প্ৰাৰ্থনা (নীত কাশ্যপ)

বিষত কাতৰ অস্ফুট গেঙণি এটাত টোপনি ভাগিছিল মোৰ৷ কৃষ্ণ গোঁসাইক বুকুৰ পৰা আঁতৰাই থৈ মাৰ কোঠালৈ ঢপলিয়াই গৈছিলো মই৷ বিষত কোঙা হৈ পৰা মা বিছনাত ইলুটি-সিলুটি খাই পৰি আছিল৷ অব্যতিক্ৰমিক নৈমিত্তিক পৰিঘটনা হৈ পৰিছিল এয়া৷ তথাপি মূৰৰ পৰা বুকুলৈ তীব্ৰ যন্ত্ৰনা এটাই শেলে বিন্ধা দি বিন্ধি গৈছিল মোৰ শিশু কোমল মনটোক৷ পিৰালীলৈ দৌৰ মাৰিছিলো মই৷ হেতাল ভঙা চকী খনত বহি খুটা এটাত মূৰ আঁউজি আকাশলৈ চাই আছিল দেউতা৷ চকুত তেওঁৰ পানী৷ মই আচৰিত হৈছিলোঁ৷ সমানেই আশাহতও! মোৰ কাৰণে পৃথিৱীৰ সবাতোকৈ সাহসী মানুহজনৰ চকুত পানী, মুখত হতাশা দেখি কিংকৰ্তব্য বিমূঢ় হৈছিলো মই৷ পৰ্দাখনত খামুচি ধৰি থিয় হৈ ৰৈছিলোঁ খন্তেক৷ কৃষ্ণ গোঁসাইৰ মুৰ্ত্তিটোৰ দৰে৷ সৰ্বশক্তিমান কৃষ্ণ গোঁসাই৷ পুনৰ লৰ মাৰিছিলোঁ মই কোঠালৈ৷ লাং খাই পৰি আছে কৃষ্ণ গোঁসাই বিছনাত মোৰ৷ তুলি আনি কোমল দুহাতৰ মাজত লৈছিলোঁ। তেওঁক৷ চলচলিয়া চকুৰে অস্পষ্টকৈ দেখিছিলোঁ।, মুখত তেওঁৰ কোনো পৰিস্থিতিয়ে মচিব নোৱাৰা সেই একেই হাঁহি৷ যি হাঁহি দেখি আশ্বস্ত হওঁ মই বাৰে বাৰে৷
“শুদ্ধ মনেৰে কৰা প্ৰাৰ্থনাই ভগৱানৰ অন্তৰ গলায়৷“ গধূলি তুলসীৰ তলত চাকিগছ জ্বলাই এদিনাখন মায়ে কৈছিল মোক৷ কৃষ্ণ গোঁসাইৰ মূৰ্ত্তিটোৰ ভিতৰত এখন অন্তৰ আছিল নে নাই মই নাজানো, কিন্তুু দিনে-নিশাই বুকুত চপাই প্ৰাৰ্থনা কৰিছিলো মই তেওঁক৷ “গোঁসাই এবাৰ মাক ঠিক কৰি দিয়া“৷ নাজানো মোৰ মাত তেওঁৰ ভিতৰ পাইছিল নে নাই! কেৱল হাঁহি ৰৈছিল তেওঁ৷
লাহে লাহে মাৰ ঘৰৰ পৰা বাহিৰ ওলোৱা বন্ধ হৈ পৰিছিল৷ চিকিৎসাৰ বাবে চুটি চুটিকৈ কাটি পেলোৱা চুলি আৰু বনজুইৰ দৰে গাঁৱত বিয়পি পৰা মাৰ বেমাৰটোৰ নানান কথাই মাক ভাৰাক্ৰান্ত কৰি তুলিছিল৷ অনবৰত কোঠালিৰ ভিতৰত জুপুকা মাৰি থকা মাক দেখি মোৰ বুকুখনত সেই একেটা বিষেই বিন্ধিছিল বাৰে বাৰে৷ কৃষ্ণ গোঁসাইলৈ মোৰ অভিমান হৈছিল৷ কিন্তুু জুপুকা মাৰি থকা মা আৰু অস্বাভাৱিক ভাবে গহীন হৈ পৰা দেউতাক দেখি ওপজা এই অভিমান আছিল ক্ষন্তেকীয়া৷ পুনৰ তেখেতকেই খাটিছিলোঁ৷ স্কুলৰ পৰা আহি জুপুকা মাৰি থকা মাৰ কোঁচত ঠেলি ঠেলি সোমাই পৰিছিলোঁ৷ মাক চুই থাকি মনে মনে টানি আনিব বিচাৰিছিলোঁ সেই যন্ত্ৰনা মাৰ পৰা মোৰ গালৈ৷ ভগাই ল’লে জানো বিষ নকমিব মা? মাৰ শীৰ্ণ হাতৰ বুলনিত শুই পৰিছিলোঁ তেওঁৰ কোঁচতেই৷
’লাহে লাহে মা সোমাই পৰিছে এটা অান্ধাৰ পুখুৰীত৷ পাৰে পাৰে উদ্বাৱল হৈ দৌৰিছোঁ মই৷ হাত দুখন প্ৰসাৰিত কৰি তেওঁক বিছাৰিছোঁ’
কিবা এটা পৰি যোৱাৰ শব্দত সাৰ পাইছিলোঁ মই৷ কৃষ্ণ গোঁসাই সৰি পৰিছিল বুকুৰ পৰা বিছনাৰ তললৈ৷ ভয়লগা সপোনটোৱে তিয়াই দিছিল মোক ঘামেৰে৷ সিটো কোঠাৰ পৰা মাৰ কান্দোনৰ শব্দ ভাঁহি আহিছিল৷ মই কাণ উনাই ৰৈছিলো৷ “মোক মুক্তি দিয়া প্ৰভু৷ লৈ যোৱা মোক৷ এই বিষতকৈ মৃত্যু শ্ৰেয়৷ “ মই থমকি ৰৈছিলোঁ৷ সম্পূৰ্ণ দুটা মেৰুত ৰৈছিল মা আৰু মোৰ প্ৰাৰ্থনা৷ বিমোৰত পৰিছিলোঁ মই৷ মাৰ যন্ত্ৰনা, মাৰ বিষ নিজৰ শৰীৰত অনুভৱ কৰিব বিচাৰি বহুসময় নিস্তেজ হৈ পৰি ৰৈছিলোঁ৷ বাৰে বাৰে কাণত বাজিছিল সেই একে কেইটা শব্দই ’এই বিষতকৈ মৃত্যু শ্ৰেয়’৷ বুজিছিলো মোৰ প্ৰাৰ্থনা অমূলক৷ কৃষ্ণ গোঁসাইৰ বুকুত মুখ থৈ লাহে লাহে কৈ গৈছিলোঁ, ’মাক মুক্তি দিয়া গোঁসাই, লৈ যোৱা মাক’। একেটা সুৰতে আৱদ্ধ হৈ পৰিছিল মা আৰু মোৰ প্ৰৰ্থনা৷ নিৰব

নীত কাশ্যপ
বিষত কাতৰ অস্ফুট গেঙণি এটাত টোপনি ভাগিছিল মোৰ৷ কৃষ্ণ গোঁসাইক বুকুৰ পৰা আঁতৰাই থৈ মাৰ কোঠালৈ ঢপলিয়াই গৈছিলো মই৷ বিষত কোঙা হৈ পৰা মা বিছনাত ইলুটি-সিলুটি খাই পৰি আছিল৷ অব্যতিক্ৰমিক নৈমিত্তিক পৰিঘটনা হৈ পৰিছিল এয়া৷ তথাপি মূৰৰ পৰা বুকুলৈ তীব্ৰ যন্ত্ৰনা এটাই শেলে বিন্ধা দি বিন্ধি গৈছিল মোৰ শিশু কোমল মনটোক৷ পিৰালীলৈ দৌৰ মাৰিছিলো মই৷ হেতাল ভঙা চকী খনত বহি খুটা এটাত মূৰ আঁউজি আকাশলৈ চাই আছিল দেউতা৷ চকুত তেওঁৰ পানী৷ মই আচৰিত হৈছিলোঁ৷ সমানেই আশাহতও! মোৰ কাৰণে পৃথিৱীৰ সবাতোকৈ সাহসী মানুহজনৰ চকুত পানী, মুখত হতাশা দেখি কিংকৰ্তব্য বিমূঢ় হৈছিলো মই৷ পৰ্দাখনত খামুচি ধৰি থিয় হৈ ৰৈছিলোঁ খন্তেক৷ কৃষ্ণ গোঁসাইৰ মুৰ্ত্তিটোৰ দৰে৷ সৰ্বশক্তিমান কৃষ্ণ গোঁসাই৷ পুনৰ লৰ মাৰিছিলোঁ মই কোঠালৈ৷ লাং খাই পৰি আছে কৃষ্ণ গোঁসাই বিছনাত মোৰ৷ তুলি আনি কোমল দুহাতৰ মাজত লৈছিলোঁ। তেওঁক৷ চলচলিয়া চকুৰে অস্পষ্টকৈ দেখিছিলোঁ।, মুখত তেওঁৰ কোনো পৰিস্থিতিয়ে মচিব নোৱাৰা সেই একেই হাঁহি৷ যি হাঁহি দেখি আশ্বস্ত হওঁ মই বাৰে বাৰে৷
“শুদ্ধ মনেৰে কৰা প্ৰাৰ্থনাই ভগৱানৰ অন্তৰ গলায়৷“ গধূলি তুলসীৰ তলত চাকিগছ জ্বলাই এদিনাখন মায়ে কৈছিল মোক৷ কৃষ্ণ গোঁসাইৰ মূৰ্ত্তিটোৰ ভিতৰত এখন অন্তৰ আছিল নে নাই মই নাজানো, কিন্তুু দিনে-নিশাই বুকুত চপাই প্ৰাৰ্থনা কৰিছিলো মই তেওঁক৷ “গোঁসাই এবাৰ মাক ঠিক কৰি দিয়া“৷ নাজানো মোৰ মাত তেওঁৰ ভিতৰ পাইছিল নে নাই! কেৱল হাঁহি ৰৈছিল তেওঁ৷
লাহে লাহে মাৰ ঘৰৰ পৰা বাহিৰ ওলোৱা বন্ধ হৈ পৰিছিল৷ চিকিৎসাৰ বাবে চুটি চুটিকৈ কাটি পেলোৱা চুলি আৰু বনজুইৰ দৰে গাঁৱত বিয়পি পৰা মাৰ বেমাৰটোৰ নানান কথাই মাক ভাৰাক্ৰান্ত কৰি তুলিছিল৷ অনবৰত কোঠালিৰ ভিতৰত জুপুকা মাৰি থকা মাক দেখি মোৰ বুকুখনত সেই একেটা বিষেই বিন্ধিছিল বাৰে বাৰে৷ কৃষ্ণ গোঁসাইলৈ মোৰ অভিমান হৈছিল৷ কিন্তুু জুপুকা মাৰি থকা মা আৰু অস্বাভাৱিক ভাবে গহীন হৈ পৰা দেউতাক দেখি ওপজা এই অভিমান আছিল ক্ষন্তেকীয়া৷ পুনৰ তেখেতকেই খাটিছিলোঁ৷ স্কুলৰ পৰা আহি জুপুকা মাৰি থকা মাৰ কোঁচত ঠেলি ঠেলি সোমাই পৰিছিলোঁ৷ মাক চুই থাকি মনে মনে টানি আনিব বিচাৰিছিলোঁ সেই যন্ত্ৰনা মাৰ পৰা মোৰ গালৈ৷ ভগাই ল’লে জানো বিষ নকমিব মা? মাৰ শীৰ্ণ হাতৰ বুলনিত শুই পৰিছিলোঁ তেওঁৰ কোঁচতেই৷
’লাহে লাহে মা সোমাই পৰিছে এটা অান্ধাৰ পুখুৰীত৷ পাৰে পাৰে উদ্বাৱল হৈ দৌৰিছোঁ মই৷ হাত দুখন প্ৰসাৰিত কৰি তেওঁক বিছাৰিছোঁ’
কিবা এটা পৰি যোৱাৰ শব্দত সাৰ পাইছিলোঁ মই৷ কৃষ্ণ গোঁসাই সৰি পৰিছিল বুকুৰ পৰা বিছনাৰ তললৈ৷ ভয়লগা সপোনটোৱে তিয়াই দিছিল মোক ঘামেৰে৷ সিটো কোঠাৰ পৰা মাৰ কান্দোনৰ শব্দ ভাঁহি আহিছিল৷ মই কাণ উনাই ৰৈছিলো৷ “মোক মুক্তি দিয়া প্ৰভু৷ লৈ যোৱা মোক৷ এই বিষতকৈ মৃত্যু শ্ৰেয়৷ “ মই থমকি ৰৈছিলোঁ৷ সম্পূৰ্ণ দুটা মেৰুত ৰৈছিল মা আৰু মোৰ প্ৰাৰ্থনা৷ বিমোৰত পৰিছিলোঁ মই৷ মাৰ যন্ত্ৰনা, মাৰ বিষ নিজৰ শৰীৰত অনুভৱ কৰিব বিচাৰি বহুসময় নিস্তেজ হৈ পৰি ৰৈছিলোঁ৷ বাৰে বাৰে কাণত বাজিছিল সেই একে কেইটা শব্দই ’এই বিষতকৈ মৃত্যু শ্ৰেয়’৷ বুজিছিলো মোৰ প্ৰাৰ্থনা অমূলক৷ কৃষ্ণ গোঁসাইৰ বুকুত মুখ থৈ লাহে লাহে কৈ গৈছিলোঁ, ’মাক মুক্তি দিয়া গোঁসাই, লৈ যোৱা মাক’। একেটা সুৰতে আৱদ্ধ হৈ পৰিছিল মা আৰু মোৰ প্ৰৰ্থনা৷ নিৰবধি মোৰ চকুপানীৰে এটা পুখুৰী হৈছিল, আৰু সেই আন্ধাৰ পুখুৰীত ক্ৰমাৎ হেৰাই গৈছিল মা চিৰদিনলৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments