প্ৰাপ্তি (পাৰবীন চুলতানা)

(১)
“মোৰ বুকুত দেখোন হেজাৰ ফুলৰ সুবাস৷ মোক আকৌ ফুল কেলেই?”
“বুকু?”, দুষ্ট হাঁহি এটাৰে সি তাইক জোকাইছিল৷
“বুকু মানে মোৰ বাবে পুৰুষৰ বিশালতা আৰু নাৰীৰ উদাৰতা, কেতিয়াবা শূন্যতা”, তাই কৈছিল৷
“তোমাৰ বুকু শূন্য হ’বলৈ নিদিবা”৷
“মোৰ বুকু শূন্যই৷ মাথোঁ কাৰোবাৰ পৰা দহ এটা ধাৰ কৰি আনি ভৰাই ৰাখিছো৷
“কোন সেই ভাগ্যৱান?”
কোন তেওঁ, কোন তেওঁ? ………………..অভিমানত পিঞ্জৰা ভাগি ওলাই যোৱা এটি মুক্ত বিহংগ এতিয়া তেওঁ৷
“ৰৈ আছা তুমি?”, সি সুধিলে পুনৰ৷
“ৰৈ থাকিম চিৰদিন”, তাইৰ ক’লে৷
“দুৱাৰ খোলা ৰাখিবা?”, তাৰ প্ৰশ্ন৷
“কেৱল তেওঁৰ বাবে৷“
কাব্যিকতা শেষ হোৱা নাছিল সিহঁতৰ৷ তাই হাঁহি হাঁহি নিজৰ দুখবোৰ কবিতাৰে সজাইছিল৷ লগতে ৰাজনীশে দিয়া ৰঙা গোলাপৰ থোপাটোও মধুৰ প্ৰত্যাখান কৰিছিল তাই৷ তাই জানে এনে প্ৰত্যাখানত ৰাজনীশ কেতিয়াও আহত নহয়৷ প্ৰত্যাখানতো এক কলা থাকে, মাকে কৈছিল সৰুতে৷
(২)
এন.জি.অ. এটাৰ আঞ্চলিক শাখাত দায়িত্ব লোৱাৰ পাচতে তাইৰ ব্যস্ততা বাঢ়িছিল৷ দিন নাই, ৰাতি নাই৷ ফোনৰ ওপৰত ফোন, টুৰৰ ওপৰত টুৰ৷ স্বপ্নীলৰ অভিমান এটাৰ জন্ম হৈছিল৷ বিয়ালৈকে বুলি আঙুঠিটোৰ জোখ দিবলৈকে সময় নোৱাৰাকৈ তাই ব্যস্ত হৈ পৰিছিল৷ তাৰ মাজতো স্বপ্নীলৰ কৰ্তৃত্বমূলক আবদাৰ, অধিকাৰবোধ এইবিলাকৰ মাজতে তাইৰ মনৰ ৰাজকুমাৰৰ সকলো গুণ সোমাই আছিল৷ ব্যস্ততাৰ মাজতো ডাঁৰৰ বাতৰি ডাঁৰে দি থকাৰ দৰে তাইৰ প্ৰতি মুহূৰ্তৰ হিচাপ তাৰ নখদৰ্পণত আছিল৷ বিউটি পাৰ্লাৰত ফেচিয়েল কৰি থকাৰ পৰা বাথৰূমত গান বজাই গা ধুই থকালৈকে৷ তাইৰ সত্বাটো যে স্বপ্নীলৰ সত্বাৰ মাজতে সোমাই আছিল৷
জখলাডাল আনি দিছিল সি৷ “বগাই যোৱা৷ ভয় নাখাবা৷ তোমাৰ প্ৰতিটো খোজৰ পাছফালেই মই আছো৷ তুমি মাথোঁ আগুৱাই যোৱা”, তাই মিলাব নোৱাৰা অংক কিছুমানত সি অভয়বাণী দিছিল৷
অথচ দুয়োজনে দুয়োজনক লগ নোপোৱা কিমানদিন যে হ’ল? ওচৰে ওচৰে থাকিও যে স্বপ্নীলক লগ নোপোৱা বহুদিনেই হ’ল৷ ইমান ওচৰত হৈয়ো ইমান দূৰত!
তাতেই হয়তো তাৰ অলপ অভিমান৷
(৩)
“ইয়াত আকৌ মৰুভূমিখন ক’ৰ পৰা আহিল?”, তাইৰ অইল পেইণ্টিংখনলৈ চকু দি ৰাজনীশে কৈ উঠিল৷
তাই মৃদু হাঁহিলে, তাৰ পাচত ক’লে, “মই কওঁ শুনা৷ ইয়াত এখন নৈ আছিল৷ ভদীয়া বানে সুঁতি সলাইছিল৷ নৈখনৰ বুকু শুকাই মৰুভূমি হৈছিল৷ বুকুৰ গোলাপজোপা কেকটাছ হৈছিল আৰু সেই কেকটাছৰ মাজত সাঁচি গৈছিল এটোপ এটোপ সুধা”৷
“এই ৰাস্তাটো ইয়াতে আকৌ কিয় দিলা?”, ৰাজনীশে উৱাদিহ নাপালে মৰুভূমিৰ মাজৰ ৰাস্তাটোৰ উঁহ৷
“মৰুভূমিৰ মাজত উটৰ পিঠিত উঠি এই বাটেদিয়েই আহিব তাইৰ মনৰ ৰাজকুমাৰ৷ হয়তো লৈ আহিব এবুকু তৃষ্ণা৷ সেই তৃষ্ণাৰ পাত্ৰত একাঁজলি চকুলো ভৰাই পি খাব তাই৷ অলপ সাঁচিব উটৰ কুঁজত৷
“ৱাও৷ ফেণ্টাষ্টিক! তাৰ পাছত?”, সি আগ্ৰহী হৈ উঠিল৷
তাৰ পাছত? তাৰ পাছত সেই কেকটাছৰ সঞ্চিত সুধা আৰু উটৰ কুঁজৰ সঞ্চিত চকুলো ফালি এখন নদী ৱোৱাই দিয়াৰ ইচ্ছা তাইৰ৷
“কেকটাচৰ ধাৰাল খোঁচত যদি ক্ষত বিক্ষত হয় তাইৰ সুকোমল হিয়া”, তাৰ প্ৰশ্নবোধক চাৱনি৷
“হওক”, বুলি তাইৰ অভিমানী চকুপানী এটোপাল পেইণ্টিংখনৰ মৰুভূমিখনত পৰিছিল৷
“কোন তেওঁ”, সুধিছিল ৰাজনীশে৷
তাই মৌন হৈ ৰ’ল৷
কোন তেওঁ, কোন তেওঁ? ………………..অভিমানত পিঞ্জৰা ভাগি ওলাই যোৱা এটি মুক্ত বিহংগ এতিয়া তেওঁ৷
(৪)
ঘৰৰ পৰা আঁতৰি তাই আৰু স্বপ্নীল দুয়োটাই বেলেগে বেলেগে ভাৰাঘৰত থাকিব লগাত পৰিছিল৷ সেইদিনা তাইক চাবলৈ স্বপ্নীলৰ মাক দেউতাক অহাৰ কথা৷ কোনোমতে দেওবাৰটো উলিয়াইছিল তাই নিজৰ বাবে৷ চহৰৰে ৰেষ্টুৰেণ্ট এখনলৈ গৈছিল স্বপ্নীল সহিতে স্বপ্নীলৰ মাক দেউতাক৷ লাজ লাজ ভাৱ এটাৰে তাইক সিদিনা সত্তৰৰ দশকৰ ভৰিৰ নখেৰে মাটিত আঁচ টানি তলমূৰকৈ ৰৈ থকা ছোৱালীজনীৰ দৰেই লাগিছিল৷ হঠাতে তাইৰ ফোনটো বাজি উঠিছিল৷ তাইৰ তলৰ শাখা অফিচৰ ইন চাৰ্জ অলকেশৰ ফোন৷ ফোনত কথা পাতিয়েই তাই উত্তেজিত হৈ পৰিল৷ উত্তেজনাত তাই স্থান-কাল-পাত্ৰ পাহৰি পাৰ্ছটো দাঙি ললে, স্বপ্নীলক একো কবলৈ বা বুজিবলৈ সুযোগ নিদি তাই একপ্ৰকাৰ জপিয়াই আহি অলকেশৰ গাড়ীত উঠি তাৰ পৰা ৰাওনা হ’ল৷
(৫)
আজিও ভাব হয় তাইৰ, কিমান যে অপৈণত আছিল তাই! সৰু ছোৱালীৰ দৰেই কাম বুলিলেই কাম, খং বুলিলেই উত্তেজনা৷ পৰিস্থিতি চম্ভালিব পৰাকৈ শক্তিশালী তাই তেতিয়াও হৈ উঠা নাছিল৷ তাই যদি সিদিনা পৰিস্থিতিৰ ক্ষিপ্ৰতা তাক বুজাই আহিব পাৰিলেহেঁতেন, তেতিয়া জানো স্বপ্নীলে নুবুজিলেহেঁতেন৷ স্বপ্নীলক বাৰু সিদিনা তাৰ মাক-দেউতাকৰ সন্মুখত অপমান কৰা হ’ল নেকি?
নাৰী সংগঠন, পুলিচ থানা আদিৰ যাৱতীয় কামবোৰ শেষ কৰি চোৰাংচিকাৰীৰ কবলৰ পৰা যেতিয়া ১৪ বছৰীয়া ৰাণী নামৰ বোবা ছোৱালীজনীক অভিভাৱকৰ হাতত গতাই থৈ আহিছিল, তেতিয়া সন্ধ্যা ৮ বাজি পাৰ হৈ গৈছিল৷ ভোকত পেটটো কলমলাওতেহে তাইৰ মনত পৰিছিল ৰেষ্টুৰেণ্টত এৰি থৈ অহা খোৱাবস্তু ভৰ্তি প্লেটখনৰ কথা৷ স্বপ্নীললৈ ফোন লগালে তাই৷ ফোনটো বাজি বাজি অফ হৈ গল, আকৌ লগালে, আকৌ অফ হৈ গ’ল, আকৌ লগালে, হয়তো দহবাৰ, পোন্ধৰবাৰ৷ ধৈৰ্য কম তাইৰ৷ দায়বদ্ধতা যিমানেই, খংটোও সিমানেই৷ খংটো যিমানেই, মৰম আকলুৱাও সিমানেই৷ স্বপ্নীলে নুবুজাকৈ আছেনে বাৰু তাইক? জখলাত বগাবলৈ দি পাছফালে ৰৈ থকা মানুহ সি৷
কৃত্ৰিম খং এটা উজাই আহিল তাইৰ৷ মেছেজ বক্সটো খুলি ললে৷ হৃদয় যেতিয়া অভিমানেৰে ভৰি পৰে, মগজুত যেতিয়া ধৈৰ্য নাথাকে, লগতে পেটটো যেতিয়া ভোকে কলমলাই থাকে, যেতিয়া প্ৰিয়জনৰ ওপৰত গভীৰ আস্থা থাকে, তেনেবোৰ মুহূৰ্তত কীপেডত যিকেইটা শব্দৰ সংমিশ্ৰণ ঘটিব পাৰে, তেনে এক গাঢ় মিশ্ৰণেই দলিয়াই দিলে তাই স্বপ্নীললৈ৷ হয়, অতি কটু কথাৰে থকা সৰকা কৰিছিল তাক৷ তাইৰ গাৰ অংগ এটুকুৰা সি৷ যিমান আঘাত কৰিলেও সি যে তাইৰেই হৈ থাকিব৷ তাই জানে খং মিহলি মেছেজটো পোৱাৰ পাচতে স্বপ্নীল তাইৰ ওচৰলৈ দৌৰি আহিব৷ আহিবই সি৷ নিজে কটু কথা শুনাৰ দুখত নহয়, বৰঞ্চ তাইৰ খং দমাবলৈকে সি ৰাতি বাৰবজাত হলেও দৌৰি আহিব৷
মেছেজটো পঠিয়াই লৰামতীয়া স্বভাৱেৰে তাই অলপ সুখী হ’ল৷ তাইৰ অৱস্থাটো সি নুবুজিব কিয়? সি জানে অসংখ্য বঞ্চিত শিশুৰ মুখত তৰা জিলিকোৱাৰ প্ৰতিশ্ৰুতি তাইৰ৷ ৰাণী নামৰ বঞ্চিত ছোৱালীজনীৰ শৰীৰৰ ভূগোলো চোৰাংচিকাৰীৰ চকুৰ পৰা হাৰি যোৱা নাছিল৷ সন্দেহবশত এজন সচেতন নাগৰিকে সিহঁতৰ এন জি অৰ হেল্পলাইন নাম্বাৰলৈ ফোন কৰিলে বুলিহে ৰক্ষা, নহলে হয়তো ৰাণী এতিয়ালৈ অসমৰ সীমা পাৰ হৈ গলহেঁতেন’৷ চকুৰ আগলৈ ৰাণীৰ চেহেৰাটো ভাঁহি আহিল৷ কাইলৈকে তাইৰ ওচৰলৈ যাব লাগিব৷ উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাই উপযুক্ত সংস্থাপনলৈকে দায়িত্ব তাইৰ এন জি অ ৰ৷ আৰু ইফালে স্বপ্নীল? মুখ ফুলাই বহি আছে৷ অঁকৰাটো কৰবাৰ৷
গান এটা গুণগুণাই তাই বাথৰূমত সোমাল৷ আজি তাইৰ এটা সফল দিন৷ দিনটোৰ দুশ্চিন্তাখিনি শ্বাৱাৰৰ পানীৰে বোৱাই দিলে৷ কিবা এটা খাবলৈ বুলি নিজে ৰান্ধিবলৈকো মন নোযোৱা হ’ল তাইৰ৷ স্বপ্নীল অহা হ’লে তাৰ লগতে তাই ওলাই গ’লহেঁতেন, নতুবা তাকেই কলেহেঁতেন, “কিবা এটা ৰান্ধি দিয়ানা প্লিজ” বুলি৷ তাইৰ মৰমৰ আবদাৰত সি কৃত্ৰিম খং দেখুৱালেও সকলোখিনিয়ে কৰি দিলেহেঁতেন৷ তাইৰ পাকঘৰত সোমাই সি তাইৰ পছন্দৰ খোৱাবস্তু কেইপদ ৰান্ধি তাইক খুৱাই, নিজেও খাই চুমা এটাৰে বিদায় ললেহেঁতেন৷ সেই স্বপ্নীলেই তাইৰ বিয়াৰ কথা উলিয়াইছিল, “এনেকৈ সদায় সদায় আহি ৰাতি এপৰলৈকে তোমাৰ ৰূমত সোমাই থকা কথাটো অইনে সহজভাৱে নলব৷ বিয়াখনলৈ আগবাঢ়ো আহা৷”
ঘৰৰ একমাত্ৰ ল’ৰা সি৷ তাইৰ আকাশ চোৱাৰ হেঁপাহ, নিঃকিন মানুহৰ মাজত তৰা খঁচাৰ প্ৰতিশ্ৰুতি, জীয়াই থকাৰ দুৰ্নিবাৰ নিচা, মৰম আকলুৱা মনটোৰ উষ্ণতা- এই সকলোবোৰতে সি গলি গলি নিঃশেষ হৈছিল৷
ৰাতি বাৰ বজালৈকে মেছেজৰ উত্তৰ নাপাই তাই অলপ আচৰিত হ’ল৷ ফোন লগালে পুনৰবাৰ৷ ফোনটো বাজি বাজি বন্ধ হৈ গ’ল৷
এটা বজাতো……..
দুটা বজাতো……..
তিনি বজাতো..……
ফোন আৰু মেছেজৰ লগতে তাইৰ ৰাতিটো পাৰ হ’ল৷ কোনো সঁহাৰি নাপালে স্বপ্নীলৰ৷ পুৱা কাউৰীয়ে কা কৰোতেই যেন তাই স্বপ্নীলৰ ওচৰ পাবগৈ৷ কিন্তু নিজকে সম্বৰণ কৰিলে তাই, যিহেতু স্বপ্নীলৰ মাক দেউতাকো এতিয়া তাৰ ৰূমতে আছেহি৷ কিহৰনো ইমান অভিমান অ’ ল’ৰাটোৰ?
ন বজাতে তাই স্বপ্নীলৰ ৰূম পালেগৈ৷ কিন্তু এয়া কি? গেটত মস্ত এটা তলা৷ হতাশ মনে উভতিল তাই৷ ৰাণীৰ ওচৰলৈ যাওঁ বুলি লওঁতেই গাঁৱৰ পৰা নিজৰ মাকৰ ফোন আহিল৷ মাকৰ উচ্ছসিত কণ্ঠ, তাইৰ বিয়াৰ বাবে কোনোবা হেনো আলহী আহিছে চহৰৰ পৰা৷ খুৰাকৰ চিনাকি৷ খুৰাকটো যে আৰু! তাই যিমান প্ৰত্যাখান কৰিলেও প্ৰত্যেকবাৰেই এজন এজন ল’ৰাৰ সন্ধানত থাকে৷ এইবাৰো চাগে কোনোবা এজনক মাতি আনি মাকৰ মূৰটো খাইছে৷ তামোলৰ সেলেঙী বোৱাই বোৱাই খুৰাকে ভতিজাকৰ গুণ বখানি ওৰকে নাপাব৷ সকলোৰে মৰম পাই পাই তাই যে গুৰু গোঁসাই নমনাজনী হৈ পৰিল, সেই কথাটো নকলেহে পাৰিছে খুৰাকে৷ ওঁঠেৰে এটা হাঁহি বিৰিঙিল তাইৰ৷ এইবাৰ তাই নিজে ঘৰত স্বপ্নীলৰ কথা কব৷ তাই জানে স্বপ্নীলক লৈ কাৰোৰে একো আপত্তি নাথাকিব৷ স্বপ্নীলৰ লগত কালিৰে পৰা যোগাযোগ কৰিব পৰা নাই৷ তাই বৰ কষ্ট অনুভৱ কৰিলে৷
“ৰবাচোন মানু, লৰাজনে তোমাৰ লগত কথা পাতিবলৈ বিচাৰিছে৷ ফোনটো ধৰাচোন”, মাকে হয়তো সিমানপৰে লৰাৰ হাতত মবাইল তুলি দিলেই৷
“নাই মা, এতিয়া মই বেলেগ কাম এটাত ব্যস্ত আছো৷ পাছত কথা পাতিম৷ আৰু এটা কথা মা, মই এতিয়া কেৰিয়াৰৰ শীৰ্ষত আছো, এতিয়া বিয়া পাতি অনৰ্থক বৰবাদ নহওঁ”, স্বপ্নীলৰ চকুহাল নিজলৈ চকুলৈ টানি আনি তাই মাকক আঁভুৱা ভৰিছিল৷
স্বপ্নীলৰ বাদে বেলেগ কাৰোবাৰ কথা ভাবিব পাৰে নে তাই? নাই৷ মাকক কব, খুৰাকক কব তাই, “শেষ কৰা স্বয়ম্বৰৰ এই মেলা৷ মই মোৰ মনৰ ৰাজকুমাৰ ঠিক কৰি থোৱা আছে, তেওঁৰ লগতেই বিয়া হ’ম মই৷”
(৬)
তাৰ পাছত তাই সেই খোলা গেটখন বহুতদিনলৈকে দেখা নাপালে, যেতিয়া দেখা পালে, তাত স্বপ্নীল নাছিল৷ বহুত সোধা মেলা কৰিও তাই একোকে শুংসূত্ৰ উলিয়াব নোৱাৰিলে৷ লগ পাই লওঁ তাক, তাৰ চুলিত আঙুলি বুলাই বুলাই তাৰ অঁকৰামিৰ বুজ লম৷ চকুৰ পতাত হাত ফুৰাই তাৰ চকুৰ সিক্ততাৰ উমান লম৷ তাৰ বুকুত কাণ পাতি শুনিম তাৰ অভিমানৰ বতৰা৷ ওঁঠত ……..নাঃ থাকক…..লাজ এটাই কথাবোৰ ইমানতে সামৰি থলে৷
(৭)
নদীখন দেখিলেই জাপ মাৰি দিবলৈ মন যোৱা দিনবোৰত, ফেনাইল দেখিলেই ঘোট ঘোটকৈ পি খাবলৈ বিচৰা দিনবোৰত তাই নিজকে কেনেদৰে চম্ভালিছিল নিজেও নাজানে৷ চকুপানীৰে বাট কাটিও স্বপ্নীলৰ খবৰ নাপালে তাই৷ ৰাতি দুপৰলৈকে জীৱন নামৰ মদিৰাৰ পিয়লাটিত উবুৰি খাই থাকি পুৱতি নিশাৰ দুঃস্বপ্ন এটাত ধহমহকৈ উঠি বহে তাই৷ নিঃসংগ সময়বোৰত উচুপনিৰে আলাপতো শেষ নহয় তাইৰ অজস্ৰ প্ৰশ্নবোধক চিন৷ “কিয় এনেকৈ আঁতৰি গ’লা, মোৰ চকুলৈ চাই এবাৰ কব লাগিব তুমি স্বপ্নীল, নহলে মই এই বিন্দুটোতে ৰৈ দিম চিৰদিনৰ বাবে”, তাইৰ শেষ সিদ্ধান্ত আছিল সেয়া৷
(৮)
চাকৰি সলাইছিল, ঠিকনা সলাইছিল, জীৱনৰ পৰা আঁতৰত অৱস্থান কৰিছিল তাই৷ নতুন ঠাইত ৰাজনীশক লগ পাইছিল৷ সময়ৰ সোঁতত তাই নাৱখনি জীৱন নামৰ ঘাটটিতেই বান্ধিছিলহি পুনৰ৷ ফুল-তৰা-গানেৰে জীৱনৰ ভুল অংকবোৰ শুদ্ধ কৰি থাকোতেই প্ৰেম প্ৰত্যাখিত ৰাজনীশ তাইৰ বন্ধু হৈ পৰিছিল৷ ৰাজনীশে বহুবাৰ সুধিছিল তাইক, কোন তেওঁ বুলি৷
কোন তেওঁ?
তাই মাথো কৈছিল,
………………..অভিমানত পিঞ্জৰা ভাগি ওলাই যোৱা এটি মুক্ত বিহংগ এতিয়া তেওঁ৷
(৯)
বঞ্চিত শিশুৰ মাজত তৰা খচাৰ সপোনটো দমি থাকিল৷ অনামিকা আঙুলিৰ আঙুঠিৰ জোখটোও কিবা সপোন হৈয়ে ৰ’ল৷ অতি নিঃসংগ সময়বোৰত মাথো কলম আৰু তুলিকাডালক সংগত কৰিছিল৷
তেনেকুৱা স্মৃতি-কেঁচা আবেলি এটাত তাই ডায়েৰীখনত টুকি আছিল হৃদয়ৰ বাৰ্তালাপ৷ কলিংবেলৰ শব্দ শুনি ডায়েৰীখন জপাই তাই নিঃশব্দে দুৱাৰখন খুলি দিয়াৰ লগে লগে ৰাজনীশ সোমাই আহিল৷ ফেনৰ তলত থকা চকীখনত ধামকৈ বহি তাইক পানী এগিলাচ খুজিলে৷ তাৰ পাচত সি চকু দুটা মুদি দিলে৷
তাই ভিতৰলৈ সোমাই গ’ল৷ নেমু চৰবত দুগিলাচ কৰো বুলি নেমু এটা উলিয়াই ললে৷ ৰাজনীশৰ চকু মেলিয়েই ডায়েৰীখনত চকু পৰিল৷ দুষ্ট ভাব এটাই ক্ৰিয়া কৰিলে মনত৷ ‘একান্তই ব্যক্তিগত’ বুলি লিখা ডায়েৰীখনৰ প্ৰথমটো পৃষ্ঠা মেলি ললে৷
“এই স্বপ্নীল, বহুত হ’ল, অভিমান এৰা৷ বহুত দূৰ বাট আহিলো তোমাৰ হাতত ধৰি৷ হাত এৰি বাট সলালা যে তুমি! মোৰ বাটত তোমাৰ বাহিৰে কোনোৱেই নাই অ? ………. নাকান্দো চোৱা৷ মই যে তোমাক নিজৰ গাৰ অংশ বুলিয়ে ভাবিছিলো ……… যিমান আঘাত কৰিলেও নিজৰে হৈ থাকিবা বুলি ভাবিছিলো৷ ”
কথাখিনি যেন সি কৰবাত পঢ়িছিল৷ অতি চিনাকি শব্দকেইটা কত পাইছিল সি? ডায়েৰীখন জপাই থলে৷ ৰাগিনী সোমাই আহি চৰবত এগিলাচ দিলে৷ চৰবত গিলাচ খাইও সি বহুতদেৰী চকু মুদি ৰ’ল৷ কত পাইছিল সি এই বাক্যকেইটা? তাৰ বুকু চুই যোৱা বাক্যকেইটা সি কিতাপত পাইছিল নেকি? তাইকোতো সুধিব নোৱাৰি৷ একান্তই ব্যক্তিগত বুলি লিখা ডায়েৰীখন সি মনে মনে পঢ়া বুলি গম পালে ৰাগিনীয়ে তাকো বিশ্বাসত নলয়৷
হঠাতে তাৰ গাটো জোকাৰ খাই উঠিল৷ স্বপ্নীল বুলি লিখিছিল যে তাই! স্বপ্নীল-ৰাগিনী-ৰাগিনী-স্বপ্নীলৰ সমগ্ৰ কথাখিনি চেলুলয়ডৰ পৰ্দাৰ দৰে তাৰ মগজুলৈ আহি গ’ল৷
“ৰাগিনী, তুমি ৰেডি হোৱাচোন৷ এঠাইলৈ যাওঁ৷ ”
তাৰ মুখৰ অস্থিৰতা, গাম্ভীৰ্য দেখি ৰাগিনীয়ে আৰু একো নকৈ সামান্য সাজসজ্জা কৰি তাৰ গাড়ীত বহি ললে৷
অলপ দূৰ যোৱাৰ পাচতে গাড়ীখনে পিচ দিয়া ৰাষ্ট্ৰীয় পথটো এৰি এটা উপবাট ললে ………… ঠিক যিদৰে তাইৰ জীৱনটোৱে মূলবাট এৰি উপবাট লৈছিল৷ গাড়ীখন আহি এটা আছাম টাইপৰ ঘৰৰ সন্মুখত ৰৈছিল৷ ৰাজনীশে তাইক হাতত ধৰি টানি লৈ গৈছিল৷ শাৰীখন তাইৰ জোটপোট লাগিছিল৷ কোনোমতে নিজকে চম্ভালি তাই ৰাজনীশক অনুসৰণ কৰিছিল৷
(১০)
“অঁকৰাটো কৰবাৰ” বুলি লাহেকৈ তাই নিজৰ চকুপানীখিনি মচি লৈছিল৷ লেকেচিয়াই লেকেচিয়াই সি আলমাৰীটো খুলি তাইলৈ বুলি কিনা জোৰোণৰ কাপোৰ আৰু আঙুঠিটো দেখুৱাইছিল৷ কথা কব নোৱাৰিছিল সি৷ তাইৰ ঘৰত তাইক নোকোৱাকৈ চাৰপ্ৰাইজ দিও বুলি বিয়াৰ প্ৰস্তাব লৈ যোৱাৰ পৰা উভতি আহোতে দ খাৱৈত পৰি স্বপ্নীলে মগজুৰ একাংশ এৰি থৈ আহিছিল৷ তাই দিয়া অসংখ্য মেচেজ, ফোনকলৰ সাক্ষী আছিল তাৰ মাহীয়েকৰ পুতেক ৰাজনীশ৷ তিনিমাহৰ ক’মা অৱস্থাৰ পাছত সি পৃথিৱীলৈ ঘূৰি আহিছিল যদিও মাতটো চিৰদিনৰ বাবে নাইকিয়া হৈ গৈছিল৷
(১১)
খিৰিকীৰে ৰান্ধনি বেলিৰ হেঙুলীয়া আভাকণ সোমাই তাইৰ গাল দুখন ৰঙচুৱা হৈ পৰিছিল৷ সি তাইলৈ বিমোহিত নয়নেৰে চাই ৰ’ল৷ তাই সেন্দূৰৰ টেমাটো তাক উলিয়াই দিলে৷ জোৰোণৰ অলংকাৰখিনি উলিয়াই অনামিকা আঙুলিটো আগবঢ়াই দিলে৷ তাৰ পাচতো সি ভেবা লাগি চাই থকাত তাৰ গালত হাত ফুৰাই লাহেকৈ চিকুটি দিলে, “অকঁৰাটো কৰবাৰ৷ ”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments