হৈ থাকিব।

ফেচবুকৰ লেখাক সাহিত্য বুলিব পাৰিনে নাই বুলি সোধাতকৈ মই এটা সাধাৰণ প্ৰশ্ন সুধিব বিচাৰোঁ। কেতিয়া লেখা এটাক সাহিত্যৰ পৰ্যায়ত পেলাব পাৰি? যেতিয়ালৈ পাঠকৰপৰা সঁহাৰি নেপায়, তেতিয়ালৈ কোনো লেখাকে সাহিত্যৰ আওতাত পেলাব নোৱাৰি। (অৱশ্যে পাঠক একেদিনাই আহিব লাগিব বুলি কথা নাই, এটা শতিকাৰ পাছতো আহিব পাৰে।)

ফেচবুকৰ লিখাবোৰক ৰাইজে কিদৰে গ্ৰহণ কৰে, তাৰ ওপৰতহে ই সাহিত্য হয়নে নহয়, সেইটো নিৰ্ণিত হ’ব; আমি তৰ্ক কৰি একো কৰিব নোৱাৰোঁ। সাহিত্য হওক-নহওক, প্ৰতিজন লিখকে যদি নিজৰ লেখাৰ দ্বাৰা ৰাইজৰ মনত প্ৰভাৱ পেলাব বিচাৰিছে, তেন্তে তেওঁ লেখাটো নিৰ্মাণ কৰাৰ বাবে কষ্ট কৰিবই লাগিব।

কোনোবা এজন ডাঙৰ লিখকে কৈছিল হেনো, এজন লিখক কিমান ভাল, সেয়া তেওঁৰ ডাষ্টবিনত পেলোৱা কাগজৰ ওজনৰ সমানুপাতিক। (বাক্যটো মই নিজৰ মতে লিখিছোঁ, মূল অৰ্থটো প্ৰায় এনেকুৱা আছিল।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক