প্ৰাপ্তি, অপ্ৰাপ্তি আৰু কিছু নুবুজা সাঁথৰ- (অঞ্জলি গগৈ বৰগোহাঞি)

তুমি ফাগুনৰ জুই হৈ

উজ্জ্বলি উঠিছা
মোৰ হিয়াৰ মাজত

কেনেকৈ বুজাও তোমাক
হে অনামিকা

এতিয়া দেখোন পাৰ ভগা গৰা-খহনীয়া

এবাৰ যদি ক’লাহেঁতেন

মইয়ে তোমাৰ আমন্ত্ৰিত
সেই যুগান্তৰৰ প্ৰিয়তমা …

: অনিমেষ, তাইতো নাম বিহীনা অনামিকা নহয়, তাইৰ নাম প্ৰিয়দৰ্শিনীহে৷ ঠিক আছে এইবাৰ অনামিকা নহয়, প্ৰিয়দৰ্শিনী বুলি আবৃত্তি কৰোঁ ৰ!
: ধেইত তেৰি এনেকৈ বাৰু ক’ব পাৰি নেকি? তইতো জান দোস্তি, মই আৰু কবিতা! নৈব নৈব স্বঃ! প্লিজ বিমান, কিবা এটা উপায় দে মোক৷ নহ’লে মোৰ পঢ়া-শুনা চব বৰবাদ হৈ যাব৷ মোৰ বাৰু সঁচাকৈয়ে কি হৈছে, তাইক দেখিবৰে পৰা একোতেই মন বহুৱাব পৰা নাই৷ এক অজান পুলকত ৰোমাঞ্চিত মন প্ৰাণ৷ কেনেকৈ মোৰ মনৰ বতৰা প্ৰিয়দৰ্শিনীৰ আগত বেকত কৰিব পাৰিম তাৰ এটা দিহা না দোস্তি! কিবা এই কবিতা নে অকবিতা গাই মোক আৰু পাগল কৰি নুতুলিবি!
: তইতো সচাঁকৈ দিৱানা হৈ গলি ৰে! ভাবিয়েই আচৰিত লাগিছে, ইউ টু অনিমেষ! এই শুনা শুনা আমাৰ হোষ্টেলৰ নিমাখিত প্ৰাণী মানে অনিমেষৰো হৈ গ’ল দেই ৰাইজ৷ আৰু কাৰ লগত জানেনে …
কথা বিষম দেখি, বিমানে আৰু মুখ খোলাৰ আগতে মই তাৰ মুখত সোপা দি মনে মনে থাকিবলৈ কলোঁ৷ তাৰপিছত মোৰ মনৰ অৱস্থা তাক বুজাবলৈ কলোঁ –
: উইলিয়াম শেক্সপিয়েৰৰ জুলিয়াচ চিজাৰৰ লগত সুৰ মিলাই ডাইলগ মাৰিব নালাগে দে বিমান! ইটচ্ ন’ট আ জ’ক, আই এম চিৰিয়াচ!

নাজানো মোৰ প্ৰিয়দৰ্শিনীক দেখিলেই কি হৈ যায়৷ একো ক’ব নোৱাৰা হৈ যাওঁ৷ সদায় ভাবো, মোৰ মনৰ কথাবোৰ তাইক খোলাকৈ কৈ দিম, কিন্তু নাই নোৱাৰোঁ! তাইক ওচৰত লগ পালেই মুক হৈ পৰোঁ৷ মোক সহায় কৰ দোস্তি৷
: আৰে ভাই, তোৰ পেটত ভোক আছেনে নাই সেয়া আনে কেনেকৈ জানিব হা? গতিকে নিজৰ ভোকাতুৰ অৱস্থাৰ কথা নিজেই ক’লেহে হ’ব৷ মই যদি তাইক তোৰ কথা কিবা কওঁ বুলিও ভাবোঁ, তোৰ মনৰ সম্পূৰ্ণ কথাবোৰ জানো ভালকৈ বৰ্ণনা কৰিব পাৰিম? সেয়েহে মনত সাহস আন আৰু নিজেই তোৰ প্ৰেমৰ বতৰা তাইক জনাই দে৷ অৱশ্যে সহায় কৰিবলৈ মই তোৰ লগত থাকিম৷
বিমানৰ কথাবোৰে মনত বহুতো সাহস দিলে৷ এদিন বিমানৰ লগত ক্লাছৰ শেষত প্ৰিয়দৰ্শিনী অহাৰ বাটত তাইলৈ অপেক্ষা কৰি ৰ’লোঁ৷ সময় যিমানে চাপি আহিছে বুকুৰ স্পন্দন সিমানেই বাঢ়ে গৈছে৷ তেনেতে দূৰৰ পৰা লগৰ ছোৱালী এজনীৰ লগত তাই হোষ্টেলৰ ফালে আহি থকা দেখি পালোঁ৷ মোৰ অৱস্থা কেনি যাওঁ গোপাল, কেনি যাওঁ কৃপাল হৈ গৈছে৷ কাণ দুখনৰ ভম্ ভমনিৰ পৰাই গম পাইছোঁ, সেই দুখনৰ ৰক্তজৱাৰ বৰণটি৷ বিমানে বাৰে বাৰে মনত সাহস আৰু টিপ্পনি দি আছে৷ সিহঁত দুজনী প্ৰায় আমাৰ ওচৰ পালেহি আৰু লাহে লাহে আমাৰ ওচৰৰ পৰা আঁতৰি গৈ আছে৷ হঠাতে বিমানে মোৰ কাণত ক’লে –

“তই প্ৰেমিক হ’বলৈ যাৱ! যা যা মাৰৰ বুকুত সোমাই গাখীৰ খাই থাকগৈ৷ তই এতিয়াও কেঁচুৱা হৈয়ে আছ!”
বিমানৰ কথাষাৰ শুনাৰ লগে লগে কি হ’ল নাজানো, মই প্ৰায় চিঞৰিয়েই কলোঁ –

“প্ৰিয়দৰ্শিনী অলপ এইফালে আঁহাচোন, তোমাৰ লগত কথা অলপ আছে৷”
প্ৰিয়দৰ্শিনীয়ে হয়তো ভবাই নাছিল, মই তেনেকৈ তাইকেই মাতিছোঁ বুলি৷ কাৰণ ক্লাছলৈ যোৱাৰ পৰত আমি লগ পাওঁ যদিও কেতিয়াবা চকুৱে চকুৱে পৰিলে মই সাধাৰণতেই চকু নমাই দিওঁ৷ কোনোদিনে তাইৰ চকুত চকু থৈ চাই থাকিব নোৱাৰোঁ৷ মনত অপাৰ বিস্ময়লৈ তাইৰ আমাৰ কাষ চাপি আহিল৷ বুকুৰ স্পন্দন দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ গৈ থাকিল৷ তথাপিও বহু যত্ন কৰি কলোঁ –

“তোমাক মই ভাল পাওঁ প্ৰিয়দৰ্শিনী৷”
তাই মোলৈ অবিশ্বাসৰ চাৱনি এটি দিলে৷

:
হয়, মই সঁচাকৈয়ে তোমাক ভাল পাই পেলাইছোঁ প্ৰিয়দৰ্শিনী৷ এই এষাৰ কথা ক’ব নোৱাৰি মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল৷ তুমিও মোক ভাল পাব লাগিবই বুলি কোনো কথা নাই৷ তথাপিও হৃদয়ৰ অভ্যন্তৰত নামমাত্ৰকৈ হ’লেও মই আশা কৰিম তোমাৰ পৰা এটি ইতিবাচক উত্তৰ৷ অহা দেওবাৰে পুৱা ১০ বজাত মই তোমাৰ অপেক্ষাৰে লাইব্ৰেৰীৰ সন্মুখত ৰৈ থাকিম৷ তুমি আহিলে মুখেৰে একো নক’লেও মোৰ উত্তৰ মই গম পাই যাম৷ আজি বুধবাৰ, তুমি চিন্তা কৰি চাবা৷

দিনবোৰ ফাগুণৰ ৰঙৰ দৰে গৈ থাকিল,
ধূলিয়ৰি আকাশ দেখা নাই তেতিয়া৷ চাৰিওফালে কেৱল আবিৰে ৰঙীন কৰি থৈছিল৷”

সপ্তম ষাণ্মাসিকৰ ফলাফল আগৰ কেইটা ষাণ্মাসিকতকৈ বেছি ভাল হ’ল৷ প্ৰিয়দৰ্শিনীৰ তৃতীয় ষাণ্মাসিকৰ ৰিজাল্ট পিছে সিমান এটা ভাল নহ’ল৷ তাই মেকানিকেল বিভাগত ডিপ্পমা কৰি আমাৰ কলেজলৈ আহিছে৷ কলেজখনৰ আও-ভাও ভালকৈ ধৰিব পৰা নাই৷ প্ৰতি দেওবাৰে প্ৰিয়দৰ্শিনী আৰু মই ঘূৰি ফুৰোঁ গুৱাহাটীৰ চিনেমা হলবোৰত, কেতিয়াবা উমানন্দত, চিৰিয়াখানাত, বশিষ্ঠত৷ দেওবাৰৰ বাদে আন দিনবোৰত আমি লগ হোৱাৰ তেনেকৈ সুবিধা নাপাওঁ, কিন্তু প্ৰতিদিনেই এখন চিঠি প্ৰেৰণ কৰোঁ নিদিষ্ট এজন প্ৰেৰকৰ হাতত৷ চিঠিয়ে কঢ়িয়াই আনে মনৰ বতৰাৰ লগতে পঢ়া-শুনাৰ খবৰ৷ কেতিয়াবা নিৰ্জন মুহূৰ্তত মন যায় মোৰ তাইৰ পাঁজি-সেৰীয়া দুহাত মোৰ দুহাতত তুলি লোৱাৰ, বিবেকে তেনে কৰিবলৈ অনুমতি নিদিয়ে৷ আচলতে কিছুমান বস্তু যেন ভৱিষ্যতৰ বাবে সাঁচি ৰাখিছিলোঁ।

এদিন উমানন্দত নদীৰ কাষৰ শিল এটাত বহি অমি দুয়ো সন্ধিয়াৰ ৰঙীন আকাশৰ আলোকৰ ভাৱনাত বুৰ গৈছিলোঁ। ব্ৰহ্মপুত্ৰৰ চেঁচা পানীৰ ঢৌৱে আমাৰ দুভৰি তিয়াই গৈছিল বাৰে বাৰে৷ এটি ৰোমাণ্টিক পৰিবেশ! তেনে পৰতে মই তাইক সুধিছিলোঁ –

“তোমাৰ এই প্ৰিয়দৰ্শিনী নামটো কোনে ৰাখিলে বাৰু?”
হয়তো তাই আচৰিত হৈছিল এনেকুৱা এক পৰিবেশত তেনে এক প্ৰশ্নত৷
: অনিমেষ, আমি ইজনে সিজনক ল’গ পোৱা প্ৰায় ৬ মাহ পাৰ হ’ল! আজিনো অকস্মাতে এই কথা জানিবলৈ কিয় মন গল?
: নাই, মানে তোমাৰ জন্মৰ সময়ত ইন্দিৰা গান্ধীৰ মৃত্যু হোৱা নাছিল জানো? এনেই মনলৈ আহিল, কিবা সামঞ্জস্য আছেই কিজানি!
এমোকোৰা হাঁহিৰে তাই উত্তৰ দিছিল,
: তুমি ভুল ভবা নাই অনিমেষ। ১৯৮৪ চনৰ ৩১ অক্টোবৰত ইন্দিৰা গান্ধীৰ মৃত্যু আৰু তাৰ দুদিনৰ পাছতে মানে ২ নবেম্বৰত মোৰ জন্ম হৈছিল৷ আইতাই সেয়ে নাম দিছিল ইন্দিৰা। মায়ে আইতাক জনালে যে ইন্দিৰা গান্ধীৰ আন এটা নাম প্ৰিয়দৰ্শিনী৷ আৰু সেইটোৱেই মোৰ নাম হৈ পৰিল৷ অৱশ্যে আজি মোৰ নামৰ আঁৰৰ ৰহস্য জানিবলৈ না মা আছে না আইতা!
প্ৰিয়দৰ্শিনী আবেগিক হৈ পৰা দেখি মই কথাটো লঘু কৰি কৈ উঠিছিলোঁ –

“দেখিছা মই কিমান সৰবজান! মই আচলতে তোমাৰ ভূত, ভৱিষ্যত সকলো কৈ দিব পাৰোঁ!
: ইস্ বৰ একেবাৰে সৰবজানজন ওলাইছে৷ নালাগে তুমি মোৰ ভূত, ভৱিষ্যতৰ বৰ্ণনা দিব৷ অৱশ্যে পল্টন বজাৰত দোকান এখন খুলি বঢ়িব পাৰা! উপাৰ্জন ভালেই হ’ব৷
তাৰপিছত দুয়োটাই খুব হাঁহিলোঁ৷ হাঁহি বন্ধ কৰি প্ৰিয়দৰ্শিনীয়ে আকৌ আগৰ প্ৰসংগ টানি আনিলে৷ –

“ আচলতে কি জানা, স্বাধীন ভাৰতৰ ৰাজনীতিত ইন্দিৰা গান্ধীৰ নেতৃত্বই সাধাৰণ জনতাৰ মাজত এক সুকীয়া পৰিচয় বহন কৰিছিল৷ যিসময়ত আমাৰ আইতাহঁতে ‘ক’ ৰ কেইটা চুক নাজানিছিল, ঘৰুৱা কাম বনতে আবদ্ধ হৈ আছিল, তেনে সময়ত দেশ শাসন কৰি ইন্দিৰা গান্ধীয়ে দপ্ দপাই ফুৰিছিল৷ তেনেধৰণৰ কথা্বোৰ আইতাহঁতৰ বাবে সপোনৰো অগোচৰ আছিল৷ গতিকে ইন্দিৰা গান্ধী আইতাহঁতৰ মানত মানৱী নহৈ দেৱী হৈ পৰিছিল৷ ইন্দিৰা গান্ধীৰ মৃত্যুত ভাৰতীয় ৰাজনীতিত যেনেকৈ এটা অধ্যায় সমাপ্ত হৈছিল, তেনেকৈ আইতাহঁতৰ দৰে সৰ্বসাধাৰণ জনতাৰ বাবে এগৰাকী দেৱীৰ মৃত্যু হৈছিল৷ মই যেনেকৈ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত জন্ম হোৱাৰ বাবে প্ৰিয়দৰ্শিনী ( ইন্দিৰা ) হলোঁ, তেনেকৈ সেই সময়ত জন্ম হোৱা বহুতো ছোৱালীৰ নাম ইন্দিৰা হয়! হয়তো তেওঁক জীয়াই ৰাখিব বিচাৰিছিল আমাৰ মাজেৰে তেওঁৰ নামটো দি!
অষ্টম ষাণ্মাসিকৰ পৰীক্ষা হৈ গ’ল৷ কিছুদিনৰ পাছতেই জালুকবাৰী এৰি গুচি যোৱাৰ দুখৰ উপৰি প্ৰিয়দৰ্শিনীক সচৰাচৰ বিচাৰিলে লগ নোপোৱাৰ দুখে ম্ৰিয়মাণ কৰি তুলিছিল মোক৷ ২০০৩ চনৰ শেষত শিৱসাগৰৰ দিচাংমুখৰ ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিলোঁ৷ দুচকুত লৈ আহিলোঁ প্ৰিয়দৰ্শিনীৰ এসোপা মৰমৰ টোপোলা! সেই মৰম জালুকবাৰীৰ কৃষ্ণচূড়াৰ ৰঙতকৈও ৰঙীন৷ কিন্তু ঘৰলৈ আহিহে খেতিয়ক পিতৃৰ সন্তানে আচল পৃথিৱীখন দেখা পালোঁ৷ জীৱনৰ সংগ্ৰাম আৰম্ভ হৈ গ’ল৷ মোৰ ওপৰত বিয়া দিবলগীয়া বাইদেউজনী আছিল৷ ইফালে দেউতাৰ দেহা পৰি আহিছিল৷ এটা চাকৰিৰ বাবে হাহাকাৰ কৰি থাকোতেই বছৰ বাগৰি গ’ল৷ ৷ তাৰ মাজতে সপ্তাহ, পষেকৰ মূৰে মূৰে প্ৰিয়দৰ্শিনীৰ লগত চিঠিৰ আদান-প্ৰদান চলি থাকিল৷ মোৰ চিঠিবোৰত হতাশৰ সুৰ শুনি তাই মোক উৎসাহ প্ৰদান কৰি প্ৰত্যুত্তৰ দিছিল৷ তেনেতে ঠিক ডেৰ বছৰৰ পাছত দিল্লীস্থ মাৰুতী ৱৰ্কস্বপত মোৰ চাৰ্ভিচ্ ইঞ্জিনীয়াৰৰ চাকৰিটো হ’ল৷

দিল্লীত মোবাইল সেৱা দ্ৰুত গতিত চলি আছিল যদিও সেই সময়ত গুৱাহাটীত মোবাইল সেৱা তেনেই চালুকীয়া অৱস্থাত আছিল৷ বহুদিন প্ৰিয়দৰ্শিনীৰ স’তে সংযোগ কৰিব পৰা নাছিলোঁ৷ ভাবিছিলোঁ শেষ ষাণ্মাসিকৰ পৰীক্ষাৰ বাবে ব্যস্ত বুলি৷ পিছে মোৰ ভাৱনাৰ অন্ত পেলাই ২৭ অক্টোবৰ ২০০৫ চনত এখন চিঠি পালোঁ!

“মৰমৰ অনিমেষ,
ভুল নুবুজিবা মোক৷ জীৱনৰ এটা ডাঙৰ সংঘাত আহি মোক নিঃশেষ কৰি গ’ল৷ মোৰ দেউতা এক অচিন ৰোগত আক্ৰান্ত হৈ শেষ সময়ত ধৰা পৰিল৷ তুমিতো জানাই তেওঁৰ মোৰ অকল পিতা নাছিল, তেওঁ মোৰ বাবে মা, বন্ধু, শুভাকাংক্ষী সৰ্বস্ব আছিল৷ তেওঁৰ বাদে আমাৰ আৰু আপোন মানুহ কোনো নাছিল যাৰ হাতত তেওঁৰ কন্যাৰ দায়িত্ব দি যাব পাৰিব৷ মোৰ শেষ ষাণ্মাসিকৰ পৰীক্ষালৈ মাথোঁ আৰু কিছুদিনহে বাকী৷ দেউতাই তেওঁৰে বন্ধু কন্দৰ্প শইকীয়াৰ পুত্ৰ বিবেকৰ লগত মোৰ বিয়া ঠিক কৰিলে আজি! আৰু আজিয়েই বিবেকৰ ঘৰৰ মানুহে আহি মোক আঙঠি পিন্ধাই গ’ল৷ মই মুক হৈয়ে থাকিলোঁ! দেউতাৰ শেষ ইচ্ছাৰ পৰিতৃপ্ত মুখখন মই আওকাণ কৰিব নোৱাৰিলোঁ৷ সেয়ে ময়ো হয়তোবা দেউতাৰ শেষ হাঁহিটোকে বাচি ললোঁ৷ প্ৰেম মানে কেৱল জানো মিলন? সুখত থাকা …
ইতি
,
প্ৰিয়দৰ্শিনী

২১/১০/০৫

যোৰহাট, ন-আলি
০০০০০০০০

পৰিসমাপ্তি:
আজি ২০১৭ চনৰ ১২ ফেব্ৰুৱাৰীৰ পুৱা আগফালৰ বাৰাণ্ডাত বহি হাতত চাহ একাপ লৈ খবৰ কাগজখন মেলি লৈছিলোঁহে, তেনেতে মোবাইল ফ’নটো বাজি উঠিল৷ এটি অচিনাকি নম্বৰ, ফোনৰ সিটো মূৰত এক নাৰী কণ্ঠ৷ সেই অচিনাকি নাৰী কণ্ঠই জোকাৰি গ’ল মোৰ হৃদয় তন্ত্ৰীত৷ হয়তো মই কিছু আনমনা হৈ পৰিছিলোঁ ক্ষন্তেক সময়ৰ বাবে৷ সিফালৰ পৰা আকৌ “হেল্ল” বুলি কোৱাতহে মই আকৌ বাস্তৱলৈ ঘূৰি আহিলোঁ।
: মই শুনি আছোঁ, কওঁকচোন৷
: আজি নিয়মীয়া বাৰ্তাৰ ‘বাঁহী’ত আপোনাৰ এটা গল্প পঢ়িলোঁ, ভেলে’ণ্টাইন ডে’ বিষয়ক৷ আচলতে গল্পটোৰ কথাবোৰ মোৰ জীৱনৰ লগত মিলি যোৱা যেন লাগিল৷ সেয়ে গল্পটোৰ আঁৰত থকা মানুহজনৰ বিষয়ে জানিবলৈ মন গ’ল৷ অৱশ্যে ময়ো এজন অনিমেষ বৰুৱাক চিনি পাওঁ, পিছে তেখেত অভিযন্তাহে, সাহিত্যিক নহয়৷
: আপুনি কোনে কৈছে জানিব পাৰোনে?
: মোৰ নাম প্ৰিয়দৰ্শিনী বৰা শইকীয়া৷
সেই মাথো এটা বাক্য, এটা নাম! মোৰ জীৱনৰ আঁত হেৰাই যোৱা এটি সুৰ যেন বহু যোজন দূৰৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি আহিছে৷ সুৰটো মোৰ ভিতৰৰ পৰা আৰু ভিতৰলৈ সোমাই যোৱাৰ আগতেই মই ফোনৰ সংযোগ বিচ্ছিন্ন কৰি দিলোঁ৷
স্বাভাৱিক গতিৰেই মই মোৰ একাকী জীৱন পৰিক্ৰমাত আকৌ এবাৰ সোমাই পৰিবলৈ যত্ন কৰিবলৈ বদ্ধপৰিকৰ হ’লোঁ। মই যেন খোলাৰ ভিতৰত থকা এটা শামুক!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments