প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়-ধ্ৰুৱজ্যোতি শইকীয়া


নালন্দা বিশ্ববিদ্যালয় অথবা নালন্দা মহাবিহাৰ যি নামেৰে ই জনাজাত নহওক কিয় নালন্দা বিশ্ববিদ্যালয় আছিল ভাৰতীয় শিক্ষাজগত আৰু ইতিহাসত এক আটাইতকৈ গৌৰৱোজ্জল অধ্যায় আৰু দিক নিৰ্দেশক প্ৰবহমান ধাৰা। 

নালন্দা মহাবিহাৰ বা বিশ্ববিদ্যালয়ৰ প্ৰাচীন ঐতিহ্য খৃষ্টপূৰ্ব কেইবা শতিকাৰ আগৰেপৰাই চেগা চোৰোকাকৈ প্ৰচলিত আছিল কিন্তু আনুষ্ঠানিক অৰ্থত বিশ্ববিদ্যালয়ৰ ৰূপ লৈছিল বা প্ৰতিষ্ঠাপিত হৈছিল পঞ্চম খ্ৰীষ্টাব্দত। এখন সৰু, চালুকীয়া অৱস্থাৰ প্ৰতিষ্ঠান এটিৰপৰা ক্ৰমে দোপত দোপে উন্নতি কৰি- সেই পঞ্চম শতিকাৰ কেইটামান দশকতে হৈ পৰিল- সেই সময়ৰ বিশ্ব তথা এচিয়া মহাদেশৰ আটাইতকৈ জাকতজিলিকা বিশ্ববিদ্যালয়। পৰৱৰ্তী কালৰ সাতটা শতাব্দীত প্ৰাচীন ভাৰতৰ শিক্ষাজগতৰ এক অনিৰ্বাপিত ভোটাতৰা ৰূপে নালন্দা বিশ্ববিদ্যালয়ে সুপ্ৰতিষ্ঠিত হৈ পৰিল। 

এই মহান জ্ঞানৰ মন্দিৰ ৰূপী বিশ্ববিদ্যালয়খন স্থাপিত হৈছিল আজিৰ পাটনা চহৰৰপৰা প্ৰায় ৯৫ কিলোমিটাৰ আঁতৰৰ বেগুচৰাই জিলাৰ (বিহাৰ) নালন্দা নামৰ সৰু ঠাই এখনত। আজিও এই বিশালকায় অনুষ্ঠানটিৰ ভগ্নাৱশেষ আৰু বৃহদাকায় বিশ্ববিদ্যালয়খনৰ স্তম্ভ, স্তুপ, প্ৰাচীৰবোৰৰ ইটাৰে নিৰ্মিত চৌহদৰ সুস্পষ্ট চিন বিদ্যমান হৈ আছে। এক বিস্তৃত পৰিসৰত, ১৯১৫ চন মানত পূৰাতাত্ত্বিক খনন কাৰ্য্য আৰম্ভ কৰা হৈছিল নালন্দাত। মজলীয়া আকাৰৰ পাহাৰ সদৃশ ঠাই (mound) বিলাকত বহুত কেইবাৰ খনন কাৰ্য্য কৰা হৈছিল- আৰু বহুত নতুন নতুন তথ্য পোহৰলৈ আহিছে। ভাৰত পুৰাতাত্ত্বিক গৱেষণা বিভাগৰ (A.S.I.) দ্বাৰা হোৱা খনন কাৰ্য্যত এই বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা, ব্যাপ্তি, নিৰ্মাণ,  কৌশল অথবা ধ্বংস সম্পৰ্কে ঐতিহাসিক অথবা পূৰাতাত্বিত পণ্ডিত সকলে নতুন নতুন তথ্য পোহৰলৈ আনিছে। 

কোনে নিৰ্মাণ কৰিছিল এই বিশ্ববিদ্যালয়? 

আমি সকলোৱেই জানো যে- ভাৰতত বৌদ্ধ ধৰ্মই প্ৰায় এহেজাৰ বছৰ (খৃঃপূঃ ৬০০ ৰপৰা ৬০০ খৃষ্টাব্দলৈ) প্ৰভুত্ব বিস্তাৰ কৰি আছিল এনেকি প্ৰাচীন ভাৰতবৰ্ষৰ প্ৰায় সকলো লোক তথা ৰাজন্যবৰ্গ বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। সেই সময়ছোৱাতেই বৌদ্ধ ধৰ্মৰ পৰম্পৰা অনুযায়ী সংঘীয় আচৰণৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু গোটেই ভাৰতবৰ্ষত কিছুমান বিহাৰৰ (Monastery) সৃষ্টি হৈছিল, য’ত সঘনাই বৌদ্ধ ভিক্ষুসকলে ধৰ্ম শিক্ষা আৰু ভাষা শিক্ষা, দৰ্শন ইত্যাদিৰ ভাষণ আৰু চৰ্চ্চা কৰিছিল। এনে চালুকীয়া বৌদ্ধ বিহাৰৰ কেইটিমানৰ পৰাই এখন মহাবিহাৰ বা বিশ্ববিদ্যালয়ে থন ধৰি উঠিছিল। প্ৰথম অৱস্থাত ভিক্ষুসকলে নিজৰ ভিক্ষা, দান-বৰঙনিৰে সমবায় (Co-operative) ভিত্তিত গঢ় দিছিল এই মহান প্ৰতিষ্ঠানটি আৰু পিছলৈ বৌদ্ধ ধৰ্মাৱলম্বী কাষৰীয়া ৰজা, ৰাজন্যসকলৰ পৰা প্ৰচুৰ মুক্ত দান দক্ষিণা, খাদ্য আৰু পৃষ্ঠপোষকতা পোৱাৰ সুবিধা হ’ল। মহাবিহাৰখনৰ আনুষ্ঠানিক প্ৰতিষ্ঠাপন হৈছিল গুপ্ত যুগত (Gupta Dynasty) আৰু গুপ্ত বংশৰ ৰজাসকলে নালন্দা বিশ্ববিদ্যালয়লৈ বিভিন্ন আৰ্থিক সাহায্য, ৰাজহ, ভূমি ইত্যাদি হস্তান্তৰ কৰিছিল। 

পৰৱৰ্তী কালত সম্ৰাট হৰ্ষবৰ্দ্ধন, পালবংশৰ ৰজাসকল আৰু দূৰ প্ৰাচ্যৰ শৈলেন্দ্য বংশৰ ৰজাসকলৰ পৰা বৃহদাকাৰ দান-বৰঙনি এই বিশ্ববিদ্যালয়খনে লাভ কৰিবৰ সমৰ্থ হৈছিল। 

নালন্দা বিশ্ববিদ্যালয়ৰ ৰাজহ ব্যৱস্থাপনা

উপৰোল্লিখিত দান-বৰঙনিৰ উপৰিও পৃষ্ঠপোষক ৰজাসকলে এনে ব্যৱস্থা এটাৰ সৃষ্টি কৰিছিল য’ত বিশ্ববিদ্যালয়ৰ দাঁতি-কাষৰীয়া এশখন গাঁৱৰ ৰাজহ বা খাজনাৰ সংগৃহীত মুদ্ৰা বা টকা-পইচাবোৰ আচুতীয়াকৈ বিশ্ববিদ্যালয়ৰ বিভিন্ন শিতানৰ বাবে খৰচ কৰা হৈছিল আৰু গোটেই বিত্তীয় ব্যৱস্থাটো (Financial model) চলোৱা হৈছিল। তদুপৰি প্ৰায় দুশ ঘৰ মানুহে এই মহাবিহাৰখনত দৰকাৰ হোৱা দৈনিক প্ৰয়োজনীয় খাদ্য, বিচাপত্ৰ, পোচাক তথা বিভিন্ন দৰব বা ঔষধ ইত্যাদি যোগান ধৰাৰ দায়িত্ব দিয়া হৈছিল তথা সূচাৰুৰূপে কাৰ্য্য নিৰ্বাহ কৰিছিল। এনে ব্যৱস্থা চলি আছিল- কেইবা শতিকাজুৰি। 

নালন্দাৰ শিক্ষা ব্যৱস্থাঃ

নালন্দাবিশ্ববিদ্যালয় মূলত বৌদ্ধ ধৰ্মীয় জ্ঞান চৰ্চ্চাৰ কেন্দ্ৰ আছিল যদিও তদানীন্তন সময়ৰ ভাৰতীয় ঐতিহ্যৰ সকলো বিষয় ইয়াত পঢ়োৱা বা চৰ্চ্চা কৰা হৈছিল। বিষয় সমূহৰ ভিতৰত বৌদ্ধ সাহিত্যৰ অধ্যয়ন, বেদ শিক্ষা (অথৰ্ব বেদৰ), ন্যায় শাস্ত্ৰ, সংস্কৃত ব্যাকৰণ, ভেষজ বা চিকিত্সা বিদ্যা, জ্যোতিৰ্বিদ্যা, জ্যোতিষ শাস্ত্ৰ, সংখ্যা দৰ্শন, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি ইত্যাদি। শিক্ষাৰ মাধ্যম কেৱল সংস্কৃত ভাষা আছিল। 

মূল শিক্ষা-দীক্ষা লোৱা ছাত্ৰসকলে নালন্দালৈ আহিছিল উচ্চ শিক্ষা (Advanced Education) গ্ৰহণ কৰিবলৈ। বিশ্ববিদ্যালয়লৈ বিশ্বৰ বিভিন্ন দেশ যেনে- তিব্বত, চীন, কোৰিয়া, তুৰ্কী, মালয়, কম্বোজ, শ্ৰীলঙ্কা, চম্পা ইত্যাদি দেশৰ পৰা বহু প্ৰাকৃতিক দুৰ্য্যোগ, বাধা-বিঘিনি নেওচি ছাত্ৰসকল আহিছিল। প্ৰাচীন ভাৰতৰ বহুত ঠাইৰ পৰাও ছাত্ৰসকল আহিছিল নালন্দাত উচ্চ শিক্ষা ল’বলৈ। 

সেই সময়ত এনে এটা ধাৰণা গোটেই বিশ্বত বিয়পিছিল যে- নালন্দাৰ শিক্ষাগত অৰ্হতা বা উপাধি অবিহনে উচ্চ শিক্ষাৰ জ্ঞান আধৰুৱা বা অপৰিপক্ব। ছাত্ৰসকল যেতিয়া ত্ৰিছ বছৰমান বয়সৰ হৈছিল, তেতিয়া এই বিশ্ববিদ্যালয়ৰ উপাধিপ্ৰাপ্ত ছাত্ৰ হৈ পৰিছিল, একোজন সামাজিকভাৱে সুখ্যাত ব্যক্তি আৰু বিশ্বৰ য’লৈকে যায় তাতেই তেওঁলোক সন্মানিত হৈছিল। নালন্দাৰ নাম আৰু গৌৰৱ, সফল ছাত্ৰসকলে গোটেই বিশ্বত আগবঢ়াই নিছিল। 

যিহেতু এই মহাবিহাৰখন এখন অতি উচ্চ শিক্ষাৰ থলি- ইয়াত ছাত্ৰ হিচাপে প্ৰৱেশ কৰাটোও বৰ কঠিন আছিল। প্ৰত্যেক দেশ বা ঠাইত উপলব্ধ হোৱা অন্তিম শিক্ষাত অৱতীৰ্ণ হৈ অহা ছাত্ৰসকলে ইয়াত প্ৰৱেশৰ সুযোগ পাইছিল। নালন্দাবিশ্ববিদ্যালয় পৰিসৰৰ সন্মুখ ভাগত কিছুমান প্ৰাকপ্ৰশিক্ষণ (Coaching Centre) কেন্দ্ৰই গঢ় লৈ উঠিছিল আৰু দূৰণিবটীয়া ছাত্ৰসকলৰ প্ৰৱেশ পৰীক্ষাত কৃতকাৰ্য্য হোৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল। অতি কঠিন প্ৰৱেশ পৰীক্ষাত (Admission Test) কৃতকাৰ্য্য হ’লেহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ বুলি স্বীকৃতি দিয়া হৈছিল। এই বিশ্ববিদ্যালয়খন যেতিয়া কৃতকাৰ্য্যতাৰ শীৰ্ষ স্থান (Pinnacle of success) পাইছিল- ইয়াত ছাত্ৰৰ সংখ্যা আছিল সৰ্বমুঠ দহ হাজাৰজন আৰু আচাৰ্য্য বা শিক্ষকমণ্ডলী আছিল প্ৰায় ২০০০ জন। শিক্ষকসকল আছিল একো একোজন নিজৰ বিষয়ত বিয়াগোম পণ্ডিত আৰু তেওঁলোকো আহিছিল প্ৰাচীন ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা। 

ছাত্ৰসকলৰ সুবিধা আৰু অধ্যয়নৰ বাবে

বিশ্ববিদ্যালয়খনত প্ৰতিষ্ঠিত হৈছিল এটা বিশালকায় গ্ৰন্থগাৰ, য’ত হস্তলিখিত কেবা লক্ষ্য গ্ৰন্থৰ পাণ্ডুলিপিবোৰ জমা আছিল। সকলো বিষয়ৰ গ্ৰন্থৰ সংগ্ৰহ আছিল- এই গ্ৰন্থগাৰৰ এক ডাঙৰ বৈশিষ্ট্য। 

আচাৰ্য্যসকলে দৈনিক পাঠদানৰ উপৰিও ছাত্ৰসকল তৰ্ক, ভাষণ দিয়াৰ বাবে অনুপ্ৰাণিত কৰিছিল। যিকোনো বিষয়ৰ যুক্তি চৰ্চ্চা আৰু তৰ্ক (debate & discussion) অৱতাৰণা কৰাটো ছাত্ৰসকলৰ বাবে পাঠ্যক্ৰমৰ এটা অপৰিহাৰ্য্য অংগ আছিল। 

আচাৰ্য্যসকলে ইয়াৰ বাবে নিয়ম-নীতি নিৰ্দ্ধাৰণ কৰি দিছিল আৰু সকলো ছাত্ৰই ভাগলোৱাৰ বাবে অনুপ্ৰাণিত কৰিছিল। শৃংখলা আৰু শিক্ষামূলক উদাৰতা (discipline & liberal studies) এই প্ৰাচীন বিশ্ববিদ্যালয়ৰ এক অনবদ্য বৈশিষ্ট্যত পৰিণত হৈছিল। 

নিয়মীয়া শিক্ষকসকলৰ উপৰিও বিভিন্ন ঠাইৰ পৰা ‘পৰিভ্ৰমী শিক্ষক’ বা আজি-কালিৰ ভাষাত Visiting Professor হিচাপে আহিছিল তদানীন্তন কালৰ বিভিন্ন বিষয়ৰ পণ্ডিত প্ৰবৰসকল। লিখিত তথ্য অনুযায়ী পোৱা গৈছিল যে- আৰ্য্যভট্ট, আৰ্য্যদেৱ, চন্দ্ৰকীৰ্ত্তি, ধৰ্মপালা, শীলভদ্ৰ, নাগাৰ্জুন প্ৰভৃতি বিশিষ্ট পণ্ডিতসকল এই বিশ্ববিদ্যালয়ত Visiting Professor হিচাপে সেৱা আগবঢ়াইছিল। 

বিশ্ববিশ্ৰুত পৰিব্ৰাজক চীন দেশৰ হিউৱেন চাং এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল কেবাবছৰো। হিউৱেন চাঙে ৬৩৭ খৃঃ পৰা ৬৪২ খৃষ্টাব্দলৈ এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ মূলত বৌদ্ধ ধৰ্ম দৰ্শন আৰু সাহিত্য অধ্যয়ন কৰিছিল। সংস্কৃত ভাষাত তেওঁ ব্যুৎপত্তি লাভ কৰি বহুত সংস্কৃত মূল গ্ৰন্থ চীনা ভাষালৈ পৰৱৰ্তী কালত অনুবাদ কৰিছিল। 

তেওঁ গোটেই ভাৰত ভ্ৰমণ কৰি এখন ভ্ৰমণ কাহিনী লিখিছিল চীনা ভাষাত। এই গ্ৰন্থত নালন্দা মহাবিহাৰৰ সম্পৰ্কত এক মনোগ্ৰাহী আৰু বিশদ বৰ্ণনা দাঙি ধৰিছে। তেওঁ লিখিছিল- ‘‘এই বিশ্ববিদ্যালয়খন হ’ল ভাৰতৰ অতি উচ্চতম শিক্ষা ব্যৱস্থাৰ এক জীৱন্ত প্ৰতিভূ (Highest embodiment) সমগ্ৰ এচিয়াৰে ভিতৰতে’’। তেওঁ বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ শিক্ষা প্ৰণালীৰ বিষয়ে মন্তব্য কৰি লিখিছিল এইদৰে- ‘‘চিন্তা উদ্ৰেককাৰী প্ৰশ্ন সোধা আৰু তাৰ উত্তৰ সংগ্ৰহ কৰাৰ কাৰণে যেন দিনটোৰ গোটেই সময়খিনি বৰ তাকৰিয়া আছিল। ৰাতিপুৱাৰ পৰা গধূলিলৈকে ছাত্ৰ-শিক্ষকসকল অতি ব্যস্ততাপূৰ্ণ ভাৱে মননশীল আলোচনাত অংশগ্ৰহণ কৰিছিল; বয়োজ্যেষ্ঠসকলে কনিষ্ঠসকলক সহায় সহযোগ কৰিছিল।” তেওঁ লিখিছিল যে- “শিক্ষকসকলে প্ৰায় ১০০খন মান মঞ্চৰ (Pulpit) পৰা দৈনিক ভাষণ (Discourse) দিছিল। ৰাজন্য বৰ্গৰ দান বৰঙনিৰ দ্বাৰা কেৱল আৱাসিক গৃহ, ভাষণ গৃহ আৰু অন্যান্য মনোমোহা ঘৰসমূহেই বনোৱা হোৱা নাছিল, বৰং যাবতীয় সকলো বস্তু যিবোৰ শিক্ষক বা ছাত্ৰক দৰকাৰ হৈছিল- সকলো বস্তুৰ যোগান ধৰা হৈছিল।”

অন্যহাতে, হিউৱেন চাঙৰ পৰৱৰ্তী কালত অন্য এজন চীনা পৰিব্ৰজক আইৎজিং (I-Tsing or Yijing) ৬৭৩ খৃঃত ভাৰতলৈ আহিছিল আৰু নালন্দাবিশ্ববিদ্যালয়ত ছাত্ৰ হিচাপে অধ্যয়ন কৰিছিল। তেওঁ মুঠতে ১৪ বছৰ এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। ৬৯৫ চনত তেওঁ চীনলৈ প্ৰত্যাৱৰ্তন কৰিছিল আৰু লগত লৈ গৈছিল প্ৰায় ৪০০খন মান সংস্কৃত গ্ৰন্থৰ পাণ্ডুলিপি। এই গ্ৰন্থসমূহ তেওঁ চীনা ভাষালৈ অনুবাদ কৰিছিল আৰু চীনত বৌদ্ধ ধৰ্মৰ প্ৰসাৰত সহায় কৰিছিল। প্ৰায় সাতটা শতাব্দীৰ গৌৰৱোজ্জল ভ্ৰমণ কাহিনীত নালন্দাবিশ্ববিদ্যালয়লৈও নামি আহিছিল কিছুমান অনিয়ন্ত্ৰিত ঘটনা প্ৰৱাহ আৰু ধংসৰ অশনি সংকেত। 

নালন্দাৰ পতনঃ

ভাৰতৰ প্ৰাচীন ইতিহাসৰ অতি কলংকময় আৰু অতি দুখৰ ঘটনাটো ঘটিল ১১৯৩ চনত যেতিয়া তুৰ্কী লুণ্ঠনকাৰী সেনাপতি মহম্মদ বখতিয়াৰ খিলজিৰ নেতৃত্বত যোৱা এদল অশ্বাৰোহী সৈন্যই নালন্দা বিশ্ববিদ্যালয়ৰ পৰিসৰৰ মাজত অতৰ্কিতে আক্ৰমণ কৰি বহু বৌদ্ধ ভিক্ষু, আচাৰ্য্য আৰু শিক্ষকসকলক হত্যা কৰি ধ্বংসলীলা সৃষ্টি কৰিলে। ইতিহাসৰ অন্ধকাৰময় দিনটোৰ সাক্ষী হিচাপে থৈ গ’ল- লুণ্ঠন, হত্যা আৰু ধ্বংসাৱশেষসমূহ। এচিয়াৰ সেই সময়ৰ বিশাল গ্ৰন্থগাৰটো জ্বলাই দিলে- ঘাটকহঁতে আৰু সমষ্ট কিতাপৰ পাণ্ডুলিপিবোৰ প্ৰায় কেইবা সপ্তাহো জ্বলি থাকিল আৰু পিছত সম্পূৰ্ণ ধ্বংস স্তুপত পৰিণত হয়। এই অতৰ্কিত আক্ৰমণ তুৰ্কী বিলাকে কিয় কৰিছিল তাৰ চমু উত্তৰ ঐতিহাসিকসকলে এইদৰে দিছে- তুৰ্কী বিলাকে মুৰ্ত্তিপূজা বা বহু পন্থীয় ধৰ্মৰ ঘোৰ বিৰোধী আৰু তেওঁলোকৰ ধৰ্মৰ বাহিৰে অন্য মতাদৰ্শক ইচলাম বিৰোধী বা কাফিৰ (Kafer) বুলি গণ্য কৰিছিল। সেয়ে খুউব সুপৰিকল্পিত আক্ৰমণ কৰিছিল শিক্ষানুষ্ঠানসমূহক। এইটো এটা অপ্ৰিয় সত্য কাৰণ আছিল। 

ইয়াৰোপৰি অন্য এটা প্ৰধান কাৰণ- যিটোৰ কাৰণে নালন্দা বিশ্ববিদ্যালয় পুনৰ উজ্জীৱিত কৰিব পৰা নগ’ল, সেইটো হ’ল প্ৰায় ১২০০ খৃঃমানৰ পৰা বৌদ্ধ ধৰ্মৰ প্ৰভাৱ ভাৰতৰ জনসাধাৰণ বা প্ৰজাসকলৰ মাজত ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিলে। ইয়াৰ কাৰণ কেইবাটাও আছিল- যিবোৰ আলোচনা আমাৰ এই লিখনিৰ পৰিসৰৰ বাহিৰত পৰিব। 

ৰজাসকলেও ক্ৰমে বৌদ্ধ ধৰ্ম এৰি পুনৰ হিন্দু ধৰ্মলৈ ধৰ্মান্তৰ হৈছিল, সেয়ে দান-বৰঙনি ৰাজন্য পৃষ্ঠপোষকতা (Royal Patronage) একেবাৰে কমি আহিবলৈ ধৰিলে। বিশ্ববিদ্যালয়ৰ ৰাজহ ব্যৱস্থা (Financial management) ঢিলা হৈ পৰিল। আনহাতে প্ৰাচীন ঘৰ, প্ৰাচীৰ বা স্তুপসমূহ নিৰ্মিত হৈছিল গুপ্ত যুগত নিৰ্মিত ইটা, শিলৰ গাঁথনিৰ দ্বাৰা। যিহেতু গুপ্ত যুগত নিৰ্মিত ইটাৰ গুণগতভাৱে খুউব দুৰ্বল সেয়ে এই গোটেই বিশ্ববিদ্যালয়ৰ অট্টালিকাসমূহ কেইবাশতিকাৰ প্ৰাকৃতিক পৰিৱেশত তিস্তি থাকিব নোৱৰা হৈ ভাগি পৰিব ধৰিলে। প্ৰায় ১২৪০ চন মানলৈকে নালন্দা বিশ্ববিদ্যালয়খনক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস হাতত লোৱা হৈছিল যদিওবা- সকলো ব্যৰ্থ হৈছিল। কালৰ কুটিল গতিত নালন্দা বিশ্ববিদ্যালয় স্মৃতিৰ গহ্বৰত সোমাই গ’ল। এনেদৰে বিক্ৰমশীলা, ৱালভী, সোমাপূৰা, জগদ্দালা, ওদান্তপুৰী, পূষ্পগিৰি প্ৰভৃতি বিশ্ববিদ্যালয়সমূহো ক্ৰমান্বয়ে নালন্দাৰ লগত ধ্বংসৰ মুখলৈ গতি কৰিলে। 

পাহৰণিৰ গৰ্ভত পৰি থকা নালন্দাত ১৯১৫ চনত বৃটিছ পূৰাতত্ত্ববিদসকলে খনন কাৰ্য্য কৰি ইটা শিলেৰে নিৰ্মিত বৃহৎ বৃহৎ প্ৰাচীৰ, স্তুপ, অট্টালিকাসমূহৰ ধ্বংসাৱশেষ অৱিষ্কাৰ কৰি নতুন নতুন তথ্যসমূহ প্ৰাচীন ভাৰতৰ ইতিহাসৰ ছাত্ৰসকলক অৱদান দিলে। 

গ্ৰন্থপঞ্জী:

1. Ancient India- Dr R.C. Majumdar

2. India’s Ancient Past- Dr R.S. Sharma

3. The Educational heritage of Ancient India – Dr. Sahana Singh.

4. An article from Wikipedia.

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক