প্ৰায়শ্চিত্ত ( দিগন্ত যাদৱ শৰ্মা )

prayachitto

 

 

ডিচেম্বৰৰ শেষ ভাগ। হৰেশ্বৰ বাহিৰলৈ ওলাই আহিল। ফিৰফিৰীয়া ঠাণ্ডা বতাহ এজাকে হৰেশ্বৰক কাপোৰৰ ওপৰৰে হলেও চুই নোযোৱাকৈ নাথাকিল। আইতাকে গৰম চাদৰখনৰে কাণ-মূৰ ভালদৰে ঢাকি মেৰিয়াই দিছে। সেয়ে ঠাণ্ডা লাগিবৰ সুযোগকণ নাই। যিমান পাৰি বেগাই গৈ বিলখনৰ ওচৰলৈ গ’ল। বহিবলৈ ঠাই বিচাৰিলে। নাই গোটেইখন নিয়ৰ আৰু কুৱলিৰে তিতি আছে। হৰেশ্বৰেে বিলখনৰ পাৰত থকা প্ৰকাণ্ড ৰাধাচূড়াজোপাৰ শকত চাই গুৰি শিপাদালতে বহি ল’লে।

কুঁক কাঁক… কিঁক-কিঁক… কিমান ধৰণৰ যে বিচিত্ৰ শব্দ। মাজে মাজে পানীত খেট খেটোৱাৰ শব্দ। নিশ্চয় মাছ-বেং বিচাৰি ফুৰিছে। বিভিন্ন ধৰণৰ হাঁহ। সৰু ডাঙৰ। বিবিধ বৰণৰ। বিভিন্ন আঁকাৰৰ। দেখিলেই যেন হাতেৰে ধৰি বুকুৰ মাজত উম লৈ থাকিবলৈ মন যায়। কি বিচিত্ৰ ভঙ্গি, গলটো বেকা কৰি চোৱা মৰম লগা চাৱনি। নামবোৰো ভিন্ন। ককাক আইতাকে নামেৰে সৈতে একোটা পৰিচয় কৰি দিছিল। পানীহাঁহ, পাতি হাঁহ, শৰালী, দেওহাঁহ, তিতিয়লি আদি কত ধৰণৰ যে হাঁহ আছে।

: হৰেশ্বৰ… হৰেশ্বৰ… কতনো যায় ৰাতিপুৱাই ৰাতিপুৱাই এই ল’ৰাটোৱে। গাখীৰকণো খাই নগ’ল।

সেয়া আইতাকে বিচৰা পৰ্বৰ আৰম্ভণি হৈয়ে গ’ল। ইয়াৰ পিছত স্কুলত যোৱাৰ আগে আগে। তাৰ পিছত স্কুলৰ পৰা অহাৰ পিছত ৰুটি-গাখীৰ খাবৰ বাবে বিচৰা পৰ্ব। মুঠতে বিচৰা পৰ্বৰ অন্ত নাই। হৰেশ্বৰে উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰিলে।

: গৈছো ৰবা আইতা। বিলৰ পাৰত বহি চৰাই চাই আছো।

ইমান ওচৰত হঠাৎ চিঞৰ শুনি চক খাই এজাক তিতিয়লি হৰেশবৰৰ মূৰৰ উপৰেৰে উৰি গ’ল। অকণ অকণ তিতিয়লি কেইটাই বিলখনৰ দাঁতিত নামনিত পানীত নামি সাতুঁৰি-নাদুৰি পোক পৰুৱা বিচাৰি খাই আছিল।

পেহীয়েকৰ ছোৱালী দেৱিকাবাই তিতিয়লি দেখি গোৱা দুষাৰি মনত পৰি গ’ল।

“টিপ টিপ তিতিয়লি

পানী পালে মুকলি”

: ককা ককা! চকু মুদি কিনো গাই আছা। তিতিয়লি মানে কিনো? কৰবাত তিতিলা নেকি? হাঃ হাঃ হাঃ…

দৰ্শনৰ চিঞৰ আৰু হাঁহি শুনি হৰেশ্বৰে টোপনিয়াবলৈ ধৰা চকুযোৰ জোৰকৈ মেলি দিলে। ডিঙিটোত ডোৰ এডালেৰে আঁৰি থোৱা চশমাজোৰ খপজপকৈ পিন্ধি ল’লে। সন্মুখৰ সজাত বন্দী ইহঁতে ‘লাভ বাৰ্ড’ বুলি কোৱা চৰাই দুটাত চকু পৰিল। দুয়োটাই নিজৰ মাজত বাৰংবিকৰা কিবা গাই আছে। সঁজাত বন্দী বিদেশী চৰাই দুটালৈ চাই বিষাদৰ হুমুনিয়াহ এটা কাঢ়ি ল’লে। মুখলৈ হাঁহি এটা আনি তিতিয়লি চৰাইৰ “টিপ টিপ তিতিয়লি পানী পালে মুকলি”ৰ বিষয়ে নাতিয়েক দৰ্শনক কবলৈ পিছলৈ ঘূৰি চালে। ইতিমধ্যে দৰ্শন আতঁৰি গৈছে। আজিৰ পৰা দুমাহমান আগতে হৰেশ্বৰৰ পুতেক অৰ্থাৎ দৰ্শনৰ দেউতাকে সজা এটাৰ সৈতে ‘লাভ বাৰ্ড’ দুটা আনিছিল। দৰ্শনৰ খুব স্ফূৰ্তি লাগিছিল। আচলতে সি বৰকৈ আবদাৰ কৰি থকাৰ বাবেই চৰাই দুটা আনি দিছিল। দুদিনমান থকাৰ পিছত হৰেশ্বৰৰ বেয়া লাগিছিল। নাতিয়েকক কৈ চাইছিল চৰাই দুটা এৰি দিব নেকি? ককাক হৰেশ্বৰে বিভিন্ন চৰাইৰ সৈতে সিহঁতবোৰৰ পৰিচয় দিব খুজিছিল।

: দৰ্শন তুমি জানানে আমাৰ ইয়াত আগতে কিমান চৰাই আছিল! আজিকালিয়ো অৱশ্যে বহুতো চৰাই আহে। কিমান যে কি নাম। তোমাক নামবোৰ কৈ যাও ৰবা। মৌ-পিয়া, পাতসিয়া, বটা চৰাই, দৈ-কলা, চাকৈ চকোৱা… …।

অকণমান ৰৈ ঘূৰি চালে। নাই দৰ্শনৰ সেইবোৰৰ ওপৰত কোনো আগ্ৰহ নাই। দেউতাকৰ পৰা শুনি সি ককাকক ‘লাভ বাৰ্ড’ ৰ বিষয়েহে কোৱাত লাগিছিল। দৰ্শনে ককাকক কৈছিল-

: ককা, তুমি কোৱা নামবোৰৰে এটা চৰাইয়ো আমাৰ স্কুলৰ কিতাপত নাই। মই মাৰ মুখতো এই চৰাইবোৰৰ নাম শুনা নাই।

আটাইকেইজনৰ ল’ৰা-ধপৰা লাগিছে। এপাকত পুতেকে হৰেশ্বৰৰ কাষলৈ আহি সুধিলেহি-

: দেউতা সন্ধিয়ালৈ অকলে থাকিব পাৰিবা নে? খোৱা মেজত সকলোবোৰ ঠিক-ঠাক কৰি থৈ দিছোঁ।

: ভিতৰত বোৱাৰীৰ লগত কিনো কৰি আছ? পাকঘৰটোত ইমান ল’ৰা-ঢপৰা কৰি আছ যে! মোৰ কাৰণে ইমানবোৰ কৰিব নালাগে নহয়।

: নহয় দেউতা। তোমাৰ বাবে সিদ্ধ ভাতৰ লগত আলু এটা দি থৈছোঁ। আজি আৰু তেনেকৈয়ে খাবা।

: তেনেহ’লে…

: ‘পিকনিক’ৰ বাবে আমাৰ ভাগত মাংসখিনিৰ দায়িত্ব পৰিছে। তাতে আকৌ মাংস দুবিধ। সেয়ে এওঁ ৰন্ধা-বঢ়া কৰি আছে। ময়ো মাজে মাজে সহায় কৰি দি আছো। অমলহতঁৰ পৰিয়ালটোৱে মাছ আৰু তৰকাৰীৰ দায়িত্ব লৈছে। ত্ৰিদীবদাই পনীৰ, ভাত আৰু আন আন বোৰ ৰন্ধা-বঢ়া কৰি লৈ যাব।

চকু দুটা ডাঙৰকৈ মেলি হৰেশ্বৰ পুতেকক শুধিলে-

: তেনেহ’লে তাত গৈ কি কৰিবি। ‘পিকনিক’ত গৈ সেই স্থানতে ৰন্ধা _বঢ়া নকৰে জানো?

কথাখিনি কওঁতে হৰেশ্বৰে ডিঙিত চৰচৰণি খালে। পুতেকে পিঠিখন অলপ মালিশ কৰি দিয়াৰ নিচিনা কৰি উত্তৰ দিলে-

: নাই দেউতা, তেনেকৈ বৰ কষ্ট হয়। একো স্ফূৰ্তিয়ো কৰিব নোৱাৰি।

: হুহ!

হৰেশ্বৰে চশমাযোৰ পিন্ধি বাটলৈ চালে। ‘হকাৰ’জনে বাতৰি কাকত লৈ আহি পোৱাহিয়েই নাই। তেনেকৈ অলপ সময় থাকি হৰেশ্বৰে চশমাযোৰ খুলি থৈ চকুৰ পতা দুটা নমাই আনিলে। হঠাত কিবা এটা মনত পৰি নিজে নিজে উচপ খাই উঠিল। হাত এখন নমাই আনি কিছু সময় সোঁভৰিৰ কলাফুলটো স্পৰ্শ কৰি থাকিল। এটা তপত হুমুনিয়াহ ওলাই আহিল।

পিৰালিৰ কাষতেই শেৱালী ফুল জোপা। কাষত তগৰজোপা। অকনমাণ আতঁৰত চম্পাফুলজোপা। গোন্ধে আমোলমোলাই আছে। পিৰালিত পাৰি থোৱা আৰামি চকিখনত বহি দেউতাকে বাতৰিকাকতখন পঢ়ি আছে। ৰাতিপুৱা ছয় বাজিছে। অৱশ্যে কাকতখন আগদিনাখনৰেই। আজিৰখন সন্ধিয়া চহৰৰ পৰা আহি পাইহে! দেউতাকে চিঞৰ-বাখৰ শুনি পিছফালে ঘূৰি চালে।

: অই হৰেশ্বৰ, চাওঁ চাওঁ সিটো হাতত কি?

: এ কিবা এটা দিয়া!

: বুজিছো মই। থ’ থ’ কেটেপাখন। সেইখনৰে ‘পিকনিক’লৈ গৈ চৰাইবোৰ মাৰি ফুৰিব নালাগে। ফুটবলটো লৈছ নহয়। বালিৰ ওপৰত তাকে খেলিবি।

কিবা এটা মুখেৰে ভোৰভোৰাই হৰেশ্বৰে কেটেপাখন পঢ়া মেজখনৰ থৈ আহিলগৈ। তাকে দেখি ভনীয়েক দীপাই ফিচিঙা-ফিচিঙি কৰিলে। খঙত হৰেশ্বৰে দীপাৰ হাতৰ পৰা কাগজৰে তৈয়াৰ কৰা টোপোলাতো থাপ মাৰি লৈ ল’লে। খুলি দেখে তেঁতেলী আৰু নিমখ। দীপাই কান্দিবলৈ ধৰা দেখি দেউতাকে হৰেশ্বৰক ধৰিবলৈ দৌৰিলে। হৰেশ্বৰে পিৰালিত থকা মেজখনতে তেঁতেলীখিনি থৈ দৌৰ দিলে। দেউতাকেও মোছৰ তলত হাঁহি এটা মাৰি দীপাক কাষলৈ টানি আনি কলে-

: ‘পিকনিক’ত যদি হৰেশ্বৰে কিবা দুষ্টামি কৰে আহি মোক কৈ দিবি।

: দেউতা তুমি নোযোৱা? মন্টুখুৰাই বৰশী দুডাল লৈছে।

: মই গ’লে কাজলী-ভেদেলী হতঁক কোনে চাব। সিহঁতক দানা পানী নিদি তাত আমি সকলোৱে গৈ স্ফূৰ্তি কৰি থাকিলেহে হ’ব। কালুকো ভাত দিব লাগিব।

: দেউতা কালুও আমাৰ লগত যাব।

: ধেৎ! সেইটোক আৰু কিয় নিয়? তহঁতৰো যে আৰু কামবোৰ!

দেউতাক নাথাকিলে হৰেশ্বৰক শাসন কৰাটো অলপ কঠিন। মাকে অকলে নোৱাৰে। বালিভোজত গৈ বা কি কৰে। তাতে আকৌ নদীটো আছেই। পানীত যে নামিব খাটাং। ঘৰতেই যিখন কৰি থাকে। কাজলী-ভেদেলী দুয়োজনী গাই গৰুকে তামা কাঁহা দেখুৱাই থাকে। সিহঁত দুয়োজনীয়েও হৰেশ্বৰক দেখিলে চেঁকুৰ ধৰে। সকলো চিন্তা কৰি মাকে আগবাঢ়ি আহি কলে-

: বলক আপুনিয়ো। দুয়োটাকে চম্ভালিব নোৱাৰিম মই। গাই দুজনীৰ দানা-পানীৰ ব্যৱস্থা কৰি থৈ দিছো। কালু লগত যাব যেতিয়া চিন্তা নাই।

সকলো চালিজাৰি চাই হৰেশ্বৰৰ দেউতাক ‘পিকনিক’লৈ যোৱাটোকে চিন্তা কৰিলে। ঘৰৰ বস্তু বাহিনী সামৰি-সুতুৰি ৰাখিলে। টোপোলাবোৰ গৰুগাড়ীখনত উঠালে। হওঁতে ‘পিকনিক’ৰ স্থানলৈ বৰ বেছি দূৰ নহয়। তথাপিও দিনটোৰ বাবে যোৱা কথা। গাওঁখনৰ বাৰটামান পৰিয়াল লগে ভাগে খোৱা কথা। সৰুবোৰে খেলিব, দৌৰিব, নদীত মাছ ধৰিব। ডাঙৰবোৰে তাছপাত খেলিব। তিৰোতাবোৰে ৰন্ধাবঢ়াৰ মাজত কথাৰ মহলা মাৰিব। কমখন স্ফূৰ্তিৰ কথানে!

সেইদিনটোৰ কথা হৰেশ্বৰে কেনেকৈ পাহৰে। জীৱনটোৰ বাবে সেই ‘পিকনিক’টো মনত ৰৈ গৈছিল। ‘পিকনিক’ৰ পৰা অহাৰ পিছত মাকে কোনোমতেহে দেউতাকক সম্বৰণ কৰিছিল। নহ’লে হৰেশ্বৰৰ ভৰিৰ কলাফুল ফাটি চিৰলা চিৰিল হৈ গ’লহেতেঁন। নিজৰ লৰা-ছোৱালী দুটাৰ দৰে কাজলী-ভেদেলীকো অত্যন্ত আদৰ যত্ন কৰিছিল হৰেশ্বৰৰ দেউতাকে। ‘পিকনিক’লৈ বুলি সকলো ওলাই যোৱাৰ পিছতহে হৰেশ্বৰ গৈছিলগৈ। মাকে চিঞৰিয়ে আছিল- ল’ৰাটো ক’ত গ’ল বুলি। চোতালতে আগদিনাখন হৰেশ্বৰে খেৰেৰে অকণমানি ঘৰ এটা সাজিছিল। দেউতাকে ওচৰতে গাইদুজনীক বান্ধি দানা-পানী দি থৈছিল। পঘা দুডাল দীঘল হোৱা বাবে খেৰেৰে সজা ঘৰটো গাই দুজনীয়ে খাই নষ্ট কৰিব বুলি ভাবি হৰেশ্বৰে আকৌ গৈ দুয়োজনীকে চুটিকৈ বান্ধি আহিছিল। যাৰ ফলত সিহঁত দুয়োজনীয়ে দানা-পানী নোখোৱাকৈ গোটেই দিনটো হেম্বেলিয়াই আছিল। পদুলীমুখত ভৰি থৈয়ে সিহঁত দুয়োজনীৰ আস্ফালন শুনিবলৈ পাইছিল।

‘পিকিনিক পাৰ্টি’ হুৰৰে…  ‘পিকিনিক পাৰ্টি’ হুৰৰে…

পেৎ… পেৎ…

ঘুৰুং… ঘাৰাং…

কেতিয়ানো আন্ধাৰ নামিছিল হৰেশ্বৰে ততকৈ ধৰিব নোৱাৰিলে। বিছনাৰ পৰা খপজপকৈ নামি ‘চুইচ’বোৰ টিপি কোঠাবোৰ পোহৰাই তুলিলে। ইতিমধ্যে দুৱাৰত টোকৰ পৰিলেই। ইমান খৰধৰকৈ হৰেশ্বৰে নোৱাৰে। গতিকে গাড়ীৰ শব্দ, ‘গেইট’ৰ শব্দত পুতেক-নাতিয়েকহঁত ‘পিকনিক’ৰ পৰা আহি পালে বুলি জানিয়ো সময় ল’লে। দুৱাৰখন খুলি আটাইকেইজনকে সন্মুখত দেখিলে।

: দেউতা, টোপনি আহিছিল নহয়নে?

: তহঁতৰ ‘পিকনিক’ কেনে হ’ল?

দৰ্শনৰ ভাগৰ লাগিছিল। তথাপিও দেউতাকে কিবা এটা উত্তৰ দিয়াৰ আগতেই কবলৈ ধৰিলে।

: ককা জানা! মই দুটাত ‘প্ৰাইজ’ পালোঁ।

: তোমালোকে ‘পিকনিক’লৈহে গৈছিলা

: তাত আমি বহুত খেলিলো। মায়েও এটা ‘প্ৰাইজ’ পাইছে। কিমান যে খেলা। ‘মিউজিক চিস্টেম’ত গান শুনি শুনি দেউতাহঁতে বহুত নাচিলে।

হঠাত ভিতৰলৈ যোৱা হৰেশ্বৰৰ পুতেকে উধাতু খাই আহিল। পিছে পিছে বোৱাৰীয়েক।

: দেউতা! তুমি ভাত নাখালাই যে! ভাত-পানী একো স্পৰ্শ নকৰিলাই যে! দেউতা তুমি ঠিকেই আছাতো!

: হুহ!…

হৰেশ্বৰে পুতেকৰ ফালে তভক মাৰি চাই ৰ’ল। তেওঁ নিজেও আচৰিত হ’ল। হয়তো তেওঁ আজি ভাত-পানী একো নাখালে! দিনটো আবোল-তাবোল ভাবি থাকিল। পিছলৈ টোপনিয়ো আহিছিল। মনটো শৈশবৰ সেই দিনবোৰলৈ উভতি গৈছিল। হৰেশ্বৰে পুতেকক লগে লগে একো উত্তৰ দিব নোৱাৰিলে। চিন্তা কৰিলে অৱচেতন মনত হয়তো শৈশবৰ সেই ‘পিকনিক’টোৰ কথাই ক্ৰীড়া কৰি আছিল। গোটেই দিনটো কাজলী-ভেদেলীক উপবাসত ৰাখি হৰেশ্বৰে দিনটো খুব স্ফূৰ্তি কৰিছিল। আজিৰ

দিনটোত নিশ্চয় তাৰেই প্ৰায়শ্চিত্ত কৰি পেলালে। হৰেশ্বৰৰ

মনটো ভাল লাগি গ’ল। তেওঁৰ
নিজকে সতেজ সতেজ অনুভব হ’ল। বহুদিনৰ পাপৰ বোজা এটাৰ পৰা যেন তেওঁ মুক্ত হৈ পৰিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments