প্ৰিয় দৰ্শক, আমি আহি আহি আজিৰ নাটকৰ শেষ দৃশ্যত – উৎপল বাদল বৰুৱা

ফেচবুকত আসক্ত নহ’লেও মই এই মাধ্যমৰদ্বাৰাই অসম আৰু অসমীয়া বন্ধুসকলৰ লগত যোৱা কেইবাবছৰো ধৰি একপ্ৰকাৰ নিয়মীয়াকৈ যোগাযোগ ৰাখি আছিলোঁ৷ বিশেষকৈ প্ৰতি দেওঁবাৰে “জীৱন বাটৰ ৰস” লিখি আৰু পঢ়ূৱৈৰ মন্তব্য পঢ়ি মই বৰ আমোদ পাইছিলোঁ৷ কেৰালাৰ কন্নূৰ এয়াৰপৰ্টৰ চাকৰিটোত যোগদান কৰাৰ পিছত সেই সুবিধা মোৰ নোহোৱা হ’ল৷ প্ৰসৱ হোৱাৰ পিছতে এটা শিশুক যেনেকৈ অহৰহ প্ৰতিপালৰ প্ৰয়োজন হয়, ঠিক তেনেকৈ নতুনকৈ আৰম্ভ হোৱা বিমানকোঠ এটাতো কৰিব লগা কামৰ কোনো সীমা নাথাকে৷ এই দায়িত্বই মোৰ সকলো সময় কাঢ়ি লোৱাৰ পিছত যিকণ সময় পাওঁ সেইকণ সময়ত “শাওঁনমহীয়া দুপৰ বেলা, নিজেই লওঁ ভোজনঠেলা” ধৰণৰ জীৱন এটাত সোমাই পৰিব লগা হয়৷ কিন্তু তথাপিও মই চেগাচোৰোকাকৈ জনাবলগীয়া কথাবোৰ বন্ধুসকলক জনাই আছোঁ৷ যেনেকৈ আজি এতিয়া৷

প্ৰথমতে মই এতিয়া কৰি থকা কামবিলাকৰ সামান্য এটা আভাস দি ল’লে ক’ব লগা কথাটো সহজ হ’ব৷ কন্নূৰ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ উত্তৰ কেৰালাত নতুনকৈ নিৰ্মান কৰা এটা এয়াৰপৰ্ট৷ ইয়াৰ উত্তৰত থকা বিমানকোঠতো কৰ্ণাটকৰ মাঙ্গালোৰ আৰু দক্ষিণত থকা বিমানকোঠটো কেৰালাৰ কালিকট৷ দুটা পাহাৰৰ মাজৰ অংশটো মাটিৰে পুতি সমান কৰি বিমানকোঠটো নিৰ্মান কৰা হৈছে৷ এই কামৰ বাবে আগতে দুয়োটা পাহাৰতে বাস কৰা কেইবা শ লোককো স্থানান্তৰ কৰিব লগা হ’ল৷ তাৰোপৰি, বিমানকোঠটোৰ বাবে প্ৰয়োজন হোৱাত অনেক স্থানীয়লোকে তেওঁলোকৰ ম্যাদি পট্টাৰ মাটি এৰি দিব লগা হৈছিল৷ আমোদজনক কথা যে চৰকাৰে এই বিমানকোঠটোৰ বাবে দিব লগা মাটিৰ মূল্য এনেকৈ নিৰ্ধাৰিত কৰিছিল যে কোনোবাই মাটি এৰি দিব লগা হলে সেইটো ভাগ্যৰ কথা বুলি ভাবিছিল৷ ২৩০০ একৰ মাটিত গঢ় লৈ উঠা এই বিমানকোঠত এখন ফ’ৰ ষ্টাৰ হোটেল, দুখন বাজেট হোটেল, এখন ডে’ হোটেল, এটা কনভেনচন চেন্টাৰ, এখন এয়াৰপৰ্ট ভিলেজ, এটা এৰ’ ক্লাব আৰু বিভিন্ন বাণিজ্যিক কেন্দ্ৰৰ লগতে বিমানকোঠৰ কৰ্মীচাৰীসকল থাকিবৰ বাবে এটা বৃহ্ৎ এলেকা জুৰি গঢ় লৈ উঠিব “এয়াৰপৰ্ট টাউনস্বিপ্” নামৰ এটা আবাসিক অঞ্চল৷ তাৰোপৰি এয়াৰপৰ্টত কাম কৰিবৰ বাবে প্ৰয়োজন হয় দহ হাজাৰতকৈও অধিক কৰ্মচাৰীৰ৷ ব্যক্তিগত খণ্ডত গঢ় লৈ উঠা বাবে, এই কৰ্মচাৰীসকলক নিযুক্তি দিবলৈ এটা বিশেষ প্ৰক্ৰিয়া অৱলম্বন কৰা হয়৷ যিকোনো এটা চাকৰিৰ বাবে প্ৰথম প্ৰাৰ্থীৰ সন্ধান কৰা হয় “ইভেক্তি” সকলৰ মাজত অৰ্থাৎ যিসকলে বিমানকোঠটোৰ বাবে উঠি যাব লগা হ’ল৷ তাৰপিছত, এই সুবিধা আগবঢ়োৱা হয় যিসকলে মাটি দিলে তেওঁলোকলৈ৷ তেওঁলোকৰ মাজত যদি উপযুক্ত প্ৰাৰ্থী নাথাকে তেতিয়া সেই সুবিধা মুকলি কৰি দিয়া হয় থলুৱালোকলৈ৷ চতুৰ্থ পৰ্যায়তহে সেই সুবিধা সকলোৰে বাবে খুলি দিয়া হয়৷ এয়াৰপৰ্টত কাম কৰিবলৈ অহা বিভিন্ন প্ৰতিষ্ঠান আৰু এজেঞ্চিকো এই ক্ৰমতে নিযুক্তি দিবলৈ বাধ্য কৰোৱা হৈছে৷ এয়াৰ ইণ্ডিয়া- এ.টি.এছ.এল্ নামৰ প্ৰতিষ্ঠানটোৱে ইভেক্তি ভাগটোৰ সকলো প্ৰাৰ্থীকে নিযুক্তি দিম বুলি কোৱাত তেওঁলোকক সাত বছৰৰ বাবে গ্ৰাউণ্ড হেণ্ডলিঙৰ কাম কৰিবলৈ নিযুক্তি দিয়া হৈছে৷ চাকৰিৰ লগতে ঠিকা-ঠুকলিৰ ক্ষেত্ৰতো ক্ৰমটো একেই৷ বিমানকোঠটোৰ পৰা থলুৱালোকসকল বিভিন্ন প্ৰকাৰে সমৃদ্ধ হৈ আনন্দিত হৈছে৷
এতিয়া আহোঁ আচল কথালৈ৷

ভাৰত চৰকাৰে ছটা বিমানকোঠ ব্যক্তিগতকৰণ কৰিবলৈ লৈছে – ত্ৰিৱান্দ্ৰম, মাঙ্গালোৰ, আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ আৰু গুৱাহাটী৷ ইতিমধ্যেই টেকনিল নিবিদা খোলা হৈছে৷ আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ বাবে ছটা কোম্পানীয়ে নিবিদাত অংশ লৈছে৷ শেষ পৰ্যায়ৰ নিবিদা খোলা হব ২৫ তাৰিখে অৰ্থাৎ কাইলৈ৷ চৰকাৰী অনুজ্ঞাপত্ৰ প্ৰদান কৰা হব ২৮ তাৰিখে অৰ্থাৎ বৃহস্পতিবাৰলৈ৷ অৰ্থাৎ আমি অচিৰেই গম পাম আগন্তুক ৫০ বছৰলৈ কোনটো কোম্পানীয়ে আমাৰ বিমানকোঠটো পৰিচালনা কৰিব৷

বিমানকোঠ এটা একোটা অঞ্চলৰ অৰ্থনৈতিক প্ৰগতিৰ বুনিয়াদ৷ অসামৰিক পৰিবহন বিভাগৰ পাকচক্ৰবোৰ বুজি উঠাৰ পিছতে মই সৱলভাৱে দুটা কথাৰ বাবে সদায় মাত মাতি আহিছো – প্ৰথম, উত্তৰ পূৰ্বাঞ্চলক এটা নিৰ্ভৰযোগ্য অসামৰিক বিমান পৰিবহন সেৱা লাগে৷ ভৱিষ্যতৰ অৱলম্বন – পৰ্যটন উদ্যোগৰ বাবে ই অতি অপৰিহাৰ্য৷ দ্বিতীয়, পূৱৰ দেশ সমূহৰ লগত আমাৰ অঞ্চলটোৰ বিমান পৰিবহন ব্যৱস্থা সুগম হ’ব লাগে৷ আমি ইউ-টাৰ্ণ মাৰি পূৱলৈ উৰাৰ প্ৰক্ৰিয়াটোৰ অৱসান হ’ব লাগে৷ নতুনকৈ গঢ় ল’বলৈ লোৱা উত্তৰপূৱৰ দুৱাৰমূখ গুৱাহাটী এয়াৰপৰ্টে এই দিশত কাম কৰিবনে? কেৰালাৰ কন্নুৰত হোৱাৰ দৰে, উত্তৰপূৱৰ থলুৱালোকসকল ইয়াৰপৰা লাভৱান হ’বনে? ভাৰত চৰকাৰে বিমান পৰিবহনৰ সুবিধা সম্পৰ্কে মতামত বিচাৰি লিখা চিঠিৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে উত্তৰেই নিদিয়ে৷ সেই সজাগতাৰে বণিয়া কোম্পানীটোক থলুৱা লোকৰ হিতাৰ্থে কাম কৰিবলৈ বাধ্য কৰিব পৰা যাবনে? নতুন নিয়ম অনুসাৰে এটা বিমানকোঠ পৰিচালনাৰ কামত আজিকালি স্থানীয় চৰকাৰ আৰু প্ৰশাসনেও ভাগ ল’ব পাৰে৷ এয়াৰপৰ্ট এডভাইছৰী কমিটি, এৰোড্ৰোম কমিটি, এনভাইৰণ কমিটি আদি তাৰেই উদাহৰণ৷ পিছে, চাহ মিঠাইৰ উৰ্ধলৈ গৈ এই কমিটিৰ স্থানীয় ভাগীদাৰ সকলে আমাৰ আশা ভাৰসাৰ স্থল গুৱাহাটী এয়াৰপৰ্টটোক অৰ্থনেতিক প্ৰগতিৰ বুনিয়াদলৈ ৰূপান্তৰ কৰিব পাৰিবনে?
আমি আহি আহি আজি নাটকৰ শেষ দৃশ্যত উপনীত হ’লোহি৷ গুৱাহা়টী বিমানকোঠৰ এই নতুন পৰ্যায়টোতো আমি “প্ৰিয় দৰ্শক” হৈয়েই থাকিমনে?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক