প্ৰেমহীন ( ৰূপাঙ্কৰ চৌধাৰী )

তেতিয়া মই ডিৰাঙত৷ মনোমোহা ডিৰাং৷ চৌদিশে নৈসৰ্গিক সৌন্দৰ্য্য৷ প্ৰকৃতিয়ে কোনো কৃপণালি নকৰাকৈ উপহাৰ দিছে এই পাহাৰীয়া ঠাইখনক৷ যিয়ে আহে সিয়েই ইয়াৰ প্ৰেমত পৰে৷ সকলোৰে মন কৰি তোলে ৰোমাণ্টিক৷
পেটেলত মই তেতিয়া পৰিৱেশ বিষয়া হিচাপে কৰ্মৰত৷ জলবিদ্যুৎ প্ৰকল্পৰ কাম৷ তাতেই লগ পাইছিলো দাৰ্জিলিংৰ অভিযন্তা আকাশ ছেত্ৰীক৷ মোতকৈ বয়সত প্ৰায় তিনি বছৰ সৰু আকাশ ভাৰতৰ এক বিখ্যাত অভিযান্ত্ৰিক প্ৰতিষ্ঠান BITS পিলানীৰ স্নাতক৷ চিভিল ইঞ্জিনীয়াৰিং যেন নখ দৰ্পনত৷
আকাশ আৰু মই প্ৰায় সম বয়সৰ বাবেই এক বন্ধুত্ব গঢ় লৈ উঠিছিল৷ সন্ধিয়া জমি উঠিছিল ৰসাল আদ্দা৷ দাৰ্জিলিঙৰ পৰা আৰম্ভ কৰি পিলানীৰ হোষ্টেল হৈ ডিৰাঙলৈকে আকাশৰ জীৱন যাত্ৰা৷ নলবাৰী নৱোদয়ৰ পৰা বিশ্ববিদ্যালয়, তাৰ পিছত দিল্লী হৈ ভায়া গুৱাহাটী ডিৰাঙলৈ মোৰ কৰ্ম জীৱন৷ তেনে এক ৰসাল সন্ধিয়াতেই আকাশ কৈছিল তাৰ সদ্য প্ৰাক্তন প্ৰেয়সী মৌলীৰ কথা৷ আকাশৰ ঘৰৰ পৰা ইতিমধ্যে আন এজনী ছোৱালীৰ লগত বিয়া ঠিক হৈছিল৷ কিন্তুু মৌলীয়ে অধিকাৰ কৰি আছে আকাশৰ হৃদয়ৰ এটি চুক৷
সেইদিনা আকাশ আৰু মই ফিল্ডৰ কামত গৈছিলোঁ৷ সন্ধিয়া দেৰি হৈছিল৷ কাম বাকী ৰৈ যোৱা বাবে আমি দুয়ো ফিল্ডতেই কেম্প কৰি থকাৰ সিদ্ধান্ত ল’লোঁ৷ মোৰ পৰিৱেশৰ বায়ু প্ৰদূষণ মাপ কৰা যন্ত্ৰ এটা লগাই থৈছোঁ৷ সময়ে সময়ৰ সেইটো নিৰীক্ষণ কৰি থকাটো প্ৰয়োজন৷ লগত দুজন সহায়ক আৰু ড্ৰাইভাৰ বাব্লু৷ সহায়ক দুজনে বাব্লুৰ সৈতে গৈ নাতিদূৰত অৱস্থিত আমাৰ অস্থায়ী কেম্পৰ পৰা খোৱা যোগাৰ আনিবলৈ গ’ল৷ সিহঁত প্ৰায় দুঘণ্টা পিছত আহি পাব৷ এনেকুৱা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ লগতে পাহাৰ নিসংগতা ভৰা নিশাবোৰ উপভোগ কৰিবলৈ যোগাৰ সদায় লগত লৈ ফুৰোঁ আমি৷ আৰ্মি কেণ্টিনৰ পৰা অনা স্কটচৰ বটল এটা খুলি দুয়ো বহি ল’লো৷ বাকী সকল গ’ল খানা আনিবলৈ৷
আড্ডা আৰু স্কটচ! আস্! কি মজ্জ্বা৷ অলপ পিছতে আকাশ বহা ঠাইতে থিয় হ’ল৷ সি মোক ৰূপ দাদা বুলি মাতে৷
-ৰূপ দাদা৷
-কোৱা আকাশ?
– সৌৱা চোৱা৷ মৌলী!
– ধেই! আৰ ইউ বিক’ম মেড? মৌলী ইয়াত কেনেকৈ আহিব?
– আই এম চিৰিয়াছ ব্ৰ’!
মই মৌলীৰ ফ’টো দেখিছোঁ আকাশৰ ম’বাইলত৷ যদিও যোৱা প্ৰায় ডেৰ বছৰ ধৰি আকাশৰ কোনো যোগাযোগ নাই মৌলীৰ লগত সি মাজে মাজে মৌলীৰ ফ’টোখন চাই থাকে৷ ফেচবুকত তাক কেতিয়াবাই মৌলীয়ে ব্লক কৰি থৈছে৷ ম’বাইলটো একেই দশা৷
আকাশৰ ভুল ভঙাৰ উদ্দেশ্যেই মই থিয় দিলোঁ৷ মই নিশ্চিত আছিলোঁ যে এয়া আকাশৰ ভ্ৰান্ত ধাৰাণা৷ স্কটচ পানী নিদিয়াকৈ খোৱাৰ বাবে তাৎক্ষণিক নিচাৰ বাদে একো নহয়৷
কিন্তুু এয়া কি দেখি আছোঁ মই! আমাৰ সন্মুখত সেয়া শুভ্ৰ চুৰিদাৰ পৰিহিত সাক্ষাৎ মৌলী দেখোন! মিঠা হাঁহি এটিৰে চাই আছে আকাশৰ পিনে!
তেনেদৰে প্ৰায় দহ-পোন্ধৰ মিনিট৷ মৌলী আৰু আকাশ দুয়ো দুয়োকে চাই আছে বাকৰূদ্ধ হৈ৷ মই কাষত থিয় হৈ আছো নীৰৱ দৰ্শক হৈ চাৰি চকুৰ মিলনৰ!
অলপ পিছত যেন অনাকাংক্ষিত অন্ধকাৰ নামি আহিল ধৰাৰ বুকুলৈ৷ চৌদিশে ধোঁৱাময়৷ পাহাৰত এয়া পৰিচিত পৰিৱেশ৷
মৌলী নেদেখা হৈ পৰিল সেই ধুঁৱলীৰ মাজত৷ পৰিৱেশ ফৰকাল হ’ল কিন্তুু মৌলী নেদেখাই হৈ থাকিল৷ কিংকৰ্তব্যবিমূঢ় হৈ স্থানু হৈ থাকিলোঁ আমি দুয়ো৷
বাব্লু আৰু সহায়ক দুজনে আহি আমাক মাতোতেহে সন্বিত ঘূৰাই পালোঁ৷ সেইদিনা ৰাতিটো তেনেকৈ কটালো৷ নিশব্দে৷
পিছদিনা পুৱাই ডিৰাঙ গৈ পাই আকাশে ঘৰত ফোন কৰিলে ভায়েকক৷ তাৰ পিছত সি যিখিনি কথা ক’লে সেয়া শুনি মই হতচকিত!
এমাহমান আগতেই মৌলী আহিছিল দাৰ্জিলিনঙৰ পৰা৷ ডিৰাং আৰু টাৱাং ফুৰিবলৈ৷ তাইৰ লগৰ আন বন্ধু-বান্ধৱী কেইজনমানৰ লগত৷ মৌলীৰ মনতে আছিল এক ইচ্ছা আকাশক শেষ বাৰৰ বাবে এবাৰ লগ কৰাৰ৷ কিন্তুু সেই ইচ্ছা বাস্তৱায়িত নহ’ল জীয়াই থকা অৱস্থাত৷ মৌলী সহ সিহঁত আটাইকেইজন অহা গাড়ীখন দুৰ্ঘটনাত পতিত হয় ডিৰাঙ পোৱাৰ আগত৷ সম্ভৱত আমি আগদিনা কেম্প কৰি থকা ঠাই খিনিতে৷ তাতেই বিলীন হৈ যায় সিহঁতৰ নিঠৰ দেহ৷ এই সমগ্ৰ ঘটনা আকাশক কোৱা নাছিল কোনেও৷ সি অন্তৰত আঘাত পাব বুলি৷
মৌলীৰ আত্মাই শেষ দেখা দিবলৈ আহিছিল চাগে আকাশক সেইদিনা ৰাতি৷ সাক্ষী মাথোঁ মই!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments