“প্ৰাগ’ত মোহব্বতে”-(দিগন্ত কুমাৰ ভট্টাচাৰ্য)

বিকি…সেই যে ফাকুৱাত ইলেকশ্যনত ব্যৱহাৰ কৰা কলা ৰঙৰ চিঞাহী বিধেৰে ফোঁট দিছিল সকলোকে, তাৰেই আন এটা কাহিনী।
এবাৰ বিকি আৰু তাৰ লগৰ ৰিকি মালিগাঁৱৰ ‘প্ৰাগজ্যোতি’ত চিনেমা চাবলৈ গ’ল। চিনেমা ”মোহব্বতে”। সেয়া ২০০০ চনৰ কথা। দেওবাৰৰ মৰ্ণিং শ্বো। যথেষ্ট ভিৰ। সিহঁত গৈ দেখিলে টিকেট ইতিমধ্যে শেষ, হাউছফুল। ব্লেকাৰৰ হাততো টিকেট নাই। বিকিয়ে ৰিকিক ক’লে-‘শুন হেবাং, তই মোৰ পিছে পিছে আহিবি সোমাই..কাৰোফালে নাচাবি। ভিতৰত গৈ দেখা যাব।’ আগতে গুৱাহাটীৰ হলবোৰত বাহিৰত টিকেট ‘চেক’ কৰি ভিতৰত সোমাবলৈ দিছিল আৰু ভিতৰৰ প্ৰেক্ষাগৃহত সোমোৱাৰ লগে লগে লাইট(টৰ্ছ)মেন এজনে টিকেট চাই আসন দেখুৱাই দিছিল। টিকেটত তেতিয়া আসন নম্বৰ দিয়া হোৱা নাছিল। বহুতেই নিজৰ ইচ্ছামতেই আসনত বহিছিলগৈ।
দুয়োজন বাহিৰত টিকেট নেদেখুওৱাকৈ ভিৰৰ সুৰুঙা লৈ ভিতৰ পালে আৰু প্ৰেক্ষাগৃহত সোমাল। ভিতৰত আন্ধাৰ। চিনেমাৰ ‘নেম কাষ্টিং’ আৰম্ভ হৈছেই। ৰিকিৰ ভয় -‘ঐ বিকি, আজি হাউছফুল…ক’তো বহিবলৈ ঠাই নাপাম। আৰু ক’ৰবাত বহি গ’লেও পিছত আকৌ অ’ৰিজিনেল টিকেটৰ মালিক আহিলে সকলোৰে টিকেট পুণৰ চেক হোৱাটো খাটাং। তেতিয়া আমাক গতিয়াই উলিয়াই দিব অ’…’


‘হেবাং তই একেবাৰে স্মাৰ্ট হ’ব নোৱাৰিলি। তই এটা কাম কৰ। ক’ত দুটা ছিট একেলগে আছে বিচাৰ..মই আহি আছোঁ…।’
আন্ধাৰত মানুহ আহিয়ে আছে। লাইটমেনজনে টিকেট চাই চাই ছিট বিচাৰি দেখুৱাই আছে। বিকি দুৱাৰৰ কাষলৈ আহিল। দেখিলে এহাল ডেকা-গাভৰু সোমাই আহিছে। আহিয়েই ডেকাই চিঞৰিলে-‘লাইটমেন, এইফালে দেখাব’। বিকিয়ে পকেটৰপৰা তাৰ অকণমানি টৰ্ছটো উলিয়াই জ্বলাই সিহঁতৰ ওচৰ চাপিল।’
‘এইফালে টিকেট দেখাব, দুটা নে?’ বিকিয়ে সৰুকৈ সুধিলে ডেকাজনক।
‘হয়, দুটা। ছাইডৰ ফালে আছে যদি কাইণ্ডলি দিব দেই…’
বিকিয়ে টিকেট দুটা লৈ টৰ্ছটো বন্ধ কৰি বতাহৰ দৰে তাৰ পৰা নোহোৱা হ’ল। ৰিকিক চিঞৰি মাতিলে। ৰিকিয়ে ইতিমধ্যে দুটা খালী ছিটৰ ওচৰত ঠিয় হৈ আছিল। দুয়োটা তাতে বহি পৰিল।
পিছপিনে শুনিবলৈ পালে লাইটমেন আৰু ডেকাজনৰ প্ৰচণ্ড তৰ্কাতৰ্কিৰ টুকুৰা-টুকুৰি বাক্য – ‘হেৰি আপোনাকেই দিলোঁ দেখোন এইমাত্ৰ..’, ‘ক’ত মোক দিলে হে, মই দেখোন আগত ছিট দেখুৱাই আছিলো’, ‘কি ফাল্টু কথা কয়, এইমাত্ৰ দিলোঁ যে’, ‘মই আপোনাৰ টিকেটেৰে কি কৰিম হে..ছোৱালী লৈ টিকেট নকটাকৈ আহে নে…’। বিকিহঁত তেতিয়া শ্বাহৰুখ খানৰ ভায়োলিন বাদন চোৱাত মচগুল!!

জিৰণিৰ সময়ত ৰিকি উঠি গৈ দুটা পেপছি আৰু দুপেকেট ডাঙৰ চিপচৰ পেকেট আনিলে।
‘আৰে, ক’ত পালি পইচা? তোৰ লগত দেখোন চিটিবাছত উঠোতে দহটকাও নাছিল!?’ বিকি অবাক।
‘মালিগাওঁ চাৰিআলিত চাৰিজনী ধুনীয়া ছোৱালী উঠি একেবাৰে শেষৰ ছিটটোত যে বহিছিল, দেখিছিলি নে? মই অলপ ‘চাল’ মাৰিবলৈ চেনী হাঁহি এটা মাৰি সিহঁতৰ ওচৰলৈ যাওঁতে এজনীয়ে এশ টকীয়া নোট এখন মোলৈ আগবঢ়াই ক’লে-‘পাণবজাৰ, চাৰিটা’…চাল্লা, টেমা গৰম হৈ গ’ল নহয়। ময়ো নোটখন লৈ ‘খুচুৰা নাই, টিকেট আগৰ ষ্টপেজত দি আছোঁ’ বুলি সন্মুখৰ দুৱাৰেৰে প্ৰাগত নামিলোঁ। মই ঠিকেই কৰিলো নে গুৰু?’
‘ৱাহ ৰিকি..ইউ আৰ টু স্মাৰ্ট ৰে…’।

(চৰিত্ৰৰ নামদুটাৰ বাদে বাকী সম্পূৰ্ণ সত্য ঘটনা)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments