প্ৰাচীন ভাৰতীয় বিজ্ঞান চৰ্চাৰ ইতিহাস – দেৱযানী দত্ত

সাম্প্ৰতিক বিশেষ চৰ্চাত থকা চন্দ্ৰযান-2 আৰু ইচৰ’ৰ হাতত ধৰি এবাৰ উভতি চাবলৈ মন গ’ল প্ৰাচীন ভাৰতীয় বিজ্ঞান চৰ্চাৰ ইতিহাসলৈ৷ বিশেষ কাৰণত পঢ়িছিলোঁ যোগীৰাজ বসুৰ ‘বেদৰ পৰিচয়’ আৰু প্ৰফুল্ল কটকীৰ এখন অনুবাদ গ্ৰন্থ (নামটো পাহৰিলোঁ)৷ আৱিষ্কাৰ কৰিছিলোঁ ভাৰতীয় বিজ্ঞান চৰ্চাৰ ইতিহাসৰ এক বিষ্ময়কৰ অধ্যায়৷ ‘বেদ’ চাৰিখন। বেদক মই ধৰ্মশাস্ত্ৰ বুলিয়েই ভাবি আছিলোঁ৷ কিন্তু প্ৰকৃততে বেদ কেইখন ধৰ্ম, দৰ্শন আৰু বিজ্ঞানৰ এক ‘সমসতত্ত্ব দ্ৰৱণ’হে৷ সংমিশ্ৰিত হোৱাৰ বাবেই ভাৰতীয় মনীষীসকলৰ বিজ্ঞান চেতনাৰ স্বৰূপ চিনিবলৈ কিছু কঠিন৷ ভাৰতবাসীৰ বাবে এয়া অত্যন্ত দুখজনক কথা যে পশ্চিমীয়া বিজ্ঞান সভ্যতাৰ কথা আমি যিমান জানিছোঁ, চৰ্চাৰ অভাৱত নিজৰ বিজ্ঞান ঐতিহ্যৰ সামান্য অংশও আমি নাজানোঁ৷ বিজ্ঞানৰ আবিষ্কাৰৰ কৃতিত্বও পশ্চিমীয়া মনীষীসকলেই দাবী কৰে৷ কিন্তু কাল বিচাৰ কৰিলে দেখা যায়, যি সময়ত পশ্চিমীয়া দেশবোৰ অজ্ঞান আন্ধাৰত ডুব গৈ আছিল সেই সময়ত ভাৰতীয় মনীষীসকলে মহামূল্যৱান বৈজ্ঞানীক তত্ত্বৰ বিশ্লেষণ কৰিছিল৷

ঋষিসকলে নানা নক্ষত্ৰৰ প্ৰকৃতিৰ চিনাক্তকৰণৰ পাছত নক্ষত্ৰৰ নামকৰণ কৰিছিল৷ নক্ষত্ৰৰ গণণা আৰু পৰ্য্যৱেক্ষণৰ ফলস্বৰূপেই প্ৰতিষ্ঠা হ’ল ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ ভেঁটি৷ ঋক সংহিতাত সূৰ্য্যক কেন্দ্ৰ কৰি চন্দ্ৰ আৰু গ্ৰহাদিৰ অৱস্থিতিৰ উল্লেখ আছে৷ পৃথিৱীৰ আৱৰ্তনৰ কথাও পোৱা যায়৷ সূৰ্য্য-চন্দ্ৰৰ ওপৰত প্ৰতিফলিত হয়৷ বেদাংগ নিৰুক্তত স্পষ্টভাৱে উল্লেখ আছে ‘সূৰ্য্যৰ দীপ্তিয়েই চন্দ্ৰক দীপ্ত কৰে৷’ দশম মণ্ডলৰ শ্লোকত চন্দ্ৰ প্ৰভাৱত সাগৰ আৰু নদীত জোৱাৰ-ভাটা হয় বুলি কোৱা হৈছে৷ ছয় ঋতুৰ কাৰণ হৈছে সূৰ্য্যৰ গতি৷ ‘ত্ৰিশতা ষষ্ঠি’ অৰ্থাৎ তিনিশ ষাঠি দিনে এবছৰ হয় বুলি উল্লেখ আছে৷ অথৰ্ব বেদৰ গোপথ ব্ৰাহ্মণত কোৱা হৈছে যে ‘সূৰ্য্য কেতিয়াও অস্ত নাযায়, সূৰ্য্য সদায় ভাস্বৰ৷ …… ৰাতিৰ সময়ত পৃথিৱীৰ অপৰাহ্ণত সূৰ্য্য বিৰাজ কৰে….’৷ নক্ষত্ৰৰ গণণাৰ পিতা হ’ল গৰ্গ ঋষি৷ বৈদিক যুগৰ শেষৰ ফালে এই চৰ্চাত বিখ্যাত ঋষি হ’ল লাগোধ৷

ভাৰতৰ প্ৰাচীন ঋষি সকলে চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াই গৈছে সেয়াও বিষ্ময়কৰ৷ ঋকবেদ আৰু যজুৰ্বেদত সামান্য চিকিৎসাৰ কথা উল্লেখ আছে কিন্তু অথৰ্ববেদত চিকিৎসা বিষয়ক ব্যাপক আলোচনা আছে৷ বৈদিক যুগত অস্ত্ৰবিদ্যা (চাৰ্জাৰি) আৰু অস্থিবিদ্যা কিমান উন্নত আছিল তাৰ প্ৰমাণ অথৰ্ব সংহিতাত পোৱা যায়৷ লতা গুল্মৰ দ্বাৰা ভগা হাড় যোৰা দিয়া হৈছিল৷ ঋকবেদত কৃত্ৰিম লোৰ অস্থিৰ ব্যৱহাৰৰ কথা পোৱা যায়৷ বীৰাংগনা বিশপলাৰ যুদ্ধত জংঘা ভাগিলত অস্ত্ৰোপচাৰ কৰি তাত কৃত্ৰিম জংঘা লগোৱা হৈছিল৷ (আয়সীং জংঘাম, ১-১১৬-১৫ মন্ত্ৰ)৷ অথৰ্ববেদৰ পৰিশিষ্টৰ নাম আয়ুৰ্বেদ৷ আয়ুৰ্বেদৰ চিকিৎসা পদ্ধতি এতিয়াও প্ৰচলিত হৈ আছে৷ বিভিন্ন ঋষিয়ে ৰোগ আৰোগ্যৰ বিধান সংক্ৰান্তীয় ১৬খন সংহিতা ৰচনা কৰি আয়ুৰ্বেদ শাস্ত্ৰলৈ অৱদান আগবঢ়াইছিল৷ তাৰ দুখন উল্লেখযোগ্য সংহিতা হ’ল ‘চৰক সংহিতা’ আৰু ‘সুশ্ৰুত সংহিতা’৷

চৰক সংহিতাৰ মতে ঋষি ভৰদ্বাজেই হ’ল প্ৰথম আয়ুৰ্বেদাচাৰ্য্য৷ তেওঁ বিভিন্ন ৰোগৰ লক্ষণ বিলাক বিশ্লেষণ কৰি ৰোগ নিৰাময়ৰ বাবে প্ৰাকৃতিক গছ লতাৰে ঔষধ প্ৰস্তুত কৰিছিল৷

ভৰদ্বাজ ঋষিৰ শিষ্য আত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা অনূষ্ঠান প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষত গুৰুৱে দি যোৱা আয়ুৰ্বেদ চিকিৎসাৰ পাতনি মেলে৷ তেওঁ ৰচনা কৰা সংহিতাৰ নাম ‘আত্ৰেয় সংহিতা’৷ ইয়াৰ শ্লোকৰ সংখ্যা ৪৬,৫০০৷ শৰীৰৰ ‘ত্ৰিদোষ’ তত্ত্ব (বায়ু, পিত্ত, কফ) তেওঁৰ গবেষণাৰে ফল৷ আয়ুৰ্বেদলৈ তেওঁ অতুলনীয় বৰঙনি আগবঢ়াই গৈছে৷

প্ৰাচীন ভাৰতৰ বিখ্যাত শৈল্য চিকিৎসক হ’ল ঋষি শূশ্ৰুত৷ তেওঁৰ সংহিতাৰ নাম ‘শূশ্ৰুত শৈল্যতন্ত্ৰ’ যি পাছলৈ ‘শূশ্ৰুত সংহিতা’ নামেৰে জনা যায়৷ তেওঁ এশ একৈশটা অস্ত্ৰ চিকিৎসাত ব্যৱহাৰ কৰিছিল৷ সেই যুগতে তেওঁ কটা চিঙাৰ পৰা আৰম্ভ কৰি শৰীৰত শল্য প্ৰৱেশ, শল্যৰ দ্বাৰা ক্ষতস্থান পৰীক্ষা, চিলাই, শৰীৰৰ পৰা অপ্ৰয়োজনীয় তৰল প্ৰদাৰ্থক অস্ত্ৰোপচাৰৰ সহায়ত বাহিৰলৈ অনা কাম সুকলমে সমাপন কৰিছিল৷ অস্ত্ৰ চিকিৎসাৰ বাবে তেওঁ অত্যন্ত খ্যাতি আৰু বিষ্ময় অজ্জৰ্ন কৰা বিষয়টো হ’ল ‘প্লাষ্টিক চাৰ্জাৰি’৷ নাৰীৰ সংকটাপন্ন প্ৰসৱকালীন অস্ত্ৰোপচাৰ, মূত্ৰনলীৰ পাথৰ নিষ্কাষণ, চকুৰ চানি কটা আদি বহুত আলোচনাও শূশ্ৰুত সংহিতাত উল্লেখ আছে৷

ঋষি চৰকেই প্ৰকৃতপক্ষে আয়ুৰ্বেদ চিকিৎসাত প্ৰাণ প্ৰতিষ্ঠা কৰে৷ তেওঁ ৰচনা কৰা ‘চৰক সংহিতা’ অকল ভাৰতীয় চিকিৎসা বিজ্ঞানতে নহয় বিশ্বৰ চিকিৎসা ইতিহাসতো এক উল্লেখযোগ্য ঘটনা৷ আয়ুৰ্বেদ চিকিৎসা বিষয়ক তেওঁৰ সংহিতাত উল্লেখ কৰিছে ভ্ৰূণৰ সৃষ্টি আৰু গঠন, মানৱ শৰীৰৰ গঠন বা এনাটমি, শৰীৰৰ বিভিন্ন ক্ৰিয়া কলাপ, বায়ু পিত্ত, কফৰ শৰীৰত প্ৰভাৱ, ৰোগ নিৰ্ণয়ৰ ৰোগবিকাৰ বিদ্যা (প্যাথোলজি), পূৰ্ণ যৌৱন লাভৰ বৈজ্ঞানিক উপায় আদি৷ তেওঁ প্ৰায় ১১০০ বিধ উদ্ভিদ আৰু জীৱ জন্তুৰ শৰীৰৰ পৰা আহৰণ কৰা দ্ৰব্যৰে ঔষধ প্ৰস্তুত কৰাৰ কথা জনা যায়৷ ভাৰতৰ চিকিৎসা জগতত ঋষি চৰক এক বিষ্ময়কৰ ব্যক্তিত্ব৷ লগতে উন্নত প্ৰাচীন চিকিৎসাৰ প্ৰমাণ হিচাপে পতঞ্জলিৰ যোগাভ্যাসৰ কথা উল্লেখ কৰিব পাৰি৷ আমাৰ সকলোৱে কম বেছি পৰিমাণে এই বিষয়ে জানে৷ সুস্বাস্থৰ বাবে বিশ্বব্যাপী খ্যাতি অৰ্জন কৰা ভাৰতীয় যোগ পৰম্পৰাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷

বৈদিক যুগৰ বিবিধ প্ৰকাৰৰ যজ্ঞৰ বেদী নিৰ্মাণ কৰোঁতে ভূমিৰ পৰিমাপ আৰু বৃত্তাকাৰ, অৰ্দ্ধ বৃত্তাকাৰ, চাৰিকোণীয়া, তিনিকোণীয়া আদি বিবিধ আকাৰ নিৰ্ধাৰণ কৰোঁতে আৱিষ্কাৰ কৰিলে গণিতৰ সুদুৰপ্ৰসাৰী শাখা – জ্যামিতি৷ এই জোখমাখ লিপিৱদ্ধ কৰা গ্ৰন্থখন হ’ল ‘শুল্বসূত্ৰ’৷ জ্যামিতি উদ্ভাৱনৰ ঋষিকেইজন হ’ল বৌধায়ন, অপস্তমভ, কাত্যায়ন, মানৱ, মৈত্ৰায়ন, বৰাহ আৰু বাধুল৷

শুল্বসূত্ৰৰ ৰচয়িতা হ’ল বৌধায়ন৷ তেওঁৰ গ্ৰন্থৰ জ্যামিতি সমন্ধীয় তিনিটা ভাগত – প্ৰথমে ১১৬টা সংক্ষিপ্ত সূত্ৰ, দ্বিতীয়তে – ৮৩ টা সংক্ষিপ্ত সূত্ৰ, তৃতীয়তে ৩২৩ টা সংক্ষিপ্ত সূত্ৰ আছে৷ বৈদিক যুগৰ আৰম্ভণিতে সংখ্যাৰ ব্যৱহাৰৰ পদ্ধতি আৱিষ্কাৰ হৈছিল৷ প্ৰাচীন গণিতজ্ঞ মেধাতিথিয়ে উচ্চ সংখ্যাবোৰ নিৰ্দিষ্ট নিয়ম শৃংখলাত কেনেকৈ পাতিব পাৰি সেই কথা পৃথিৱীক শিকাইছিল৷ যেনে দহ, শ, হাজাৰ, লাখ আদি সংখ্যাতত্ত্ব৷ একৰ পৰা ন লৈকে সংখ্যাৰ ব্যৱহাৰ আৰু ‘শূন্য’ৰ ব্যৱহাৰ তেওঁৱেই দেখুৱাই দিছিল৷ মেধাতিথিয়ে দশমিক পদ্ধতিৰ আৱিষ্কাৰ কৰিছিল৷ বৰ্ত্তমান সময়তো এই অৱদান গণিতৰ বাবে মহামূল্যৱান৷ ঋষিসকলে ৰচনা কৰা গণিতৰ গ্ৰন্থখনৰ নাম হ’ল, ‘কায়াগিনুসুচল’৷■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক