প্ৰিয় পত্ৰসখী(- মৌচুমী বৰি)

মৰমবোৰ ল’বা।যোৱাকালি তোমাৰ চিঠি পাইছোঁ ।তুমি “আকৰ্ষণ সূত্ৰ”ৰ বিষয়ে পঢ়ি ভালপোৱা বুলি জনাইছা, লগতে বাস্তৱ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিম বুলি লিখা দেখি সুখী হৈছোঁ । আজি তোমালৈ মই আমাৰ “চিন্তা”বোৰৰ বিষয়ে লিখিম মোৰ দৃষ্টিৰে। তুমি চিঠিখন পঢ়ি মতামত দিলে নথৈ আনন্দিত হ’ম।

“আকৰ্ষণ সূত্ৰ”কে ভিত্তি কৰি মই আৰু অলপ কব বিচাৰিম যে— আমি আচলতে এই বিশ্বব্ৰহ্মাণ্ডক জানিবলৈ দিব লাগে- আমি আমাৰ জীৱনত কি বিচাৰোঁ ।আমি যেতিয়া বিশ্বব্ৰহ্মাণ্ডক আদেশ কৰিম আমি কি বিচাৰোঁ, এই বিশাল বিশ্বব্ৰহ্মাণ্ডই আমি বিচৰাখিনিক সন্মানসহকাৰে সমৰ্থন কৰিব।মাথোঁ এটা কথা ১০০শতাংশ স্পষ্ট হ’ব লাগিব যে আমি সঁচাকৈ কি বিচাৰোঁ ।আমি বিচৰাখিনিত যদি ১শতাংশও অস্পষ্টতা থাকে তেন্তে আমি সম্পূৰ্ণ সফল হ’ব নোৱাৰিম।আমি যি বিচাৰোঁ সেই বিষয়টো আমি আমাৰ মনত স্বচ্ছভাৱে জিলিকাই ৰখা উচিত।এনেকৈ আমি বিচৰাখিনি আমাৰ চিন্তাত ফটফটীয়া হৈ থাকিলে একাগ্ৰতা বৃদ্ধিতো সহায়ক হয়।আমি যেতিয়া এটা লক্ষ্য স্থিৰ কৰোঁ, ঠিক সেই মুহুৰ্তত আমি বিশ্বাস কৰি লোৱা উচিত যে সেই লক্ষ্যত আমি ইতিমধ্যে উপনীত হৈছোঁ ।সাফল্য পোৱাৰ আগতে সাফল্য পাইছোঁ বুলি ভাবি ললে সাফল্য পাবলৈ বিচৰা বাটটো অধিক মসৃন হৈ পৰে।তুমি যেতিয়া বিশ্বাস কৰিবা যে তুমি তোমাৰ লক্ষ্য ইতিমধ্যে পাই গৈছা, সেই মুহুৰ্তত কিন্তু ভয় বা শংকাৰ ভাৱ তিলমানো মনলৈ আহিবলৈ নিদিবা।তোমাৰ এই বিশ্বাসে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰৱল শক্তিক আকৰ্ষিত কৰিব।তুমি সফল হৈছাই বুলি মনতে আনন্দিত অনুভৱ কৰা; এই অনুভৱে তোমাক তোমাৰ লক্ষ্যক ওচৰ পোৱাত প্ৰচুৰ সহায় কৰিব।
 
তুমি এবাৰ আমাৰ জীৱনটোৰ কথা ভাৱাচোন। ভালকৈ চালে আমাৰ জীৱনটো “ইতিবাচক” আৰু “নেতিবাচক” কথাৰ সমষ্টি বুলি কব পাৰি।তোমাৰ জীৱনৰ স্বাস্হ্য, ধন-সম্পদ, মানৱিক সম্পৰ্ক, কাম-কাজ আদি সকলোতে ইতিবাচক (ধনাত্মক) আৰু নেতিবাচক (ঋণাত্মক) দুয়োটা দিশেই দেখা যায়।যদি তুমি ভাবা যে তুমি যিটো বস্তু পাম বুলি ভাৱিছা, সেই বস্তুটোৰ প্ৰতি তোমাৰ মৰম তথা আন্তৰিকতা আছে; তেন্তে সেইয়া নিসন্দেহে তোমাৰ ইতিবাচক চিন্তা আৰু যিটো বস্তু তুমি নিবিচাৰা, কোনো ধৰণৰ আন্তৰিকতা অনুভৱ নকৰা, তেন্তে নিসন্দেহে সেইয়া তোমাৰ নেতিবাচক চিন্তা।ইতিবাচক চিন্তাই আমাৰ জীৱনটোক সুখ, সমৃদ্ধি, সফলতা পোৱাত অৰিহণা যোগায় আৰু নেতিবাচক চিন্তাই আমাৰ জীৱনবোৰ অসুখী কৰি তুলে।লেখক, চিন্তাবিদ জোছেফ মৰ্ফিৰ মতে –“ তোমাৰ ভাৱৰ প্ৰকৃতি তথা তুমি বিচৰা ধৰণ সাপেক্ষেহে “আকৰ্ষন সূত্ৰ”ই তোমাৰ ভাৱৰ প্ৰতি আকৰ্ষিত হ’ব।তোমাৰ পৰিৱেশ আৰু আৰ্থিক অৱস্থাৰ ওলোটা প্ৰতিবিম্বই হৈছে তোমাৰ চিন্তাধাৰা”।
আমি যেতিয়া কিবা এটা কওঁ, ক’বলগা কথাখিনি প্ৰথমে আমাৰ মনলৈ আহে; তাৰপিছতহে সেই কথাখিনি আমি বাক্যৰে প্ৰকাশ কৰোঁ । ধৰি লোৱা তুমি ক’লা—“আজি তোমাক খুউব ধুনীয়া দেখাইছে”। ইয়াত চকুৰে চাই ধুনীয়া দেখাইছে বুলি মনলৈ আহিলেহে আমি মুখেৰে প্ৰকাশ কৰিব পাৰিম!আচলতে মানুহৰ মনৰ ভাৱবোৰেই কাৰ্য্যলৈ পৰিৱৰ্তন হয়।ধৰা, তুমি ৰাতিপুৱা বিচনাৰ পৰা উঠিছা, তোমাৰ মনলৈ প্ৰথমে আহিব লাগিব যে “মই এতিয়া বিচনাৰ পৰা উঠিম”।সঁচা কথা কবলৈ গ’লে ভাৱ অবিহনে আমি একো কাৰ্য্যই কৰিব নোৱাৰোঁ । গতিকে আমাৰ মনৰ ভাৱ-চিন্তাবোৰক ইতিবাচক ভাৱেৰে ভৰাই ৰাখিলে, ই আমাক সুস্থ জীৱন যাপনৰ বাবে শক্তি তথা প্ৰেৰণা যোগায়।এজন ইতিবাচক লোক সদায় আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হয়।তেনে লোকে নিজৰ লগতে আনৰ জীৱনকো আনন্দ প্ৰদান কৰাৰ উপৰিও অনুপ্ৰাণিত কৰে।এজন নেতিবাচক লোকে নিজেতো তিক্ততাত ভোগেই, আনকো তিক্ততা দিয়ে।তেনে লোকৰ জীৱন সদায় অসন্তুষ্টি, কামত উদ্দেশ্যবিহীনতা, অসুখী তথা স্বাস্থ্যহীনতাৰে ভৰি থাকে।নেতিবাচক লোকৰ জীৱনৰ সাফল্যত সীমাবদ্ধতা দেখা যায়।সাধাৰণতে আমাৰ মনৰ ভাৱ, চিন্তাধাৰা, বিচাৰ-বিবেচনা আদিবোৰ পৰিৱেশ, অভিজ্ঞতা আৰু শিক্ষাৰ ওপৰত নিৰ্ভৰশীল।এই কাৰক কেইটাৰ ওপৰত বহল বিশ্লেষণৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।
অলপ দিনৰ পৰা মোৰ এটা নতুন “অভিজ্ঞতা” হৈছে।অভিজ্ঞতা বুলি এইকাৰণেই কৈছোঁ যে এই অভিজ্ঞতাৰ দ্বাৰা মই মোৰ জীৱনৰ কিছুমান সমস্যাৰ সমাধান বিচাৰি পাইছোঁ । আমাৰ মনটোক দুটা ভাগত ভগাব পাৰি – চেতন মন আৰু অৱচেতন মন।অৱচেতন মনৰ যে ইমান বেছি প্ৰভাৱ থাকিব পাৰে সেইকথা কোনোদিন দকৈ ভাবিয়েই চোৱা নাছিলোঁ ।যিদিনাৰ পৰা চেতন আৰু অৱচেতন মনৰ পাৰ্থক্য গম পাইছোঁ, সেই দিনাৰ পৰা মোৰ জীৱনটোৱেই যেন সলনি হৈ পৰিছে, বিশ্বাস কৰা ।
গৱেষক সকলৰ মতে, চেতন মন ১০শতাংশ ক্ষমতাৰ অধিকাৰী, বাকী ৯০শতাংশ ক্ষমতাৰ অধিকাৰী আমাৰ অৱচেতন মন।গতিকে ভাৱি চোৱা অৱচেতন মনৰ শক্তি কিমান বেছি!!অৱচেতন মন সদায় চেতন মনৰ ভৃত্য ৰূপে থাকে।“আল্লাউদ্দিনৰ আচৰিত চাকি” সাধুটো জানা নহয়? অৱচেতন মনো সাধুটোৰ “জীন” নামৰ দৈত্যটোৰ দৰেই। জীনে যেনেকৈ আল্লাউদ্দিনৰ প্ৰতিটো আদেশকে মানি চলিছিল ঠিক সেইদৰে অৱচেতন মনেও চেতন মনৰ প্ৰতিটো কথাকে মানি চলে।চেতন মনে পঞ্চইন্দ্ৰিয়ৰ দ্বাৰা চাৰিও পৰিৱেশৰ পৰা তথ্য আহৰণ কৰে আৰু সেই তথ্য গ্ৰহণ বা বৰ্জন কৰে।চেতন মনে আমাৰ দৈনন্দিন জীৱনৰ সৰু-বৰ সিদ্ধান্ত যেনে, “আজি ৰাতি ভাতৰ লগত কি ৰান্ধিম, আজি গধূলি চিনেমা চাবলৈ যাম নে নাযাম, চাহ খাম নে কফি খাম” আদি সিদ্ধান্তবোৰ লয় আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতহে সেই সিদ্ধান্ত অৱচেতন মনত প্ৰৱেশ কৰে।অৱচেতন মনত বহু পুৰণি কথা সঞ্চিত হৈ থাকে। তদুপৰি আমাৰ আৱেগ, কল্পনা, অভ্যাস আদি অৱচেতন মনৰ দ্বাৰাই পৰিচালিত হয়।অৱচেতন মনৰ ভুল-শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা নাথাকে। সেয়েহে চেতন মনে যিবোৰ তথ্য অৱচেতন মনক দিয়ে সেই তথ্যবোৰ অৱচেতন মনে সম্পূৰ্ণ শুদ্ধ আৰু সত্য বুলি গ্ৰহণ কৰে।যিহেতু আমাৰ জীৱনটো ইতিবাচক আৰু নেতিবাচক চিন্তাৰ সমষ্টি; গতিকে চেতন মনে যদি কোনোধৰণৰ নেতিবাচক তথ্যও অৱচেতন মনক দিয়ে, তেন্তে অৱচেতন মনে তাকেই সত্য বুলি গ্ৰহণ কৰি লয়।সেয়ে আমাৰ জীৱনত ইতিবাচক চিন্তাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰ দোহাৰিব পাৰি।
 
পত্ৰসখী, “ইতিবাচক” আৰু “নেতিবাচক” চিন্তাৰ বিষয়ে তুমি কি ভাৱা জনাবাচোন। তোমাক বহুত কথা কবলৈ আছে।চিঠি পালে বাকী কবলগা কথাবোৰ লিখিম।এইকথাবিলাক ভাৱিলে জীৱনটোকচোন নতুনকৈ জুকিয়াই চোৱা যেন লাগে আৰু মনলৈ এক পৰম শান্তিৰ নিজৰা বৈ যোৱা যেন অনুভৱ হয়।
 
আজিলৈ ইমানতে কলম সামৰিলোঁ । চিঠি দিবা।
 
ইতি
 
মৌচুমী
১৮/০৬/১৪

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক