প্ৰেগনেন্সী (অমিতাভ মহন্ত)

ৰাতি বাৰটামান বাজিছে৷ ফেচবুক খুচৰি আছিল মনোজে৷ হঠাৎ চাটিঙৰ স্ক্ৰীণ এখন খোল খালে৷

 

Pregnant-woman..

– ব্যস্ত নেকি?
– বিশেষ নহয়৷ কোৱা৷
– এটা বৰ চিৰিয়াচ সমস্যা হৈছে৷
– কি?
– মই প্ৰেগনেণ্ট৷
– কি? ?
– সঁচা কৈছো৷
– ধেই এই ৰাতিখন ফটুৱামি৷
– ফটুৱামি নহয়৷ মই বিৰাট টেনচনত আছো৷
– কি পাগলামী! শুই থাকা৷
– প্লিজ, মই সঁচাকৈ কৈছো৷
– বাৰু সঁচা হয় দিয়া? পিছে কেনেকৈ গম পালা? টেষ্ট কৰাইছা?
– নাই৷
– তেন্তে? যা তা কৈ আছা যে?
– বিশ্বাস কৰা সঁচাকৈ কৈছো৷ ভিতৰত ঘুটুৱে লৰচৰ কৰি আছে৷
– কোন ঘুটু?
– মোৰ পেটৰ ভিতৰত থকাটো৷
– কিনো যি তি কৈ আছা এই ৰাতিখন৷ শুই থকা৷
– ঠিকেই কৈছো৷ বিশ্বাস কৰা, মই প্ৰেগনেণ্ট৷
– উফ ৰাম! ! ডাক্তৰক দেখুৱাইছা?
– অ’৷
– কি কৈছে?
– টেষ্টবোৰ কৰাব দিছে৷
– ঠিক আছে৷ ৰাতিপুৱা কৰাবা দিয়া৷ এতিয়া শুৱা৷
– টোপনি? ? চিন্তাত অৱস্থা নাই মোৰ৷ কি বুলি কম ঘৰত? অন্তত তুমি মোৰ কথা বিশ্বাস কৰা৷ সকলোৱে উৰাই দিছে, এইফালে মোৰ অৱস্থা নাই৷
– কোনেওঁ বিশ্বাস কৰা নাই?
– নাই৷
– বঢ়িয়া৷ কিয় কৰিব?
– তুমিও নকৰা?
– নকৰো৷
– $%^&#@%^
– উফফ! ঠিক আছে মানিলো৷ এতিয়া কি কৰিম কোৱা?
– আইডিয়া দিয়া কি কৰো এতিয়া৷
– মই কি আইডিয়া দিম?
– তুমিটো গল্প লিখি থাকা ফেচবুকত৷ তাৰ পৰাই কিবা আইডিয়া দিয়া৷
– সেইবোৰতো এনেই টাইম পাছ৷
– পাৰিবা তুমি৷ কোৱানা প্লিজ৷
– শুই থাকা৷ ভাল উপায়৷
– তুমিও নুবুজিলা মোক৷ @#$%^
– বাৰু বাৰু বুজিছো৷ তোমাৰতো বিয়া হোৱা নাই৷ তেন্তে ভয় কিহৰ?
– এইবোৰ হ’বলৈ জানো বিয়া হোৱা জৰুৰী৷ তুমি এতিয়াও মান্ধাতা যুগতে আছা৷
– মানে? ?
– নুবুজাৰ ভাওঁ নধৰিবা৷ তুমি সকলো বুজিছা৷
– বুজিছো দিয়া৷ এতিয়া?
– এতিয়া কি কৰো?
– মা- দেউতাক কোৱা৷ আৰু কি কৰিবা৷
– দেউতাই মোক মাৰি পেলাব মনোজ৷ প্লিজ হেল্প মি৷
– কি হেল্প কৰো কোৱা?
– মা- দেউতাহঁতে তোমাক বিৰাট ভাল ল’ৰা বুলি জানে৷
– হয় নেকি?
– অ’৷ তুমি স্বীকাৰ কৰি দিয়া৷
– কি?
– যে তুমি এই সন্তানৰ দেউতাক৷
– কি? ? ? ?
– হয়৷ তুমি স্বীকাৰ কৰিবই লাগিব৷ এসপ্তাহ আগতে তুমি আৰু মই একেখন প্লেটৰ পৰা ম’ম’ খোৱা সকলোৱে দেখিছে৷
– হেইই! ! ম’ম’ আৰু পেগনেন্সীৰ সম্পৰ্ক কি?
– সম্পৰ্ক আছে৷ গভীৰ সম্পৰ্ক আছে৷
– কি ফাল্টু! ! অই তই মোক দিগদাৰ নিদিবি আৰু৷ কৈ দিছো৷ যাৰ লগত শুইছিলি তাকে গৈ ধৰ৷
– মোক তই কৈছা যে? তোমাৰ লগত শুইছিলো সেইদিনা৷ মনত নাই? ?
– শুলে কি হ’ল? ? তই দেখোন এটা মস্ত…. মস্ত হাতী৷
– হাতী হ’লে কি হ’ল মনোজ? হাতীৰ পোৱালি নহয় নেকি? সেইদিনা তোমাৰ চকুত মই কামনা- বাসনা সকলো দেখিছিলো৷ মই টোপনি যোৱাৰ পিছত চাগে……. তুমিয়েই মোৰ সৰ্বনাশ কৰিছা৷ #$%^$^^$#%$
মানি লোৱা যে এই সন্তানৰ বাপেক তুমি৷ নহ’লে মই কাইলৈ কলেজত পৰ্দাফাশ কৰি দিম৷
– কি? ? প্লিজ কামোৰ নিদিবা এই ৰাতিখন৷ পুৱাই টিউচন আছে মোৰ৷ শুবলৈ যাওঁ মই৷
– মই ধেমালি কৰা নাই৷ বি ৰেডী মিষ্টাৰ মনোজ….

মনোজে এখন নতুন চাটিং স্ক্ৰীণ খুলিলে৷

– অই অনুপ অনলাইন আছ?
– হমমম৷
– বিপুলে কি কৰি আছে?
– কি কৰিব আৰু৷ মাল খাই পেল৷ এতিয়া ম’বাইল লৈ ব্যস্ত৷
– আবে ৰূমত নেমু আছে যদি তাক খুৱাই দে অলপ৷ তেতিয়াৰ পৰা মাল খাই মোক ইনবক্সত কামুৰি আছে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক