প্ৰসংগ − উত্তৰপূর্বাঞ্চলৰ যৌতুক বিৰোধী বিবাহ প্রথা

প্ৰসংগ − উত্তৰপূর্বাঞ্চলৰ যৌতুক বিৰোধী বিবাহ প্রথা

মিতালী বৰ্মন :
মাত্র ত্রিশ ছেকেণ্ড! কিন্তু এই ত্রিশ ছেকেণ্ডেই যথেষ্ট…
এই গোটৰ এগৰাকী সদস্যা Monali Bhardwaj য়ে দেশবাসীৰ আগত কৈ গ’ল অসম তথা উত্তৰপূর্বাঞ্চলৰ যৌতুক বিৰোধী বিবাহ প্রথাৰ কথা… অসম আৰু উত্তৰপূর্বাঞ্চলক প্রতিনিধিত্ব কৰা মনালীলৈ অভিনন্দন!!
Big Fat Indian Wedding – The progressive North-East
www.youtube.com

অজয় লাল দত্ত − মূলসুঁতিৰ পাব্লিকে লাজ পাব জানো?

সুব্ৰত গগৈ − অসমৰ আৰু এজন আছিল নহয় !

মিতালী বৰ্মন − অন্ততঃ সদায় এলাগী কৰি ৰখা উত্তৰ−পূব ভাৰতৰ মানুহ কিমান আগবঢ়া আৰু দেশৰ আন প্রান্তৰ মানুহে উত্তৰ−পূব ভাৰতৰ পৰা কিমান কথা শিকিবলগীয়া আছে সেই কথা আজি সকলোৱে জানিলে।

পংকজ বৰা − ‎Monali Bhardwaj ৰ লগতে Durlov Baruah ডাঙৰীয়াও আছিল৷ দুয়োজনলৈকে আন্তৰিক অভিনন্দন৷ এই দুয়োজনৰ দৰে বাহিৰলৈ ওলাই অহা অসম তথা উত্তৰ−পূৰ্বাঞ্চলৰ সকলো সচেতন নতুন প্ৰজন্মই এই অঞ্চলৰ লোকৰ প্ৰতি আন ভাৰতীয় সকলে কৰা অন্যায়−অবিচাৰৰ প্ৰতিবাদ কৰাৰ লগতে আমাৰ ভালবোৰ এইদৰে সুবিধা বা প্লে’টফৰ্ম পালেই ভাৰতৰ আন ৰাজ্যৰ লগতে বিশ্বক অৱগত কৰোৱাৰ সংকল্প ল’ব লাগিব৷ অমুক নাই, তমুক নাই, আমি বঞ্চিত, আমাৰ স্বীকৃতি নাই এইদৰে হুমুনিয়াহ কাঢ়ি থাকিলে নহ’ব৷ ভগৱানে আহি আমাক কৰি নিদিয়েহি৷ স্বীকৃতি নিদিলে স্বীকৃতি কাঢ়ি আনিব লাগিব, সময়ৰ আহ্বান৷

দিগন্ত শইকীয়া − আগৰ দিনত হৈছিল, হ’ব লগীয়া জোঁৱায়েকে শহুৰেকৰ ঘৰত গোবাৰি খাটিছিল ৷ এখন ৰাজ্যত ল’ৰা ছোৱালীৰ ঘৰলৈ যায়, অৰ্থাৎ ছোৱালীয়ে ল’ৰাক আনে | আজিকালি ভাৱিলে ভাল লাগে সেই নিয়মৰ কথা !! কাগজে পত্ৰৰ খবৰে আমাৰ ৰাজ্যখনৰ লগতে কাষৰ ৰাজ্যৰো কালিমা সানিছে নেকি ?

দীপুল হালৈ − বঢ়িয়া | আন ভাৰতীয় সকলে এই কথা জনা উচিত | ভালকৈ নাজানে !

হেমন্ত বৰা − ঈশ্বৰেহে জানে অসম এখন যৌতুক প্ৰথা বিহীন ৰাজ্য হয় নে নহয়! মই ব্যক্তিগত ভাবে এই কথা মানি ল’ব নোৱাৰোঁ | এনে বহু উদাহৰণ আছে য’ত এই কাৰণটোৰ বাবেই বহু ছোৱালীক জ্বলাই দিয়া হৈছিল | গতিকে এই কথা লৈ ইমান ফুৰ্তি কৰাৰ কাৰণ নেদেখোঁ…

হিমজ্যোতি তালুকদাৰ − অসমতো আছে যৌতুক প্ৰথা। কিন্তু উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ তুলনাত হাজাৰ গুনে কম। উত্তৰ ভাৰতত এই যৌতুক প্ৰথাটোৰ কাৰণেই মুলত: ভ্ৰূণ হত্যাৰ দৰে ঘটনা অতি বেছি। উত্তৰ ভাৰতত এখন বিয়াই কেনেদৰে দুখীয়া ঘৰৰ ছোৱালীৰ পৰিয়াল থানবান কৰি দিয়ে ভালদৰে জানো। আজিকালি অসমতো লাহে লাহে এই বস্তুটো বেছিকৈ শিপাবলৈ ধৰিছে। গুৰিত ধৰি উঘলাৰ সময় আহি পৰিছে। স্ফুৰ্তি কৰাৰ কাৰণ নিশ্চয় নাই, কিন্তু গোটেই ভাৰতত অসমৰ পৰা যদি এটা বাৰ্তা যায়, সেইটো নিশ্চয় ভাল কথা। বিশেষকৈ ‘জোৰোণ’ প্ৰথাটোৱে উত্তৰ ভাৰতীয় বৈবাহিক প্ৰথাসমূহক নিশ্চয় এক ভাল শিকনি দিছে।

ৰূপকমল তালুকদাৰ − অসমত ভালকৈ শিপাইছে | গঙাটোপ হৈ থকাতকৈ উঘলাৰ চেস্টা কৰা হে ভাল | http://www.sentinelassam.com/ghy_city/story.php?sec=1&subsec=0&id=81962&dtP=2012-05-03&ppr=1

মঞ্জিল কোঁৱৰ − অসমৰ অৱস্থা উত্তৰ ভাৰততকৈ হয়তো বহুগুণে ভাল এই ক্ষেত্ৰত। গৌৰৱ কৰিব পাৰোঁ। কিন্তু মই নিজ চকুৰে আজিলৈকে এনে এখন বিয়া দেখা নাই য’ত কন্যাই যৌতুকৰ নামত একো নিয়া নাই। আনকি ছোৱালীৰ ঘৰৰ মানুহেও ছোৱালীজনীৰ লগত দামী দামী বস্তু কেইপদমান দি পঠিয়াব নোৱাৰিলে হীনমন্যতাত ভোগে। হাতত ১০−২০ লাখ টকা লৈ যোৱাটোও যৌতুক, আৰু কাঠৰ চকী−মেজ দুখনমান লৈ যোৱাটোও যৌতুক। এইবিলাক কেতিয়া নাইকিয়া হ’ব? আৰু যৌতুকৰ কাৰণে বোৱাৰী নিৰ্যাতন হোৱাৰ বাতৰিও অসমত একো আচহুৱা কথা নহয়। মাজে মাজে শুনিয়েই থাকোঁ।

ৰূপকমল তালুকদাৰ − মাজে মাজে নহয় মঞ্জিল ডাঙৰীয়া | আজিকালি বাতৰি কাকত খন মেলিলেই পায় | আপোনাৰ কথাত একমত | আজিলৈকে এখনো বিয়া দেখা নাই য’ত গোটেই বংশ উঠি নাহে, বস্তুবোৰ যোগাৰ কৰিব | অমুকে অমুক দিব, তমুকে তমুক দিব | দিনক দিনে বাঢ়িহে গৈ আছে |

ত্ৰিনয়ন বৰা − যিমানদূৰ মই জানো অসমত (লগতে উ:পূ: ভাৰতত) অন্তত বিয়া ঠিক হোৱাৰ লগে লগেই দৰাঘৰীয়াই কইনাঘৰক ∀কিতনে লাখ কি ছাদী কৰা ৰহে হ’?” বুলি খেচেৰা নাটকখন আৰম্ভ কৰি বেচেৰী কইনা জনীক লৈ গোটেই পৰিবেশটো লেতেৰা কৰি নিদিয়ে। কইনাঘৰৰ পৰা কিবা−কিবি লাম−লাকটু নিদিয়া নহয়, দিয়ে| কিন্তু সেয়া কোনো দাবী−ধমকিৰ বাবে নহয় জীয়ৰীৰ প্রতি থকা স্নেহ আৰু তথাকথিত কৰ্তব্য(হয় জানো?)ৰ কাৰণে। চাওক ৰাইজ, “Exception Exists Everywhere”. আমাৰ বেছিভাগ বিয়া ইতিমধ্যে উল্লেখ কৰা ধৰণেই হয়। গতিকে আমাৰ সমাজৰ সামগ্রিক দৃশ্যটোও তেনেকুৱা ধৰণৰেই হয়। Bottom Line-“অসমত এজনী ছোৱালীক ∀বিয়া∀ দিয়া হয়, কেতিয়াও বিক্রী কৰা নহয়∀।

প্ৰতিম প্ৰতাপ বৰুৱা − মই ধেমালিতে ইয়াত দিল্লীত লগৰকেইটাক কওঁ − তহঁতৰ ইয়াত লৰাবোৰক বিক্ৰী কৰে | “য়ে দেখো মেৰা লড়কা | ইচকো পঢ়ায়া, লিখায়া, নৌকৰী দিলায়া | আভি লড়কী ছাহিয়ে | কৌন কিত্না দেগা ?”
− ৫ লাখ আউৰ মাৰুতি অল্ট’ |
– ঠিক হ্যায় | ৫ লাখ আউৰ মাৰুতি অল্ট’ এক, ৫ লাখ আউৰ মাৰুতি অল্ট’ দ’ …
− ৬ লাখ আউৰ চেন্ট্ৰ’ |
– ঠিক হ্যায় | ৬ লাখ আউৰ চেন্ট্ৰ’ এক, ৬ লাখ আউৰ চেন্ট্ৰ’ দ’ … |

মিতালী বৰ্মন − হয় Pratim দাদা :−) মই সিদিনা আপোনালোকৰ ঘৰলৈ যাওঁতে এই যৌতুক বিষয়ক কথা পাতি থাকোঁতে যে আপুনি কৈছিল আপোনাৰ লগৰ এজনে বিয়া পাতি ∀তামাম খুচ∀ কাৰণ বহুত যৌতুক পালে। কিন্তু নির্লজটোৰ পাচৰ কথাখিনি আপোনাৰ পৰা শুনিহে মোৰ আৰু খং উঠিছিল। কেইদিনমান আগতে বিয়া পাতি বৃহৎ পৰিমাণৰ যৌতুক লৈ সুখী হোৱা মানুহজন কেইদিনমান পাচত দুখী হৈ গৈছিল কাৰণ সেইজনৰ ভায়েকে বিয়া পাতি তেওঁতকৈ বেছি যৌতুক পালে! হুহহহহহ…!!

জ্যোতি প্ৰকাশ নাথ − আমাৰ ছোৱালী কিজনীয়ে দেখোন ডিমাণ্ড কৰে মোক অমুক লাগিব তমুক লাগিব বুলি।

মঞ্জিল কোঁৱৰ − স্নেহ ??? হয়তো অলপ স্নেহ হয়, কিন্তু তাতকৈ বেছি নিজকে সমাজৰ চকুত দামী পিতৃ−মাতৃ সজোৱাৰ প্ৰতিযোগিতা। নিজৰ ছোৱালীৰ বিয়াত কি কি দামী বস্তু দিলে, এইবিলাক কথা তেখেতসকলৰ জিভাৰ আগতে থাকে। আৰু আজিকালি ছোৱালীবিলাকো জানো কম। লগৰ বান্ধৱীকেইজনীতকৈ বেছি সা−সম্পত্তি নিব পাৰিলেহে মুখত হাঁহিটো আহে বহুতৰ (সকলো নহয়)।
আৰু বিষয়টো যিহেতু যৌতুক, আৰু এইবিলাক যৌতুকৰ ভিতৰতে পৰে, গতিকে অসমতো যৌতুক প্ৰচলিত।

ধ্ৰুবজ্যোতি শৰ্মা − আমি ইয়াত যৌতুকৰ মহিমা ভালকৈ পোৱা নাই বাবে জোৰোণকেই যৌতুক বুলি ভাৱো| লগৰ এজন (উত্তৰ ভাৰতৰ) বিয়া পাতিবলৈ গৈ মাক দেউতাকৰ আপত্তিৰ বাবে বিয়া বাতিল কৰাৰ উদাহৰণো আছে| আৰু কাৰণ হ’ল ল’ৰাৰ মাক−দেউতাকে বিচৰামতে ছোৱালীঘৰে গাড়ী এখনৰ দিহা লগাব নোৱাৰিলে|

পংকজ বৰা − কোনোবা উৎসুক ব্যক্তিয়ে সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমত নাৰীৰ ওপৰত হোৱা হিংসা বা অত্যাচাৰ বিশেষকৈ যৌতুক জনিত অপৰাধৰ বিষয়ে জানিব খুজিলে National Crime Records Bureau (http://ncrb.nic.in/) ৰ ২০১০ চনৰ ৰিপ’ৰ্টৰ ভালকৈ চাব পাৰে৷
Welcome to National Crime Records Bureau
অসমৰ বাবে Dowry calculator ও নাই ! 🙂 কোনোবা ব্যক্তিয়ে বিয়াৰ মাৰ্কেটত নিজৰ দাম চাব খোজে যদি ইয়াত চাই লওক 🙂 http://www.dowrycalculator.com/

ৰঞ্জিত কুমাৰ বৰা − অসমত যৌতুকজনিত নিৰ্যাতন, হত্যা নোহোৱাকৈ থকা নাই। হৈছে। ঘটিছে তেনে দুৰ্ভাগ্যজনক ঘটনা। কিন্তু সেইবোৰৰ বেচিভাগেই উত্তৰ ভাৰতৰ পৰা আহি অসমত থিতাপি লোৱা (কিছুসংখ্যক পশ্চিমবংগৰ পৰাও অহা) পৰিয়ালৰ ঘৰৰ কাহিনী। চৰকাৰী পৰিসংখাই অসমৰ প্ৰকৃত ছবিখন দাঙি ধৰিব নোৱাৰে। এটা সত্য যে অসম যৌতুক প্ৰথা শূন্য ৰাজ্য নহ’লেও ৰাজ্যখনত যৌতুকৰ দাবীত বোৱাৰী হত্যা (যিটো অতি নিৰ্মম, গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ দৰে অতি নিষ্ঠুৰ কাম অসমীয়াই কৰিব নোৱাৰে বুলিয়েই ভাবো), নিৰ্যাতন নহয় বুলিব পাৰি। অসমীয়া পৰিয়ালত বিবাহৰ সময়ত কিছু সা−সামগ্ৰী দিয়া হয়। তাৰবাবে কিছু পৰিমাণে কোনো কোনো ছোৱালী (কইনা)ও কিছু পৰিমাণে দায়ী। ঘৰৰ পৰা অধিক সম্পত্তি নিব পৰাটো গৌৰৱৰ কথা বুলি কিছুমানে বিবেচনা কৰে। যৌতুক প্ৰথাৰ ক্ষেত্ৰত অসম বহুখিনি কলংকমুক্ত। ৰাজ্যখনৰ খিলঞ্জীয়া মানুহখিনি আৰু অধিক পৰিমাণে দোষমুক্ত।

জ্যোতি প্ৰকাশ নাথ − ‎50% ছোৱালীয়ে নিজে বস্তু লাগে বুলি কয় আৰু অলপ হীন দেঢ়ি হলে ঠেহ পাতে

প্ৰতিম প্ৰতাপ বৰুৱা − মই এজনী অসমীয়া ছোৱালীক জানো যি অতি দুখীয়া ঘৰৰ সন্তান আছিল | তাইক আন এঘৰ সম্বন্ধীয় মানুহে নবম মান শ্ৰেণীত আনি পঢ়োৱাই−শুনোৱাই বিয়া দিছিল | লগত বহুত বস্তু (যৌতুক) দিছিল | সেই ছোৱালীজনীয়ে গিৰিয়েকৰ লগত গিৰিয়েকৰ চাকৰি কথা ঠাইত (শাহু−শহুৰৰ লগত নহয়) থাকিবলৈ লোৱাৰ পিছত ওচৰ−চুবুৰীয়াক সেই ধনী ঘৰৰ মানুহহালক হে নিজৰ মা−দেউতা বুলি চিনাকী দিছিল | গিৰিয়েকে চব জানিছিল যদিও চুপ থাকিছিল | নিজৰ আচল ঘৰলৈ গিৰিয়েকক লৈ তাই কেতিয়াও যোৱা নাছিল | বিয়াৰ বহুত বছৰৰ পিছত এবাৰ তাইৰ আচল মাক প্ৰথমবাৰৰ বাবে তাইৰ ঘৰলৈ গৈছিল | তাৰ আগলৈকে কিবা নহয় কিবা বুদ্ধি উলিয়াই তাই নিজৰ আচল মাকক নিজৰ ঘৰলৈ যাবলৈ বাধা দি আছিল | মাকে গৈ গোটেই কাণ্ডবোৰ দেখি হুৰাওৰাৱে কান্দিছিল আৰু কৈছিল − ∀তই টকা দেখি নিজৰ মাৰজনীকে চিনি নোপোৱা হলি |” মাকে ওচৰ−চুবুৰীয়াৰ আগত নিজে নিজৰ চিনাকী দিব লগা হৈছিল | ওচৰ−চুবুৰীয়াই সেইদিনাহে সকলো কথা গম পাইছিল |
থাকে, এনেকুৱা অসমীয়া ছোৱালীও থাকে |

বিকাশ শইকীয়া − অসমত ছোৱালীৰ লগত কিবাকিবি নিদিয়া নহয়……….কিন্ত ভাৰতৰ আন ঠাইৰ তুলনাত ∀দহেজ∀ খোজা নিলাজৰ সংখ্যা যথেষ্ঠ কম (আমাৰ ইয়াত ছোৱালীয়েহে কয়−মোৰ লগত অমুক দিব লাগিব, তমুক দিব লাগিব……কইনাঘৰীয়াই কয়−ছোৱালীৰ লগত একো নিদিলে সন্মান কত থাকিব…..ইত্যাদি…) ……..

তপোব্ৰত বৰুৱা − মোৰ বিয়াৰ সময়ত মোৰ শহুৰক দহোকুৰিবাৰ অনুৰোধ কৰা হৈছিল কইনাৰ লগত যাতে প্ৰয়োজনীয় সামগ্ৰী কেইবিধৰ বাদে আন একো নপঠায়৷ আমাৰ অনুৰোধ নৰজিল৷ শেষত মোৰ প্ৰত্যাশামতেই মোৰ মাৰ মনত অসন্তোষ হল৷ কাৰণ কইনাঘৰীয়াই নতুন বস্তৰ থান−থিত লগাওতে মাৰ বহু মৰমৰ পুৰণি বস্তু চুকে কোণে বা গুদামঘৰত সুমুৱাই থলেগৈ৷ কালি ”সত্যমেৱ জয়তে”ত উত্তৰ−পূৱৰ নামত হাত−চাপৰি বাজোতে সচাই বুকুখন অলপ হলেও ফুলি উঠাযেন অনুভৱ কৰিছিলো৷

অঞ্জল বৰা − এই বিষয়ে মোৰ লগৰ উৰিয়া আৰু বাঙালী বন্ধকেইটাৰ সদায় তৰ্ক হয়৷ কেইদিনমানৰ আগতে উৰিয়া বন্ধুৰ বক্তব্য − ছোৱালী এজনী তালৈ দিছে লগত বোলে 10 লাখ দিব৷ পিছে অলপ দেখিবলৈ ভাল নহয়৷ তাৰ মতে দেখিবলৈ ভাল আৰু শিক্ষিত হ’লে দামটো অলপ কমে৷ বাঙালী বন্ধুৰ বক্তব্য − মোক এজনী ছোৱালী দিয়েই আছে, অলপ শকত, কিন্তু প্ৰায় ডেৰ কোটি টকাৰ সম্পত্তি লাভ কৰিম৷ কথাবোৰ শুনাৰ পিছত মোৰ নিজৰে মুখৰ মাত হৰিল৷ আমি জীৱনটোত টকা−পইচা সঞ্চয় কৰি কৰি নিজকে বিয়াৰ বাবে সাজু কৰোঁ আৰু ইহঁতে ছোৱালীৰ লগত আহিব লগা টকা কেইটাৰ বাবে বাট চাই থাকে৷ সেয়ে ইয়াৰ মানুহে আমি 30−35 বয়সলৈ বিয়া নপতা দেখিলে আচৰিত হয়৷ মই বোলো তোমালোকৰ দৰে ছোৱালীৰ পৰা এগাল টকা লৈ আমি বিয়া নাপাতো৷ নিজে আৰ্জিব পাৰিলেহে অসমত ল’ৰাই বিয়া পাতে৷ সিদিনা অনুষ্ঠানটো চাই থাকি সেই বন্ধু কেইটাৰ আগত নিজকে অসমত জন্ম গ্ৰহণ কৰাৰ বাবে ধন্য যেন লাগিল৷

অজয় লাল দত্ত − খুৱাব পিন্ধাব নোৱাৰিলে ডেকাই ছোৱালী আনিবই বা কিয়? দুখীয়া ডেকাবোৰে তেনেকৈয়ে ভাবে৷
ধনী ঘৰৰ জীয়ৰী শ্ৰীমতীৰ ঘৰৰ ধনেৰে খাম−খুৱাম বুলি ভবা ভিজনেৰী শ্ৰীমতা এজাকো অসমতো ওলাবলৈ ধৰাটোহে দুৰ্ভাগ্যৰ কথা হৈছে! মই এক ট্ৰাক নিমেই বুলি জেদ ধৰা মাইনা, মোক হ’লে ফ্লেট এটা লাগিবই বুলি জেদ ধৰা ধৰণৰ মাইনাবোৰ আজিৰ নতুন ধনীজাকৰ ঘৰতহে পোৱা যায়
দুখীয়া ল’ৰা−ছোৱালীৰ এতিয়াও তোৰো মনে−খালে মোৰো মনে খালে, পলাই গুচি যাওঁ ব’ল…..ভালপোৱাই আমাৰ মূলধন বুলি ভবা সৰল দুখীয়া অসমীয়া খিনিৰ কাৰণেহে আমি আচলতে বুকু ফুলাই আছো গৌৰৱত৷ ধনী ঘৰৰ মইনা/মাইনীৰ নাটক বোৰৰ বাবে নহয়! (যৌতুকৰ কেচত জুই জ্বলাটোৰ বেছি ভাগ কেচ নতুন ধনীৰ ঘৰত হোৱাটো এটা চিৰ সত্য কথা)

ৰক্তিম গোস্বামী − শনিবাৰে নিশা আমন্ত্রণ ক্রমে অফিচৰ এটা পাটিলৈ গ’লো। অণ্ধ্র্, কেৰেলা,তামিলনাডু , মহাৰাষ্ট্র, কৰ্ণাটকা সকলো ঠাইৰ পুৰুষ−মহিলা আছিল। আড্ডাৰ শেষৰ ফালৰ বিষয়টো আছিল ‘যৌতুক’। শুনি গ’লো লাখ−লাখ টকা, ফ্লেট,গাড়ী আৰু বহু কিলো সোণৰ আ−অলংকাৰৰ গৌৰবৰে কৈ যোৱা কথাবোৰ । মোৰ পাল আহিলে। মোক সুধিলে অসম দেশ আৰু উত্তৰ পূৱৰ কথা। অলপ টানকৈ ক’লো− ∀আমি কেৱল বেপাৰৰ সময়তহে বেপাৰ কৰো। বিবাহৰ নিচিনা এটা পবিত্ৰ অনুস্থানক লৈ বেপাৰ কৰা প্ৰথা উত্তৰ পূৱৰ সভ্য আৰু শিক্ষিত মানুহখিনিৰ নাই।”
খাঁচি সমাজত মহিলাৰ স্থিতিৰ বিষয়ে কোৱাত সকলো আশ্চৰ্য্যৰ চাপ মুখতলৈ চেচা হৈ পৰিল। মোৰ কপাল, পিছদিনা ৰাতিপুৱাই মানে যোৱাকালি আমিৰ খানে তেখেতৰ ‘সত্যমেৱ জয়তে’ত মোৰ কথাষাৰ ৰাষ্ট্রীয়ভাবে প্রমাণ কৰিলে। বন্ধুকেইজন এতিয়া মোৰ আশে পাশে, মই মাজত বুকু ফুলাই বহি কাম কৰি আছো। 🙂

অভিজিত কলিতা − হয় উত্তৰ পুৰ্বাঞ্চলত ডাউৰীৰ প্ৰথা নাছিল। কিন্তু আমি লোকৰ বেয়া বস্তুবোৰ গ্ৰহণ কৰাত বৰ আগৰণুৱা। গতিকে এতিয়া লাহে লাহে যৌতুক নামৰ বস্তুটো ডাউৰীৰ ৰূপ লবলৈ গৈ আছে। বাঢ়িহে গৈছে দিনক দিনে। মই এনে বিয়াও দেখিছো, যত কইনাৰ মোমায়েকে কি দিলে, অমুকে কি দেলে, তমুকে কি দিলে সেইকথা ৰাজহুৱা ভাৱে প্ৰদৰ্শন কৰা হয়। যদিও অৱস্থাটো উত্তৰ বা দক্ষিণ ভাৰতৰ দৰে হোৱাগৈ নাই এতিয়াও, কিন্তু এই ধাৰা চলি থাকিলে কেইদিন মানৰ পাছত অসমেও সমগ্ৰ ভাৰতৰ লগত সমানে ফেৰ মাৰিব পাৰিব ই ধুৰূপ। কিন্তু অসমত দৰা ঘৰতকৈ কইনাৰ ঘৰৰ উৎপাত হে বেছি, তেওলোকৰ সন্মানৰ কথা দামী দামী বস্তু দিব পাৰিলে। সদ্যহতে অসমীয়া বিয়া সমূহত ছোৱালী ঘৰৰ বাজেট শুনিলে ভয় খাব লগীয়া হৈছেগৈ।

জ্যোতি প্ৰকাশ নাথ − ইয়াৰ বাবে আমাৰ ∀ছাছ−বহু∀ ছিৰিয়েল কেইখনো কম দায়ী নহয়।

অঞ্জল বৰা − কথা এটা মনত পৰিছে৷ লক্ষ্মীনাথ বেজবৰুৱাই সেই ১৮৯১ চনতে কলিকতাৰ জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীক বিয়া কৰোৱাৰ সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰে বেজবৰুৱালৈ টকা 10 হাজাৰ দি পঠিয়াইছিল৷ বেজবৰুৱাই বোলে আমাৰ অসমত বিয়াৰ নামত ছোৱালী কিনাৰ পৰম্পৰা নাই বুলি টকা উভতাই দিলে৷ মন কৰক ১৮৯১ চনত 10 হাজাৰ আজিৰ দিনত কিমান টকা হ’ব !!

−−∗∗−−

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments