প্ৰাকৃতিক দুৰ্যোগৰ সময়ত লবলগীয়া স্বাস্থ্য সতৰ্কতা আৰু অন্যান্য চিন্তা – ডা° ভূপেন শইকীয়া

আমাৰ উত্তৰ পূৰ্বাঞ্চল যিদৰে প্ৰাকৃতিক সম্পদত চহকী, দুৰ্ভাগ্যক্ৰমে সেই একেদৰে ইয়াত প্ৰকৃতি প্ৰদত্ত দুৰ্যোগো সীমাহীন৷ বছৰটোৰ ভালেখিনি সময় কিবা নহয় কিবা এটা প্ৰাকৃতিক আহুকালে এই অঞ্চলটোত দেখা দিয়েই থাকে৷ পিছে তৎসত্ত্বেও দুৰ্গা পূজা আৰু ভোগালী-ৰঙালী বিহুৰ সীমা চেৰাই যোৱা ৰং- ৰহইচ, ধুমধামৰ দীৰ্ঘকালীন উছৱৰ যেন শেষেই নহব! লাখ লাখ টকাৰ বাজেটেৰে বাহিৰৰ পৰা আমদানি কৰা কাৰিকৰ আনি প্ৰস্তুত কৰা পূজাৰ পেণ্ডেল, জেঠ মাহৰ শেষতো সামৰণি মাৰিব নোখোজা ব’হাগী উৎসৱ আদিৰ ওপৰত আলোচনা আগবঢ়াই এক বিতৰ্কৰ সূত্ৰপাত ঘটোৱা এই লিখনিৰ উদ্দেশ্য নহয়৷

আমাৰ এই “অষ্টলক্ষ্মী“ অঞ্চলত দেখা দিয়া আহুকালসমূহ প্ৰকৃতিয়ে প্ৰদান কৰা দুৰ্যোগৰ উপৰিও মানৱ-সৃষ্ট বুলি নকৈ প্ৰমাণ কৰাৰ কোনো আৱশ্যকতা নাই৷ প্ৰকৃতিৰ ভাৰসাম্যতা বিনষ্ট কৰি অবাধে হাবি-বন কাটি তহিলং কৰাৰ, জধেমধে পাহাৰৰ মাটি কাটি, বিল নৰ্দমা পুতি অট্টালিকা নিৰ্মাণ কৰাৰ পৰিণতিত সৃষ্টি হৈছে ন ন অঞ্চলত বানপানী আৰু ভয়াবহ ভূমিস্খলন৷ তদুপৰি ভূতৰ ওপৰত দানহ পৰাদি আমাৰেই নিজৰ জনপ্ৰিয় ভাৰত চৰকাৰে অৰুণাচল, মেঘালয়, অসম আৰু চুবুৰীয়া দেশ ভূটানত নিৰ্মাণ কৰি আছে কেইবাটাও সৰু বৰ নদীবান্ধ৷ জলবিদ্যুত উৎপন্ন কৰি দেশ উজলোৱাৰ উদ্দেশ্যৰে বনোৱা এই নদীবান্ধ কেইটাই ঘাইকৈ অসমৰ ৰাইজলৈ অশণি সংকেত কঢ়িয়াই আনিছে৷ সেয়ে এনে প্ৰচেষ্টাক অসমৰ ৰাইজে ‘জল বোমা’ বুলি গণ্য কৰিছে৷ ইতিমধ্যে উজনি, নামনি আৰু মধ্য অসমৰ লোকে এনে নদী বান্ধে এৰি দিয়া পানীয়ে কৰা জল প্ৰলয়ৰ সন্মুখীন সময়ে সময়ে হৈ আহিছে৷ অনাগত দিনত আৰু ভয়াবহ দিন আহিযে আছে সেয়া ধুৰুপ৷

আকৌ অতি পৰিতাপৰ বিষয় আমাৰ অসমীয়া মন্ত্ৰী, বিষয়া, অভিযন্তা, ঠিকাদাৰে নিৰ্মাণ কৰা মথাউৰিসমূহ প্ৰতি বছৰে বাৰিষা আৰম্ভ হোৱাৰ লগে লগেই ভাঙে আৰু বানৰ প্ৰকোপত ৰাইজৰ নগুৰ নাকটি হয়৷ এইটো অপ্ৰিয় সত্য যে যেতিয়ালৈকে এই মথাউৰিসমূহক একোটা সোণৰ কণী পৰা হাঁহ বুলি জলসিঞ্চন বিভাগে গণ্য কৰি থাকিব তেতিয়ালৈকে অসমৰ বানপানী সমস্যাৰ ওৰ নপৰিব৷

বানপানীৰ পিছতে দেখা দিয়া আন এটি দুৰ্যোগ হ’ল খৰাং বতৰ৷ যধে মধে গছ-বন কাটি প্ৰকৃতিৰ সেউজী কোলা বিনষ্ট কৰাৰ পৰিণাম যে বাৰ খৰ তাক নকৈ বুজোৱাৰ প্ৰয়োজন নাই৷ এচাম লোকৰ ব্যক্তিগত মুনাফা লাভৰ কুপৰিণাম গোটেই দেশখনে ভোগে৷ ফ’ৰলেন বনোৱা, ৰাস্তা বহল কৰাৰ নামত, মন্ত্ৰী বিষয়াৰ আবাস গৃহ নিৰ্মাণৰ নামত অবিবেচকৰ দৰে বৃহৎ বৃহৎ গছ নিৰ্দয়ভাবে কাটি পেলোৱা হয়৷ ঢাক-ঢোল বজাই বন মহোৎসৱ পাতে, কিন্তু পৰৱৰ্তী সময়ত ৰোপণ কৰা পুলিৰ যথোপযুক্ত তদাৰক কৰা হয়নে?

ভৌগোলিক বা ভূতত্ত্বজনিত কাৰণত উত্তৰ পূৰ্বাঞ্চল হ’ল ভূকম্প প্ৰবল অঞ্চল, সেয়ে সময়ে সময়ে সৰু-বৰ ভূইকঁপ ইয়াত প্ৰায়ে হৈ থাকে৷ ১৯৫০চনৰ বৰ ভূইকঁপত অসমৰ বিস্তৰ ক্ষতি সাধন হৈছিল৷ উজনিৰ ডিবৰু চহৰৰ অৰ্ধেক লুইতত জাহ গৈছিল৷ ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহ ভূমিকম্পৰ ফলত বাম হৈ পৰে৷ চ’ত-ব’হাগত অহা বৰদৈচিলাৰ উপৰিও শেহতীয়াকৈ অহা ‘ফেণী’কে ধৰি আন ঘূৰ্ণিবতাহৰ প্ৰভাৱো উত্তৰ পূৰ্বাঞ্চলত নপৰা নহয়৷ ইয়াৰ ফলত কিছু সংখ্যক লোক গৃহহীন বা জখমী হয়৷

আন এক প্ৰাকৃতিক দুৰ্যোগ হ’ল- ভূমিস্খলন৷ জধেমধে পাহাৰৰ মাটি কাটি ধ্বংস লীলা চলোৱাৰ ফলত ভূমিস্খলন ঘটে৷ যাৰ ফলত নামনিত বসবাস কৰা লোকৰ প্ৰাণহানি হয় আৰু সম্পত্তি বিনষ্ট হয়৷ অসম চৰকাৰৰ বন বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগে সততাৰে ইচ্ছা কৰিলেই এনে মানৱ-সৃষ্ট দুৰ্যোগ আতৰ কৰিব পাৰে৷

উজনি অসমৰ লিডু, মাৰ্ঘেৰিটাত আৰু মেঘালয়ৰ খাচিয়া পাহাৰত উচিত নিৰাপত্তা ব্যৱস্থা নোহোৱাকৈ চলোৱা ক’লা হীৰা কয়লাৰ খনন কাৰ্য্যত সময়ে সময়ে কেইবাজনো বনুৱাৰ ভূমিস্খলনৰ ফলত হোৱা মৃত্যুৰ খৰব আমি প্ৰতি বছৰে পায়ে থাকো৷ তথাপি নিৰ্বিকাৰ প্ৰশাসন!

সময়ে সময়ে বিশেষকৈ বাৰিষাকালত বজ্ৰপাতত পথাৰত অসমৰ কৃষকৰ অকাল মৃত্যু হোৱাৰ বাতৰি আমি পাই থাকোঁ৷ সেয়াও এক প্ৰাকৃতিক পৰিঘটনা৷

প্ৰাকৃতিক দূৰ্যোগে কৰা ক্ষয় ক্ষতিসমূহ হ’ল:

(১) শাৰীৰিক ক্ষতি – বানপানী, ভূমিকম্প, ভূমিস্খলন আৰু ঘূৰ্ণী বতাহে প্ৰাণহানি আৰু শৰীৰক নানা ধৰণৰ আঘাত প্ৰদান কৰিব পাৰে৷ ৰোগাক্ৰান্ত কৰি তুলিব পাৰে৷

(২)মানসিক ক্ষতি – প্ৰাকৃতিক দুৰ্যোগৰ ফলত ধন, জন, গৃহ আৰু কৃষি ভূমি হেৰোৱা সকলৰ মানসিক কষ্টৰ কথা ভুক্তভোগীৰ বাহিৰে আনে উপলব্ধি কৰা সম্ভৱ নহয়৷

(৩) আৰ্থিক ক্ষতি – সকলো প্ৰাকৃতিক আপদেই ক্ষয় ক্ষতি কেবল ব্যক্তিগত পৰ্য্যায়তেই নহয় দেশৰ সা-সম্পত্তি আৰু জীৱ জন্তুৰো ক্ষতিসাধন কৰে৷ স্কুলঘৰ, অন্যান্য ৰাজহুৱা ভৱন, বাটপথ, ৰেলপথ, দলং, খেতি পথাৰ আদিৰো প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা বিস্তৰ ক্ষতি হব পাৰে৷ সংৰক্ষিত বনাঞ্চলৰো জীৱ-জন্তু আৰু পক্ষীকুলৰ প্ৰাণহানি হব পাৰে৷

শাৰীৰিক ক্ষতিসাধন কি কি ধৰণৰ হব পাৰে?

– প্ৰদূষিত জলগ্ৰহণৰ ফলত: ক’লেৰা, গ্ৰহণী, টাইফয়েড জ্বৰ, হেপাটাইটিচ-এ আৰু হেপাটাইটিচ-ই জণ্ডিচ, এমিবায়েচিচ, জিয়াৰডিয়াচিচ, কৃমিৰোগ আদি৷

– মহে বিয়পোৱা ৰোগ- মেলেৰিয়া আৰু ডেংগু৷

– ৰোগাক্ৰান্ত গাহৰিৰ পৰা বিয়পিব পৰা ৰোগ এনকেফেলাইটিচ৷

– ৰ’দে বৰষুণে তিতি জ্বৰ, পানী লগা, কাহ আদি অসুখত আক্ৰান্ত হোৱা৷

– চকুৰ, কাণ-নাক-ডিঙিৰ সংক্ৰমণ৷

– দূষিত পানীৰ প্ৰভাৱত ছালৰ ৰোগত আক্ৰান্ত হোৱা৷

– সানমিহলি: – বানপানীত ডুব যোৱা, পানীৰ তলৰ ভঙা চিচা, গজাল বা আন জোঙা বস্তু ভৰিৰে গছকি আঘাত প্ৰাপ্ত হোৱা, নাক-কাণ-জননাংগত জোকৰ প্ৰবেশ ঘটা আদি৷

আন কোনো ঠাইত নোহোৱা নোপোজা ঘটনা আমাৰ অসম মুলুকত সংঘটিত হয়৷ বতাহ-বৰষুণৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবেই হওক বা নিম্নমানৰ গাফিলতি পূৰ্ণ কামৰ বাবে বিদ্যু পৰিবাহী তাৰ য’ত ত’ত চিঙি থকাৰ ফলত তেনে চিঙা তাঁৰৰ সংস্পৰ্শত আহি কেইবাজনো লোকৰ অকাল বিয়োগ ঘটিছে৷ তেনে সাংঘাতিক বিপদজনক ঘটনাৰ পৰা ৰক্ষা পৰিবলৈ অতীৱ সতৰ্কতাৰ প্ৰয়োজন৷ চৰকাৰেও জনগণৰ জীৱন ৰক্ষাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ প্ৰয়োজন৷

প্ৰতিবিধান আৰু সতৰ্কতামূলক ব্যৱস্থা:

– কেবল বিশুদ্ধ পানীহে খাবলৈ ব্যৱহাৰ কৰক৷ পানী ভালেপৰ সময় ভালদৰে উতলাইহে খাব৷ উপযুক্ত মানৰ পানীৰ ফিল্টাৰেও জলজনিত ৰোগৰ পৰা সুৰক্ষা দিয়ে৷ ক্লৰিণ টেবলেটো পানী শুদ্ধিকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷

– চাবোনৰ ব্যৱহাৰ – প্ৰত্যেকবাৰ শৌচাগাৰলৈ যোৱাৰ পিছত চাবোনেৰে হাত ধুব৷ চকু মোহৰাৰ আগতে আৰু খাদ্য গ্ৰহণ কৰাৰ আগতে দুয়োহাত চাবোনেৰে পৰিষ্কাৰকৈ ধুই লোৱাৰ আৱশ্যক৷

-পৰিবেশ শুদ্ধিৰ বাবে ফেনাইল, ব্লিচিংপাউদাৰ, মহখেদা ধূপ, ডেটল, চেভলন আদিৰ যথোপযুক্ত ব্যৱহাৰ কৰা৷

-মহৰ কামোৰৰ পৰা ৰক্ষা পৰিবলৈ আঁঠুৱা আৰু হাত-ভৰি ঢকা কাপোৰ পিন্ধা৷ শৰীৰত মহ আতৰ কৰা ক্ৰীমো ঘঁহিব পাৰে৷

– গাহৰিৰ গৰাল থকা ঘৰৰ পৰা ভালেখিনি আতৰত হোৱা উচিত৷

-সদায় পৰিষ্কাৰ পৰিচ্ছন্ন থাকিব৷ ভিজা কাপোৰ পিন্ধি নাথাকিব৷

-খোৱাৰ ক্ষেত্ৰত বাহি খাদ্য পৰাপক্ষত গ্ৰহণ নকৰিব৷

-জুঠা খাদ্য কোনেও নাখাব আৰু জুঠা বাচন ব্যৱহাৰ নকৰিব৷

– প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ডায়েবেটিজ, থাইৰয়েডৰ অসুখ, উচ্চ ৰক্তচাপ, হৃদৰোগ, হাপানি, মৃগী, মানসিক ৰোগ আদিত আক্ৰান্ত সকলে নিয়মীয়াকৈ খাই থকা দৰব যাতে হাততে পোৱাত আৰু পৰ্য্যাপ্ত পৰিমাণত থাকে তালৈ চকু ৰখাটো বৰ দৰকাৰী কথা৷

– প্ৰতিটো পৰিয়ালে আপদ কালত ব্যৱহাৰ কৰিব পৰাকৈ দুই এপদ অতি লাগতিয়াল ঔষধ (যেনে জ্বৰ-বিষৰ পেৰাচিটামল, বমিৰ ডমপেৰিডন, ডায়েৰিয়াৰ মেট্ৰনিডাজল আৰু অ’আৰএচ, এলাৰ্জিৰ চেট্ৰিজিন) লগত ৰখাটো সময়োপযোগী হব৷

-যি কোনো অসুখত ভুগিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক৷

– চিকিৎসকৰ পৰামৰ্শমতে প্ৰয়োজনীয় সময়োপযোগী ভেকচিন লবলৈ হেমাহি নকৰিব৷ ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments