প্ৰেমৰ এক অসম্পুৰ্ণ ত্ৰিভুজ (অমিতাভ মহন্ত)

– দাদা কিবা ভাল নাটক বা গল্পৰ ভাল প্লট থাকিলে দিয়কনা আমাক এইবাৰ৷
– কিয় আপোনালোকৰ সেই বিখ্যাত নাট্যকাৰজন আছেই দেখোন৷ আজিকালিটো সকলো থিয়েটাৰত তেওঁৰেই নাটকৰ ধুম৷
– নাই নাই দাদা, তেওঁ আছে মানিছো বাৰু৷ কিন্তু গোটেইকেইখন নাটকটো তেওঁৰেই ৰাখিব নোৱাৰি৷ এতিয়া প্ৰত্যেক থিয়েটাৰ গোষ্ঠীয়ে তেওঁৰ নাটক লোৱা দেখি বেলেগে নিলিখাই হ’ল, এইটো বৰ বেয়া কথা হৈছে৷ আপোনালোক আগুৱাই নাহিলে এই থিয়েটাৰ উদ্যোগটোৰ কি হ’ব ভাবি চাওকচোন৷
– নাই দিয়ক তেওঁৰ প্ৰকোপত আমি টিকিবই নোৱাৰা হৈছো৷ আমাৰ দ্বাৰা চাউথ ইণ্ডিয়ান চিনেমা চাই চাই নাটক লিখা নহব দিয়ক৷ বাৰু কওকচোন কি ধৰণৰ কাহিনী লাগে আপোনাক৷
– মানে দাদা আপুনি জানেইছোন আজিকালিৰ ট্ৰেণ্ড৷ প্ৰেমৰ কাহিনী এটাকে দিয়ক৷ অলপ মাৰপিট, গানৰ দৃশ্য থাকিলে ভাল৷ এটা ভাল ভিলেইনৰ চৰিত্ৰও লাগিব৷ আমি এইবাৰ চিনেমাৰ ভিলেইন গজেন দাসক লৈছো নহয় আমাৰ থিয়েটাৰত৷
– হেৰি, ইমান মিলাই মই লিখিব নোৱাৰিম, মই কাহিনী চুৰি কৰি নিলিখো নহয়৷ এটা থীম ভাবি থৈছো, যদি পচন্দ হয় নিব পাৰে, নিনিলেও আপত্তি নাই৷ জানেই নহয় মই টকাৰ কাৰণে নিলিখো৷
– জানো জানো দাদা৷ আপুনি প্লটটো কওকচোন৷ মই প্ৰযোজকক কব লাগিব নহয়৷
– ঠিক আছে শুনক, এইটো মুলতঃ এটা ত্ৰিকোণ প্ৰেমৰ কাহিনী৷
– প্ৰেম চলিব দাদা, কেৱল আপুনি দুটামান ফাইট আৰু ভিলেইন এটা পাৰিলে সোমাই দিবছোন৷
– আৰে অদ্ভুত মানুহ আপুনি৷ শান্তিৰে শুনিবনে নুশনে কওক৷
– কৈ যাওক দাদা৷
– আৰম্ভনিটো এনেকুৱা…. কলেজৰ প্ৰথম দিনৰে পৰা ৰিদিপে ময়ুৰীক ভাল পায়৷ প্ৰথম দৃষ্টিতে ভালপোৱা বুলিলে যি বুজাই ঠিক তেনে ভালপোৱা৷ তাই ওচৰলৈ আহিলেই তাৰ বুকুখন কিবাকিবি লাগি যায়৷ যদিও তাইৰ লগত চিনাকী হৈছে কিন্তু তাৰ মনৰ কথা কবলৈ সাহস হোৱা নাই তাৰ এতিয়াও৷
– আৰম্ভণি ভালেই দাদা৷ এইবাৰ আমি ৰিহানক চাইন কৰিছো নহয়, তাক বঢ়িয়া মিলিব৷ ৰিদিপক কলেজৰ বক্সিং চেম্পিয়ন বনাব দাদা৷ ৰিহানৰ বডী তামাম, ৰেগুলাৰ গোল্ড জীম যায়৷
– ঠিক আছে বাৰু৷ ৰিদিপৰ অভিন্ন বন্ধু তপন৷ সৰুৰে পৰা একেলগে ডাঙৰ হোৱা৷ কিন্তু বন্ধু হলেও দুয়োৰে স্বভাৱ ভিন্ন প্ৰকৃতিৰ৷ৰিদিপ হ’ল একদম এক্টিভ, কলেজৰ শ্ৰেষ্ঠ এথলীট, বক্সিং চেম্পিয়ন৷ আনহাতে তপন অন্তৰ্মুখী স্বভাৱৰ৷ কবিতাৰ জগতত বিচৰণ কৰি ফুৰে, ভাল গীটাৰ বজায়৷ বেছি মানুহৰ লগত মিলামিছা নকৰে৷ কিন্তু তপন সদায় ৰিদিপৰ লগত, ৰিদিপে ফুটবল খেলিলে তপন উৎসাহ যোগাবলৈ থাকিবই৷ ৰিদিপে বক্সিংত আঘাত পালে বেণ্ডেজ কৰিবলৈ আগুৱাই সিয়েই আহিব৷ ৰিদিপে তপনকো কৈছে ময়ুৰীৰ কথা৷ তপনে অলপ চাইমেলি সাৱধানে আগুৱাবলৈ উপদেশ দিছে ৰিদিপক৷
– বঢ়িয়া৷ এই তপনেই লাভ ট্ৰায়েংলৰ এটা নহয় জানো৷ কিন্তু দাদা, যোৱাবাৰ অঙ্গনা থিয়েটাৰেও লাভ ট্ৰায়েংগলৰ এনেকুৱা নাটক এখন কৰিছিল৷
– আৰে আপুনি শুনি যাওকনা৷ আগতেই হাল্লা কৰে৷ ৰিদিপে এদিন সাহ গোটাই ময়ুৰীক প্ৰেম নিবেদন কৰিলে৷ কিন্তু তাই তাৰ প্ৰস্তাৱত সহাৰি নজনালে৷ তাইৰ ঘৰুৱা সমস্যা, বায়েক এজনী পলাইছে আগতে৷ গতিকে তাই মাক দেউতাকৰ বিৰুদ্ধে নাযায়৷
– বায়েক নালাগে, পেহীয়েক বুলি দেখাওক৷ আমাৰ তৰালি বাইদেউক দেখুৱাব পাৰিম দৰকাৰ পৰিলে৷ আৰু এটা কথা, তাই ৰিদিপক না কৰোতে এটা ট্ৰেজেডি গান থাকিব কিন্তু৷
– সেইবোৰ পিছত মিলাম ৰ’ব৷ কিন্তু কালক্ৰমত দুয়ো ভাল বন্ধু হৈ পৰে৷
– হেঃ হেঃ দাদা, আপুনি তেওঁক চাউথ ইণ্ডিয়ান চিনেমাৰ পৰা ঘটনা লোৱা বুলি কয়৷ আপোনাৰ ঘটনাও কিন্তু একদম বলীউডলৈ পোনাইছে৷
– আৰে শুনকচোন আগতে৷ দুয়োৰে মাজত অতি সোনকালে গাঢ় বন্ধুত্ব গঢ় লৈ উঠিল৷ এইফালে তপন যেন একেবাৰে শেষ হৈ গৈছে৷ বাহিৰত সকলোকে দেখুৱাই হাঁহি মাতি থাকিলেও অন্তৰত তাৰ গভীৰ বেদনা৷ ময়ুৰীক সি ৰিদিপৰ লগত কল্পনা কৰিলেও তাৰ অন্তৰে কান্দি উঠে৷
– এটা নতুন ল’ৰা আছে বুজিছে দাদা৷ তাক লম এই তপনৰ ৰোলটোত৷ দুখী ভাবকেইটাত ফালি দিব সি৷ চাই থাকক আপুনি৷
– এইফালে ৰিদিপেও তপনৰ এই পৰিবৰ্তন মন নকৰা নহয়৷ কিন্তু সি ব্যস্ত ময়ুৰীৰ মন জয় কৰাত, তপনক দিবলৈ তাৰ আগৰ দৰে সময় নাই৷ তাৰ দৃঢ় বিশ্বাস ময়ুৰীয়ে এদিন তাৰ প্ৰস্তাৱত সন্মত হ’বই৷
তেনে এক দিনতে কলেজৰ পৰা শিক্ষামুলক ভ্ৰমণত ৰিদিপহঁত দাৰ্জিলিংলৈ ওলায়৷
– হমমম্, গান এটা থাকিব দেই দাদা এইখিনিতে পৰিণীতা ষ্টাইলত৷
– সেইবোৰ দেখা যাব বাৰু সময়ত৷ তালৈ গৈ ৰিদিপে ময়ুৰীক আৰু ওচৰৰ পৰা পায়৷ তপনে এক অনামী বেদনা অনুভৱ কৰিলেও নীৰৱে সকলো সহ্য কৰি যায়৷ তপনে লাহে লাহে নিজকে ৰিদিপ আৰু ময়ুৰীৰ পৰা আতৰাই আনে৷
ইতিমধ্যে কলেজ জীৱন শেষ হয় সিহঁতৰ৷ ৰিদিপ ময়ুৰীৰ ভাল বন্ধু হোৱা স্বত্তেও সি তাইৰ মন জয় কৰিবলৈ সক্ষম নহ’ল৷ কলেজীয়া জীৱন শেষ হোৱাৰ লগে লগে ৰিদিপে মুম্বাইত এটা ভাল চাকৰি এটা পায়৷ জীৱনত সোনকালে প্ৰতিষ্ঠিত হৈ ময়ুৰীক নিজৰ কৰি লোৱাৰ আশাৰে ৰিদিপে নতুন চাকৰিলৈ ধাপলি মেলে৷
এইফালে তপন আৰু ময়ুৰী স্নাতকোত্তৰ শ্ৰেণীত ভৰ্তি হয়৷ ৰিদিপ নথকা বাবে তপন আৰু ময়ুৰী আগতকৈ ভাল বন্ধু হৈ পৰে৷
– হেঃ হেঃ, ক্লাইমেক্সত আহিছে আৰু দাদা৷
– তাৰ মাজতে ময়ুৰী কিবা ডাঙৰ বেমাৰত পৰে৷ ঘৰত তাই একেবাৰে নিসঙ্গ হৈ পৰে৷ তাইক সঙ্গ দিবলৈ তপনে সিহঁতৰ ঘৰলৈ যোৱা আৰম্ভ কৰে৷ কবিতা-গীটাৰৰ মাজেৰে তপনে তাইৰ গা মন ভাল কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে৷
ৰিদিপ যদিও ময়ুৰীৰ ভাল বন্ধু আছিল, কিন্তু সি ময়ুৰীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নাছিল৷ ৰিদিপৰ মাজত নোপোৱাখিনি তাই দেখোন তপনৰ মাজত হে অনুভৱ কৰিবলৈ লৈছে৷ তাই যেন সংগোপনে তপনৰ প্ৰেমত পৰিল৷ তপনক কিন্তু তাই এই বিষয়ে একো জানিবলৈ নিদিলে৷
– তপনৰ দেখোন মজাই হ’ল৷ কষ্ট নকৰাকৈ ময়ুৰী আহি গ’ল৷
– মোক কৈ শেষ কৰিবলৈ দিয়কছোন আগতে৷ সেই সময়তে ৰিদিপ মুম্বাইৰ পৰা আহে৷ এইবাৰ সি নতুন উদ্যমেৰে ময়ুৰীক আকৌ ভালপোৱাৰ প্ৰস্তাৱ দিয়ে৷ ময়ুৰীয়ে ৰিদিপৰ আগত একো লুকঢাক নকৰে৷ কেনেকৈ তাই কব নোৱাৰাকৈ তপনক ভাল পায় পেলাইছে সকলো বিৱৰি কলে৷
হতাশ, বিধ্বস্ত ৰিদিপ ময়ুৰীৰ কাষৰ পৰা উভতি আহে৷ মনত পৰে তপনৰ সেই বিমৰ্ষ অৱস্থাৰ কথা৷ লাহে লাহে সকলো কথা পৰিস্কাৰ হৈ পৰে ৰিদিপৰ৷ তপনে প্ৰথমৰ পৰা ময়ুৰীক ভাল পাইছিল৷ যিহেতু ময়ুৰীয়েও তপনকেই ভাল পায় গতিকে ৰিদিপ সিহঁতৰ মাজৰ পৰা আঁতৰি যোৱাই শ্ৰেয়৷
ৰিদিপে যোৱাৰ আগতে এবাৰ তপনক লগ ধৰে অভিনন্দন জনাবলৈ৷ ৰিদিপৰ মুখত ময়ুৰীৰ মনৰ কথা জানি তপন হতবাক৷ হাজাৰ হলেও ৰিদিপ তাৰ বন্ধু৷ নিজৰ স্বাৰ্থৰ বাবে ৰিদিপক সি কেনেকৈ দুখলৈ ঠেলি দিয়ে৷
– ক্লাইমেক্স আহি গৈছে আৰু দাদা৷ মছলা মাৰি এইখন বঢ়িয়া কৰিব পৰা যাব৷
– পিছদিনা ৰাতিপুৱা ৰিদিপে তপনৰ পৰা এটা এছ এম এছ পালে৷ জীৱনত কেতিয়াও ৰিদিপ আৰু ময়ুৰীৰ মাজলৈ নহাৰ অংগীকাৰ কৰি তপন ঘৰ এৰি গুছি গৈছে৷
 
তপনক বিছাৰি চাৰিওফালে হাহাকাৰ লাগি যায়৷ আবেলি খবৰ আহে তপনে এক নিৰ্জন ঠাইলৈ গৈ নিজকে শেষ কৰি দিছে৷ আত্মহত্যা কৰিছে তপনে৷
– অলপ টুইষ্ট আনিছে আপুনি৷ সামৰণিটো কেনেকৈ কৰিব?
– ৰ’বহে টুইষ্ট আহিবহে অলপ পিছত৷ আৰক্ষীয়ে পোষ্টমৰ্টেমৰ পিছত তপনে ৰিদিপলৈ লিখি যোৱা চিঠি এখন আগুৱাই দিলে৷ চকুপানী মচি ৰিদিপে পঢ়ি গল,
‘ ৰিদিপ,
তই এই চিঠি পঢ়ালৈ মই চাগে জীয়াই নাথাকিম৷ যোৱাৰ আগতে তোক কিছুমান কথা জনাই যাব বিছাৰিছো৷ যিবোৰ হয়তো তই ইমান দিন মোৰ লগত থাকিও নুবুজিলি৷
সৰুৰে পৰা মই অলপ বেলেগ আছিলো৷ যি সময়ত তই আৰু বাকীবোৰ খেলা ধুলাত ব্যস্ত থাকিছিলি, সেই সময়ত মই কবিতা,সংগীত আদিৰ মাজত থাকিছিলো৷ সৰুৰে পৰাই তই মোৰ বেষ্ট ফ্ৰেইণ্ড আছিলি৷ তোৰ লগতেই মই সদায় থাকিছিলো৷
শৈশৱ পাৰ হৈ কৈশোৰতে ভৰি দিওতেই চাগে মই অনুভৱ কৰিছিলো তোৰ প্ৰতি তীব্ৰ আকৰ্ষণ৷ মই জানো এয়া আমাৰ সমাজত মানি নলয়৷ কিন্ত মই অপৰাগ আছিলো তোক ভাল নাপাবলৈ৷ দিনে দিনে তোক মই বেছি ভাল পাব লৈছিলো৷ ময়ুৰীক তোৰ কাষত মই সহ্য কৰিব নোৱাৰা হৈছিলো৷ জানিছিলো তই মোৰ দৰে নহয়৷ কিন্তু মই কি কৰো ৰিদিপ, মোৰ মনে যে তোকেই বিছাৰে৷
মনটোক বহুত বুজাই বঢ়াই ৰুঢ় বাস্তৱৰ মুখামুখি হ’বলৈ কোনোমতে সাজু হৈছিলোহে৷ তেতিয়াই গম পালো মোৰ বাবে তই তোৰ প্ৰেম হেৰুৱাবলৈ লৈছ৷ মোৰ বাবে বহুত দুখ পাইছ তই৷ ময়ুৰীয়ে মোক ভাল পালেও মই কোনোদিন তাইক ভাল পাব নোৱাৰিম৷ তহঁত সুখেৰে থাক৷ কেতিয়াও তহঁতৰ মাজত নহাৰ প্ৰতিশ্ৰুতিৰে চিৰদিনৰ বাবে বিদায় ললো৷
 
ইতি
তপন’
 
– কৃষ্ণ কৃষ্ণ, দাদা এয়া কি ক্লাইমেক্স কৰিলে আপুনি৷ ৰিদিপে ভাল পায় ময়ুৰীক, ময়ুৰীয়ে তপনক আৰু তপনে ৰিদিপক৷ তাৰমানে তপন………৷
– ঠিকেই ভাবিছে৷ প্ৰেমৰ ত্ৰিভুজটো ইয়াতেই সম্পুৰ্ণ হ’ব৷
– হুমমমম, মানে আছলতে গল্পটো বেয়া নহয়৷ কিন্তু আমাৰ দৰ্শকে বা কেনেভাবে লয়৷ মানে বুজিছেই নহয় কথাটো৷
– হয় বাৰু৷
– হেৰি দিয়ক দাদা, আজিলৈ উঠো৷ মানে এবাৰ ভাবি চাবছোন শেষৰ খিনি কাটিব পাৰি নেকি৷ খবৰ লম মই দুদিনমান পিছত৷ ৰাস আদিতো চলাব লাগিবটো, বুজিছেই চাগে৷ কোৰ্টেও কি নিৰ্দেশ দিছে জানেই দেখোন৷ উঠো দিয়ক আজিলৈ, ভাল লাগিল দেই কাহিনীটো৷ হেঃ হেঃ৷
…………………………………………..
লেখকে গল্পটো কাটি কুটি ঠিক কৰে৷ নতুন গাড়ীখনৰ ডাউন পেমেন্ট দিবলৈ অলপ টকা কম পৰি আছে৷ বৰ্তমান টকাৰ খুবেই দৰকাৰ৷ হেৰাই যোৱাই ভাল তপনৰ ভালপোৱা, এই সমাজত তপনৰ কোনো স্থান নাই৷ ত্ৰিভুজটো অসম্পুৰ্ণ হৈয়েই থাকক, সেয়াই ভাল হ’ব সকলোৰে বাবে৷
(এক বিদেশী গল্পৰ আলমত)
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক