প্ৰেমৰ এপিটাফ – বিশাল ৰায়

তাই আহিল দুৱাৰখন খুলি
পথাৰখনত এজাক ৰ’দৰ বৰষুণ সৰিল
নীলাকাশত এৰি দিলোঁ ৰঙীন চিলাখনি সজাই
বতাহে কাটি দিলে লাহি সূতা
বিচিত্ৰ আৱেগ
বিশৃংখল অভিমান
হালধীয়া নৈৰ পাৰত গজি উঠে প্ৰেমৰ এপিটাফ
ৰাতিৰ কাষত টোপনিটোৱে সাৰে থাকে
চকুযুৰিত হাত থলেই, তুমি অনবৰতে পাবা
বিষাদ নামৰ এটোপাল শীতল পানী ….
( যাত্ৰা পথত )
**********

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments