প্ৰাপ্তি ( মিতালী বর্মন )

প্রাপ্তি

মিতালী বর্মন

(১)

ভাল নালাগে তাইৰ এইবোৰ । কিয় যে মাকজনীয়ে এনেখন কৰে ! সিহঁতৰ লগত খেলিবও নিদিয়ে । থেনথেনাই উঠে তাই । মাকে বুজাই বঢ়াই তাইক সৈমান কৰি থয় । পুতলাজনীৰ দৰে সজাই তোলে তাইক মাকে । জন্মৰ কেইমাহমান পাচৰ পৰা তিল তেল দি কিচকিচিয়া কৰি তোলা তাইৰ ঘন, দীঘল চুলিখিনি পৰিপাটীকৈ আঁচুৰি দুয়োফালে দুডাল বেণী গাঁঠি দিয়ে, উজ্জ্বল ক’লামণিৰ চকুদুটা কাজল সানি আৰু উজ্জ্বল কৰি দিয়ে মাকে । আইতাকে কয় তাইক –“ছোৱালী মানুহ সদায় সাজি-কাঁচি ধুনীয়াজনী হৈ থাকিব লাগে।“ “এই আইতাজনীয়ে যে কি কয় এইবোৰ !”– তাই একো বুজি নাপায় আইতাকৰ কথা । “আইতাৰ কথা বুজি পাবলৈ আইতাৰ সমান ডাঙৰ হ’ব লাগিব, ন মা ?”— মাকলৈ তাইৰ এটি সৰল প্রশ্ন । অবাক হৈ চাই ৰয় মাকে সাতবছৰীয়া ৰুণিলৈ । মাকৰ ভয় –“কি যে হ’ব এই ছোৱালীজনীৰ ! এনে অদ্ভুত কথা কৈ হাহাকাৰ কৰি মাৰিব কেতিয়াবা ।” অৱশ্যে তাই মাকৰ পৰা উত্তৰ পোৱাৰ আশাত ইমান পৰ তাত ৰৈ নাথাকে কেতিয়াও । “কিয় যে মাজনী এনেকুৱা ! একোৱেই নাজানে পাই ! সব কথা আইতাইহে জানে”– মনতে পাগুলি থকা কথাবোৰ হঠাৎ যেন ডিঙিৰ কাষত পাক-ঘূৰণি খাই ওলাই আহে “অ’ মা, তই আইতাক সুধি সুধি সব কৰ যে, কিয় ?” অৱশ্যে তেতিয়াও ৰুণি ৰৈ নাথাকে মাকৰ ওচৰত উত্তৰৰ আশাত । মাকৰ ভয়, হাজাৰ হ’লেও তাই ছোৱালী মানুহ । ছোৱালী মানুহৰ ইমান প্রশ্ন কৰাৰ কোনো দৰকাৰ নাই । কিন্তু ৰুণি ? তাইৰ মনত ক’ৰ ক’ৰ পৰা যে হাজাৰ হাজাৰ প্রশ্ন জমা হয় ভগৱানেহে জানে । ৰাতিপুৱা চকু মেলাৰ পৰা ৰাতি টোপনি অহালৈ কত-কিমান প্রশ্ন ! উত্তৰ দিওতাৰ উত্তৰ দি দি ভাগৰ লাগে, কিন্তু তাইহে ভাগৰি নপৰে কেতিয়াও । “ঐ, আৰু কিমান কথা কৈ থাক, শুবিনে এতিয়া ?”— বুলি প্রতি নিশাই মাকৰ ধমক খোৱাটো তাইৰ এটা নিত্যকর্ম হৈ পৰিছে । “অ’ মা, তই মোক কিয় ধনটি-কণটিহঁতৰ লগত খেলিবলৈ নিদিয় ?” বুলি কৈ দৌৰি পলাবলৈ লওতে মাকে থাপ মাৰি ধৰে তাইক । “সিহঁত আমাৰ গাঁৱৰ পুৰোহিতৰ ঘৰৰ ল’ৰা । একো দৰকাৰ নাই, সিহঁতৰ লগত খেলিবলৈ ।” “তাতে কি হ’লনো ?” “উস্ আকৌ প্রশ্ন ? নালাগে বুলি কৈছোঁ নহয় । যা ভিতৰতে তই দৰা-কইনা খেলগৈ ।” “বেছি কৰে মায়ে । খেলিবলৈয়ো যাব নিদিয়ে ।”—-মুখখন ফুলাই ভোৰভোৰাই ভোৰভোৰাই আহি তাইৰ খেলনাবোৰ উলিয়াই লয় । ইফালে ঠাইতে বহি পৰে মাক । কেনেকৈনো বুজাব তাইক পুৰোহিতহঁত উচ্চ বংশৰ মানু্হ আৰু তেওঁলোক নিম্ন বংশজাত বুলি । কিনো বুজি পাব আঁকৰী ছোৱালীজনীয়ে । বুজি পাবলৈ বয়সেইনো হৈছে কিমান ! তপত হুমুনিয়াহ এটা বাগৰি যায় মাকৰ । ভালকৈ মনত আছে মাকৰ, ৰুণিৰ বয়স তেতিয়া মাত্র ডেৰ বছৰ । বতৰে বাগৰ সলোৱাৰ বতৰ আছিল সেয়া । বেলি লহিয়ালে অলপ ঠাণ্ডা অনুভৱ হয় । সন্ধিয়া পৰত ৰুণিক কোলাত লৈ নিচুকাই আছিল তেওঁ । তেনেতে ক’ৰ পৰা জানো দৌৰি আহি তেওঁৰ কাষ পালে পুৰোহিতৰ চাৰিবছৰীয়া পুতেক কণটি আৰু তাৰ পাচে পাচে তাৰ মাক, পুৰোহিতনী । “হৰি বিষ্টু হৰি বিষ্টু” বুলি তেওঁ যিটোহে চিঞৰ লগালে টোপনি যোৱা ৰুণি সাৰ পাই কান্দিবলৈ ধৰিলে । “ঐ মৰাটু, ম’ৰবাক লোগি জাগা নাপলি আৰ ! এইঘৰহে মানহু বিচৰি পালি তই । শেষ শেষ, সব শেষ । ইতা ঘৰক যাই গা ধুবা লাগবো, তোৰ লগতে ময়ো পৰাচিত হ’বা লাগব’ ।” এইবুলি কাণত ধৰি ল’ৰাটোক টানি লৈ গ’ল । ক’ৰ পৰা কি হ’ল ৰুণিৰ মাকে একো তৎ ধৰিব নোৱাৰিলে । পিচদিনা শুনিলে কণটিৰ তয়াময়া জ্বৰ । পুৰোহিতনীৰ ৰুণিহঁতৰ সাত পুৰুষ উজাৰি পৰা গালি-শপনি শুনি, খৱৰ ল’বলৈ গৈয়ো আদ্-বাটৰ পৰা ঘূৰি আহিল ৰুণিৰ মাক । তেওঁৰ আৰু বুজিবলৈ বাকী নাথাকিল । সেইদিনাই শপত খাইছে তেওঁ, নালাগে তেওঁলোকৰ বাবে কাৰো ল’ৰা-ছোৱালীৰ জ্বৰ হ’বলৈ । যিমান পাৰি দূৰে দূৰে থকাই শ্রেয় । সেয়ে ৰুণিক তেওঁ কেতিয়াও নপঠিয়াই সিহঁতৰ ওচৰলৈ । কিন্তু ছোৱালীজনী ? তাইৰহে অতবোৰ প্রশ্ন আৰু উজ্জ্বল চকুহালৰ মুখামুখি হ’বলৈ মাকৰ বৰ কষ্ট হয় ।

(২)

ৰুণিয়ে আজি আইকণহঁতে কৈ থকা শুনিছে আজি হেনো কণটিহঁতৰ ঘৰত গোপাল-ভোগ খুৱাব । কণটিহঁতে আজি সন্ধিয়া চাকি-ধূপ জ্বলাই প্রার্থনা, নাম-প্রসংগও দুশাৰীমান গাব হেনো ! নাম গোৱাত তায়োতো কম নহয় । আইতাকৰ লগত “গোপাল থান”লৈ গৈ তায়ো নামতীহঁতৰ লগত সমানে সমানে নাম গায় । আটাইবোৰ পদ-ঘোষা মনত আছে তাইৰ ।

“জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ।
ও ৰাম ৰাম কেশৱ হৰি ।।
প্রথমে প্রণামো ব্রহ্মৰূপী সনাতন ।
সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ ।।…”
মনতে এবাৰ আওৰাই লয় তাই । মাকক তাই নোসোধে । মাকে আকৌ আইতাককহে সুধিবলৈ ক’ব । ইফালে আইতাকক সুধিবলৈ আইতাকো ঘৰত নাই । মনতে থিৰাং কৰে যিয়েই নহওক, যেনেকৈ নহওক আজি আইকণহঁতৰ লগতে কণটিহঁতৰ ঘৰলৈ এপাক যাবই তাই ।

(৩)

সন্ধিয়া বেলিকা আইকণহঁতৰ লগত ৰুণিও গৈ উপস্থিত হ’ল পুৰোহিতহঁতৰ ঘৰৰ চোতালত । পুৰোহিতনী আই “ঠগী” সজোৱাত ব্যস্ত । পুৰোহিত দেউক দেখা নাই । ধনটি আৰু কণটিয়ে সমনীয়াহঁতক বহিবলৈ ঢাৰি পাৰি দি গৈছে । ইফালে সিফালে চাই টুপুককৈ বহি ল’লে তাই ঢাৰি এখনত । “ঠগী” সজোৱা হোৱাৰ পাচতে নাম আৰম্ভ হৈ গ’ল । এটাৰ পাচত এটাকৈ সলসলীয়াকৈ নামবোৰ গাই গ’ল তাই । ঠগীত সেৱা এটি কৰি নাম গোৱা কণমানি ভকতৰ দলটিলৈ পায়স ৰান্ধিবলৈ পুৰোহিতনী আখলত সোমাল ৷ গোৱৰ-মাটিৰে লেপি সূচী কৰি থোৱা চৌকাত জুইকুৰা ধৰি গাখীৰ আৰু জহা চাউল বহাই দি বাহিৰৰ নাম-প্ৰসংগ শুনি লাহে লাহে লৰাই থাকিল তেওঁ ৷ মিচিকিয়াই হাঁহি থকা থাপনাৰ লাৰুৱা গোপালৰ ছৱিখন আখলৰ পৰাও দেখা গৈছে । এক সুবিমল প্রশান্তিত পুৰোহিতনীৰ বুকুখন ভৰি উঠিল । অজানিতে হাত দুখন লগ হৈ তেওঁৰ কপালৰ সোঁমাজলৈ উঠি আহিল । মাজতে এপাকত উঠি গৈ তেল শেষ হ’বলৈ ধৰা থাপনাৰ চাকিগছত তেল এচাকি বাকি থৈ আহিল তেওঁ ৷ নামৰ শেষত ৰুণিয়ে আপোনমনে প্রার্থনা গাবলৈ ধৰিলে :
“ব্রহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়াশয্যা মাজে আছয় ঘুমটি যাই ।
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই ।।
ক্ষুদ্র সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি
কালসর্পে দংশি হৰিল চেতন তাৰ ।…” ——নাম শেষ হোৱালৈ সন্ধিয়া লাগি ভাগিল ।

ইফালে ঘৰত জীয়েকক নেদেখি ৰুণিৰ মাকৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল । খবৰ লৈ গম পালে আইকণো ঘৰত নাই । নাম শেষ হ’ল । হঠাৎ ৰুণিয়ে আইতাকহঁতে নামঘৰত দিয়াৰ দৰে হৰিধ্বনি দিবলৈ ল’লে । হৰিধ্বনি শুনি বতাহ এচাটিৰ দৰে বনফুল তেলৰ উগ্র সুৱাস এটি লৈ উৰি অহা দি আহি পুৰোহিতনী চোতালত উবুৰি খাই পৰিল । একো বুজি নাপালে তাই । মাথোঁ তাইৰ কাজল সনা উজ্জ্বল ধুনীয়া চকুযুৰিত লাজৰ ভাৱ এটাই ঢৌ খেলি গ’ল । পুৰোহিতনীয়ে ক’লে “ দি আই দি, কুনি হৈধ্বেনি দি আছলি, দি আৰু একবাৰ ।” গৌৰৱত তাইৰ সাতবছৰীয়া এধানিমান কলিজাটো ফুলি উঠিল । হিয়া উজাৰি আশীর্বাদ দিলে তাই । সেৱা লোৱা হোৱাৰ লগে লগে চোতালৰ এমূৰে নীচ জাতৰ মানুহজনী দেখি বিতৃষ্ণাত মুখখন কোচ খাই আহিল পুৰোহিতনীৰ । মানুহজনীৰ দৃষ্টি অনুসৰণ কৰাত মুহূর্ততে যেন তেওঁৰ সকলো কথা পৰিষ্কাৰ হৈ পৰিল । তাৰমানে ? তাৰমানে ইমান পৰে নাম গাই থকা, হৰি-ধ্বনি দি থকা ছোৱালীজনী সেই নীচ জাতৰ মানুহজনীৰ জীয়েক ? ঠাঁচকৈ পূর্ণহতীয়া চৰ এপাতহে পৰিল যেন পুৰোহিতনীৰ গালত । আখলত পায়সখিনি বকবককৈ উতলি আছে । থাপনাৰ লাৰুৱা গোপালেও পুৰোহিতনীৰ ফালে চাই অলপ আগতে মৰা সেই মন ভুলোৱা হাঁহিটো বন্ধ কৰি যেন তীক্ষ্ণ বিদ্রুপৰহে হাঁহি এটা মাৰিছে । কণমানি ভকতসকলৰ বাবে পৰমান্ন সিজাবলৈ দি থৈ অহা আখলৰ চৌকাত নহয় যেন পুৰোহিতনীৰ দুচকুতহে জ্বলিছে পকা আঙঠাবোৰ । ৰুণিৰ মাকৰ দুচকুতো মদাৰ ফুলীয়া জুই জ্বলিছে । দুয়োৰে দৃষ্টি ৰুণিৰ ওপৰত নিৱদ্ধ । আৰু ৰুণি ? দেৱশিশুলৈ পৰিণত হৈছে তাই । এইবোৰলৈ ভ্রূক্ষেপ নাই । কিছু বেলি আগতে পুৰোহিতনীয়ে তেল ঢালি থৈ যোৱা থাপনাৰ চাকিগছৰ উজ্জ্বল হালধীয়া পোহৰত তাইৰ মুখত জলমলাই আছে প্রাপ্তিৰ প্রশান্তি ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments