প্ৰাত্যহিক (চন্দামিতা কাকতি)

প্ৰাত্যহিক

  • চন্দামিতা কাকতি


ইয়াত এখন অৰণ্য আছিল,
দিনত সূৰুয বোলেৰে
জোনালীৰ লুকাভাকুত ৰাতি
সাৰে থাকি
গা ধুইছিল বাঘ আৰু হৰিণ ৰঙৰ
চিকমিকনিৰে নিৰাভৰণ
সৌ নদীখনৰ ঢৌত সাঁতুৰিনাদুৰি
নৈ আৰু হাবিৰ
এই আৰণ্যিক মিলনত
মুকুতা হৈ সৰিছিল
স্নিগ্ধতাৰ
নিৰ্দোষ থুনপাক
ঘটিবলগীয়াটোহে ঘটাৰ দৰে
এতিয়া সপোনত ওলমে
এখনি অৰণ্যৰ ছবি বুকুৰ ভিতৰত
আৰু গোটমৰা এটি নদীৰ কাৰুণ্য
ৰাতিবোৰটো ৰাতিয়েই
এতিয়া দিনবোৰো ৰাতি !
নদী আৰু অৰণ্যৰ মিলন স্মৃতিত
হাহাকাৰ এটিলৈ পৰ্যবসিত
মোৰ শৈশৱ আৰু উত্তৰকালৰ
উত্তৰণ গাথা
চক খাই উঠো,
সঁচাকৈয়ে আছিলনে ইয়াত এদিন
নদী আৰু অৰণ্যৰ মায়া,
আছিলোনে আমি
মানুহ কেতিয়াবা !!!

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক