প্ৰেমত ঘুৰিছে ভূমণ্ডল (মাধুৰীমা ঘৰফলীয়া)

কথাটো প্ৰথমে আৱিষ্কাৰ কৰিলে অধলকায়ে। অধলকাইৰ মুখেদি গৈ চহৰত থকা ভূধৰ মণ্ডলৰ একমাত্ৰ জীয়েক আৰু পুতেক অলকৰ সংসাৰতো কথাটো উফৰি পৰিলগৈ। লগে লগে অলক পৰিয়ালসহিতে গৈ বায়েকৰ ঘৰ পালেগৈ। ‘এইবোৰ কি শুনিছোঁ ঐ কণ’ বুলি ভায়েকক দেখিয়েই বায়েকে কান্দোন আৰম্ভ কৰিলে।
-হেহ ! ৰবাচোন কথাটো আগতে সঁচানে নে মিছা সেইয়া প্ৰমাণ হৈ লওক। তাৰ পাছত কান্দিবা। অধলকায়ে ক’লে বুলিয়েই যে সঁচা হ’ব সেইটোতো নহয়।
অলকৰ ভিনিয়েকে যিমান পাৰে পৰিবেশটো পাতল কৰিবলৈ চেষ্টা কৰিলে।
-নহয় অ’ ভিনদেউ অধলকায়ে সাধাৰণতেই মিছা কথা নকয়।
-সেইবুলিয়েই পোনে পোনে গৈতো একো সুধিব নোৱাৰি অলক। যদি কেনেবাকৈ নহয় তেতিয়া? আৰু দেউতাৰ যিহে মেজাজ …
-এৰা সেইটোও হয় পিছে।
অৱশেষত বহুত আলোচনা-বিলোচনা কৰাৰ পাছত এইটো থিৰাং কৰা হ’ল যে কথাটো সঁচা নে মিছা সেইটো খবৰ ল’বলৈ একে চুবুৰিৰ হৰিহৰ দদাইদেউকে দায়িত্ব দিয়া হওক। অলকে বায়েকৰ ঘৰৰ পৰাই হৰিহৰ দদাইদেউৰ সৈতে ফোনত কথাটো পাতিলে। কথাটো শুনি হৰিহৰ দদাইদেউ প্ৰথমে বহুত আচৰিত হ’ল। অলকক অলপ গালিও পাৰিলে। কিন্তু শেষত যেনিবা দায়িত্বটো ল’লেগৈ।
দুসপ্তাহৰ পাছত হৰিহৰ দদাইদেউৰ পৰা খবৰ আহিল। কথাটো সঁচা! অধলে মিছা কোৱা নাই। ইতিমধ্যে গাঁৱৰ মহিলাসকলৰ মাজত কিবা কিবি বু-বা ওলাইছেই হেনো! ঘটনাৰ গুৰুত্ব বুজি অলক আকৌ বায়েকৰ ঘৰলৈ বুলি ঢাপলি মেলিলে। ভিনিয়েকে তেতিয়া বায়েকৰ মূৰত পানী দি আছিল। আকৌ আলোচনা চলিল। যিহেতু দেউতাকক গৈ পোনে পোনে কিবা এটা সোধাৰ সাহস কাৰোৱেই নাছিল সেইবাবেই দূত এজনক পঠোৱাৰ সিদ্ধান্ত লোৱা হ’ল। যদি দূতজনৰ কথামতেও কাম নহয় তেতিয়া সকলোৱে লগলাগি কিবা এটা কৰিবগৈ। বহুত ভাবি চিন্তি কলেজত পঢ়ি থকা ধনকে দূত হিচাপে মকৰল কৰিলে। প্ৰথম নাতি হিচাপে ধনৰ প্ৰতি ভূধৰ মণ্ডলৰ মৰমটো অলপ বেছি। আৰু ধনৰ কথাবোৰো অইনতকৈ বেছিকৈয়ে পুথাদেৱেক ভূধৰমণ্ডলে পচন্দ কৰে। গতিকে সাতে-পাঁচে মিলি ধনৰ গাতেই গুৰুভাৰ পৰিল।
ঘটনাৰ গুৰিটো আৰম্ভ হৈছিল যোৱা সপ্তাহত অধলকায়ে গাঁৱৰ ঘৰৰ পৰা কৰা ফোনটোৰ পৰা। অধলকায়ে অলকহঁতৰ গাঁৱৰ ঘৰৰ সকলো কাম-কাজ চায়। মাক ঢুকুৱাৰ পাছত অধলকায়েই দেউতাক ভূধৰমণ্ডলৰ একমাত্ৰ লগ বুলি ক’ব লাগিব। সেই অধলকায়েই সিদিনা ফোন কৰি জনালে যে-ভূধৰমণ্ডল বোলে সলনি হৈছে! হয়তো কাৰোবাৰ প্ৰেমত পৰিছে!
ভূধৰ মণ্ডল প্ৰেমত পৰিছে! এমা-ডিমা ল’ৰা ছোৱালীহাল এৰি ঘৈণীয়েক সিপুৰীলৈ যোৱাৰ পাছত বহুতে জোৰ কৰাৰ পাছতো বিয়া নপতাজনে এতিয়া নিজৰ নাতি-নাতিনীহঁত বিয়াৰ বয়সৰ সময়ত প্ৰেমত পৰিছে! আচৰিত হ’বৰে কথা। বিশ্বাসেই বা কেনেকৈ হ’ব। সেইবাবেই অলকহঁতে হৰিহৰ দদাইদেউক খবৰ ল’বলৈ দিছিল। তেওঁও যেতিয়া সেই একেখিনি কথাকে ক’লে সিহঁত নিশ্চিত হ’ল। প্ৰথমে হেনো সকলোৱে মণ্ডলৰ পৰিবৰ্তনক সাধাৰণভাৱে লৈছিল কিন্তু নতুনকৈ চহৰমুখী হ’ব খুজা অঞ্চলটোৰ ব্যস্ত তিনি-আলিটোৰ শ্ৰী-চেহেৰা দোকানে-পোহাৰে যেনেকৈ সলনি হ’বলৈ ধৰিছে তাতোকৈ খৰকৈ ভূধৰ মণ্ডলৰ স্বভাৱবোৰ সলনি হোৱা যেন দেখি কথাবোৰ বেলেগকৈ ভাবিবলৈ বাধ্য হ’ল ! আজিকালি ভূধৰমণ্ডল আগৰ দৰে জধলা হৈ নাথাকে। সদায় আবেলি সাজি-কাচি তিনিআলিৰ সৰুকণৰ দোকানৰ আগত থকা বেঞ্চখনত বহি ৰাস্তাৰে অহা যোৱা কৰি থকা কোনোবা বিশেষ মানুহ চাই বহি থাকে। দুদিনমানৰ আগতে ৰেডিঅ’ এটাও কিনি আনিছে হেনো। অনবৰতে কিবা কিবি গানবোৰ শুনি থাকে !
কিন্তু কাৰ প্ৰেমত পৰিছে! কোন নাৰীয়ে বয়সে আশী ঘৰ চুব খুজা বুঢ়াটোক প্ৰেমত পেলাইছে! ভূধৰমণ্ডলে এতিয়াও নিজৰ বিশাল সম্পত্তিখিনি পুতেক-জীয়েকৰ মাজত ভাগ কৰি দিয়া নাই। কোনোবাই সেইবোৰৰ লোভতে বুঢ়াক প্ৰেমত পেলাইছে নেকি? অভাৱনীয় ভাৱে বাপেকে জাপি দিয়া এশ এবুৰি চিন্তাই মণ্ডলৰ পুতেক আৰু জীয়েকৰ সংসাৰ খন জুৰুলা কৰি পেলালে। এতিয়া মাত্ৰ ধনেহে বচালে বচোৱা। সি সেই নাৰীগৰাকী কোন সেইটো গম লৈ মাক-মামাক খবৰ দিব আৰু পাৰিলে পুথাওক বুজাব।
নিৰ্দিষ্ট পৰিকল্পনাৰে এদিন সন্ধিয়া গৈ ধন পুথাওকৰ ঘৰ পালেগৈ। ধনৰ এনে লাগিল যেন আনকালতকৈ বেছি উৎসাহেৰে পুথাওকে তাক আদৰিলে। ধনে শোৱাৰ পৰলৈকে পুথাকক মনে মনে লক্ষ্য কৰি থাকিল। সঁচাই মাক-মামীয়েকে কোৱাৰ দৰে পুথাক সলনি হৈছে। পুথাক শোৱানি কোঠাত সোমোৱাৰ পাছত অধলকাইৰ সৈতেও তাৰ গোপনে আলোচনা চলিল।
পিছদিনা আবেলি অধলকায়ে কোৱাৰ সময়তে পুথাকক সাজি-কাচি ওলোৱা দেখি ধন গৈ পুথাকৰ কাষত হাজিৰ হ’লগৈ।
-পুথাও কোনফালে যায় ?
-এস এনেয়ে তিনি-আলিৰ ফালে অলপ ওলাই যাওঁ অ’।
-মইও যাওঁ নহ’লে…
-তই…
ভূধৰ মণ্ডলে কপাল কোঁচাই অকণমান সময় ধনৰ ফালে চালে তাৰ পাছত ক’লে-ব’ল বাৰু।
পুথাকৰ সন্মতি পাই ধনৰ মনটো ভাল লাগিল। নিজকে অলপ ডিটেক্টিভ যেনো লাগিল। পৰিকল্পনা অনুসৰিয়েই নিজৰ ম’বাইলটোত হেডফোনডাল লগাই মামাকৰ নম্বৰটো ডায়েল কৰিলে। সিফালে মামাকে ফোনটো ধৰিলে। ধনে কাঁহ এটা মাৰি অপাৰেচনৰ আগজাননী দি ফোনটো নকটাকৈয়ে চোলাৰ জেপত লাহেকৈ ভৰাই থ’লে যাতে সিহঁতৰ সকলো কথা-বাৰ্তা মাক-মামাকহঁতে শুনি থাকে।
-পুথাও আপুনি আজিকালি আবেলি সদায় ওলাই যায় নেকি ?
-কিয় সুধিলি?
পুথাকে সন্দেহ কৰা যেন দেখি ধন থতমত খাই গ’ল। কোনোমতে নিজকে চম্ভালি উত্তৰ দিলে
-নাই এনেই সুধিলোঁ। এনেও আবেলি এনেকৈ ওলাই অহাটো স্বাস্থ্যৰ পক্ষে ভাল। মন-চনও ভাল লাগে। নহয় নে পুথাও …
এইবাৰ মণ্ডলে যেন ধনক বিশ্বাসত ল’লে তেনেই লাগিল তাৰ। পিছে তেওঁ মুখ ফুটাই একো নক’লে। দুয়ো মনে মনে আহিয়েই তিনি-আলি পালেহি। অধলকায়ে কোৱাৰ দৰেই সৰুকণৰ দোকানৰ আগত থকা বেঞ্চখনত গৈ ভূধৰমণ্ডল বহিলগৈ। দৃষ্টি ৰাস্তাৰ ওপৰত! দোকানৰ পৰা চিপচ দুটা কিনি ধনো গৈ পুথাকৰ গাতে গা লগাই বহিলগৈ। ধনে গম পাইছিল ফোনৰ সিপাৰে মাক-মামীয়েকহঁতে এই নিৰৱতা সহ্য কৰিব পৰা নাই। কিন্তু ধনে কি কৰিব। পুথাকেচোন মুখ নুখুলেই। দহমিনিট মানৰ পাছত নিৰৱতা ভংগ কৰি পুথাকে মুখ খুলিলে।
-আগতে ইয়াত কি আছিল জান ধন …
-কি আছিল পুথাও ?
-পথাৰ। ৰাস্তাটোৰ দুয়োফালে কেৱল পথাৰ আছিল। আৰু ৰাস্তাটোও ইমান ডাঙৰ নাছিল। কোনোমতে এখন গাড়ী পাৰ হ’ব পাৰিছিল। আৰু আমি যে বহি আছোঁ ইয়াত এজোপা বৰ ডাঙৰ আমগছ আছিল। তহঁতৰ বয়সত আমি দিনটোৰ সৰহখিনি সময় আমজোপাৰ তলতে কটাইছিলোঁ।
-কিয়? আমজোপাত বাৰ-মাহে আম লাগিছিল নেকি ?
-ধেত অভংটো ক’ৰবাৰ। বাটেদি অহা-যোৱা কৰা ছোৱালী জোকাবলৈ আক’!
-ৱাহ পুথাও আপোনালোকোচোন কম নাছিল!
-ওও। কম নাছিলোঁ বাবেই তোৰ আইতাৰাক ঘৰৰ অমততো বিয়া কৰাব পাৰিছিলোঁ। তোৰ আইতাৰাই সেই সময়ত গাঁৱৰ সকলোতকৈ ধুনীয়া গাভৰু জনী আছিল বুজিছ। একদম হেমামালিনীৰ দৰে। কমখন কায়দা কৰি আইতাৰাৰ মন ভুলাইছিলোঁ নে। এই যে তই ঘৰৰ পৰা ওলাওঁতে কৈছিলি ওলাই আহিব লাগে, মন-চন ভাল লাগে, সঁচা কথা কৈছিলি বুজিছ। আইতাৰ ঢুকুৱাৰ পাছত যোৱা এটা যুগ যেন মই কেৱল আনৰ বাবেই জীয়াই থাকিলোঁ। ত্ৰিশটা বছৰে সুখে-দুখে একেলগে কটোৱা মানুহজনী হেৰাই যোৱাৰ পাছত তেওঁক মনত পেলাবলৈও নিজাকৈ সময় নাপালোঁ। সিদিনা এইফালে এনেই ওলাই আহোঁতে হঠাতে অনুভৱ কৰিলোঁ মোৰো এটা জীৱন আছে, একান্তই নিজৰ জীৱন। তাক কিয় মই এনেকৈ মনে মনে শেষ হৈ যাবলৈ দিওঁ…
ধনে মন কৰিলে পুথাওক যেন নিজৰ মাজতে হেৰাই গৈছে। ফোনৰ সিপাৰে মামীয়েকে টেঁটুফালিছে-‘ভিনদেউ, বাইদেউ বেহুঁচ হৈ গৈছে৷’ দেউতাকে চাগৈ মাকক লক্ষ্য কৰি আছিল-‘হেহ নাই হোৱা। তেওঁ একটিং কৰিছে। অত দিনে মোৰ পৰা এনে কিবা এটা শুনিম বুলি ভাবি আছিল। শুনিবলৈ নাপালে। আজি নিজৰ বাপেকৰ পৰা শুনিবলৈ ৰৈ আছে। বেহুঁচ হ’ব নে আৰু৷’
এনে সময়তো দেউতাকৰ কৌতুক ভৰা কথা শুনিবলৈ ধনৰ মন নগ’ল। পিছে ফোনটো কাটিবও নোৱাৰি নহয়।
ধনে আকৌ পুথাকৰ ফালে চালে, তেওঁৰ দৃষ্টি তেতিয়াও ৰাস্তাত।
-বুজিছ ধন আজিকালি মই সদায় ইয়ালৈ ওলাই আহোঁ। মই কল্পনা কৰি লওঁ মই যেন আমাৰ সেই সোণালী সময়খিনিত আছোঁ। এই দোকান-বজাৰবোৰৰ পৰিবৰ্তে ইয়াত কেৱল পথাৰ আছে। মই লগৰবোৰৰ সৈতে আমাজোপাৰ তলত বহি আছোঁ। আৰু…আৰু ৰাস্তাৰ সিপাৰৰ পৰা তেওঁ মোলৈ চাই থাকে।
-তেওঁ !!
-অ’ তেওঁ, যাৰ সৈতে সময় কটাবলৈ মই ইয়ালৈ আহোঁ।
-পুথাও আকৌ কাৰোবাৰ প্ৰেমত পৰিছে যেন পাওঁ।
ধনে এইবাৰ আচলত অস্ত্ৰ পাট এৰিলে। ফোনৰ সিপাৰে উশাহ বন্ধ কৰি মাকহঁতেও ভূধৰমণ্ডলে কি কয় শুনিবলৈ ৰৈ থাকিল।
-প্ৰেম! এৰা মই প্ৰেমতেই পৰিছোঁ। নতুনকৈ কাৰোবাৰ প্ৰেমত পৰিছোঁ। এনে লাগে যেন তেওঁৰ সলনি তাত ৰৈ তোৰ আইতাইহে মোলৈ চাই আছে !
হেহ…অলক ধৰ ধৰ বায়েৰে এইবাৰ সঁচাই বেহুচ হৈ গ’ল। দেউতাকৰ চিঞৰ এটাই ধনৰ কাণত আঘাত কৰিলেহি। এইবাৰ সি খঙেৰে পুথাকলৈ চালে। তেওঁৰ চকু তেতিয়াও ৰাস্তাত।
-জীৱনটোনো কেইদিনিয়া ধন। আৰু আমাৰটো শেষেই হ’বৰ হ’ল। এই সময়কণনো কিয় কেৱল খাই বৈ হা-হুমুনিয়াহ কাঢ়িয়েই শেষ কৰি দিওঁ। তোৰ আইতাৰে জীয়াই থকা হ’লে তেওঁ সংগ দিলেহেঁতেন। এতিয়া নাই যেতিয়া তেওঁৰ স্মৃতিবোৰোকে লৈ ইয়াত অলপ সময় বহি তেওঁলৈ চাওঁ। ছাটি এটা লৈ মোৰ ফালে চাই থকা তেওঁক দেখিলে তোৰ আইতা জীৱন্ত হৈ যোৱা যেন লাগে অ’…
বয়সে শোটোৰা-শোটোৰা পেলোৱা পুথাকৰ গালেদি বাগৰি অহা চকুপানী কেইটোপালমান দেখি ধনৰ মনটো সেমেকি আহিল। পুথাকৰ দৃষ্টি অনুসৰণ কৰিও সিও ৰাস্তালৈ চালে। ৰাস্তাৰ সিপাৰে কিবা এটা দেখি সি আকৌ এবাৰ ভালকৈ চালে। লগে লগে ধনৰ মুখত চিননিচিনকৈ হাঁহি এটা বিৰিঙি উঠিল। ফোনৰ সিপাৰৰ পৰা মামাকে চিঞৰি আছিল –ধন কোন সেইজনী গম পালি নি? ধন গম পালি নে? ধন…
ধনে কোনো উত্তৰ নিদি ফোনটো লাহেকৈ বন্ধ কৰি দিলে। পুথাকে নিজৰ অতীতক বৰ্তমানলৈ আনি উপভোগ কৰি থকা এই সময়কণত সিও পুথাকৰ মৌনতাক উপভোগ কৰিব বিচাৰিছে। এই সময়ত কোনোবাই সিহঁতক আমনি কৰাটো সি কামনা নকৰে। ৰাস্তাৰ সিপাৰে থকা কেণ্ট আৰ অ’ বিজ্ঞাপনৰ বিশাল হৰ্ডিংখনত আঁউজি আইতাকৰ ভাওত পুথাকৰ নতুন প্ৰেমিকা হেমামালীনিয়েও যেন সিহঁতকে উপভোগ কৰি আছিল। ধনৰ হৰ্ডিংখনত লিখি থোৱা জঠৰ জঠৰ যেন লগা বাক্যকেইশাৰীলৈও চকু গ’ল
‘এতিয়া সময় হ’ল নিজৰ চিন্তাধাৰা বিশুদ্ধ কৰা ,যেনেকৈ এইয়া বিশুদ্ধ পানী !! কেণ্ট আৰ অ’…’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments