প্ৰাৰ্থনাৰ পতাকা –ড°বিদিশা মহন্ত

পৰ্বতৰ কোলা শুৱনি কৰি থকা এখন সুখী গাওঁ! টাক্টচেৰ! দোকমোকালিতে সাৰ পোৱা আৰু গধূলিতে শুই পৰা এখিনি সৰল মানুহ। চাৰিওফালে ঘেঁহু আৰু বাৰ্লিৰ বিস্তীৰ্ণ পথাৰ। নীলা সেউজীয়া ৰঙৰ মুধচৰ শাৰী শাৰী ঘৰবোৰৰ চোতাল শুৱাই আছে ৰঙা নীলা হালধীয়া উৰ্ধমুখী পতাকা। প্ৰাৰ্থনাৰ পতাকা! গাওঁখনৰ উৰ্বৰা পথাৰ সামৰি আৱৰি আছে চিৰসেউজ অৰণ্যানীৰে ভৰা ওখ ওখ পৰ্বতমালাই। অহৰহ বৌদ্ধ ভিক্ষুসকলৰ প্ৰাৰ্থনাৰ সংগীতে, ঘণ্টাধ্বনিয়ে গাওঁখনৰ পবিত্ৰতাত এক সৌম্য প্ৰলেপ সানি দিয়ে।
উৎসৱৰ দিন! পাহাৰৰ ওপৰত অৱস্থিত পবিত্ৰ গোম্ফাৰ পৰা ভাঁহি আহিছে গম্ভীৰ মন্ত্ৰোচ্চাৰণ। ৰাতিপুৱাৰ বেলিৰ পোহৰত গোম্ফাৰ চূড়াটো চিকমিকাই আছে। দূৰৈত জিলিকি থকা বিভিন্নৰঙী পতাকা বিলাকে যেন সকলোকে হাত বাউল দি মাতিছে! দলে দলে মানুহ গোম্ফাৰ দিশে আগবঢ়িছে। জিগমে আৰু লগৰ দুজনী ছোৱালীও ৰাতিপুৱাই সাজি কাছি ওলাইছে। সিহঁতৰ গাঁ‌ৱৰে এঘৰত দালাই লামাৰ পৱিত্ৰ আত্মাই জন্মগ্ৰহণ কৰিছে। কণমানি শিশুটি দালাই লামা বুলি চিনাক্ত কৰাৰ পিছত সিহঁতৰ গাওঁখন আনন্দত মতলীয়া হৈ আছে। সেই আনন্দতে আজিৰ উৎসৱৰ আয়োজন …
পাহৰীয়া একা-বেঁকা ৰাস্তাটোৰে গৈ গৈ সিহঁ‌তে বাট হেৰুৱালে। বাটটোৰ যেন আদি অন্ত নাই। সমুখত অটলান্ত শূন্যতা! এয়া যেন অনন্ত যাত্ৰাৰ হে বাট! সিহঁতে উভতি আহিব বিচাৰিলে। উভতি অহাৰ বাটো যে হেৰাল। একেঠাইতে ঘুৰ্মুটিয়াই ঘুৰ্মুটিয়াই অকণমানি ছোৱালীকেইজনীয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে ……
জিগমে সাৰ পাই গ’ল। প্ৰায়েই এনেকুৱা হয়। এই সপোনটোৱে খেদি ফুৰে তেওঁক। পুহ মহীয়া ঠেৰেঙা লগা জাৰতো তেওঁ ঘামত জুৰুলি-জুপুৰি হ’ল। দিল্লীত নবেম্বৰ মাহৰ এই ৰাতিপুৱা চাৰি বজাত ঘোপমৰা আন্ধাৰ। উমানে উমানে উঠি জিগমেই লাইটটো জ্বলালে। বিছনাৰ কাষৰ টেবুলখনত থোৱা পানীৰ ফ্লাস্কটোৰ পৰা কুহুমীয়া পানী এগিলাছ খাই বুঢ়ী অকণ শান্ত হ’ল। মজিয়াত পাৰি থোৱা কাৰ্পেটতে তেওঁ বহিল। জপ মালাধাৰ লৈ দুচকু মুদি তেওঁ বিৰবিৰাই গাবলৈ ধৰিলে ঔম মনিপদ্মে হুম …ঔম মনিপদ্মে হুম…। জীৱন আৰু জগতৰ পৰা বহু নিলগৰ এক অপাৰ্থিৱ ভাৱনাত জিগমে খান্দুৰ সোতোৰা-সোতোৰ গালেৰে দুধাৰি চকুপানী বৈ গ’ল। বহুসময় তেওঁ প্ৰাৰ্থনাৰ ভংগীতে বহি থাকিল। ইতিমধ্যে বাহিৰত ভালকৈ পোহৰ হৈছে। তেওঁৰ নাতিনিয়েক আছি এতিয়াও উঠা নাই। ৰাতিৰ ৰাতিটো কি নো কৰি থাকে জানো ছোৱালীজনীয়ে। পিছত আকৌ অফিচ দেৰি হয় বুলি হুলস্থূলখন কৰিব। অপাৰ মৰম জিগমেৰ আছি লৈ। তাইৰ বাহিৰে কোননো আছে বুঢ়ীৰ! আছিয়ে খাই যাবলৈ বুলি লৰা-লৰিকৈ গাটো তিয়াই বুঢ়ীয়ে থুকপাৰ যোগাৰ কৰিলে। লগত মাখন মিহলি কৰা গৰম চাহ। হ’ওতে কুক আহিব দুপৰীয়া সাজ ৰান্ধিবলৈ। ৰান্ধিব মানে আৰু কি! এই আলু পৰাঠা, ৰাজমা ছাৱল .. এইবোৰ হে। আছিৰ প্ৰিয়! খুব চেষ্টা কৰে তেওঁ .. সত্তৰোৰ্দ্ধ দেহাৰে থপথপাই থপথপাই ম’ম’, থুকপা এইবোৰ ৰান্ধি আছিক খুৱাবলৈ যত্ন কৰে! আছিয়ে কয় —
“কি দৰকাৰ এইবোৰ কৰাৰ। মহেশ ভইয়াই সব বনাবই। তুমি আৰাম কৰা। “
কোৱা কামটো আছিৰ, কৰা কামটো জিগমেৰ! আছিয়ে সদায় কয়, জিগমেই সদায় কৰে। হয়তো সেয়া কৰি তিব্বতত এৰি থৈ অহা সেই ষোলটা বছৰ ধৰি ৰাখিবলৈ যত্ন কৰে। বুজি পায় আছিয়ে। সেইকাৰণে আজিকালি আছিয়ে আপত্তি নকৰে। ৰাতিপুৱা মন নগলেও প্ৰায় সদায়েই থুকপা খাই ওলাই যায়। তাৰ পিছতে আৰম্ভ হয় বুঢ়ীৰ অতীত যাত্ৰা। জপমালাৰ মণিধাৰৰ দৰে ঘূৰি ঘূৰি একেখিনি কথাকে বুঢ়ীৰ মনলৈ আহি থাকে। কিমান দিনৰ আগৰ কথানো … কিন্তু এনেকুৱা লাগে যেন এটা বেলেগ জীৱন! সিপাৰত এৰি অহা ইপাৰৰ জীৱন!
আচলতে জিগমে বুঢ়ীয়ে অনবৰতে মনৰ মাজত সেউজীয়াৰে ঘেৰি থকা নীলা আকাশে আবৰি থকা অকণমানি কাঠৰ ঘৰখন লৈ ফুৰে। ঘৰ! কোনখন নিজৰ! তিব্বতৰ সেইগাওঁখনৰ উমাল ঘৰখন.. দিনে ৰাতিয়ে জ্বলি থকা ঘিঁউৰ চাকিগছি, তথাগতৰ চৰণৰ পৰম নিৰ্ভৰ আশ্ৰয়! মেওৰ চৌফেলিংৰ ৰিফিউজী কেম্প… নে এয়াৰৰ্প’টৰ ওচৰত আছিয়ে ভাৰালৈ লোৱা এই দুকোঠলীয়া ফ্লেটটো!
প্ৰায়ে বুঢ়ীয়ে কাষৰ ফ্লেটৰ মিচেচ ভাটৰ লগত কথা পাতে। মিচেচ ভাটে তেওঁলোকে কাশ্মীৰত এৰি অহা ঘৰখনৰ কথা কয়।
“জানে মোৰ ঘৰ খনত ২২টা কোঠা আছিল। ইয়াতযে এই সৰু ফ্লেটটোত সোমাই সোমাই উশাহ বন্ধ হোৱাৰ উপক্ৰম হয়। আমাৰ এও আকৌ মোৰ হাতৰ য়াখ্নি খাই যে কি ভাল পাইছিল। মই আমাৰ তাত প্ৰায় সদায়ে ৰান্ধিছিলো। আজিকালি কিবা মন নাযায়। আমাৰ বাগিছাৰ আপেলবোৰযে কিমান মিঠা। আপুনি বাৰু আপেল খাই ভাল পাইনে? মই কাশ্মীৰলৈ ঘূৰি গ’লে আপোনালৈ আপেলৰ জেলি কৰি পঠিয়াম।“
জিগমেই মুৰ দুপিয়ায় দুপিয়ায় শুনে।
“আপুনি তিব্বতলৈ গ’লে মোলৈ কিন্তু জেদ পাথৰ আৰু ৰঙ বিৰঙী মণি কেইধাৰমান পঠিয়াব। কি ঠিক চব ভালে থাকিলে আপোনালোকৰ তাত গৰম গোমধানৰ সোৱাদ ল’বলৈ মই ওলাবগৈয়ো পাৰো।“
সৰু সৰু চকু দুটা মুদ খাই যোৱাকৈ হাঁহি হাঁহি জিগমেই কয় “আপেল খাবলৈ ময়ো ওলামগৈ কাশ্মীৰ।“
হাঁহি হাঁহি কান্দি পেলাই দুয়োগৰাকীয়ে।
কাশ্মীৰৰ ঘৰখন! কেনে আছে মৰমৰ ঘৰখন!
এপদ এপদ কৈ শালিকাই কুটা কঢ়িওৱা দি কঢ়িয়াই অনা বস্তুবোৰ! আছেনে একেধৰণে! সেইবাৰ ৰাজস্থানত কিনা কাঠৰ নীলা নয়না ময়ূৰহাল, পুৰীৰ পৰা কঢ়িওৱা শংখৰ মালা, নিজ হাতে পেইণ্ট কৰা চীনা মাটিৰ কেটলীটো! পাইন গছজোপাৰ চাৰিওফালে মাৰ্বলেৰে বান্ধি দিয়া বেদী’; গছৰ দালত আৰি দিয়া লেম্প!
এটা ৰাতি, মাত্ৰ এটা ৰাতি ঘৰখনত কটাব পৰা হেতেন!
মানুহগৰাকীৰ প্ৰাৰ্থনাত …সমগ্ৰ চেতনাত কেৱল বিশ বছৰৰ আগতে এৰি অহা তেওঁৰ ঘৰখন। কেৱল কাশ্মীৰী পণ্ডিত হোৱাৰ দোষত নিজৰ মাটিতে বিতাড়িত তেওঁলোক! ৰাতিৰ ভিতৰতে সকলো সলনি হৈ গৈছিল। ক’ত শ্ৰীনগৰৰ সেউজীয়াবোৰ আৰু ক’ত জম্মুৰ ৰিফিউজী কেম্পৰ ৰুক্ষ শুকান পৰিবেশ! কেনেকৈ পাহৰিব! জম্মুৰ ৰিফিউজী কেম্পৰ অস্বাস্থ্যকৰ পৰিবেশত মাত্ৰ সাধাৰণ বিস্কুট এপেকেটৰ বাবেই ভিক্ষাৰীৰ দৰে শাৰী পাতি থিয় দিছিল। ল’ৰা-ছোৱালীৰ মুখত কিবা অকণ দিবৰ বাবেই কেইদিন মানৰ আগতে সুখী সমৃদ্ধিশালী ঘৰ একোখনৰ গৰাকিনী তেওঁৰ দৰে বহু মাকে ৰিলিফৰ গাড়ীলৈ বাট চাই চাই বহি আছিল। এটা বিলাহী; এটা কবিৰ কাৰণে কাজিয়া কৰিছিল! অথচ কাশ্মীৰৰ নিজৰ ঘৰখনৰ পিছফালৰ বাগিছাত খাঁ‌ওতা নথকাকৈ পাচলিবোৰ গেলি গৈছিল।
মিচেচ ভাটে কাশ্মীৰৰ সাধু কয়!
জিগমেই তিব্বতৰ সাধু কয়!
সাধুৱেইতো! সঁচা‌ ঘটনাবোৰেই এসময়ত সাধু হয়। দুখন ভিন্ন ঠাইৰ দুগৰাকী মানুহৰ বেদনাবোৰ আশ্চৰ্যজনক ভাবে একে হৈ পৰে!
ঘেঁহু, বাৰ্লি আৰু গোমধানৰ খেতি, জুহালৰ উমাল জুইৰ আগত বহা মেল, তথাগতৰ মূৰ্তিৰ আগত জ্বলোৱা ধুপৰ সুগন্ধ, প্ৰাৰ্থনাৰ চক্ৰ ঘূৰাই ঘূৰাই গোৱা পবিত্ৰ মন্ত্ৰ, য়াকৰ মাখন মিহলোৱা গৰম চাহ!
আপেলৰ বাগিছা, শাৰী শাৰী চিকাৰা, সুগন্ধি সেউজীয়া চাহ! কাহৱা!
খুব সাৱধানে দুয়ো কিছুমান সাধু এৰাই যায়। তেজেধোৱা আৰু জুইৰে ৰাঙলী সময়বোৰ! অনাহাৰ অনিদ্ৰা আৰু আশংকাৰে ধুঁৱলী-কুঁৱলী মনবোৰ! প্ৰিয়জনক চকুৰ আগতে হেৰুওৱাৰ অসহায়তাৰে গধুৰ হৃদয়বোৰ! আৰু এসময়ত একেটা প্ৰাচীন প্ৰাৰ্থনাৰে নতজানু মনেৰে দুয়ো নৈঃশব্দৰে ওমলে। জন্মৰে পৰা নিজৰ বুলি ভাবি থকা, সমগ্ৰ চেতনাত আচ্ছন্ন হৈ থকা ঘৰখন নেদেখাৰ দুখত দুয়ো আকুলি বিকুলি কৰি উঠে। আপেলৰ জেলি আৰু থুকপাৰ সংমিশ্ৰিত গোন্ধ এটা ওলমি ওলমি ফুৰে জিগমে আৰু মিচেচ ভাটৰ কমন বেলকনিৰ আশে পাশে।
জিগমে ষোল বছৰ বয়সতে তিব্বত এৰি আহিছিল। অনবৰতে চীনা সৈন্যৰ হাতৰ ধৰা পৰাৰ ভয়, অনাহাৰ অনিদ্ৰাত জৰ্জড়িত শৰীৰ আৰু সমুখৰ অনিশ্চিত ভবিষ্যত। সেইসময়ত প্ৰায় দহ হাজাৰতকৈ অধিক লোকক নিৰ্বিচাৰে ইচ্ছাকৃতভাৱে আৰু ব্যক্তিগতভাৱে হত্যা কৰা হৈছিল। হাজাৰ হাজাৰ ল’ৰাছোৱালী …মাকৰ গাখীৰ খাই থকা পানীকেঁচুৱাৰ পৰা আৰম্ভ কৰি পোন্ধৰবছৰমানৰ ল’ৰা ছোৱালীলৈকে সকলোকে মাক দেউতাকৰ বুকুৰ মাজৰ পৰা টানি লৈ যোৱা হৈছিল। জিগমেৰ আঠ আৰু দহ বছৰীয়া ভায়েক দুটাক আৰু সিহঁতে কোনোদিন দেখা নাপালে। তদুপৰি বহু মহিলাৰ সমূহীয়া বন্ধ্যাকৰণ কৰিছিল চীনৰ চৰকাৰে। আছিয়ে কোৱা মতে এটা নিৰীহ জাতিক পৃথিৱীৰ মানচিত্ৰৰ পৰা মছি দিয়াৰ ষড়যন্ত্ৰ সেয়া। দুৰ্গম, বিপদ সংকুল উপত্যকাইদি পলাই ভাৰতলৈ আহোঁতে বহু লোকেই প্ৰাণ হেৰুৱাইছিল। জিগমেৰ চকুৰ আগতেই পাহাৰ খহি তললৈ সৰি পৰিছিল তেওঁৰ পতি। অ’ত ত‘ত আশ্ৰয় লৈ লৈ এসময়ত জিগমে আন বহুতৰ লগত আহিছিল অৰুণাচলৰ চৌফেলিঙৰ সেই ৰিফিউজী কেম্পলৈ। মানুহবোৰে কাৰ্পেট ফেক্টৰিত কাম কৰিছিল। ভাৰত চৰকাৰেই ব্যৱস্থা কৰি দিছিল কপৰ্দকশূন্য মানুহখিনিৰ জীৱন আৰু জীৱিকাৰ কাৰণে! কষ্টকৰ কাম! কিন্তু মানুহখিনি কৃতজ্ঞ ভাৰত চৰকাৰৰ ওচৰত। বাহিৰত বহুত আদৰ এনে কাৰ্পেটৰ। কাৰ্পেট ফেক্টৰীত কাম কৰি কৰিয়েই বহুতৰে তাত এখন ঘৰ হৈছিল। বহুতে সংসাৰ পাতিছিল। মানুহবোৰৰ চকুত আকৌ সেই চিৰন্তণ সপোনটোৱে ভিৰ কৰিছিল। সৰুকৈ তেওঁলোকে গোম্ফা এটাও সাজিছিল। ঘৰবোৰৰ মুধচত শোভা বঢ়াইছিল শাৰী শাৰী পতাকাই। প্ৰৰ্থনাৰ পতাকাই। এতিয়া চৌফেলিঙেই তেওঁলোকৰ কাৰণে দ্বিতীয় তিব্বত। কিন্তু জিগমেই মানি ল’ব পৰা নাছিল। জিগমেৰ অন্তৰত আকৌ তিব্বতলৈ ঘূৰি যোৱাৰ সপোনটোৱে দ’ কৈ খাজ কাটি বহিছিল।
তাৰ পৰাই পঢ়ি শুনি আছিয়ে দিল্লী পালেহি। আছিৰ লগতে জিগমেও আহিল। তিব্বতলৈ যোৱাৰ পথটো আৰু অকণ চমু হওক বুলি। ইয়াত বুঢ়ীৰ লগ মাত্ৰ মিচেচ ভাট। দুয়ো সদায় লগ হয়। কথাবতৰাত কাশ্মীৰ আৰু তিব্বত একাকাৰ হয়। অন্য একো কথাতে বুঢ়ীৰ ৰাপ নাই। আছিক কুটুৰি আছে এদিন দালাই লামাক দৰ্শন কৰিবলৈ ধৰমশালালৈ যাব। বহুদিনীয়া হেঁপাহ!
ধৰমশালাৰ পৰা অহাৰ পিছৰে পৰা বুঢ়ী অলপ বেলেগ হ’ল। অনবৰতে নিজৰ মাজতে ডুবি থাকে। মাজে মাজে মাথোঁ বিৰবিৰাই … “অহাবাৰ আকৌ টাক্টচেৰত জনম ল’ম। ঘৰলৈ যোৱা আশা আৰু এইজনমত পুৰণ নহ’ব। দালাই লামাইটো তাকে ক’লে। ইয়াতে সুখী হোৱা। পুণ্যাত্মাইটো তাকে ক’লে!“
দিনবোৰ লাহে লাহে পাৰ হৈ যায়। মিচেচ ভাটৰ ল’ৰাই খবৰ আনে কাশ্মীৰৰ তেওঁলোকৰ ঘৰ মাটিত কেইবামহলীয়া হোটেল হোৱাৰ। কেইবাদিনো মিচেচ ভাটে খোৱা-বোৱা কৰিব নোৱাৰে। জিগমে বুঢ়ীয়ে অকণমান থুকপা বনাই এচামুচ দুচামুচ কৈ খুৱাই দিয়ে। বেলকনিৰ আকাশেৰে উৰি যোৱা প্লেনবোৰ দেখি তেওঁলোকৰ আশাবোৰ ছাঁই হৈ উৰে। সপোন ভঙাৰ দুখ .. ঘৰ এখনৰ বাবে হামৰাও কাঢ়ি মৰাৰ দুখ.. দুখ বোৰে কুন্দুলী পকাই বহে। দুখ বোৰ পুহি ৰখাৰ দুখতে দুখী হয় জিগমে বুঢ়ী।
ইয়াতে সুখী হোৱা! ইয়াতে সুখী হোৱা!
মন্ত্ৰৰ দৰে আওৰাই জিগমে বুঢ়ীয়ে। মিচেচ ভাটকো শিকাব বিচাৰে সেই অমোঘ মন্ত্ৰ। এসময়ত তাৰ পৰাই জন্ম লয় ফিনিক্স পখীয়ে।
ঘৰৰ বেলকনিত আজিকালি আছিয়ে ৰঙা নীলা হালধীয়া পতাকা আৰে। মিচেচ ভাটৰ ছোৱালীয়ে নতুনকৈ শিকি ৰন্ধা য়াখ্নিৰ সুবাস ভাঁহি আহে। কনাট প্লেচৰ পৰা মিচেচ ভাটে নীল নয়না ময়ূৰী এহাল কিনে। গধূলি জিগমেৰ প্ৰাৰ্থনাত ৰঙীন পতাকাবোৰ হালি জালি নাচে।
(সমাপ্ত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments