প্ৰিয় বন্ধু তোমালৈ (–পৰশমণি বৰা)

প্ৰিয় বন্ধু তোমালৈ

পৰশমণি বৰা


‘প্ৰিয় বন্ধু তোমালৈ’
সংগোপনে শৰৎ আহিছে। আজি পুৱা এঙামুৰি দি উঠিয়েই বাহিৰলৈ চাওঁতে আনদিনাৰ দৰে টেকটেকীয়াকৈ বেলিটো জিলিকি থকা নাছিল আকাশত। কুহুমীয়া ৰং এটা তুলিকাৰে কোনোবাই চটিয়াই থৈ যোৱাৰ নিচিনা লাগিছিল। সেয়া ঠিক এটা ৰং নহয় যেন; কেইবাটাও ৰঙৰহে মিশ্ৰণ- কমলা, গুলপীয়া, ৰঙা- নাই, সঠিককৈ ক’ব নোৱাৰিম নেকি! ৰঙৰ সৈতে খেলা নাই যে বহুদিন ধৰি! আজি কুঁৱলী নামিছিল সেই ৰং সিঁচা আকাশখনৰ মাজেৰে, চুই দিলে যেন পানী হৈ গলি যাব৷ শীত আহিবলৈ এতিয়াও বাকী, তথাপি লাগিল যেন এয়া শীতক আদৰাৰ প্ৰস্তুতি, শৰতৰ মাজেৰেই।
শেৱালি মানেই শৰতৰ গোন্ধ৷ পিছে এতিয়ালৈকে পাত পাত কৰি বিচাৰি এজোপা শেৱালিতো অকণি- অকণি শুভ্ৰ শেৱালি ফুলা দেখা নাই। লাহে লাহে ফুলিব; পিছে ধৈৰ্য্য নহয় ৰৈ থাকিবলৈ৷ অধৈৰ্য্য হোৱাৰ বাবেই প্ৰেক্টিকেলৰ ক্লাছতো গালি খাইছিলোঁ, এতিয়া তুমিও ভাবিবা মোক পাগল বুলিয়েই হ্য়তো; শেৱালি ফুল সোনকালে ফুলি উঠা চাবলৈ ৰৈ থকা পাগলী ছোৱালী এজনী বুলি।
আচলতে কি জানা- প্ৰিয় বস্তুবোৰৰপৰা দুৰত থাকিলেহে সিঁহতৰ প্ৰতি থকা টান কিমান, সেয়া অনুভৱ কৰিব পাৰি। যান্ত্ৰিকতাৰ মাজত জিয়াই থাকিবলৈ শিকিলেও তাহানিৰ পুৱাই উঠি একোঁচ শেৱালি বুটলা দিনবোৰলৈ চেৰেং- চেৰেংকৈ মনত পৰে। কুঁৱলীৰ মাজে- মাজে পদুলিমুখৰ শেৱালিজোপাৰ তলসৰা ফুলবোৰ বুটলি হাতৰ প্লেটখনত ধুনীয়াকৈ সজাই থ’বলৈ দেউতাই শিকাইছিল; সেই দিনবোৰ পুনৰ ঘুৰাই পাবলৈ বিচাৰোঁ। পূবে ফেঁহুজালি দি উঠা সময়ৰ আকাশখন নোচোৱা বহুদিন হ’ল। ৰাতি এপৰলৈকে থাকি কামবোৰ শেষ কৰি দিনৰ দেৰিলৈকে শুই উঠা মানুহজনীয়েনো ক’ত আশা কৰিলে পাম তেনেকুৱা আকাশ এখন চাবলৈ! মালা গাঁঠি- গাঁঠি শেৱালিৰে বহা কোঠা সজোৱাৰ কথা আমি ইয়াতো পাতো কেতিয়াবা। অথচ শেৱালি দেখি পাবলৈকে নাই!
এতিয়া তৰা ওলাইছে৷ ষ্ট্ৰীট লাইটবোৰৰ প্ৰকোপত তৰা বিচাৰি উলিয়াবলৈও টান। আৰু জোনাকী পৰুৱাবোৰ- সিহঁত এঙেৰুৱা এন্ধাৰ থুপ খাই থকা কোনোবা এখিনিত এতিয়াও আছে হ’বলা, বিচাৰি গ’লেই হয়তো পাম। নিয়ন লাইটবোৰ হৈ সিঁহতৰ আহ- যাহ প্ৰতিনিয়ত- এঙেৰুৱা এন্ধাৰৰপৰা ছাইবুলিয়া আকাশৰ বুকুলৈকে। ক্ৰমশঃ সিহঁতবোৰো চাগৈ এদিন নাইকিয়া হৈ যাব সাধুকথাৰ দৰে, কৃত্ৰিম পোহৰৰ উৎপাতত৷ লাহে- লাহে হৈছেও।
আচলতে এনেকুৱা এটা জীৱনত থাকি অভ্যস্ত হৈ পৰিছোঁ নেকি আজিকালি, য’তনেকি প্ৰতিদিনে বাতৰিত এটা নহয় এটা মৃত্যুৰ বাতৰি দেখি, শুনিও নেদেখা মানুহৰ দৰে খোজ দিওঁ নিজৰ বাটত; গাড়ী্য়ে মহতীয়াই থৈ যোৱা মৃতদেহ এটা দেখিও পাৰ হৈ যাওঁ; চোৰাং চিকাৰীয়ে খৰ্গ কাটি থৈ যোৱা অসমৰ আপুৰুগীয়া সম্পদটোৰ প্ৰাণহীন নিথৰ দেহটো দেখিও চকু আঁতৰাই থওঁ! কষ্ট হয় জানা, কিন্তু কৰিম কি! বানে ধোৱা ঠাইবোৰৰপৰা পানী শুকাইছে নে নাই- নাজানোঁ৷ টিভিত চকু থ’লেই দেখা ছবিৰ দৰে ঠাইবোৰৰ পানীত জাহ যোৱাৰ দৃশ্য- কিবা এডভাৰ্টাইজমেণ্ট কৰি থকাৰ দৰে লাগে নিউজ চেনেলবোৰে। তুমি বেয়া পাইছিলা অকল কাৰ্টুনবোৰকে হকে- বিহকে চাই থকাৰ বাবে; মই যে নিউজ চেনেলবোৰ চাবলৈ এৰি দিলোঁ- তাৰ কাৰণ এয়াই!
তথাপি এয়া উৎসৱৰ বতৰ। অক্টোবৰ সোমাবলৈ পালে কি নাপালে- শাৰদীয় পুজা আহি পালেহিয়েইচোন। হোষ্টেলৰ প্ৰায়বোৰৰ মুখে- মুখে বজাৰ কৰিবলৈ যোৱাৰ কথা। আজি বহুতকেইজনী গ’ল জানা, ভাগে- ভাগে গৈ উঠাই আনিছেগৈ বজাৰখন। ময়ো কিবা এটা আনিমগৈ দিয়া, পিছে এতিয়াই নহয়। আমাৰ বাবে পুৱাৰেপৰা ৰাতিৰ বেলালৈকে খোৱাৰ সাজ যোগাৰ কৰা হোষ্টেলৰ মাহী দুজনী বজাৰ কৰিবলৈ গৈছিল কালি, একেলগে কিবা আনিবলৈ- তেওঁলোকৰ কণমাণিকেইটাৰ বাবে। ভাল লাগে জানা- যেতিয়া পুজাৰ দিনকেইটাত বেলুন লৈ ঘুৰি ফুৰা অকণমাণিবোৰ দেখোঁ; ৰাস্তাই- ঘাটে, ইণ্টাৰচিটীৰ ডবাকেইটাত খোৱাবস্তুৰ সন্ধানত ঘুৰি থকা পিটকলিবোৰৰ চকুত নতুন কাপোৰ পিন্ধাৰ ফুৰ্তি জিলিকি উঠা দেখোঁ। দেউতাই মোৰ শৈশৱত পিন্ধা কাপোৰবোৰ ঠেলাৱালাজনক দি দিয়াৰ দুখটো কৰ্পূৰৰ দৰে উৰি যায় তেতিয়া। পুজা বুলিলে ভাল লাগে সেইবাবেই।
তোমালৈ বুলি কি কিনিম একো ধৰিব পৰা নাই। পুজাৰ বন্ধত ঘৰলৈ যাবলৈ উৎপাত লগালেই এজনীয়ে এতিয়াৰেপৰাই। মোৰ তোমালৈ আৰু দেউতালৈ খুউব মনত পৰিছে। ইয়াৰ মেটমৰা কথা এসোপামান থুপ খুৱাই থৈ দিছোঁ, বান্দৰৰ উৎপাতৰপৰা ভূত ওলোৱাৰ কথালৈকে- আটাইবোৰ ক’বলগীয়া আছে। মা, শাৰদীয় বতৰত ক’বলগীয়া বিশেষ নাই। তুমিতো জানাই- টেলিফোনিক বাৰ্তালাপত ইমানবোৰ কথাই নোজোৰে।
আৰু এটা কথা- শাক অলপ বুটলি থ’বা না, আলুসোপা খাই- খাই বৰ আমনি লগা হৈছেগৈ…।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক